-->

আন্তৰ্জাতিক সংগঠন । International Organization in assamese

Questions Answers of AHSEC Solution for Class 12 Political Science আন্তৰ্জাতিক সংগঠন । International Organization. All the important questions answers are discussed in this article.দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

আন্তৰ্জাতিক সংগঠন 
International Organization

                                                    Class 12 Political Science

Political Science আন্তৰ্জাতিক সংগঠন । International Organization ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 12 Political Science আন্তৰ্জাতিক সংগঠন । International Organization has been discussed in systematic way. There are approximately important 50 questions answers in this article.

1. বিশ্ব বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা।     HS-2017, 2020
উত্তৰ:- ১৯৪৫ চনত বিশ্ব বেংক স্থাপন কৰা হৈছিল।
    অনুন্নত আৰু উন্নয়নশীল দেশসমূহলৈ আৰ্থিক সহায় কৰা।


2. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা।        HS-2012
উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট বৃটেইন, ৰাছিয়া, ফ্ৰান্স আৰু চীন।


3. সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা।  HS-2015, 2019
উত্তৰ:- মানৱ অধিকাৰ জাগৰণ (Human Right Watch) আৰু আন্তৰ্জাতিক ক্ষমাদান (Amnesty International) 


4. ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিবপ্ৰধান কোন আছিল?                HS-2016
উত্তৰ:- ট্ৰিগভি লি (Trygve Lie)


5. ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব-প্ৰধানজনৰ নাম লিখা।         HS-2014
উত্তৰ:- এন্টনিঅ’ গুটেৰেছ (Antonio Guterres)


6. ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?                   
উত্তৰ:- ১৯৪৫ চনৰ ২৪ অক্টোবৰত।


7. কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদ্‌যাপন কৰা হয়?      HS-2013
উত্তৰ:- ২৪ অক্টোবৰ


8. ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?        HS-2015
উত্তৰ:- ৫১ খন ৰাষ্ট্ৰই


9. ৰাষ্ট্ৰসংঘৰ প্ৰথম উদ্দেশ্য কি?
উত্তৰ:- ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য হ’ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।


10. ৰাষ্ট্ৰসংঘৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ভাৰত ইয়াৰ প্ৰতিষ্ঠাপক সদস্য নে?
উত্তৰ:- ৰাষ্ট্ৰসংঘৰ ১৯৪৫ চনত প্ৰতিষ্ঠা হৈছিল। ভাৰত ইয়াৰ প্ৰতিষ্ঠাপক সদস্য নহয়।


11. ৰাষ্ট্ৰসংঘৰ সদস্য কোন হ’ব পাৰে?
উত্তৰ:- যিকোনো শান্তিপ্ৰিয় ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সদস্য হ’ব পাৰে।


12.  ৰাষ্ট্ৰসংঘৰ সচিবালয় ক’ত অৱস্থিত?
উত্তৰ:- New York of USA.


13. বিশ্ব বাণিজ্য সন্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯৯৫ চনত


14. ভাৰত ৰাষ্ট্ৰসংঘৰ কেতিয়া সদস্য হৈছিল?
উত্তৰ:- ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য ৩০ অক্টোবৰ ১৯৪৫ চনত লৈছিল।


15. ভেটো ক্ষমতা প্ৰয়োগ কৰিব পৰা এখন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰ:- চীন


16. মানৱ অধিকাৰৰ ঘোষণা-পত্ৰ কেতিয়া জাৰি কৰিছিল?
উত্তৰ:- ১৯৪৮ চনৰ ১০ ডিচেম্বৰত।


17. পাৰিপাৰ্শ্বিকতা আঁচনিৰ লগত জড়িত আন্তৰ্জাতিক সন্থাটোৰ নাম কি?
উত্তৰ:- Green Peace International.


18. ৰাষ্ট্ৰসংঘৰ কোনটো অংগত বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰৰ সদস্য?
উত্তৰ:- সাধাৰণ সভা


19. ৰাষ্ট্ৰসংঘৰ প্ৰধান ন্যায়িক অংগটোৰ নাম কি?
উত্তৰ:- আন্তৰ্জাতিক ন্যায়ালয় বা আন্ত:ৰাষ্ট্ৰীয় আদালত


20. নিৰাপত্তা পৰিষদত কেই শ্ৰেণীৰ সদস্য আছে?
উত্তৰ:- দুই শ্ৰেণীৰ সদস্য আছে।


21. ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানক কোনে নিয়োগ কৰে?
উত্তৰ:- নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানক নিয়োগ কৰে।


22. শুদ্ধ নে অশুদ্ধ লিখা :
(ক) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ ছয়খন।

উত্তৰ:- অশুদ্ধ


(খ) ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য হ’ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।
উত্তৰ:- শুদ্ধ


(গ) নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক তিনি বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়।
উত্তৰ:- শুদ্ধ


(ঘ) ৰাষ্ট্ৰসংঘৰ সদস্যপদ বাধ্যতামূলক।
উত্তৰ:- অশুদ্ধ


(ঙ) ৰাষ্ট্ৰসংঘৰ এটা সাৰ্বভৌম সন্থা।
উত্তৰ:- অশুদ্ধ


23. খালী ঠাই পূৰণ কৰা
(ক) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত____ স্থায়ী সদস্য আছে।        HS-2017
উত্তৰ:- ৫ খন


(খ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত____ খন স্থায়ী আৰু ____ খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে।     HS-2014
উত্তৰ:- ৫ খন আৰু ১০ খন


(গ) ৰাষ্ট্ৰসংঘৰ প্ৰথম উদ্দেশ্য হ'ল _____ ।
উত্তৰ:- আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।


(ঘ) ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সন্থাটোক কোৱা হয় _____ ।
উত্তৰ:- নিৰাপত্তা পৰিষদ


(ঙ) জনসাধাৰণ নহয় ____ ৰাষ্ট্ৰহে ৰাষ্ট্ৰসংঘৰ সদস্য হ’ব পাৰে।
উত্তৰ:- সাৰ্বভৌম


(চ) _____ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান।
উত্তৰ:- এন্টনিঅ’ গুটেৰেছ (Antonio Guterres)


(ছ) আন্তৰ্জাতিক শ্ৰমিক সংঘৰ কাৰ্যালয় ____ চহৰত অৱস্থাত।
উত্তৰ:- ছুইজাৰলেণ্ডৰ জেনেভা চহৰত


(জ) মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা-পত্ৰ ____ চনত গ্ৰহণ কৰা হয়।
উত্তৰ:- ১৯৪৮ চনত


(ঝ) ১৯৪৫ চনৰ ____ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ জন্ম হয়।
উত্তৰ:- ২৪ অক্টোবৰত


(ঞ) শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক অনুষ্ঠানৰ সদৰ কাৰ্যালয় ____ চহৰত অৱস্থিত।
উত্তৰ:- ফ্ৰান্সৰ পেৰিছ চহৰত


24. ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল :
(ক) ১৯৪৫ চনত            (খ) ১৯৪৭ চনত
(গ) ১৯৫০ চনত             (ঘ) ১৯৬২ চনত
উত্তৰ:- ১৯৪৫ চনত


25. তলত কোনখন ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদৰ সদস্য নহয় :
(ক) ছোভিয়েট ৰাছিয়া        (খ) ভাৰত
(গ) চীন গণৰাজ্য             (ঘ) ফ্ৰান্স
উত্তৰ:- ভাৰত


26. বিশ্ব বাণিজ্য সন্থা গঠিত হৈছিল :
(ক) ২০০০ চনত        (খ) ২০০২ চনত
(গ) ২০০৫ চনত     (ঘ) ১৯৯৫ চনত
উত্তৰ:- ১৯৯৫ চনত


27. ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা দিনটো হ’ল :
(ক) ২৪ অক্টোবৰ        (খ) ২৪ নৱেম্বৰ
(গ) ২৪ ডিচেম্বৰ         (ঘ) ২৪ চেপ্তেম্বৰ
উত্তৰ:- ২৪ অক্টোবৰ


28. ৰাষ্ট্ৰসংঘই সাৰ্বজনীন মনৱ অধিকাৰ ঘোষণা-পত্ৰ গ্ৰহণ কৰিছিল :
(ক) ১৯৪৫ চনত        (খ) ১৯৪৮ চনত
(গ) ১৯৫০ চনত     (ঘ) ১৯৬২ চনত
উত্তৰ:- ১৯৪৮ চনত


29. নিৰাপত্ত পৰিষদত স্থায়ী সদস্য আছে :
(ক) ৫ জন            (খ) ১০ জন
(গ) ১৫ জন        (ঘ) ২০ জন
উত্তৰ:- ৫ জন
 

দীঘল প্ৰশ্নোত্তৰ । Essay Type Questions' Answer:-
1. ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্ৰদান কৰিব লাগে বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্তা দিয়া।     HS-2016,2018,2021  নম্বৰ-6
(অখবা) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভূক্তিৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।     HS-2014 নম্বৰ-4

উত্তৰ:- মই ভাৰতৰ নাগৰিক হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্ৰদান কৰিব লাগে বুলি বিচাৰো। ৰাষ্ট্ৰসংঘৰ গোটেই ব্যৱস্থাটোৰ ওপৰত বৰ্তমান সময়ত পৰিৱৰ্তিত বিশ্ব ৰাজনীতি আৰু সামাজিক প্ৰেক্ষাপটৰ বাবে কেতবোৰ সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে আন্ত:ৰাষ্ট্ৰীয়ভাৱে দাবী উঠিছে।তাৰ ভিতৰত অন্যতম হৈছে নিৰাপত্তা পৰিষদ। ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্য পদৰ অন্যতম দাবীদাৰ। কাৰণ—
(১) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহত্‍ জনসংখ্যাৰ দেশ। সমগ্ৰৰ ১/৫) অংশ জনসংখ্যাই ভাৰতত বসবাস কৰে,
(২) ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। আৰম্ভণিৰে পৰা ভাৰতত এতিয়াও গণতান্ত্ৰিক শাসনব্যৱস্থা প্ৰৱৰ্তন হৈ আছে,
(৩) ৰাষ্ট্ৰসংঘৰ সকলো কামতে ভাৰতে আগভাগ লৈ আহিছে,
(৪) ৰাষ্ট্ৰসংঘৰ সকলো শান্তি ৰক্ষামূলক কামত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে,
(৫) ভাৰতবৰ্ষই নিৰস্ত্ৰীকৰণ সমৰ্থনত আৰু বৰ্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মত প্ৰকাশ কৰি আহিছে।
(৬)দেশৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগতিত আগবাঢ়ি আছে, ভাৰতবৰ্ষৰ অৱস্থা বৰ্তমান বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে।
(৭) ভাৰতবৰ্ষই সদায় নিয়মিতভাৱে ৰাষ্ট্ৰসংঘলৈ আৰ্থিক বৰঙণি আগবঢ়াই আহিছে আৰু ইয়াৰ পৰা কেতিয়াও বিৰত থকা নাই।  
    ওপৰোক্ত কাৰণত ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ দাবী কৰিছে। ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভূক্ত হ’লে ই হ’ব ভাৰতবৰ্ষৰ বাবে এটা প্ৰতীকস্বৰূপ।

2. বৰ্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংধক এটা অত্যৱশ্যকীয় সংগঠন বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।      HS-2014 নম্বৰ-6
উত্তৰ:- ৰাষ্ট্ৰসংঘ হৈছে পৃথিৱীৰ একমাত্ৰ আন্ত:ৰাষ্ট্ৰীয় সংগঠন। বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষাত ইয়াৰ অতুলনীয় অৱদান আছে। ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাজনীতিত যুদ্ধৰ গুৰুত্ব কমাই এক শান্তিপূৰ্ণ মানৱতাবাদী আৰু গণতান্ত্ৰিক পৰিৱেশৰ সৃষ্টি কৰিছে। তলত ৰাষ্ট্ৰসংধক এটা অত্যৱশ্যকীয় সংগঠনৰ সপক্ষে যুক্তি দাঙি ধৰা হ’ল—
(১) ৰাষ্ট্ৰসংঘৰ জন্মৰ পিছৰ পৰা পৃথিৱীখন এখন তৃতীয় বিশ্বযুদ্ধৰ ভয়াবহতাৰ পৰা ৰক্ষা পাইছে।
(২) ৰাষ্ট্ৰসংঘই এক আন্ত:ৰ্জাতিক সংগঠন হিচাপে শান্তিপূৰ্ণ, নিৰস্ত্ৰীকৰণ আৰু আলোচনাৰ মাধ্যমেৰে সমাধান কৰিছে।
(৩) বৰ্তমান পৃথিৱীত বিভিন্ন সংঘাত আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰা সহযোগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।
(৪) পৃথিৱীৰ অনুন্নত আৰু উন্নয়নশীল দেশসমূহৰ বাবে ৰাষ্ট্ৰসংঘ হল তেওঁলোকৰ প্ৰকৃত অৱস্থা বৰ্ণনা কৰিব পৰা একমাত্ৰ মঞ্চ।
(৫) বিশ্বশান্তিৰ উপৰিও ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা মানৱ অধিকাৰ, স্বাস্থ্য, দৰিদ্ৰতা, জলবায়ু, শৰণাৰ্থী আদি বিষয়সমূহৰ ক্ষেত্ৰত এই সংগঠনটোৱেহে একমাত্ৰ সফলভাৱে কাম কৰিব পাৰিছে।
(৬) শক্তিশালী আৰু উন্নত দেশসমূহক নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰসংঘকে উপযুক্ত মঞ্চ হিচাপে গণ্য কৰা হয়।
(৭) বিশ্ব-বাণিজ্য, আন্ত:ৰাষ্ট্ৰীয় আৰ্থিক ব্যৱস্থা, বিত্তীয় ব্যৱস্থা, নিয়ন্ত্ৰণৰ দায়িত্ব ৰাষ্ট্ৰসংঘৰ।
(৮) তাৰোপৰি, বিভিন্ন আন্ত:ৰ্জাতিক সহযোগিতা, আঞ্চলিক সমস্যা আদিৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসংঘই এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে দায়িত্ব পালন কৰে।

3.  ৰাষ্ট্ৰসংঘৰ পুনৰগঠন আৰু ভৱিষ্যত্‍ সম্পৰ্কে চমুকৈ আলোচনা কৰা।          HS-2017 নম্বৰ-4
উত্তৰ:- বিশ্বৰ যিকোনো সংগঠনক পৰিস্থিতিৰ সৈতে খাপ খুৱাই আগবঢ়াই লৈ যাবৰ বাবে ইয়াক সংস্কাৰ তথা পুনৰ গঠন কৰাৰ প্ৰয়োজন আহি পৰে। এইক্ষেত্ৰত ব্যতিক্ৰম হোৱা নাই ৰাষ্ট্ৰসংঘৰ ক্ষেত্ৰতো। ৰাষ্ট্ৰসংঘ ১৯৪৫ চনৰ ২৪ এক্টোবৰ তাৰিখে গঠিত হৈছিল, অৰ্থাত্‍ ৭৫ বছৰৰ আগতে জন্মলাভ কৰিছিল। ইতিমধ্যে বিশ্বৰ ৰাজনীতিত যথেষ্ট পৰিৱৰ্তন ঘটিছে। সেয়েহে ইয়াক সংস্কাৰ বা পুনৰ্গঠনৰ বাবে দাবী উত্থাপন হৈছে, কিন্তু সংস্কাৰৰ প্ৰকৃতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত মতৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়।
১. ৰাষ্ট্ৰসংঘৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। তেওঁলোকৰ মতে সদস্যৰ সংখ্যাৰ বৃদ্ধিৰ জৰিয়তে সমসাময়িক বিশ্বৰ ৰাজনীতিৰ প্ৰকৃত ছবিখন ভালদৰে প্ৰতিফলিত হ’ব।
২. নিৰাপত্তা পৰিষদত যিহেতুকে এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা উচিত প্ৰতিনিধিত্ব নাই, সেয়ে এই অঞ্চলবোৰৰ পৰা উচিত প্ৰতিনিধি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক অন্তৰ্য়ভূক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
৩. কেতবোৰ ৰাষ্ট্ৰ তথা বিশেষজ্ঞসকলৰ মতে ৰাষ্ট্ৰসংঘৰ কাৰ্যক্ষেত্ৰখন সম্প্ৰসাৰণ তথা অধিক কাৰ্যক্ষম হ’ব লাগে আৰু ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন।
৪. দ্বীতিয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিচত ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ স্থাপন কৰা হৈছিল। গতিকে সেই সময়ত বিশ্বৰ ৰাজনীতিৰ লগত খাপ খোৱাকৈ ইয়াৰ গাঁথনি যুগুত কৰিছিল। কিন্তু শীতল যুদ্ধৰ অন্ত পৰাৰ পিছৰ পৰা বিশ্বৰ ৰাজনীতিৰ প্ৰেক্ষপট সলনি হৈ পৰিছে।
        গতিকে সমগ্ৰ পৃথিৱীত যিবোৰ ৰাজনৈতিক পৰিৱৰ্তন হৈছে বা নতুন নতুন সমস্যাই দেখা দিছে সেইবোৰক প্ৰতিহত কৰাৰ বাবে বৰ্তমান ৰাষ্ট্ৰসংঘক পুনৰ্গঠন কৰাৰ প্ৰয়োজন আহি পৰিছে।

4. বিশ্ব বেংকৰ কাৰ্যৱলীসমূহ চমুকৈ আলোচনা কৰা।    HS-2012, 2019, 2023   নম্বৰ-4
উত্তৰ:- দ্বিতীয় মহাসমৰ অন্ত পৰাৰ ঠিক পিচে পিচে অৰ্থাত্‍ ১৯৪৫ চনত বিশ্ব বেংক গঠন কৰা হৈছিল। বিশ্ব বেংকৰ প্ৰমুখ কাৰ্য হ’ল অনুন্নত আৰু উন্নয়নশীল দেশসমূহলৈ আৰ্থিক সহায় কৰা।
        বিশ্ব বেংকৰ মূল কাৰ্যসমূহ হ’ল মানৱ উন্নয়ন, যেনে— শিক্ষা, স্বাস্থ্য আদি, কৃষি আৰু গ্ৰাম উন্নয়ন, যেনে— খেতিত পানী যোগান, গ্ৰাম্য সেৱা আদি, পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ যেনে— প্ৰদূষিতকৰণক নিয়ন্ত্ৰণ আৰু ইয়াৰ বাবে বিধি প্ৰৱৰ্তন, ৰাস্তা নিৰ্মাণ আৰু নতুনকৈ নগৰ সৃষ্টিকৰণ, বৈধ অনুষ্ঠানসমূহক উন্নীতকৰণ আৰু দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আদি।
        বিশ্ব বেংকে ইয়াৰ সদস্যভূক্ত ৰাষ্ট্ৰসমূহক ঋণ আৰু মঞ্জুৰি দিয়ে যাতে এই ৰাষ্ট্ৰসমূহৰ পুনৰ্গঠন আৰু বিকাশ সাধন কৰাত সহায় হয়। ইয়াৰ জৰিয়তে বিশ্ববেংকে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।
        অৱশ্যে বিশ্ববেংকে দৰিদ্ৰ দেশসমূহৰ উন্নতিৰ বাবে কেতিয়াবা কেতিয়াবা অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰে, যাৰ বাবে ই সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। বিশ্ব বেংকে এনেদৰে অনুন্নত ৰাষ্ট্ৰসমূহৰ বিকাৰত যথেষ্ট বৰঙণি আগবঢ়ায়।

5. শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কি কি পৰিৱৰ্তন হৈছে?         HS-2012  নম্বৰ-6
উত্তৰ:- শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ পৰিৱৰ্তন বহুতো পৰিৱৰ্তন হৈছে। সেইবোৰ তলত আলোচনা কৰা হ’ল—
(১) বিশ্বত বৃহত্‍ শক্তি হিচাপে পৰিগণিত ছোভিয়েট ৰাছিয়াৰ পতন
(২) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বত অদ্বিতীয় বৃহত্‍ শক্তি হিচাপে আৱিৰ্ভাৱ,
(৩) ছাভিয়েট ৰাছিয়াৰ উত্তৰাধিকাৰী হিচাপে ৰাছিয়াক স্বাকৃতি প্ৰদান
(৪) ৰাছিয়া আৰু আমেৰিৰা যুক্তৰাষ্ট্ৰৰ সহযোগিতা স্থাপন
(৫) চীনৰ অতি ক্ষিপ্ৰতাৰে বৃহত্‍‌ শক্তিৰ ফালে অগ্ৰসৰ আৰু ভাৰতবৰ্ষৰো শক্তি ক্ৰমাগতভাৱে বৃদ্ধি
(৬) এছিয়াৰ অৰ্থনীতি অভাৱনীয় হাৰত বৃদ্ধি
(৭) ছোভিয়েট ইউনিয়ন বা পূৰ্ব পূব ইউৰোপৰ সাম্যবাদী ৰাষ্ট্ৰৰ পৰা মুক্ত হৈ স্বাধীন হোৱা ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰসংঘত যোগদান।
(৮) সমগ্ৰ বিশ্বতে কেতবোৰ নতুন প্ৰত্যাহ্বানে দেখা দিছে আৰু এইবোৰ ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ তথা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এই নতুন প্ৰত্যাহ্বানসমূহ হ’ল গৃহযুদ্ধ, গোষ্ঠীগত সংঘৰ্ষ, সন্ত্ৰাসবাদ, পাৰমাণৱিক শক্তিৰ দ্ৰুতগতিত বৃদ্ধি, বাতাৱৰণ সলনি, পাৰিপাৰ্শ্বিকতাৰ অৱনতি, মহামাৰী ইত্যাদি।

6. ৰাষ্ট্ৰসংঘত সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ আলোচা কৰা।     HS-2020 নম্বৰ-4
উত্তৰ:- আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সংস্থা হৈছে ‘ৰাষ্ট্ৰসংঘ’। এই সংস্থাক ১৯৪৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল ১৯২ খন। ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ জৰিয়তে নিৰাপত্তা পৰিষদত স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা বৃদ্ধি কৰিব পাৰি। ইয়াৰ জৰিয়তে ভাৰতৰ দৰে এখন বিশাল তথা জনবহুল ৰাষ্ট্ৰক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদত অধিস্থিত কৰিব পৰা যাব। কিন্তু বহুতো দেশে এই দাবীৰ বিৰোধিতা কৰা দেখা যায়। উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে ভাৰতে বহুতো কাম কৰা দেখা যায়। ভাৰতে ৰাষ্ট্ৰসংঘৰ সদস্যপদ গ্ৰহণ কৰাৰ পাছৰ পৰা ৰাষ্ট্ৰসংঘৰ নিয়মাৱলী মানি আহিছে ৰাষ্ট্ৰসংঘৰ বছেৰেকীয়া বৰঙনিও ভাৰতে সময় মতে আগবঢ়াই আহিছে। ভাৰতৰ দৰে বহুতো দেশ আছে যাক স্থায়ী সদস্য ৰাষ্ট্ৰৰ অন্তৰ্ভূক্ত কৰাৰ বাবে যুক্তি আছে।সেইবাবে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ পৰয়োজনীয়তা আছে।



7. ৰাষ্ট্ৰসংঘৰ মূল অংগসমূহৰ ওপৰত এটা টোকা লিখা। HS-2023

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ ছটা প্রধান অংগ হ'ল— 

(i) সাধাৰণ সভা, 

(ii) নিৰাপত্তা পৰিষদ, 

(iii) অর্থনৈতিক আৰু সামাজিক পৰিষদ, 

(iv) ন্যাসৰক্ষী পৰিষদ, 

(v) আন্তর্জাতিক ন্যায়ালয়

(vi) সচিবালয়।

(i) সাধাৰণ সভা (General Assembly) : 

সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ। সকলোবোৰ সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই পাঁচজনকৈ প্ৰতিনিধি পঠাব পাৰে। কিন্তু প্রত্যেকখন সদস্য ৰাষ্ট্ৰই এটাকৈ ভোট প্রদান কৰিব পাৰে। সাধাৰণ সভাৰ অধিৱেশন বছৰেকত এবাৰকৈ বহে। আকাৰত বৃহৎ হোৱা বাবে কেইবাখনো কমিটীৰ জৰিয়তে সাধাৰণ সভাই কাৰ্যসমূহ পৰিচালনা কৰে।

(ii) নিৰাপত্তা পৰিষদ (Security Council) : 

ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱেই হ'ল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছজন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল— আমেৰিকা, গ্রেট বৃটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। কোনো  গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী পাঁচজন সদস্যসহ মুঠ ৯জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্যসকলৰ ‘ভেটো' প্ৰয়োগৰ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো’ দিলে সিদ্ধান্ত গ্রহণ নহয়।

(iii) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ (Economic and Social Council) :

    ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত এই পৰিষদৰ সদস্য সংখ্যা আছিল ওঠৰজন। ১৯৬৫ চনত ইয়াৰ সদস্য সংখ্যা ২৭জনলৈ বৃদ্ধি কৰা হয় আৰু ১৯৭৩ চনত এই সংখ্যা ৫৪ জনলৈ বৃদ্ধি কৰা হয়। তিনি বছৰীয়া কাৰ্যকালৰ বাবে ইয়াৰ সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ ৫৫ নং অনুচ্ছেদ মতে গঠিত হোৱা এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুসংগিক এনে সমস্যা সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে। ওপৰোক্ত বিষয়বিলাক চোৱা-চিতা কৰি পৰিষদে সাধাৰণ সভালৈ প্রতিবেদন আৰু পৰামৰ্শ পঠাব পাৰে।

(iv) ন্যাসৰক্ষী পৰিষদ (Trusteeship Council) : 

ৰাষ্ট্ৰসংঘৰ চনদৰ ৭৬ নং অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে। ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অর্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাৰ বাবেই এই পৰিষদ গঠন হৈছিল। আন্তর্জাতিক সংস্থা- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য ন্যাসৰক্ষী পৰিষদ তিনি ধৰণৰ সদস্যৰে গঠিত। (ক) ন্যাস অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ, (খ) ন্যাস অঞ্চলৰ দায়িত্বত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল আৰু (গ) সাধাৰণ সভাই তিনি বছৰৰ বাবে নিৰ্বাচিত কৰি দিয়া সদস্যসকল।

(v) আন্তর্জাতিক ন্যায়ালয় ( International Court of Justice) : 

ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো হ'ল- আন্তর্জাতিক ন্যায়ালয়। মুঠ ১৫জন ন্যায়াধীশৰ দ্বাৰা গঠিত এই ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই এই আদালতৰ সদস্য। এই ন্যায়ালয়ৰ প্ৰধান কাম হৈছে ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। এই আদালতে দিয়া ৰায় বিবদমান ৰাষ্ট্ৰই মানিবলৈ বাধ্য।

(vi) সচিবালয় (Secretariat) : 

সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। ই সচিবপ্ৰধান আৰু অন্যান্য কৰ্মচাৰীৰে গঠিত। এই সচিবালয়েই ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ৰূপায়িত কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্রমে সাধাৰণ সভাই সচিবপ্ৰধানক নিয়োগ কৰে। সচিবপ্রধানজন নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। সচিবপ্ৰধানৰ কাৰ্যকাল ৫ বছৰ। তেওঁ পুনৰ নিৰ্বাচিত হ'ব পাৰে। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবপ্ৰধানজন আছিল নৰ'ৱেৰ ট্ৰাইভহাল্ডান লী। বৰ্তমানৰ সচিবপ্ৰধানগৰাকী হ'ল পৰ্টুগালৰ এনটনিও গুৱেটেছে।


8. ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্ত:ৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে? কাৰণ দৰ্শোৱা।   HS-2013, 2024 নম্বৰ-4
উত্তৰ:- 
 বৰ্তমান সময়ত বিশ্বৰ এটা অতি গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সংগঠন হ'ল ৰাষ্ট্ৰসংঘ। ১৯৪৫ চনৰ 24 অক্টোবৰত জন্ম হোৱা ৰাষ্ট্ৰসংঘ হ'ল মানৱ জাতিৰ শান্তি আৰু প্ৰগতিৰ এটা অপৰিহাৰ্য অনুষ্ঠান। সেয়ে ইয়াৰ প্ৰযোজনীয়তাক কোনো প্ৰকাৰে অস্বীকাৰ কৰিব নোৱাৰি। ৰাষ্ট্ৰসংঘক এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলিও কোৱা হয়। তাৰ কাৰণবিলাক হ'ল-

(i) আন্তঃৰাষ্ট্ৰীয় সংগঠন হিচাপে ৰাষ্ট্ৰসংঘই বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ই ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ সৃষ্টি কৰি মানৱ সমাজৰ দৈনন্দিন জীৱন নিৰ্বাহৰ পথ সুচল কৰিব বিচাৰে।

(ii) বিশ্বৰ ৰাষ্ট্ৰবোৰৰ মাজত থকা আদৰ্শগত মতানৈক্য, অন্যান্য কাজিয়া আদিবোৰ যুদ্ধৰে সমাধান নকৰি শান্তিপূৰ্ণ উপায়েৰে সীমাংসা কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসংঘই এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।

(iii) আন্তৰ্জাতিক সংগঠন হিচাপে ৰাষ্ট্ৰসংঘই বিশ্ববাসীক কিছুমান সমস্যা বা বিপদৰ পৰা ৰক্ষা কৰি আহিছে। উদাহৰণস্বাৰুপে কিছুমান ৰোগৰ বীজাণু সম্পূৰ্ণভাৱে নিৰ্মূল কৰিবৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰই নিজৰ দেশৰ নাগৰিক সকলক প্ৰতিৰোধক প্ৰদান বা ছিটা দিয়াৰ ব্যৱস্থা কৰিছে। তাৰোপৰি গোলকীয় উষ্ণতা নিৰাময়ৰ বাবে সকলো ৰাষ্ট্ৰলৈ সহায়ৰ হাত আগবঢ়াইছে।

(iv) ৰাষ্ট্ৰসংঘ জনহোৱাৰ পৰা এতিয়ালৈকে বিশ্ব য্দ্ধু সৃষ্টি হোৱা নাই।

উল্লেখিত কাৰণ সমূহৰ উপৰিও আন বহুতো কাৰণ আছে যিবিলাকৰ বাবে সাম্প্ৰতিক কালত আন্তঃৰ্জাতিক সংগঠন হিচাপে ৰাষ্ট্ৰসংঘৰ গুৰুত্বতাক মানৱ সমাজে কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধানজনৰ উক্তিটো আমি উল্লেখ কৰিব পাৰো। ডাগ হেমাৰছিল্ডৰ মতে, 'ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ বাবে স্বৰ্গ তৈয়াৰ কৰিব নোৱাৰে, কিন্তু নৰকৰ পৰা ৰক্ষা কৰিব পাৰে।' মুঠতে, ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন হয়।


Syllabus of Class 12 Political Science in Assamese

Part-A : সমকালীন বিশ্ব ৰাজনীতি

1. শীতল যুদ্ধৰ যুগ । ERA OF COLD WAR

2. দ্বিতীয় বিশ্বৰ ভাঙোন । END OF BIPOLARITY

3. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য । US HEGEMONY IN WORLD POLITICS

4. ক্ষমতাৰ বিকল্প কেন্দ্ৰ । ALTERNATIVE CENTRES OF POWER

5. সমসাময়িক দক্ষিণ এছিয়া । CONTEMPORARY SOUTH ASIA

6. আন্তৰ্জাতিক সংগঠন । INTERNATIONAL ORGANIZATION

7. সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা । SECURITY IN THE CONTEMPORARY WORLD

8. পৰিৱেশ আৰু প্ৰকৃতিক সম্পদ । ENVIRONMENT AND NATURAL RESOURCES

9. বিশ্বায়ন / গোলকীয়কৰণ । GLOBALIZATION

Part-B : স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

1. এটা দলৰ আধিপত্যৰ যুগ । ERA OF ONE PARTY DOMINANCE

2. জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ । CHALLENGES OF NATION BUILDING

3. পৰিকল্পিত বিকাশৰ ৰাজনীতি । POLITICS OF PLANNED DEVELOPMENT

4. ভাৰতৰ বৈদেশিক সম্পৰ্ক । INDIA’S INTERNATIONAL RELATIONS

5. কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যহ্বান । CONGRESS SYSTEM

6. সাংবিধানিক ব্যৱস্থাৰ সংকট । CRISIS OF CONSTITUTIONAL ORDER

7. আঞ্চলিক প্ৰত্যাশা । REGIONAL ASPIRATIONS

8. নব্য সামাজিক আন্দোলনৰ উত্থান । RISE OF NEW SOCIAL MOVEMENT

9. গণতান্ত্ৰিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি । DEMOCRATIC UPSURGE AND COALITION GOVERNMENT

10. ভাৰতীয় ৰাজনীতিত সম্প্ৰতিক বিকাশ । RECENT ISSUES AND CHALLENGES


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Contact us for Free pdf notes on English, Political Science, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, History, Economics.

Previous
Next Post »