-->

এটা শব্দত প্ৰকাশ কৰা । HSLC One word meaning in Assamese

 এটা শব্দত প্ৰকাশ কৰা । HSLC One word meaning in Assamese, Total 470 words

1) অ'ত ত'ত ঘুৰি ফুৰা লোক = অঘৰী

2) অশেষ মূল্য যাৰ = অমূল্য

3) আগে আগে গমন কৰে যি = অগ্ৰগামী

4) আঁঠুলৈ বৈ পৰা = আজানুলম্বিত

5) আনৰ দোষ দেখা স্বভাৱ = অসূয়া

6) আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ

7) আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ

8) ঈশ্বৰক বিশ্বাস কৰা লোক = আস্তিক

9) ঈশ্বৰক বিশ্বাস নকৰা লোক = নাস্তিক [HSLC-2015]

10) উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক = কৃতজ্ঞ

11) উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক = অকৃতজ্ঞ [HSLC-2016]

12) একে উদৰৰ পৰা বা একে মাকৰ পৰা জন্ম যাৰ = সহোদৰ, সহোদৰা [HSLC-2017]

13) একে গুৰুৰ শিষ্য = সতীৰ্থ, হৰিভকত [HSLC-2016]

14) একে মাকৰ সন্তান = সহোদৰ, সোদৰ

15) একে শ্ৰেণীতে পঢ়া = সহপাঠী [HSLC-2018]

16) একে সময়তে হোৱা = সমসাময়িক

17) একেজন গুৰুৰে শিষ্য = সতীৰ্থ

18) এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহোৱা তিৰোতা = কাকবন্ধ্যা, বিয়ৈবাঁজী, কাউৰ বাঁজী

19) এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ

20) এবাৰ গুটি লাগি মৰা গছ = ঔষধি [HSLC-2015]

21) এবাৰ ফল দি মৰা গছ = ঔষধি [HSLC-2015]

22) এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় = ঔষধি

23) ককাৰ দেউতাক = আজোককা

24) কানি খোৱা মানুহ = কানীয়া

25) কাপোৰ বব জনা তিৰোতা = শিপীনী

26) কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা

27) কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা

28) কাৰো নাম নোলোৱাকৈ দিয়া গালি = গুৱালগালি

29) কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী

30) কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কঁহাৰ

31) কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প

32) কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী

33) কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী

34) কঁঠালৰ সৰু কলি = মুচি

35) কথা কোৱাৰ যি ইচ্ছা = বিবক্ষা

36) কথাৰ লাগ-বান্ধ নথকা লোক = চেলেপু

37) কবিতা লেখা মানুহ = কবি

38) কবনলগীয়া কথা, যাক কব নোৱাৰি = অবাচ্য, অকথ্য

39) কৰিবলগীয়া কাম = কৰ্তব্য

40) খাবলৈ অনা সৰু কলপুলি = পচলা

41) খাৰণি সনা সৰিহৰ গুৰি = খাৰলি

42) খেলা ধুলা কৰা লোক = খেলুৱৈ

43) গাখীৰ, মিঠাই বেচা মানুহক = ?

44) গান গোৱা লোক = গায়ক

45) গাঁৱৰ মুখিয়াল ব্যক্তি = গাঁওবুঢ়া

46) গোচৰ তৰা মানুহ = গোচৰীয়া

47) গোটেই জীৱনজুৰি = আজীৱন

48) গধুলি চকুৰে নেদেখা মানুহ = কুকুৰিকণা

49) গৰু চৰোৱা লোক = গৰখীয়া

50) গৰু বন্ধা ঘৰ = গোহালি

51) গুৰি সৰিয়হেৰে কৰা খাদ্য = কাঁহুদি

52) গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা

53) ঘোঁৰা বন্ধা ঘৰ = অস্তাবল

54) ঘৰ নাই যাৰ = অঘৰী

55) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী

56) ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা

57) ঘৰৰ চালৰ পৰা পানী পৰা ঠাই = পানীপোতা

58) চিকিৎসা কৰা লোক = চিকিৎসক

59) চিঠি বিলাই ফুৰা মানুহ = পিয়ন

60) চেলেকি খোৱা বস্তু = লেহ্য

61) চোবাই খোৱা বস্তু = চৰ্ব্য

62) চুহি খোৱা বস্তু = চুষ্য

63) ছবি অঁকা মানুহ = চিত্ৰকাৰ

64) জুই ধৰি ৰখা ঠাই = জুহাল

65) জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য

66) জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ = ?

67) জন্তুৰ নিচিনা যি = জান্তব

68) জন্মৰ পৰা অন্ধ যি = জন্মান্ধ

69) জল আৰু স্থল উভয়তে চৰে যি = উভচৰ

70) যাক আগতে শুনা নাই = অশ্ৰুতপূৰ্ব

71) যাক কোনেও নাজানে = অখ্যাত, অজ্ঞাত

72) যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি = অনিৰ্বচনীয়

73) যাক কল্পনা কৰিব নোৱাৰি = অকল্পনাতীত

74) যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত

75) যাক গণনা কৰিব নোৱাৰি = অগণন

76) যাক দিব পৰা নাযায় = অদেয়

77) যাক দেখা নাযায় = অদৃশ্য

78) যাক নিধাৰণ কৰিব নোবাৰি = অনিবাৰ্য

79) যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ

80) যাক পাবলৈ টান = দুৰ্লভ

81) যাক পৰিহাৰ কৰিব নোৱাৰি = অপৰিহাৰ্য

82) যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য

83) যাক বুজিব পাৰি = বোধগম্য

84) যাক বধ কৰিব পৰা নাযায় = অবধ্য

85) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয়

86) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয়

87) যাক ভেদ কৰিব নোৱাৰে = অভেদ্য

88) যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য [HSLC-2018]

89) যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য

90) যাক শুনিব নোৱাৰি = অশ্ৰাব্য

91) যাক সকলোৱে জানে = বিখ্যাত

92) যাক সহজে পোৱা যায় = সুলভ

93) যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য

94) যাক সহজে লঙ্ঘন কৰিব নোৱাৰি = অলঙ্ঘ্য

95) যাক সহজে লাভ কৰা যায় = সুলভ

96) যাক সহজে লাভ কৰিব নোৱাৰি = দুৰ্লভ

97) যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ

98) যাক সহজতে লাভ কৰা যায় = সুলভ

99) যাৰ অন্ত নাই = অনন্ত

100) যাৰ আগত জন্ম = অগ্ৰজ

101) যাৰ আগমন আহ্বান কৰা হয় = স্বাগত

102) যাৰ আদি নাই = অনাদি

103) যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয়

104) যাৰ ঋণ আছে = ঋণী

105) যাৰ একো নাই = নিঃস্ব

106) যাৰ ওপৰত গোচৰ তৰে = পদকীয়া

107) যাৰ কোনো নাই = অনাথ

108) যাৰ কোনো শত্ৰু নাই (বা শত্ৰু জন্মা নাই = অজাতশত্ৰু

109) যাৰ কথাৰ লাগ বান্ধ নাই = লপা, চেলেপু

110) যাৰ কথাৰ সাঁচ নাই = লগা

111) যাৰ কুল আৰু শীল জনা নাযায় = অজ্ঞাতকুলশীল

112) যাৰ ঘৰ বাৰী নাই = অঘৰী

113) যাৰ জ্ঞান আছে = জ্ঞানী

114) যাৰ জন্ম নাই = অজ

115) যাৰ দুই হাত সমানে চলে = সব্যসাচী

116) যাৰ দয়া-মমতা নাই = নিৰ্দয় HSLC-2022

117) যাৰ ধাৰ আছে = ধাৰুৱা

118) যাৰ ধন আছে = ধনী

119) যাৰ ধৰ্মত মতি আছে = ধৰ্মপৰায়ণ

120) যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু

121) যাৰ নাম নাই = অনামা

122) যাৰ নাম নাই = অনামী

123) যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত = প্ৰাতঃস্মৰণীয় [HSLC-2019]

124) যাৰ পিছত জন্ম = অনুজ

125) যাৰ পিতৃ পৰিচয় নাই = জাৰজ

126) যাৰ পুত্ৰ নাই = অপুত্ৰক

127) যাৰ পূৰ্ব জন্মৰ কথা মনত আছে = জাতিস্মৰ

128) যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিষ্মৰ

129) যাৰ বিবেচনা শক্তি নাই = অবিবেচক

130) যাৰ বিয়া হৈছে = বিবাহিত

131) যাৰ বিয়া হোৱা নাই = অবিবাহিত;আবিয়ৈ

132) যাৰ ভয় আছে = ভয়াতুৰ

133) যাৰ মাক-দেউতাক নাই = মাউৰা

134) যাৰ মান আছে = মানী

135) যাৰ মৰো মৰো অৱস্থা = মূমূৰ্ষ

136) যাৰ মৰণ নাই = অমৰ [HSLC-2013]

137) যাৰ মূৰত চুলি নাই = তপা

138) যাৰ মূৰত চুলি নাই = তপা

139) যাৰ মূৰত চুলি নাই = তপামূৰ

140) যাৰ শত্ৰু নাই = অজাতশত্ৰু

141) যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ

142) যাৰ সাহস আছে = সাহসী

143) যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম

144) যাৰ সীমা আছে = সসীম

145) যাৰ সীমা নাই = অসীম

146) যাৰ সীমা নাই = অসীম

147) যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত

148) যাৰা অন্ত নাই = অনন্ত

149) যি অইন ফালে মন দিয়ে = অন্যমনস্ক

150) যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ, অঘৰী

151) যি অলপতে ভয় খায় = ভয়াতুৰ

152) যি অলপতে শুনে = শহাকণীয়া

153) যি আগেয়ে হোৱা নাই = অভূতপূৰ্ব

154) যি আগতে হৈছে বা ঘটিছে = ভূতপূৰ্ব

155) যি আগতে হোৱা নাই বা ঘটা নাই = অভূতপূৰ্ব

156) যি আনফালে মন দিয়ে = অন্যমনস্ক

157) যি আনৰ অধীন নহয় = স্বাধীন

158) যি আনৰ অধীন = পৰাধীন

159) যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল

160) যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে = ডকাইত

161) যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত

162) যি আনৰ মুখলৈ চাই থাকে = পৰমুখাপেক্ষী

163) যি আনৰ হিতৰ কথা ভাৱে = পৰহিতৈষী

164) যি আনলৈ মন দি থাকে = ?

165) যি ইন্দ্ৰিয় জয় কৰিব পাৰে = জিতেন্দ্ৰেয়

166) যি ইন্দ্ৰিয়ক দমন কৰিছে = জিতেন্দ্ৰিয়

167) যি ঈশ্বৰক বিশ্বাসী = আস্তিক

168) যি উপকাৰ কৰে = উপকাৰী

169) যি উপকাৰী উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ

170) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে = অকৃতজ্ঞ

171) যি এই লোকৰ নহয় = অলৌকিক

172) যি একেলগে পঢ়ে = সহপাঠী

173) যি একো নাজানে = অজ্ঞ

174) যি একো নাজানে = অজ্ঞ

175) যি এটা চকুৰে নেদেখে = কণা

176) যি কাম কাজত পাকৈত = কাজী

177) যি কাম কৰা উচিত = কৰ্তব্য

178) যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ

179) যি কাৰো পক্ষৰ বা ফলীয়া নহয় = নিৰপেক্ষ

180) যি কাৰো লগত মিলিব নোৱাৰে = অজীন-পাতকী

181) যি কেবল নিজৰ কথা ভাৱে = স্বাৰ্থপৰ, আপোনপেটা

182) যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য

183) যি কোনো পক্ষ নলয় = নিৰপেক্ষ

184) যি কণীৰ পৰা জন্মে = অণ্ডজ [HSLC-2016]

185) যি কথা কোৱা উচিত = বক্তব্য, বচনীয়

186) যি কথা কোৱা উচিত নহয় = অকথ্য [HSLC-2022]

187) যি কথা ক'ব জানে, কথা সজাই ক'ব পৰা লোক = কথাচহকী

188) যি কথা কব নোৱাৰে = মুক, বোবা

189) যি কথা জনা নাযায় = অজ্ঞাত

190) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য

191) যি কথা লগাই ফুৰে = খলুৱা

192) যি কথাৰ অৰ্থ নাই = নিৰৰ্থক

193) যি কথাৰ অৰ্থ নাই = অৰ্থহীন, নিৰৰ্থক [HSLC-2015]

194) যি কম কথা কয় = মিতভাষী

195) যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি

196) যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে = কিংকৰ্তব্যবিমূঢ়

197) যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু

198) যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ

199) যি খুজি মাগি খায় = খোজনীয়া, মগনিয়া

200) যি গাঁৱত থাকে = গাঁৱলীয়া

201) যি গোচৰ তৰে = গুচৰীয়া

202) যি গোচৰ তৰে = গুচৰীয়া

203) যি গোন্ধ ভাল = সুগন্ধ

204) যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী

205) যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী

206) যি গৰু ম'হৰ গাড়ী চলায় = গাড়োৱান

207) যি গৰমো নহয় ঠাণ্ডাও নহয় = কুহুমীয়া

208) যি ঘৰত ওপজে = ঘৰ-ওপজা

209) যি ঘৰত ধান থয় = ভঁৰাল

210) যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু

211) যি জানিবলৈ ইচ্ছা কৰে = জিজ্ঞাসু

212) যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ

213) যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য - সম্ৰাট

214) যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী

215) যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ

216) যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী

217) যি জন্ম হয় মৃত্যু বৰণ কৰে = ?

218) যি জলত চৰে = জলচৰ

219) যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট

220) যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য

221) যি ঠাইত অতি ঠাণ্ডাও নহয়, গৰমো নহয় = নাতিশীতোষ্ণ

222) যি ঠাইত পূজা কৰা হয় = ?

223) যি ঠাইত মানুহ নাই = জনশূন্য

224) যি ঠাইলৈ সহজে যাব পাৰি = সুগম

225) যি তিনিও কালৰ কথা জানে = ত্ৰিকালজ্ঞ

226) যি তিৰোতাই ধান দায় = দাৱনী

227) যি তিৰোতাই ধান ৰোৱেই = ৰোৱনী

228) যি তিৰোতাৰ গিৰিয়েক আছে = সাধৱা

229) যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা

230) যি তিৰোতাৰ সন্তান জন্ম নাপায় = বন্ধ্যা (কাঠ-বাঁজী)

231) যি দুই হাত সমানে চলাব পাৰে = সব্যসাচী

232) যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে = একাহাৰী

233) যি দিনত নেদেখে = দিনকণা

234) যি ধন খৰচ নকৰে = কৃপণ

235) যি নগৰত থাকে = নগৰীয়া

236) যি নানা অভাৱত থাকে = অভাৱী

237) যি নাৰীৰ স্বামী মৰিছে = বিধৱা

238) যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য

239) যি নিজে নিজে হয় = স্বয়ম্ভু

240) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে = আত্মনিৰ্ভৰশীল, স্বাৱলম্বী

241) যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ

242) যি নিশা চৰে = নিশাচৰ

243) যি নিয়মমতে খৰচ কৰে = মিতব্যয়ী

244) যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী

245) যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট   HSLC-2021 (Spl.)

246) যি পুৰি নাযায় = অদাহ্য

247) যি পৰিণাম চিন্তা কৰি কাম কৰে = পৰিণামদৰ্শী

248) যি পৰৰ ঠাইত বাস পৰে = প্ৰবাসী

249) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ

250) যি পুৰুষে বিয়া কৰোৱা নাই = অকিঞ্চন

251) যি পুৰুষৰ ঘৈণীয়েক মৰিছে = বৰলা

252) যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা, বিপত্নীক

253) যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া

254) যি ফল কেঁচাও নহয় পকাও নহয় = ডহেচীয়া

255) যি বাহ বেতৰ কাম কৰে = ?

256) যি বাঢ়িবলৈ ধৰে = বৰ্ধিষ্ণু

257) যি বিদেশত থাকে / যি বিদেশত বাস কৰে = প্ৰবাসী / বিদেশী

258) যি বিদ্যালাভ কৰিছে = কৃতবিদ্য

259) যি বিধিসন্মত = বৈধ

260) যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন

261) যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ

262) বিষ্ণুৰ ভকত যি তেওঁ = বৈষ্ণৱ [HSLC-2017]

263) যি বতৰ শীতো নহয় উষ্ণও নহয় = নাতিশীতোষ্ণ

264) যি বনত ওপজে = বনজ

265) যি বস্তু দিব পৰা নাযায় = ?

266) যি বহুত কথা কয় = বহুবল্কী

267) যি ভাষাত পাৰ্গত = ভাষাবিদ্

268) যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী

269) যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী

270) যি ভয় নকৰে = নিৰ্ভীক

271) যি মাছ-মাংস খায় = আমিষাহাৰী

272) যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী

273) যি মাটি ফুটি ওলায় = উদ্ভিদ

274) যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা

275) যি মাটিত সাৰ নাই = অসাৰুৱা

276) যি মাটিৰ উৎপাদিকা শক্তি নাই = অনুৰ্বৰ

277) যি মাটিৰে নিৰ্মান = মৃন্ময়

278) যি মাতৃৰ এটি মাত্ৰ সন্তান = কাকবন্ধ্যা

279) যি মিছা কথা কয় = মিছলীয়া

280) যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু

281) যি ৰাতি চৰে = নিশাচৰ

282) যি ৰাতি নেদেখে = কুকুৰীকণা

283) যি ৰাতি ফুলে = ?

284) যি ৰণত মতলীয়া = ৰণমত্ত

285) যি শক্তিক উপাসনা কৰে = শাক্ত

286) যি শক্তিক পূজা কৰে = শাক্ত

287) যি শিৱক পূজা কৰে = শৈৱ

288) যি শত্ৰুক বধ কৰে = শত্ৰুঘ্ন

289) যি শুনাও নাপায়, কথাও ক'ব নোৱাৰে = মুকবধিৰ

290) যি সংকল্প কৰিছে = কৃতসংকল্প

291) যি সকলে নাও বায় = নাৱৰীয়া

292) যি সকলো জানে = সৰ্বজ্ঞ, সৰ্বজান

293) যি সকলো জানে = সৰ্বজ্ঞ

294) যি সকলোৰে মাজত প্ৰিয় = লোকপ্ৰিয়

295) যি সঁচা কথা কয় = সত্যবাদী

296) যি সঁচা কথা কয় = সত্যবাদী

297) যি স্থলত চৰে = স্থলচৰ

298) যি সমাপ্ত হোৱা নাই = অসমাপ্ত

299) যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ

300) যি সহজে জীণ নাযায় = অজীৰ্ণ, গুৰুপাকী

301) যি সহ্য কৰিব পাৰে = সহিষ্ণু

302) যি সহ্য কৰিব পাৰে = সহনশীল

303) যি হিচাপমতে নচলে = বেহিচাপী

304) যিজনে ইন্দিয় জয় কৰিব পাৰে = জিতেন্দ্ৰিয়

305) যিজনে দূৰলৈ দেখে = দূৰদৰ্শী

306) যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে = অবিবেচক

307) যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে = দূৰদৰ্শী

308) যিটো সুধিবলগীয়া = জিজ্ঞাস্য

309) যিয়ে ঈশ্বৰক বিশ্বাস কৰে = আস্তিক

310) যোৱাৰ উচিত বা যোগ্য = গন্তব্য, গমনীয়

311) য'ত বহুতো ল'ৰা - ছোৱালীয়ে পঢ়ে = পঢ়াশালী

312) য'ত কোনো মানুহ নাই = জনশূন্য

313) য'ত কোনো মানুহ নাই = নিৰ্জন

314) য'ত যাব নোৱাৰি = দুৰ্গম

315) য'ত যাব পাৰি = সুগম

316) যত মানুহ বেছি = জন-বহুল

317) য'লৈ যোৱা কষ্টসাধ্য = দুৰ্গম

318) য'লৈ যোৱা টান = দুৰ্গম

319) ঠেং নথকা ভেকুলীৰ পোৱালি । ঠেং নোহোৱা ভেকুলী পোৱালি = লালুকী

320) তাৱৈৰ ঘৈণীয়েক = আমৈ

321) তাৱৈৰ ঘৈণীয়েক = আমৈ

322) দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা

323) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী, দোৰাহী

324) দাঁত ওলোৱা হাতী = দঁতাল

325) দাঁত ওলোৱা হাতী = দঁতাল

326) দীৰ্ঘকাল জীয়াই থকা = দীৰ্ঘজীৱী

327) দেউতাকৰসখিয়েক = তাৱৈ

328) দেউতাৰ ভনীয়েক = পেহী

329) দেউতাৰ ভনীয়েক = পেহী

330) দেৱতাৰ গুণ সমৃদ্ধ = দৈৱীয়

331) দেশক ভাল পোৱা মানুহ = দেশভক্ত

332) দেশক ভাল পোৱা মানুহ = দেশভক্ত, দেশপ্ৰেমিক

333) দেশৰ অপকাৰ কৰা মানুহ = দেশদ্ৰোহী

334) দেশৰ বাবে মৃত্যুবৰণ কৰা লোক = শ্বহীদ

335) দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ = দেশকৰ্মী

336) দুটা মাহৰ মাজৰ দিন = দোমাহী, সংক্ৰান্তি

337) দৰমহা নোলোৱাকৈ কাম কৰা মানুহ = অবৈতনিক

338) দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক

339) দুয়োটা চকুৰে নেদেখা লোক = অন্ধ

340) ধান খেতি কৰা ঠাই = ধাননি

341) ধান থোৱা ঘৰ = ভঁৰাল

342) ধান থোৱা ঠাই = ভঁৰাল

343) ধান দোৱা তিৰোতা = দাৱনী

344) ধান ৰোৱা তিৰোতা = ৰোৱনী

345) ধানৰ বাকলি = তুঁহ

346) ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন = ?

347) ধৰ্মলৈ ভয় যাৰ = ধৰ্মভীৰু

348) নাও বনোৱা মানুহ = ?

349) নাটক লিখা মানুহ = নাট্যকাৰ

350) নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ

351) নাম গোৱা তিৰোতা = নামতী

352) নাম নিদিয়াকৈ দিয়া = বেনামী

353) নাম নধৰাকৈ দিয়া গালি = গুৱালগালি

354) নিজে নিজে হোৱা = স্বয়ম্ভূ

355) নিজৰ ওপজা ঠাই = জন্মভূমি

356) নিজৰ ওপৰত যি নিৰ্ভৰ কৰে = স্বাৱলম্বী, আত্মনিৰ্ভৰশীল

357) নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা = মানিনী

358) নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক  HSLC-2021 (Spl.)

359) নোহোৱা বস্তু যি উলিয়ায় = আৱিষ্কাৰক, উদ্ভাৱক

360) নোহোৱা বস্তু সৃষ্টি কৰা = উদ্ভাৱন

361) নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ

362) পকী ঘৰ নিৰ্মাণ কৰা লোক = ৰাজমিস্তিৰি

363) পি খোৱা বস্তু = পেয়

364) যি পৰত বাস কৰে = প্ৰবাসী

365) পিছে পিছে গমন কৰে যি = অনুগামী

366) পথৰপৰা যি বিচলিত হৈছে = পথভ্ৰষ্ট

367) পনীয়া গাখীৰ দিয়া গাই = জলাহী [HSLC-2015, 2018]

368) পুৱাই নাম ল'বলগীয়া = প্ৰাত:স্মৰণীয়

369) প্ৰাণক পণ কৰি = প্ৰাণপণে

370) পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ

371) প্ৰৱাসত থকা মানুহ / যি প্ৰবাসত বাস কৰে = প্ৰৱাসী, প্ৰৱসুৱা

372) পৰৰ অধীন = পৰাধীন

373) পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ = পৰমুখাপেক্ষী

374) পৰৰ সৌভাগ্য দেখি যি কাতৰ হয় = পৰশ্ৰীকাতৰ

375) পশু-পক্ষী, চৰাই-চিৰিকটি প্ৰদৰ্শনীৰ বাবে ৰখা ঠাই = চিৰিয়াখানা

376) ফুল থোৱা পাত্ৰ = ফুলদানি

377) ফুল নুফুলাকৈ গুটি হোৱা গছ = বনস্পতি

378) বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ

379) বাটে বাটে যোৱা মানুহ = বাটৰুৱা

380) বাটেদি যোৱা মানুহ = বাটৰুৱা

381) বাপেকৰ সখিয়েক = তাৱৈ

382) বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য = খৰিচা

383) বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু = খৰিচা

384) বিয়া নকৰোৱা মানুহ = অবিবাহিত, বৰলা, ডাংবৰলা

385) বিদেশৰপৰা অহা লোক = বিদেশী

386) বিদ্যা শিক্ষা কৰা ঘৰ = বিদ্যালয়

387) বিপদৰ সময়ত ওলোৱা বুদ্ধি = প্ৰত্যু্ৎপন্নমতি

388) বিষ্ণুক উপাসনা কৰা লোক = বৈষ্ণৱ

389) বিহুৰ আগদিনা = উৰুকা

390) বিয়া-বাৰু নোহোৱা পুৰুষ = দাং বৰলা

391) বীণা আছে পাণিত যাৰ = বীণাপাণি

392) বোকাত যাৰ জন্ম = পংকজ

393) বটা সাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি

394) ব্যাকৰণত যি পাৰদৰ্শী = বৈয়াকৰণিক, বৈয়াকৰণ

395) বধ কৰিবৰ ইচ্ছা = জিঘাংসা

396) বন্ধু-বান্ধৱীৰ সৈতে = সবান্ধৱে

397) বৰষুণ নোহোৱা বতৰ = খৰাং

398) বস্তু বেচা কিনা কৰা ঠাই = বজাৰ

399) বহুত কলগছ থকা ঠাই = কলনি

400) বহুত মানুহ একেলগে যোৱা = সমদল

401) বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ = পঢ়াশালি

402) বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ

403) ভিক্ষা কৰে যি = ভিক্ষাৰী

404) ভিক্ষাৰ অভাৱ = দুৰ্ভিক্ষ

405) ভেকুলীৰ পোৱালি = লালুকি

406) ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী

407) ভৰিৰপৰা মূৰলৈকে = আপাদমস্তক

408) মাকৰ ভায়েক = মামা

409) মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ

410) মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষা

411) মাগুৰ মাছৰ সৰু = মাগুৰজালি

412) মাছ মৰা লোক = মাছুৱৈ, মাছমৰীয়া

413) মাছৰ পোৱালি পোনা

414) মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা

415) মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক = কুমাৰ

416) মাটিৰ বাচন সাজোঁতা = কুমাৰ

417) মাটিৰে তৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প

418) মাটিৰে নিৰ্মিত = মৃণ্ময়  HSLC-2021 (Spl.)

419) মাৰ ভনীয়েক = মাহী

420) মাৰ সতিনীয়েক = বিমাতা, মাহীমা

421) মাৰিবলৈ বা হনন কৰিবলৈ কৰা ইচ্ছা = জিঘাংসা

422) মিছা কথা কোৱা মানুহ = মিছলীয়া

423) মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি

424) মেলত যি পাৰ্গত = মেলেকী

425) ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য = প্ৰাতঃস্মৰণীয়

426) ৰিপুক জয় কৰে যি = ৰিপুঞ্জয়

427) ৰৌ মাছৰ সৰু = ৰৌমণি

428) ৰ'দত শুকোৱাসৰিয়হৰ শুকান বঁটা = কাঁহুদি

429) ৰূপেৰে নিৰ্মিত বা চৰোৱা = ৰূপোৱালী

430) লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ

431) লোকক দেখি পাছত যি কৰে = অনুকৰণ

432) লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ

433) লোকৰপৰা নিন্দা = লোকনিন্দা

434) লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা

435) লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কমাৰ

436) শ’ল মাছৰ সৰু = শ’লঠাৰি

437) শক্তিক উপাসনা কৰা লোক = শাক্ত

438) শাক পাচলি কৰা ঠাই = শাকনি

439) শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী

440) শিং নথকা গৰু = লাওমূৰা

441) শিৱক উপাসনা কৰা লোক = শৈৱ

442) শত্ৰুক জয় কৰে যি = শত্ৰুঞ্জয়

443) শৰৎ কালত হোৱা = শাৰদীয়

444) সকলোকে সমানভাৱে দেখা = সমদৰ্শী

445) স্কুলত পঢ়া ল'ৰা ছোৱালী = ছাত্ৰছাত্ৰী

446) সখিয়েকৰ মাক = আমৈ

447) সাহ যাৰ আছি = সাহসী

448) সীমা নথকা = অসীম

449) সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক = স্বৰ্ণকাৰ, সোণাৰী

450) সোণেৰে নিৰ্মিত বা সোণ চৰোৱা = সোণোৱালী

451) সত্য কথা কোৱা মানুহ = সত্যবাদী

452) স্বামী থকা তিৰোতা = সধৱা, আয়তী

453) স্মৰণ কৰিবলগীয়া = স্মৰণীয়

454) সহজে যি জীণ যায় = লঘুপাকী

455) হাতী চৰোৱা লোক = মাউত

456) হাল বোৱা গৰু = বলধ

457) হঠাতে হোৱা ঘটনা = আকস্মিক

458) হতভাগ্য যাৰ = হতভগা

459) একে ঠাইত স্থায়িভাৱে বসবাস নকৰা লোক = অস্থায়ী / যাযাবৰ [HSLC-2017]

460) কাঁহৰ বাচন গঢ়োতা = কঁহাৰ [HSLC-2013]

461) কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ= বিশ্বস্ত [HSLC-2020]

462) ঘৰতে থাকি কৰিব পৰা উদ্যোগ = কুটীৰশিল্প [HSLC-2013]

463) চুহি খাব লগা বস্তু = চোৰোহা [HSLC-2020]

464) যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য, অবৰ্জনীয় [HSLC-2018]

465) যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই = নাস্তিক [HSLC-2015]

466) যি আগেয়ে হোৱা নাই = অদ্ভুত্‍পূৰ্ব [HSLC-2016]

467) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে = অকৃতজ্ঞ [HSLC-2016]

468) ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি = প্ৰতু্ত্‍পন্নোমতি [HSLC-2019]

469) নেজ নসৰা বেঙৰ পোৱালি = লালুকী [HSLC-2019]

470) ৰান্ধি খাব পৰা কলৰ পুলি=পচলা [HSLC-2017]

471) যি স্বদেশত বাস কৰে - স্বদেশী।

472) শীতে নহয়, গৰমো নহয়- নাতিশীতোষ্ণ।

473) একে ঠাইতে স্থায়ীভাবে বাস কৰা লোক - খিলঞ্জীয়া।

474) যি সংসাৰ ধৰ্ম ত্যাগ কৰিছে- সন্ন্যাসী (প্রব্ৰজ্যা)।


Frequently Asked Questions
1. এটা শব্দত প্ৰকাশ কৰা - গোটেই জীৱন জুৰি = আজীৱন
2. এটা শব্দত প্ৰকাশ কৰা - ভৰিৰ পৰা মূৰলৈ = আপদমস্তক
3. এটা শব্দত প্ৰকাশ কৰা - আগেয়ে নোহোৱা ঘটনা = অদ্ভূদপূৰ্ব
4. এটা শব্দত প্ৰকাশ কৰা - জাকৈৰে মাছ ধৰা মানুহ = জাকৈয়া
5. এটা শব্দত প্ৰকাশ কৰা - যিজন মাক দেউতাকৰ অতি মৰমৰ = আলাসৰ লাডু।


অসমীয়া ব্যকৰণ । Assamese Grammar:-

              
             
           

              














Hindi Grammar :
         विपरीतार्थक या विलोम शब्द



English Grammar
           Voice Change
            Voice Change 2
           Degree of Comparison
          Vocabulary
          Preposition 
             Preposition 2
          Determiner 
          Narration 
             Narration 2
            NARRATION 3
            Narration Rules
         Correct Tense 
            Correct Tense 2
          Translation
            HSLC Sentence Correction
          Synthesis/Combine Sentence 
           PRESENT INDEFINITE TENSE 

Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
For free notes of HS (1st & 2nd year) on English, Political Science, Logic & Philosophy, MIL Assamese, Swadesh Adhyayan, Economics, Education, History. contact us (whatspp no 7020477396)

Previous
Next Post »

1 Comments:

Click here for Comments
Xyz
admin
October 24, 2022 at 11:13 AM ×

হি উপজিয়ে মাৰে- ki hobo sir

Congrats bro Xyz you got PERTAMAX...! hehehehe...
Reply
avatar