-->

অসমীয়া ৰচনা । Assamese Essay

 

অসমীয়া ৰচনা । Assamese Essay

দশম শ্ৰেণীৰ অসমীয়া ৰচনা, দ্বাদশ শ্ৰেণীৰ অসমীয়া ৰচনা কিছুমান নিৰ্বাচিত অসমীয়া ৰচনা  । HSLC Assamese Essays, HS Assamese Essays, Some important Assamese Essays

1. বিজ্ঞানৰ অৱদান । Bigyanor Obodan

(আৰম্ভণি – বৈজ্ঞানিক আবিষ্কাৰ – অৱদান – সামৰণি)

আৰম্ভণিঃ- মানৱ  সভ্যতাৰ  ক্ৰম  বিকাশৰ  লগে  লগে  মানুহৰ  জীৱন  ধাৰণ  প্ৰণালীও  উন্নতৰ  হবলৈ  ধৰিছে। মানুহৰ জীৱন ধাৰণাৰ প্ৰণালী উন্নত হোৱাৰ মূলতেই হৈছে বিজ্ঞান। জল – স্থল, আকাশ – বতাহ সকলোতে আজি বিজ্ঞানৰে ৰাজত্ব। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমাৰ প্ৰত্যেক কামতে বিজ্ঞানৰ সহায়তা অপৰিহাৰ্য। বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি। বিজ্ঞান অবিহনে আমি অন্ধ। সেয়ে কোৱা হয় – ‘বৰ্তমানৰ যুগ বিজ্ঞানৰ যুগ'।

বৈজ্ঞানিক আৱিষ্কাৰঃ- অতীজত মানুহে হাবিৰ মাজত, পৰ্বতৰ গুহাত বাস কৰিছিল। ঘৰ বান্ধিবলৈ, খেতি – বাতি কৰিবলৈ, জুইৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে নাজানিছিল। তেওঁলোকে চিকাৰ কৰি কেঁচা মঙহ খাইছিল। লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি তাৰ ব্যৱহাৰ কৰিবলৈ শিকিলে, ঘৰ বান্ধিবলৈ শিকিলে, খেতি – বাতি কৰিব জনা হ'ল।

    প্ৰত্যেক বস্তুৰে কাৰ্য আৰু কাৰণ আছে। আদিম মানুহৰ ভিতৰতে কোনোৱে আবিষ্কাৰ কৰিলে যে শিলে শিলে ঘঁহনি খাই জুইৰ উৎপন্ন হয়। যেতিয়াৰ পৰা এই কাৰ্যকৰণৰ বিশ্লেষণ হ’বলৈ ধৰিলে, তেতিয়াৰ পৰাই মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ উদয় হ’বলৈ ধৰিলে।

    খ্ৰীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষ আৰু উনবিংশ শতাব্দীৰ আদি ভাগক বিজ্ঞানৰ সোণালী যুগ বুলি কোৱা হয়। কিয়নো এইখিনি সময়তে বিজ্ঞানে মানৱ সভ্যতাক কিছু বছৰ আগুৱাই নিয়ে। বৰ্তমান আমাৰ ব্যৱহাৰ্য প্ৰায় ভাগ বস্তুৱে আৱিষ্কাৰ হৈছিল এইখিনি সময়ছোৱাৰ ভিতৰতে।

অৱদানঃ- বিজ্ঞানে আমাৰ এই পৃথিৱীখনক সংকুচিত কৰিছে। ছপাশাল, ৰেলগাড়ীৰ ইঞ্জিন, মটৰ – গাড়ী, ৰেডিঅ’, টেলিভিছন আদিৰ আবিষ্কাৰে পৃথিৱীৰ এটা কোণক আনটো কোণৰ লগত জড়িত কৰাৰ কাৰ্য্য সম্পূৰ্ণ কৰিছে। ইংলেণ্ডত হোৱা খেল এখন ভাৰতৰ কোনো এটা কোঠাৰ ভিতৰতে বহি উপভোগ কৰিব পৰাটো সম্ভৱ হৈছে একমাত্ৰ বিজ্ঞানৰ বলতেই। অকল এয়েই নহয়; মেঘৰ বুকুত দেখা দিয়া বিজুলীও আজি মানুহৰ ভৃত্য হৈ পৰিছে। মানুহ প্ৰকৃতিৰ দাস। কিন্তু বিজ্ঞানে আজি প্ৰকৃতিকহে মানুহৰ দাসৰ দৰে কৰি পেলাইছে।

   বৈজ্ঞানিক আৱিষ্কাৰে অকল যে মানুহৰ দৈনন্দিন জীৱনক আৰাম-বিলাসৰ ৰম্য ভূমিত প্ৰতিষ্ঠিত কৰিছে এনে নহয়, ব্যৱহাৰিক জীৱনত আৱশ্যকীয় জ্ঞানৰাজিৰ উপৰিও ই দিছে আমাক সৃষ্টিৰ তত্ব, নৃতাত্বিক ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন – ৰাতিৰ আৱিৰ্ভাৱ, গ্ৰহ – নক্ষত্ৰৰ ৰহস্যৰ সন্ধান। ৰকেটৰ সহায়ত আজি মানুহে মহাকাশত বিচৰণ কৰিব ধৰিছে। জোনৰ বুকুতো ভৰি দিছে। আনকি অনান্য গ্ৰহৰ বুকুতো খোপনি পুতিবলৈ প্ৰয়াস কৰিছে।

   বিজ্ঞানে মানুহৰ গড় আয়ুস কিছু বৃদ্ধি কৰিছে। চিকিৎসা বিজ্ঞানত আজি এক নতুন পৰিবৰ্তন দেখা দিছে। আলেকজেণ্ডাৰ ফ্লেমিঙৰ পেনিচিলিন আবিষ্কাৰ, লুই পাস্তুৰৰ জলাতংক ৰোগৰ আবিষ্কাৰে এক নতুন অভিলেখ স্থাপন কৰিছে। বিজ্ঞানৰ সুক্ষ্ম দৃষ্টিৰ আগত আজি আৰু একো বস্তুৱেই অদৃশ্য হৈ থাকিব পৰা নাই। আনকি অতি সুক্ষ্ম বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিষয়েও বিজ্ঞানে আমাক সম্যক জ্ঞান দিছে।

   ‘জেনেটিকচ' প্ৰযুক্তি বিদ্যাতো বিজ্ঞানৰ দান অপৰিসীম। ভাৰতীয় বিজ্ঞানী ডঃ হোৰগোবিন্দ খোৰানাই টেষ্ট টিউবৰ ভিতৰতে মানুহ সৃষ্টি বাবে পৰীক্ষা – নিৰিক্ষা চলাইছিল। বৰ্তমান বিজ্ঞানী সকলে সফলতা লাভ কৰিছে আৰু মানুহৰ দ্বাৰাই টেষ্ট টিউবৰ ভিতৰতে ভ্ৰুণ সন্তানো তৈয়াৰ কৰা সম্ভৱ হৈছে। ‘জেনেটিকচ’ প্ৰযুক্তি বিদ্যাই মানুহৰ বিভিন্ন বংশগত ৰোগৰো সম্ভেদ দিছে। ইয়াৰ ফলত মানুহে এইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ বিভিন্ন উপায়ও লাভ কৰিছে।

   কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে এক নতুনত্ব আনি দিছে। কম মাটিত অধিক শষ্য উৎপাদনৰ বাবে বিভিন্ন সাৰ আবিষ্কাৰ হৈছে। খেতি – বাতিৰ বাবে বিভিন্ন প্ৰকাৰ আহিলা – পাতি আবিষ্কাৰ হৈছে। ইয়াৰ ফলত কৃষকৰ কষ্টৰ পৰিমাণ লাঘৱ হৈছে আৰু উৎপাদনো প্ৰচুৰ পৰিমাণে বৃদ্ধি হৈছে।

সামৰণিঃ- বিজ্ঞানে কৃষি, শিল্প, বাণিজ্য, যাতায়ত আদি আটাইৰে পৰিবৰ্তন সাধিছে। কিন্তু সকলো বস্তুৰে এটি সৃজনাত্মক আৰু এটি ধ্বংসাত্মক দিশ থকাৰ দৰে বিজ্ঞানৰ আবিষ্কাৰ সমূহৰো কিছুমান ধ্বংসাত্মক ফাল আছে। বিজ্ঞানে বিভিন্ন মাৰাণাস্ত্ৰ আবিষ্কাৰ কৰিছে। মহাযুদ্ধত 'হিৰোশ্বিমা' আৰু 'নাগাচাকি' নামৰ চহৰ দুখন যেতিয়া ধংসস্তুপত পৰিণত হ’ল, তেতিয়া বিজ্ঞানীসৱৰ ‘এটমবোম’ হৈ পৰিল বিজ্ঞানৰ অভিশাপ স্বৰূপ। তথাপিও আমি ইয়াৰ বাবে অকল বিজ্ঞানকে দায়ী কৰিব নোৱাৰোঁ। কিয়নো, বিজ্ঞান হ’ল মাথো এটি শক্তি। ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে। ইয়াৰ বাবে দায়ী হ’ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই। বিজ্ঞান শক্তিৰ অসৎ ব্যৱহাৰে আমাৰ অন্তৰত থকা আদিম পাশৱিক হিংস্ৰ – প্ৰকৃতিৰ কথাকেহে সুচায়। বিজ্ঞানে নিজে মানৱ সমাজ গঢ়াতো সহায় নকৰে আৰু কেতিয়াও যুদ্ধৰো সুচনা নকৰে, বৰং ই মানৱ সমাজক উন্নতিৰ পথত আগুৱাই যোৱাতহে সহায় কৰে।

  বিজ্ঞানে আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে। সমাজৰ কু – সংস্কাৰবোৰ আঁতৰাই এক নতুন দৃষ্টি – ভংগী গঢ়ি তোলাত সহায়ক হৈছে। মুঠতে বিজ্ঞান হৈছে মানৱ - সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা।


2. অসমৰ কুটিৰ শিল্প । Axomor kutir shilpo HSLC-2017


(আৰম্ভণি-অসমৰ কুটিৰ শিল্পসমূহ-উন্নয়নৰ উপায়-সামৰণি)

        আৰম্ভণিঃ- সুকুমাৰ কলাৰ লহপহীয়া পুলিটোৰ বীজগুটি হৈছে শিল্প আৰু শিল্পৰ অংকুৰণৰ বাবে সমস্ত কঠীয়াতলীখনেই হ'ল ধর্ম, কৃষ্টি আৰু সংস্কৃতিৰ পথাৰ বিভিন্ন স্থাপত্য-ভাস্কর্য, চিত্ৰ, আখ্যান-উপাখ্যান, সুৰ-লয়ৰ সমাহাৰেই শিল্পকলাৰ স্বৰূপ আৰু এই বিলাক মধ্যমণিস্বৰূপে লৈ অসমত বিকশিত হোৱা কুটীৰ শিল্প অতুলনীয় আৰু গৌৰবোজ্বল কুটীৰ শব্দৰ আভিধানিক অর্থ সৰু পঁজাঘৰ। অর্থাৎ এটি সাধাৰণ কুটীৰতেই সামান্য সা-সজুঁলিৰে প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰিব পৰা বিদ্যাই ''কুটীৰ শিল্প''। 

অসমৰ কুটীৰ শিল্পসমূহঃ- অসমীয়া মানুহ অতীজৰে পৰা কর্মোদ্যমী আৰু প্ৰচুৰ উদ্ভাৱনী ক্ষমতাৰ অধিকাৰী। তাৰ প্ৰমাণ অসমীয়া কুটীৰ-শিল্পৰ ইতিহাসেই দাঙি ধৰে। 

বয়ন শিল্পঃ- অসমত বয়ন শিল্প বুলিলে মুলতঃ আহোমযুগৰ বস্ত্ৰৰাজিকেই বুজো। আহোম যুগত মানীবস্ত্ৰস্বৰূপে ব্যৱহৃত হৈছিল মেজাংকৰি আৰু চঁপাপতীয়া বস্ত্ৰ। চঁপাপতীয়া হৈছে পান-চঁপা গছৰ পাতত পোহা চোমপতীয়া মুগাৰ বস্ত্ৰ আৰু মেজাংকৰি হৈছে আদকৰি গছৰ পাত খোৱা মুগা পলুৰ পৰা তৈয়াৰী বস্ত্ৰ। এই বস্তুদ্বয়ত অসমৰ প্ৰাচুর্য এনে ৰৈ বৈ যোৱা আছিল যে দিল্লীৰ আগ্ৰাৰ মোগল হেৰেমসমূহত ই আলোড়নৰ সৃষ্টি কৰিছিল। আহোমযুগত পাটৰ চেলেং মেখেলা, ৰিহা, এৰীৰ চেলেং, ছকঠীয়া, সাতকঠীয়া, মুগাৰ চুৰীয়া, চোলা, ৰিহা আদি অনেক বস্ত্ৰ তৈয়াৰ কৰি লৈছিল।

বর্তমান ভাৰতবৰ্ষৰ ৯৭ শতাংশতকৈও অধিক মুগা সূতা অসমে উৎপাদন কৰে। তদুপৰি অসমত বর্তমান ১৩ লাখতকৈও অধিক তাঁতশাল আছে, ২৫ লাখলোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই শিল্পৰ লগত জড়িত। 

বাঁহ শিল্পঃ- ভলুকা বাঁহৰে গাজে প্ৰাণেশ্বৰী

ভলুকা বাঁহৰে গাজ। 

ক'ত কথা কলি ৰিহা পাৰি পাৰি

এইবেলি বৰঘৰ সাজ।। 

বাঁহৰ উৎপত্তি যিদৰে চীনদেশত, সেইদৰে বাঁহশিল্পৰ মুলগপটোও চীনদেশৰ মাটিতেই গজা। অসমলৈ মংগোলীয়সকলে বাঁহগছৰ প্ৰচলন ঘটায়। আৰম্ভণিতে গোঁজপুতি আত্মৰক্ষা কৰা, জেউৰা দিয়া আদিৰ ক্ষেত্ৰতেই ৫৫০ বিধ বাঁহৰ প্ৰজাতি (বেটি, ভলুকা জাতি, বিজুলী আদি)ৰ ব্যৱহাৰ সীমাবদ্ধ আছিল যদিও বর্তমান কুটীৰ শিল্পত বাঁহৰ ভূমিকা অনন্য সাধাৰণ।

বাঁহৰ সৌষ্ঠৱ যদি মাছমৰা জীয়ৰী, বোৱাৰীৰ হাতত জিলিকে জাকৈ-খালৈৰ ৰূপত, তেন্তে ঘৰসজা শিল্পতো কুমৰ খুঁটা, পালিক খুঁটা, ঢাপলিকা, মাৰ'শিৰৰ ৰূপত সজাই তোলে অসমীয়া গৃহ। অতীজতে আভিজাত্যৰ শিৰোভূষণ টুপী জাপিৰ উপৰিও হালোৱা জাপি, সৰুদৈয়া, বৰদৈয়া আদিও গৌৰৱ। 

অলংকাৰ শিল্পঃ- অতীজতে অসমত পুৰুষেহে অলংকাৰ পিন্ধিছিল। অতীজৰ আহোমযুগত স্বৰ্গদেউক মৈদাম দিওঁতে দিয়া হৈছিল সহস্ৰ অলংকাৰৰ ভাণ্ডাৰ। দেওধাই অসমবুৰঞ্জীত আছে যে চুখাম্‌ফা স্বৰ্গদেৱে জোৰোণৰ বাবদ কাপোৰ দুযোৰ, ভৰিচেও দুই, উজন্তা ১৪, বাখৰাম আঙুঠি ১০ আৰু বাখৰ পতা বিৰি দুধাৰ দিছিল।

('অসম বুৰঞ্জী'এ গেইট আৰু 'ইতিহাসে সোঁৱৰা ছশটা বছৰ' সৰ্বানন্দ ৰাজকুমাৰ) সাতসৰী, চন্দ্ৰহাৰ, জোনবিৰি, গেজেৰ কেৰু, মুঠিখাৰু, পতীয়া খাৰু আদি অলংকাৰে অতীজৰে পৰা অসমী আইক শুৱাই তুলিছে। মুখ্যতঃ অসমৰ লগাওঁ জিলাৰ ৰণথলী, বৰপেটা অসমীয়া অলংকাৰৰ বাবে নাম কৰা। 

উন্নয়নৰ উপায় : ''উ-হ

সোণৰ থুৰীয়া নিলে

এৰি গ'ল ইয়াৰিং

তাম-পিতলৰ

হাতখাৰু, মুঠিখাৰু, গামখাৰু নিলে।

পিন্ধালেহি চুৰিবালা ৰঙীন কাঁচৰ।''

(উৎস : ''পলৰীয়া'' কবি ইব্ৰাহীম আলী)।

অসমত ইমানবোৰ কুটীৰ শিল্প থকা সত্বেও আজি অসম আর্থিক অনাটনত জৰ্জৰিত, তদুপৰি উদ্যোগক্ষেত্ৰতো পিছপৰা। কাৰণ-(ক) বৈজ্ঞানিক যুগৰ বৃহৎ উদ্যোগৰ বৃহৎ পৰিমাণৰ উৎপাদনৰ সৈতে আজিৰ কুটীৰ শিল্পই ফেৰ মাৰি চলিব নোৱাৰা হৈছে। বৃহৎ উদ্যোগৰ জাকজমকীয়া বস্তুৰ প্ৰতি থকা মানুহৰ বাহ্যিক আকর্ষণে কুটীৰ শিল্পজাত সামগ্ৰীক ধ্বংস -(গহ্বৰলৈ) ঠেলি নিছে। 

(খ) বর্তমান নৱপ্ৰজন্মৰ লক্ষ্য-উদ্দেশ্য উচ্চাভিলাষী বৃত্তিৰ পাকচক্ৰত বন্দী হৈ পৰাৰ পৰিপ্ৰেক্ষিতত শিল্পক্ষেত্ৰখন একাংশ নিৰক্ষৰ বুঢ়া-মেঠাৰ দায়িত্বতে টিকি আছে। 

(গ) চৰকাৰৰ অমনোযোগিতাও প্ৰণিধানযোগ্য। লক্ষণীয় যে কেঁচামালৰ পর্যাপ্ত যোগান ধৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে যুগুতোৱা ''নেচনেল মিছন অন বেম্ব'' টেকনল'জি এণ্ড ডেভেলপমেণ্ট'' (২০০৪)ৰ ছত্ৰছায়াত, অসমলৈ বাঁহ শিল্পৰ উদ্‌গতিৰ হেতু এক বৃহৎ পৰিমাণৰ পুঁজি আবণ্টিত হৈছিল, কিন্তু আজি সেই আঁচনি জেকা ঠাইতে ভেঁকুৰিছে।

উক্ত কাৰণসমূহলৈ লক্ষ্য কৰি এই কথা স্পষ্ট যে অসমত কুটীৰ শিল্পৰ সম্প্ৰসাৰণৰ বাবে আমাৰ অন্তৰৰ পৰা বিকৃত আধুনিকতাৰ মামৰ গুচাব লাগিব। জাতীয়তাবোধক আগস্থান দি চৰকাৰী সাহাৰ্য আৰু পৃষ্ঠপোষকতাৰ দ্বাৰা কুটীৰ শিল্পক আগবঢ়াই নিবলৈ যত্ন কৰা উচিত। লগতে কম সময়ত, কম পৰিশ্ৰম আৰু কম খৰচত কিদৰে অধিক উৎপাদনক্ষম কৰি তুলিব পৰা যায়, তাৰ বাবেও গৱেষণাৰ আৱশ্যক। 

সামৰণি/মন্তব্যঃ- কুটীৰ শিল্প অসমীয়া গ্ৰাম্যজীৱনৰ প্ৰতিটো ক্ষণতে বহুলাংশই বিজড়িত হৈ আছে। বিজ্ঞানে যিমানে উন্নতিৰ পথত ধাৱমান নহওঁক কিয়, পৃথিৱীত যেতিয়ালৈকে নিম্নবর্গৰ লোক থাকিব তেতিয়ালৈকে কুটীৰ শিল্পও বর্তি থাকিব। কিন্তু আজি কালিৰ দুৰ্বাৰ গতিত হেৰাই যাবলৈ ধৰা এই গৌৰবোজ্বল শিল্পৰ সংৰক্ষণো অসমীয়াৰ হাততেই ন্যস্ত। 

ড° ভূপেন হাজৰিকাদেৱেওতো কৈ গৈছে-

''আমি অসমীয়া নহওঁ দুখীয়া

বুলি সান্তনা লভিলে নহ'ব।''

আজিৰ অসমীয়াই পৰমুখাপেক্ষী নহৈ নিজে হাতে-কামে লাগিলেহে, কুটীৰ শিল্পই পূর্বৰ সজীৱতা ঘূৰাই পাব।

                 *হীৰকজ্যোতি হাজৰিকা, হাইস্কুল শিক্ষান্ত পৰীক্ষা- 2017


3. অসমৰ প্ৰাকৃতিক সম্পদ । Our Natural Resources - অসমীয়া ৰচনা । Assamese Essays HSLC-2010, 2016 , 2024


(আৰম্ভণি-প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰ-সম্পদবোৰ ৰ ব্যৱহাৰ-সামৰণি)

    আৰম্ভণিঃ- স্বাভাৱিকভাৱে উৎপন্ন হোৱা সম্পদৰ নামেই প্ৰাকৃতিক সম্পদ। দ্বিতীয়তে, প্ৰকৃতিৰ বুকুত উৎপন্ন হোৱা সম্পদকে প্ৰাকৃতিক সম্পদ বুলিব পাৰি। এইফালৰ পৰা কৃষিজাত দ্ৰব্যবোৰকো প্ৰাকৃতিক সম্পদৰ ভিতৰত সামৰা হয়। 

প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগঃ- অসমৰ প্ৰাকৃতিক সম্পদৰাজিক চাৰিটা ভাগত ভগাব পাৰি। সেইকেইটা ক্ৰমে- কৃষিজাত, খনিজাত, বনজাত আৰু জলজাত। 

কৃষিজাত সম্পদৰ বিৱৰণঃ- অসম মৌচুমী অঞ্চলত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে পর্বতে আগুৰি আছে। সেইবাবে দক্ষিণ-পশ্চিম মৌচুমী বতাহ প্ৰবাহিত হোৱাৰ সময়ত বিশেষকৈ জেঠ, আহাৰ, শাওণ আৰু ভাদ মাহত অসমত প্ৰবল বৰষুণ হয়৷ অসমৰ মাটি সাৰুৱা। গতিকে খেতিৰ বাবে অসমৰ মাটি বৰ উপযোগী। আটাইকেইখন জিলাতে ধান, মাহ, সৰিয়হ আদি উৎপন্ন হয়। চাহৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম। ভাৰতৰ শতকৰা ৬৬ শতাংশ চাহ অসমত উৎপন্ন হয়। অসমৰ আটাইকেইখন জিলাতে কম-বেছি পৰিমাণে মৰাপাট উৎপন্ন হয়। এইবিলাকৰ উপৰিও আদা, হালধি, ধনিয়া, জলকীয়া আদি নানা প্ৰকাৰৰ শাক-পাচলি ইয়াত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। ফলৰ ভিতৰত তামোল, নাৰিকল, আম, কঁঠাল, আনাৰস, সুমথিৰা আদি ইয়াৰ পৰা ভাৰতৰ নানা ঠাইলৈ ৰপ্তানি হয়।

খনিজাত সম্পদৰ বিৱৰণঃ- খনিজাত সম্পদৰ ভিতৰত খাৰুৱা তেলৰ কথাকেই বিশেষভাৱে উল্লেখ কৰিব পাৰি। ভাৰতৰ ভিতৰত এই সম্পদত অসম প্ৰথম। ডিব্ৰুগড় জিলাৰ ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান, হুগ্ৰীজান, মৰাণ আদি ঠাইত তেল যথেষ্ট পৰিমাণে পোৱা যায়। অসমত বর্তমান চাৰিটা তেল শোধানাগাৰ আছে। যেনে - ডিগবৈ, নুনমাটি, নুমলীগড় আৰু বঙাইগাঁও। খাৰুৱাতেলৰ উপৰিও মৰাণ আৰু নাহৰকটীয়া খনিৰ পৰা প্ৰাকৃতিক গেছো আহৰণ কৰা হয়। প্ৰাকৃতিক গেছৰ পৰা ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু গুৱাহাটীত বিজুলী শক্তি উৎপাদন কৰা হয়।

তিনিচুকীয়া জিলাৰ জয়পুৰ, মাৰ্ঘেৰিটা, মাকুম, লিডু আদিত কয়লা খনি আছে। কাৰ্বি আংলং জিলাত যথেষ্ট পৰিমাণে চুণশিল পোৱা যায়। সেই বাবে এই জিলাৰ বোকাজানত এটা বিলাতী মাটি তৈয়াৰ কৰা কাৰখানা স্থাপন কৰা হৈছে। গোলাঘাট জিলাৰ নামবৰ হাবিত এটা গৰমপানীৰ উই আছে। ইয়াৰ পানীত গন্ধক মিহলি হৈ আছে। 

বনজাত সম্পদৰ বিৱৰণঃ- প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ বাবে অসমত অনেক ঠাইত ডাঠ হাবি পোৱা যায়। সেইবোৰত শাল, সোণাৰু, গমাৰী, বনচোম, চেগুন আদি মূল্যবান কাঠ পোৱা যায়। এইবোৰৰ উপৰিও বাঁহ-বেত, খেৰ-ইকৰা, খাগৰি, নল আদিও অনেক ঠাইত পোৱা যায়। শিলিখা, আমলখি, ভোমোৰা, শতমূল, সর্পগন্ধা আদি ঔষধৰ গছো ইয়াত আছে। লা আৰু শালধূনা অসমৰ হাবিত পোৱা দুবিধ মুল্যবান বস্তু। অসমৰ হাবিত হাতী, গঁড়, বাঘ, ভালুক আদি নানা ধৰণৰ পশু আৰু ধনেশ, দেওঁহাঁহ আদি নানা তৰহৰ চৰাই আছে। অসমত বৰ্তমান ৫ খন ৰাষ্ট্ৰীয় উদ্যান আছে - কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, নামেৰী আৰু ওবাং। এইবোৰত বিভিন্ন ধৰণৰ পশু-পক্ষী সংৰক্ষণ কৰি ৰখা হৈছে। কাজিৰঙাৰ এশিঙীয়া গঁড় পৃথিবী বিখ্যাত। 

জলজাত সম্পদ বিৱৰণঃ- ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন ডাঙৰ নদী। এই নৈ দুখনৰ অনেক উপনৈয়ে ৰাজ্যখনক জালৰ দৰে আগুৰি আছে। ইয়াৰ উপৰি অনেক বিলো ৰাজ্যখনৰ বিভিন্ন ঠাইত আছে। এই নদী আৰু বিলবোৰত মাছ, কাছ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিলাক ইয়াৰ মানুহৰ প্ৰধান আৰু প্ৰিয় খাদ্য। মাছ-কাছ আদিৰ উপৰিও নৈ-বিল আদিও জলজাত সম্পদৰ ভিতৰত পৰে। বাৰিষা কালত এইবোৰৰ পানীয়ে পথাৰ ওপচাই পেলায়। সেই পানীয়ে পলসৰ দ্বাৰা সেইবোৰ সাৰুৱা কৰে। নগাঁও জিলাৰ কপিলী নদীত বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। 

বর্তমান অৱস্থাঃ- বর্তমান অসমৰ প্ৰাকৃতিক সম্পদৰাজি সংকটাপন্ন অৱস্থাত উপনীত হৈছে। অসমৰ অৰণ্যত পোৱা বহুমূলীয়া গছবোৰ অসৎ লোকে চৰকাৰৰ অগোচৰে চোৰাংকৈ কাটি অসমৰ অৰণ্যসমূহ টকলা কৰিছে। অৰণ্যত পোৱা বহুমূলীয়া জন্তু তথা চৰাইৰ লগতে কাজিৰঙাত পোৱা আপুৰুগীয়া সম্পদ এশিঙীয়া গঁড়ো চোৰাং চিকাৰীৰ হাতৰ পৰা সাৰি যোৱা নাই। খনিজ সম্পদসমূহো চোৰাং চিকাৰীৰ কবলত পৰিছে। নিজৰ লাভৰ কাৰণেই মুক্ত খনন পদ্ধতিৰে অসম মাতৃৰ বুকুৰ পৰা 'ক'লাসোণ' কয়লা চোবাংকৈ আহৰণ কৰিছে। পনীয়া সোণ খাৰুৱাতেল পাইপলাইনত ফুটা কৰি চুৰ কৰাটো প্ৰায় প্ৰতিদিন বাতৰি কাকতত পোৱা যায়। অসমৰ বিভিন্ন নৈ আদিত অসময়ত মাছ-কাছ আদি ধৰি জলজ সম্পদো নিঃশেষ কৰিব বিচাৰিছে চোৰাং চিকাৰীয়ে। বর্তমান অসমৰ কৃষিজাত সম্পদসমূহৰো অৱনতি ঘটিছে। এসময়ত উচ্চ শিখৰত আৰোহণ কৰা চাহশিল্প বর্তমান পুতৌ লগাকৈ অৱনতি ঘটিছে। 

লাভালাভঃ- প্ৰাকৃতিক সম্পদৰ দ্বাৰা চৰকাৰ আৰু ৰাইজ উভয়ে অনেক ধৰণে উপকৃত হয়। ধান, মাহ আদি ইয়াৰ লোকৰ প্ৰধান খাদ্য। কপাহ, মৰাপাট আদিৰ পৰা নানা ৰকমৰ বস্তু তৈয়াৰ কৰা হয়। অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰা হয়। চাহৰ পৰা ভাৰত চৰকাৰে বৈদেশিক মুদ্ৰা অর্জন কৰে। 

প্ৰাকৃতিক সম্পদৰাজি আহৰণ কৰা বাবে আৰু সেইবোৰৰপৰা অন্যান্য বস্তু উৎপাদনৰ অৰ্থে ইয়াত নানা ধবণৰ কল-কাৰখানা, উদ্যোগ আদি স্থাপিত হৈছে। সেইবোৰত কাম কৰিও হাজাৰ হাজাৰ লোকে পেট প্ৰৱর্তন কৰে।এইদৰে প্ৰাকৃতিক সম্পদে অসমৰ নিবনুৱা সমস্যা কিছু পৰিমাণে হাস কৰিছে। 

সামৰণিঃ- সম্পদ থাকিলেই নহয়, সেইবোৰ যথোচিত ব্যৱহাৰ হ'ব লাগে। তেহে সেইবোৰ সার্থক হয়। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ আটাইবোৰৰে যথোচিত ব্যবহাৰ এতিয়ালৈকে কৰিব পৰা হোৱা নাই। ৰাজ্যখনৰ অনেক ঠাইত খাৱৰাতৈল, কয়লা, সোণ, গন্ধক আদি খনিজ পদার্থ পোৱাৰ সম্ভাৱনা আছে। পিছে, আটাইবিলাক আহৰণ কৰা ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। অসমৰ প্ৰাকৃতিক সম্পদৰ আলমত গঢ়ি উঠা অনেক উদ্যোগ এতিয়া অসমৰ বাহিৰৰ পৰা অহা লোৰ হাতত। সেইবোৰৰ পৰা যাতে অসমৰ থলুৱা লোকসকল অধিক পৰিমাণে উপকৃত হ'ব পাৰে তাৰ বাবে অসমৰ চৰকাৰ আৰু ৰাইজ উভয়ে সজাগ হোৱা উচিত।

                                    *প্ৰীতিৰেখা ভুঞা, অসমীয়াত সৰ্বোচ্চ নম্বৰ-2010


4. তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰনী সভা । Tomar bidyalayor botha bitoroni xobha - অসমীয়া ৰচনা । Assamese Essays

(আৰম্ভণি - আয়োজন বটাঁ বিতৰণ - সামৰনি)

আৰম্ভণিঃ- আজি-কালি আমাৰ স্কুল সমুহৰ প্ৰত্যেকখনতে বছৰি বঁটা বিতৰণী সভা পাতি কৃতী ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰা দেখা যায়। সাধাৰণতে স্কুলৰ ছাত্ৰ সভাৰ বাৰ্ষিক অধিবেশনৰ লগতে বটাঁ বিতৰণী সভাৰো আয়োজন কৰা হয়। কিবা অসুবিধাত কেতিয়াবা সেই সময়তনোৱাৰিলে বছৰৰ আন সময়তো বঁটা বিতৰনী সভা পতা হয়। আমাৰ স্কুলতো প্ৰত্যেক বছৰেই বঁটা বিতৰণী সভা উদযাপিত হৈ আহিছে। মই এতিয়ালৈকে আমাৰ স্কুলৰ ছখন বটাঁ বিতৰনী সভাত যোগদান দিয়াৰ সুযোগ পাইছো।

আয়োজনঃ- বটাঁ বিতৰণী সভালৈ অভিভাবক, স্থানীয় গন্যমান্য ব্যক্তি আৰু ওচৰ-পাজৰৰ স্কুলসমুহতো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক নিমন্ত্ৰন কৰা হয়। সভাত সভাপতিত্ৱ কৰিবলৈ কোনো বিশিষ্ট শিক্ষ্যাবিদ, শিক্ষা-বিষয়া, সুসাহিত্যিক, সমাজসেৱক, ৰাষ্ট্ৰনায়ক আদিক বৰণ কৰি অনা হয়। সভাপতিৰ লগতে মুখ্য অতিথি আৰু নিদিৰ্ষ্ট বক্তাৰূপেও তেনে লোকৰ দুই-চাৰিজনক আমন্ত্ৰণ কৰা হয়।

           বঁটা বিতৰণী সভাখন আমাৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এই আনন্দ উতসৱৰ নিচিনা। এই সভাৰ কিছুদিন আগে আগে স্কুলৰ বছৰেকীয় খেল-ধেমালিৰ প্ৰতিযোগিতা সাহিত্য প্ৰতিযোগিতা, শৰীৰ চৰ্চা বা ব্যায়াম আদিৰ প্ৰতিযোগিতা পতা হয়। বঁটা বিতৰণী সভাৰ লগতে সাংস্কৃতিক বা বিচিত্ৰানুষ্ঠানৰো আয়োজন কৰা হয়। সেইবাবে সভাৰ কিছুদিন আগৰেপৰা এইবোৰৰ আখৰাৰ ধূম পৰি যায়। সভাৰ কাৰণে সভাঘৰ বা স্কুলৰ প্ৰাংগনত ৰভা দি মঞ্চআদি সজা হয়। সভাপতি, নিদিষ্ট বক্তা, মুখ্য অতিথি, প্ৰধান শিক্ষক আৰু নিদিষ্ট ব্যক্তিসকলৰ কাৰণে সুবিধাজনক ঠাইত এমূৰীয়াকৈ ওখ মঞ্চ এখন সজোৱা হয় আৰু তাৰ কাৰণে সকলোৱে দেখাকৈ গীত-মাত পৰিৱেশন কৰিবৰ কাৰণে আন এখন মঞ্চ নিৰ্মান কৰা হয়। সভাত পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰী বহিবৰ কাৰণে স্থান নিদিষ্ট কৰি দিয়া হয়। ফুল-পাত আদিৰে ৰভাস্থলী সুন্দৰকৈ সজোৱা হয়।

            এটা ভক্তিমূলক বা দেশ-প্ৰেমমূলক সমৱেত সংগীতেৰে সভাৰ গুভাৰম্ভ কৰা হয় গীতৰ ঠিক পিছতে প্ৰধানশিক্ষক বা ছাত্ৰ-একতা সভাৰ সভাপতি মহাশয়ে সেইদিনাৰ সভাৰ সভাপতি, মূখ্য অতিথি আৰু নিদিষ্ট বক্তাসকলক চিনাকী দি যথা-নিদিষ্ট আসন গ্ৰহণ কৰি সভাৰ কাম চলাবৰ কাৰণে তেখেত সকলক অনুৰোধ জনায়। তেখেতসকলে আসন গ্ৰহণ কৰাৰ লগে লগেই তেখেত সকললৈ অনুৰুধ জনায়। তেখেতসকলে আসন গ্ৰহণ কৰাৰ লগে লগেই তেখেত সকললৈ একোধাৰী মাল্য আগবঢ়োৱা হয়। পিছত নিদিষ্ট কাৰ্যসূচী অনুযায়ী প্ৰধান শিক্ষক আৰু ছাত্ৰ-সভাৰ সম্পাদকে নিজৰ নিজৰ প্ৰতিবেদন পাঠ কৰে। প্ৰধান শিক্ষকৰ প্ৰতিবেদনত তেখেত আৰু তেখেতৰ সহকাৰ্মী শিক্ষকবৃন্দই বছৰটোত স্কুলৰ হকে কৰা কাম, বিভিন্ন সময়ত ছাত্ৰসকলে দেখুওৱা কৃতিত্ৱ, বছৰেকীয় পৰীক্ষাৰ ফলাফল, স্কুলৰ ঘৰ-দুৱাৰ আৰু শিক্ষাদান কাৰ্যত পোৱা বাধা-বিঘিনী তথা অভাৱ-অভিযোগৰ কথা সমুহীয়াভাৱে দাঙি ধৰি সেইবোৰ দুৰীকৰৰ কাৰণে অভিবাৱক আৰু বিভাগীয় কতৃৰ্পক্ষৰ দৃষ্টি আৰ্কষণ কৰে। ছাত্ৰ-সভাৰ প্ৰতিবেদনত ছাত্ৰসকলে কৰা সেই বছৰতোৰ কামৰ খতিয়ান দাঙি ধৰা হয়। আৰু ছাত্ৰ-ছাত্ৰীৰ উন্নতিকল্পে নিজ নিজ পৰামৰ্শ আগবঢ়ায়।

বঁটা-বিতৰণঃ- প্ৰতিৱেদন পাঠৰ পাছতে সাধাৰতে বঁটা-বিতৰণৰ কাম আৰম্ভ কৰা হয়। স্কুলৰ বছৰেকীয়া পৰীক্ষাত ১ম, ২য় আৰু তয় স্থান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰীক প্ৰথমে বঁটা দিয়া হয়। তাৰ পাছত ক্ৰমে সৰ্ব্বোচ্চ নম্বৰ পাওঁতা, শ্ৰেণীত আটাইতকৈ সৰহ দিনত উপস্থিত মকা, সাহিত্য, সংস্কৃত আৰু খেল ধেমালি আদিৰ প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ দিয়া হয়। ইয়াৰ পিছতে নিদিষ্ট বক্তা, মুখ্য় অতিথি আৰু সভাপতি আদিয়ে ভাষন দিয়ে। এওঁ লোকৰ ভাষন দিয়ে। এইলোকৰ ভাষনৰ পিছত সমজুৱা সকলক দুই-চাৰি আষাৰ কবলৈ অনুৰোধ কৰা হয়। কেতিয়াবা কাৰ্যসুচীৰ ক্ৰমৰ কিচু অগা-পিছাও কৰা হয়। সভাৰ কাম যাতে আমনিদায়ক নহয়, তাৰ বাবে ছাত্ৰ সভাৰ ফালৰ পৰা মাজে মাজে গীত, আবৃতি, নাট-দৃশ্য আদি পৰিবেশনকৰা হয়।

             বঁটা বিতৰৰী সভা সচৰাচৰ আবেলি অনুষ্ঠিত হয় আৰু শেষ হওঁতে গধূলি হয়গৈ। মূলসভা ভঙাৰ পিছত নিশাৰ ফালে বিচিত্ৰানুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াত ছাত্ৰ-ছাত্ৰীসকলে গীত-নাচ, নাট-ভাউনা, আবৃত্তি আদি পৰিবেশন কৰি নিজৰ কৃতিত্য দেখুউৱাৰ লগতে দৰ্শকমণ্ডলীকো আমোদ দিয়ে।

সামৰণিঃ-  ছবছৰ আগতে মই প্ৰাথমিক স্কুলৰ শেষ পৰীক্ষাত উৰ্ঠি হাইস্কুলৰ ৫ম শ্ৰেণীৰ পৰা ১০ ম শ্ৰেণীলৈকে এই ছবছৰ কাল একেখন হাইস্কুলতে পঢ়ি এইবাৰ এয়া শিক্ষান্ত পৰীক্ষাত বহিছো। এই ছয়োটি বছৰ বছৰে উদযাপন কৰা আমাৰ স্কুলৰ ছয়োখন বঁটা বিতৰনী সভাতে মই যোগদান কৰি আহিছোঁ। আজিলৈকে এই সভালৈ নিমন্ত্ৰিত কৰি অনা ভাল কেইজন কৃতী পুৰুষৰ উপাদেয় আৰু উপদেশমুলক ভাষন শুনি পৰম উপকৃত হৈছোঁ

               কৃতী ছাত্ৰ-ছাত্ৰীক পূৰস্কৃত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগীতাৰ মনোভাৱ গঢ়ি তুলি শিক্ষাৰ মানদণ্ড উন্নত কৰাই বঁটা বিতৰণী সভাৰ ঘাই উদ্দেশ্য। যদিও বটাঁ সকলোৱে লাভ নকৰে ঈৰু বটাঁ নোপোৱা ছাত্ৰ-ছাত্ৰীক মাজতো সম্ভাৱনা মম ছাত্ৰ-ছাত্ৰী নথকা নহয় আৰু বটাঁ নোপোৱা দুই-একৰ মনত কেতিয়াবা-কাচিত বিৰূপ প্ৰতিক্ৰিয়া হোৱাৰ আশংকাত নথকা নহয়। তথাপি বটাঁ বিতৰণী সভাৰ দ্ৱাৰা ইয়াৰ উদ্দেশ্য সিদ্ধ হোৱা বুলিয়ে মোৰ বিশ্বাস হৈছে। কিয়নো বটাঁ বিতৰণী সভাৰ প্ৰভাৱ মোৰ জীৱনতো নপৰা নহয়। যথেষ্ট বিনয় সহকাৰে স্বীকাৰ কৰো যে মই মেধাৱী ছাত্ৰ নহওঁ। বটাঁ বিতৰণী সভাত মোৰ সহপাঠী বন্ধুসকলৰ কোনো কোনোৱে বটাঁ লাভ কৰা দেখি মোৰো মনত বটাঁ লাভৰ আকাংক্ষা ওপজে আৰু ৮ম শ্ৰেণীৰ পৰা ৯ম শ্ৰেণীলৈ উঠোতে মই তৃতীয় স্থান লাভ কৰোঁ আৰু সেই বাবেই মই বটাঁ বিতৰণী সভাত প্ৰথম বাৰ বটাঁ পাওঁ। পিছৰ বাৰত নাপালে লাজৰ কথা হব ভাবিয়ে ঘাইকৈ নৱম শ্ৰেণীত মই পঢ়াত অধিক মনোযোগ দিওঁ আৰু দশম শ্ৰেণীলৈ দ্বিতীয় হৈ প্ৰমোটন পাওঁ। সেয়ে মই ভাবো বটাঁ বিতৰণী সভাই ছাত্ৰ-ছাত্ৰীৰ পৰম উপকাৰ সাধে আৰু সকলো স্কুলতে প্ৰত্যেক বছৰে মমাৰীতি বটাঁ বিতৰণী সভা পতা উচিত।


5. পুথিভঁৰাল । Library - অসমীয়া ৰচনা । Assamese Essays HS-2016

(আৰম্ভণি -বিভিন্ন প্ৰকাৰ-আৱশ্যকতা-সামৰণি )
 

আৰম্ভণিঃ- যিসকল মনীষীৰ দীপ্তকণ্ঠ চিৰদিনৰ বাবে অতীতৰ বুকুত হেৰাই গ'ল, যাৰ প্ৰত্যক্ষ সান্নিধ্য লাভ কৰি অক্ষয় জ্ঞান ভাণ্ডাৰৰ পৰা সোণৰ সফুঁৰা বুটলি ল'বলৈ আমি কোনো দিনেই সক্ষম নহওঁ, সেইসকল মনীষীৰ অমৰ লিখনিৰ লগত আমি পৰিচিত হ'ব পাৰো কেৱল গ্ৰন্থৰাজিৰ যোগেদি। এই গ্ৰন্থৰাজি য'ত সৃশৃংখল আৰু সুৰক্ষিতভাৱে সজাই পৰাই ৰখাই হয় সেয়াই পুথিভঁৰাল। পুথিভঁৰাল হ'ল পুথিৰ ভাণ্ডাৰ, জ্ঞানৰ অফুৰন্ত ভঁৰাল। ই অজ্ঞতা দূৰ কৰি শিক্ষা বিস্তাৰ কৰাত সহায় কৰে। পুথিভঁৰাল অতীত, বর্তমান আৰু ভৱিষ্যতৰ যোগসূত্ৰ। 

প্ৰকাবঃ- পুথিভঁৰাল কেইবা শ্ৰেণীৰো আছে। ৰাজহুৱা পুথিভঁৰাল, ব্যক্তিগত পুথিভঁৰাল, বিদ্যালয়ৰ পুথিভঁৰাল আদি। ৰাজহুৱা পুথিভঁৰাল হয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত নাইবা ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত। এনে পুথিভঁৰাল সকলো শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰিব পাৰে।

আনহাতে বহুতো জ্ঞান পিপাসু ব্যক্তিয়ে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে ব্যক্তিগত পুথিভঁৰাল প্ৰতিষ্ঠা কৰে। বিদ্যালয়ৰ পুথিভঁৰালঃ বিদ্যালয়ৰ পুঁজিৰে গঠিত আৰু ছাত্ৰ তথা শিক্ষকৰ উপযোগী গ্ৰন্থ তাত মজুত থাকে। 

আজিকালি অৱশ্যে সাম্যমান পুথিভঁৰালৰো আৱিৰ্ভাৱ হৈছে। এই পুথিভঁৰাল এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ মানুহক পুথিভঁৰালৰ সুবিধা দিয়ে। 

আবশ্যকতাঃ- পুথিভঁৰালৰ মানৱ সমাজৰ বাবে অতি আৱশ্যকীয়। অতীতৰ বিভিন্ন মনীষীসকলৰ জ্ঞানৰ ভাণ্ডাৰবোৰ গ্ৰন্থাকাৰে পুথিভঁৰালত সজ্জিত কৰি ৰখা হয়। মনীষীসকলৰ আদর্শ, উপদেশ আদিৰ বিষয়ে জানিবলৈ হ'লে পুথিভঁৰালৰ অতি আবশ্যক। 

পুথিভঁৰালত যে কেৱল অতীতৰে জ্ঞান প্ৰাপ্ত হয় এনে নহয়। পুথিভঁৰালত থকা বাতৰি কাকত, আলোচনী আদিৰ যোগেদি আমি বর্তমানৰ জগতখনৰ কথা জানিব পাৰোঁ। 

বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বা শিক্ষক/শিক্ষয়িত্ৰীসকলে নিজৰ জ্ঞান বৃদ্ধিৰ বাবে পাঠ্যপুথিৰ উপৰিও নানান কিতাপ অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা থাকে। সেইবিলাক সকলো নিজাকৈ আহৰণ কৰা সম্ভৱ নহয়। পুথিভঁৰালৰ পৰা তেওঁলোকে সেইবোব সুবিধা পাব পাৰে। তাৰোপৰি পুথিভঁৰালৰ পৰা লেখক আৰু প্ৰকাশকসকলো উপকৃত হয়।

কোনো এখন সমাজত পুথিভঁৰাল থাকিলে সমাজন গুণীজ্ঞানী হয়। সমাজত হোৱা নানাধৰণৰ অন্ধবিশ্বাস, কুসংস্কাৰ, অপকর্ম আদি নাইকীয়া হয়। সেইবাবে পুথিভঁৰালৰ আৱশ্যক। 

সামৰণিঃ- গতিকে দেখা যায় যে পুথিভঁৰাল আমাৰ বাবে অতি প্ৰয়োজনীয়। এটা জাতিৰ সামগ্ৰিক উন্নয়ন সাধনৰ বাবে, সভ্য গুণী মানি বুলি জাতিটো পৰিচিত হ'বৰ বাবে, পুথিভঁৰাল অতি আৱশ্যক। কিন্তু গ্ৰাম্যাঞ্চলকে আদি কৰি এনে বহু অঞ্চল আছে য'ত পুথিভঁৰালৰ ব্যৱস্থা নাই। আজিও বহুতো গাওঁ অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। গতিকে এনে এক পৰিস্থিতিত তেনেবোৰ অঞ্চলত পুথিভঁৰাল স্থাপনৰ ওপৰত গুৰুত্ব দি পুথি অধ্যয়নৰ স্পৃহা বৃদ্ধি কৰাত আমি যত্নবান হ'ব লাগিব। তেতিয়াহে আমাৰ অসমীয়া জাতিটোৰ সামগ্ৰিক উন্নয়ন সাধন হ'ব। 

                                                     *ছাৰফৰাজ হুছেইন, প্ৰথম স্থান, হাইস্কুল শিক্ষান্ত পৰীক্ষা- 2016

6. তোমাৰ প্ৰিয় গ্ৰন্থখন । My Favorite Literature - অসমীয়া ৰচনা । Assamese Essays

(আৰম্ভণি, গ্ৰন্থখনৰ পৰিচয় - প্ৰিয় হোৱাৰ কাৰণ - সামৰণি)

        আৰম্ভণিঃ- অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্ৰসিদ্ধ নাম। তেখেতক উপন্যাস সম্ৰাট বোলা হয়। তেখেতে কেইবাখনো উপন্যাস ৰচনা কৰিছে। তাৰ ভিতৰত কেইখনমান হ'ল- মনোমতী, ৰহুদৈ লিগিৰী, নির্মল ভকত, বংগিলী আদি।
তেখেতে লিখা "মিৰি জীয়ৰী" নামৰ উপন্যাসখন মোৰ অতি প্ৰিয় গ্ৰন্থ।
গ্ৰন্থখনৰ পৰিচয়ঃ- "মিৰি জীয়ৰী" গ্ৰন্থখনৰ কাহিনীভাগ এনেধৰণৰঃ- মিৰি সমাজত এহাল জংকি আৰু পানেই নামৰ ল'ৰা-ছোৱালী আছিল। তেওঁলোক সৰুতে খেলৰ লগৰী আছিল। কিন্তু ডাঙৰ হোৱাত দুয়ো জীৱনৰ লগৰী হৈ পৰিল। কিন্তু পানেইৰ দেউতাকে তাই গম নোপোৱাকৈ বাৰেগামৰ পুতেকৰ লগত তাইৰ বিয়া ঠিক কৰিছিল। মাক নিৰমাই এবেলিলৈ জীয়েক পানেইৰ পক্ষত আছিল যদিও পানেইৰ দেউতাক তামেদৰ ওপৰত মাত মাতিব নোৱাৰিলে। মিৰি সমাজৰ প্ৰথা অনুযায়ী বাৰেগামৰ পুতেক কুমুদে পানেইৰ ঘৰত জোঁৱাই খাটিবলৈ আহিল। কিন্তু সি অলপো পানেইৰ মন জয় কৰিব নোৱাৰিলে। এদিন ছেগ বুজি জংকি আৰু পানেই দুয়ো ঘৰৰ পৰা পলাই গ'ল। দুয়ো পলাই গৈ সোঁৱণশিৰি নদীৰ পাৰৰ এখন গাঁৱত আশ্ৰয় লৈ আছিল। এই সময়ত দুয়োকে সহায় কৰিছিল ডালিমী নামৰ এজনী মিৰি ছোৱালীয়ে। তাই মনে মনে জংকিক ভাল পাইছিল। কিন্তু পানেইৰ কথা গম পাই তাই দুয়োলৈ সহায়ৰ হাত আগবঢ়াইছিল।
কিন্তু, হঠাতে এদিন দুয়ো বাৰেগামৰ চিপাহীৰ হাতত প্ৰা পৰিল। বাৰেগামে দুয়োকে পুনৰাই লগ নহ'বলৈ সকীয়াই দিছিল। কেইদিনমান যোৱাৰ পাছত এবাৰ পানেই অকলে ঘৰৰ পৰা পলাই আহিল। এইবাৰ বাৰেগামে তাই জংকিৰ লগত পুনৰ পলাই যোৱা বুলি সন্দেহ কৰি নিজৰ চিপাহীবোৰক সিহঁতক বিচাৰিবলৈ আদেশ দিলে। জংকিয়েও মনে মনে পানেইক বিচাৰি যাওঁতে দুয়ো সোঁৱণশিৰিৰ ঘাটত লগ হ'লহি। সেই সময়তে বাৰেগামৰ চিপাহীয়ে দুয়োকে ধৰা পেলালে আৰু বিচাৰত এইবাৰ বাৰেগামে দুয়োকে মৃত্যুদণ্ডৰ শাস্তি বিহিলে।
বাৰেগামৰ নির্দেশমতে এইবাৰ বাৰেগামৰ চিপাহীয়ে দুয়োৰে হাতভৰি বান্ধি, শাল মাৰি গাছি মিৰিয়ে সিহঁতক নৈত উটুৱাই দিলে। সিহঁতৰ নিথৰ নিষ্প্ৰাণ দেহদুটা এটা সময়ত আহি সোঁৱণশিৰি নৈৰ ঘাটত লাগিলহি। জংকি-পানেইৰ ভালপোৱাক কোনোৱে স্বীকৃতি দিব নুখুজিলে। ফলস্বৰূপে দুয়োৰে কৰুণভাৱে মৃত্যুক সাৱটি ল'লে।
গ্ৰন্থখন প্ৰিয় হোৱাৰ কাৰণঃ- ''মিৰি জীয়ৰী'' গ্ৰন্থখনৰ প্ৰধান চৰিত্ৰ জংকি আৰু পানেই। দুয়োৱে সহজ-সৰল তথা মিৰি সমাজৰ সাধাৰণ ডেকা-গাভৰু। পানেইৰ দেউতাক তামেদ সমাজৰ নিৰ্দেশত চলা মানুহ। মাক নিৰমা সৰল মাতৃ- কিন্তু পুৰুষৰ ওপৰত মাত মাতিব নোৱাৰে। কুমুদ ধনী তথা বাৰেগামৰ ল'ৰা, জোৰেৰে সকলো পাবলৈ বিচাৰে। বাৰোগাম নিষ্ঠুৰ, ডালিমী চৰিত্ৰ ত্যাগৰ আদর্শেৰে মহীয়ান।
উপন্যাসখনৰ পটভূমিত আমি মিৰি সমাজৰ নীতি-নিয়মৰ বিষয়েও গম পাওঁ।
সামৰণিঃ- উপৰোক্ত কথা তথা চৰিত্ৰসমূহৰ জীপাল অভিনয়ৰ বাবে "মিৰি জীয়ৰী" গ্রন্থখন মোৰ ভাল পোৱা গ্রন্থসমূহৰ ভিতৰত শীৰ্ষত আছে। তদুপৰি গ্ৰন্থখনৰ দ্বাৰা মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয়ো বহন হৈছে। কাহিনী, চৰিত্র, পটভূমি আঞ্চলিক বৈশিষ্ট্য আদিৰে সমৃদ্ধ "মিৰি জীয়ৰী" এখন সুখপাঠ্য সামাজিক উপন্যাস। সেইবাবেই "মিৰি জীয়ৰী" গ্ৰন্থখন মোৰ অতিকে প্রিয়গ্রন্থ।

                                                                *জিন্টী মণি দাস, অসমীয়াত সর্বোচ্চ নম্বৰ-2016


7. মোৰ জীৱনৰ লক্ষ্য । My Aim in Life - অসমীয়া ৰচনা । Assamese Essays HSLC-2015


"যদি চাব জানা এই সুন্দৰ জগৎ।
শিক্ষাৰ বিষয় পাবা অনেক মহৎ।" 
আৰম্ভণিঃ- প্ৰতিজন মানুহেই সৰুতে জীৱনৰ এক লক্ষ্য বান্ধি লৈ সেই লক্ষ্যত উপনীত হ'বলৈ কৰা -প্ৰয়াসে সংসাৰ সমুদ্ৰৰ অন্তহীন ভয়াবহতাক নোহোৱা কৰে, জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰাই তোলে। আন বহুতৰ দৰে ময়ো মোৰ জীৱনক সফল কৰি তুলিবলৈ -এটি লক্ষ্য বুকুত বান্ধি লৈছো। সংস্কৃতত কোৱা হৈছে -যে- "মনসা চিন্তিতং কর্ম বসনান প্ৰকাশয়েৎ, অন্য -লক্ষিত কার্যচ যথা সিদ্ধি ন যায়তে।" অর্থাৎ মনৰ কথা প্ৰকাশ কৰিব নালাগে। কিয়নো আনে লক্ষ্য কৰি থাকিলে সময়ত কর্মত সিদ্ধি লাভ নহ'বও পাৰে। সেয়েহে, মোৰ লক্ষ্যক মই মনত বান্ধি নীৰৱে তাত উপনীত হ'বলৈ যত্ন কৰিছে। 
জীৱনৰ লক্ষ্যঃ- মোৰ লক্ষ্য হৈছে ভৱিষ্যতে নিজকে এজন সমাজ জীৱনৰ সাহিত্যিকৰূপে প্ৰতিষ্ঠা কৰা। 
লক্ষ্য নির্ধাৰণৰ কাৰণঃ- সাহিত্য সাধনা এক জটিল কর্ম। সকলো মানুহেই ইচ্ছা কৰিলেই এজন সাহিত্যিক হ'ব নোৱাৰে। কিন্তু, ভগৱানে যেন মোক সাহিত্যৰ -চনাৰ বাবে কিঞ্চিৎ গুণ প্ৰদান কৰিছে। মানুহৰ মনক উপলব্ধি কৰি, মানুহৰ সুখ-দুখ, বেদনা প্ৰতিফলিত হোৱাকৈ সাহিত্য ৰচনা কৰি মানুহক বিশেষভাৱে উপকৃত কৰিব পাৰি। সমাজৰ কল্যাণ সাধনেই সাহিত্যৰ লক্ষ্য। সাহিত্যই হয়তো পৃথিৱীৰ একমাত্ৰ অস্ত্ৰ, যি আনক আঘাত নিদিয়ে; অথচ মানুহৰ -অন্তৰাত্মা জাগ্ৰত কৰি সৎকর্মৰ বাবে অনুপ্ৰাণিত কৰে। সাহিত্যকসকলে সমাজৰ দোষ ত্ৰুটি আঙুলিয়াই দিয়ে। সাহিত্যিকসকলে সমাজ সংস্কাৰ সাধনৰ উদ্দেশ্যে -কলম তুলি লয়। অথচ, তাৰ মাজেৰে সুন্দৰ সৃষ্টিশীল কৰ্মৰ জৰিয়তে পাঠকক ৰসৰ আস্বাদ দিয়ে। ইয়াৰ দ্বাৰা পাঠকে ((জীৱনৰ)) কঠোৰতাৰ পৰা কিছুসময়ৰ বাবে হ'লেও সকাহ লাভ কৰে। তদুপৰি, একোটা জাতি তথা ভাষাৰ পৰিচয় সাহিত্যৰ দ্বাৰাহে প্ৰকাশ হয়। সেই সাহিত্যিক হৈ বিশাল বিশ্বৰ এটি কোণত অৱস্থিত অসমীয়া জাতিক বিশ্বত জিলিকাই তুলিবলৈ প্ৰয়াস কৰিম। মোৰ জাতিৰ মানুহবোৰ, জাতীয় সংস্কৃতি তথা দেশৰ মাটিৰ প্ৰতি অংকুৰিত হোৱা সুতীব্ৰ মোহে মোক সাহিত্যিক হ'বলৈ অনুপ্ৰেৰণা যোগাইছে।
লক্ষ্যত উপনীত হোৱাৰ উপায়ঃ- জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ কেৱল আত্ম বিশ্বাসেই যথেষ্ট নহয়; প্ৰস্তুতিও সমানে প্ৰয়োজনীয়। ময়ো মোৰ লক্ষ্যত উপনীত যোৱাৰ উদ্দেশ্যে বিভিন্ন প্ৰকাৰে প্ৰস্তুতি চলাইছো। সাহিত্য আৰু সমাজৰ আছে অংগাংগী সম্বন্ধ। সমাজৰ অবিহনে সাহিত্যৰ সৃষ্টি অসম্ভৱ। সাহিত্যিকে সাহিত্যক সমাজত প্ৰতিফলন কৰে। সেয়েহে, মই প্ৰতিনিয়ত মোৰ সমাজৰ বিভিন্ন দিশ পুংখানুপুংখভাৱে বিশ্নেষণ কৰিবলৈ চেষ্টা কৰো। বানানৰ শুদ্ধি সাহিত্যিকৰ অপৰিহার্য গুণ। মই মোৰ বানানৰ অশুদ্ধতা দূৰ কৰিবলৈ যেতিযাই প্ৰয়োজনবোধ কৰো, তৎক্ষণাৎ অভিধান মেলি লওঁ। মই মোৰ বাক্য গাঁথনিৰ উন্নতি ঘটাবলৈ হোমেন বৰগোহাঞি আৰু প্ৰয়াত ড° ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ প্ৰবন্ধ-পাতি পঢ়ি তেওঁলোকৰ চুটি চুটি অথচ শ্ৰুতিমধুৰ বাক্যশৈলী আয়ত্ব কৰিবলৈ যত্ন কৰো। ইয়াৰ উপৰি মই সময় পালে ভাষা-বিজ্ঞানো অধ্যয়ন কৰো। ভবিষ্যতে মই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিম বুলি স্থিৰ কৰিছো আৰু অভিভাৱকেও মোৰ এই সিদ্ধান্তত সন্মতি প্ৰদান কৰিছে। আশা কৰিছো উক্ত প্ৰস্তুতিসমুহে মোক প্ৰতিষ্ঠিত সাহিত্যিক হোৱাত যথেষ্ট সহায় কৰিব। 
সামৰণিঃ- লক্ষ্য সাধনৰ বাবে প্ৰয়োজন অধ্যবসায়ৰ, অধ্যবসায়ৰ নাম সাধনা। মই সাহিত্য সাধনাৰ একান্ত সাধক। আশা কৰো, উদ্ভিদ যেনেকৈ বীজৰ পৰা অংকুৰিত হৈ পত্ৰে-পুষ্পে বিকশিত হয়, সূর্য যেনেকৈ উদয় হৈ মধ্যাকাশত প্ৰকাশ হয়, ঠিক সেইদৰে ময়ো এদিন লক্ষ্যত উপনীত হৈ নিজক প্ৰতিষ্ঠা কৰাৰ লগতে পৃথিবীবাসীক উপকৃত কৰিব পাৰে।
                                             *অনুৰাগ বৰা, অসমীয়াত সর্বোচ্চ নম্বৰ – ২০১৫


8. ছাত্ৰৰ কর্তব্য । Student's Duties - অসমীয়া ৰচনা । Assamese Essays HSLC-2016

আৰম্ভণিঃ- ছাত্ৰজীৱনেই হ'ল মানুহৰ ভৱিষ্যৎ জীৱনৰ আধাৰশিলা। মানুহৰ ভৱিষ্যত জীৱনৰ সুখ-শান্তি উন্নতি-অৱনতি আদি সকলো নির্ভৰ কৰে ছাত্ৰজীৱনৰ ওপৰত সেয়ে জীৱন সার্থক কৰি তুলিবলৈ হ'লে ছাত্ৰাৱস্থাতেই প্ৰয়োজনীয় শিক্ষা আহৰণ কৰা একান্ত প্ৰয়োজন। মানৱ জীৱনৰ আটাইতকৈ সুখময় অৱস্থা হ'ল ছাত্ৰাৱস্থা। এই সময়ছোৱাই মানুহৰ জীৱনৰ স্বৰ্ণময়কাল। কিন্তু বহল অর্থত গোটেই জীৱনছোৱাই শিক্ষাকাল আৰু পৃথিৱীখনেই হ'ল শিক্ষালয়। 
ছাত্ৰব কর্তব্যঃ- শিক্ষা আহৰণৰ সময়ত ছাত্ৰই কৰিবলগীয়া কামেই হ'ল ছাত্ৰৰ কৰ্তব্য। ছাত্ৰ জীৱনৰ প্ৰথম আৰু প্ৰধান কর্তব্য হ'ল অধ্যয়ন। এই সময়ত ছাত্ৰ-ছাত্ৰীয়ে একাগ্ৰতা তথা মনৰ একমুখী গতিৰে অধ্যয়নত ব্ৰতী হ'ব লাগে কথিত আছে'
"পঢ়াই পঢ়ে বোৰে পাণ। 
এই তিনিয়ে নিচিন্তে আন।।"
ছাত্ৰজীৱনৰ অন্যতম প্ৰধান কর্তব্য হ'ল চবিত্ৰ গঠন। চৰিত্ৰ হৈছে শিৰৰ ভূষণ। ভাল চৰিত্ৰ অবিহনে এজন মানুহ কেতিয়াও মহান হ'ব নোৱাবে। সেইবাবে সু-চৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব দিব লাগে। এই সময়ছোৱাত পিতৃ-মাতৃ, শিক্ষক আদিকে ধৰি নিজৰ অগ্ৰজসকলক শ্ৰদ্ধা আৰু অনুজসকলক মৰম-চেনেহ কৰিবলৈ শিকিব লাগে। শিষ্টাচাৰ, ন্যায় পৰায়ণতা, দয়া আদি গুণবোৰ অনুশীলন কৰিব লাগে।
সময়ৰ সদ্ব্যৱহাৰ কৰা ছাত্ৰৰ অন্য এক প্ৰধান কৰ্তব্য। কেতিয়াও অমূল্য সময় অবাবত নষ্ট কৰিব নালাগে। নির্দিষ্ট সময়ৰ ভিতৰত নিজৰ কৰণীয় কাম কৰি শেষ কৰিব লাগে। 
ছাত্ৰজীৱনৰ অন্য এটা কাম হ'ল স্বাস্থ্য অটুত ৰখা। স্বাস্থ্য সুস্থ সবল হ'লেহে ভালদৰে অধ্যয়নত মনোনিৱেশ কৰিব পাৰি। ছাত্ৰই অধ্যয়নৰ বাহিৰেও খেলা-ধূলা, নিয়মিত ব্যায়াম, নিয়মিত খোৱা-বোৱা কৰা, স্বচ্ছতা বজাই ৰখা আদিৰ বিষয়ে গভীৰ জ্ঞান আহৰণ কৰিব লাগে।
যিহেতু আজিৰ ছাত্ৰই কাইলৈ দেশৰ নাগৰিক গতিকে ছাত্ৰই সৰুৰে পৰা সুনাগৰিক হোৱাৰ যত্ন কৰিব লাগে। অসৎ সংগ ত্যাগ কৰি সৎ গুণৰ বিকাশ সাধন কৰিব লাগে। মহৎলোকৰ জীৱনী পঢ়াটো অভ্যাসত পৰিণত হ'ব লাগে।
ছাত্ৰ-ছাত্ৰীৰ অন্যতম প্ৰধান কাম হ'ল সমাজসেৱা। ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ লোকৰ মাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰ কৰাত গঠনমূলক ভূমিকা ল'ব পাৰে। তদুপৰি বেমাৰ আজাৰৰ সময়ত উপদেশেৰে সহায় কৰিব পাৰে। 
সামৰণিঃ- সফলতাৰে ছাত্ৰজীৱন সমাপ্ত কৰিব পাৰিলেহে মানুহৰ জীৱন সার্থক হয় আৰু এই সফলতাৰে ছাত্ৰজীৱন সমাপ্ত কৰাজনেই নিজৰ পৰিয়াল, সমাজ আৰু দেশৰ সেৱা কৰি জীৱনত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। সেয়েহে অমূল্য মানৱ জীৱন সার্থক কৰি তুলিবলৈ হ'লে "ছাত্ৰ নং অধ্যয়নং তপঃ" হোৱা উচিত। 
                      
                                            *ছাৰফৰাজ হুছেইন, প্ৰথম স্থান, হাইস্কুল শিক্ষান্ত পৰীক্ষা-2016

HS Second year Assamese Grammar । অসমীয়া ব্যাকৰণ

1. অসমীয়াত প্ৰত্যয় শব্দ । Assamese suffix words

2. অসমীয়াত প্ৰত্যয় । Pratyay in Assamese

3. অসমীয়াত বাক্য ৰচনা কৰা । Make sentence in Assamese fully solved

4. অসমীয়া বাক্য ৰচনা । Make sentence in Assamese Pt-2

5. বিশেষ শব্দৰ বাক্য ৰচনা । Make sentence of Assamese words

6. অসমীয়া জতুৱা খণ্ডবাক্য | Jatuwa Word in Assamese । Phrase & Idioms

7. অসমীয়াত প্ৰত্যয় মানে কি?

8. কৃত্‍ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কি?

9. পুৰুষবাচক প্ৰত্যয় কি?

10. স্ত্ৰী প্ৰত্যয় কি?

11. নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে কি?

12. বিভক্তি কাক বোলে?

13. সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি

14. অসমীয়া ৰচনা । ASSAMESE ESSAY

15. অসমীয়া ৰচনা । ASSAMESE ESSAY 2


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY

Previous
Next Post »