-->

সমতা । Equality in Assamese

Questions Answers of AHSEC Solution for Class 11 Political Science সমতা । Equality. All the important questions answers are discussed in this article.



একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

সমতা
Equality

Class XI Political Science

Class 11 PolScience সমতা । Equality ৰ প্রশ্নোত্তৰ:-

            The questions answers of Class 11 Political Science : সমতা । Equality has been discussed in systematic way. There are approximately important 23 questions answers in this article.


1. অৰ্থনৈতিক সমতাৰ এটা উদাহৰণ দিয়া।     HS-2016
উত্তৰঃ- সকলো নাগৰিকৰে সমান সম্পত্তি।

2. আধুনিক উদাৰতাবাদৰ এটা বৈশিষ্ট্য লিখা।     HS-2018
উত্তৰঃ-আধুনিক উদাৰতাবাদ গণতান্ত্ৰিক সংগঠন আৰু চিন্তাধাৰাক সমৰ্থন কৰে।

3. সমতা মানে কি?                HS-2012
উত্তৰঃ-শব্দগত অৰ্থৰ ফালৰ পৰা সমতা শব্দই সকলো ক্ষেত্ৰতে সমতাক বুজায়। কিন্তু ৰাজনীতি বিজ্ঞানত সমতা শব্দটোৱে ৰাষ্ট্ৰৰ ভিতৰত বসবাস কৰা প্ৰতিজন নাগৰিকে সমান সা-সুবিধা আৰু সুযোগ লাভকৰা ব্যৱস্থাকহে বুজায়।

4. এক প্ৰকাৰৰ সমতাৰ নাম উল্লেখ কৰা।     HS-2013
উত্তৰঃ-ৰাজনৈতিক সমতা

5. ৰাজনৈতিক সমতা কি?     HS-2016 2
উত্তৰঃ-ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমান সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক সমতা (Political Equality) থকা বুজায়।
 
6. অৰ্থনৈতিক সমতা কি?
উত্তৰঃ-ধন-সম্পত্তি আৰু আয়ৰ সমতাকে অৰ্থনৈতিক সমতা বোলে।
 
7. সামাজিক সমতা কি?
উত্তৰঃ-সামাজিক সমতা মানে সকলো ব্যক্তি আৰু ব্যক্তিসমষ্টিৰ বাবে সামাজিক সা-সুবিধাৰ সমতা বুজায়।

8. সমতা আৰু স্বতন্ত্ৰতাক পৰস্পৰ বিপৰীতধৰ্মী বুলি গণ্য কৰা বিখ্যাত লিখক এজনৰ নাম লিখা।
উত্তৰঃ-

9. ফৰাচী বিপ্লৱৰ মূল বক্তব্য কি আছিল?
উত্তৰঃ-স্বতন্ত্ৰতা, সমতা আৰু ভ্ৰতৃত্ববোধ।

10. সমাজবাদৰ জনক কোন?
উত্তৰঃ-কাৰ্লমাৰ্ক্স (Karl Marx)

11. সমতাৰ তিনিটা দিশ উল্লেখ কৰা।     HS-2013
উত্তৰঃ-সামাজিক সমতা, ৰাজনৈতিক সমতা, অৰ্থনৈতিক সমতা

12. সমতা স্থাপনৰ মূল লক্ষ্য কি?
উত্তৰঃ-সমাজৰ সল্যাণ সাধন কৰা আৰু সমাজৰ পৰা শোষণ নিৰ্মূল কৰা।

13. দুই প্ৰকাৰৰ সমতাৰ নাম লিখা।
উত্তৰঃ-ৰাজনৈতিক সমতা আৰু অৰ্থনৈতিক সমতা

14. ভাৰতৰ বিখ্যাত সমাজবাদী নেতাজনৰ নাম লিখা।
উত্তৰঃ-ৰাম মনোহৰ লোহিয়া

15. ৰাম মনোহৰ লোহিয়া কোন মতবাদৰ সমৰ্থক আছিল?
উত্তৰঃ-

16. অসমতা নিৰাময়ৰ এটা উপায় উল্লেখ কৰা।
উত্তৰঃ-বিশেষ শ্ৰেণীৰ বিশেষ সুবিধাৰ উচ্ছেদ কৰা।

17. কাৰ্ল মাৰ্ক্সৰ সমতাৰ ধাৰণা লিখা।
উত্তৰঃ-কাৰ্ল মাৰ্ক্সে প্ৰতিষ্ঠিত কৰা অৰ্থনৈতিক ব্যৱস্থাটোক সমাদবাদ বুলি কোৱা হয়, য’ত উত্পা দনৰ আহিলাসমূহ, সম্পদৰ সম-বিতৰণ, চৰকাৰী পৰিকল্পনা আদি চৰকাৰ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়া হয়।

18. ৰাজনৈতিক সমতা কি?         HS-2016
উত্তৰঃ-গণতান্ত্ৰিক ৰাজনৈতিক সমাজত ৰাষ্ট্ৰৰ সকলো নাগৰিকক কিছুমান অধিকাৰ দিয়াটো সূচায়। অৰ্থাত্‍ ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমান সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক সমতা (Political Equality) থকা বুজায়। ৰাজনৈতিক সমতাই তলত উল্লেখ কৰা অধিকাৰক বুজায়ঃ-
(ক) জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগে
(খ) অৰ্হতাসম্পন্ন সকলো নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা পাব লাগে
(গ) অৰ্হতাসম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰীৰ কাৰণে আবেদন কৰাৰ অধিকাৰ পাব লাগে।

19. সমতাৰ অধিকাৰৰ ওপৰত এটা টোকা লিখা।     HS-2015
উত্তৰঃ-সমতাৰ অধিকাৰে জাতি, ধৰ্ম, লিংগ আদিৰ ভিত্তিত বৈষম্যমূলক আচৰণ কৰাটো নিষিদ্ধ কৰাটো বুজায়। এই অধিকাৰ অনুসৰি আইনৰ দৃষ্টিত সকলো সমান আৰু কোনো নাগৰিকৰ প্ৰতি বিশেষ সা-সুবিধা নকৰা বুজায়। ইয়াৰ জৰিয়তে সমাজত সকলো ক্ষেত্ৰত সমতা স্থাপন কৰিব বিচাৰে। ভাৰতীয় সংবিধানে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা দেখা যায়। চাকৰিৰ ক্ষেত্ৰতো চৰকাৰে পিছপৰা শ্ৰেণীসমূহৰ বাবে বিশেষ আৰক্ষণ নীতি গ্ৰহণ কৰিছে।

20. "অৰ্থনৈতিক সমতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন।" ব্যাখ্যা কৰা।     HS-2016 6
উত্তৰঃ- অৰ্থনৈতিক সমতাই আন সকলো সমতাৰ মূল ভেঁটি। সেইকাৰণে অৰ্থনৈতিক সমতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন। নাগৰিকসকলৰ মাজত অর্থনৈতিক সমতা নাথাকিলে আন আন সমতাবিলাকৰ তাৎপর্য কমি যায়। অর্থনৈতিক সমতাই সকলো নাগৰিকৰে সমান সম্পত্তি থকাক নুবুজায়। কর্মশক্তি, বিদ্যা-বুদ্ধি আদিৰ ক্ষেত্ৰত যিহেতু মানুহৰ মাজত প্ৰভেদ আছে, আর্থিক ক্ষেত্ৰতো মানুহৰ মাজত প্ৰভেদ থকাটো স্বাভাৱিক। অর্থাৎ যিজন ব্যক্তি অথবা শ্ৰেণীৰ মাজত সম্পদ, সম্পত্তি আৰু আয়ৰ ক্ষেত্ৰত প্ৰভেদ থাকে তেনে সমাজতে অসমতা বিৰাজ কৰে। সেয়ে অর্থনৈতিক সমতাই ঘাইকৈ দুটা কথাক বুজায়। নাৰাত্মকভাৱে প্ৰকাশ কৰিবলৈ হ'লে বিশেষ লোকৰ কাৰণে বিশেষ সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিব নালাগে। সকাৰাত্মকভাৱে প্ৰকাশ কৰিবলৈ হ'লে জীৱন-ধাৰণৰ বাবে নিম্নতম আর্থিক সুবিধা সকলোৱে পাব লাগে। এই দুটা ব্যৱস্থা থাকিলে অর্থনৈতিক সমতা থকা বুলি ক'ব পাৰি।
    আজিকালি বিশ্বৰ প্ৰায় সকলো গণতান্ত্ৰিক ৰাষ্ট্ৰই জনসাধাৰণক সমান সুযোগ-সুবিধা প্ৰদান কৰা দেখা যায়। কিয়নো, সমাজত সমতাৰ নীতি সুপ্ৰতিষ্ঠিত নহ'লে ধনীক শ্ৰেণীয়ে নিজা স্বাৰ্থত শাসনতন্ত্ৰক কৰায়ত্ব কৰিব। আকৌ আয়ৰ বণ্টনত বিৰাট পার্থক্য থাকিলে ক্ষমতা আৰু সম্পদ মুষ্টিমেয় ব্যক্তিৰ হাতত কেন্দ্ৰীভূত হ’ব। কিন্তু সমাজৰ দুখীয়া শ্ৰেণীৰ মাজতো যিসকলৰ প্ৰতিভা আছে তেওঁলোকক সমান সুবিধা দিলে তেওঁলোক যথেষ্ট সচেষ্ট হৈ নিজৰ অৱস্থাৰ উন্নতি সাধনত নিশ্চয় ব্ৰতী হ’ব।
    যুগ যুগ ধৰি উপেক্ষিত আৰু প্ৰতাৰিত শ্ৰেণীৰ লোকসকল সমাজৰ বাবে বেছি ভয়াবহ আৰু বিপদজনকো। সমাজত যদি অতি কম সংখ্যক ব্যক্তিয়ে শক্তি, সম্পদ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰি থাকে তেতিয়াহ'লে সমাজত অসমতা বৃদ্ধি হোৱাৰ লগতে বংশানুক্ৰমিকভাৱে দুখীয়া হৈ থকা শ্ৰেণীৰ লোকসকলে সমাজ বিভাজনৰ বাবে কৰা দাবীও উত্থাপিত হোৱাৰ আশংকাক নুই কৰিব নোৱাৰি। অর্থাৎ এনেকুৱা বিভিন্নতাই প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে হিংসাৰ আশ্ৰয় লয়। ভাৰতত বর্তমান চলি থকা মাওবাদী আন্দোলন, অন্যান্য আন্দোলনবিলাকক ইয়াৰে প্ৰতিফলন বুলি ক'ব পাৰি।

21. সমতাৰ তিনিটা প্ৰধান দিশ কি কি? ব্যাখ্যা কৰা।      HS-2019 6
(অথবা) সমতাৰ বিভিন্ন দিশবোৰ আলোচনা কৰা।     HS-2018 6
উত্তৰঃ-সমতাৰ তিনিটা (বিভিন্ন দিশবোৰ) প্ৰধান দিশবোৰ তলত আলোচনা কৰা হ’ল—
(ক) ৰাজনৈতিক সমতা (Political Equality) : গণতান্ত্ৰিক ৰাজনৈতিক সমাজত ৰাষ্ট্ৰৰ সকলো নাগৰিকক কিছুমান অধিকাৰ দিয়াটো সূচায়। অৰ্থাত্‍ ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমান সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক সমতা (Political Equality) থকা বুজায়। ৰাজনৈতিক সমতাই তলত উল্লেখ কৰা অধিকাৰক বুজায়ঃ-
(ক) জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগে
(খ) অৰ্হতাসম্পন্ন সকলো নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা পাব লাগে
(গ) অৰ্হতাসম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰীৰ কাৰণে আবেদন কৰাৰ অধিকাৰ পাব লাগে।
(খ) সামাজিক সমতা (Social Equality) : ৰাজনৈতিক সমতা আৰু আইনৰ চকুত সকলো সমান হ'ল ৰাষ্ট্ৰ এখনত সামাজিক সমতা প্ৰতিষ্ঠাৰ প্ৰথম পদক্ষেপ। বর্তমান সময়ত সুযোগৰ সমতাও কম-বেছি পৰিমাণে ইয়াৰ লগত জড়িত হৈ পৰিছে। মুঠতে সমাজত বসবাস কৰা বিভিন্ন জাতি, জনজাতি আৰু বিভিন্ন গোষ্ঠীৰ লোকৰ মাজত কোনো ধৰণৰ বৈষম্য নাথাকিলে সামাজিক সমতা থকা বুলি ক'ব পাৰি। আগৰ কালত জাতিভেদ প্ৰথা আছিল। কিছুমানে নিজকে উচ্চ আৰু আনক নীচ বুলি জ্ঞান কৰিছিল। গতিকে সেই সময়ত সামাজিক সমতা নাছিল। মানুহৰ মাজত সৃষ্টি হোৱা বিভিন্ন জাতি, উপজাতিৰ ফলতেই সাধাৰণতে সমাজত এনে অসমতাৰ সৃষ্টি হয়। গতিকে সামাজিক সমতা প্ৰতিষ্ঠা কৰিবলৈ হ'লে জাতিৰ ভিত্তিত বা জন্মৰ ভিত্তিত মানুহৰ মাজত ডাঙৰ-সৰু, উচ্চ-নীচৰ ভাব থাকিব নালাগে। সমাজৰ সকলো স্তৰৰ মানুহৰ সমান অর্থনৈতিক সা-সুবিধা থাকিব লাগে।
(গ) অর্থনৈতিক সমতা (Economic Equality) : অৰ্থনৈতিক সমতাই আন সকলো সমতাৰ মূল ভেঁটি। নাগৰিকসকলৰ মাজত অর্থনৈতিক সমতা নাথাকিলে আন আন সমতাবিলাকৰ তাৎপর্য কমি যায়। অর্থনৈতিক সমতাই সকলো নাগৰিকৰে সমান সম্পত্তি থকাক নুবুজায়। কর্মশক্তি, বিদ্যা-বুদ্ধি আদিৰ ক্ষেত্ৰত যিহেতু মানুহৰ মাজত প্ৰভেদ আছে, আর্থিক ক্ষেত্ৰতো মানুহৰ মাজত প্ৰভেদ থকাটো স্বাভাৱিক। অর্থাৎ যিজন ব্যক্তি অথবা শ্ৰেণীৰ মাজত সম্পদ, সম্পত্তি আৰু আয়ৰ ক্ষেত্ৰত প্ৰভেদ থাকে তেনে সমাজতে অসমতা বিৰাজ কৰে। সেয়ে অর্থনৈতিক সমতাই ঘাইকৈ দুটা কথাক বুজায়। নাৰাত্মকভাৱে প্ৰকাশ কৰিবলৈ হ'লে বিশেষ লোকৰ কাৰণে বিশেষ সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিব নালাগে। সকাৰাত্মকভাৱে প্ৰকাশ কৰিবলৈ হ'লে জীৱন-ধাৰণৰ বাবে নিম্নতম আর্থিক সুবিধা সকলোৱে পাব লাগে। এই দুটা ব্যৱস্থা থাকিলে অর্থনৈতিক সমতা থকা বুলি ক'ব পাৰি।

22. 'আইনৰ চকুত সমান' বুলিলে তুমি কি বুজা?         HS-2015
উত্তৰঃ-ৰাজনৈতিক সমতা আৰু আইনৰ চকুত সকলো সমান হ'ল ৰাষ্ট্ৰ এখনত সামাজিক সমতা প্ৰতিষ্ঠাৰ প্ৰথম পদক্ষেপ। সমাজত বসবাস কৰা বিভিন্ন জাতি, জনজাতি আৰু বিভিন্ন গোষ্ঠীৰ লোকৰ মাজত কোনো ধৰণৰ বৈষম্য নাথাকিলে সামাজিক সমতা থকা বুলি ক'ব পাৰি। দেশৰ সংবিধানৰ দ্বাৰা ধনী-দুখীয়া, উচ্চ-নীচ, থকা-নথকা সকলোৱে সমান সুযোগ-সুবিধা লাভ কৰাৰ লগতে একে দোষৰ বাবে সকলো ব্যক্তি সমানে দোষী হোৱাটোক আইনৰ চকুত সমান বুলি কোৱা হয়।

23. সকাৰাত্মক সমতা আৰু নকাৰাত্মক সমতা বিষয়ে বৰ্ণনা কৰা।         HS-2011
সকাৰাত্মক সমতা মানে হ'ল সকলো লোকৰ কাৰণে সুযোগ-সুবিধা মুকলি থাকিব লাগে, বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে। বিশেষ সুযোগ-সুবিধাৰ ব্যৱস্থা থাকিব নালাগে। জীয়াই থকাৰ কাৰণে নিম্নতম সুবিধা সকলো লোকেই পাব লাগে। আনহাতে নকাৰাত্মক সমতা মানে কোনো শ্ৰেণীৰ লোককে সমান সুযোগ-সুবিধা পোৱাৰ পৰা বঞ্চিত কৰিব নালাগে। অৰ্থাত্‍ জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিংগ, সম্প্ৰদায় আদিৰ ভিত্তিত সমাজৰ কোনো লোকক কোনো ধৰণৰ সুযোগ-সুবিধা পৰা বঞ্চিত কৰাটো অনুচিত।

 

Part-A/ক-অংশ

Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese

Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.

Previous
Next Post »