-->

সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । Security in the Contemporary world

Questions Answers of AHSEC Solution for Class 12 Political Science সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । Security in the Contemporary world. All the important questions answers are discussed in this article.

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা

Security in the Contemporary world

Class 12 Political Science

Political Science সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । Security in the Contemporary world ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । Security in the Contemporary world has been discussed in systematic way. There are approximately important 35 questions answers in this article.

1. মানৱজাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা।         HS-2016
উত্তৰ:- মানৱজাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি হ'ল— বিশ্বৰ দৰিদ্ৰতা আৰু সন্ত্ৰসাবাদ।

2. মানৱ নিৰাপত্তাৰ প্ৰতি যিকোনো নতুন ভাবুকি এটা লিখা।          HS-2018
উত্তৰ:- সন্ত্ৰাসবাদীসকলে কৰা বলপূৰ্বক বিমান অপহৰণ, জনসমাগম ঠাইত বোমা বিস্ফোৰণ।

3. নিম্নলিখিত ৰাষ্ট্ৰসংঘৰ কোনটো পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ দিশটো চোৱা-চিতা কৰে?         HS-2018
(i) নিৰস্ত্ৰীকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সমিতি
(ii) আন্ত:ৰাষ্ট্ৰীয় পাৰমাণৱিক ইন্ধন এজেন্সি
(iii) ৰাষ্ট্ৰসংঘৰ আন্ত:ৰাষ্ট্ৰীয় নিৰাপদ সমিতি
(iv) ওপৰৰ উল্লেখ কৰাৰ এটাও নহয়।

উত্তৰ:- (ii) আন্ত:ৰাষ্ট্ৰীয় পাৰমাণৱিক ইন্ধন এজেন্সি

4. বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া?                    HS-2014
উত্তৰ:- আন্তৰ্জাতিক সন্ত্ৰাসবাদ।

5. তলত দিয়া কোনটো নিৰাপত্তাহীনতাৰ উত্স্–
(ক) মানৱ অধিকাৰ             (খ) শক্তিৰ ভাৰসাম্য
(গ) বিশ্ব দৰিদ্ৰতা                (ঘ) মিত্ৰজোঁট বন্ধন
উত্তৰ:- বিশ্ব দৰিদ্ৰতা

6. তলত উল্লেখ কৰা কোনটো পৰম্পৰাগত নিৰাপত্তাৰ উপাদান–
(ক) মৈত্ৰীজোঁট বন্ধন         (খ) যুদ্ধ প্ৰতিৰোধ
(গ) ক্ষমতাৰ ভাৰসাম্য        (ঘ) ওপৰৰ আটাইবোৰ

উত্তৰ:- ওপৰৰ আটাইবোৰ

7. ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তনত কিমান ৰাষ্ট্ৰ উপস্থিত আছিল?
(ক) ১০২ খন        (খ) ১৫৫ খন
(গ) ১৯২ খন        (ঘ) ১৮১ খন

উত্তৰ:- ১৮১ খন

8. নিৰাপত্তা কি?
উত্তৰ:- নিৰাপত্তা বুলি ক’লে সাধাৰণতে ভাবুকি বা বিপৰ্যয়ক প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাক বুজায়। নিৰাপত্তাৰ অৰ্থ হ’ল বিপৰ্যয় বা ভাবুকিকপ্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থা, যাৰ জৰিয়তে মানৱ জাতি আৰু ৰাষ্ট্ৰৰ অস্তিত্বৰ সৈতে জড়িত প্ৰমূল্যবোধসমূহ সুৰক্ষিত হয়।

9. ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন কেতিয়া হৈছিল?
উত্তৰ:- ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন ১৯৯২ চনত হৈছিল।

10. সন্ত্ৰাসবাদী সংগঠনে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰেনে?
উত্তৰ:- সন্ত্ৰাসবাদী সংগঠনে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰে।

11. জৈৱ অস্ত্ৰ নিষিদ্ধকৰণ অভিৱৰ্তনত কিমানখন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল?
উত্তৰ:- জৈৱ অস্ত্ৰ নিষিদ্ধকৰণ অভিৱৰ্তনত ১৫৫ খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল।

12. ৰাসায়নিক অস্ত্ৰ নিষিদ্ধকৰণ অভিৱৰ্তনত কিমানখন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল?
উত্তৰ:-ৰাসায়নিক অস্ত্ৰ নিষিদ্ধকৰণ অভিৱৰ্তনত ১৮১ খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল।

13. আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত অস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে হোৱা চুক্তি এখনৰ নাম লিখা?
উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত অস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে হোৱা চুক্তি এখনৰ নাম হ’ল— The Anti-Ballistic Missile Treaty

14. আমেৰিকা যুক্তৰাষ্ট্ৰই কি অস্ত্ৰ নিষিদ্ধকৰণৰ বিৰোধিতা কৰিছিল?
উত্তৰ:-আমেৰিকা যুক্তৰাষ্ট্ৰই পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধকৰণৰ বিৰোধিতা কৰিছিল।

15. ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ ৭০ খন ৰাষ্ট্ৰই কিমানখন যুদ্ধত অৱতীৰ্ণ হৈছিল?
উত্তৰ:- ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ ৭০ খন ৰাষ্ট্ৰই ৯৩ খন যুদ্ধত অৱতীৰ্ণ হৈছিল।

16. পাৰমাণৱিক অস্ত্ৰ নিস:ম্প্ৰসাৰণ চুক্তি কোন চনত সম্পাদন কৰা হৈছিল?     HS-2015
উত্তৰ:- পাৰমাণৱিক অস্ত্ৰ নিস:ম্প্ৰসাৰণ চুক্তি ১৯৬৮ চনত সম্পাদন কৰা হৈছিল।

17. অ-পৰম্পৰাগত নিৰাপত্তা বা মানৱ নিৰাপত্তা বুলিলে কি বুজা?
মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ লগত বিশেষভাৱে জড়িত সুৰক্ষাৰ দিশটোক মানৱ নিৰাপত্তা বা অ-পৰম্পৰাগত নিৰাপত্তা বুলি কোৱা হয়।

18. জৈবিক অস্ত্ৰ অভিৱৰ্তন কেতিয়া হৈছিল?
উত্তৰ:- জৈবিক অস্ত্ৰ অভিৱৰ্তন ১৯৭২ চনত হৈছিল।

19. আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলিলে কি বুজা?
উত্তৰ:- প্ৰকৃতিক দুৰ্যোগ, যুদ্ধ, ৰাজনৈতিক অত্যাচাৰৰ বাবে যেতিয়া মানুহে নিজৰ ৰাষ্ট্ৰ এৰি অন্য ৰাষ্ট্ৰলৈ পলাই যোৱা লোকসকলক শৰণাৰ্থী বোলা হয়। এনেদৰে বিপদগ্ৰস্ত লোকসকলক সাধাৰণতে আন্তৰ্জাতিক আইন অনুসৰি অন্য ৰাষ্ট্ৰই - প্ৰদান কৰে। এই একেবোৰ কাৰণত যদি কোনো অঞ্চলৰ লোক নিজৰ বাসস্থান এৰি ভয়তে নিজৰ ৰাষ্ট্ৰৰ ভিতৰৰে অন্য অঞ্চললৈ পলাই যায়, তেন্তে তেনে লোকক আভ্যন্তৰীণভাৱে স্থানান্তৰিক লোক বোলা হয়। উদাহৰণস্বৰূপে, ১৯৯০ চনত সাম্প্ৰদায়িক সংঘৰ্যৰ বাবে নিজৰ গৃহভূমি এৰি ভাৰতৰে অন্য ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰা কাশ্মিৰী পণ্ডিতসকলৰ কথা ক’ব পাৰি।

20. বিশ্বৰ নিৰাপত্তাৰ অৰ্থ কি?
উত্তৰ:- এখন দেশত সৃষ্টি হোৱা এনে প্ৰত্যাহ্বান বা পৰিস্থিতি সোনকালেই অন্য দেশলৈকো আৰু ক্ৰমাগতভাবে গোটেই বিশ্বলৈকে বিয়পি পৰে। এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ বাবে বিশ্বজোৰা উদ্যোগৰ প্ৰয়োজন। তাকে বিশ্ব-নিৰাপত্তা বুলি কোৱা হয়।

21. ক্ষমতাৰ ভাৰসাম্যই কি বুজায়?
উত্তৰ:- পৃথিৱীৰ সকলোবোৰ দেশসমূহৰ মাজত ক্ষমতাক লৈ প্ৰতিযোগিতা থকা দেখা যায়। সেয়েহে সকলোবোৰ দেশেই প্ৰতিবেশী দেশসমূহৰ লগত ক্ষমতাৰ এক ভাৰসাম্যৰ ৰক্ষা কৰে। তাকে ক্ষমতাৰ ভাৰসাম্য বুলি কোৱা হয়।

দীঘল প্ৰশ্নোত্তৰ । Essay Type Questions' Answer:-
1. বিশ্বজনীন দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা।         HS-2018,2021  নম্বৰ-4
(অথবা) বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা।     HS-2015  নম্বৰ-4

উত্তৰ:- বিশ্বৰ দৰিদ্ৰতাই মানুহৰ দৈনন্দিন জীৱনত আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভুগায়। ই মানৱ জীৱনৰ নিৰাপত্তাহীনতাৰ এক প্ৰধান কাৰণ। ৰাষ্ট্ৰ এখনত যেতিয়া জনসংখ্যা অনুপাতে পৰ্যাপ্ত কৰ্মসংস্থাপনৰ সুবিধা নাথাকে, তেতিয়া সাধাৰণতে জনসাধাৰণ দৰিদ্ৰতাত ভোগে। দৰিদ্ৰতা হ’ল এনে এক অৱস্থা য’ত মানুহৰ জীৱিকাৰ আয়ৰ পৰ্যাপ্ত সুবিধা নাই। যাৰ ফলত ৰাষ্ট্ৰখনৰ জনসাধাৰণে দুবেলা দুমুঠি খাবলৈ নাপায়। ল’ৰা-ছোৱালীক উপযুক্ত শিক্ষা দিব নোৱাৰে, উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হয়, মাতৃ আৰু শিশু পুষ্টিহীনতাত ভূগে। এনেদৰে দৰিদ্ৰতাই মানুহক সকলো ফালৰ পৰা নিৰাপত্তা ধনতাত ভূগায়। চমু কথাত দৰিদ্ৰতাই মানুহক তিল-তিলকৈ শাস্তি প্ৰদান কৰে আৰু জীয়াই থকাৰ অৰ্থ হৈ পৰে বঞ্চনাৰ নামান্তৰ। পৃথিৱীত, বিশেষকৈ তৃতীয় বিশ্বৰ কেতবোৰ দেশত বৰ্ধিত জনসংখ্যাই আৰু ধনী আৰু দুখীয়া লোকৰ বৃদ্ধি পোৱা আয় তথা সা-সুবিধাৰ বৈষম্যই দৰিদ্ৰতাৰ সমস্যাক ভয়াৱহ কৰি তুলে।
        উল্লেখযোগ্য যে বৰ্তমান বিশ্বৰ জনসংখ্যা প্ৰায় ৭০০ কোটি আৰু এনেদৰে বৃদ্ধি হ’লে ২৫ বছৰৰ পাছত এই সংখ্যা বৃদ্ধি হৈ ৮০০ বা ৯০০ কোটি হ’ব। মুঠ জনসংখ্যাৰ আধা সংখ্যক বৃদ্ধি হৈছে চীন, ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, নাইজেৰিয়া আৰু ইণ্ডোনেছিয়া, এই ছয়খন ৰাষ্ট্ৰত। মন কৰিবলগীয়া বিষয়টো হ’ল যে বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশবোৰত দ্ৰুত হাৰতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে কমি আহিছে। ধনী দেশসমূহৰ গড় জনমূৰি আয় এনেয়ে বেছি। তদুপৰি জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কমি গলে জনমূৰি আয় আৰু বৃদ্ধি পায়। সেয়ে জনসংখ্যা বৃদ্ধি হাৰ হ্ৰাস কৰি জনমূৰি আয় বৃদ্ধি কৰি জনসাধাৰণৰ জীনৱৰ নিৰাপত্তাৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ দিন বৰ্তমান আহি পৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় যেনে- শিক্ষাৰ ইন্নয়ন, পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰা আদি অতি প্ৰয়োজন হৈ পৰিছে।


2. প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ মাজৰ সম্পৰ্ক কি? আলোচনা কৰা।         HS-2016 নম্বৰ-4
উত্তৰ:- প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ মাজত নিবিড় সম্পৰ্ক পৰিলক্ষিত হয়। যেতিয়া এখন দেশৰ ব্যক্তিসকলে ভাল জীৱন যাপনৰ বাবে নিজৰ দেশ এৰি অন্য দেশলৈ যায়, তেতিয়া তাক প্ৰব্ৰজন বুলি কোৱা হয়। এনেধৰণৰ প্ৰব্ৰজন নিজৰ অঞ্চলৰ বা দেশখনৰ ভিতৰত বা দেশখনৰ বাহিৰলৈকে হ’ব পাৰে। কোনো ব্যক্তি বা ব্যক্তিৰ সমষ্টিয়ে নিজৰ ইচ্ছা অনুসৰি বসবাসৰ স্থান সলনি কৰিলে তাক স্বইচ্ছা বা স্বেচ্ছাই প্ৰব্ৰজন আৰু বিশেষ পৰিস্থিতিৰ বাবে স্থান সলনি কৰিলে তাক অনিচ্ছাকৃত প্ৰব্ৰজন বোলে।
        বৰ্তমান বিশ্বত মানৱ প্ৰব্ৰজন নিৰাপত্তাৰ সৈতে জড়িত এক বিষয় হৈ পৰিছে। সাধাৰণতে দক্ষিণৰ ৰাষ্ট্ৰসমূহৰ দৰিদ্ৰতাৰ বাবে বৃহত্‍ সংখ্যক লোকৰ উত্তৰৰ ধনী ৰাষ্ট্ৰসমূহলৈ প্ৰব্ৰজন ঘটে। এনেদৰে দৰিদ্ৰতা বা কৰ্মসংস্থাপনৰ বাবে এখন ৰাষ্ট্ৰৰ পৰা অন্য এখন ৰাষ্ট্ৰলৈ প্ৰব্ৰজন হোৱা লোকসকলে সেই ৰাষ্ট্ৰখনত যথেষ্ট দুৰ্দশাত ভূগিবলগীয়া হয়। কাৰণ আন্তৰ্জাতিক আইন অনুসৰি প্ৰব্ৰজনকাৰীসকলক অন্য ৰাষ্ট্ৰই আশ্ৰয় বা কৰ্ম সংস্থাপন দিবলৈ বাধ্য নহয়।
        ইয়াৰোপৰি যুদ্ধ, ৰাজনৈতিক হাৰাশাস্তি, প্ৰাকৃতিক দুৰ্যোগ আদিৰ বাবে যেতিয়া কোনো এখন দেশৰ মানুহে নিৰাপত্তাহীনতাত ভূগে তেতিয়াও সেই দেশৰ লোক সকলে নিজৰ বাসস্থান এৰি অন্য এক নিৰাপদ স্থানলৈ গমন কৰে। এনেদৰে প্ৰব্ৰজন হোৱা লোকক প্ৰকৃতাৰ্থত শৰণাৰ্থী বোলে। উদাহৰণস্বৰূপে, ইৰাকত হোৱা যুদ্ধৰ বাবে বৃটেইনলৈ যথেষ্ট ইৰাকী লোকৰ প্ৰব্ৰজন ঘটিছিল। ইয়াৰোপৰি আইচলেণ্ডত হোৱা আগ্নেয়গিৰিৰ বাবে (মন্টচেৰাটৰ) পৰা বহুত লোকৰ গ্ৰেট বৃটেইনলৈ প্ৰব্ৰজন ঘটিছিল।
        উল্লেখযোগ্য যে পূব পাকিস্তান অৰ্থাত্‍ বৰ্তামানৰ বাংলাদেশত পূৰ্বৰ পাকিস্তান চৰকাৰে চলোৱা ৰাজনৈতিক হাৰাশাস্তিৰ বাবে বাংলাদেশৰ পৰা বহুত লোক ভাৰতলৈ আহিছিল আৰু এই সকল লোকক শৰণাৰ্থী বোলা হৈছিল। শেহতীয়াকৈ ভাৰতবৰ্ষৰ চৰকাৰে ভাৰতবৰ্ষৰ পৰা বাংলাদেশী বহিস্কাৰৰ বাবে National Registration of Citizenships সংক্ষেপতে NRC আঁচনি গ্ৰহণ কৰিছে।  
        উক্ত আলোচনাৰ পৰা কব পাৰি যে প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ মাজত নিবিড় সম্পৰ্ক আছে।

3. মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক কি? আলোচনা কৰা।         HS-2017, 2020 নম্বৰ-4
উত্তৰ:- মানৱ নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজত ওত:প্ৰোত সম্পৰ্ক আছে। সুস্থ সবল স্বাস্থ্য অবিহনে মানৱ জীৱন নিৰাপত্তাহীন। সেয়েহে মানৱ জীৱনৰ নিৰাপত্তাৰ সৈতে স্থাস্থ্য জড়িত হৈ আছে। বৰ্তমান সময়ত মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা স্বাস্থ্যজনিত ৰোগ সমূহৰ এটি চমু আভাস তলত দাঙি ধৰা হ’ল—
    মানৱ জীৱনৰ ক্ষতিসাধন কৰা এবিধ ভয়ংকৰ মহামাৰী হৈছে পক্ষীজ্বৰ বা স্বুৱাইন ফ্লু এই ৰোগবিধ সাধাৰণতে পক্ষীৰ দেহত দেখা দিয়ে যদিও ইয়াৰ বীজানু মানুহৰ দেহলৈও বিয়পে, পক্ষীজ্বৰ এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ বিয়পিব পাৰে। সেয়েহে যিখন ৰাষ্ট্ৰত পক্ষীজ্বৰে দেখা দিয়ে সেই ৰাষ্ট্ৰলৈ আন ৰাষ্ট্ৰৰ পৰা কোনো মানুহ নাযায়। পক্ষীজ্বৰ হোৱা ৰাষ্ট্ৰখনৰ কোনো ব্যক্তি অন্য ৰাষ্ট্ৰলৈ গ’লে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। এক কথাত ক’বলৈ গ’লে পক্ষীজ্বৰে সমগ্ৰ বিশ্বতে ভয়ংকৰ ৰূপ ধাৰণ কৰি মানৱ জীৱনলৈ নিৰাপত্তাহীনতা নমাই আনিছে।
     ইয়াৰোপৰি আন এবিধ ভয়ংকৰ মহামাৰী হৈছে 'এইড্‌ছ'। এই ৰোগ বিধো সক্ৰামক ৰোগ। ২০০৩ চনত বিশ্বৰ প্ৰায় ৪ কোটি লোক এই ৰোগত আক্ৰান্ত হৈছিল। সাধাৰণতে আফ্ৰিকাৰ দৰে দৰিদ্ৰ ৰাষ্ট্ৰতহে এইড্‌ছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বাধিক। অৱশ্যে ১৯৯০ চনৰ শেষফালে উত্তৰ আমেৰিকা আৰু আন ঔদ্যোগিক ৰাষ্ট্ৰসমূহে এইড্‌ছৰ প্ৰতিষেধক নতুন ঔষধ উলিয়াইছিল যদিও এই ৰোগবিধ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই। তেনেস্থলত আফ্ৰিকাৰ দৰে এখন দৰিদ্ৰ দেশৰ বাবে এই ৰোগ নিৰ্মূল কৰাটো সম্ভৱ নহয়।
        এনেদৰেই ভ্ৰমণ, ব্যৱসায়, বানিজ্য, প্ৰব্ৰজন আদিৰ দ্বাৰা এখন ৰাষ্ট্ৰ পৰা আন এখন ৰাষ্ট্ৰলৈ মহামাৰী বিয়পিব পাৰে।
    ইয়াৰোপৰি বৰ্তমান সময়ত সৃষ্টি হোৱা মহামাৰী সমূহৰ ভিতৰত এ’বলা ভাইৰাছ, হাণ্টা ভাইৰাছ হেপাটাইটিছ-চি, ডেংগু জ্বৰ, মেলেৰিয়া, কলেৰা, আদিয়েও মানৱ জীৱনত ত্ৰাসৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ ভাৰতবৰ্ষৰ চিকিত্সা, বিজ্ঞানত ধৰা পৰিছে যে বাদুলীৰ পৰা নীপা ভাইৰাছৰ সৃষ্টি হয়। যিটো মানৱ জীৱনৰ বাবে অতি ভয়ংকৰ।
        উক্ত আলোচনাৰ পৰা ক’ব পাৰি যে মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজত নিবিড় সম্পৰ্ক পৰিলক্ষিত হয়।

4. পৰম্পৰাগত আৰু অ-পৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য কি?         HS-2014,2020
উত্তৰ:- পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য হ’ল—
(i) পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰ এখনৰ নিৰাপত্তাক বুজায়।
আনহাতে অপৰম্পৰাগত নিৰাপত্তাই জনসাধাৰণৰ নিৰাপত্তাক বুজায়।
(ii) পৰম্পৰাগত নিৰাপত্তাৰ পৰিসৰ সীমিত।
আনহাতে অপৰম্পৰাগত নিৰাপত্তাৰ পৰিসৰ ব্যপক। ই সমগ্ৰ জাতিৰ নিৰাপত্তাক বুজায়।
(iii) পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাটোৱে শীতল যুদ্ধৰ আগলৈকে প্ৰাধান্য লাভ কৰিছিল।
আনহাতে, অপৰম্পৰাগত নিৰাপত্তাই শীতল যুদ্ধৰ পিছতহে প্ৰাধান্য লাভ কৰিছিল।
(iv) পৰম্পৰাগত নিৰাপত্তাৰ প্ৰধান দুটা দিশ আছে- (ক) বাহ্যিক নিৰাপত্তা আৰু (খ) আভ্যন্তৰীণ নিৰাপত্তা
আনহাতে অপৰম্পৰাগত নিৰাপত্তাৰ সাতটা মূল দিশ আছে।

5. সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ৰাজনীতি সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ:-ৰাষ্ট্ৰসমূহৰ পৰম্পৰাগত নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অথৱা উত্তেজনা বা সংঘাত লাঘৱ কৰাৰ বাবে সহযোগিতাৰ প্ৰয়োজন। সহযোগিতাই যুদ্ধ তথা যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ নিয়ন্ত্ৰণ হোৱাত সহায়ক হয়। সেয়ে সমগ্ৰ বিশ্ব জুৰি সকলোৰে গ্ৰহণযোগ্য মতামত হ’ল যে প্ৰকৃত যুক্তিযুক্ততা থাকিলেহে যুদ্ধত অৱতীৰ্ণ হ’ব পাৰিব। নাইবা নিজৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু গণহত্যাৰ পৰা নাগৰিকক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিব লাগে। সৈন্যসকলে যুদ্ধত অংশগ্ৰহণ নকৰা লোক বা নিৰস্ত্ৰ আৰু আত্মসমৰ্পণ কৰা সৈন্যক হত্যা কৰিব নালাগে। ইয়াৰোপৰি ৰাষ্ট্ৰসমূহৰ মাজত হোৱা সংঘাত যিমানদূৰ সম্ভৱ বুজাবুজিৰ মাজেৰে সমাধান কৰাৰ যত্ন কৰিব লাগে। যদি তেনে প্ৰচেষ্টা বিফল হয় তেতিয়াহে যুদ্ধত অৱতীৰ্ণ হ’ব লাগে।
        ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰি বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন ধৰণৰ ৰাজনৈতিক তথা কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেই সমূহ হৈছে এনেধৰণৰ—
(a) নিৰস্ত্ৰীকৰণ (Disarmament):-
        নিৰস্ত্ৰীকৰণৰ প্ৰকৃত অৰ্থ হ’ল ৰাষ্ট্ৰ সমূহে এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত অস্ত্ৰ নিয়ন্ত্ৰণ কৰা। উদাহৰণস্বৰূপে, জৈৱ বা ৰাসায়নিক অস্ত্ৰ প্ৰস্তুত বা সংৰক্ষণ কৰাটো নিষিদ্ধ কৰাৰ উদ্দেশ্যে ১৯৭২ চনত জৈৱ অস্ত্ৰ অভিৱৰ্তন আৰু ১৯৯২ চনত ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন স্বাক্ষৰিত হৈছিল। জৈৱ অস্ত্ৰ নিষিদ্ধকৰণ অভিৱৰ্তনত ১৫৫ খন ৰাষ্ট্ৰ আৰু ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তনত ১৮১ খন ৰাষ্ট্ৰ চুক্তিবদ্ধ হৈছিল। উল্লেখযোগ্য যে এই চুক্তি দুখনত বিশ্বৰ প্ৰায় বৃহত্‍ ৰাষ্ট্ৰবোৰ অংশীদাৰ হৈছিল যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নলৈ তৃতীয় শ্ৰেণীৰ বিধ্বস্তকাৰী অস্ত্ৰ যেনে- পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধকৰণ কৰাত মত পোষণ কৰা নাছিল।
(b) অস্ত্ৰ নিয়ন্ত্ৰণ (Arms Control):-
        অস্ত্ৰ নিয়ন্ত্ৰণে ৰাষ্ট্ৰক অস্ত্ৰ প্ৰস্তুতকৰণ আৰু পৰিৱৰ্ধন কৰাত নিয়ন্ত্ৰণ কৰে। ১৯৭২ চনৰ "The Anti-Ballistic Missile Treaty"ৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ পাৰমাণৱিক অস্ত্ৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। উল্লেখযোগ্য যে ১৯৬৮ চনত সম্পাদন কৰা পাৰমাণৱিক অস্ত্ৰ বিৰোধী চুক্তিখন হ’ল এক প্ৰকাৰৰ অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি। এই চুক্তি অনুসৰি যিবোৰ ৰাষ্ট্ৰই ১৯৬৭ চনৰ আগতে পাৰমাণৱিক পৰীক্ষা কৰিছিল বা পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিছিল তেনে ৰাষ্ট্ৰসমূহে "পাৰমাণৱিক অস্ত্ৰ ৰাখিব পাৰিব আৰু আনহাতে, যিবোৰ ৰাষ্ট্ৰই ১৯৬৭ চনৰ পিছত পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিছিল সেইবোৰ ৰাষ্ট্ৰই পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰাৰ পৰা বিৰত থাকিব লাগিব। অৱশ্যে, পাৰমাণৱিক অস্ত্ৰ নিসম্প্ৰসাৰণ চুক্তিয়ে পাৰমাণৱিক অস্ত্ৰ ৰখাটো নিষিদ্ধ কৰা নাই, মাত্ৰ পাৰমাণৱিক অস্ত্ৰ আহৰণকাৰী ৰাষ্ট্ৰৰ সংখ্যাহে সীমিত কৰিছে।
(c) বিশ্বাস প্ৰতিষ্ঠা (Confidence Building):-
    পৰম্পৰাগত নিৰাপত্তাৰ আন এটা অন্যতম পন্থা হ’ল ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বাস প্ৰতিষ্ঠা কৰা, ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বাস প্ৰতিষ্ঠাৰ জৰিয়তে সংঘাত দূৰ কৰিব পৰা যায়। ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বাস প্ৰতিষ্ঠা কৰিবলৈ হ’লে শত্ৰুভাৱাপন্ন ৰাষ্ট্ৰসমূহে নিজৰ নিজৰ সামৰিক বাহিনীৰ উদ্দেশ্য, আঁচনি, কাৰ্যপন্থা তথা তেওঁলোকে আহৰণ কৰা সামৰিক শক্তিৰ বিষয়ে আৰু সেই সামৰিক শক্তি ক’ত মোতায়েন কৰা হ’ব সেই বিষয়েও অৱগত কৰিব লাগে। ইয়াৰ জৰিয়তে শক্ৰপক্ষৰ ৰাষ্ট্ৰসমূহে নিশ্চিত হ’ব পাৰে যে তেওঁলোকৰ ওপৰত হঠাতে আক্ৰমণ হোৱাৰ সম্ভাৱনা নাই। এক কথাত বিশ্বাস প্ৰতিষ্ঠা হ’ল এনে এটা পন্থা যাৰ জৰিয়তে ভূল বুজাবুজি বশত: হ’ব পৰা যুদ্ধৰ পৰা শত্ৰুভাৱাপন্ন ৰাষ্ট্ৰসমূহক আঁতৰত ৰখা হয়।
    উক্ত আলোচনাৰ পৰা ইয়াকে কব পাৰি যে পৰম্পৰাগত নিৰাপত্তাৰ সৈতে সামৰিক শক্তিৰ ব্যৱহাৰ আৰু ইয়াৰ প্ৰয়োগ কৰাৰ বিষয় জড়িত হৈ থাকে।

6. অপৰম্পৰাগত অথবা মানৱীয় নিৰাপত্তা মানে কি বুজা? মানৱীয় নিৰাপত্তাৰ প্ৰতি দুটা ভাবুকিৰ বিষয়ে আলোচনা কৰা।  HS-2013 নম্বৰ-6
উত্তৰ:- মানৱ জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে দৈনন্দিন জীৱনৰ লগত জড়িত থকা সকলোবোৰ দিশক অপৰম্পৰাগত অথবা মানৱ নিৰাপত্তা বোলে। মানৱ নিৰাপত্তা হ’ল জনগণৰ নিৰাপত্তা ই ৰাষ্ট্ৰৰ সুৰক্ষাতকৈ জনগণৰ সুৰক্ষাত অধিক গুৰুত্ব দিয়ে। বৰ্তমান এই নিৰাপত্তাক "জন নিৰাপত্তা" বা "বিশ্ব নিৰাপত্তা" বুলিও জনা যায়।
        বৰ্তমান সময়ত মানৱ নিৰাপত্তা বা সমাজৰ নিৰাপত্তাক নতুন নতুন ৰূপৰ প্ৰত্যাহ্বান বা ভাবুকিৰ ষৃষ্টি কৰা দুটা উত্সত হ’ল—
(১) সন্ত্ৰাসবাদ:-
        মানৱ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰা এটা গুৰুত্বপূৰ্ণ উত্স— বা উপাদান হ’ল সন্ত্ৰাসবাদ। সন্ত্ৰাসবাদ হ’ল সাধাৰণ মানুহৰ ওপৰত নিৰ্বিচাৰ ভাৱে জাপি দিয়া এক ৰাজনৈতিক হিংসা। কোনো গোটে নিজৰ ৰাজনৈতিক লক্ষ্যত উপনীত হ’বৰ বাবে সাধাৰণ মানুহকো লক্ষ্য হিচাপে বাছি লয় আৰু তাৰ জৰিয়তে শত্ৰু পক্ষৰ ওপৰত হেচাঁৰ সৃষ্টি কৰে। বলপূৰ্বক বিমান অপহৰণ, ৰেলগাড়ী, ৰেষ্টুৰা, বজাৰ, চিনেমা গৃহ আৰু অন্যান্য জন সমাগমপূৰ্ণ ঠাইত বোমা বিস্ফোৰণ ইত্যাদি বিলাক সন্ত্ৰাসবাদৰ উদাহৰণ। ২০০১ চনৰ ১১ চেপ্টেম্বৰ তাৰিখে আমেৰিকাৰ বিশ্ব বানিজ্য কেন্দ্ৰ আৰু পেণ্টাগনত সংঘাটত আক্ৰমণ বৰ্তমান সময়ৰ সন্ত্ৰাসবাদৰ এটা উল্লেখযোগ্য উদাহৰণ।   
(২) বিশ্ব দৰিদ্ৰতা:-
        বিশ্বৰ দৰিদ্ৰতাই মানুহৰ দৈনন্দিন জীৱনত আটাইতকৈ বেছি নিৰাপত্তাহীনতাত ভুগায়। দৰিদ্ৰতা হ’ল এনে এক অৱস্থা য’ত মানুহৰ জীৱিকাৰ আয়ৰ পৰ্যাপ্ত সুবিধা নাই। যাৰ ফলত ৰাষ্ট্ৰখনৰ জনসাধাৰণে দুবেলা দুমুঠি খাবলৈ নাপায়। ল’ৰা-ছোৱালীক উপযুক্ত শিক্ষা দিব নোৱাৰে, উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হয়, মাতৃ আৰু শিশু পুষ্টিহীনতাত ভূগে। এনেদৰে দৰিদ্ৰতাই মানুহক সকলো ফালৰ পৰা নিৰাপত্তা ধনতাত ভূগায়। উল্লেখযোগ্য যে বৰ্তমান বিশ্বৰ জনসংখ্যা প্ৰায় ৭০০ কোটি আৰু এনেদৰে বৃদ্ধি হ’লে ২৫ বছৰৰ পাছত এই সংখ্যা বৃদ্ধি হৈ ৮০০ বা ৯০০ কোটি হ’ব। মুঠ জনসংখ্যাৰ আধা সংখ্যক বৃদ্ধি হৈছে চীন, ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, নাইজেৰিয়া আৰু ইণ্ডোনেছিয়া, এই ছয়খন ৰাষ্ট্ৰত। মন কৰিবলগীয়া বিষয়টো হ’ল যে বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশবোৰত দ্ৰুত হাৰতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে কমি আহিছে। ধনী দেশসমূহৰ গড় জনমূৰি আয় এনেয়ে বেছি। তদুপৰি জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কমি গলে জনমূৰি আয় আৰু বৃদ্ধি পায়। সেয়ে জনসংখ্যা বৃদ্ধি হাৰ হ্ৰাস কৰি জনমূৰি আয় বৃদ্ধি কৰি জনসাধাৰণৰ জীনৱৰ নিৰাপত্তাৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ দিন বৰ্তমান আহি পৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় যেনে- শিক্ষাৰ ইন্নয়ন, পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰা আদি অতি প্ৰয়োজন হৈ পৰিছে। মুঠতে, মানৱ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰা উত্সৰ হিচাপে সন্ত্ৰাসবাদ, বিশ্ব দৰিদ্ৰতাৰ উপৰিও স্বাস্থ্য মহামাৰী, প্ৰব্ৰজন, মানৱ, নিৰাপত্তা আদিৰ কথা উল্লেখ কৰিব পাৰি।

7. বাহ্যিক আক্ৰমণৰ ভাবুকি প্ৰতিহত কৰাৰ নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি? উদাহৰণ দিয়া।     HS-2012 নম্বৰ-4
উত্তৰ:- নিৰাপত্তাৰ অৰ্থ হ’ল বিপৰ্যয় বা ভাবুকিক প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থা, যাৰ জৰিয়তে মানৱ জাতি আৰু ৰাষ্ট্ৰৰ সৈতে জড়িত প্ৰমুল্যবোধসমূহ সুৰক্ষিত হয়। মানৱ জীৱনৰ প্ৰতিটো পদক্ষেপতে বা ৰাষ্ট্ৰ এখনৰ প্ৰতিটো ক্ষণতে কিবা নহয় কিবা ভাবুকি বা বিপযৰ্য়ৰ সন্মুখীন হ’বলগীয় হয়। (ইয়াৰ বাবে সকলোকে প্ৰয়োজন হয় সুৰক্ষা বা নিৰাপত্তা।) ৰাষ্ট্ৰ এখনত যেতিয়া বহি:শক্তি বা ইয়াৰ সীমান্তৰ বাহিৰৰ পৰা নিৰাপত্তাৰ ভাবুকি আহে, তেতিয়া তাক বহি:নিৰাপত্তা বুলি কোৱা হয়। কোনো এখন ৰাষ্ট্ৰলৈ অহা বাহ্যিক আক্ৰমণৰ ভাবুকি প্ৰতিহত কৰাৰ নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল—
(১) সামৰিক ক্ষেত্ৰত বাধাদান বা প্ৰতিৰোধ:-
        কোনো এখন দুৰ্বল ৰাষ্ট্ৰই প্ৰকৃত যুদ্ধৰ -সূত্ৰপাত হ’লে আৰু পৰিস্থিতিয়ে বাধ্য কৰিলেহে আত্মসমৰ্পণৰ পথ বাছি লয়। কিন্তু কোনো এখন ৰাষ্ট্ৰৰ বাবে যুদ্ধক প্ৰতিহত কৰাৰ প্ৰকৃত সমাধানৰ পথ আত্মসমৰ্পন নহয়। আত্মসমৰ্পণৰ পৰিৱৰ্তে কোনো এখন ৰাষ্ট্ৰই বাহ্যিক আক্ৰমণ প্ৰতিহত কৰাৰ বাবে শক্ৰু ৰাষ্ট্ৰখনৰ সামৰিক ক্ষেত্ৰত বাধাদান বা প্ৰতিৰোধ কৰিব পাৰে। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত দীৰ্ঘ দিন ধৰি সংঘাত চলি আছে আৰু এই সংঘাত মোকাবিলা কৰিবৰ বাবে দুয়োখন দেশেই প্ৰতিৰক্ষা শিতানত ব্যয় বৃদ্ধি কৰি আহিছে। কিন্তু দুয়োখন দেশৰ মাজৰ পাৰম্পৰিক সন্দেহ আৰু আশংকাৰ পৰিপ্ৰেক্ষিতত-- দুয়োখন দেশেই আণৱিক বোমা প্ৰস্তুত কৰিলে। আণৱিক বোমাই এতিয়াও দুয়োখন দেশৰ ক্ষেত্ৰতেই পাৰম্পৰিক প্ৰতিৰোধৰ কাম কৰিছে।
(২) ক্ষমতাৰ ভাৰসাম্য:-
        বাহ্যিক আক্ৰমণৰ ভাবুকি প্ৰতিহত কৰা অন্য এক উপাদান হৈছে ক্ষমতাৰ ভাৰসাম্য। পৃথিৱীৰ সকলো ৰাষ্ট্ৰই শক্তিশালী নহয়। সেয়েহে দেশীয় সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে বিশ্বৰ সৰু তথা আৰ্থিকভাৱে দুৰ্বল দেশসমূহে প্ৰতিৱেশী শক্তিশালী আৰু বিশাল দেশ সমূহৰ পৰা সতৰ্ক হৈ থাকিব লগীয়া হয়। কাৰণ প্ৰতিৱেশী ৰাষ্ট্ৰসমূহৰ পৰা কোনো ধৰণৰ ভাবুকি বা আক্ৰমণ কৰাৰ অভিলাষ নাথাকে যদিও ভৱিষ্যতে এনে ৰাষ্ট্ৰৰ পৰা আক্ৰমণ নহ’ব বুলি উলাই কৰিব নোৱাৰি। গতিকে ৰাষ্ট্ৰ এখনৰ বহি:নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰখনে সমজৱাপন্ন- তথা শত্ৰু ৰাষ্ট্ৰখনৰ সৈতে জোঁট বান্ধি ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব। ইয়াৰ বাবে ৰাষ্ট্ৰখনে অৰ্থনৈতিক আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সাধন কৰাৰ লগতে সামৰিক শক্তি বৃদ্ধি কৰিবৰ বাবে ৰাজকোষৰ পৰা বৃহত্‍ পৰিমাণৰ ধন খৰচ কৰিব লাগিব। কাৰণ সামৰিক শক্তি বৃদ্ধিৰ লগত ৰাষ্ট্ৰ এখনৰ বহি:নিৰাপত্তা জড়িত হৈ থাকে।
(৩) সামৰিক জোঁটবন্ধন বা মিত্ৰ শিবিৰ গঢ়ি তোলা:-
        বাহ্যিক আক্ৰমণৰ ভাবুকি প্ৰতিহত কৰাৰ অন্য এটা উপাদান হ’ল সামৰিক জোঁট বন্ধন বা মিত্ৰ শিবিৰ গঢ়ি তোলা। কেইখনমান দেশে যেতিয়া কোনো এখন বিশেষ দেশ বা কেইখনমান বিশেষ দেশৰ দ্বাৰা তেওঁলোকৰ জাতীয় স্বাৰ্থ বিঘ্নিত হোৱা বুলি ধাৰণা কৰে তেতিয়া তেওঁলোকে নিজৰ মাজত সামৰিক জোঁটবন্ধন বা মিত্ৰ শিবিৰ গঢ়ি তোলে। ৰাষ্ট্ৰসমূহৰ মাজত মিত্ৰ শিবিৰ গঢ়ি তোলাৰ মূল উদ্দেশ্য হ’ল নিজৰ নিজৰ জাতীয় স্বাৰ্থ সুৰক্ষিত আৰু প্ৰসাৰিত কৰা। উল্লেখযোগ্য যে মিত্ৰ জোঁটৰ অন্তৰ্ভূক্ত সদস্য ৰাষ্ট্ৰসমূহৰ যিকোনো এখন ৰাষ্ট্ৰক যদি আন দেশৰ ৰাষ্ট্ৰই সশস্ত্ৰ আক্ৰমণ কৰে তেতিয়া এই আক্ৰমণ সকলোবোৰ সদস্য ৰাষ্ট্ৰৰ ওপৰত হোৱা বুলি গন্য কৰি তাক সমূহীয়াভাৱে প্ৰতিহত কৰাৰ প্ৰচেষ্টা কৰে। উদাহৰণস্বৰূপে, ১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্থানত ইছলামিক সন্ত্ৰাসবাদীসকলক সহায় কৰাৰ মূলতে আছিল আফগানিস্থানত ছোভিয়েট ইউনিয়নৰ আধিপত্যৰ অৱসান ঘটোৱা। কিন্তু ২০০১ চনৰ ১১ ছেপ্টেম্বৰত যেতিয়া ওচামা-বিন-লাডেনৰ নেতৃত্বত অল-কাইডা নামৰ এটা ইছলামিক সন্ত্ৰাসবাদী সংগঠনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাখনো গুৰুত্বপূৰ্ণ স্থানত বিমানযোগে আক্ৰমণ কৰিছিল, তেতিয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই ইছলামিক সন্ত্ৰাসবাদীক সহায় কৰাৰ নীতি সলনি কৰিছিল।
(৪) বহি:শক্তি:-
        পৰম্পৰাগত বহি:নিৰাপত্তাৰ ধাৰণা অনুসৰি এখন দেশৰ নিৰাপত্তাক প্ৰত্যাহ্বান জনায় বহি:শক্তিয়ে। ৰাষ্ট্ৰ এখনৰ ভিতৰত কোনো শক্তিয়ে ৰাষ্ট্ৰৰ নিৰাপত্তা বিঘ্নিত কৰিলে বা ৰাষ্ট্ৰৰ ভিতৰত হিংসাত্মক কাৰ্য সংঘটিত কৰিলে তাক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাষ্ট্ৰত এখন চৰকাৰ থাকে, কিন্তু আন্তৰ্জাতিক ক্ষেত্ৰত কোনো এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ ওপৰত চলোৱা অ-কাৰ্যক নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো কেন্দ্ৰীয় কতৃপক্ষ নাই। অৱশ্যে ৰাষ্ট্ৰসংঘক এনেধৰণৰ কতৃত্ব থকা এটা আন্তৰ্জাতিক গঠন বুলি ধাৰণা কৰা হয় যদিও প্ৰকৃতাৰ্থত ই এক সাৰ্বভৌম কৰ্তৃপক্ষ নহয়। ৰাষ্ট্ৰসংঘৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহে এই সংহঠনটোক যিখিনি কতৃত্ব প্ৰদান কৰে, সিমানলৈকে ৰাষ্ট্ৰসংঘই ক্ষমতা প্ৰয়োগ কৰিব পাৰে অৰ্থাত্‍ তাতকৈ অধিক ক্ষমতা প্ৰয়োগ কৰি কোনো ৰাষ্ট্ৰক নিৰাপত্তা দিব নোৱাৰে, সেয়ে পৃথিৱীৰ প্ৰত্যেকখন ৰাষ্ট্ৰই নিজে নিজৰ নিৰাপত্তাৰ দায়িত্ব বহন কৰিব লাগে।

8. ভাৰতে নিৰাপত্তা কৌশলৰ উপাদনসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।     HS-2019, 2024
উত্তৰ:- ভাৰতবৰ্ষই পৰম্পৰাগত নিৰাপত্তাৰ ক্ষেত্ৰত বহি: আৰু আভ্যন্তৰীণ উভয় ক্ষেত্ৰতেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ বাবে ভাৰতবৰ্ষই প্ৰধানকৈ চাৰিটা কৌশল অৱলম্বন কৰিছে।
(ক) আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে সামৰিক আৰু ৰাজনৈতিক কৌশল অৱলম্বন:-
          স্বাধীনতাৰ ঠিক পিছৰে পৰা উত্তৰ-পূব ভাৰতৰ বিভিন্ন নৃ-গোষ্ঠীয়ে ভাৰত চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ ঘোষণা কৰি আহিছে।পৰৱৰ্তী সময়ত এই সংকট জম্মু-কাশ্মীৰ তথা পঞ্জাৱলৈকো প্ৰসাৰিক হৈছিল।নক্সালবাদীসকলে গঢ়ি তোলা সামৰিক প্ৰত্যাহ্বানো ভাৰতবৰ্ষই গ্ৰহণ কৰিবলগীয়া হৈছিল।এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ভাৰতবৰ্ষই সামৰিক আৰু ৰাজনৈতিক— এই দুয়োটা পন্থাই অৱলম্বন কৰি আহিছে।
(খ) আন্তৰ্জাতিক প্ৰমূল্য আৰু সহযোগিতা তথা আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ জৰিয়তে নিৰাপত্তা বৃদ্ধি কৰা:- ভাৰতবৰ্ষই বিশ্বাস কৰে যে এক শান্তিপূৰ্ণ আন্তৰ্জাতিক ব্যৱস্থাৰ জৰিয়তেহে পৃথিৱীৰ সকলো দেশ প্ৰগতিৰ পথত আগবাঢ়িব পাৰিব। সেয়েহে আন্তৰ্জাতিক ৰাজনীতিত বিভিন্ন শিবিৰে গঢ়ি তোলা সামৰিক শিবিৰক ভাৰতবৰ্ষই সমৰ্থন নকৰে। ভাৰতবৰ্ষই প্ৰথম প্ৰধানমন্ত্ৰীয়ে এছিয়া আৰু তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰি অ-সামৰিক উপায়েৰে নিৰাপত্তা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছিল।
(গ) বহি: নিৰাপত্তাৰ বাবে সামৰিক ক্ষমতা বৃদ্ধি:-
       আমি সকলোৱে জানো যে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীনৰ সতে ভাৰতবৰ্ষৰ সীমাবিবাদ আৰু অন্যান্য সংঘাত আছে। সেই বাবে ভাৰত আৰু পাকিস্তানৰ লগত ১৯৪৭-৪৮, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯-ত চাৰিবাৰকৈ সংঘৰ্ষ হৈছিল। ভাৰত আৰু চীনৰ মাজত ১৯৬২ চনত যুদ্ধ হৈছিল আৰু শেইতীয়াকৈ চীনৰ লগত গালবানত সংঘৰ্ষ হৈছিল। এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ভাৰতে নিজৰ সামৰিক শক্তি বৃদ্ধিত গুৰুত্ব দি আহিছে। সামৰিক শক্তি বৃদ্ধিৰ বাবে ভাৰতবৰ্ষই বহুবোৰ দেশৰ লগত সামৰিক আদান-প্ৰদান চুক্তিও সম্পাদন কৰি আহিছে।
(ঘ) অৰ্থনৈতিক আৰু মানৱ বিকাশৰ জৰিয়তে অ-পৰম্পৰাগত নিৰাপত্তা প্ৰচেষ্টা:- স্বাধীনতা লাভৰ সময়ৰে পৰা ভাৰতবৰ্ষই ন্যায় প্ৰতিষ্ঠাৰ এক আহিলা হিচাপে অৰ্থনৈতিক বিকাশ ওপৰত গুৰুত্ব দি আহিছে। সেই লক্ষ্যত উপনীত হোবলৈ বাবেই ভাৰতীয় পৰিকল্পনা আয়োগ আৰু পঞ্চ বাৰ্ষিক পৰিকল্পনা গঠন কৰিছিল। কৃষিখণ্ডৰ উন্নয়নৰ বাবে ১৯৬০-ৰ দশকত সেউজ বিপ্লৱ (Green Revolution) আৰম্ভ কৰা হৈছিল। শেহতীয়াকৈ অৰ্থনৈতিক বিকাশ আৰু জনসাধাৰণ দৈনন্দিন নিৰাপত্তাৰ দূৰ কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে বিভিন্ন আঁচনি প্ৰণয়ন কৰিছে। এইবোৰ হ’ল NRHM, MGNREGA, MidDay Meal ইত্যাদি।

9. প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য লিখা।      HS-2013, 2015, 2017, 2019, 2024 নম্বৰ-2
উত্তৰ:- প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ পাৰ্থক্য হ’ল—
(i) প্ৰব্ৰজনকাৰীসকলে ভাল জীৱন যাপনৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি আন ৰাষ্ট্ৰ বা অঞ্চললৈ যায়।
আনহাতে, শৰণাৰ্থী সকলে প্ৰাকৃতিক দুৰ্যোগেৰ বাবে, যুদ্ধৰ বাবে, ৰাজনৈতিক অত্যাচাৰৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি অন্য ৰাষ্ট্ৰলৈ আশ্ৰয়ৰ বাবে পলাই যায়।
(ii) প্ৰব্ৰজনকাৰীসকলক আন্তৰ্জাতিক আইন অনুসৰি আশ্ৰয় গ্ৰহণ কৰা ৰাষ্ট্ৰখনে আশ্ৰয় দিয়াৰ বাবে বাধ্য নহয়। আনহাতে, শৰণাৰ্থীসকল যিহেতু বিপদগ্ৰস্ত লোক সেয়ে তেওঁলোকক সাধাৰণতে অন্য ৰাষ্ট্ৰই আশ্ৰয় প্ৰদান কৰে।
(iii) প্ৰব্ৰজন সাধাৰণতে স্ব-ইচ্ছাৰে হোৱা দেখা যায়। আনহাতে, শৰণাৰ্থীৰ সমস্যা বাধ্যবাদতাত পৰি হোৱা দেখা যায়।
(iv) শৰণাৰ্থী সমস্যা মূলত: যুদ্ধ আৰু আভ্যন্তৰীণ অশান্তিৰ লগত জড়িত। আনহাতে, প্ৰব্ৰজন মূলত: আৰ্থিক কাৰণৰ লগত জড়িত।

10. মানৱ নিৰাপত্তাৰ সৈতে শিক্ষাৰ সমন্বয় আছেনে? যুক্তি সহকাৰে বুজাই লিখা।
উত্তৰঃ-বৰ্তমান সময়ত মানৱ নিৰাপত্তাৰ সৈতে শিক্ষাৰ ওত:প্ৰোত সমন্বয় আছে। কোনো এখন দেশৰ নাগৰিকসকলৰ উন্নয়নৰ কেন্দ্ৰবিন্দু হ’ল স্বাক্ষৰতা আৰু আনুষ্ঠানিক শিক্ষা। সেয়েহে মানৱ নিৰাপত্তাৰ বাবে নাগৰিকসকলক শিক্ষিত কৰি তোলাটা অতি প্ৰয়োজন। শিক্ষাই তলত উল্লেখ কৰা ধৰণে মানৱ নিৰাপত্তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে গতিকে ক’ব পাৰি যে মানৱ নিৰাপত্তাৰ ওপৰত শিক্ষাৰ প্ৰস্তাৱ সুদূৰ প্ৰয়াসী। উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত ল’ৰাৰ সাক্ষৰতাৰ হাৰত তুলনাত ছোৱালীৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন, সাম্প্ৰতিক বিশ্বৰ ১০০ নিযুতৰো অধিক শিশুৰ ভিতৰত প্ৰায় ৬০ শতাংশ ছোৱালী শিশু তেকিয়াও স্কুললৈ যোৱা নাই আৰু স্কুললৈ যোৱা সকলৰ ভিৰত কিছুসংখ্যকে উচ্চশিক্ষা গ্ৰহণ কৰাৰ আগতে আৰ্থিক বা অন্যান্য কাৰণত আনুষ্ঠানিক শিক্ষা আধাতে সমাপ্ত কৰিছে, শেহতীয়াকৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাৰী সবলীকৰণৰ কাৰণে "ছোৱালীক বছাওক, ছোৱালীক পঢ়াওক" আঁচনি গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈও সক্ষম হৈছে।
    বৰ্তমান সমগ্ৰ বিশ্বতে শিক্ষাক সাৰ্বজনীন কৰি তোলাৰ বাবে প্ৰায়বোৰ ৰাষ্ট্ৰই মুক্ত আৰু দূৰত্ব শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, সাতে ইয়াৰ জৰিয়তেদেশৰ সকলো শ্ৰেণীৰ লোকে শিক্ষা গ্ৰহণ কৰিব পাৰে। নিজ নিজ দেশৰ যুৱক-যুৱতী সকলক শিক্ষা দিয়াৰ উদেশ্যে ভাৰতবৰ্ষত 'ইন্দিৰা গান্ধী মুক্তবিশ্ববিদ্যালয়' আৰু পাকিস্তানত 'আল্লামা ইকবাল মুক্ত বিশ্ববিদ্যালয়' স্থাপন কৰা হৈছে।
    উক্ত আলোচনাৰ পৰা ক’ব পাৰি যে শিক্ষাই মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰে। সেয়েহে বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰই শিক্ষা সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে
(১) নিৰক্ষৰতাই মানুহৰ জীৱনলৈ নিৰাপত্তাহীনতা কঢ়িয়াই আনে। সেয়েহে মানুহৰ জীৱনৰ পৰা নিৰাপত্তাহীনতা আঁতৰ কৰাৰ ক্ষেত্ৰত শিক্ষাই পোনপটীয়া ভূমিকা গ্ৰহণ কৰে।
(২) শিক্ষাৰ জৰিয়তে চাকৰি বা কৰ্মসংস্থাপন পোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হয় আৰু ইয়াৰ ফলত মানুহৰ জীৱনলৈ নিৰাপত্তা আহে।
(৩) নিৰক্ষৰ বা অশিক্ষিত লোকসকল আইনগত অধিকাৰৰ বিষয়ে জ্ঞাত নহয় আৰু ইয়াৰ ফলশ্ৰুতিত তেওঁলোকে বহুত প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হয়, এনে পৰিস্থিতিত শিক্ষাৰ জৰিয়তে মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ দিব পৰা যায়।
(৪) অশিক্ষিত লোকসকলক ৰাজনৈতিক নেতাসকলে তেওঁলোক চতুৰালিৰ জৰিয়তে শোষণ কৰিবলৈ সুবিধা পায়। যাৰ ফলশ্ৰুতিত সেই লোকসকলৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈ পৰে। সেয়েহে শিক্ষা মানৱ জীৱনৰ নিৰাপত্তাৰ বাবে অতি প্ৰয়োজনীয় বিষয়বস্তু।
(৫) শিক্ষাই মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ সহায় কৰে পৰিয়ালৰ ভিতৰৰ বা বাহিৰৰ কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণত গুৰুত্ব আনি দিয়ে।
(৬) শিক্ষিত মহিলাসকলৰ মাজত প্ৰজনন ক্ষমতাৰ হাৰ হ্ৰাস হোৱা দেখিবলৈ পোৱা যায় আৰু ইয়ে পৰিয়ালৰ আৰ্থিক নিৰাপত্তা দিয়ে। তদুপৰি মহিলাৰ শিক্ষাই শিশুৰ মৃত্যুৰ হাৰো হ্ৰাস কৰে।

11. মানুহে কিয় প্ৰব্ৰজন কৰে?
উত্তৰ:- মানুহে ভাল জীৱন যাপনৰ বাবে বা কৰ্মসংস্থাপন বিচাৰি নিজৰ অঞ্চল বা ৰাষ্ট্ৰ এৰি আন অঞ্চল বা ৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে। এনেধৰণৰ প্ৰব্ৰজন নিজৰ অঞ্চলৰ ভিতৰত বা ৰাষ্ট্ৰখনৰ ভিতৰত বা ৰাষ্ট্ৰৰ বাহিৰলৈকে হ’ব পাৰে। কোনো ব্যক্তি বা ব্যক্তিৰ সমষ্টিয়ে নিজৰ ইচ্ছা অনুসৰি স্থান সলনি কৰিলে তাক স্বইচ্ছা বা স্বেচ্ছাই প্ৰব্ৰজন আৰু বিশেষ পৰিস্থিতিৰ বাবে স্থান সলনি কৰিলে অনুচ্ছাকৃত প্ৰব্ৰজন বোলা হয়।


 12. ক’ভিড-১৯ আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ বিষয়ে লিখা।

উত্তৰঃ- অ-পৰম্পৰাগত নিৰাপত্তা ধাৰণাৰ এটা বিষয়বস্তু হ’ল মহামাৰী। যোৱা দুই-তিনি বছৰ ধৰি ক’ৰ’ণা মহামাৰীটো বিশ্বৰ জনগণৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত তাণ্ডাবৰ সৃষ্টি কৰিছে। এই মহামাৰীটো ২০১৯ চনৰ ডিচেম্বৰ মাহত চীন দেশৰ পৰা উত্‍পত্তি হৈ সমগ্ৰ বিশ্বত বিয়পি পৰিছে বুলি এটা ধাৰণা সকলোৰ মনত হংকাৰ সৃষ্টি কৰিছে। ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ এক নাটকীয় ক্ষতি সাধন কৰিছে। লগতে এই মহামাৰীয়ে মানৱ স্বাস্থ্য, খাদ্য-সম্ভাৰ, কৰ্মক্ষেত্ৰ, প্ৰত্যক্ষ বানিজ্যিক ক্ষেত্ৰত অবৰ্ণনীয় ক্ষতি সাধন কৰিছে। এই মহামাৰীয়ে বিশ্বৰ অৰ্থনীতি আৰু সামাজিক জীৱনৰ প্ৰলয় স্বৰূপে থিয় দিছে। যাৰ ফলত কোটি কোটি মানুহৰ জীৱনত দ্ৰৰিদ্ৰতাৰ চিন দেখা দিছে।
    এই মহামাৰীয়ে বিশ্বৰ উদ্যোগিক ক্ষেত্ৰত বিশেষ ক্ষতি সাধন কৰিছে। বিশ্বৰ লাখ লাখ উদ্যোগ জীয়াই থকাৰ ভাবুকি আহিছে। ক’ভিড-১৯ মহামাৰীয়ে খাদ্য সংকট, জনস্বাস্থ্য, নিয়োগ, বনুৱা সমস্যা, কৰ্মীৰ স্বাস্থ্য আৰু নিৰাপত্তা, কৰ্মস্থান, সেৱা বিভাগৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে।
    ক’ভিড-১৯ মহামাৰীয়ে খাদ্য সম্ভাৰতো যথেষ্ট প্ৰভাৱ পেলাইছে। এই মহামাৰীৰ ফলতেই অন্য দেশৰ লগত বা দেশৰ অন্য ৰাজ্যৰ লগত বানিজ্যক সম্পৰ্ক ব্যঘাত জন্মিছে, কৃষকৰ উত্‍পাদিত সামগ্ৰী নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে। বিভিন্ন সামগ্ৰী পেলাই দিবলৈ বাধ্য হৈছে। যাৰ ফলত কেঁচা সামগ্ৰী যেনে- শাক, পাচলি আদি কৰি পুষ্টিকৰ খাদ্য সামগ্ৰীৰ অভাব দেশত দেখা দিছে। এই ক্ষেত্ৰত উত্‍পাদক আৰু উপভোক্তাৰ দুয়ো শ্ৰেণীৰ ক্ষতি সাধন হৈছে।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »