Translated into Assamese "The Last Lesson" [translated by Mr. Rupjyoti Goswami, PGT (English)]
শব্দাৰ্থ (Word meaning):
1. Dread- fear, ভয়
2. at the edge of- দাতিত
3. sawmill- কাঠ ফলোৱা মিল
4. tempting- appealing, lucrative লোভনীয়
5. blacksmith- a person who makes equipments of iron,কমাৰ
6. apprentice- new learner, নশিকাৰু
7. plenty- sufficient, যথেষ্ট, পৰ্যাপ্ত
8. was making fun of- ধেমালি কৰি আছিল; ইতিকিং কৰিছিল
9. out of breath- gasp ফোপাই জোপাই যোৱা
10. bustle- busy activity or movement, ধামখুমীয়া, ব্যস্ততাপূৰ্ণ পৰিবেশ
11. in unison- together,in a group, একেলগে
12. ruler- বেত বা এছাৰি
13. rapping- striking, কোবাই থকা
14. counted on- depended on, took advantage of,নিৰ্ভৰ কৰিছিল, পৰিস্থিতিৰ সুবিধা লৈছিল
15. commotion- noise, হুলস্থুল,হাইউৰুমি
16. terrible- frightening,ভয়ানক
17. without being seen- আনে নেদেখাকৈ
18. blushed- felt ashamed,face became red, লাজ পাই ৰঙাচিঙা পৰিছিল
19. got a little over my fright- ভয়ৰ পৰা উপশম পাইছিলোঁ
20. frilled shirt- ভাজ দিয়া কামিজ
21. embroidered- ফুলেৰে গোঠা আৰু কাৰুকাৰ্যখচিত
22. strange- অদ্ভুত
23. solemn- গুৰুগম্ভীৰ
24. mounted- উঠিছিল
25. thunderclap- বিনা মেঘে বজ্ৰপাত
26. wretches- an unlucky or unhappy person, হতভগীয়া বা দূৰ্ভগীয়া লোক
27. nuisance- a burdensome or troublesome person or thing,ভালুকৰ সাঙী,বোজা
28. give up- ত্যাগ কৰা
29. cranky- খিঙখিঙীয়া
30. put on- পিন্ধা
31. dreadful- fearful ভয়ানক
32. got mixed up- খেলিমেলি লাগিছিল
33. put off- postpone, delay, স্থগিত কৰা বা পিছুৱাই থকা
34. pretend- ভাও জোৰা
35. reproach- গালি পৰা, কৰ্কথনা কৰা
36. anxious- উদ্বিগ্ন, আগ্ৰহী
37. instead of- in lieu of, পৰিবৰ্তে
38. enslave- to make someone a slave,পৰাধীন কৰোৱা, অধীনলৈ অনা
39. hold fast to- ধৰি ৰখা, লাগি থকা
40. patience- ধৈৰ্য্য
41. at one stroke- একেবাৰে, একেকোবে
42. scratching- আছোৰা কাৰ্য্য
43. beetles- গুবৰুৱা
44. pigeons- পাৰ চৰাই
45. motionless- গতিহীন বা স্থবিৰ
46. worn smooth- ব্যৱহাৰৰ ফলত মসৃণ বা নিমজ হৈ গৈছিল
47. hopvine- হপভাইন, মদ বনোৱাত ব্যৱহাৰ হোৱা এবিধ লতাজাতীয় উদ্ভিদ
48. twined about- পকাই বা মেৰিয়াই ধৰিছিল
49. trembled with emotion- আবেগত কপি উঠিছিল
50. Angelus- গীৰ্জাঘৰৰ প্ৰাৰ্থনাৰ বাবে দিয়া ঘন্টাধ্বনি
51. trumpets- বাদ্যযন্ত্ৰৰ সুশৃংখল ধ্বনি
52. choked- সোপামাৰি ধৰিছিল
53. might- strength,শক্তি
54. leaned- আউজাইছিল
55. gesture- সংকেত
56. dismissed- ছুটী হ'ল,সামৰা হ'ল
57. Vive La- long live, দীৰ্ঘজীৱি হওঁক, জিন্দাবাদ
Part I (Pages-2,3,4)
"I started for school.........how cranky he was."
সেইদিনা ৰাতিপুৱা মই বহু দেৰিকৈ বিদ্যালয়লৈ ওলাইছিলো আৰু এটা গালি খোৱাৰ আশংকাত আছিলো, বিশেষকৈ এই কাৰণত যে হেমেল মহাশয়ে কৈছিল তেওঁ আমাক Participleৰ বিষয়ে প্ৰশ্ন সুধিব আৰু সেই বিষয়ে প্ৰাথমিক কথাখিনিও জনা নাছিলো। এক মূহুৰ্তৰ বাবে মই পলাই যোৱা আৰু বাহিৰত দিনটো কটোৱাৰ কথা ভাবিছিলোঁ। বাহিৰত ইমান উষ্ম আৰু ইমান উজ্জ্বল আছিল। হাবিৰ দাতিত চৰাইবোৰে চিচিঞাই আছিল (chirping) আৰু কাঠফলা মিলটোৰ পাছফালে থকা মুকলি পথাৰখনত প্ৰুছিয়ান সৈন্যসকলে সামৰিক অনুশীলন কৰি আছিল। এই সকলোবিলাক Participleৰ নিয়মবোৰতকৈ বেছি লোভনীয় আছিল, কিন্তু মোৰ এই ইচ্ছা দমন প্ৰতিহত কৰাৰ শক্তি আছিল আৰু বিদ্যালয়লৈ খৰখেদাকৈ গুছি গৈছিলোঁ।
মই যেতিয়া নগৰৰ ৰাজহুৱা ভবনটো পাৰ হৈছিলোঁ, bulletin boardৰ সন্মুখত এদল জনতা আছিল। যোৱা দুটা বছৰ ধৰি আমাৰ সকলোবিলাক বেয়া খবৰ তাৰপৰাই আহিছিল---পৰাজিত হোৱা যুদ্ধবোৰ,লিখিত আদেশবোৰ,কমান্ডিং বিষয়াৰ নিৰ্দেশ—আৰু মই এখন্তেকো নোৰোৱাকৈ নিজে নিজে ভাবিছিলো, "আজিৰ বিষয়টো কি হ'ব পাৰে?"
তাৰপিছত, মই যেতিয়া যিমান পাৰি বেগাই গৈছিলোঁ, ওৱাকটাৰ নামৰ কমাৰজন, যি তেওঁৰ নশিকাৰুজনৰ সৈতে তাত বুলেটিনখন পঢ়ি আছিল, মোক পিছফালৰ পৰা মাতিছিল, "ইমান বেগাই যাব নালাগে অ' ল'ৰা; বহুত সময় হাতত ৰাখিয়েই তুমি বিদ্যালয় গৈ পাবা!"
মই ভাবিছিলোঁ তেওঁ মোৰ লগত ধেমালি কৰি আছিল, আৰু ফোপাই জোপাই হেমেল মহাশয়ৰ বাগিছাখন পাইছিলোঁগৈ।
সাধাৰণতে, যেতিয়া বিদ্যালয় আৰম্ভ হৈছিল, এটা ডাঙৰ হৈ চৈ হৈছিল, যিটো বাহিৰৰ ৰাস্তাটোলৈকে শুনিব পৰা গৈছিল—দেষ্কবোৰ মেলা আৰু জপোৱা, সমবেত কন্ঠত উচ্চ স্বৰেৰে পাঠবোৰ আওৰোৱা, ভালদৰে বুজিবলৈ আমাৰ কানত হাত থোৱা আৰু শিক্ষকজনৰ ডাঙৰ বেতদালেৰে মেজৰ ওপৰত কোবাই থকা। কিন্তু এতিয়া ইমান নিমাত-নিস্তব্ধ হল। কোনেও নেদেখাকৈ মোৰ দেস্কখন পাবলৈ হুলস্থুলৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ; কিন্তু অৱশ্যে সেইদিনা সকলোবোৰ দেওবাৰৰ ৰাতিপুৱাৰ নিচিনা নিস্তব্ধ হৈ পৰিছিল। খিৰিকীয়েদি মই সহপাঠীসকলক তেওঁলোকৰ নিজৰ নিজৰ স্থানত দেখিছিলো আৰু হেমেল মহাশয়ে কাষলতিৰ তলত ভয়ানক লোহাৰ এচাৰিডাল লৈ পাইচাৰি কৰি আছিল।মই দুৱাৰখন খুলিবলগীয়া হৈছিল আৰু সকলোৰে সন্মুখত যাবলগীয়া হৈছিল। কল্পনা কৰকচোন মই লাজত কিমান ৰঙাচিঙা পৰিছিলো আৰু মই কিমান ভীতিবিহ্বল আছিলোঁ।
কিন্তু একো ঘটা নাছিল। এম.হেমেলে মোক দেখিছিল আৰু বৰ মৰমেৰে কৈছিল,"তৎক্ষণাত তোমাৰ স্থানলৈ যোৱা, অকমানি ফ্ৰেন্জ। আমি তুমি নোহোৱাকে আৰম্ভ কৰিছিলোৱেই"। মই বেঞ্চৰ ওপৰেদি জাপ মাৰিছিলো আৰু নিজৰ ডেস্কত বহিছিলো। যেতিয়া মই মোৰ ভয়ৰ পৰা অলপ সকাহ পাইছিলোঁ, তেতিয়ালৈকে মই দেখাই নাছিলোঁ যে আমাৰ শিক্ষকজনে তেওঁৰ সুন্দৰ সেউজীয়া কোটটো, ইস্ত্রিয়ে ভাঁজ দিয়া তেওঁৰ কামিজ আৰু ফুলগোঠা কাৰুকাৰ্যখচিত সৰু,ক'লা, চিল্কৰ টুপীটো পিন্ধি আছিল যিবোৰ তেওঁ পৰিদৰ্শন আৰু বটা বিতৰনী দিনৰ বাহিৰে কেতিয়াও পিন্ধা নাছিল। তাৰোপৰি সমগ্ৰ বিদ্যালয়খন অদ্ভুত আৰু গুৰগম্ভীৰ যেন লাগিছিল। কিন্তু যিটো কথাই মোক আটাইতকৈ আচৰিত কৰিছিল সেইটো দেখা গৈছিল পাছফালৰ বেঞ্চবোৰত, যিবোৰ সদায় খালি হৈ আছিল, তাত গাঁৱৰ মানুহবিলাক আমাৰ দৰেই নিৰবে বহি আছিল; তিনিচুকীয়া টুপী এটা পিন্ধি থকা বৃদ্ধ হাউচাৰ, ভূতপূৰ্ব মেয়ৰজন, ভূতপূৰ্ব পোষ্টমাষ্টাৰজন আৰু ইয়াৰোপৰি অন্যান্য কেইবাজনো। প্ৰত্যককে দুখিত দেখা গৈছিল; হাউচাৰে এখন পুৰনা প্ৰাইমাৰ আনিছিল, কাষত বুঢ়া আঙুলিৰে হেঁচা দিছিল আৰু ডাঙৰ চশমাজোৰেৰে পৃষ্ঠাবোৰত চকু ফুৰাই কিটাপখন। আঠুৰ ওপৰত মেলি ধৰিছিল।
যেতিয়া মই এই সকলোবিলাক কথাৰ বিষয়ে দকৈ ভাবি আছিলোঁ, এম. হেমেল তেওঁৰ চকীত বহিল আৰু, সেই একেই গহীন আৰু নম্ৰ সুৰত,যিটো তেওঁ মোৰ প্ৰতি ব্যৱহাৰ কৰিছিল, কৈছিল, "মোৰ ছাত্রছাত্ৰীসকল, মই তোমালোকক পঢ়ুওৱা এইটোৱেই অন্তিমটো পাঠ। আলচাচ আৰু ল'ৰেইনৰ বিদ্যালয়সমূহত কেৱল জাৰ্মান ভাষা পঢ়ুওৱাৰ আদেশটো বাৰ্লিনৰ পৰা আহিল। কালিলৈ তোমালোকৰ নতুন শিক্ষকজন আহিব। এইটো তোমালোকৰ শেষ ফৰাচী ভাষাৰ পাঠ। মই তোমালোকক বৰ মনোযোগী হোৱাটো বিচাৰো।"
এই শব্দকেইটা মোৰ বাবে কেনেকুৱা যে গাজনি-ঢেৰেকনি আছিল!
অ' সেই দূৰ্ভগীয়া/হতভগীয়া মানুহবোৰ;সিহতে তেতিয়াহ'লে নগৰৰ ভবনটোত সেইটোহে দেখুৱাই আছিল/প্ৰদৰ্শন কৰিছিল(put up)।
মোৰ অন্তিম ফৰাচী ভাষাৰ পাঠ! কিয়, মই দেখোন লিখিবলৈ নিশিকিলোৱেই!মই আৰু কেতিয়াও শিকিবলৈ নাপাম! তেতিয়াহ'লে মই ইমানতে সামৰিব লাগিব! আহ, মই পাঠবোৰ নিশিকি চৰাইৰ কনী বিচাৰি ফুৰা, চাৰ নৈৰ পাৰত ঘূৰি ফুৰাৰ বাবে কিমানযে দুখ পালোঁ! মোৰ কিটাপবোৰ --ব্যাকৰণ, মুনিসকলৰ বুৰঞ্জী, যিবোৰ অলপ আগলৈকে কঢ়িয়াবলৈ ইমান গধুৰ বোজা (বা ভালুকৰ সাঙী) যেন লাগিছিল, সেইবিলাক এতিয়া মোৰ পুৰনি বন্ধু হৈ পৰিল যাক মই ত্যাগ কৰিব নোৱাৰো। আৰু এম. হেমেলো- তেওঁ যে গুছি যাবগৈ,মই যে তেওঁক আকৌ কাহানিও দেখিবলৈ নাপাওঁ, এই কথাটোৱে তেওঁৰ এচাৰিডালৰ সকলো কথা আৰু তেওঁ যে কিমান খিঙখিঙীয়া আছিল, এই সকলোবোৰ পাহৰাই পেলাইছিল।
Part II (Pages- 4,5,7,8)
"Poor man ......... you may go."
দূৰ্ভগীয়া মানুহ! এই অন্তিম পাঠটোৰ সন্মানতেই যে তেওঁ সুন্দৰ দেওবৰীয়া পোছাকজোৰ পিন্ধিছিল, আৰু এতিয়াহে মই বুজিলোঁ গাওখনৰ বুঢ়া মানুহবোৰে কিয় কোঠাটোৰ শেষত বঢ়ি আছিল। কাৰণ তেওঁলোকো দুখিত আছিল, বিদ্যালয়লৈ তেওঁলোক বেছিকৈ যোৱা নাছিল। আমাৰ শিক্ষকজনক তেওঁৰ চল্লিশ বছৰীয়া বিশ্বাসী/নিষ্ঠাবান সেৱাৰ বাবে ধন্যবাদ দিবলৈ আৰু দেশখন যিখন তেওঁলোকৰ হৈ থকা নাছিল, তাৰ প্ৰতি সন্মান জনোৱাৰ এইটোৱেই আছিল তেওঁলোকৰ উপায়।
মই যেতিয়া এই কথাবোৰ ভাবি আছিলোঁ, মোৰ নাম মতা শুনিছিলোঁ। এইবাৰ মোৰ আবৃত্তি কৰাৰ পাল পৰিল। এটাও ভূল নকৰাকৈ পাৰ্টিচিপলৰ সেই ভয়ানক নিয়মবোৰ ডাঙৰ ডাঙৰকৈ আৰু স্পষ্টকৈ পঢ়িবৰ বাবে সমৰ্থ হ'বলৈ মই কি নিদিলোহেতেন? কিন্তু মোৰ প্ৰথম শব্দকেইটাতে খেলিমেলি হৈ গৈছিল আৰু ডেষ্কত ধৰি মই থিয় হৈ থাকিলো, বুকুখন ধপধপাই আছিল আৰু মুৰ তুলি চাবলৈ সাহস গোটাব পৰা নাছিলো।
এম. হেমেলে মোক কোৱা শুনিছিলোঁ, "লিটল ফ্ৰেন্জ, মই তোমাক গালি নাপাৰো; তুমি নিশ্চয় বেয়া পাবা। এইটো কেনেকুৱা কথা চোৱাচোন! প্ৰত্যেকদিনাই আমি নিজকে কৈছোঁ, "বাহ! মোৰ বহুত সময় আছে। মই এইটো কালিলৈ শিকিম"। আৰু এতিয়া তুমি চোৱা আমি ক'ত পালোহি। আহ, সেইটোৱেই হ'ল আলচাচৰ মহা সমস্যা; মানুহবোৰে পঢ়াশুনাবোৰ কালিলৈকে স্থগিত ৰাখে। এতিয়া বাহিৰত থকা সেই মানুহবোৰে তোমাক কথা ক'বলৈ অধিকাৰ পাব, "এইটো কেনেকুৱা কথা; তুমি ফৰাচীব্যক্তি বুলি ভাও জোৰা, আৰু তথাপিও তুমি নিজৰ ভাষাটো ক'বও নোৱাৰা লিখিবও নোৱাৰা? "কিন্তু দূৰ্ভগীয়া ফ্ৰেন্জ, তুমিয়েই আটাইতকৈ বেয়া নহয়। আমি নিজকে সমালোচনা কৰিবলগীয়া বা গালি পাৰিবলগীয়া বহুত বিষয় আছে।"
"তোমালোকৰ মা-দেউতাও তোমালোকক পঢ়ুৱাৰ ক্ষেত্ৰত বৰ উদ্বিগ্ন বা চিন্তিত নাছিল। অলপ বেছি ধন উপাৰ্জন কৰিবলৈ তেওঁলোকে তোমালোকক ফাৰ্ম বা মিলত কাম কৰাটো বেছি পচন্দ কৰিছিল। আৰু মই?মোকোটো দোষাৰোপ কৰিবলগীয়া আছে। তোমালোকক পাঠ শিকোৱাৰ পৰিবৰ্তে মই তোমালোকক প্ৰায়েই ফুলত পানী দিবলৈ পঠিওৱা নাছিলোনে? আৰু মই যেতিয়া মাছ ধৰিবলৈ যাব বিচাৰিছিলোঁ, মই তোমালোকক এটা বন্ধৰ দিন দিয়া নাছিলোনে?"
তাৰপাছত, ফৰাচী ভাষাৰ বিষয়ে ক'বলৈ গৈ এম. হেমেলে এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ গৈছিল; এইটো কৈছিল যে এই ভাষাটো পৃথিৱীৰ আটাইতকৈ সুন্দৰ ভাষা আছিল—আটাইতকৈ স্পষ্ট, আটাইতকৈ যুক্তিপূৰ্ণ যিটো আমি নিজৰ মাজত সংৰক্ষণ কৰিবলৈ লাগিব আৰু কেতিয়াও পাহৰিবনালাগে কাৰন যেতিয়া এটা জাতিক পৰাধীন কৰা হয়, যেতিয়ালৈকে তেওঁলোকে নিজৰ ভাষাটো খামুচি ধৰি থাকে, এইটো এনেকুৱা লাগে যেন তেওঁলোকৰ হাতত কাৰাগাৰৰ চাবিপাত আছিল। তাৰপাছত তেওঁলোকে এখন ব্যাকৰণৰ কিটাপ মেলিছিল আৰু আমাৰ পাঠ পঢ়িছিল। মই এইটো দেখি আচৰিত হৈছিলোঁ যে মই এইবোৰ ইমান ভালদৰে বুজিছিলো। তেওঁ যি কৈছিল ইমান সহজ যেন লাগিছিল, ইমান সহজ! ময়ো ভাবো যে মই ইমান সতৰ্কতাৰে কাহানিও মন দি শুনা নাছিলোঁ আৰু তেওঁযে কেতিয়াও ইমান ধৈৰ্য্যসহকাৰে সকলোবিলাক ব্যাখ্যা কৰা নাছিল। এনেকুৱা লাগিছিল যেন এই দূৰ্ভগীয়া ব্যক্তিজনে তেওঁ যোৱাৰ আগেয়ে আমাক তেওঁ জনা সকলোবোৰ দিব বিচাৰিছিল আৰুএকেকোবেই আমাৰ মুৰত সকলো সুমুৱাই দিব বিচাৰিছিল।
ব্যাকৰণৰ পাছত আমাৰ এটা লিখনৰ পাঠ হৈছিল। সেইদিনা সুন্দৰ হাতৰ আখৰেৰে "France,Alsace, France, Alsace" লিখা নতুন কপি কিছুমান এম.হেমেলে আমালৈ আনিছিল। সেইবিলাকক আমাৰ ডেষ্কৰ ওপৰৰ ৰডত ওলোমাই থোৱা, শ্ৰেণীকোঠাটোৰ সকলোতে ভাহি থকা কিছুমান সৰু পতাকাৰ নিচিনা দেখা গৈছিল। কেনেকৈ প্ৰত্যেকে কামত লাগিছিল আৰু পৰিবেশটো কিমান নিস্তব্ধ আছিল এইটো চাবলগীয়া আছিল। একমাত্র শব্দটো আছিল কলমেৰে কাগজত আচোৰাটো। এবাৰ কেইটামান গুবৰুৱা উৰি সোমাই আহিছিল, কিন্তু কোনেও সিহঁতৰ প্ৰতি মনোযোগ দিয়া নাছিল। আনকি আটাইতকৈ সৰু কেইটাইও, যি সিহঁতৰ বৰশী বিচৰা কাম কৰিছিল, যেনিবা সেইটোও ফৰাচী আছিল। ঘৰৰ মুধচত পাৰবোৰে বিননি জুৰি আছিল, আৰু মই নিজে নিজে ভাবিছিলোঁ, "জাৰ্মানবোৰে আনকি পাৰবোৰকো জাৰ্মান ভাষাত গান গোৱাবনেকি?" যেতিয়াই মই লিখাৰ পৰা মুৰ দাঙিছিলো, মই এম.হেমেলক তেওঁৰ চকীখনত জথৰ হৈ বহি থকা আৰু ইটোৰ পাছত সিটো বস্তুলৈ তধা লাগি চাই থকা দেখিছিলো যেনিবা তেওঁ মনতে নিৰ্ধাৰণ কৰিব বিচাৰিছিল, সেই সৰু শ্ৰেণীকোঠাটোৰ প্ৰত্যেকটো বস্তু কেনেকুৱা দেখা গৈছিল। কল্পনা কৰা! চল্লিশ বছৰ ধৰি তেওঁ সেই একেটা স্থানতে আছিল, খিৰিকীৰ বাহিৰত বাগিছাখন আৰু তেওঁৰ সন্মুখত শ্ৰেণীটো, ঠিক তেনেদৰেই। মাত্ৰ ব্যৱহাৰৰ ফলত দেষ্ক বেঞ্চবোৰ নিমজ হৈ পৰিছিল; বাগিছাৰ আখৰোট গছবোৰ ওখ হৈছিল আৰু তেওঁ নিজে যি হপভাইনডাল ৰুইছিল সেইডালে খিৰিকিয়েদি বগাই মুধচত মেৰিয়াই ধৰিছিল। ওপৰৰ কোঠাটোত তেওঁৰ ভনীয়েকে তালিটোপোলা বান্ধি ঘূৰি থকাৰ শব্দ শুনি,এ্ই সকলোবিলাক এৰিবলগীয়া হোৱাত তেওঁৰ অন্তৰখন ছাগে কিমান ভাগি গৈছিল, হতভগীয়া মানুহ!
কিন্তু তেওঁৰ প্ৰত্যেকটো পাঠ শেষলৈকে শুনাৰ সাহস আছিল। লিখন কাৰ্যৰ পাছত বুৰঞ্জীৰ এটা পাঠ হৈছিল আৰু তাৰপাছত শিশুবিলাকে সিহঁতৰ ba,be,bi,bi,bu উচ্চাৰণ কৰিছিল। কোঠাটোৰ একেবাৰে শেষত বৃদ্ধ হাউচাৰে তেওঁৰ চশমাজোৰ পিন্ধিছিল আৰু দুইহাতে প্ৰাইমাৰখন ধৰি সিহঁতৰ লগত বানান কৰিছিল। আপোনালোকে দেখা পাইছিল যে তেৱো কান্দি আছিল- আবেগত তেওঁৰ মাত কপিছিল, আৰু তেওঁ মাত শুনাটো ইমান হাস্যমধুৰ আছিল যে আমি সকলোৱে ঢেকঢেকাই হাঁহিব আৰু চিঞৰিব বিচাৰিছিলোঁ। আহ, কিমান ভালদৰে মোৰ এইটো মনত পৰে, সেই অন্তিম পাঠটো!
হঠাৎ গীৰ্জাঘৰৰ ঘড়ীটোৱে বাৰ বজাৰ সংকেত দিছিল। তাৰপাছত প্ৰাৰ্থনাৰ বাবে বজোৱা ঘন্টাটো, এঞ্জেলাচ। ঠিক সেই মূহুৰ্ততে সামৰিক অনুশীলনৰ পৰা উভটি অহা প্ৰুছিয়ান সৈন্যসকলে বজোৱা বাদ্যযন্ত্ৰৰ ধ্বনি আমাৰ খিৰিকীৰ তলত শুনা গৈছিল। এম.হেমেল তেওঁৰ চকীৰ পৰা উঠিছিল, তেওঁ শেতা বিবৰ্ণ। মই তেওঁৰ ব্যক্তিত্বটো ইমান উচ্চ কাহানিও দেখা নাছিলোঁ।
"মোৰ বন্ধুসকল", তেওঁ কৈছিল,"মই--মই--"কিন্তু কিবা এটাই তেওঁক বাকৰুদ্ধ কৰিছিল/সোপা মাৰি ধৰিছিল। তেওঁ ক'ব নোৱাৰিছিল।
তাৰপাছত তেওঁ ব্লেকব'ৰ্ডৰ ফালে ঘূৰিছিল, এডোখৰ চক লৈছিল, আৰু তেওঁৰ সমস্ত শক্তিৰে হেঁচা দি যিমান পাৰে ডাঙৰকৈ লিখিছিল—
"ফ্ৰান্স দীৰ্ঘজীৱি হওক/ফ্ৰান্স জিন্দাবাদ!"
তাৰপাছত তেওঁ ৰৈছিল আৰু বেৰত তেওঁৰ মুৰটো ভেজা দিছিল, আৰু এটাও শব্দ নোকোৱাকৈ, তেওঁ আমাক হাতেৰে এটা সংকেত দিছিল—
"বিদ্যালয় ছুটী হ'ল—তোমালোক যাব পাৰা"।
**সমাপ্ত**
Syllabus of HS Second year English (Prose)
Syllabus of HS Second year English (Poetry)
Syllabus of HS Second year English (Supplementary Reader : Vistas)
2. The Enemy
Mr. Rupjyoti Goswami
Post Graduate Teacher (English)
Bhogeswar Hazarika Girls' Higher Secondary School, Bebejia, Nagaon, Assam.
Email: rupjyotigoswami983@gmail.com
Mobile: 9864425896.
Contact us (whatsapp no-7020477396) for free notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Economics, Education, History.
7 Comments
Click here for CommentsGood work. It would benefit the students a lot. Keep it going.
ReplyThank you for the time and effort you spend. All of your hard work and dedication is greatly appreciated,sir.
ReplyYour words of appreciation always act as an incentive to write more . Thank you very much.
ReplyI'll be genuinely pleased if my work helps students and teachers in classroom situations too.Thank you
ReplyThank you sir
ReplyUseful for the learners to understand the lesson in mother tongue.
ReplyVery useful for students to learn details the chapter.
ReplyConversionConversion EmoticonEmoticon