-->

জাতীয়তাবাদ । Nationalism in Assamese

Questions Answers of AHSEC Solution for Class 11 Political Science জাতীয়তাবাদ । Nationalism. All the important questions answers are discussed in this article.

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

জাতীয়তাবাদ
Nationalism

Class XI Political Science

Class 11 PolScience জাতীয়তাবাদ । Nationalism ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 11 Political Science : জাতীয়তাবাদ । Nationalism has been discussed in systematic way. There are approximately important 32 questions answers in this article.


1. জাতি মানে কি?                 HS-2018
উত্তৰঃ- বাৰ্কাৰ (Barker)-ৰ মতে “কোনো নির্দিষ্ট ভূ-খণ্ডত একে উদ্দেশ্যৰে বাস কৰা কিছুমান লোকৰ সমষ্টিয়ে হৈছে জাতি”

2. জাতি আৰু জাতীয়তাৰ মাজৰ দুটা প্রভেদ উল্লেখ কৰা।
উত্তৰঃ- (ক) জাতিয়ে ৰাজনৈতিক সংগঠনক বুজায়। কোনো এটা জাতিয়ে এখন ৰাষ্ট্র গঠন কৰিব পাৰে। জাতীয়তাৰ লগত ৰাজনৈতিক সংগঠনৰ কথা জড়িত নাথাকে।
(খ) জাতীয়তাই ৰাজনৈতিকভাৱে সংগঠিত হৈ এটা জাতি গঠন কৰিব পাৰে। হেইজ (Hayes)-ৰ মতে, “এটা জাতীয়তাই ঐক্য আৰু সার্বভৌম স্বাধীনতা আহৰণ কৰি জাতি গঠন কৰে”

3. জাতীয়তাবাদৰ এটা গুণ লিখা।    HS-2013
উত্তৰঃ-জাতিয়তাবাদে জাতি বা ৰাষ্ট্ৰক এক হৈ যিকোনো সমস্যাৰ সন্মুখীন হোৱাত সহায় কৰে।

4. জাতিবাদৰ যিকোনো এটা উপাদান উল্লেখ কৰা।         
উত্তৰঃ- উমৈহতীয়া বাসস্থান

5. নেচো (Natio) কি ভাষাৰ শব্দ?
উত্তৰঃ-লেটিন ভাষাৰ শব্দ

6. নেচো (Natio) শব্দৰ অৰ্থ কি?
উত্তৰঃ-জন্ম

7. জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ এজন সমৰ্থকৰ নাম লিখা।
উত্তৰঃ-

8. "এক জাতি এক ৰাষ্ট্ৰ" নীতি মানে কি বুজা? এই নীতিৰ ভিত্তিত ৰাষ্ট্ৰ গঠন কৰাৰ তিনিটা সুবিধা লিখা।
উত্তৰঃ-

9. জাতি হৈছে ৰাষ্ট্ৰ আৰু ____ সংমিশ্ৰণ।
উত্তৰঃ-জাতিয়তাৰ

10. জাতিক মূল ভিত্তি কি?
উত্তৰঃ-ৰাজনৈতিক চেতনা আৰু জাতীয়তাবোধ।

11. তলত কোনখন ৰাষ্ট্ৰ একত্ৰীকৰণৰ দ্বাৰা গঠিত হৈছিল?
    (ক) ফ্ৰান্স        (খ) আমেৰিকা
    (গ) জাৰ্মানী    (ঘ) ভাৰত

উত্তৰঃ-জাৰ্মানী

12. ইউৰোপৰ এনে দুখন দেশৰ নাম লিখা যি কেইখন একত্ৰীকৰণ আৰু সীমা দৃঢ়কৰণ প্ৰক্ৰিয়াৰ ফলস্বৰূপে গঠন হৈছিল?
উত্তৰঃ-জাৰ্মানী আৰু ইটালী

13. শ্ৰীলংকাৰ কোনটো জনগোষ্ঠীয়ে নিজস্ব দেশ গঠনৰ বাবে পৃথকতাবাদী আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰঃ-তামিলসকলে

14. জাতিয়ে নিজৰ গৃহভূমিক কেনেদৰে নামকৰণ কৰে?
উত্তৰঃ- মাতৃভূমি, পিতৃভূমি বা পৱিত্ৰ ভূমি

15. জাৰ্মানসকলে তেওঁলোকৰ দেশখনক কি হিচাপে বিবেচনা কৰিছিল?
উত্তৰঃ-পিতৃভূমি

16. তিনিটা উমৈহতীয়া ৰাজনৈতিক আদৰ্শ উল্লেখ কৰা।
উত্তৰঃ- গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু উদাৰনৈতিকতা।

17. গণতন্ত্ৰত প্ৰতিপালিত দুটা আদৰ্শ উল্লেখ কৰা।
উত্তৰঃ- সকলোৰে প্ৰতি সম-আচৰণ আৰু সকলোৰে স্বাধীনতাৰ অধিকাৰ।

18. কিমান চনত পোলেণ্ড দ্বি-খণ্ডিতকৰণ হৈছিল?
উত্তৰঃ-1972 চনত।

19. জাতীয়তাবাদ বুলিলে কি বুজা? এটা বাক্যত উত্তৰ দিয়া।
উত্তৰঃ-“জাতীয়তাবাদ হল এটা সাদৃশ্য আৰু ঐক্যৰ অনুভূতি” (ৰাচেল)।

20. জাতীয়তাবাদৰ বিকাশত অৰিহণা আগবঢ়োৱা চাৰিটা কাৰক উল্লেখ কৰা। 2017
উত্তৰঃ- (ক) জাতীয়তাবাদৰ উগ্ৰ ভাবধাৰাই গভীৰ আনুগত্যৰ জন্ম দিয়াৰ লগতে আন জাতি আৰু দেশৰ বাবে অবিচাৰ কৰিব পাৰে। জাতীয় প্রেমে মানুহক একত্রিত কৰাৰ লগতে তেওঁলোকৰ মাজত বিভাজনৰ সৃষ্টি কৰে।
(খ) ইতিহাসৰ পাত মেলিলে দেখা যায় যে ১৭৭২ চনত পোলেণ্ড দ্বি-খণ্ডিতকৰণ আৰু জার্মানীৰ একত্ৰীকৰণে (unification of Germany) জাতীয়তাবাদ সৃষ্টিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। ফৰাচী বিপ্লৱৰ পিছত সেই দেশৰ জনসাধাৰণৰ মাজত এক বিশেষ জাতীয়তাবাদ পৰিলক্ষিত হয়।
(গ) ইংলেণ্ড আৰু ৰোমৰ মাজত সংঘটিত হোৱা ধর্মযুদ্ধ আৰু ফ্ৰান্সৰ লগত হোৱা এশবছৰীয়া যুদ্ধই ইংৰাজ জাতিৰ মনত জাতীয়তাবাদৰ সৃষ্টি কৰে। ইংৰাজসকলে তেতিয়াৰে পৰা নিজকে এটা সুকীয়া জাতি বুলি ভাবিবলৈ ল’লে। ফ্রান্সতা সেই একেদৰে জাতীয়তাবাদৰ ভাবৰ সৃষ্টি হয়।
(ঘ) জাতীয়তাবাদ সৃষ্টিৰ মূল উৎস নৱজাগৰণৰ যুগ বুলি কোৱা হয়। নৱজাগৰণৰ পোহৰত জাতীয় চেতনাৰ অভ্যূত্থান। ঘটে। মানুহৰ মনত জাতীয়তাবাদৰ সৃষ্টি হ’ব ধৰে।
(ঙ) জাতীয়তাবাদী ভাবধাৰাই ক্রমাগতভাৱে বিভিন্ন পর্যায় অতিক্ৰম কৰি আহিছে। দ্বিতীয় মহাসমৰৰ পিছৰ পৰা ইউৰোপ মহাদেশৰ এই জাতীয়তাবাদীয়ে বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। লেটিন আমেৰিকাতো নতুন নতুন বহুবিলাক ৰাষ্ট্ৰৰ সৃষ্টি হৈছে।
(চ) জাতীয়তাবাদী ভাবধাৰাই এচিয়া আৰু আফ্রিকাৰ বহুবিলাক দেশক বিদেশী শাসন মুক্ত কৰি জাতীয় ৰাষ্ট্র গঠনত সহায়ক হৈছিল। আমাৰ দেশ ভাৰতেও জাতীয়তাবাদী সংগ্রাম কৰি বৃটিছ শাসন মুক্ত হৈছিল।

21. জাতি আৰু ৰাষ্ট্রৰ মাজৰ চাৰিটা পার্থক্য লিখা।
উত্তৰঃ-কেতিয়াবা কেতিয়াবা জাতি আৰু ৰাষ্ট্র একে অর্থত ব্যৱহাৰ কৰা দেখা যায়। কিন্তু ৰাজনীতি বিজ্ঞানত প্ৰতিটো শব্দৰ নিজস্ব অর্থ আছে। উভয়ৰ মাজত কিছুমান উল্লেখযোগ্য পার্থক্য আছে।
(ক) ৰাষ্ট্ৰ গঠনৰ কাৰণে চাৰিটা উপাদানৰ প্রয়োজন হয়— জনসংখ্যা, নির্দিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সার্বভৌমত্ব। আনহাতে, জাতি বুলিলে ৰাজনৈতিকভাৱে সংগঠিত জনসমাজক বুজায়।
(খ) চৰকাৰৰ জৰিয়তে ৰাষ্ট্রৰ ক্ষমতা আৰু ইচ্ছা প্রকাশিত হয়। চৰকাৰ হ’ল ৰাষ্ট্ৰৰ যন্ত্র বা মুখপাত্র। জাতিৰ তেনে কোনো মাধ্যম নাই।
(গ) জনসাধাৰণৰ আনুগত্যৰ ওপৰত ৰাষ্ট্র প্রতিষ্ঠিত। আনহাতে জনসাধাৰণৰ নিজকে ঐক্যবদ্ধ কৰাৰ চেতনাৰ ওপৰত জাতিৰ ভেঁটি প্রতিষ্ঠিত।
(ঘ) ৰাষ্ট্র ব্যক্তিৰ বাহ্যিক কার্য-কলাপৰ লগত জড়িত থাকে। কিন্তু জাতি গঠনৰ ধাৰণাটো মানুহৰ মানসিক অনুভূতিৰ লগতহে জড়িত থাকে।

22. জাতীয়তা গঠনৰ মৈলিক উপাদানসমূহ কি কি?
(অথবা) জাতীয়তাবাদৰ চাৰিটা উপাদান উল্লেখ কৰা।         HS-2015 4
(অথবা) জাতিৰ দুটা উপাদান উল্লেখ কৰা।             HS-2019 2

উত্তৰঃ- জাতীয়তাই সৃষ্টিত বিভিন্ন উপাদানে সহায় কৰে। তুলত সেইবোৰ আলোচনা কৰা হ’ল।
(ক) উমৈহতীয়া বাসস্থান (Common Residence):-
    উমৈহতীয়া বাসস্থান জাতীয়তা গঠনৰ এটা আৱশ্যকীয় উপাদান। একে ঠাইতে বহুদিন ধৰি বাস কৰাৰ ফলত মানুহৰ মাজত একতাৰ ভাব গঢ়ি উঠে আৰু এই একতাই জাতীয়তাৰ সৃষ্টি কৰাত ভালেখিনি বৰঙণি যোগায়।
(খ) সম-উদ্ভৱ (Common Origin):-
    জাতীয়তা সৃষ্টিৰ ক্ষেত্ৰত সম-উদ্ভৱ অর্থাৎ বংশগত ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। একে বৰ্ণৰ লোকসকলৰ মাজত সহজতে জাতীয়তাৰ ভাব গঢ়ি উঠে। একে বংশজাত মানুহৰ মাজত ঐক্যবদ্ধ হোৱাৰ প্রৱণতা বেছি।
(গ) উমৈহতীয়া ভাষা (Common Language):
ভাষাই মানুহৰ মাজত একতাৰ ভাব সৃষ্টি কৰাত ভালেখিনি বৰঙণি যোগায়। একে ভাষা-ভাষী মানুহৰ মাজত সহজতে জাতীয়তাৰ ভাব গঢ়ি উঠিব পাৰে। সেয়ে ভাষাগত ঐক্য জাতীয়তা গঠনৰ অন্যতম মৌলিক উপাদান বুলি ক’ব পাৰি।
(ঘ) উমৈহতীয়া ধর্ম (Common Religion):
মানুহৰ মাজত জাতীয়তাৰ ভাবৰ সৃষ্টি কৰাত ধৰ্মৰ অৱদানো কম নহয়। একে ধৰ্মৰ মানুহৰ মাজত সচৰাচৰ ঐক্যভাব পৰিলক্ষিত হয় আৰু ইয়াৰ ফলত জাতীয়তা সৃষ্টি হোৱা সহজ হৈ পৰে।

23. জাতীয়তাবাদৰ চাৰিটা সীমাবদ্ধতা লিখা।         HS-2016 4
   জাতীয়তাবাদৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।                HS-2018 2

উত্তৰঃ- জাতীয়তাবাদৰ সমৰ্থনত বিভিন্ন যুক্তি আগবঢ়োৱা হৈছে যদিও ইয়াৰ দোষবিলাকো উপেক্ষা কৰিব নোৱাৰি। বহুবিলাক চিন্তাবিদে জাতীয়তাবাদক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।
(ক) কৃত্রিম জাতিপ্রেমঃ
অধ্যাপক হায়েচ (Hayes)-ৰ মতে “বিকৃত জাতীয়তাবাদ হ’ল কৃত্রিম আৰু ভণ্ড জাতিপ্রেম। এনে বিকৃত জাতীয়তাবাদ সমাজ আৰু সভ্যতাৰ শত্ৰুত পৰিণত হয়। উগ্র জাতীয়তাবাদে দেশৰ তথা দহৰ ক্ষতিসাধন কৰে।”
(খ) সভ্যতাৰ অগ্ৰগতিৰ পথত প্রতিবন্ধকঃ
    উগ্র জাতীয়তাবাদে নিজৰ সম্পর্কে গর্ববোধ আৰু অন্যান্য জাতিৰ প্ৰতি ঘিণভাৰ জন্মৰ উদগণি দিয়ে। ফলত মানৱ সভ্যতাৰ সমুখত সংকটে দেখা দিয়ে।
(গ) সাম্রাজ্যবাদৰ আশংকাঃ
উগ্র জাতীয়তাবাদে সাম্রাজ্যবাদৰ জন্ম দিয়ে। উগ্র জাতীয়তা ভাবেৰে উন্মুক্ত হৈ শক্তিশালী জাতিবিলাকে সাম্রাজ্যবাদৰ লিপ্সা চৰিতাৰ্থ কৰাৰ বাবে ব্যস্ত হৈ পৰে। ফলত দুর্বল ৰাষ্ট্ৰবিলাক শক্তিশালী ৰাষ্ট্ৰবিলাকৰ উপনিৱেশত পৰিণত হয়।
(ঘ) বৈষম্যৰ সৃষ্টিঃ-
    উগ্ৰ জাতীয়তাবাদে এটা জাতিক অন্ধ আৱেগৰ দ্বাৰা সংকীৰ্ণ পথত পৰিচালিত কৰে। ফলত এটা জাতি সৰ্বাঙ্গীন আৰু বৈচিত্ৰ্যময় উন্নতি ব্যাহত হয়।

 

Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.

 

Previous
Next Post »