-->

পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । Environment and Natural Resources in Assamese

 Questions Answers of AHSEC Solution for Class 12 Political Science পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ। Environment and Natural Resources. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ
Environment and Natural Resources

Class 12 Political Science


Political Science পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । Environment and Natural Resources ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । Environment and Natural Resources has been discussed in systematic way. There are approximately important 35 questions answers in this article.

1. ৰিঅ’ সম্মিলনে 'কাৰ্যসূচী-২১’ নামৰ এক উন্নয়নমূলক কৰ্মসূচীত অনুমোদন জনাইছিল। (হয় নে নহয় লিখা)        HS-2017, 2019

উত্তৰ:- হয়


2. কিয়ট’ চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল?   HS-2017, 2019

উত্তৰ:- উত্তৰ:-কিয়ট’ চুক্তি (জাপানৰ কিয়ট’ চহৰত) ১৯৯৭ চনৰ ডিচেম্বৰ মাহত স্বাক্ষৰিত হৈছিল।
এই চুক্তি পৰিৱেশৰ গোলকীয় উষ্ণতা (Global Warming) বৃদ্ধিৰ লগত জড়িত আছিল।


3. ভাৰতে কায়ট’ প্ৰট’কলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?     HS-2013
উত্তৰ:- ভাৰতে কায়ট’ প্ৰট’কলত ২০০২ চনৰ আগষ্ট মাহত স্বাক্ষৰ আৰু অনুমোদন কৰিছিল।


4. খিলঞ্জীয়া জনসাধাৰণৰ বিশ্বপৰিষদ গঠন হৈছিল ১৯৭৪/১৯৭৫/১৯৭৬ চনত। (শুদ্ধ উত্তৰটো বাচি উলিওৱা)      HS-2019  
উত্তৰ:- ১৯৭৫ চনত


5. কায়ট’ চুক্তিখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়?
উত্তৰ:-২০০৫ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা।


6. সেউজগৃহ (Green House) গেছ মানে কি বুজা?         HS-2015
উত্তৰ:- পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বায়ুমণ্ডলৰ পৰা বাহিৰ হৈ যাব নোৱাৰি বায়ুমণ্ডলতে আৱদ্ধ হৈ থাকে আৰু সেই গেছসমূহকে গ্ৰীণহাউচ গেছ বোলে। যেনে— মিথেন, কাৰ্বন-ডাই-অক্সাইড, ক্ল’ৰফ্ল’ৰকাৰ্বন (CFC) আদি।


7. পানী প্ৰদূষণৰ দুটা কাৰণ লিখা।
উত্তৰঃ- পানী প্ৰদূষণৰ দুটা কাৰণ তলত উল্লেখ কৰা হ’ল—
(ক) বিভিন্ন ধৰণৰ ঘৰুৱা আৰ্ৱজনা, ঔদ্যোগিক বৰ্জিত পদাৰ্থ আদি পানীত মিহলি হৈ পানী প্ৰদূষণৰ সৃষ্টি হয়।
(খ) আধুনিক কৃষি কাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ বা অপতৃণ নাশক দ্ৰব্য, খনন অভিযান আদিৰ ফলতো পানী প্ৰদূষিত হয়।


8. পাঁচ জুনত কিয় বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰা হয়?
উত্তৰ:-


9. পাৰিপাশ্বিকতা সম্পৰ্কে ভূমিপূত্ৰসকলৰ অধিকাৰ কেনেদৰে সংৰক্ষণ কৰিব পাৰি?
উত্তৰ:-


10. UNEP-ৰ দুটা প্ৰধান কাৰ্য উল্লেখ কৰা?
উত্তৰ:-


11. UNEP-ৰ পূৰ্ণ ৰূপটো লিখা।
উত্তৰ:- United Nations Environment Programme


12. বিশ্ব ১৯৯২ চনৰ ভূমি শীৰ্ষ সন্মিলনৰ বিষয়ে কি জানা লিখা।
উত্তৰ:-


13. কয়ট’ প্ৰট’কল (Kyoto Protocol) কি?
উত্তৰ:- কয়ট’ প্ৰট’কল হ’ল এক আন্তঃৰাষ্ট্ৰীয় চুক্তি পত্ৰ যি উন্নত ঔদ্যোগিক ৰাষ্ট্ৰসমূহে নিৰ্গমন কৰা সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে।

 
14. ৰাষ্ট্ৰসংঘৰ ২০০৬ চনৰ মানৱ বিকাশ আঁচনিৰ বিষয়ে কি জানা লিখা।
উত্তৰ:-

15. UNCCC-ৰ পূৰ্ণ ৰূপটো লিখা।
উত্তৰ:- United Nations Convention on Climate Change.


16. খালী স্থান পূৰণ কৰা:-
(ক) বসুন্ধৰা সন্মিলন ____ ত ___ চনত অনুষ্ঠিত হৈছিল।        HS-2013

উত্তৰ:- বসুন্ধৰা সন্মিলন ব্ৰাজিলৰ ৰাজধানী ৰিঅ’দ্যা জেনেৰিঅ’ত ১৯৯২ চনত অনুষ্ঠিত হৈছিল।


(খ) ___ জুনত বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপন কৰা হয়।
উত্তৰ:- ৫ জুনত


(গ) বসুন্ধৰা সন্মিলনত ___ খন ৰাষ্ট্ৰই অংশ গ্ৰহণ কৰিছিল।
উত্তৰ:-১৭২ খন ৰাষ্ট্ৰই


(ঘ) ষ্টকহ’ম সন্মিলন ___ চনত অনুষ্ঠিত হৈছিল।
উত্তৰ:-১৯৭২ চনত


(ঙ) কায়ট’ চুক্তিৰ পৰা ___ আৰু ___ক ৰেহাই দিয়া হৈছিল।
উত্তৰ:- চীন আৰু ভাৰত’ক


17. আন্তঃৰাষ্ট্ৰীয় ভাবুকি এটাৰ নাম লিখা।
উত্তৰঃ- আন্তঃৰাষ্ট্ৰীয় ভাবুকি এটাৰ নাম হ’ল- গোলকীয় উঞ্চতা বৃদ্ধি।


18. খিলঞ্জীয়া জনসাধাৰণৰ সম্পৰ্কে ৰাষ্ট্ৰসংঘই দিয়া সংজ্ঞাটো লিখা।
উত্তৰঃ- খিলঞ্জীয়া জনসাধাৰণৰ সম্পৰ্কে ৰাষ্ট্ৰসংঘই দিয়া সংজ্ঞাটো হ’ল— খিলঞ্জীয়া জনসাধাৰণ হ’ল সেইসকল লোকৰ বংশধৰ, যিসকলে বৰ্তমান বসবাস কৰি থকা ভূখণ্ডত অন্য সংস্কৃতি অথবা জনগোষ্ঠীয় বংশোদ্ভূত লোকে বিশ্বৰ অন্যান্য প্ৰান্তৰ পৰা আহি তেওঁলোকৰ অতিক্ৰম কৰি যায়।


19. সেউজ গৃহ গেছ সমূহৰ নাম লিখা।
উত্তৰঃ- সেউজ গৃহ গেছ সমূহৰ নাম হ’ল- মিথেন, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰাচ অক্সাইড, ক্ল’ৰফ্ল’ৰকাৰ্বন (CFC) আদি।

দীঘল প্ৰশ্নোত্তৰঃ-
1. বিশ্বৰ ৰাজনীতিত পাৰিপাৰ্শ্বিকতাৰ গুৰুত্ব আলোচনা কৰা।     HS-2012   4

উত্তৰ:-বৰ্তমান বিশ্বজুৰি জল প্ৰদূষণ, বায়ু প্ৰদূষণ, বনাঞ্চল ধ্বংস, গোলকীয় উষ্ণতা বৃদ্ধি আদি পৰিৱেশ সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ বাবে কেৱল এখন দেশেই সম্পূৰ্ণ দায়বদ্ধ নহয়। ইয়াৰ বাবে প্ৰতিখন দেশৰেই সহায়-সহযোগিতা আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ প্ৰয়োজন। এনে ক্ষেত্ৰত প্ৰত্যেক দেশেই বিশ্ব ৰাজনীতিৰ অংশ হৈ পৰে। বিশ্ব পৰিৱেশৰ ইতিহাস বহু পুৰণি হ’লেও মূলতঃ ১৯৬০ চনৰ পাছৰ পৰাহে ৰাজনৈতিকভাৱে ই বিশেষ গুৰুত্ব লাভ কৰে। সেই সময়ৰ পৰা আৰ্থনৈতিক বিকাশে পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱৰ ওপৰত ৰাষ্ট্ৰসমূহে গুৰুত্ব দিবলৈ বাধ্য হয়। ১৯৭২ চনত ৰোম ক্লাৱ (Club of Rome)-এ 'উন্নয়নৰ সীমাৱদ্ধতা (Limits to Growth) নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে। এই গ্ৰন্থখনত বিশ্বজুৰি জনসংখ্যা বিস্ফোৰণে প্ৰাকৃতিক সম্পদসমূহৰ ক্ষতিসাধন কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰা হয়। (তাৰোপৰি, 'ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি (United Nations Environment Programme) আদিৰ দৰে আন্তৰ্জাতিক সংস্থাসমূহে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰাৰ লগতে পৰিৱেশ সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ বাবে ৰাষ্ট্ৰসমূহৰ সহযোগিতা আৰু সঁহাৰিৰ ওপৰত গুৰুত্ব দিয়ে) তেতিয়াৰ পৰাই বিশ্ব ৰাজনীতিত পৰিৱেশে বিশেষ গুৰুত্ব লাভ কৰে।
    বৰ্তমান বিশ্ব ৰাজনীতিত পৰিৱেশ সম্পৰ্কীয় চিন্তা-চৰ্চাই যথেষ্ট গুৰুত্ব লাভ কৰা দেখা যায়। ইয়াৰ প্ৰথম সূত্ৰপাত ঘটে ৰিঅ’ দি জেনেইৰ (Rio de Janeiro)-ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় সন্মিলনত। এই সন্মিলনক ভূ-সন্মিলন (Earth Summit) হিচাপেও জনা যায় আৰু বিশ্বৰ ১৭০ খন ৰাষ্ট্ৰ আৰু কেইবাহাজাৰ বে-চৰকাৰী সংস্থাৰ লগতে অসংখ্য বহুজাতিক কোম্পানীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে।
    উল্লেখনীয় যে ভূ-সন্মিলনৰ পাঁচ বছৰ পূৰ্বে অৰ্থাত্‍ ১৯৮৭ চনত প্ৰকাশ পোৱা "আমাৰ উমৈহতীয়া ভৱিষ্যত" (Our Common Future) শীৰ্ষক ব্ৰানডটলেণ্ড প্ৰতিবেদন (Brundtland Report)ত ইতিমধ্যে সকলো ৰাষ্ট্ৰকে এইবুলি সঁকীয়নি দিয়া হৈছিল যে ভৱিষ্যত্‍ উদ্যোগিক বিকাশৰ বাবে অনাগত দিনত অৰ্থনৈতিক উন্নয়নৰ পৰম্পৰাগত পদ্ধতিসমূহ গ্ৰহণযোগ্য নহ’ব আৰু বিশ্বৰ দক্ষিণৰ ৰাষ্ট্ৰসমূহে এই বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰে।

2. বিশ্বজনীন পাৰিবেশিক বিতৰ্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আলোচনা কৰা।     HS-2016, 2021 6
উত্তৰ:- বিশ্বজনীন পাৰিৱেশিক বিতৰ্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি বৰ সবল নহয়; কিয়নো পৰিকল্পনাহীন নগৰীকৰণ, দ্ৰুত উদ্যোগীকৰণ তথা কৰ্মক্ষম আইন প্ৰণয়ন কাৰ্য তথা সজাগতাৰ অভাৱৰ ফলস্বৰূপে ভাৰতত পাৰিৱেশিক সংকটে দেখা দিছে। পৰিৱেশিক বিশেষজ্ঞসকলে ভৱিষ্যতবাণী কৰিছে যে ধ্বংসমূখী বননি, প্ৰদূষিত নদ-নদী, বিষাক্ত খোৱাপানী, ক্ষয়প্ৰাপ্ত ভূমি, প্ৰদূষিত বায়ু আৰু ক্ৰমাতভাৱে হ্ৰাস প্ৰাপ্ত বন্য জীৱনেৰে ভাৰত অতি সোনকালে এক ভয়াবহ পাৰিৱেশিক সংকটৰ সন্মুখীন হ’ব।
    উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ পৰিৱেশ সমস্যাটো প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি—
    (i) উদ্যোগীকৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত ঋনাত্মক প্ৰভাৱ।
    (ii) দৰিদ্ৰতা আৰু অধঃবিকাশৰ পৰিৱেশৰ ফলশ্ৰুতিত সৃষ্টি হোৱা সমস্যা।
    এনে পৰিস্থিতিত ভাৰতবৰ্ষই পৰিৱেশৰ সমস্যাটো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আহিছে। পাৰিৱেশিক ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বিশ্বৰ কম সংখ্যক সংবিধানৰ ভিতৰত ভাৰতীয় সংবিধানখনো অন্যতম। তদুপৰি ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিত পৰিৱেশৰ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আনহাতে ভাৰত চৰকাৰে বিভিন্ন সময়ত পৰিবেশৰ ৰক্ষণাবেক্ষণৰ উদ্দেশ্যে বিভিন্ন আইন প্ৰণয়ন কৰি আহিছে। ঠিক সেইদৰে উচ্চতম ন্যায়ালয়েও বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি পৰিৱেশৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব পালন কৰি আহিছে। ন্যায়ালয়ে পৰিৱেশৰ অধিকাৰক মৌলিক অধিকাৰৰ মৰ্যাদা প্ৰদানেৰে ভাৰতবৰ্ষৰ পৰিৱেশ আইনৰ স্থিতি শক্তিশালী কৰিছে।
    আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে গুৰুত্ব প্ৰদান কৰি ১৯৯৭ চনৰ কায়ট’ প্ৰ’টকলত ২০০২ চনৰ আগষ্ট মাহত স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে উদ্যোগীকৰণৰ সময়ছোৱাত উন্নয়নশীল ৰাষ্ট্ৰসমূহে নিৰ্গত কৰা সেউজগৃহ গেছৰ মাত্ৰা তাত্প৭ৰ্যপূৰ্ণ নহয় বুলি কায়ট’ সন্মিলনে ধাৰণা কৰিছিল। ২০০৫ চনৰ জুন মাহত অনুষ্ঠিত G-4 ৰাষ্ট্ৰসমূহৰ সভাতো ভাৰতে দাবী কৰে যে জনমূৰি হিচাপত উন্নয়নশীল ৰাষ্ট্ৰসমূহে উন্নত ৰাষ্ট্ৰৰ তুলনাত যথেষ্ঠ কম মাত্ৰাত সেউজগৃহ গেছ নিৰ্গত কৰি আছে। ভাৰতৰ এই স্থিতি ২০১০ চনৰ কানকুন জলবায়ু সন্মিলন পৰ্যন্ত অব্যাহত আছে।
    এনে পৰ্যায়ত ভাৰতবৰ্ষৰ মতে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ প্ৰথম আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ দিবলগীয় বিষয় হ’ল অৰ্থনৈতিক আৰু সামাজিক বিকাশ। সেয়ে, ভাৰতবৰ্ষই সাম্প্ৰতিক সময়ত উদ্যোগিক বিকাশ লাভ কৰি থকা উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ওপৰত বাধ্যতামূলক নীতি-নিয়ম জাপি দিব বিচৰা কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছে ২০০৯ চনৰ কোপেনহেগেন জলবায়ু সন্মিলনত এই ক্ষেত্ৰত ভাৰতবৰ্ষই যথেষ্ট দৃঢ় স্থিতি গ্ৰহণ কৰে।
    বৰ্তমান সময়ত ভাৰতে বিভিন্ন আইনৰ লগতে অন্যান্য বিভিন্ন ধৰণৰ পৰিবেশ ৰক্ষণাবেক্ষণ সংক্ৰান্তীয় উদ্যোগ গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে ৰাষ্ট্ৰীয় যান-বাহন ইন্ধন নীতি, ২০০১ চনৰ শক্তি সংৰক্ষণ আইন, ২০০৩ চনৰ বিদ্যুত্‍ আইন আদি। শেহতীয়াকৈ ভাৰতবৰ্ষই জৈৱ ইন্ধনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এই উদ্দেশ্যে ভোট এৰা গছৰ খেতি বৃহত্‍ হাৰত কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা উত্সাশহিত কৰা হৈছে। উল্লেখযোগ্য যে নৱীকৃত ইন্ধন কাৰ্যসূচী ব্যৱহাৰ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতবৰ্ষ সৰ্ববৃহত্‍।
    ওপৰৰ আলোচনাৰ পৰা এই কথা স্পষ্ট হ’ল যে ভাৰতবৰ্ষই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উন্নয়নশীল ৰাষ্ট্ৰসমূহে যাতে শক্তিশালী ৰূপত পাৰিবেশিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত একত্ৰিত ভাৱে স্থিতি প্ৰদৰ্শন কৰে, এই বিষয়টোও জোৰ দি আহিছে।

3. 'বিশ্বজনীন উমৈহতীয়া' মানে কি বুজা? 'বিশ্বজনীন উমৈহতীয়া'ৰ ৰক্ষণা-বেক্ষণাৰ বাবে তিনিটা ব্যৱস্থাৰ পৰামৰ্শ দিয়া।     1+3=4     HS-2012,2014
উত্তৰ:- বিশ্বজনীন উমৈহতীয়া বুলিলে সেইবোৰ সম্পদক বুজোৱা হয় যিবোৰ কোনো গোট, গোষ্ঠী অথবা সম্প্ৰদায়ে সমূহীয়াভাৱে ভোগ কৰিব পাৰে। যেনে— সমূহীয়া কোঠা, সমূহীয়া কেন্দ্ৰ, নদী, উদ্যান, পাহাৰ আদি। ঠিক সেইদৰে বিশ্বত এনে কিছুমান অঞ্চল বা স্থান আছে যিবোৰ বিশেষভাৱে কোনো সাৰ্বভৌম ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয়। সেয়ে এই স্থান, অঞ্চল অথবা সম্পদৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সমূহীয়া শাসনৰ প্ৰয়োজন। এই স্থান, অঞ্চল তথা সম্পদ সমূহক বিশ্বজনীন সমূহীয়া বা উমৈহতীয়া বোলা হয়। বিশ্বৰ এনে সামূহিক সম্পদ সমূহৰ ভিতৰত পৃথিৱীৰ বায়ুমণ্ডল, এণ্টাৰটিকা মহাদেশ, আকাশমাৰ্গ, বৰফাবৃত অঞ্চল আদি অন্যতম।
বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় তিনিটা ব্যৱস্থা তলত আলোচনা কৰা হ’ল—
(ক) বিশ্বৰ উত্তৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ মাজত সংঘাত আছে। সেইবাবে উত্তৰৰ আৰু দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ সহযোগিতা বৃদ্ধি আৰু পাৰম্পৰিক সম্পৰ্ক স্থাপন কৰিব লাগে।
(খ) উপকূলীয় অঞ্চলত জনবসতিৰ পৰিমাণ হ্ৰাস কৰি প্ৰদূষণ ৰোধ কৰা।
(গ) এই উমৈহতীয়া ৰক্ষণা-বেক্ষণৰ বাবে সকলোবোৰ দেশৰে সম্পূৰ্ণ সহায় সহযোগিতাৰ প্ৰয়োজন। উমৈহতীয়া সম্পদসমূহৰ দ্বায়িত্ব সকলোৱে ল’ব লাগিব।

4. সম্পদৰ ভূ-ৰাজনীতিৰ বিষয়ে সমালোচনামূলক আলোচনা কৰা।     HS-2015  6
উত্তৰ:- সম্পদক কেন্দ্ৰ কৰি প্ৰাকৃতিক সম্পদত চহকী বিশ্বৰ বিভিন্ন দেশত বিশেষকৈ তৃতীয় বিশ্বত গঢ়ি উঠা সংঘাত আৰু ইয়াৰ বিশ্বজোৰা ব্যাপ্তিকে সম্পদকেন্দ্ৰিক ভৌগেলিক ৰাজনীতি বুলিব পাৰি। সম্পদক কেন্দ্ৰ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঘটনা প্ৰবাহ সংঘটিত হোৱা দেখা যায়। উল্লেখযোগ্য যে সম্পদ আহৰণৰ উদ্দেশ্যেই ইউৰোপীয়ান শক্তিয়ে সমগ্ৰ বিশ্বজুৰি নিজৰ বিস্তাৰ কৰিছিল। তাৰোপৰি, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সম্পদৰ গইনা লৈ বিভিন্ন ৰাষ্ট্ৰৰ মাজত বিবাদ হোৱাৰ বিষয়েও আমি শুনিবলৈ পাওঁ। এইখিনিতে উল্লেখযোগ্য যে সাগৰীয় জাহাজ আৰু সমুদ্ৰৰ সিপাৰৰ সম্পদক কেন্দ্ৰ কৰি আন দেশৰ লগত গঢ়ি উঠা বাণিজ্য, যুদ্ধ আৰু ক্ষমতাকেন্দ্ৰিক সম্পৰ্কৰ ওপৰত পশ্চিমীয়া দেশসমূহৰ ভৌগোলিক ৰাজনীতি বহু পৰিমাণে নিৰ্ভৰ কৰে।
    শীতল যুদ্ধৰ সময়লৈ লক্ষ্য কৰিলে দেখা যায় য়ে সেই সময়ছোৱাত উত্তৰৰ উদ্যোগপ্ৰধান দেশসমূহে সম্পদৰ নিৰৱধি প্ৰবাহ সুনিশ্চিত কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। এই দেশসমূহে খনিজ সম্পদ থকা ঠাইসমূহত সশস্ত্ৰ বাহিনীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে সাগৰীয়া পথেদি যাতায়াত ব্যৱস্থা সূচল কৰি তোলাত গুৰুত্ব দিছিল।
    এই সংক্ৰান্তত আমি সমূদ্ৰগৰ্ভৰ তেল আৰু দক্ষিণ তথা মধ্য আফ্ৰিকাৰ খনিজাত সামগ্ৰীৰ ওপৰত থকা পশ্চিমীয়া দেশৰ নিয়ন্ত্ৰণৰ বিষয়ে উল্লেখ কৰিব পাৰো।
    বিংশ শতিকাৰ সময়ছোৱাত বিশ্ব অৰ্থনীতি বিশেষভাৱে তেলৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠিছিল। কিন্তু প্ৰাকৃতিক সম্পদ হিচাপে তেলৰ ওপত নিয়ন্ত্ৰণক লৈ ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ হোৱাও দেখা যায়। এই দিশৰ পৰা পেট্ৰ’লিয়ামৰ এই সংক্ৰান্তত আমি সমূদ্ৰগৰ্ভৰ তেল আৰু দক্ষিণ তথা মধ্য আফ্ৰিকাৰ খনিজাত সামগ্ৰীৰ ওপৰত থকা পশ্চিমীয়া দেশৰ নিয়ন্ত্ৰণৰ বিষয়ে উল্লেখ কৰিব পাৰো। বিংশ শতিকাৰ সময়ছোৱাত বিশ্ব অৰ্থনীতি বিশেষভাৱে তেলৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠিছিল। কিন্তু প্ৰাকৃতিক সম্পদ হিচাপে তেলৰ ওপত নিয়ন্ত্ৰণক লৈ ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ হোৱাও দেখা যায়। এই দিশৰ পৰা পেট্ৰ’লিয়ামৰ ইতিহাসক যুদ্ধ আৰু সংঘৰ্ষৰ ইতিহাস বুলিও ক’ব পাৰিইতিহাসক যুদ্ধ আৰু সংঘৰ্ষৰ ইতিহাস বুলিও ক’ব পাৰি।
    তেলৰ দৰে পানীও বিশ্ব ৰাজনীতিত এক উল্লেখযোগ্য প্ৰকৃতিক সম্পদ। পৃথিৱীৰ সকলো অঞ্চলতে পানী উপলব্ধ হ’লেও অঞ্চলভেদে ইয়াৰ গুণা-গুণৰ তাৰতম্য দেখা যায়। সেয়েহে পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ মাজত অংশীদাৰীত্ব থকা জল সম্পদক কেন্দ্ৰ কৰি সংঘাত গঢ়ি উঠাৰ সম্ভাৱনা গাঢ় কৰি তুলিছে। কিছুমান চিন্তাবিদে এনে ধৰণৰ সংঘৰ্ষক জল যুদ্ধ (Water War) হিচাপে নামাকৰণ কৰিছে।
    ১৯৫০ আৰু ১৯৬০-ৰ সময়ছোৱাত ইজৰাইল, ছিৰিয়া আৰু জৰ্দান এই তিনিওখন ৰাষ্ট্ৰই জৰ্দান (Jordan) আৰু য়াৰ্মুক (Yarmuk) নদীৰ পানী নিজ নিজ ৰাষ্ট্ৰৰ দিশে বোঁৱাই আনিবৰ বাবে চেষ্টা চলাইছিল, যাৰ ফলত তিনিওখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ সদৃশ পৰিবেশে গা কৰি উঠিছিল।
    প্ৰাকৃতিক সম্পদসমূহে ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

5. সম্পদৰ ভূ-ৰাজনীতি মানে কি? বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম উল্লেখ কৰা। HS-2013 2+2=4
উত্তৰ:-সম্পদৰ ভূ-ৰাজনীতিৰ অৰ্থ হ’ল প্ৰাকৃতিক সম্পদসমূহ কোনে, কিমান, ক’ত আৰু কেনেকৈ লাভ অথবা উপভোগ কৰিব। অৰ্থাত্‍ সম্পদক কেন্দ্ৰ কৰি প্ৰাকৃতিক সম্পদত চহকী বিভিন্ন দেশত বিশেষকৈ তৃতীয় বিশ্বত গঢ়ি উঠা সংঘাত আৰু ইয়াৰ বিশ্বজোৰা ব্যাপ্তিকে সম্পদ কেন্দ্ৰিক ভৌগোলিক ৰাজনীতি বা সম্পদৰ ভূ-ৰাজনীতি বোলে।
    বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম হ’ল— তেল আৰু পানী।

6. উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা মানে কি? চমুকৈ আলোচনা কৰা।     HS-2017 4
উত্তৰ:- উত্তৰ বিশ্ব অৰ্থাত্‍ উন্নত ৰাষ্ট্ৰসমূহে পাৰিপাৰ্শ্বিক সমস্যাসমূহ বৰ্তমান সময়ৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰাৰ লগতে এই ক্ষেত্ৰত সকলো ৰাষ্ট্ৰৰে সম পৰিমাণৰ দায়ৱদ্ধতা দাবী কৰে। অন্যহাতে দক্ষিণৰ বিশ্বৰ অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মতে বৰ্তমান সময়ত জীৱজগতৰ প্ৰতি সৃষ্টি হোৱা প্ৰত্যাহ্বান তথা সমস্যাসমূহৰ বাবে প্ৰধানতঃ উন্নত দেশসমূহৰ ঔদ্যোগিক আৰু উন্নয়নমূলক কাম-কাজসমূহেই জগৰীয়া। সেয়েহে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত উন্নত দেশসমূহৰ দায়বদ্ধতা আন দেশৰ তুলনাত অধিক হোৱা উচিত। উন্নয়নশীল দেশসমূহ উদ্যোগীকৰণৰ ক্ষেত্ৰত বৰ্তমানেও চালুকীয়া অৱস্থাতেই আছে। সেয়েহে আন্তৰ্জাতিক পাৰিপাৰশ্বিক আইনসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত উন্নয়নশীল দেশসমূহে বিশেষভাৱে ৰেহাই পোৱা প্ৰয়োজন। উল্লেখনীয় যে ১৯৯২ চনৰ ৰিঅ’ সন্মিলনত এই যুক্তি মানি লোৱা হয়। ইয়াক "উমৈহতীয়া অথচ পৃথক দায়বদ্ধতা" (Common but Differentiated Responsibilities) বুলি  জনা যায়।
       ৰিঅ’ ঘোষণা-পত্ৰত উল্লেখ কৰা অনুসৰি, জৈৱ বৈচিত্ৰৰ সংৰক্ষণ, ৰক্ষণা-বেক্ষণ আৰু সুস্থিৰকৰণত বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰই সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব। পৰিৱেশ বিনষ্টকৰণত সকলো ৰাষ্ট্ৰ সমানভাৱে জগৰীয়া নহয়। সেয়েহে সকলো ৰাষ্ট্ৰৰে পাৰিপাৰ্শ্বিকতা সংৰক্ষণত উমৈহতীয়া দায়বদ্ধতা থাকিলেও ইয়াৰ পৰিমাণ প্ৰত্যেকৰে বাবে পৃথক পৃথক হ’ব। ১৯৯২ চনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ আধাৰ সভা (United Nations Framework Convention on Climate Change, 1992)-ত কোৱা হয় যে "সমতা আৰু উমৈহতীয়া তথা পৃথক দায়বদ্ধতাৰ ভিত্তিত" সকলোৱেই জলবায়ু সংৰক্ষণৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।

7. খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিৱশৰ মাজত সম্পৰ্ক কি? চমুকৈ আলোচনা কৰা। HS-2018, 2020 4
উত্তৰঃ-খিলঞ্জীয়া জনসাধাৰণ বুলিলে কোনো এক অঞ্চলত বহু যুগ ধৰি স্থায়ীভাবে বসবাস কৰা লোকক বুজোৱা হয়। ৰাষ্ট্ৰসংঘৰ দিয়া সংঞ্জা অনুসৰি, পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সংস্কৃতি তথা নৃ-গোষ্ঠীয় মূলৰ পৰা লোকসকলৰ প্ৰৱজন ঘটাৰ সময়ত কোনো এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগোষ্ঠীৰ উত্তৰপুৰুষসকলক সেই অঞ্চলৰ থলুৱা অধিবাসী বুলি জনা যায়। থলুৱা অধিবাসীকলৰ নিজা সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ৰীতি-নীতি আৰু পৰম্পৰাগত মূল্যবোধ থাকে।
    বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্তমান প্ৰায় ৩৭ কোটি খিলঞ্জীয়া লোক ৭০ খন ৰাষ্ট্ৰত বিস্তৃত হৈ আছে। মধ্য আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা, এছিয়া আদি মহাদেশৰ বিভিন্ন ৰাষ্ট্ৰত এই লোকসকলে বসতি স্থাপন কৰি আহিছে। বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰত খিলঞ্জীয়া লোক আছে যদিও সংখ্যাগত দিশৰ পৰা এই ৰাষ্ট্ৰসমূহত বাস কৰা লোকৰ সংখ্যা ভিন্ন। এই খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ অধিকাৰ সাম্যস্ত কৰাৰ বাবে সংগ্ৰাম কৰি আছে। ১৯০০ চনত প্ৰথমবাৰৰ বাবে খিলঞ্জীয়া লোকসকলে জনগোষ্ঠীয় ৰাজনৈতিক উদ্যোগ গ্ৰহণ কৰিছিল। ১৯৭৫ চনত 'খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ' (World Council of Indigenous People) গঠন হয়। ৰাষ্ট্ৰসংঘৰ পৰামৰ্শমূলক সংস্থাৰ মৰ্যাদা লাভ কৰা এঘাৰটা খিলঞ্জীয়া বেচৰকাৰী সংস্থাৰ ভিতৰত খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ প্ৰথম। খিলঞ্জীয়াসকলৰ ক্ৰমাগত দাবীৰ সঁহাৰি জনাই ৰাষ্ট্ৰসংঘই ২০০৭ চনৰ চেপ্টেম্বৰ মাহত খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ ঘোষণাপত্ৰ (UN Declaration on the Rights of Indigeneous People) গ্ৰহণ কৰে। বিগত দিনবোৰত খিলঞ্জীয়াসকলৰ ভূমিৰ অধিকাৰ খৰ্ব হোৱাৰ উপক্ৰম ঘটিছে।
    ভাৰতবৰ্ষত খিলঞ্জীয়া লোকসকলক সাধাৰণতে অনুসূচিত জনজাতি নামেৰে জনা যায়। ভাৰতীয় জনসংখ্যাৰ প্ৰায় আঠ শতাংশ এই অনুসূচিত জনজাতি সম্প্ৰদায়ৰ। এই লোকসকল ব্ৰিটিছ শাসনৰ সময়ৰ পৰা অন্যান্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। স্বাধীনতাৰ পিছতো এই লোকসকলৰ বিশেষ উন্নতি পৰিলক্ষিত হোৱা নাই।বিশেষকৈ বিকাশমূলক আঁচনিসমূহ কাৰ্যকৰীকৰণৰ সময়ত বৃহত্‍ হাৰত এই লোকসকল স্থানান্তৰিত হৈ আহিবলগীয়াত পৰিছে।

8. গোলকীয় উঞ্চতা বৃদ্ধি মানে কি? গোলকীয় উঞ্চতা বৃদ্ধিৰ কাৰণবোৰ কি কি?
উত্তৰঃ-পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বায়ুমণ্ডলক পৰা বাহিৰ হৈ যাব নোৱাৰি বায়ুমণ্ডলতে থাকে আৰু সেই গেছ সমূহকে সেউজ গৃহ গেছ বুলি কোৱা হয়। সেউজ গৃহ গেছসমূহ হ’ল— কাৰ্বণ-ডাই-অক্সাইড, মিথেন, ক্লৰ’ফ্ল’ৰকাৰ্বন (CFC), নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আৰু অজ’ন। এই সেউজগৃহ গেছসমূহে বায়ুমণ্ডলত এখন আৱৰণীৰ সৃষ্টি কৰি উঞ্চতা বৃদ্ধি কৰি পৰিঘটনাটোকেই গোলকীয় উঞ্চতা বৃদ্ধি বুলি কোৱা হয়।
    গোলকীয় উঞ্চতা বৃদ্ধিৰ কাৰণবোৰ এনেধৰণৰ—
(ক) যান-বাহন উদ্যোগ, কল-কাৰখানা আদিৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছ সমূহেও গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগায়।
(খ) কয়লা, খনিজ তেল আদি দহনৰ ফলত উত্পকত্তি হোৱা মিথেন, কাৰ্বন-ডাই-অক্সাইড গেছ আদিয়েও গোলকীয় উঞ্চতা বৃদ্ধি কৰে।

9. সেউজ গৃহ গেছ বুলিলে তুমি কি বুজা?             HS-2015        2
উত্তৰ:- পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বায়ুমণ্ডলৰ পৰা বাহিৰ হৈ যাব নোৱাৰি বায়ুমণ্ডলতে আৱদ্ধ হৈ থাকে আৰু সেই গেছসমূহকে গ্ৰীণহাউচ গেছ বোলে। যেনে— মিথেন, কাৰ্বন-ডাই-অক্সাইড, ক্লৰ’ফ্ল’ৰকাৰ্বন (CFC) আদি।

10. 'Agenda-21' (কাৰ্যসূচী-২১) মানে কি?

১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ’ দি জেনেইৰ’ চহৰত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সম্পৰ্কীয় সন্মিলনে অৰ্থাত্‍ 'বসুন্ধৰা সন্মিলনে' 'Agenda-21' (কাৰ্যসূচী-২১) শীৰ্ষক এলানি কৰ্মসূচী গ্ৰহণ কৰিছিল। এই 'Agenda-21' হ’ল 'বসুন্ধৰা সন্মিলনত আলোচিত হোৱা সমস্যাসমূহৰ মোকাবিলা কৰিবৰ বাবে চৰকাৰসমূহে গ্ৰহণ কৰিবলগীয়া স্বেচ্ছামূলক কাৰ্যব্যৱস্থাৰ এটা আৰ্হি। এই কাৰ্যসূচীৰ ভিতৰত আছে দৰিদ্ৰতাৰ সৈতে যুঁজিবৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টা, জনসংখ্যা বৃদ্ধিত বাধা প্ৰদান, মানৱ স্বাস্থ্যৰ উন্নতিকৰণ, বায়ুমণ্ডলৰ ৰক্ষণাবেক্ষণ, ভূমি সম্পদৰ পৰিকল্পনা আৰু পৰিচালনা, নিৰ্বননীকৰণৰ বিৰুদ্ধে যুঁজ, জীৱ-বৈচিত্ৰ্য সংৰক্ষণ ইত্যাদি।

11. ভূ-শীৰ্য সন্মিলনৰ বিষয়ে লিখা।
উত্তৰঃ- ১৯৯২ চনৰ জুন মাহত ব্ৰাজিলৰ ৰাজধানী চহৰ ৰিঅ’ দি জেনেইৰ’ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন বিষয়ক সভাখনে বিশ্ব ৰাজনীতিত পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহক গুৰুত্ব সহকাৰে প্ৰতিষ্ঠিত কৰাত প্ৰভূত বৰঙনি আগবঢ়ায়। বিশ্ব ১৭০ খন ৰাষ্ট্ৰ, হাজাৰোধিক বে-চৰকাৰী সংস্থা আৰু ভালেসংখ্যক বহুজাতিক প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰা এই ৰিঅ’ সভাখনক 'ভূ-শীৰ্ষ সন্মিলন' বুজি জনা যায়।
    'ভূ-শীৰ্ষ সন্মিলনে' জলবায়ু পৰিৱৰ্তন, জৈৱ-বৈচিত্ৰতা, বনানীকৰণ আদিৰ দৰে বিষয়সমূহ অন্তৰ্ভূক্ত কৰি এক ২১ দফীয়া কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু ই বহুতো অমীমাংসিত জটিল বিষয় এৰাই চলিলে। অৱশ্যে আৰ্থিক উন্নয়নৰ লগত পাৰিপাৰ্শ্বিক দায়বদ্ধতা সাঙুৰি লোৱাৰ ক্ষেত্ৰত ৰিঅ’ শীৰ্ষ সন্মিলনে ঐক্যমত পোষণ কৰে।
    ৰিঅ’ ঘোষণা পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে পৃথিৱীৰ পৰিস্থিতি তন্ত্ৰৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহে বিশ্ব-অংশীদাৰিত্বৰ ভাৱনাৰে উদ্বুদ্ধ হৈ সহযোগিতা কৰা উচিত।

12. গোলকীয় উঞ্চতা বৃদ্ধি মানে কি? গোলকীয় উঞ্চতা বৃদ্ধিৰ কাৰণবোৰ কি কি?
পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বায়ুমণ্ডলক পৰা বাহিৰ হৈ যাব নোৱাৰি বায়ুমণ্ডলতে থাকে আৰু সেই গেছ সমূহকে সেউজ গৃহ গেছ বুলি কোৱা হয়। সেউজ গৃহ গেছসমূহ হ’ল— কাৰ্বণ-ডাই-অক্সাইড, মিথেন, ক্লৰ’ফ্ল’ৰকাৰ্বন (CFC), নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আৰু অজ’ন। এই সেউজগৃহ গেছসমূহে বায়ুমণ্ডলত এখন আৱৰণীৰ সৃষ্টি কৰি উঞ্চতা বৃদ্ধি কৰি পৰিঘটনাটোকেই গোলকীয় উঞ্চতা বৃদ্ধি বুলি কোৱা হয়।
    গোলকীয় উঞ্চতা বৃদ্ধিৰ কাৰণবোৰ এনেধৰণৰ—
(ক) যান-বাহন উদ্যোগ, কল-কাৰখানা আদিৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছ সমূহেও গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগায়।
(খ) কয়লা, খনিজ তেল আদি দহনৰ ফলত উত্পলত্তি হোৱা মিথেন, কাৰ্বন-ডাই-অক্সাইড গেছ আদিয়েও গোলকীয় উঞ্চতা বৃদ্ধি কৰে।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »