-->

বিশেষ শব্দৰ বাক্য ৰচনা । Make sentence of Assamese words

বিশেষ শব্দৰ বাক্য ৰচনা । Make sentence of Assamese words

1) আঁকোৰ-গোজালি (একেটা কথাতে লাগি থকা) : তোৰ নিজৰ মতকে আঁকোৰ-গোজালিকৈ ধৰি থাকিলে ৰাইজৰ কাম নহ'ব দেই।


2) আজলমঠ (জানিও একো নজনা ভাও জোৰা) : তোৰ দৰে আজলমঠ এটাক বুজোৱা মানে ঢেৰুৱা ঠাৰি সিজোৱা।


3) অমাতৰ মাত (শুৱলা মাত, মৌ-বৰষা মাত) : শিশুৰ অমাতৰ মাত শুনি মাতৃয়ে স্বৰ্গীয় হাঁহি মাৰে।  


4) অবালচন্দ (কামৰ অযোগ্য) : তোৰ দৰে অবালচন্দ এটাক সমাজৰ দায়িত্ব কোনে দিব?


(5) অকাজভাগী (কামৰ অযোগ্য) : হেৰ হৰিধন! তই এনে অকাজভাগী বুলি আজিহে জানিলো; বাঁহ এডালকে দুছেও (দোছেও) কৰিব নোৱাৰিলি।


(6) অজীণ পাতকী (দন্দুৰা, মিলিব নোৱৰা) : অজীণ পাতকী বদনে মান আনি অসম উচ্ছন্ন কৰিলে।


(7) অতপালি (বৰ দুষ্টালি) : হেৰৌ! এনে অতপালি নকৰিবি দেই; এপাত চৰতে সমান হবি।


(8) অঘাইত (বৰ ডাঙৰ) : চিকৰপতি নিকৰপতিৰ দৰে অঘাইত চোৰ পৃথিৱীতে বিৰল।


(9) অঘাইতং (দুষ্ট) : এই অঘাইতং ল'ৰাটোক মই আৰু বশ কৰিব নোৱাৰিলো।


(10) অনুষ্টুপীয়া (সামন্যভাৱে) : ধনৰ অভাৱত দেউতাৰ আদ্যশ্ৰাদ্ধফেৰা অনুষ্টুপীয়াকৈয়ে সমাধা কৰিলো।


(11) অপুদ্ঘাত (আচৰিত, আগয়ে নেদেখা-নুশুনা) : পিতৃয়ে শিশুপুত্ৰক হত্যা কৰাৰ নিচিনা অপুদ্ঘাত ঘটনা আমাৰ গাঁৱত এনে প্ৰথম।


(12) অনাই-বনাই (কাম নোহোৱাকৈ ঘূৰি ফুৰা) : হেৰৌ! অনাই-বনাই নুফুৰি বাৰীতে দুডাল খৰিকে বিচাৰচোন।


(13) অলপ ধাতুৱা (ভয়াতুৰ) : অলপ ধাতুৱা মানুহৰ লগত আচহুৱা ঠাইলৈ যাব নালাগে।


(14) অলপতে কলপ কটা (বিপদৰ পৰা কোনোমতে ৰক্ষা পৰা, অকণমানতে সাৰি যোৱা) : তই যিহে টান নৰিয়াত পৰিছিলি, অলপতহে কলপ কাটিলি দেই।


(15) অলপ পানীৰ মাছ (নিমাখিত, সামান্য শক্তি থকা) : ৰামসিংহই লাচিতক অলপ পানীৰ মাছ বুলিহে ভাবিছিল।


(16) অহৌবলিয়া (বলিয়াৰ দৰে কথা কৈ ফুৰা) : তোৰ দৰে অহৌবলিয়াক কোনে বিশ্বাস কৰিব?


(17) অহৌ হৌৱা (কথা পেটত নথকা) : এই অহৌ-হৌৱাটোক কোনো গোপন কথা নক'বা।


(18) অচলা ভক্তি (স্থিৰভাৱে কৰা ভক্তি) : গুৰুজনালৈ মোৰ অচলা ভক্তি ৰওক।


(19) অবচন বোলা (ক'ব নলগীয়া কথা কোৱা) : ৰাইজৰ আগত এনে অবচন বোলা উচিত হোৱা নাই।


(20) অতৰ্‌চেলাই (নিছনা, ক্ষীণ) : তাৰ নিচিনা অতৰ্‌চেলাই এটাক সহায় নকৰি কাক কৰিব?


(21) অথাই সাগৰ (ডাঙৰ বিপদ) : দেুউতা সৰুতে ঢুকাই মোক দ্ৰৰিদ্ৰতাৰ অথাই সাগৰত পেলাই থৈ গ'ল।


(22) অপাৰ সমুদ্ৰ (মহাবিপদ) : গিৰীয়েকৰ মৃত্যুত ল'ৰা-ছোৱালীকেইটিৰে সৈতে মানুহগৰকীৰে সৈতে মানুহগৰাকী অপাৰ সমুদ্ৰত পৰিল।


(23) অহুকাণে-পহুকাণে (ঘুনুক-ঘানাককৌ শুনা) : কাৰ্বি-আংলঙত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে বুলি অহুকাণে পহুকাণে শুনিলো, কিমানদূৰ সত্য সেয়া হ'লো নাজানো।


(24) আবৈয়াল (অবুজন, আপোন ইচ্ছাৰে চলা) : এই আবৈয়ালটোৱে সমাজৰ কথাও নামানে; তাক সমাজৰপৰা পৃথিৱীৰ


(25) আপুৰুগীয়া (অতি মৰমৰ, পাবলৈ নোহোৱা) : বিহু অসমীয়াৰ আপুৰুগীয়া উত্‍সৱ। ৰেডিয়াম পৃথিৱীৰ আপুৰুগীয়া সম্পদ।


(26) আচহুৱা (অচিনাকি) : আচহুৱা ঠাই; সাৱধানে চলিবা দেই।


(27) আটন্তিয়াৰ (চহকী) : তেওঁলোক পূৰ্বপুৰুষৰপৰাই আটন্তিয়াৰ লোক; লাগ বুলিলেই হাজাৰ টকা উলিয়াই দিব পাৰে।


(28) আতোল্‌তোল্‌ (অতি মৰমৰ) : বুঢ়ীমাকে ছোৱালীজনীক আতোল্‌তোলকৈ তুলিছে।


(29) আদ্যোপান্ত (আদিৰপৰা অন্তলৈ) : বহাঁচোন খন্তেক; ঘটনাৰ আদ্যোপান্ত তোমাক খুলি ক'ম!


(30) আটোম টোকাৰি (পৰিপাটি) : মনুহগৰাকীয়ে ঘৰখন বেছ আটোমটোকাৰিকৈ ৰাখিছে।


(31) আথে-বেথে (অতি আদৰেৰে) : আমি গৈ পোৱাৰ লগে লগেই আইতাৰ আথে-বেথে ভিতৰত বহুৱালেগৈ।


(32) আধাকটা (নিলাজ) : তোৰ নিচিনা আধাকটা এটা আৰু দেখা নাই; অত গালি-শপনিলৈকো কেৰেপ নকৰ নে?


(33) আধা নাৰ্জি (আধা হানি হোৱা) : হেৰৌ ধানভাৰ আনোতেই চোন আধা নাৰ্জি কৰিলি খেৰসোপাহে আছেগৈ!


(34) আভুৱা ভাঁৰ (ঠগা) : তই মোক ইমান মূৰ্খ পাইছ নে যে পুৰণি চোলাটো দি আভুৱা ভাঁৰিবলৈ আহিছ?


(35) আশাশুধীয়া (অকপট, অপ্ৰাণ) : ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাত কলেজখন গঢ় লৈ উঠিছে।


(36) আওমৰণে মৰা (অস্বাভাৱিকৰূপে মৰা) : পৰীক্ষাত ফেল হ'ল বুলিয়েই সি ডিঙিত ফাঁচ লৈ আওমৰণে মৰিব লাগে নে?


(37) আ্কাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰ, অসম্ভৱ) : আকাশত চাং পতা কথা শুনি কাৰোৱেই ভাল নালাগে।


(38) আগৰণুৱা (কামত আগভাগ লোৱা লোক) : স্বৰ্গীয় নবিনচন্দ্ৰ বৰদলৈ দেশৰ কামত সদায় আগৰনুৱা আছিল।


(39) আলাসৰ লাডু (অতি মৰমৰ) : সি বাপেকৰ বৰপুত্ৰ; গতিকে বুঢ়ীমাকৰ আলাসৰ লাডু নহ'ব কিয়? HSLC-2021 (Spl.)


(40) আপুতৰ পুত (পুত্ৰহীনৰ পুত্ৰস্বৰুপ) : আপুতৰ পুত, মৌজাদাৰৰ বৰপুত্ৰই কিখন কেলেংকাৰী ঘটালে দেখিছা?


(41) আলিবাটত চালি ধৰা (কাম-বন নকৰি ধুন মাৰি ফুৰ) : তহঁতৰ দৰে ডেকা ল'ৰাই আলিবাটত চালি ধৰি ফুৰিলেই ভাত মিলিব নে?


(42) আলৈ-আথানি (নিঃসহায়, নিৰাশ্ৰয়) : মই মৰিলে চাগৈ পোনাকেইটিৰ বৰ আলৈ-আথানি হ'ব।


(43) অন্ঠ-কন্ঠ (টুঁটুলৈকে) : ৰ'দত টলৌ টলৌ কৈ দিনটৌ ঘূৰি-ফুৰি অন্ঠ-কন্ঠ শুকাই গৈছে।


(44) আনে-বানে (য'তে ত'তে) : তোমালোকৰ মনত আনে-বানেই ধন পৰি থাকে; আমাৰ কাৰণেহে দৰিদ্ৰ লংকালৈ যায়, সাগৰ শুকায়, মাণিক লুকায়।


(45) আউলী-বাউলী (শোকত বলিয়াৰ দৰে হোৱা) : পুত্ৰশোকত বিধৱাগৰাকীয়ে আউলী-বাউলী হৈ বিনাইছে।


(46) আমন-জিমন (বিমৰ্ষ হৈ, মন মাৰি) : মাক এতিয়ালৈকে আহি নোপোৱাত ল'ৰাটো কেনে আমন-জিমনকৈ আছে চোৱা চোন।


(47) আউল ধৰ () : ল'ৰা-ছোৱালী কেইটাৰ আউল ধৰি থাকোতেই ওলাবলৈ সময় নাপাওঁ।


(48) আউল ভাং (শৃংখলা লগা) : তুমিহে যদি তেওঁলোকৰ কাজিয়াৰ আউল ভাঙিব পাৰা।


(49) আউল লাগ (কেৰোণ লগা) : যিমানেই কামটো সোনকালে হওক বুলি ভাবিছো, তিমানেই আউলহে লাগি গৈ আছে।


(50) আঁচলৰ ধন (অতি আদৰৰ) : সিয়েই মাকৰ আঁচলৰ ধন, চকুৰ মণি।


(51) আঁঠুৱাৰ তলৰ মহ (অধীন লোক, সামান্য ধন) : হেৰৌ! মোৰ কাৰণে সি আঁঠুৱাৰ তলৰ মহ; তাক বলাবলৈ কিমান পৰ?


(52) আলপৈচন ধৰা (সেৱা শুশ্ৰূষা কৰা) : সিয়েই যে বুঢ়ীমাকক আলপৈচান ধৰা নাই, কোনে ধৰিছে?


(53) আঁত মাৰ (পৰিপাটিকৈ কৰা) : কামবোৰ সদায় আঁত মাৰি কৰিবা।


(54) আঁত লগা (আউল ভঙা) : তাঁতখনৰ আঁত লগাওঁতেই বেলি দুপৰ হ'ল।


(55) আপোন পেটা, আপোনপেটীয়া (স্বাৰ্থপৰ) : তোৰ দৰে আপোনপেটীয়া মানুহৰপৰা দেশৰ কি মংগল হ'ব?


(56) আলেঙে আলেঙে (আঁতৰে আঁতৰে) : তোৰ স্বভাৱ-চৰিত্ৰ মই আলেঙে-আলেঙে চাই আছো।


(57) আলৈ-বিলৈ (দুখ-দুৰ্গতি ) : ল'ৰা-ছোৱালীকেইটাৰ আলৈ-বিলৈ দেখি বৰ দুখ লাগিছে।


(58) আমা-ডিমা (নিচেই সৰু) : চাৰিটাকৈ আমা-ডিমা ল'ৰা-ছোৱালী লৈ মানুহগৰাকী বৰ বিপদত পৰিছে।


(59) অজৌ গছৰ বজৌ গুটি (অতি দুষ্ট, সাত ঘাটৰ চেঙেলি) : এইটোনো ক'ৰ অজৌ গছৰ বজৌ গুটি ওলালহি ঔ! ই চোন এঠাইত কাটিলে সাত ঠাইত গজে!


(60) উতনুৱা (উদ্ধত) : তোৰ পুতেৰ বৰ উতনুৱা হৈছে দেই, গুৰু সোসাঁই একো নামানে।


(61) উভৈনদী (উপচি পৰা) : অসম এসময়ত শস্যে-মত্‍স্যে উভৈনদী আছিল।


(62) উবুৰি খাই পৰা (যথেষ্ট সহায় কৰা) : মোৰ বিপদ দেখি গোটাই গাঁওখনেই উবুৰি খাই পৰিলি।


(63) ঊনৈশত বা-বলা (আনন্দত আত্মহাৰা হোৱা) : হেৰৌ! তই যেনেকৈ হে ঊনৈশত বা বলাই ফুৰিচ, যেন তইহে মেট্ৰিক পাছ কৰিলি।


(64) ওভত গোৰে নচা, উভয় গোৰে নচা (অতপালি কৰা) : হেৰৌ! তই যে এইদৰে ওভত গোৰে নাচিছ, সংসাৰত কেইদিন খাবি অ'!


(65) ঊনৈশ-বিশ (কম-বছি) : তুমি যদি গৰুটো কিনা, দাম-দৰ অলপ ঊনৈশ-বিশ হ'ব দিয়াচোন।  


(66) উখল-মাখল (খৰ-খেদা কৰাত হুলস্থূল হোৱা) : জাহাজখন দূৰত দেখিয়েই মানুহবোৰে গোটেইখন উখল-মাখল লগাইছে।


(67) উখনা-উখনি (কথাৰ কটা-কাটি হোৱা) : সামান্য কথাতে তোমালোকে এই দৰে উখনা-উখনি লগাইছা কেলেই।


(68) উগুল-থুগুল (কি কৰো, কি নকৰো ভাব হোৱা, অস্থিৰ) : পৰীক্ষাৰ সময়ত ছাত্র-ছাত্রীৰ মন বৰ উগুল-থুগুল লাগে।


(69) উলহ-মালহ (অতিশয় আনন্দ) : বিহুৰ বাতৰি পাই লাহতীহঁতৰ উলহ-মালহৰ অন্ত নাই।


(70)  উদুলি-মুদুলি (বহুত মানুহৰ সমাগম হোৱাৰ বাবে হুলস্থূল হোৱা) : এইবাৰ বিহুতলী হাজাৰ হাজাৰ মানুহেৰে উদুলি-মুদুলি হৈ পৰিছে।


(71) উধা-মুধাকৈ (গম-গতি নোলোৱাকৈ) : হেৰৌ! উধা-মুধাকৈ ক'লৈ দৌৰিছ? গম ল-চোন, কি হৈছে।


(72) উখা-মুখাকৈ (নাচাই-নিচিন্তি) : উখা-মুখাকৈ এইদৰে কাম নকৰিবা দেই; পৰিণাম ভাল নহয়।


(73) উলা-মুলা (সামান্য) : তোৰ বাবে ভচহু কথা শুনি থাকিবলৈ তেওঁ উল-মূলা মানুহ নহয় দেই।    


(74) উচ্‌-পিচ্‌ (থেৰো-গেঁৰো) : হেৰৌ! তই কি কাৰণে এইদৰে উচ্‌-পিচাই আছ নকব কিয়?


(75) উলট্‌-পালট্‌ (খেলি-মেলি) : বাতৰিটোৱে মোৰ মনটো উলট্‌-পালট্‌ কৰি দিলে।


(76) এলা-পেচা (সামান্য) : এলা-পেচা মানুহে তেওঁৰ কাষ চপাই টান।


(77) একা-চেকা (বেগতে খং উঠা) : এনে একা-চেকা মানুহৰ লগত কথা পতা বৰ টান দিয়া।


(78) একাদশত বৃহস্পতি (সৌভাগ্য উপস্থিত হ) : ৰমেনৰ অৱস্থা এনেয়ে জয়জয় ময়ময়, তাতে আকৌ এশাদশত বৃহস্পতি পৰাদি লটাৰীৰ মাৰুতি গাড়ীখনো তাৰ হাতলৈকে আহিল।


(79) এলাই বাদু (অকাজী) : বোপায়ে এই এলাইবাদু (আলাইবাদু) তিৰোতাজনী চপাই দি মোৰ ডিঙিত হাৰমালহে আঁৰি দিলে।


(80) এৰা-ধৰা (কিছু বাদ দি) : সমাজত থাকিলে বহুত কথাই এৰা-ধৰাকৈ চলিব লাগিব।


(81) ওখোৰা-মোখোৰা (ওখ-চাপৰ) : ওখোৰা মোখোৰা বাট দেই, ভালকৈ খোজ দিবা।


(82) ওভতগোৰে নাচ (দেও পাৰ, বৰ দুষ্টালি কৰ) : তোক বাৰে বাৰে সাৱধান কৰি দিয়া সত্ত্বেও তই যে কিয় ওভতগোৰে নাচিছ, ভগৱানেহে জানে।


(83) কণাৰ লাখুটি (একমাত্ৰ সহায়) : অন্ধ পিতৃ-মাতৃৰ কণাৰ লাখুটিস্বৰূপ শ্ৰৱণ কুমাৰক বধ কৰি ৰজা দশৰথ নিজে শাপগ্ৰস্ত হৈছিল।


(84) কাণ-বাগৰা (ইটোৰপৰা সিটোৱে শুনা) : আপদৰ সময়ত এইবোৰ কাণ বাগৰা কথাত বিশ্বাস নকৰিবা।


(85) কাঠৰ কঠুৱা (নিষ্ঠুৰ, নিৰ্দয়) : মাহীমাক হ'লেও এনে কঠুৱা তিৰোতা আমি আৰু দেখা নাই।


(86) কাঠ সংস্কাৰ কৰা (মৃতকক দাহ কৰা) : বন্ধু-বান্ধবে মিলি তেওঁক দিল্লীতে কাঠ-সংস্কাৰ কৰিলে।


(87) কাণ সৰালি মাৰ (টলকা মাৰি শুনি থাক) : তহঁতে কি কথা পাতিছ, মই কাণ সৰালি মাৰি গম লৈহে আছো।


(88) কাঠচিতীয়া (নিষ্ঠুৰ) : এনে কাঠচিতীয়া মানুহজনী! ল'ৰাটোক কেনেকৈ মৰিয়াইছে দেখিছানে?


(121) (89) খকামকাকৈ (নভবা *নিচিন্তাকৈ) : ভূঁইকঁপ অহা বুলি কওঁতেই সি খকামকাকৈ বাহিৰলৈ দৌৰ মাৰিলে।


(90) খকা-খুন্দা (দ্বন্দ্ব, খৰিয়াল) : সিহঁত মতা-তিৰোতা হালৰ মাজত কিয় যে প্ৰায়ে খকা-খুন্দা লাগি থাকে বুজি নাপাওঁ।


(91) খাই পাত ফলা (উপকাৰ অস্বীকাৰ কৰা, অশলাগী) : তোৰ দৰে খাই পাত ফলা কোন আছে? ইমান বিপদত সহায় কৰিলো নহয়; গুণ ল'লি নে?


(92) খূদুৱনি (উগুল-থুগুল, সন্দেহৰ ভাব) : সি কথা আছে বুলি ক'লে হয় কিন্তু খুলি নক'লে; এতিয়া মনটোত খূদুৱনি লাগি আছে।   


(93) খামি ডাঠ (সাহসী) : ল'ৰাটো বেছ খামি ডাঠ দেই; এই মাজ ৰাতিও যাবলৈ ভয় কৰা নাই।


(94) খট্‌ বান্ধ (বাদানুবাদ) : কাঁহৰ লোটাটো কাৰ ভাগত পৰিব, এই লৈয়ে সিহঁত দুটাৰ মাজত খট্‌ বান্ধ লাগি আছে।


(95) খকৰা মুকুটি (মুঠি মাৰি বুঢ়া আঙুলিৰ মূৰেৰে লাগত জোৰেৰে কৰা আঘাত) : ভাতৰ পাতত কাঁজিয়া কৰি থকা দেখি দুয়োটাকে ভালকৈয়ে দুটামান খৰকা-মুকুটি দিলো।


(96) খদম্‌দম্‌ (খৰখেদা) : বৰ-যাত্ৰীসকল আহি পোৱাৰ লগে লগেই কন্যাঘৰীয়াসকলে সোধ-পোছ কৰাত খদম্‌দম্‌ লগাই দিলে।


(97) খণ্ড-পুষ্প (খৰতকীয়া) : মানুহজন এইবোৰ কামত বৰ খণ্ড-পুষ্প।


(98) গছত তুলি গুৰি কটা (আগেয়ে উৎসাহ দিপিছত ঠগোৱা) : কাকো গছত তুলি গুৰি কটা উচিত নহয়।


(99) গাখীৰতে ম'হৰ খুঁটি (মহা সুখ) : এনেয়ে তোৰ ধন থ'বলৈ ঠাই নাই; এতিয়া দুটাকৈ ল'ৰাই ডাক্তৰি পাছ কৰিলে যেতিয়া তোৰ গাখীৰতে ম'হৰ খুঁটি হৈছে।


(100) গেলাত টেঙা দিয়া (কষ্টতে বেছি কষ্ট দিয়া) : হেৰৌ! হালৰ গৰুটো মৰাতে কি বিপদত পৰিছো, দেখিছই; আকৌ টকা ধাৰে বিচাৰি গেলাত টেঙা দিয়া নে?


(101) গা চাই গামোচা (যথাযোগ্য বস্তু) : এৰা, গা চাইহে গামোচা! কাপোৰযোৰে তোমাক ধুনীয়া লাগিছে।


(102) গাত জুই জ্বলা (বৰকৈ উত্তেজিত হোৱা) : অতডৰা ধান গৰুৱে খোৱা দেখিয়েই গাত জুই জ্বলি আছে; তই আকৌ আহিছ পেংলাই কৰিবলৈ?


(103) গা ধন (কন্যাৰ বাবে দৰাৰপৰা লোৱা ধন) : হেৰা, হেৰা, বেছি কথা নক'বা দেই; তুমিও নগদ দুহেজাৰ গা ধন লৈহে জীয়েৰাক বিয়া দিছিলা।


(104) গা বাজ (চেতনা আহ) : এতিয়াহে মোৰ গা বাজিছে; সামান্য কামটোতে এহাজাৰ টকা ভৰণি হ'ল দিয়া।


(105) গাজত লগা (মনত লাগি যোৱা) : হেৰা বায়ন, এনে গাজত লগাই লগাই কথা নক'বা দেই; কথা বেয়া হ'ব।


(106) গোকাট (অতি বেয়া) : স্বাৰ্থ সিদ্ধিৰ কাৰণে হ'লেও, এনে গোকাট মিছা কথা ক'ব নাপায় দেই।


(107) গিৰিসাই (তত্‍ক্ষণাত্‍) : "ৰাতিপুৱা হ'ল উঠা সোণ ফেৰি

                                             উঠা গিৰিসাই ঢাৰি-পাটী এৰি।"


(108) গেলা গপ (মূল্যহীন অহংকাৰ) : সি নতুন ধনী হৈছে নহয়, এনে গেলা গপ ঔ। ওলাই মাতষাৰকে নিদিলে।


(109) গেৰেউ-গেথেউ (সৰহকৈ বা অময়ত খাই গা গধুৰ হোৱা) : অসয়মত ভাত খাই গাটো বৰ গেৰেউ গেথেউ লাগিছে।


(110) গেজেৰা মৰা (কেটেৰা-জেঙেৰা কৰা) : আজি দুদিনমানৰপৰা তেওঁচোন মোক গেজেৰা মাৰিহে কথা কয়! কি হৈছে জানো?


(111) গোট গৰু (মূৰ্খ) : তোৰ দৰে গোট গৰু এটাক মই তৃণ হেনো জ্ঞান নকৰো।


(112) গুটিদিয়েক (দুই-এটা) : মনত জাগি উঠা গুটিদিয়েক চিন্তাই কিতাপখনত ঠাই পাইছে।


(113) গোটাচেৰেক (দুই-চাৰিটা) : চেপাত মাছ লাগিছে যদি গোটাচেৰেক দি যাবাচোন।


(114) গজ্‌পুৰীয়া ভেম (মিছা ভেম, মূল্যহীন ভেম) : তুমি নেতা হৈছা, গজ্‌ পুৰীয়া ভেমটো তোমাৰ ওচৰত থাকিব; আমাৰ ওচৰত নচলিব দেই।


(115) ঘমঘণ্ট (গণ্ডগোল, গোলমাল, হুলস্থূল) : সিদিনা হঠাতে ক'ৰপৰা জানো বলিয়া হাতী এটা ওলাই গাঁওখনত ঘনঘণ্ট লগাই দিলে।

 

(116) ঘাইশাক মৰলীয়া (প্ৰধান বস্তু, আচল বস্তু) : গদা পৰ্ব ভাওনা কৰিব খুজিছ হয়, পিচে ঘাইশাক মৰলীয়া ভীমৰ ভাও লোৱা মানুহটোৱেই নাই।


(117) ঘাট-মাউৰা (মাক-বাপেক মৰি আশ্ৰয়হীন হোৱা) : ঘাট-মাউৰা ল'ৰা-ছোৱালীহালক তোমালোকেই অলপ চোৱা।


(118) ঘাৰ মোচৰা খা (ডিঙি পাক খা) : শেলুৱৈ ধৰা চোতালখনত ঘাৰ মোচৰা খাই পৰি সি বৰ কষ্ট পালে।


(119) ঘুনুক-ঘানাক (অলপকৈ শুনা, অনিশ্চিতভাৱে শুনা) : ঘুনুক-ঘানাককৈ শুনিলো বোলে আজি আমাৰ গাঁৱলৈ মন্ত্ৰী আহিব, হয় নে?


(120) ঘিট্‌ধিটনি (বহু লোক বা জন্তুৰ সংগম) : গাঁওখনত দিনে দিনে চোৰৰ ঘিট্‌ঘিটনি বাঢ়িহে গৈছেচোন।


(121) ঘিট্‌মিট্‌ (ঘোৰ আন্ধাৰ) : আঁউসীৰ ঘিট্‌মিট্‌ আন্ধাৰত বাট পথ একোকে মনিব পৰা নাই।


(122) চকুৱেদি সৰিয়হ ফুল দেখা (অতি মাৰ খোৱা, বৰ জুলুমত পৰা) : ওপৰা-উপৰি বিপদত পৰি চকুৱেদি সৰিয়হ ফুল দেখি গৈছো।


(123) চুক-ভেকুলী (একো নজনা) : তহঁতৰ নিচিনা চুক-ভেকুলীয়ে সংসাৰত কি ঘটিছে খবৰ পাৱ নে?


(124) চুঙাৰ বাদুলি (অনভিজ্ঞ মানুহ) : এতিয়াও তহঁত চুঙাৰ বাদুলি হৈয়ে আছ; তহঁতক নঠগি কাক ঠগিব?


(125) চৰাইৰ কাণে পহুৰ কাণে শুনা (উৰা-বাতৰিস্বৰূপে শুনা) : চৰাইৰ কাণে পহুৰ কাণে শুনা বাতৰিটোতে ইমান ব্যাকুল নহ'বাচোন।


(126) চিকুটি লাউ বুঢ়া কৰ (শত্ৰুক সজাগ কৰ) : সিহঁতে তোক বিপদত পেলাবলৈ সদায় ছল চাই আছে; আজি সিহঁতৰ হাঁহটো কোবাই মাৰি চিকুটি লাউ বুঢ়াহে কৰিলি। এতিয়া ক'ত সুখেৰে এৰিব?


(127) চিলিম ছিগ (উপায় নাশ হ) : দা-খনকে ধৰি হাজিৰা কৰি কোনোমতে খাই আছিলো; দা-খনকে হেৰুৱাই মোৰ চিলিম ছিগিল বোপাই।


(128) চিকা-চন্দা (ভাল-বেয়া বিচাৰ কৰি খোৱা) : খোৱা-বোৱাত সি যিহে চিকা-চন্দা; ক'ত তাৰ স্বাস্থ্য ভাল হ'ব।


(129) চাউল উঠ (জীৱিকাৰ উপায় নাইকিয়া হ) : বানপানীয়ে বছৰে বছৰে যি হে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, তালৈ চাই ইয়াত আমাৰ চাউল উঠিল যেনেহে পাওঁ।


(130) *চাউল মৰ (জীৱিকাৰ উপায় নাইকিয়া হ) : ৰাইজক ঠগি খোৱাৰ কাৰণেই গাঁৱত তোৰ চাউল মৰিল।


(131) চাউল উকলা, চাউল টুটা (আয়ুস কমা, শেষ-হোৱা) : বোপাইহঁত! সংসাৰত মোৰ চাউল উকলি (টুটি) আহিছে। তহঁতেই ঘৰৰ দায়িত্ব ল'বৰ হ'ল।


(১) চকুৰ কুটা (অপ্ৰিয় শত্ৰু) : এনে ধুনীয়া ল'ৰাটি বেচেৰা। অথচ মাহী মাকৰ মনত সি চকুৰ কুটা।

(২) চকু কপালত উঠা (আঁচৰিত হোৱা) : পুতেকৰ এনে অসভ্য আঁচৰণ দেখি মাকৰ চকু কপালত উঠিল।

(৩) আকাশী সৰগ ভাগি পৰ (হঠাত্‍ হোৱা বিপদ) : দেউতাকৰ মৃত্যুৰ খবৰ পাই জীয়েক তৰাৰ মূৰত আকাশী সৰগ ভাগি পৰিল।

(৪) অমৃতত বিহ ঢলা (কামত বাধা দিয়া) : গাঁওখনৰ প্ৰত্যেকটো শুভ কামতে নন্দুৱে অমৃতত বিহ ঢালে।

(৫) গা গধুৰ (এলেহুৱা) : তেওঁ গা গধুৰ মানুহ সেয়েহে অলপ আগতীয়াকৈ সভালৈ আহিবলৈ কৈ দিবা।

(৭) ডলাৰ বগৰী (থান-থিত নোহোৱা) : দেউতাকক মৃত্যুৰ পিছত ৰমেশে ডলাৰ বগৰী হৈ ঘূৰি ফুৰিছে।

(৮) গা এৰা দে (সম্পৰ্ক এৰা) : বিপদত গা এৰা দিয়া বন্ধু কেতিয়াও প্ৰকৃত বন্ধু হ'ব নোৱাৰে।

(৯) জাতক জিলিকা (দেখনিয়াৰ/শ্ৰেষ্ঠ) : ৰাজুৰ কইনাজনী বিয়াঘৰত জাকত জিলিকা হৈ আছে।

(১০) হাতটান (কৃপণ) : সৰু চাকৰিটোৰে দৰমহানো পাইছিলোঁ কিমান হাতটানকৈ চলিছিলোঁ বাবেহে এই এগাল ল'ৰা-ছোৱালীক পোহ-পাল দিব পাৰিলোঁ।

(১১) হাই-উৰুমি (হৈ-চৈ) : বিয়াঘৰত বৰ হাই-উৰুমিৰ সৃষ্টি হয়।

(১২) বিনা মেঘে বজ্রপাত (আকস্মিক বিপদ) : একমাত্র পুত্ৰৰ মৃত্যুৰ সংবাদটো ৰমলাৰ মূৰত বিহীন মেঘে বজ্রপাত পৰাৰ নিচিনা হ'ল।

(১৩) আওকাণ কৰ (মন নিদিয়া) : মিলনে পঢ়া-শুনাৰ প্ৰতি আওকাণ কৰাৰ বাবে পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব নোৱাৰিলে।

(১৪) উটি-বুৰি ফুৰ (থান-থিত নোহোৱা) : মাউৰত নাক-বাপেক ঢুকালে ল'ৰা ছোৱালী হালে উটি বুৰি ফুৰিব ধৰিলে।

(১৫) উহোৱা-জৱৰা (শুদা পানীত সিজোবা শাক-পাচলি) : পেট-বেমাৰী মানুহে উহোৱা জৱৰা খোৱা ভাল।

(১৬) মূৰ দোৱা (সেৱা জনোৱা) : অৱশেষত জগতে ৰাইজৰ ওচৰত মূৰ দোৱালে।

(১৭) সাত ঘাটৰ চেঙেলী (অতি চতুৰ বৃদ্ধিৰ) : ৰজনীৰ জীয়েকজনী সাতঘাটৰ চেঙেলী বুলি সকলোৱে জানে।

(১৮) চকুৱে সৰিয়হ ফুল দেখা (আকস্মিক দুর্যোগত বিচূর্তি খোৱা) : বাৰিষা বৰনৈৰ খহনীয়াত ভূঁইমাটিডৰা সমূলি নাশ হোৱাত ৰহিমে চকুৱে সৰিয়হ ফুল দেখা দি দেখিছিল।

(১৯) কাণ কটা (লাজত পেলোৱা) : যদুৰ হাতলৰ স্বভাৱে তাৰ পৰিয়ালটোৰো কাণ কটা অৱস্থা কৰিলে।

(২০) হাড়ক মাটি কৰা (কঠোৰ পৰিশ্ৰম কৰা) : ৰিয়াই হাড়ক মাটি কৰি খেতিখন কৰিলে; কিন্তু বানপানীত সকলো নষ্ট হ’ল।

(২১) বাটে পোৱালি মেলা (বিবুদ্ধিত পৰা) : শিক্ষকৰ কথাক গুৰুত্ব নিদি পৰীক্ষাৰ দিনাখন ৰহিমৰ বাটে পোৱালি মেলা অৱস্থা হ'ল। HSLC-2021 (Spl.)

(২২) গঢ়ে-পিটে (আকাৰে-প্ৰকাৰে) : তেওঁ গঢ়ে-পিটে মহাত্মা গান্ধীৰ দৰে।

(২৩) অচিন কাঠৰ থোৰা (ভালদৰে নজনাকৈ বিশ্বাস কৰা) : অচিন কাঠৰ থোৰা লগোৱা মানুহে য'তে-ত'তে গঠ-প্ৰৱঞ্চনাৰ বলি হয়।

(২৪) গাই-বাই চা (কোনো কাম কৰিবলৈ যত্ন কৰা) : ল’ৰাটোৰ স্বভাৱ ভাল কৰিবলৈ বাপেকে তাক গাই-বাই চালে, কিন্তু কোনো ফল নধৰিলে।

(২৫) পোহাৰি চুপতি (মূল্যহীন কথা) : ঘৰসংসাৰ পতাৰ পিছতো ৰাহুলৰ পোহাৰি চুপতি মৰা স্বভাৱটো নকমিল।

(২৬) ঘুপছুপীয়া (একোকে নেদেখা) : ৰান্ধনি-ঘৰবোৰ ঘুপঘুপীয়া আন্ধাৰ হ’ব নালাগে।

(২৭) বিৰ দি বাট নোপোৱা (অজস্র লোকৰ সমাগম) : ৰাতিপুৱাৰ সময়খিনিত বজাৰখনত সদায়েই বিৰ দি বাট নোপোৱা অৱস্থা হয়।

(২৮) হাড়ত বন গজা (মৃত্যু হোৱা) : এদিনৰ জ্বৰতে নগেনৰ মাকৰ হাড়ত বন গজিল।

(৩০) চৰাচৰ গুৰু (জগতৰ গুৰু) : ভগৱান চৰাচৰ গুৰু।

(৩১) ভেকুলীৰ পিঠিত নোম গজা (অসম্ভৱ কাৰ্য) : ৰাজীৱৰ ভেকুলীৰ পিঠিত নোম গজা কথা শুনি সকলোৱে হাঁহিলে, পেটৰ ভাতমুঠিৰ যোগাৰ নাই, গাড়ী কিনাৰ কথা ভাবে।

(৩২) জল্‌জল্‌-পট্‌পট্ (স্পষ্ট) : অংকটোৰ উত্তৰ জল্‌জল্‌-পট্‌পট্‌কৈ ওলাই আছে।

(৩৩) চুচুক-চামাক (আশংকা) : চোৰে পুলিচৰ ওচৰত সদায় চুচুক-চামাক কৰে।

(৩৪) চুপতা-চুপতি (এজনে আনজনক ইতিকিং কৰা) : শ্ৰেণীত ছাত্ৰই চুপতা-চুপতি কৰিব নাপায়।

(৩৫) ছেদেলি-ভেদেলি (ছেৰেলি-বেৰেলি) : শৰাইঘাটৰ যুদ্ধত মোগল সৈন্য ছেদেলি-ভেদেলি হৈছিল।

(৩৬) জাত চাই কঠীয়া (বাপেক-মাক চাই ল’ৰা) : লাচিত বৰফুকন জাত চাই কঠীয়া আছিল।

(৩৭) জাৰি-জোকাৰি (ভালদৰে চাই) : কোনো কাম হাতত লোৱাৰ আগতে জাৰি-জোকাৰি চাব লাগে।

(৩৮) টুপাই বুৰ মাৰ (একেবাৰে মিছা কোৱা) : টুপাই বুৰ মৰা মানুহ সমাজত অপ্ৰিয় হয়।

(৩৯) ডোম চোৰ (অঘাইতং চোৰ) : ডোম চোৰৰ ওপৰত পুলিচৰ সদায় চকু।

(৪০) ঢোলৰ লগৰ টেমেকা (ডাঙৰ মানুহৰ লগত ফুৰা সামান্য মানুহ) : আজি-কালি সমাজত ঢোলৰ লগত টেমেকা বহুত ওলাইছে।

(৪১) ঢোলে দগৰে (ধুমধাম কৰি) : আজি-কালি ঢোলে-দগৰে বিয়া কৰোৱা মানুহ কমিল।

(৪২) ধোঁৱা-খুলীয়া (নিচাসক্ত) : ৰহিমাৰ ধোঁৱা-খুলীয়া স্বভাৱৰ বাবেই ল’ৰা-ছোৱালী কেইটাও অবাটে গ'ল।

(৪৩) তিনি গোধূলি (একেবাৰে সন্ধিয়া) : তিনি গোধূলিলৈকে ছাত্রই বাহিৰত ঘূৰি ফুৰা বেয়া।

(৪৪) তিনিমুনি বাট (তিনিটা বাট লগ হোৱা ঠাই) : তিনিমুনি বাটত আগ-পিছ চাই খোজ কাঢ়িব লাগে।

(৪৫) থুনুক-থানাক (অস্পষ্ট মতে) : শিশুৰ থুনুক-থানাক মাত বৰ ভাল লাগে।

(৪৬) দোধোৰ-মোধোৰ (থিৰাং নোহোৱা) : উপায়হীন হৈ তেওঁ দেধোৰ-মোধোৰত পৰিছে।

(৪৭) দাতা কর্ণ (মহা দানী মানুহ) : দুইহাতে দান কৰা বাবে লোকে তেওঁক দাতা কৰ্ণ বুলিছিল।

(৪৮) দুখে কুলাই-পাচিয়ে নধৰা (মহা দুখ) : যোৱাবাৰ বানপানীত ধুবুৰীৰ মানুহৰ দুখ কুলাই-পাচিয়ে নধৰা হৈছিল।

(৪৯) ধোদৰ-পচলা (অকামিলা) : ধোদৰ-পচলা মানুহ সমাজৰ আৱৰ্জনা স্বৰূপ।

(৫০) পানীৰ তলৰ কাঁইট (অজ্ঞাত শত্রু) : পানীৰ তলৰ কাঁইটে মানুহৰ জীৱনত বহুতো অঘটন ঘটায়।

(৫১) পুলক-পালাক (কামৰপৰা গা এৰি দিয়া) : পুলক-পালাককৈ ফুৰা মানুহৰ কোনো উন্নতি নহয়।

(৫২) পেট কপটীয়া (পেটৰ কথা ভাঙি নোকোৱা মানুহ) : পেট-কপটীয়া মানুহক কোনোৱে ভাল নাপায়।

(৫৩) কাণসাৰ দে (মনোযোগ দে) : সজ কথাৰ প্রতি সকলোৱে কাণসাৰ দিয়া উচিত।

(৫৪) বিধিৰ লিখন (ভাগ্য) : বিধিৰ লিখন কোনোৱে এৰাব নোৱাৰে।

(৫৫) বগলী ভকত (ভিতৰি দুষ্ট বাহিৰত শান্ত) : বগলী ভকতৰ দৰে মানুহৰ দ্বাৰা দেশৰ অনিষ্ট হোৱাৰ আশংকা থাকে।

(৫৬) মূধা-ফুটা (উচ্চপদস্থ, জাকত জিলিকা) : মূধা-ফুটা ব্যক্তিসকলে দেশৰ কামত আগ ভাগ ল'ব লাগে।

(৫৭) যাউতিযুগীয়া (চিৰস্থায়ী) : তাজমহল পৃথিৱীৰ এটি যাউতিযুগীয়া সৌধ।

(৫৮) শহাকণীয়া (সদায় সতর্ক হোৱা) : শহাকণীয়া মানুহ সহজতে বিপদত নপৰে।

(৬০) আই ধৰ বাই ধৰ (নিৰুপায় হোৱা অৱস্থা) : বিপদত পৰিলে আই ধৰবাই ধৰনকৰি ধৈর্য ধৰা উচিত।

(৬২) আঁজোৰ-পিজোৰ (টনা-আঁজোৰা) : সিহঁতৰ আঁজোৰ-পিজোৰত মূৰকত কাপোৰখনহে ফাটিল গৈ।

(৬৪) আঁৰ-বেৰ (আবুৰ) : অসমীয়া তিৰোতাই আঁৰবেৰৰ মাজত থাকি ভাল পায়।

(৬৫) আকালৰ ভাত (মহা বিপদৰ সময়ত পোৱা সহায়) : আকাল ভাত দিওঁতাজনেই প্রকৃত বন্ধু।

(৬৬) আদব-কায়দা (কৌশল) : হাবিত হাতী ধৰাৰ কিছুমান বিশেষ আদব-কায়দা আছে।

(৬৭) আৰণি পুৰণি (অতি-প্রাচীন) : যাদুঘৰত আৰণি পুৰণি বস্তুবোৰ সমতলে খা হয়।

(৬৮) আলিমূলি (আউল লগা) : আলিমুলি লগা তাতখন ববলৈ টান।

(৭২) উচ-পিচনি (উচ-পিচ কৰা কাৰ্য) : মেলত ভালেমান পলম হোত ঘৰলৈ যাবলৈ তেওঁৰ উচ-পিচনি লাগিল।

(৭৩) ঘৰ গোনা (সদায় ঘৰত থকা) : অসমীয়া মানুহক তেওঁলোকৰ উন্নতিত ঘৰ গোনা স্বভাৱে বাধা দি আহিছে।

(৭৪) চকু মূদ (মৃত্যু হোৱা) : বহুদিন বিছনাতে পৰি থাকি অৱশেষত ৰমেশ্বৰ দেউতাকে চকু মুদিলে।

(৭৫) মুখৰ ছাই গুচা (মৃতকৰ শৰাধ কৰি শুচি হ) : নিথৰুৱা ল'ৰাটোৱে বাপেকৰ মুখৰ ছাই গুচাব কিদৰে তাকে ভাবি বিবুধিত পৰিছে।

(৭৬) চকু দিয়া (মন কৰা) : ল'ৰাটি আপোনাকে গতালোঁ, অলপ চকু দিব দেই।

(৭৭) কলপ-জলপকৈ (বৰ কষ্টেৰে) : দুখীয়া মানুহে কলপ-জলপকৈ দিন নিয়াৰ লগা হয়।

(৭৮) অহৌ হৌৱা (পেটত কথা ৰাখিব নোৱাৰা) : গোপন কথা অহৌ হৌৱা মানুহৰ আগত ক'লে বিপদহে হয়।

(৭৯) কান-সমনীয়া (সমান ওখ) : কান-সমনীয়া বৰপোৰ মৃত্যুত মানুহজন বলিয়া যেন হ'ল।

(৮০) গা ঘেলাই ফুৰা (কাম-বন নকৰি ধুন মাৰি ফুৰা) : গা ঘেলাই ফুৰা মানুহে উন্নতি কৰিব নোৱাৰে।

(৮১) খোলা-খুলি (স্পষ্ট) : খোলা-খুলিকৈ কথা কোৱা মানুহক সকলোৱে ভাল পায়।

(৮৩) ঘোপা চকুৱা (দকৈ বহা চকু) : ঘোপা চকুৱা মানুহ দেখিবলৈ বৰ অশুৱনি।

(৮৪) চকু মুদা কুলি (ফাকি দি খোৱা মানুহ) : চকু মুদা কুলিয়ে জীৱনত উন্নতি কৰিব নোৱাৰে।

(৮৫) চাব দি ধৰ (এনেয়ে দোষী সাব্যস্ত কৰ) : পুলিচে কেতিয়াবা মানুহক চাব দি ধৰি আচল চোৰক উলিয়াই লয়।

(৮৬) তৰা-নৰা-ছিঙি (বৰ বেগাই) : খাই উঠিয়ে তৰা-নৰা ছিঙি লৰ মৰা বেয়া।

(৮৭) সাতামপুৰুষীয়া (পুৰণিকলীয়া ৰীতি) : আহোমসকলৰ চকলং পাতি বিয়া কৰোৱা এটা সাতামপুৰুষীয়া ৰীতি।

(৮৮) কলা ঘুমটি (চিলমিলীয়া টোপনি) : কলা ঘুমটি থকা মনুহে --- পায়।

(৮৯) কাণে-কাণ মাৰি (টনাটনি) : শিক্ষান্ত পৰ ---ওপৰ মহলাত ভর্তি হোৱা।

(৯০) চকুৰ পুতলা (অতি আদৰৰ) : সন্তান যিমানে দুষ্ট নহওক তথাপি মাকৰ মনত সি চকুৰ পুতলা।


সৌ:- ৰচনা বিচিত্ৰ (ধৰ্ম্ম সিংহ ডেকা)


HS Second year Assamese Grammar । অসমীয়া ব্যাকৰণ

1. অসমীয়াত প্ৰত্যয় শব্দ । Assamese suffix words

2. অসমীয়াত প্ৰত্যয়  ভাঙা । Pratyay Bhanga in Assamese

3. অসমীয়াত বাক্য ৰচনা কৰা । Make sentence in Assamese fully solved

5. বিশেষ শব্দৰ বাক্য ৰচনা । Make sentence of Assamese words

6. অসমীয়া জতুৱা খণ্ডবাক্য | Jatuwa Word in Assamese । Phrase & Idioms

7. অসমীয়াত প্ৰত্যয় মানে কি?

8. কৃত্‍ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কি?

9. পুৰুষবাচক প্ৰত্যয় কি?

10. স্ত্ৰী প্ৰত্যয় কি?

11. নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানে কি?

12. বিভক্তি কাক বোলে?

13. সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি

14. অসমীয়া ৰচনা । ASSAMESE ESSAY

15. অসমীয়া ৰচনা । ASSAMESE ESSAY 2


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
contact us (whatsapp no 7020477396) For free notes of HS 2nd year on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Advanced Assamese, Education, Economics, History.অসমীয়া ৰচনা । ASSAMESE ESSAY

Previous
Next Post »