-->

ফকৰা-যোজনা, ভাব সম্প্রসাৰণ কৰা । Proverbs in Assamese

 ফকৰা-যোজনা (Proverbs in Assamese) সমূহ অসমীয়া ভাষাৰ এক অমূল্য সম্পদ৷

  অসমীয়াত ফকৰা-যোজনা । Assamese Fokora Jojona

ভাব সম্প্রসাৰণ কৰা । Bhab Samprasaran

        ফকৰা-যোজনাবোৰ ভাষাৰ সম্পদ। ইহঁত এফালে ভাষা চহকী কৰে আৰু আনফালে ভাষাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শব্দবোৰৰ অৰ্থ জানিলেই ইহঁতৰ অৰ্থ জনা নহয়। কাৰণ, ইহঁতৰ একোটা সুকীয়া অন্তৰ্নিহিত অৰ্থ থাকে। ইহঁত একোটা বিশেষ ভাবৰ নিৰ্দেশক আৰু বাহক। সেইবাবে ভাষাত পাৰদৰ্শিতা লাভ কৰিব লাগিলে ফকৰা-যোজনাবোৰৰ অৰ্থ আৰু ভাব-জনা একান্ত একান্ত আৱশ্যক। তলত সচৰাচৰ ব্যৱহৃত কিছুমান ফকৰা-যোজনা ব্যাখ্যাসহ দিয়া হ'ল। তলত 86 টা ফকৰা যোজনা আলোচনা কৰা হ'ল:-

1. অতি ভক্তি চোৰৰ লক্ষণ HSLC-2010
        মানহৰ মনৰ গুপুত উদ্দেশ্য জনাটো বেচ্‌ টান কাম। কোনোবাই চৰম নিষ্ঠাৰে ভক্তি কৰি কোনো মানুহৰ প্রিয়পাত্র হ'ব পাৰে আৰু তেনে স্বাভাৱিক ভক্তি প্রদর্শনে ব্যক্তিজনক বিশ্বাসপৰায়ণ তথা আদৰৰ কৰি তুলিব পাৰিব পাৰে। কিন্তু দুষ্ট উদ্দেশ্য মনত গুপুতে পুহি ৰাখি অতিমাত্রা ভক্তি, নিষ্ঠা দেখুওৱা জনক চিনি পোৱা উচিত। বিশ্বাসভাজন তথা প্রিয়পাত্র হৈ চুৰ কৰাৰ সুযোগ উলিয়াই ল'বলৈ অসৎ লোকে অতিমাত্রা ভক্তি ভাব দেখুৱায়।
       গতিকে, কোনোবাই অতিমাত্রা ভক্তিপৰায়ণ হৈ দেখুৱাব খুজিলে, তেওঁক সহজে বিশ্বাসত লোৱা উচিত নহয়। প্ৰতিটো কামতে সীমাৰ মাজত থকা জনকহে স্বাভাৱিকভাৱে বিশ্বাস কৰিব লাগে। দুষ্ট বা চোৰ স্বভাৱৰ লোকে সদায় নিজৰ কু-অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ অতিমাত্রা বিশ্বাসভাজন হৈ দেখুৱাই ভাল মানুহৰ কাষ চাপিব পাৰে। সেয়েহে অতিমাত্রা ভক্তিপৰায়ণ, নিষ্ঠাবান হৈ দেখুওৱা ব্যক্তিসকলৰ প্রতি সজাগ হৈ থকাই ভাল।

2. অভ্যাসৰ নৰ কর্ণপথে কৰে শৰ
অভ্যাসেই হ'ল কৃতকাৰ্যৰ্তাৰ মূল চাবিকাঠি। প্রচুৰ অনুশীলন আৰু অধ্যৱসায়ৰ জৰিয়তে অসাধ্য যেন লগা কাম একোটাকো সাধন কৰিব পাৰি। যিমান টান কামেই নহওক নিয়মিত অনুশীলনৰ সহায়ত তাক সহজ কৰি পেলাব পাৰি। অভ্যাস কৰি থাকিলে কাণৰ ফুটাইদি শৰ নিক্ষেপ কৰাৰ দৰে দুৰূহ কাম একোটাকো সম্ভৱ কৰি তুলিব পৰা যায়। উদাহৰণস্বৰূপে, আমি অলিম্পিকৰ শৰীৰ চৰ্চা আৰু ব্যায়ামৰ খেলসমূহ বা সচৰাচৰ চাই থকা চার্কাছসমূহৰ কিছুমান খেললৈকে আঙুলিয়াব পাৰোঁ, যিবোৰ সাধাৰণ মানুহৰ চকুত যাদুৰ দৰেই লাগে। তেনে অস্বাভাৱিক কামবোৰ অভ্যাস তথা প্রচুৰ অনুশীলন তথা অধ্যৱসায়ৰ বলতহে তেওঁলোকৰ বাবে স্বাভাৱিক হৈ পৰিছে।
 

3. অল্প বিদ্যা ভয়ংকৰী
    ভালদৰে বিদ্যা শিক্ষা অৰ্জা ব্যাক্তিসকলক জ্ঞানী বুলি গণ্য কৰা হয়। কিন্তু অলপ অচৰপ বিদ্যা অর্জন কৰা সকলে নিজকে বৰ জ্ঞানী বুলি দেখুৱাবলৈ চেষ্টা কৰে আৰু জনাই নজনাই সেই আধৰুৱা বিদ্যাক য'তে ত'তে প্রয়োগ কৰিবলৈ চেষ্টা কৰে।
            তেনেকুৱা লোকে নিজেই সকলো জানি উঠা বুলি ভাবে আৰু নিজৰ প্রভুত্ব জাহিৰ কৰিবলৈ গে মুখ থেকেচা খায়। গতিকে, অলপ অচৰপ শিক্ষা উপকাৰী হোৱাতকৈ বেছি অপকাৰী বা ভয়ংকৰহে হৈ উঠে। তেনে অল্পশিক্ষিত ব্যক্তিৰ পৰা কেতিয়াবা অনিষ্ট হোৱাৰো সম্ভাৱনা থাকে। উদাহৰণস্বৰূপে অলপ অচৰপ ডাক্তৰী পঢ়ি, আধাতে শিক্ষা সামৰা অর্ধ-ডাক্তৰ এগৰাকীয়ে নিজৰ সীমিত জ্ঞানেৰে ৰোগীক জধে-মধে চিকিৎসা কৰিলে বিপদৰ আশংকাই বেছি। এনেদৰে, বহু, ক্ষেত্ৰতেই এই অল্প জ্ঞানেৰে শিক্ষিত ব্যক্তিসকল সমাজৰ তথা নিজৰ কাৰণেই ভয়ংকৰ হৈ পৰে।

4. আয় চাই ব্যয় কৰিবা
    মানুহে খৰচ পাতি কৰাৰ বেলিকা নিজৰ পর্যাপ্ত উপার্জনৰ কথা ভাবি চাব লাগে। নিজৰ আয়তকৈ বেছিকৈ খৰচ কৰাজনে কেতিয়াও সঞ্চয় কৰিবই নোৱাৰে, বৰং ঋণতহে পোত যাবলৈ বাধ্য হয়। বেছিকৈ উপার্জন কৰা লোক এজনে বেছিকৈ খৰচ কৰিব পাৰে। প্রাথমিক প্রয়োজনীয় সা-সামগ্রী কিনা, সাধাৰণ বজাৰ-পাতি কৰাৰ উপৰি তেওঁলোকে বিলালী সামগ্রী আদি কিনি এক বিলাসী জীৱন কটাব পাৰে। কিন্তু উপার্জনৰ লোকে তেওঁৰ উপাৰ্জনৰ জোখাৰে সামৰিব পৰাকৈহে খৰচ পাতি কৰিব পাৰে। গতিকে, তেনে লোক ধন ব্যয় কৰাৰ বেলিকা সাৱধানী আৰু মিতব্যয়ী হোৱা উচিত।

5. আপোন ভালেই জগত ভাল HS-2024
    এজন ভাল ব্যক্তিয়ে নিজৰ জ্ঞানৰ বলতে তেওঁৰ পাৰিপাৰ্শ্বিকতাক ভাল কৰি ৰাখিব পাৰে। সৎব্যক্তিৰ লগত আনেও সৎ হৈ চলিবলৈ বাধ্য হয়। আনৰ অহিত চিন্তা নকৰা, অন্যায় নকৰা, নম্র ব্যক্তি এগৰাকীক বেলেগে অপকাৰ নকৰে। বৰং আনৰ উপকাৰ। কৰা, মিষ্টভাষী উপযোগী মানুহ এজনৰ বিপদৰ সময়তো তেওঁৰ ওচৰ-চুবুৰীয়া বা বন্ধু-বান্ধৱে তেওঁলৈ সহায়ৰ হাতহে আগ বঢ়ায়।
    এনেদৰেই ভাল ব্যক্তি এজনৰ কাৰণে গোটেই জগতখনেই ভাল হৈ পৰে। ঠিক তেনেদৰে বেয়া লোকৰ ক্ষেত্ৰত পৃথিৱীৰ আটায়েই বেয়া হৈ পৰে। গতিকে, নিজে ভাল হে থকাটোৱেই সকলোতকৈ ভাল কাম। আনৰ ওপৰত দোষ জাপি নিজকে সাঙুৰি লোৱা উচিত নহয়। নিজৰ চৰিত্ৰৰ ওপৰতে ভাল-বেয়া নির্ভৰ কৰে। নিজৰ চাৰিত্রিক দৃঢ়তাৰ বলতে সামাজিক পৰিৱেশত ভাল জীৱন যাপন কৰিব পাৰি।

6. উপকাৰীক অজগৰে খায়  HSLC-2021 (Spl.)
    অকৃতজ্ঞ লোকসকলে উপকাৰী লোকৰ উপকাৰ স্বীকাৰ কৰাৰ পৰিৱর্তে, পাছত বৰং তেওঁলোকক অপকাৰহে কৰে। অজগৰ সাপ এটিক যদি কেতিয়াবা প্রাণনাশৰ পৰা ৰক্ষা কৰি তাক উপকাৰ কৰি থোৱা বুলি তাৰ পৰা সাৱধান হোৱা নাযায় আৰু সি সেই উপকাৰৰ কথা মনত কৰি একো নকৰে বুলি ভবা যায়, তেন্তে তেনেদৰে ভৰাজনক অজগৰে খাবই।
অজগৰে কেতিয়াও উপকাৰৰ মোল বুজি নাপায় আৰু সেয়ে তাৰ পৰা কৃতজ্ঞতা আশা কৰিও লাভ নাই। একেদৰে অকৃতজ্ঞ মানুহৰ পৰাও উপকাৰৰ কৃতজ্ঞতা বিচাৰি লাভ নাই। বৰং উপকাৰ কৰা ব্যক্তিৰ অসাৱধানতা তথা উদাৰতাৰ সুযোগ লৈ তেনে লোকে উপকাৰীজনৰ অনিষ্টহে কৰে। তেনে অকৃতজ্ঞ, অশলাগী লোকৰ পৰা সাৱধানে থকা উচিত।

7. এশ গৰু মাৰিলে বাঘৰো মৰণ [HSLC-2019]
    
এটা, দুটা গৰু হত্যা কৰা বাঘ সহজতে চকুত নপৰে। কিন্তু এটা দুটাকৈ যেতিয়া সি বহুতো গুৰু নিধন কৰি গৈ থাকিব আৰু মানুহৰ তথা জীৱ-জন্তুৰ মাজত সন্ত্রাসৰ সৃষ্টি কৰিব তেতিয়া সেই বাঘক মাৰিব লগীয়া হোৱা বুলি সকলোৱে সহজেই অনুভৱ কৰিব। অর্থাৎ তেনে অৱস্থাত সেই বাঘৰ মৃত্যু অনিবার্য হ'ব। ঠিক তেনেদৰে সমাজৰ অনিষ্টকাৰী ব্যক্তি বা প্রবঞ্চকে এটা বা দুটা বেয়া কাম কৰিলে সমাজৰ চকুত নপৰে যদিও, একাদিক্ৰমে তেনে কৰিয়েই থাকিলে সি ধৰা পৰাৰ উপৰি তেনে লোক ধ্বংসও অনিবার্য হৈ পৰে। এজনক প্রবঞ্চনা কৰি কোনোবাই সাৰি যাব পাৰে, কিন্তু অনেকক প্ৰৱঞ্চনা কৰাজন ধৰা পৰাটো অনিবার্য। গতিকে, এশটা গৰু মাৰি বাঘ এটাৰ মৃত্যু অনিবার্য হোৱাৰ দৰেই বহুতক ঠগোৱাৰ পাছত তেনে প্ৰৱঞ্চকৰ ধ্বংসও অনিবার্য। তেওঁ যিমানেই প্ৰভাৱশালী তথা প্ৰতাপী নহওক কিয়, ৰাইজৰ আগত সেও মানিবই লাগিব।

8. কথাত কটা যায় কথাত বঁটা পায়    HSLC-2022
    কি পৰিস্থিতিত, কাৰ লগত, কেনে সময়ত, কেনেকৈ কথা ক'ব লাগে, তাক মানতে ভালদৰে জনা উচিত। মানুহৰ মুখৰ কথাষাৰেই কেতিয়াবা বিপদ কঢ়িয়াই আনিব পাৰে অথবা অতি সংকটপন্ন অৱস্থা পৰিস্থিতিত মুখৰ কৌশলী, নম্র কথাষাৰেই কেতিয়াবা মানুহক উদ্ধাৰ কৰিব পাৰে। কর্কশ, হুটা মাত-কথাই মানুহক বিতুষ্ট কৰে আৰু তেনেদৰে কথা কোৱা মানুহ সকলোৰে অপ্রিয় হয়। কর্কশ সুৰত ভাল কথা ক'লেও মানুহে ভাল নাপায়। তদুপৰি মানুহেন ক'ব লগীয়া পৰিস্থিতিত, নক'ব লগীয়া কথা কৈ বহু বিপদত পৰা আনকি প্রাণৰ সংশয় পৰ্য্যন্ত আহি পৰাও দেখা যায়।
    আনহাতে সুন্দৰ, সময়োপযোগীকৈ কথা ক'ব পৰা ব্যক্তি লোকৰ প্রিয়পাত্র হ'ব পাৰে। নিজৰ সংযমী কথাৰে আন মানুহৰ সমীহ আদায় কৰি মানুহে সামাজিক ক্ষেত্ৰতো যথেষ্ট উন্নতি লাভ কৰিব পাৰে। বিপদৰ সময়তো নম্র, ভদ্র ব্যৱহাৰেৰে শত্ৰুৰ মন পর্যন্ত জয় কৰি অহাৰো উদাহৰণ আমাৰ মাজত আছে।
    গতিকে দেখা যায়, কর্কশ তথা সময়জ্ঞানহীন কথাই মানুহলৈ বিপদ কঢ়িয়াই আনিব পাৰে আৰু ভদ্র, কৌশলী তথা সময়োপযোগী কথা ক'ব পৰা জনে নিজৰ কথাৰেই বহু কিবাকিবি লাভ কৰিবলৈ সক্ষম হয়।

9. চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি [HSLC-2011]
প্ৰতিটো কামৰে একো একোটা প্রাসংগিক সময়, স্থান বা পাত্র থাকে। উপযুক্ত সময়ত, উপযুক্ত স্থান বা কাৰ্য্যৰ ক্ষেত্ৰত সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে তেনে কাৰ্যপন্থা বা আহিলাৰ প্ৰাসংগিকতা নাথাকে।
       চোৰে যাতে সর্বস্ব চুৰি কৰি লৈ যাব নোৱাৰে তাৰ বাবে বুদ্ধি খটুৱাই নিজৰ সামগ্রী সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থাটো চোৰে চুৰ কৰাৰ আগতেই কৰিব লাগিব। অন্যথা চোৰে চুৰি কৰি লৈ যোৱাৰ পাছত সেই বুদ্ধিৰ কোনো মূল্য নাথাকে। ঠিক সেইদৰে, বৰষুণত তিতাৰ পৰা হাত সাৰিবলৈ জাপি ব্যৱহাৰ কৰা হয়। কিন্তু বৰষুণ দি থকাৰ সময়ত প্রয়োজন হোৱা জাপিটো ব্যৱহাৰ নকৰি, বৰষুণ এৰাৰ পাছত ব্যৱহাৰ কৰিলে, সেই জাপিৰ ব্যৱহাৰ অনর্থক হৈ পৰে। গতিকে, চোৰে চুৰি কৰি গুচি যোৱাৰ আগেয়েই নিজৰ বুদ্ধিক কামত খটুৱাব পাৰিব লাগে বা বৰষুণৰ সময়তহে জাপি ব্যৱহাৰ কৰিব লাগে। গতিকে, সঠিক সময়ত সঠিক পদক্ষেপ ল'বলৈ নিজৰ বুদ্ধিমত্তাক সজাগ কৰি ৰাখিব লাগে। অনিষ্ট হোৱাৰ পূর্বেই নিবাৰণৰ সম্ভাৱ্য কাৰ্যকৰী উপায় কামত খটুৱাব লাগে।

10. যি মূলা বাঢ়ে, তাৰ দুপাততে চিন [HSLC-2008, 2013]
     নতুনকৈ গজা মূলা পুলি এটা আগলৈ ভাল হ'বনে নহয়, কথাটো পুলিটোক দুপতীয়া অৰ্থাৎ সৰু অৱস্থাতে চাই অনুমান কৰিব পাৰি। কাৰণ নিৰোগী মূলা পুলি এটা দুপতীয়া অৱস্থাতে লহপহকৈ বাঢ়িবলৈ লয়। আনহাতে বেমাৰত আক্ৰান্ত, দুর্বল মূলা পুলিৰ গাত তেনে লক্ষণ দেখা নাযায়। একেদৰে মানৱ সন্তানকো শৈশৱ অৱস্থাতে দেখি অনুমান কৰিব পাৰি যে ভৱিষ্যতে ডাঙৰ-দীঘল হৈ শিশুটো কেনে হ'ব? অর্থাৎ কোমলমতীয়া শিশু এটা শৈশৱ কালত সজ আৰু শিক্ষানুৰাগী হ'লে ভৱিষ্যত জীৱনত ভাল মানুহ হ'ব বুলি ধাৰণা কৰিব পাৰি। শিশু এটিৰ ৰুচিবোধ আৰু কাম-কাজ পর্যবেক্ষণ কৰি তাৰ ভৱিষ্যত জীৱনৰ বিষয়ে অনুমান কৰিব পৰা যায় বাবেই মানৱ শিশুক দুপতীয়া মূলা পুলিৰ সৈতে ৰিজোৱা হৈছে।

11. যত্ন কৰিলেহে ৰত্ন পায়     HS-2024
       যিকোনো কামৰে ভাল প্রতিফল পাবলৈ হ'লে তাক যত্ন সহকাৰে সম্পন্ন কৰিব লাগিব। পৰিশ্ৰম নকৰি হাত সাবটি বহি থাকি তাৰ পৰা ভাল ফল আহিব বুলি আশা কৰাটো মিছা।ৰত্ন নিজে নিজে আহি কপালত নালাগে।ইয়াক বিচাৰি আনিব পাৰিব লাগিব। পৰীক্ষাৰ বাবে যত্ন সহকাৰে লিখা-পঢ়াৰ দ্বাৰা প্রস্তুতি চলালেহে পৰীক্ষাত ভাল ফল পোৱা যায়। কোনো কামত একাণপতীয়াভাৱে মনোনিৱেশ কৰিলেহেতাৰ পৰা সুফল পাব পাৰি; নহ'লে কেতিয়াবা ভাল পুৰস্কাৰ পোৱাৰ ক্ষেত্ৰত হতাশাৰ সন্মুখীন হ'ব লগীয়া হয়। গতিকে, ভাল ফল আশা কৰিলে তাৰ বাবে হাতে-কামে লাগি প্রচুৰ যত্ন কৰিব লাগিব, যাতে কামটো যথাসম্ভৱ ভালদৰে নিয়াৰিকৈ সম্পন্ন কৰি তাৰ পৰা ফল পাব পাৰি।

12. দুখ কৰিলেহে মুখ ভৰে
    সুচল জীৱন-যাপন কৰিবলৈ হ'লে দুখ-কষ্ট-যাতনা সহ্য কৰিবই লাগিব। দুখ-কষ্ট কৰি খেতি-বাতি কৰিলেহে খেতিৰ পৰা পেটৰ ভাতমুঠি আহিব। সেইখিনি কষ্ট, শ্রম সহিব নোৱাৰিলে ভোকে পিয়াহে মৰিব লাগিব; এনেদৰে কেতিয়াও পেট নভৰে।
       অর্থাৎ ইয়াৰ জৰিয়তেও শ্ৰমৰে মর্যাদাৰ কথা ক'ব বিচৰা হৈছে। পৰিশ্ৰমৰ বেলিকা ই সদায়ে পীড়াদায়ক, শ্ৰম কৰি কোনেও সুখ নাপায়। কিন্তু এইখিনি দুখ মানি ল'বই লাগিব যদিহে কামত সফলতা লাভ কৰিব বিচৰা হয়। গতিকে পৰিশ্ৰম, কষ্ট স্বীকাৰ কৰি কৰ্মত লাগি থাকিলেহে উদ্দেশ্য পূৰণ হয়। নিজৰ মনৰ হেপাঁহৰ বিৰুদ্ধে গৈও দুখ মনেৰে ধৈর্য ধৰি পঢ়া-শুনাত লাগি থকা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফলৰ বেলিকা মুখত সন্তুষ্টিৰ হাঁহি মাৰিব পাৰে। সাফল্যৰ আনন্দই তেওঁলোকৰ মন ভৰাই তোলে।

13. ফিৰিঙতিৰ পৰা খাণ্ডৰ দাহ
    সামান্য একোটা কামৰ পৰাও একো একোটা ডাঙৰ ঘটনা সংঘটিত হৈ যাব পাৰে সাধাৰণ ফিৰিঙতি এটিৰ পৰা যেনেদৰে সমগ্ৰ অৰণ্যত জুই লাগি গোটেই অৰণ্য পুৰি ছাৰাখাৰ হ'ব পাৰে, ঠিক তেনেদৰে সৰু একোটা ভুলৰ পৰিণতিয়েই বিৰাট ধ্বংসকাৰ্যৰ কাৰ্ণ হ'ব পাৰে।
    গতিকে, সামান্য ঘটনা বা বস্তু বুলি একোকে অৱমাননা তথা অৱহেলা নকৰি তাৰ প্ৰতি প্রাৰম্ভণিতে সজাগ হৈ থাকিব লাগে, যাতে সেই সামান্য ঘটনাটোৰ পৰাই ডাঙৰ অঘটন হ'বলৈ নাপায়।

14. বিদ্যা পৰম ধন

       বহুতেই টকা-পইচা, সা-সম্পত্তিকে জীৱনৰ আটাইতকৈ মূল্যবান বস্তু বুলি অভিহিত কৰি এইবোৰৰ কাৰণেই নিজৰ সৰ্বস্ব জলাঞ্জলি দিয়ে। কিন্তু সকলোৱে জনা উচিত যে এই বৈষয়িক সা-সম্পত্তিবোৰ চিৰদিনৰ বাবে তেনেই অস্থায়ী আৰু অনিশ্চিত। ব্যক্তিত্বৰ ফালৰ পৰা এইবোৰৰ প্ৰয়োজন আছে যদিও ইয়াতকৈ মূল্যবান বস্তুটো হ'ল বিদ্যা। টকা-পইচা, সম্পত্তি আদি বস্তুবোৰ কালক্ৰমত চুৰি হ'ব পাৰে বা প্রাকৃতিক কাৰণত ধ্বংস হৈও হাতৰ পৰা ওলাই যাব পাৰে। তদুপৰি, কেৱল টকা-পইচাৰ দ্বাৰা হোৱা ধনী ব্যক্তিক অকল সহায়ৰ প্ৰয়োজন হোৱা বা সুযোগ সন্ধানীয়েহে মানি চলে বা সন্মান কৰে। তদুপৰি, ধন-সম্পত্তি আনক দিলে এসময়ত কমি যায়।
    কিন্তু বিদ্যা-শিক্ষা এনে এক সম্পত্তি যাক ব্যক্তি এজনৰ পৰা চুৰি কৰিবও নোৱাৰি আৰু আনক দান কৰিলেও ই কমি নাযায়। বিদ্যান লোক সর্বত্রতে সন্মানৰ পাত্র। সেয়েহে বিদ্যাকে শ্রেষ্ঠ সম্পদ বুলি কোৱা হৈছে।

15. ভুকুতে কল নপকে
    যিকোনো কাম এটা সম্পন্ন হৈ উঠিবলৈ ইয়াক পৰ্য্যাপ্ত সময়ৰ প্রয়োজন হয়। ইয়াক একাষাৰ হৈ উঠক বুলি জোৰ দিলেই নহয়। কেঁচা কল এটা তৎক্ষণাত পকাবলৈ ভুকু মাৰি দিলেই ই লগে লগে নপকে, বৰং ই পচাৰহে সম্ভাৱনা থাকে। ঠিক তেনেদৰেই নির্দিষ্ট সময়তকৈ আগতে জোৰ কৰি কোনো এটা কাম সিদ্ধি কৰিব বিচাৰিলে, ই পণ্ড হোৱাৰহে সম্ভাৱনা বেছি, সময়তকৈ আগত ইমুঠেও সম্পূৰ্ণৰূপে হৈ নুঠে। একেদিনাই কোনো এজন মানুহেই পণ্ডিত হৈ উঠিব নোৱাৰে। একেৰাহে চলা দীঘলীয়া পৰিক্ৰমাৰ ফলতহে মানুহে তেনে গুণবোৰ আয়ত্ত কৰিব পাৰে।
    গতিকে, লগে লগে লাগে বুলি জোৰ দিলেই কাম এটাৰ সফল সম্পাদন নহয়, ইয়াক ক্রম অনুসৰিহে সফলতাৰে সম্পূর্ণভাৱে সম্পন্ন কৰিব পাৰি।

16. মানুহ মৰে কৈ, চৰাই মৰে ৰৈ [HSLC-2019]
           অসমীয়া সমাজত প্ৰচলিত এই আপ্ত বাক্যশাৰীৰ গভীৰ তাত্‍পৰ্য আছে। ভলভলীয়া স্বভাৱ বা পেটত কথা ৰাখিব নোৱাৰা স্বভাৱৰ বাবে, নকব'লগীয়া কথা কৈ মানুহ বিপদত পৰা দৃষ্টান্ত বিৰল নহয়। এনে শ্ৰেণীৰ মানুহে আনৰ অপকাৰ হওঁক বুলি নহয়, স্বভাৱৰ দোষত অ'ৰ কথা ত'ত কৈ ফুৰে। ফলত তেনে লোক অপমানিত হ'বলগাত পৰে। অতি শুদ্ধ অন্তৰৰ ভাল মানুহৰো এই স্বভাৱজনিত দোষটো থকা দেখা যায়। অন্যহাতে কিছুমান কুচৰিত্ৰৰ লোকে আকৌ উচ্ছাকৃতভাৱেই নক'বলগীয়া কথা কৈ মানুহক আঘাত দিবলৈ ভাল পায়। ফলত এনে লোকে সমাজৰ পৰা গৰিহণা খাব লগাত পৰে। ঠিক সেইদৰে অবুজ প্ৰাণী চৰাই-চিৰিকটি বিলাকৰ ভিতৰত কিছুমান বৰ অজলা থাকে। সাধাৰণতে চৰাইবিলাকে বিপদৰ সংকেত পালে নিমিষতে উৰা মাৰি আতৰ হয়। যদি কোনো চৰাইয়ে বিপদৰ সম্ভেদ পালেও উৰা মাৰি নগৈ ৰৈ থাকে তেনে চৰাই নিষ্ঠুৰ লোকৰ দৰে চিকাৰীৰ বলি হোৱাটো স্বভাৱিক কথা।
     গতিকে, বাক্‌ সংযম, সদা-সতৰ্কতা বা সচেতনতা মানুহ বা পশু-পক্ষীৰ জীৱনৰ কাৰণে যে অতি গুৰুত্বপূৰ্ণ, সেই কথাকেই উক্ত কথাফাকিৰ মাজেদি ব্যক্ত কৰা হৈছে।

17. ৰাইজে নখ জোকাৰিলে নৈ বয় [HSLC-2009, 2014]
       এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্রচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়। কিন্তু গোটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন বোৱাই নিয়াটো একো টান কাম নহয়। ৰাইজৰ নখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বোৱাব পৰাৰ নিচিনাকৈ এপইচা, দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্রতিষ্ঠান গঢ়াৰ দৰে মহৎ কাৰ্যও অনায়াসে সম্পাদন কৰিব পাৰি। গতিকে, উক্ত বাক্যটিৰে সন্মিলিত শক্তিৰ মহত্ব তথা ক্ষমতাৰ কথাকেই আঙুলিয়াই দিয়া হৈছে।    *(সমার্থক যোজনা : ৰাইজৰ নাও বামেৰেও চলে)

18. শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে
    শিয়ালে খাবৰ বাবে হাঁহ চিকাৰ কৰিবলৈ হ'লে হাঁহৰ গৰাললৈ যাবই লাগিব। কিন্তু শুই থকা শিয়াল এটিৰ গাঁতলৈ গৈ হাঁহ বা অন্য খাদ্য কেতিয়াও নোসোমায়। তেনে শিয়াল চিকাৰ অবিহনে নাখাই শুকাই মৰিব লাগিব। এই একেই কথা মানুহৰ ক্ষেত্ৰতো প্রয়োগ কৰিব পাৰি। কষ্ট নকৰিলে বিচৰা বস্তুটো কেতিয়াও হাতত আহি নপৰেহি। কাম্য বস্তুটো পাবলৈ হ'লে কষ্ট কৰিবই লাগিব। পঢ়া-শুনা নকৰি আৰামত শুই থকা, ঘূৰি ফুৰা ছাত্ৰই কেতিয়াও ভাল ফলাফল আশা কৰিব নোৱাৰে। কষ্ট নকৰিলে মুখ নভৰে। যেনেদৰে শিয়ালে খাবলৈ হ'লে কষ্ট কৰি ৰাতি অতি বিপদৰ মাজত গৈও গৃহস্থৰ ঘৰৰ পৰা হাঁহ-কুকুৰা আদি ধৰি আনিব লাগিব, মানুহেও আশা কৰা বস্তুটো পাবলৈ তাৰ কাৰণে প্রয়োজনীয় কষ্ট মূৰ পাতি ল'বই লাগিব।

19. শ্রম সিদ্ধি অমোঘ অস্ত্র
      যিকোনো কামত সফলতা লাভ কৰিবলৈ পৰিশ্ৰম অপৰিহাৰ্য্য। প্রয়োজন অনুপাতে পঢ়া-শুনা নকৰিলে ছাত্র-ছাত্রীয়ে তেওঁলোকৰ কাৰ্য্যৰ ফলাফল আশা কৰাটো কথা। খেতিয়কেও খেতিৰ পৰা ভাল ফচল আশা কৰিলে তাৰ বাবে পৰ্য্যাপ্ত পৰিশ্ৰম কৰি খেতিৰ যতন ল'ব লাগিব। মুঠতে যিকোনো কামতে সিদ্ধি লাভ কৰাৰ আটাইতকৈ পয়োজনীয় উপায় হল শ্রম। এমনকৰি কোনো কামৰ ফলাফল বিচাৰিভাগকে বিয়াই থাকিলে তাত সিদ্ধি লাভ কৰিব নোৱাৰি। পৰিশ্ৰমেহে আমাক সিদ্ধিৰ শিখৰলৈ লৈ যাব পাৰে।

20. সময় অমূল্য ধন
        সময় সকলোৰে বাবে সীমিত। তদুপৰি ই সদায় গতিশীল, কাৰো বাবে, কোনো প্রকাৰে ইয়াক ধৰি ৰাখিব নোৱাৰি। গতিকে, মানৱ জীৱনত সময়ৰ মূল্য অপৰিসীম। আর কথাত, কোনো বিনিময়েৰেই ইয়াক কিনিব বা সাঁচিব নোৱাৰি।
       আমাৰ চুটি আৰু ব্যস্ত জীৱনত বহু কামেই কৰিব লগীয়া থাকে আৰু তাৰ কাৰণে সময় পোৱা যায় তেনেই কম। গতিকে, কোনো কাৰণতে সময়ক অপচয় কৰা উচিত নহয়। সময়ৰ কাম সময়মতে কৰি সময়ৰ সতেই খোজ পেলাব লাগে, তেতিয়াহে আমি আমাৰ জীৱনত পোৱা সীমিত সময়কণৰ সঠিক ব্যৱহাৰ কৰিব পাৰিম। তদুপৰি, এবাৰ পাৰ হৈ যোৱা সময়কণ কেতিয়াও ঘূৰাই পোৱাও সম্ভৱ নহয়। এনেদৰেই আমি উপলব্ধি কৰিব পাৰোঁ যে আমাৰ জীৱনত সময়ৰ মূল্য কিমান। এই সময়ক আমি সকলোৱে সঠিক ব্যৱহাৰ কৰি ইয়াৰ গুৰুত্ব উপলব্ধি কৰা উচিত।

21. সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা
    জন সমাজত প্ৰচলিত এই প্ৰবাদ বাক্যফাকিয়ে নিৰূপণ কৰিছে, সময় কিমান মূল্যৱান। সময়ৰ কাম সময়ত কৰি নগ'লে তাৰ বিষময় ফল মানুহে ওৰেটো জীৱন ভূগিবলগা হয়। উদাহৰণস্বাৰূপে, ক'ব পাৰি ছাত্ৰ-জীৱনৰ কথা। ছাত্ৰই সময়ৰ পাঠ সময়মতে আওৰাই নগ'লে পৰীক্ষাত কেতিয়াও ভাল ফলাফল দেখুৱাব নোৱাৰে। সেইদৰে দূৰণিলৈ যাবলৈ ৰেল বা বাছ ধৰিবলৈ গ'লে আমি সময়ত ৰেলষ্টেচনত উপস্থিত হ'বগৈ লাগিব। অন্যথা আমি ৰেল বা বাছ এৰাৰ পিছতহে ৰেলষ্টেচন বা বাছ আস্থান পামগৈ, ফলত আমি গন্তব্য স্থানলৈ যাব নোৱাৰিম। অৰ্থাত্‍ নৈৰ সোঁত যিদৰে বিৰামহীন গতিৰে বৈ থাকে। ঠিক তেনেদৰে সময়ো নৈৰ সোঁতৰদৰে কাৰো বাবে ৰৈ নাথাকে।

22. হৰিণাৰ মাংসই বৈৰী
    বহু ক্ষেত্ৰত মানুহৰ নিজৰ গুণখিনিয়েই কাৰোবাৰ বাবে বিপদৰ কাৰণ হৈ পৰে। হৰিণাৰ মাংস খাবলৈ বৰ সোৱাদ। গতিকে, মাংসৰ কাৰণে হৰিণাক বধ কৰিবলৈ চিকাৰী, বাঘ আদি টিঘিল-ঘিলাই ঘূৰি ফুৰে; যাৰ কাৰণে হৰিণাবোৰৰ জীৱন-ধাৰণ তেনেই বিপদসংকুল হৈ পৰে। বিশেষকৈ নিৰীহ লোকৰ কাৰণে এই সমস্যাটো অধিক। সমাজত বহুতো নিৰীহ লোক আছে, যিবোৰৰ নিজৰ সম্পত্তিখিনিয়ে তেওঁলোকৰ কাৰণে বিপদৰ কাৰণ হৈ পৰে। অজস্ৰ সা-সম্পত্তি বা সম্পদ থকা লোকৰ প্রতি লোকৰ প্ৰতিহিংসা জাগে। ফলত তেনে লোকৰ শত্রুও বাঢ়ে। অর্থাৎ হৰিণাৰ মাংসই যেনেদৰে হৰিণাৰ মৃত্যুৰ কাৰণ হৈ শত্রু হিচাপে চিহ্নিত হয়, ঠিক সেইদৰে মানুহৰ বিশেষ গুণ, সৌন্দৰ্য্য বা সম্পদো কেতিয়াবা মানুহৰ (সম্পদ বা গুণৰ গৰাকীৰ) শত্ৰুৰূপে দেখা দিয়ে।

23. হস্তীৰো পিছলে পাৱ সজ্জনৰো বুৰে নাও
    হাতী হ'ল এক বৃহদাকায় জন্তু আৰু ই খোজ কাঢ়োতে ভৰি পিছলি যোৱাৰ সম্ভাৱনা খুবেই ক্ষীণ। তথাপি কেতিয়াবা হঠাতে খোজ কাঢ়োঁতে এনে বিঘিনি ঘটি যায় যে হাতীৰ ভৰিও পিছলি যায়। সৎ ব্যক্তিয়ে সদায় আনৰ হিত চিন্তাই কৰে আৰু সহজ জীৱন যাপন কৰে। তেওঁলোকে অতি সাৱধানেৰে নৌকা যাত্ৰা কৰে। গতিকে তেওঁলোকৰ পানীত বুৰ যোৱাৰ সম্ভাৱনাও একেবাৰে ক্ষীণ। তথাপি কেতিয়াবা তেনে ব্যক্তিকো এনে বিপদে লগ দিব পাৰে যে সাৱধানে চলোৱা নাৱো ডুব যাব পাৰে।
      অতি সাৱধানতা অৱলম্বন কৰা তথা সৰল জীৱন-যাপন কৰা ব্যক্তিকো কেতিয়াবা দুর্ভাগ্যই লগ দিব পাৰে। বিপদ সংকট সকলোৰে ভাগ্যত থাকে। গতিকে, কেতিয়াও বিপদত নপৰিম বুলি অহংকাৰত ওফন্দি থকা উচিত নহয়। হাতীৰ দৰে শক্তিশাল ভৰিৰ গৰাকীৰো খোজ কাঢ়োঁতে যিদৰে ভুল হৈ পিছল খাব পাৰে, অতি নির্ভুল ব্যক্তিৰো কেতিয়াবা ভুল হৈ যাব পাৰে, সাৱধানী ব্যক্তিও অসুবিধাত পৰিব পাৰে।

24. অধিক মাছত বগলী কণা
    মাছ বগলী প্ৰিয় খাদ্য। পানীত মাছ দেখিলে বগলীৰ আনন্দৰ সীমা নোহোৱা হয়। কিন্তু পানীত মাছ যেতিয়া বেছি হয়, তেতিয়া কোনটো এৰি কোনটো ধৰিম কৈ ভাবি থাকোতেই মাছে পলাই পত্ৰং দিয়ে। ফলত বগলীয়ে বহু আশাৰে খাপ দি থকাতেই থাকি, পাইও হেৰুৱাই নিৰাশ হ'ব লগা হয়। অৰ্থাত্‍ ভোগৰ উভৈনদী বস্তু পাই ভোগ কৰিব নোৱাৰাৰ বেদনাত ভুগিব লগা হয়। সেইদৰে মানুহেও আশাত বন্দী হৈ থাকোতে, যেতিয়া আশা পূৰণ হৈয়ে ৰয়। গতিকে মানুহে অধিক পোৱাৰ আনন্দত কৰ্তব্য পাহৰি যোৱা অনুচিত।

25. আঁঠুৱা চাই ঠেং মেলা
    মহ নিবাৰণৰ কাৰণে আঁঠুৱা ব্যৱহাৰ কৰা হয়। আঁঠুৱা যিমান দীঘল সেই মতে ঠেং মেলি আঁঠুৱাৰ তলত শুব লাগে। চুটি আঁঠুৱাত দীঘলকৈ ঠেং মেলি দিলে, আঁঠুৱা দাং খাই থাকি মহ সোমাই কামুৰিব, তেতিয়া আঁঠুৱা তৰাৰ কোনো অৰ্থই নাথাকিব; তদুপৰি আঁঠুৱাও ফাটিব। গতিকে আঁঠুৱাৰ জোখ অনুযাযীহে ঠেং মেলা উচিত। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে আয় চাইহে ব্যায় কৰিব লাগে আৰু নিজৰ সামৰ্থ্য চাইহে কাম কৰিব লাগে। আয়তকৈ ব্যায় বেছি হ'লে ধাৰত পোত খাব লাগিব আৰু সামৰ্থ্যতকৈ বেছি কৰিব খুজিলে শক্তি ভাঙি গৈ বিপদ ঘটাব।

26. এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া
    নাতিনীসকল বুঢ়ীমাকসকলৰ বৰ হেঁপাহৰ আৰু বৰ আদৰৰ। নাতিনীসকলৰ বিয়া বুঢ়ীমাকসকলৰ বাবে তাতোকৈ আনন্দৰ কথা। তাতে যদি বুঢ়ীমাক নাচনী হয় বা ধেমেলীয়া হয়, তেনেহ'লে আনন্দৰ আৰু সীমা নোহোৱা হয়, বুঢ়ীমাকসকল আনন্দত অতিশয় আত্মহাৰা হৈ পৰে। বুঢ়ীৰ নাচোনৰ পাকে সকলোকে আনন্দময় কৰি তোলে। ইয়াৰ দ্বাৰা এইটো বুজা যায় য়ে আনন্দৰ মাজতে যদি আৰু আনন্দৰ কাৰণ উদ্ভৱ হয়, তেনেহ'লে মানুহৰ আনন্দই পাৰ নধৰা হয়; অসীম আনন্দই মানুক আত্মহাৰা কৰি তোলে।


27. অভ্যসৰ নৰ কৰ্ণ পথে কৰে শৰ
    এজন সৈনিক শৰ সন্ধানত এনে পাৰ্গত আৰু নিপুণ হৈ পৰিছিল য়ে তেওঁ এগৰাকী তিৰোতা মানুহৰ কেৰু পিন্ধা কাণৰ নিচেই সৰু ফুটাইদিও হেলাৰঙে শৰ সন্ধান কৰিব পাৰিছিল। ইয়াৰদ্বাৰা এই দৃষ্টন্ত দাঙি ধৰা হৈছে যে, অভ্যাস কৃতকাৰ্যতাৰ মূল। অভ্যাসৰ বলত মানুহে অসাধ্য সাধন কৰিব পাৰে; কাম যিমানেই টান নহওক সদায় অভ্যাস কৰি থাকিলে, সি শেষত অতি সহজ হৈ পৰে গৈ। অধ্যৱসায়ৰ যোগেদি কাম কৰাৰ অভ্যাস কৰিব লাগে, তাকে কৰিলে কাণৰ ফুটাই দি শৰ মাৰিব পৰাৰ নিচিনা কঠিন কামো সহজ হৈ পৰিব।

28. অচিন কাঠৰ থোৰাকো নলগাবা
    ধান বানিবলৈ বা চিৰা খুন্দিবলৈ টান, লিকটা কাঠৰ থোৰাৰ প্ৰয়োজন। সি নিৰ্ভৰশীল, তদুপৰি নিৰাপদ। চিনি নোপোৱা, যি কোনো কাঠৰ থোৰা এফালে নিৰ্ভৰশীলো নহয়, আনফালে হঠাতে ফালি বা ভাঙি হাত ঘুণীয়া কৰাৰ সম্ভাৱনাই আটাইতকৈ বেছি। সেইবাবে চিনাকি, সুকাঠী কাঠৰ থোৰা লগোৱাহে উচিত। সেইদৰে যি মানুহৰ স্বভাৱ-চৰিত্ৰ জনা নাযায় আৰু পৰিচয়ো পোৱা নাযায়, তেনে লোকৰপৰা বিপদ হোৱাৰো সম্ভাৱনা থাকে। গতিকে তেনে অপৰিচিত, অজ্ঞাতকুলশীল লোকক আশ্ৰয় দিয়াও উচিত নহয় আৰু সামান্য কামত হ'লেও সম্পৰ্ক ৰখা জ্ঞানী লোকৰ কাম নহয়।

29. আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা
    যাত্ৰাৰ কালত অংগ-ক্ষত লোকক দেখাটো অমংগলজনক বুলি মানুহৰ বিশ্বাস। সেইবাবে যাত্ৰাৰ মুহূৰ্তত অংগ-ক্ষত লোক দেখিলে যাত্ৰা স্থগিত ৰখা হয়। সতিনীসকল স্বাভাৱিকতে ঈৰ্ষাপৰায়ণ। তেওঁলোকে সদায় পৰস্পৰৰ অমংগল কামনাই কৰে। মাকৰ ঘৰলৈ যোৱাটো বৰ আনন্দৰ আৰু হেঁপাহৰ কথা; সেইবাবে কোনো সতিনী মাকৰ ঘৰলৈ যাবলৈ ওলোৱাটো অন্য সতিনীৰ বাবে অতিশয় ঈৰ্ষাৰ কথা হৈ পৰে আৰু কি উপায়েৰে যাত্ৰা ভংগ কৰাব তাৰেই চিন্তাত মগ্ন হৈ পৰে। তেওঁলোকে কেতিয়াবা এনে ঈৰ্ষাপৰায়ণ হৈ পৰে যে যাত্ৰা ভংগ কৰাৰ কোনো উপায় নাপালে নিজ নাক কাটিও অংগ-ক্ষত অৱস্থাতে আনজনীয় সন্মুখত দেখা দি যাত্ৰা ভংগ কৰাৰ। অৰ্থাত্‍ নিজৰ মহা অনিষ্ট সাধন কৰি আন সতিনীৰ সামান্য অপকাৰ কৰিব পাৰিলেও মহা সন্তোষ পায়। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে ঈৰ্ষাপৰায়ণ লোকে নিজৰ ঘোৰ অনিষ্ট সাধন কৰি হ'লেও আনৰ সামান্য অনিষ্ট কৰি সন্তোষ লাভ কৰে।

30. আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা
    আদা উপকাৰী বস্তু; ই হজমকাৰক, তদুপৰি নানা ঔষধৰ উপকৰণ। ইয়াক আঞ্জাত আৰু আন্যান্য খোৱা বস্তুৰ লগত খোৱা হয়। কিন্তু কেঁতুৰি একে জাতীয় বস্তু হ'লেও ই মানুহৰ খাদ্যও নহয় আৰু কোনো কামতো নালাগে। আদাক মানুহে খোৱা দেখি কেঁতুৰিয়ে নিজক অভক্ষ্য বুলি জানিও মানুহে খাওক বুলি উপযাচিয়ে গা পাতি দিয়ে। তথাপি তাক মানুহে নাখায়। সেইদৰে, সংসাৰত এনে কিছুমান মানুহ আছে যি নিজে কোনো কামৰ অযোগ্য বুলি জানিও, নিজেই পৰিচয় দি গুণ বখানি নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব বিচাৰে। জ্ঞানী লোকে তেনে লোকক অযোগ্য বুলি জানি সততে ত্যাগ কৰি চলে।  

31. উদক ভেঁটা ৰখীয়া পত
    চেঁপা পাতি মাছ ধৰিবলৈ মানুহে জান-জুৰি আদিত ভেঁটা মাৰে। ভেটাত বাধা পাই ডাঙৰ মাছবোৰে জঁপিয়াই পাৰ হ'বলৈ চেষ্টা কৰে। সেইবাবে ভেঁটাত ৰখীয়া থাকে। উদ স্বভাৱতে মাছৰ লুভীয়া। তেনে ক্ষেত্ৰত উদক যদি ভেঁটা ৰখীয়া পতা যায়, তেনেহ'লে সি মাছক জঁপিওৱাত বাধা দিয়া দূৰৰ কথা, খায়েই অন্ত কৰিব। গতিকে উদক ভেঁটা ৰখীয়া পতাটো কোনো মতেই যুক্তিসংগত হ'ব নোৱাৰে। সেইদৰে লুভীয়া মানুহকো তেওঁলোকে ভাল পোৱা বস্তুৰ ৰখীয়া পাতিলেও একে অৱস্থাই হ'ব। এতেকে লুভীয়া লোকক ৰখীয়া পতা উচিত নহয়।

32. উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাই
    উদ মাছ খোৱা জীৱ। পানীৰ কেঁচা মাছ খোৱাই সিহঁতৰ নিয়ম। সেই নিয়মৰ ব্যতিক্ৰম হোৱাৰ কোনো কাৰণো হ'ব নোৱাৰে। কাৰণ মানুহৰ দৰে উদে মাছ ৰান্ধি খাব নাজানে আৰু জানিবও নোৱাৰে। মানুহে যি দৰে কেঁচা খাব নোৱাৰে, সেই দে উদে কেঁচা মাছ খোৱাৰ অভ্যাসো ত্যাগ কৰিব নোৱাৰে, অৰ্থাত্‍ পূৰ্ব পুৰুষৰ বা পৰস্পৰাগত ৰীতি-নীতি এৰিব নোৱাৰে। ইয়াৰদ্বাৰা ইয়াকে বুজাইছে যে, পূৰ্বাপৰ নীতি ত্যাগ কৰা কাৰো কাৰণে সম্ভৱ নহয়।

33. উলুৰ লগত বগৰী পোৰা যোৱা । উলাৰ লগত বগৰী পুৰা
          উলুৱনিৰ মাজত বগৰী গছ প্ৰায়ে থকা দেখা যায়। বগৰীৰ ফল হয়; ইয়াক জীৱ-জন্তু, মানুহে খায়; ই জীৱৰ উপকাৰী। উলুৰপৰা মানুহৰ তেনে উপকাৰ নহয়, খেতিৰ বাবে মাটি মুকলি কৰিবৰ সময়ত উলুৱনিত জুই দি পুৰি পেলোৱা হয়; সেই জুইয়ে জীৱ-জন্তুৰ উপকাৰী বগৰীকো পুৰি নাশ কৰে। আনৰ সংগত থকা বাবেই, আনৰ দোষতে বগৰীও পোৰা যায়। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে সংগদোষ মানুহৰ বৰ অপকাৰী। অসত্‍ সংগত থাকিলে সজ লোকো অনেক সময়ত বিপদত পৰিব লগা হয়। সেইবাবে মংগল কামনা কৰা লোকসকলে অসত্‍ সংগৰপৰা সদায় আঁতৰত থকা উচিত।

34. উমৈহতীয়া শ বাহী শ হয়
          হিন্দুৰ ৰীতিমতে মৃতদেহ বাহী হ'ব নাপায়, সেই বাবেই একেদিনাই কাঠ-সংস্কাৰ কৰা উচিত। কিন্তু কেতিয়াবা তাৰ ব্যতিক্ৰম হয়; আত্মীয়-কুটুম্ব বা বংশ-পৰিয়াল যদি বেছি হয় তেতিয়া ইজন আহক, সিজন আহক কৰি থাকোতেই বা ইজনে নিয়ক, সিজনে নিয়ক কৈ বাগি ধৰি থাকোতেই ৰাতিয়েই মৃত্যু হোৱা শ, ৰাতি আৰু কাঠ-সংস্কাৰ কৰা নহয় গৈ। পিচদিনা হৈ যায় গৈ আৰু শ-ও বাহী হয়। অৰ্থাত্‍ বহুত কৰিবলগীয়া মানুহ থকা উমৈহতীয়া কামবোৰ এইদৰে বাগি ধৰোতে সময় মতে আৰু পৰিপাটিকৈ হৈ নুঠে। গতিকে উমৈহতীয়া কামবোৰ এইদৰে বাগি ধৰি পেলাই থোৱা উচিত নহয়; গা-লাগি কাম কৰাটোহে উন্নতিৰ পৰিচায়ক।

35. ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি
          স্বৰ্গৰাজ ইন্দ্ৰ দেৱতাৰ ৰজা। ইন্দ্ৰই ৰাজসভাত দেৱতাসকলৰ সৈতে নানা গুৰুত্বপূৰ্ণ বিষয়বোৰ গভীৰভাৱে আলোচনা কৰে। ফেঁচা কুলক্ষণীয়া প্ৰাণী, ইন্দ্ৰৰ ৰাজসভাত কুত্‍‌সিত্‍ ফেঁচাৰ উপস্থিতিয়েই শোভা নাপায়, তাতে আকৌ কৰ্কশ আৰু অমংগলীয়া কুৰুলি আৰু অবাঞ্ছনীয়। তাত বিদ্যাধৰী, অপ্সৰী, গন্ধৰ্বসকলৰ সুললিত গীতহে শোভনীয়, ফেঁচাৰ কুৰুলি হাস্যাস্পদ, ঘৃণনীয় আৰু অশোভনীয়। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে গুৰু-গম্ভীৰ বিষয় আলোচিত গুৰুত্বপূৰ্ণ সভাত, অমংগলীয়া আৰু অপদাৰ্থ লোকৰ উপস্থিতি আৰু বক্তৃতা অবাঞ্ছনীয়।

36. অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলো নষ্ট
বান্দৰ অতি মূৰ্খ প্ৰাণী। বৰষুণত তিতি-বুৰি জৰুলি জুপুৰি হৈ কষ্ট পোৱা বন্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজি ল'বলৈ উপদেশ দিছিল। কিন্তু মূৰ্খ বন্দুৰবোৰে বিদ্ৰুপ কৰা বুলিহে ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙি ছিঙি ধ্বংস কৰিলে। টোকোৰাবোৰে মূৰ্খ বান্দৰবোৰৰ উপকাৰৰ বাবে উপদেশ দিবলৈ যাওঁতে নিজৰহে ঘোৰ অনিষ্ট হ'ল। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিলে সিহঁতে ভূল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে। এতেকে মূৰ্খক উপদেশ দি লাভ নাই।37. কিনা হাঁহৰ ঠোঁটলৈকে মঙহ
    ধন ভাঙি কিনি অনা বস্তুক মানুহে এনেয়ে পোৱা বস্তুতকৈ বহুতো বেছি মূল্য দিয়ে। সেইদৰে ধন দি কিনি অনা হাঁহৰ কোনো অংশকে মানুহে পেলাবলৈ ইচ্ছা নকৰে; তাৰ ঠোঁটৰ মাজতো যেন মঙহ থাকে, এনেভাৱে মঙহ বাছি কুটি উলিয়ায়; আনকি খাব পৰা হ'লে মানুহে ঠোঁটটোকে খালেহেঁতেন। ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে মূল্য দি অনা বস্তুৰ সামান্য অংশও হানি হ'বলে দিয়া উচিত নহয়, সামান্য হানি হোৱা মানেই কিছু অংশ ধনৰ অপব্যয় হোৱা।

38. কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা
    আদা বুঢ়া হ'লেহে জাল বেছি হয়; কুমলীয়াতে জাল কম। আদা খাব লাগিলে তাৰ ছাল কটাৰীৰে ৰুকি লব লাগে। কিন্তু কুমলীয়া আদাৰ ছাল কোমল বাবে হাতেৰে মোহাৰিয়ে খাব পাৰি। ইয়াত তুচ্ছ কৰি ভৰিৰে মোহাৰি খোৱাৰ কথা কৈছে; (মাহ আদি ভৰিৰে মোহাৰিও মাৰে)। ইয়াৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে ঢিলা মানুহ পালে মানুহে তাৰ সহজতে অপকাৰ কৰিবলৈ উদ্যত হয়। সুচল পাই অপকাৰ কৰা সহজ। কিন্তু সজ লোকে তেনে কাম কৰা উচিত নহয়।

39. কুকুৰৰ নেজ দীঘল হয়, নিজে পাৰি বহিব
    কুকুৰক মানুহে অস্পৃশ্য জীৱ বুলিয়ে ধৰে; তাৰ যদি নেজ দীঘল হয়, তেনেহ'লে সি নিজেহে পাৰি বহিব লাগিব। আনে বহিবলৈ নাযায়। আনহাতে ইহঁত জ্ঞাতি হিংসুক; গতিকে আনকো বহিবলৈ নিদিয়ে। অৰ্থাত্‍ কুকুৰৰ নেজ দীঘল হোৱাৰ পৰা আন কাৰো উপকাৰ নহয়। সেইদৰে অসত্‍ লোকেও নানা অসত্‍ উপায়েৰে ধন ঘটে। অসত্‍ উপায়েৰে অৰ্জা ধন অসত্‍ কামতেই খৰচ হয়; তাৰপৰা আনৰ উপকাৰ নহয়। সেইদৰেই কৃপণে চাই থাকিবৰ কাৰণেহে ধন ঘটে; সেই ধন কোনো লোকৰ উপকাৰত খৰচ কৰা নহয়। এতেকে কেৱল নিজৰ বাবেহে অৰ্জা ধন, কুকুৰৰ দীঘল নেজৰ তুল্য।

40. খঙত পেট কাটি ছমাহলৈ শুকনী খোৱা
    খং মানুহৰ ঘোৰ শত্ৰু। বেছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়। কেতিয়াবা নিজকে পাহৰি যায় আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নোৱাৰা হয়। এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি নিজৰ পেটকে কাটি লয়। খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্মৰ বাবে অনুতাপত ভুগিব লগা হয়। নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছমাহ বা তাতোকৈ বেছিদিন শুকুনী (ঔষধ) খাব লগা হয়। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন যে কৰেই, নিজৰো অনিষ্ট সাধন কৰি কষ্টভোগ কৰিব লগা হয়। সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰি উচিত।

41. গোৰ মাৰি গংগাত পেলোৱা
    গংগা হিন্দুসকলৰ পৱিত্ৰ নদী। গংগাত স্নান কৰিলে পাপ খণ্ডন হয় আৰু পুণ্য হয় বুলি হিন্দুসকলৰ বিশ্বাস; আন কি সেই বিশ্বাসতে বহুতে পিতৃ-মাতৃৰ অস্থি গংগাত বিসৰ্জন দি পৰলোকগত আত্মাৰো কল্যাণ কামনা কৰে। কোনোবাই কাৰোবাক কষ্ট দিবৰ উদ্দেশ্য খঙত গোৰ মাৰি দিওঁতে তেওঁ যদি গংগাত পৰে গৈ, তেনেহ'লে তেওঁৰ অযাচিত গংগাস্নান হে হয় আৰু ফলত তেওঁৰ পুণ্য লাভ হয়। অৰ্থাত্‍ কোনোবাই কেতিয়াবা কাৰোবাৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰোতে তেওঁৰ অনিষ্ট নহৈ উপকাৰ হে হয়।

42. ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানা শালি
    শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন। সেইবাবে শালিতলীত পানী ৰাখিবৰ কাৰণে আলি দিয়া হয়। মাটি বাম হ'লে পানী সহজে নৰয়। তাৰ কাৰণে আলি ঘনাই দিয়াৰ প্ৰয়োজন হয়। আলি ঘন হ'লে পানী ৰ'বই আৰু তেতিয়া বাম মাটিতো শালি খেতি ভাল হয়। গতিকে নানাবিধৰ ভাল শালি খেতি পাবলৈ হ'লে পথাৰত আলি ঘনাই দিব লাগে। ইয়াৰ দ্বাৰা ইয়াকে বুজাই কোনো বিষয়ত সুফল পাব খুজিলে, তাৰ সু-ব্যৱস্থাও ল'ব লাগে। এইষাৰ ডাকৰ বচন।  

43. চ'তৰ বিহুলৈ ছমাহ থাকোতেই হাত মেলি নচা
  
 চ'তৰ বিহু অসমীয়া জাতিৰ বৰ মৰমৰ, অতি দৰদৰ; সেয়েহে মানুহে অন্তৰৰ সকলো আৱেগ, সকলো অনুভূতি উজাৰি নাচি নাচি, গীত গাই আনন্দ উপভোগ কৰে। আৱেগৰ উচ্ছ্বাসে মানুহক কোনোবা সুখৰ মধুৰ মায়াপুৰীলৈ লৈ যায়। সংসাৰত এনে কিছুমান মানুহ আছে, যি বিহুৰ নামত এনে উত্ৰাৱল যে লাগিলে বিহুলৈ ছমাহেই থাকক, তথাপি বিহুৰ নাম শুনিয়ে উলাহত নাচোন আৰম্ভ কৰি দিয়ে। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কিছুমান মানুহে আশা পূৰণৰ চেষ্টা কৰক বা নকৰক, আশাৰ কথা চিন্তা কৰিয়ে বৰ বেছিকৈ উচ্ছ্বাসিত হৈ পৰে; কিন্তু এনে উচ্ছ্বাস সদায় মংগলজনক নহয়।  

44. টেঙা আম এবাৰহে বেচিব পাৰি
    মানুহ টেঙা আম খাবলৈ বৰ ভাল নাপায়; সেইবাবে ধন দি কোনেও টেঙা আম নিকিনে। কিন্তু বেঁচোতাই টেঙা আমকে মিঠা আম বুলি ফাঁকি দি বেচে। মানুহে যেতিয়া এবাৰ জানে যে তেওঁৰ আম টেঙা, তেতিয়া দ্বিতীয়বাৰ আৰু কোনেও তেওঁৰ আম নিকিনে। আনকি পাছত যদি মিঠা আমো বেচিবলৈ আনে, মানুহে আৰু তেওঁক বিশ্বাস নকৰা হয়। এবাৰ ঠগ খালে, মানুহে আগলৈকো ঠগ খাব বুলি ভয় কৰে আৰু সাৱধান হয়। এতেকে যি আনক ফাঁকি দিয়ে, তেওঁক পাছলৈ, কোনেও বিশ্বাস নকৰা হয়।
 
45. তুলসীৰ লগত কলপটুৱাৰো মুক্তি
    তুলসীক পৱিত্ৰ জ্ঞান কৰা হয়; সেইবাবে পূজা, সেৱা সকলোতে তুলসী ব্যৱহাৰ কৰা হয়। তুলসী এনেয়ো পৱিত্ৰ, তাতে যাগ-যজ্ঞ; পূজা সেৱা আদিত তুলসীৰ মুক্তি হয়; কলপটুৱা পৱিত্ৰ বস্তু নহয়; কিন্তু পৱিত্ৰ অনুষ্ঠানত তুলসী আদি থবৰ কাৰণেই কলপটুৱাৰে তৈয়াৰী খোল বা ডোঙাৰ প্ৰয়োজন হয়, গতিকে পৱিত্ৰ তুলসীৰ স্পৰ্শত কলপটুৱায়ো পৱিত্ৰ হৈ মুক্তি লাভ কৰে। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে যি পৱিত্ৰ, সি আনকো পৱিত্ৰ কৰে আৰু সেয়েহে পৱিত্ৰৰ লগতে মুক্তি লাভৰ সুবিধা পায়। এতেকে সত্‍ সংগ লোৱা উচিত।

46. ধান পাকে মানে টুনিৰ মৰণ
    টুনি চৰায়ো পকা ধান খাবলৈ ভাল পায়; গতিকে পকা ধান খাবলৈ ধাননিত জাকে জাকে টুনি পৰে; টুনি পৰিলেই গৃহস্থই নানা উপায়েৰে খেদে; তদুপৰি ধান পকিলে গৃহস্থইও দাই আনে; এনে অৱস্থাত ধান পকালৈ বাট চাই থকা মানেই লঘোণে থাকি টুনিৰ মৰণ হ'ব। সেইবাবে টুনিয়ে ধান পকাৰ আগৰেপৰাই ধান খাবলৈ আৰম্ভ কৰে। মানুহৰ ক্ষেত্ৰতো এনে কথাই খাটে। ঘৰত যেতিয়া খাবলৈ ভাত নাথাকে, তেতিয়া ধান পকালৈ বাট চাই নোখোৱাকৈ লঘোণে জীয়াই থাকিব নোৱাৰি। সেইবাবে ধান পকালৈকে জীয়াই থাকিবলৈ হ'লে, অন্য উপায়েৰে উপাৰ্জন কৰি জীৱিকাৰ ব্যৱস্থা কৰিব লাগিব; নহ'লে মৰণ নিশ্চিত। এতেকে জীৱিকাৰ উপায় ওলোৱাৰ আগতে মানুহে জীয়াই থকাৰ আগতীয়া ব্যৱস্থা কৰি ল'ব লাগে।

47. ধাৰে কাটিলেও কটাস গাদিৰে কাটিলেও কটা
    দা-ৰ ধাৰেৰে কাটিলে সহজতে কটা যায়; গাদিৰে সহজতে কটা নাযায়। কিন্তু তথাপি বহু কষ্টৰ মূৰতো কটা যায়। ধাৰেৰে কাটক বা গাদিৰেই কাটক দুয়োটাই কটা কাৰ্যই আৰু দুয়োটাৰে পৰিণাম একেই। কেৱল কাৰ্য সম্পাদন কৰাৰ ধৰণটোহে বেলেগ। সেইদৰে প্ৰত্যক্ষভাৱেই কৰক বা পৰোক্ষভাৱেই কৰক অপকাৰ সদায় অপকাৰেই, সি অন্য কিবা হ'ব নোৱৰে। এতেকে নিজেই বা আনৰ হতুৱাইও মানুহে মানুহৰ অপকাৰ কৰিবলৈ চেষ্টা কৰা অনুচিত।

48. নাও বুৰিলেও টিঙৰপৰা ননমা
    নাৱৰ গুৰিয়ালজনৰ যিদৰে দায়িত্ব বেছি, সেইদৰে মানো বেছি; সেইবাবে তেওঁৰ অহংকাৰো বেছি। নাৱৰ ওখ টিঙত বহি তেওঁ মাত্ৰ গুৰি ধৰে; বাকী নাৱৰীয়াসকলে তেওঁৰ আদেশত নাও বায়। কেতিয়াবা কোনো দুৰ্ঘটনাত যদি নাও বুৰিবও লগা হয়, তথাপি টিঙৰপৰা নামিবলৈ ইচ্ছা নকৰে; জানোচা সন্মান হানি হয়, গৰ্ব খৰ্ব হয়। সেইদৰে সংসাৰত এক শ্ৰেণীৰ মানুহ আছে, তেওঁলোকে সদায় আনতকৈ এখোপ ওপৰত থাকিবলৈ বিচাৰে; তেনে মানুহে হাজাৰ বিপদত পৰিলেও বা সৰ্বস্বান্ত হৈ গ'লেও অহংকাৰৰ কাৰণে তলতৈ নানামে। এনে লোক অহংকাৰৰ কাৰণেই আনৰ সহানুভূতিৰপৰাও বঞ্চিত হয়।

49. পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা
    যি মানুহে পৰৰ উপাৰ্জনৰ ওপৰতে খায়, তেওঁলোকে পৰিশ্ৰমৰ বাবেও চিন্তা কৰিব নালাগে আৰু উপাৰ্জনৰ বাবেও চিন্তা কৰিবৰ প্ৰয়োজন নাই। এওঁলোক সুবিধাবাদী আৰু কৰ্মবিমুখ। সেইদৰে ভটীয়নি সোঁতত নাও মেলি দিয়াও অতি সহজ; সোঁতেই নাও চলাই লৈ যায়; কেৱল গুৰি ধৰি পোনাইহে যাব লাগে। এনে সুবিধা কোনো মানুহেই এৰি দিব নোৱাৰে। সংসাৰতো এনে সুবিধাবাদী অনেক লোক আছে; তেওঁলোকে ৰঘুমলাৰ দৰে পৰৰ ওপৰতে মহাসুখে খাই-বৈ নিশ্চিত মনে আৰু বিনা কষ্টে জীয়াই থাকে। পিচে এনে মানুহ বিপদত পৰিলে উদ্ধাৰৰ কোনো উপায় নাথাকে।
 
50. ফটা কঁথা তিতে মানে গালৈহে গধুৰ
    ফটা কাপোৰ জাপ জাপ কৰি কঁথা তৈয়াৰ কৰা হয়, ই যথেষ্ট ডাঠো হয় আৰু গধুৰো হয়। দুখীয়া মানুহে জাৰত ইয়াকে গাত লৈ জাৰৰপৰা ৰক্ষা পায়। গাত কঁথা লৈ পানীয়েদি গ'লে সাৱধান হ'ব লাগে; কাৰণ কঁথা পানীত তিতিলে বৰ গধুৰ হয়; নিবও নোবাৰি থবও নোবাৰি, ভালুকৰ সংগী হৈ পৰে; আনহাতে সিয়েই দুখীয়া জাৰ নিবাৰণৰ সম্বল, এতেকে এৰি থৈ যোৱাও টান। গতিকেই যি যাতে নিতিতে তাৰ কাৰণে সাৱধান হোৱা উচিত। এই কথাৰে ইয়াকে বুজাইছে যে কৰিবলগীয়া কাম সময় মতে কৰি যাব লাগে; কাম পেলাই থওঁতে থওঁতে বোজা বাঢ়ি থাকিব; শেষত সমাধান কৰাৰ উপায় বিচাৰি নোপোৱা হ'ব।

51. ফিৰিঙতিৰপৰা খাণ্ডৱদাহ হয়
    খাণ্ডব এখনি বিশাল আৰু বিস্তীৰ্ণ অৰণ্য আছিল। শত-সহস্ৰ পশু-পক্ষী, জীৱ-জন্তুৰ ই আছিল আবাসভুমি। অগ্নি দেৱতাৰ পৰিতৃপ্তিৰ কাৰণে ইয়াক অৰ্জুনে দাহন কৰিছিল; ফলত অৰণ্য আৰু তাৰ হাজাৰ-বিজাৰ জীৱ-জন্তু ভস্মীভূত হৈ গৈছিল। সামান্য এটা ফিৰিঙতিয়েই সুবিশাল খাণ্ডব অৰণ্য ছাইত পৰিণত কৰিছিল। সেইদৰে সামান্য একোটা ঘটনাৰপৰা বিৰাট ধ্বংস কাৰ্য সংঘটিত হ'ব পাৰে; এতেকে সামান্য বস্তু বা ঘটনা বুলি আওহেলা নকৰি তাৰ পৰা হ'ব পৰা অনিষ্ট যাতে হ'ব নোৱাৰে, তাৰ কাৰণে তাক আদিতেই নোহোৱা কৰিব লাগে।

52. বেজিৰ জলাকো মনে কুঠাৰৰ জলাকো নমনে
    বেজীৰ জলা নিচেই সৰু; তাক সহজে মনিব নোৱাৰি; কুঠাৰৰ জলা ডাঙৰ; তাক সহজে মনিব পৰা যায়। ইয়াত বিপৰীতভাৱে সৰু কথালৈকো মন দিয়া, অথচ ডাঙৰ কথালৈকো মন নিদিয়াৰ বিষয়ে কৈছে। বহুতো লোক আছে যি ডাঙৰ কামত দুপইচা খৰচ কৰিবলৈকো টান পায়। অথচ অনেক সৰু আৰু অলাগতিয়াল কামত হাজাৰ টকা খৰচ কৰিবলৈকো কুন্ঠাবোধ নকৰে। এনে মানুহ, যি ক্ষেত্ৰত উদাৰ হোৱা উচিত, তেনে ক্ষেত্ৰত উদাৰ নহৈ অনুচিত ক্ষেত্ৰতহে উদায় হয়।

53. মহন্তৰ চিন মাহনিত
    লহপহকৈ হোৱা, লোমালুমে লাগি থকা মাহনিত সোমালে দুটা মাহ ছিঙি খাবলৈ বা দুজোপা উঘালি আনি খাবলৈ স্বাভাৱিকতে লোভ লাগে। এই লোভ সামৰা বৰ টান;  অথচ তাৰপৰা সামান্য হ'লেও গৰাকীৰ হানি হয়। লোভৰ বশৱৰ্তী সাধাৰণ মানুহৰ সেই কথা চিন্তালৈ নাহে; গতিকে মাহনিত সোমালে মাহ খাবই। কিন্তু যি সকল জ্ঞানীলোক তেওঁলোকৰ বিবেচনাই সেই কথা ঢুকি পায় বাবে লোভ সম্বৰণ কৰে। যি সকল প্ৰকৃত মহন্ত অৰ্থাত্‍ জ্ঞানী তেওঁলোকক ভোগৰ সম্ভাৰৰ মাজত সহজে চিনি পোৱা যায়; তেওঁলোকে হাজাৰ ভোগৰ সামগ্ৰীৰ মাজতো লোভ সম্বৰণ কৰি চলে। এতেকে যি ভোগৰ উভৈনদী সম্ভাৰ পায়ো লোভ সম্বৰণ কৰে, তেওঁহে প্ৰকৃত মহন্ত।

54. লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি
    বিন্ধাই হুলৰ কাম; ই আপোন পৰ নাজানে। ঈৰ্ষাপৰায়ণ লোকে আনক বিন্ধক বুলি অহা যোৱা কৰা বাটত বা বাৰীৰ ঢাপত হুল পুতি থয়। কিন্তু কেতিয়াবা পাহৰাতে সেইফালে গ'লে বা জানিও ভালকৈ মন নকৰাৰ কাৰণে নিজেই সেই হুলত পৰি আঘাত পাব লগা হয়। অৰ্থাত্‍ পৰক আঘাত দিবলৈ চিন্তা কৰোতে নিজেই সেই আঘাত পাব লগা হয়। এতেকে আনৰ অহিত চিন্তা কৰা অযুগুত।

55. সাপ মাৰি  নেগুৰত বিহ থোৱা
    সাপ হিংস্ৰ আৰু বিষধৰ প্ৰাণী। ইয়াৰ হেনো নেগুৰতো বিষ থাকে আৰু ছাটি মাৰি দিলেও বিষ লাগি মানুহ মৰে। সাপক কোবাই মাৰিলেও বহু সময়লৈকে নিগুৰডাল জীয়াই থাকে। গতিকে তাৰপৰা বিপদৰ সম্ভাৱনাও থাকে। সেইবাবে সাপ মাৰিলে নেগুৰডালে কোবাই ভালকৈ মাৰিব লাগে। বইয়াৰ দ্বাৰা এইটো বুজাইছে যে শত্ৰুৰ মুঠেই চিন থোৱা অনুচিতষ শত্ৰুক সম্পূৰ্ণৰূপে নিৰ্মূল কৰি ভৱিষ্যতে যাতে কোনো অনিষ্ট সাধন কৰিব নোৱাৰে, তাৰ ব্যৱস্থা কৰি লাগে।ণ থকচ
 
56. শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ
    শাকত লোণ নিদিলে খাবলৈ সোৱাদ নহয়। কিন্তু এই কথা জানিও কোনোৱে অধিক লোণ খৰচ হোৱাৰ ভয়ত শাকত লোণ নিদিয়ে বা দিলেও খুব কমকৈ দিয়ে ইয়াৰ ফলত লোণ ৰাহি হয়। আনহাতেদি আলু, বেঙেনা, মাছ আদিৰ পিটিকা কৰোতে অ'ত অকণমান ত'ত অকণমান লোণ দিওঁতে তাতোকৈ বেছি হে লোণ খৰচ হয়। অৰ্থাত্‍ এহাতেদি ৰাহি কৰিবলৈ বিচাৰোতে আনহাতেদি দুগুণে ব্যয় হে হয়। এতেকে মানুহে সকলো দিশ বিবেচনা কৰি চাইহে, কাম কৰা উচিত।

57. হলা গছত আটায়ে বাগী কুঠাৰ মাৰে
    থিয় হৈ থকা গছ এজোপা কাটোতে যথেষ্ট সময় লাগে, কষ্টও লাগে। কিন্তু এজোপা হালি থকা গছ বৰ সহজতে আৰু কম সময়তে কাটিব পাৰি। বগা লগাই অলপমান কাটি দিলেই সি সহজে বাগৰি পৰিব। সেইবাবে তাক যেয়ে সেয়ে বগা লগাই কাটিব বিচাৰে; কিন্তু থিয় হৈ থকা গছজোপা কষ্ট কৰিব লাগে বাবেই কাটিব নোখোজে। ইয়াৰদ্বাৰা এইটোকে বুজাইছে যে দুৰ্বল বা বিপন্ন লোকৰ অতি সহজে বিপদ ঘটাব পাৰি আৰু তেওঁলোকক কাতৰো কৰাব পাৰি; কিন্তু গজ-গজীয়া, বলী, সম্পদশালী লোকক নোৱাৰি।     এতেকে দুৰ্বলীক বেছি দুৰ্বল কৰিবলৈ আঘাত কৰা অনুচিত।

58. জী ভালেই জোঁৱাই ভাল আপোন ভালেই জগত ভাল
    জোঁৱাই পৰৰ সন্তান। সেইবাবে ভাল হ'ব নে নহয়, সজ নে অসজ সতকাই কোৱা টান। কিন্তু জীয়াৰীজনী নিজৰ বাবে ভাল নে বেয়া সহজেই ক'ব পাৰি। আনহাতেদি জীয়াৰী যদি ভাল হয়, তেনেহ'লে জোঁৱাই যেনেকুৱাই নহওঁক, তেওঁক গঢ় দি ভাল কৰি ল'ব পাৰে। অৰ্থাত্‍ জী ভাল হ'লে, জোঁৱাইকো যিকোনো প্ৰকাৰে ভাল কৰি ল'বই। সেইদৰে নিজে ভাল হ'লে। আনেও ভাল পাব আৰু নিজ গুণৰ বলত আনকো ভাল কৰি ল'ব পাৰিব। এতেকে নিজৰ চৰিত্ৰৰ ওপৰতেই ভাল-বেয়া সকলো নিৰ্ভৰ কৰে।

59. আপদত মাত আকালৰ ভাত
    বিপদৰ বন্ধুহে আচল বন্ধু। বিপদৰ সময়তহে মানুহক মানুহ লাগে। বিপদৰ সময়ত সামান্য এপদ বস্তু দিলেও বহুত সহায় হয়, বস্তু দি সহায় কৰিব নোৱাৰিলেও সহানুভূতি জনাই এষাৰ মাত দিলেও মানুহে বহুতো সকাহ পায়, সাহ বাঢ়ে। সেইদৰে আকালৰ সময়ত সামান্য এমুঠি ভাত দি সহায় কৰিলেও পৰম ধৰ্ম হয় আৰু জীৱকো সহায় কৰা হয়। বিপদত এষাৰ মাত দিয়া আৰু আকালত এমুঠি ভাত দিয়া দুয়োটাই পৰম ধৰ্ম্ম আৰু মহত্‍ উপকাৰ। তাকে কৰিব পৰাটোৱেই প্ৰকৃত মানৱ ধৰ্ম।

60. মুখতে বঁটা পায়, মুখতে কটা যায়
     মানুহক মুখেই তাৰিবও পাৰে, মুখেই মাৰিবও পাৰে। মুখেৰে কথা কোৱা যায়; সেই কথা ক'ত কেনেকৈ ক'ব লাগে, বা কি পৰিস্থিতিত কেনেভাৱে কথা ক'ব লাগে তাক মানুহে জনা উচিত। মুখ আছে বুলিয়েই যেতিয়াই যিহকে তিহকে কোৱাৰ ফলত মানুহ বিপদত পৰে। কথা সুন্দৰকৈ, সময়োপযোগীকৈ সজাই-পৰাই ক'ব পাৰিলে মানুহৰ পৰা প্ৰশংসা পোৱা যায় আৰু মানুহকো আপোন কৰি ল'ব পাৰি; সেয়ে মুখৰ বঁটা। কিন্তু কথা ক'ব নাজানি য'তে ত'তে যিহকে তিহকে ক'লে মানুহৰ অপ্ৰিয়ভাজন হ'ব লগা হয়; ফলত শত্ৰু বাঢ়ে আৰু বিপদো আহে সিয়েই কটা যোৱাৰ তুল্য। এতেকে সদায় মুখক বশ কৰি ৰাখি জুখি-মাখি কথা কোৱা উচিত।

61. বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা
     বুঢ়াসকলেই সংসাৰৰ আটাইতকৈ অভিজ্ঞ লোক। তেওঁলোকে জীৱনত বহুতো দেখি-শুনি, শিকি-বুজি বহুতো অভিজ্ঞতা অৰ্জন কৰে। তেওঁলোকৰ অভিজ্ঞতা পুষ্ট জ্ঞানেৰে ডেকাসকলকো নানা উপদেশ দি, সজা বাট প্ৰদৰ্শন কৰি জীৱন সুন্দৰ আৰু মঙ্গলময় কৰি ল'বলৈ পৰামৰ্শ দিয়ে। ডেকাসকলে বয়সৰ স্বভাৱজাত উতনুৱামিৰ কাৰণেই তেওঁলোকৰ উপদেশ অমান্য কৰি অবাটে গৈ পাছত পৰিণাম ভোগ কৰিবলগীয়া হয়। কেতিয়াবা ঘোৰ বিপদতো পৰি কক্‌বকাব লগা হয়। এতেকে বুঢ়াসকলৰ উপদেশ শিৰোধাৰ্য কৰি জীৱনৰ বাটত বাট বুলা উচিত।


62. মন কৰিলে চন কৰিব পাৰিঃ-
   
মন হৈছে সকলো কামৰ উত্সাহে প্ৰেৰণা আৰু সাহসৰ থলি। মন কৰিলেই সেই কাৰণে যি কোনো ডাঙৰ কাম সমাধা কৰিব পাৰি। মন নকৰিলে সৰু কাম এটাও হৈ নুঠে। মন কৰিলেও কামত মনোযোগ আহে আৰু মনোযোগ আহিলে কাম হৈ নুঠাৰ কোনো কাৰণ আহি নপৰে। অসম্ভৱ কামো মনৰ জোৰত সম্ভৱপৰা কৰি তুলিব পাৰি। গতিকে কামৰ মূল মনক সদায় ঠিক মতে পৰিচালিত কৰি কাৰ্য্য সমাধান কৰা উচিত।

63. কাইলৈ কৰিম এই কথা বহু অনৰ্থৰ মূলঃ-
  
 এলেহুৱা মানুহে কোনো এটা কাম কৰিবলৈ ল'লে সেই কামটো শেষ কৰাৰ আগতে কালিলে কৰিম বুলি সাঁচি থয়। পিছদিনা আকৌ কামটো আৰম্ভ কৰি অলপখিনি কৰিয়েই বাকীখিনি কাইলৈৰ কাৰণে সাঁচি থয়। এইদৰে কাম কৰাৰ ফলত কেতিয়াবা কৰা কামখিনি নষ্ট হৈ যায়। সেই কামটো আকৌ কৰিব লাগে। কেতিয়াবা কামৰ কিছুমান বস্তু নষ্ট হৈ যায়। এইদৰে তাৰ আৰ্থিক ক্ষতি হয়। কামটো সময়মতে নোহোৱাত কামৰ বিনিময়ও পাব নোৱাৰে। তাৰ কাৰণে অনুতাপ কৰিব লগা হয়। সেয়েহে কাইলৈ কৰিম এই কথা বহু অৰ্থৰ মূল।


64. সময়ৰ মূল্য নুবুজা মানুহ দীর্ঘসূত্ৰী হয়ঃ-
        এলেহুৱা মানুহ বর্ণনা একেলেথাৰিয়ে কোনো কাম কৰি শেষ কৰিব নোৱাৰে। কাৰণ এলেহুৱা মানুহ কামক বৰ ভয় পায়। গতিকে তেওঁলোকে কোনো এটা কাম আৰম্ভ কৰি অলপখিনি কৰি বাকীখিনি কাইলৈ কৰিম বুলি সাঁচি থয়। আকৌ আৰম্ভ কৰে কথা আকৌ সাঁচি থয়। এনেদৰে থোৱাৰ ফলত কৰি থোৱা কামৰ কিছু অংশ নষ্ট হৈ গৈছে। সময়ৰ মূল্য নুবুজাৰ কাৰণে এনেকুৱা হ'বলৈ পাইছে। সেইকাৰণে লিখকে কেছে যে সময়ৰ মূল্য নুবুজা মানুহ দীর্ঘসূত্রী হয়। অর্থাৎ এটা কাম কৰোতে প্রয়োজনীয় সময়তকৈ বেছি সময় লয়।


65. আইৰো বার্তা গংগাৰো যাত্রা। 

উক্ত নীতি বচনষাৰ চহা জীৱনত প্ৰায়ে প্রচলিত হয়। ইয়াৰ আপাত অৰ্থ হৈছে গংগা পৱিত্ৰ নদী, হিন্দু ধর্মমতে গংগাত স্নান কৰিলে পূণ্য হয়। বহুতে পূর্ব পুৰুষৰ অস্থিও গংগাত উতুৱাই নিজেও স্নান কৰি আহে। কোনোবাই আকৌ মাকৰ ঘৰলৈ খবৰ লবলৈ গৈ ওচৰতে থকা গংগা নদীতে এবাৰ স্নান কৰি আহে। ঠিক তেনেদৰে কথাষাৰৰ গূঢ়ার্থ হ'ল যে- মানুহে কেতিয়াবা একেটা যাত্রাতে দুটা কাম কৰিব পাৰে। একেসময়ত বা একে যাত্রাতে দুটা কাম একেলগে সফল হ'লে দ্বিতীয় কামটোৰ বাবে আকৌ এদিন যাব নালাগে। অচলতে বুধিয়ক লোকে সময়ৰ ব্যস্ততালৈ চাই এবাৰতে দুটা কাম কৰি লয়।

 

66. কিনা হাঁহৰ ঠোঁটলৈকে মঙহঃ-

ধন ভাঙি কিনি অনা বস্তুক মানুহে এনেয়ে পোৱা বস্তুতকৈ বহুতো বেছি মূল্য দিয়ে। সেইদৰে ধন দি কিনি অনা হাঁহৰ কোনো অংশকে মানুহে পেলাবলৈ ইচ্ছা নকৰে; তাৰ ঠোঁটৰ মাজতো যেন মঙহ থাকে, এনেভাৱে মঙহ বাছি কুটি উলিয়ায়; আনকি খাব পৰা হ'লে মানুহে ঠোঁটটোকে খালেহেঁতেন। ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে মূল্য দি অনা বস্তুৰ সামান্য অংশও হানি হ'বলৈ দিয়া উচিত নহয়, সামান্য হানি হোৱা মানেই কিছু অংশ ধনৰ অপব্যয় হোৱা।


67. আছে গৰু নাবায় হাল।

থকাতকৈ নথকাই ভাল। 

উক্ত ফকৰা যোজনাটো অসমীয়া সমাজত সততে ব্যৱহাৰ হোৱা দৃষ্টান্তমূলক কথা। উক্ত কথাফাকিৰ জৰিয়তে ইয়াকে বুজোৱা হৈছে যে কোনো মূল্যবান বা গুৰুত্বপূর্ণ বস্তু বা সমাগ্রী যদি ব্যৱহাৰ কৰা নহয় তেন্তে সেইটো থকা বা নথকা সমান কথা।

কৃষকৰ বাবে গৰু এবিধ প্রয়োজনীয় সম্পদ। গৰু নোহোৱাকৈ কৃষকৰ কোনো পৰিচয় নাই। গতিকে গৰু কৃষকৰ বাবে অতি মূল্যৱান সম্পদ। কিতু এই মূল্যবান জন্তু পুহিও যদি হাল বোৱা নহয় বা কোনো কামত খটোৱা নহয়, তেন্তে এই মূল্যৱান সম্পদৰ পৰা কোনো আর্থিক লাভ নহৈ অপচয়হে হয়।

এনেদৰে দেখা যায় বহুত মানুহৰ বহুতো মূল্যভান সামগ্রী, বিদ্যা-বুদ্ধি বা ধন আছে। কিন্তু সিবোৰক কামত খটোৱা নহয়। তেনেকুৱা অপাৰ সম্পতি থাকিলেও সেই সম্পদৰ দ্বাৰা সমাজৰ কোনো মঙ্গল নহয়। তেনে সম্পদ থকাতকৈ নথকাই ভাল। দেখা যায় যে চৰকাৰে বহুতো ভাল ভাল আঁচনি গ্ৰহণ কৰি আধা সম্পূর্ণ কৰি বাকীখিনি দীর্ঘদিন পেলাই থয়। ফলত সম্পদৰহে অপচয় হয়। এনদৰে সমাজত বহুত ধনী ব্যক্তিয়ে সম্পদ প্রয়োগ নকৰি মাটিত বা ভঁৰালত সঞ্চয় কৰি থৈ দিয়ে অথচ সেইখন সমাজতে বহুতো ব্যক্তিয়ে অনাহাৰে দুর্ভিক্ষত পৰি মৰণ যন্ত্রনা ভোগ কৰি থাকে।

গতিকে ইয়াৰ দ্বাৰা এইটো বুজিব পাৰি যে ব্যৱহাৰ নকৰা সম্পদৰ কোনো মূল্য নাই।


68. যেনে কুকুৰ তেনে টাঙোন

        কুকুৰ এটা যদি পদুলি শুঙা স্বভাৱৰ হয়, কাজিয়াখোৰ হয়, তেনে কুকুৰে টাঙোনৰ কোব খাবই।আনক যেনে ব্যৱহাৰ কৰা যায়, নিজেও মানুহৰ পৰা তেনেকুৱা ব্যৱহাৰেই পাব। মানুহক অপকাৰ কৰিলে মানুহেও অপকাৰ কৰিব। প্রতিজন মানুহেই নিজে যেনেকুৱা গুণৰ অধিকাৰী তেনেকুৱা ব্যৱহাৰহে পাব।তজবজীয়া কুকুৰ এটাক খেদিবৰ বাবে টান লাঠিৰ প্ৰয়োজন হয়। ঠিক সেইদৰে, অতি নিষ্ঠুৰ হ'ব পৰা ভয়ংকৰ শত্ৰৰ।পৰা হাত সাৰিবলৈ মানুহে নিষ্ঠুৰ পদক্ষেপকেই অবলম্বন কৰি নিষ্কণ্টক হ'বলৈ বিচাৰে। গতিকে, মানুহক বেয়া ব্যৱহাৰ কৰিলে নিজেই তেনে ব্যৱহাৰ পোৱাৰ কাৰণে সাজু থাকিব লাগিব।


69. একতাই পৰম বল

                বহুকেইজনে লগ হৈ কোনো কাম কৰিলে যিকোনো কামত সহজে কৃতকার্য হ'ব পৰা যায়। সকলোৰে ঐক্যৱদ্ধ প্রচেষ্টাৰে যি শক্তি পোৱা যায়, সেই শক্তি বেচ প্রবল হয়। অকলে গধুৰ বস্তু এটা দাঙিব নোৱাৰি, কিন্তু বহু কেইজনে মিলি তাক সহজেই সমাধা কৰিব পাৰি।

ইয়াৰ দ্বাৰাই ক'ব বিচৰা হৈছে যে মিলি থাকিলে শত্ৰুই বলে নোৱাৰে। ভাই-ককাই মিলি থাকিলে দুষ্ট লোকে তেওঁলোকৰ অনিষ্ট কৰিব নোৱাৰে। গতিকে, একতাতকৈ বেছি শক্তি কোনো উৎসতে নাই।


70. বেলি চাই কনুৱা উৰা

এই বাক্যটো অসমীয়াৰ প্রচলিত এটা উৎকৃষ্ট প্রবাদ বাক্য। কনুৱা হৈছে এবিধ পক্ষী। এই পক্ষীবিধৰ প্রিয় খাদ্য হৈছে মাছ। মাছ খাবলৈ পালে ইহঁতে সময়লৈ পাহৰি যাব পাৰে। কিন্তু সময়লৈ আওকাণ কৰি কেৱল মাছ বা অন্য খাদ্য খোৱাতে ব্যস্ত হৈ থাকিলে বেলি পৰাৰ পিছত বিপদত পৰাৰ সম্ভাৱনা থাকে। কাৰণ আন্ধাৰৰ বাবে কনুৱাই নিজৰ বাহলৈ ঘূৰি যাব নোৱাৰিব বা পথ হেৰুৱাই বিপদৰ সন্মুখীন হ'ব। 

এই প্রবাদ বাক্যটোত ইয়াকে কোৱা হৈছে যে মানুহে সময়ৰ প্ৰতি সদা সচেতন হৈ থাকিবই লাগিব। কাৰণ মানুহৰ জীৱনযাত্রাৰ অনেক লাগতিয়াল কাম থাকে। এতেকে কেৱল এটা কথা বা কামতে লাগি থাকিলে অন্য প্রয়োজনীয় কামৰ বাবে সময় নাথাকে। তেনেক্ষেত্ৰত সময় আৰু কামৰ হানি হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে সময়ৰ প্ৰতি সচেতন হৈ জীৱনযাত্রা চলাই নিবলৈ উক্ত প্রবাদ বাক্যটিয়ে আমাক সকীয়াই দিছে।


72. চুঙা চাই সোপা।

কিছুমান মানুহে আনৰ তিলমান ভুল-চুক দেখিলে তাক পাহাৰ সদৃশ কৰি সমালোচনাৰে থকা-সৰকা কৰে। আনৰ দোষ খুচুৰি, আনক অপবাদ দি ভালপোৱা এনেবিধৰ মানুহে কামেৰে নহ'লেও কথাৰে নিজক সজ, জ্ঞানী, বুদ্ধিমান বুলি যশাই ফুৰি বৰ ভাল পায়। আনৰ হৃদয়ত আঘাত হানি ৰং পোৱা এই শ্ৰেণীৰ মানুহবোৰে কিন্তু নিজৰ বিষয়ে আনৰ আগত ভাল বুলি যশাই ফুৰিলেও সদায় বেয়া কামতহে লিপ্ত থাকে। এনে বিধৰ মানুহে কৰা ভুলবোৰ লগে লগে দেখুৱাই দিলে মুখৰ মাত বন্ধ হয়। ইয়াকে 'চুঙা চাই সোপা দিয়া' বোলা হয়।


73. পৰিশ্ৰমেই উন্নতিৰ মূল

মানুহৰ ভাগ্য মানুহৰ হাতত বুলি কোৱা হয়। হাত দুখনেৰে কাম কৰি মানুহে নিজৰ ভাগ্য সলনি কৰিব কৰে। দুঃখীয়া-দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা বহুতোলোকে সততাৰে কঠোৰ পৰিশ্ৰম কৰি ৰাষ্ট্রনায়কৰ পদত অধিষ্ঠিত হোৱাটোৱে তাৰ প্ৰমাণ। আমেৰিকাৰ ১৬ শ তম্ ৰাষ্ট্ৰপতি আব্রাহম লিঙ্কন, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ. পি. জে আব্দুল কালাম তাৰ জ্বলন্ত উদাহৰণ৷ আনহাতে আমাৰ দেশৰ বিশিষ্ট ধনী ব্যৱসায়ী মুকেশ আম্বানী আৰু অনিল আম্বানীৰ দেউতাক ধীৰুভাই আম্বানীয়ে হকাৰ (বাতৰি কাকত বিলনীয়া) হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও কঠোৰ অধ্যৱসায়ৰ জৰিয়তে ভাগ্যৰ পৰিবৰ্তন কৰি আজিৰ আম্বানী পৰিয়ালৰ ব্যৱসায়ৰ আধাৰশিলা স্থাপন কৰি থৈ গৈছে। ইয়াৰ দ্বাৰাই বুজা যায় যে 'পৰিশ্ৰমেই উন্নতিৰ মূল।'


74. কণা হাঁহক পতান দি ভৰা।

চতুৰ লোকে চল-চাতুৰিৰে মিছাকে সঁচা বুলি পতিয়ন নিয়াই মূর্খ লোকক ঠগোৱা কথাটোকেই এই যোজনাটিৰে বুজোৱা হৈছে। পোহনীয়া হাঁহক ধান খাবলৈ দিয়া হয়। চকুৰে ভালদৰে দেখিবলৈ পোৱা হাঁহক কোনেও ধানৰ সলনি পতান দিব নোৱাৰে; কিয়নো পতান দিলে সেই হাঁহে তাক খাবলৈকে নাহে। কিন্তু হাঁহ কণা হ'লে তাৰ আগত ধানৰ সলনি পতান দিলেও সি একোকে নেদেখে বাবে তাকেই ধান বুলি খাবলৈ লয়। সেয়ে কণা হাঁহক পতান দি ঠগাবলৈ বা ভাৰিবলৈ লোৱা কথা ভবা হয়।

সেইদৰে প্ৰত্যেক সমাজতে চতুৰ লোকসকলে মূর্খ বা অজ্ঞানী লোকসকলক ঠগাবলৈ বিচাৰে। চতুৰ লোকসকলে মিছাকে সঁচা বুলি কৈ, বেয়া বস্তুকে ভাল বস্তু বুলি কৈ মূর্খ লোকসকলৰ আগত আনি দিয়ে আৰু মূর্খ লোকসকলে তাকেই সঁচা বুলি সেইবোৰ সহজভাৱে গ্ৰহণ কৰি লয়। মূৰ্খ লোকসকলে চতুৰ লোকৰ প্ৰৰোচনাত পৰি এইদৰে ঠগ খাই যথেষ্ট পৰিমাণে কষ্টৰো সন্মুখীন হয়। চতুৰ লোকৰ প্ৰৰোচনাত পৰি মূৰ্খ লোকসকলৰ নগুৰ-নাগতিৰ এই অৱস্থাকেই সেয়ে 'কণা হাঁহক পতান দি ভৰা' যোজনাৰে বুজোৱা হয়।


75. অভাৱেই আৱিষ্কাৰৰ মূল

জগতৰ যিকোনো নতুন সৃষ্টি বা আৱিষ্কাৰৰ মূলত যে অভাৱ বা প্রয়োজনীয়তাবোধে ক্ৰিয়া কৰে, তাকেই এই কথাষাৰৰ যোগেদি বুজোৱা হৈছে। মানুহৰ যিকোনো নতুন সৃষ্টি বা আৱিষ্কাৰৰ ক্ষেত্ৰত অভাৱবোধ নিহিত আছে। অভাৱত পৰিলেহে মানুহে সেই অভাৱ পূৰণ কৰিবলৈ মন মেলে। তাৰ বাবে মানুহে নতুন চিন্তা কৰিবলৈ লয়; নতুন নতুন ধৰণে বিভিন্ন বিষয় সম্বন্ধে দৃষ্টিভংগী গ্ৰহণ কৰে আৰু আৱিষ্কাৰ কৰে নতুন নতুন বিভিন্ন বিষয়। আমি পঢ়া ঈছপৰ সাধুৰ কাউৰীটোৱে কলহ এটাৰ তলিত থকা পানীখিনি খাবৰ বাবে এটা এটাকৈ শিল আনি শেষত কলহৰ তলিৰপৰা ওপৰলৈ উঠি অহা সেই পানীখিনি খাবলৈ সমৰ্থ হোৱা কথাখিনিয়েও এই কথাৰেই সমৰ্থন কৰে। কাউৰীটোৰ পিয়াহ লাগিছিল। ক'তো পানী বিচাৰি নাপাই তাই শেষত কলহ এটাৰ তলিত অলপ পানী দেখিছিল। শেষত সেই পানীখিনিকে খাবলৈ বিচৰা কাউৰীজনীৰ মনলৈ বুদ্ধি আহিছিল। ওচৰতে থকা শিলৰ দ'ম এটাৰ পৰা ঠোঁটেৰে এটা এটাকৈ শিল আনি অৱশেষত তাই কলহটো পূৰাই পেলোৱাত পানীখিনি ওপৰলৈ উঠি আহিছিল। তেতিয়া কাউৰীয়ে হেঁপাহ পলুৱাই মনৰ আনন্দেৰে সেই পানী খাই উৰা মাৰি গৈছিল। কাউৰীজনীয়ে পানীৰ অভাৱ পোৱাৰ বাবে তাইৰ মনলৈ এই বুদ্ধি আহিছিল আৰু এইদৰে নতুন কৌশল আৱিষ্কাৰ কৰি পানী খাইছিল।

জগতৰ সকলোবোৰ নতুন আৱিষ্কাৰৰ ক্ষেত্ৰতেই এনেদৰে অভাৱবোধ দেখা যায় আৰু সেয়ে কোৱা হয় অভাৱেই আৱিষ্কাৰৰ মূল।


76. দেশতকৈ মোমাই ডাঙৰ নহয়।

অসম বুৰঞ্জীৰ পাতত শৰাইঘাটৰ যুদ্ধত অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনে গড়বন্ধা কামত মোমায়েকে গাফিলতি কৰাৰ অপৰাধত মোমায়েকক কাটি দুছোৱা কৰাৰ কথা প্রচলিত আছে। সেই কাহিনীৰ আলমতেই সেই সময়ৰে পৰা অসমত 'দেশতকৈ মোমাই ডাঙৰ নহয়'— এই যোজনাটিৰ প্ৰচলন হৈ আহিছে। দেশৰ স্বাৰ্থত বা নিজৰ জন্মভূমিৰ ৰক্ষাৰ স্বাৰ্থত যে মোমাই আনকি নিজৰ আত্মীয়-কুটুম সকলো তল সেই কথাকেই ইয়াৰ যোগেদি বুজোৱা হয়৷

শৰাইঘাটৰ যুদ্ধৰ আগমুহূৰ্তত মোগলসকলক বাধা দিবৰ বাবে লাচিত বৰফুকনে নিজৰ মোমায়েকক শৰাইঘাটত গড় এটা বান্ধিবলৈ দায়িত্ব দিছিল। মোমায়েকে লাচিতৰ কথা মতে সেই গড় বান্ধিবলৈ লৈছিল। কিন্তু মাজৰাতি লাচিতে গড়ৰ কাম পৰিদৰ্শন কৰিবলৈ গৈ দেখিলে যে গড়ৰ কাম তেতিয়াও আধামান বাকী। লাচিতৰ তেতিয়া তীব্ৰ খং উঠিল। তেওঁ ভাবিলে যে মোগলসকলক পৰাজয় কৰিব লাগিলে সেই গড় অৱশ্যম্ভাবী। সেয়ে সেই গড়ৰ কাম তেতিয়ালৈকে হৈ নুঠাত জন্মভূমিৰ স্বাধীনতাৰ আকুলতার লাচিত উদ্বাউল হৈ উঠিল। তেওঁ লগে লগে ভাবিলে যে সেই কামৰ বাবে তেওঁৰ মোমায়েৰেই দায়ী আৰু তেওঁ সেয়ে 'দেশতকৈ মোমাই ডাঙৰ' নহয় বুলি ঘোষণা কৰি মোমায়েকক কাটি দুছোৱা কৰিলে। লাচিতৰ এই ৰূপ দেখি সকলোৱে গড় বান্ধিবলৈ লাগি গ'ল আৰু সেয়েই মোগলৰ আক্ৰমণৰ পৰা অসমক বচাৰ পৰা গ'ল বুৰঞ্জীয়ে কয়।

লাচিতে কোৱা এই কথাষাৰেই বুজাই দিয়ে মানুহৰ বাবে সকলো কামতকৈ শ্রেষ্ঠ হ'ল জন্মভূমিক ৰক্ষা কৰাটো। জন্মভূমিৰ বাবে নিজৰ আত্মীয়-কুটুম আনকি নিজৰ প্ৰাণ বিসর্জন দিবলৈকো সকলোৱে হেলাৰঙে আগ বাঢ়ি অহা উচিত।


77. বাছি খাবা, জাগি শুৱা

মানুহে যে জীৱনৰ কাম-কাজত আগবঢ়োতে সদা-সতর্ক হৈ থাকিব লাগে, সেই কথাকেই ইয়াৰ যোগেদি বুজোৱা হৈছে। জীৱন-ধাৰণৰ বাবে আমি বিভিন্ন ধৰন খাদ্য খাবলগীয়া হয়। কিন্তু খাদ্য খোৱাৰ ক্ষেত্ৰত আমি সদায় সতর্ক হ'ব লাগিব। খোৱা খাদ্য আমি প্রয়োজনতকৈ বেছি খাব নালাগে নাইবা যিকোনো ধৰণৰ খাদ্যও আমি খাব নালাগে। আমি যদি বেছিকৈ খাওঁ নাইবা যিকোনো প্রকাৰৰ খাদ্যকেই খাওঁ, তেতিয়া আমাৰ দেহ বিভিন্ন প্ৰকাৰৰ ৰোগৰ সম্মুখীন হ'ব পাৰে। সেইদৰে দেহটোৰ সুস্বাস্থ্যৰ বাবে আমাৰ জিৰণি বা টোপনিৰ প্রয়োজন হয়; নিশাৰ ভাগত আমি শুই পৰোঁ। কিন্তু শোৱাৰ ক্ষেত্ৰতো আমি সাৱধান হ'ব লাগিব যাতে সেই সময়তো আহি শত্রুয়ে আমাক অপকাৰ কৰিব নোৱাৰে। অন্য কথাত আমি শুব লাগিব যদিও জাগি শুব লাগে। খোৱা আৰু শোৱাৰ এই দুটা কথাৰে বুজাব বিচৰা সৈছে যে মানুহে জীৱনৰ সকলো ধৰণৰ কর্মক্ষেত্রতে সদ্য-সতৰ্কতাৰ নীতি অৱলম্বন কৰিব লাগে। তেনেকৈ আগ বাঢ়িলেহে মানুহৰ জীৱনত উন্নতি সম্ভব হয়।


78. মিছা কথাৰ ঠেং চুটি

মিছাৰ আশ্ৰয় ল'লে যে মানুহে জীৱনত বিভিন্ন ধৰণৰ অনৰ্থৰ সন্মুখীন হ'বলগীয়া হয়, সেই কথাকেই এই বাক্যশাৰীৰে বুজোৱা হৈছে। মানুহে জীৱনৰ বিভিন্ন ক্ষেত্ৰত মিছাৰ আশ্ৰয় লয় যদিও শেষত ধৰা পৰিবলগীয়া হয়। মানুহে যেতিয়া মানুহক ঠগাবৰ বাবে এটা মিছাৰ আশ্ৰয় লয়, তেতিয়া তাৰ পিছত সেই মিছাক ঢাকিবলৈ আৰু অন্যান্য মিছা কথাৰ আশ্ৰয় ল'বলগীয়া হয়। অর্থাৎ এবাৰ যদি কিবা কাৰণত মিছাৰ আশ্ৰয় লোৱা হয়, তেতিয়া ক্ৰমান্বয়ে মিছাৰ সংখ্যা বাঢ়ি গৈ থাকে। সেয়ে কোৱা হয় মিছা কথাৰ ঠেং চুটি। অন্যভাৱে ঠেং চুটি মানুহে অন্যায় কাম কৰি দৌৰি সাৰিব বিচাৰিলেও তেনে লোক সহজে ধৰা পৰে আৰু শাস্তি পাবলগীয়া হয়। সেইদৰে মিছা কোৱা মানুহো ঠেং চুটি মানুহৰ নিচিনা শেষত ধৰা পৰে আৰু নিৰ্যাতন আৰু তিৰস্কাৰৰ সন্মুখীন হয়। সেইবাবেও কোৱা হয় মিছা কথাৰ ঠেং চুটি। 


79. উৰি আহি জুৰি পৰা

আকাশীলতা আৰু ৰঘুমলাই গছৰ ওপৰত ঢাকি ধৰি গছজোপাকে মাৰি পেলায়। ঠিক তেনেদৰে এখন ঠাইৰ মানুহে আন এখন ঠাইলৈ গৈ সেই ভূখণ্ডৰ জাতীয় জীৱন ধ্বংস কৰিবলৈ ওলালে এনেদৰে কোৱা হয়। সাম্ৰাজ্যবাদী শাসকবোৰক এই প্রবচনটিৰে বুজোৱা হয়।


80. গোজেই গজালি হোৱা

কিছুমান গছৰ ডাল মাটিত পুতি থ'লে তাৰপৰাই গজালি ওলাই সি এডাল বেলেগ গছত পৰিণত হয়। তেনেদৰে এঠাইৰ মানুহ আন এঠাইলৈ আহি নিগাজি হৈ পৰাকে এনেদৰে বুজোৱা হয়। ইংৰাজসকলে ভাৰতত আহি গোজেই গজালি স্বৰূপ হৈ পৰি প্ৰায় ২০০ বছৰ ভাৰতবৰ্ষত ৰাজত্ব চলাইছিল। 


81. য'তে বাঘৰ ভয়, ত'তে বাতি হয়।

মানুহৰ জীৱনত বিপদৰ পৰা হাত সাৰিবৰ চেষ্টা কৰিলেও, বিপদৰ সময়তাহ যে উপর্যুপৰি বিপদ আহি উপস্থিত হয়, সেই কথাকেই এই কথাষাৰিৰে বুজোৱা হৈছে। মানুহে সাধাৰণতে বাঘ ওলাবলৈ সম্ভাৱনা থকা বনৰ মাজৰ বাট দিনৰ ভাগতেই পাৰ হৈ যাবলৈ বিচাৰে। কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে বাঘৰ ভয়ৰ সম্ভাৱনা থকা বাটডোখৰ পাৰ হ'বলগীয়া সময়ত ৰাতি হৈ পৰে। তেতিয়া মানুহৰ ভয়ৰ ভাৱ আৰু চৰি যায়।

ঠিক সেইদৰে মানুহে জীৱনৰ বাট অতিক্ৰম কৰি আগ বাঢ়ি যাওঁতেও সাধাৰণতে সন্মুখলৈ আহিব পৰা বিপদ-বিঘিনিবোৰ এৰাই চলিবলৈ যত্ন কৰে। কিন্তু সেয়া বহু ক্ষেত্ৰত নহয়। মানুহে নাভাবিলেও বিপদ মানুহৰ সন্মুখত আহি উপস্থিত হয় আৰু সেই বিপদো মানুহৰ দুৰ্যোগৰ সময়তে আহি পৰে। উদাহৰণস্বৰূপে এজন মানুহ ৰোগাক্ৰান্ত হৈ পৰি আছে আৰু সেই সময়তে তেওঁ আকৌ ডাঙৰ পুতেকৰ দুৰ্ঘটনাৰ খবৰো পালে। জীৱনৰ এনেকুৱা ক্ষেত্র বুজাবলৈকে সেয়ে কোৱা হয়, য'তে বাঘৰ ভয়, ত'তে বাতিও হয়।


82. এপাচি কচুত এটা জালুক ।

কচু শাকৰ খজুৱতি মাৰিবৰ বাবে বহুতো জালুকৰ প্রয়োজন। তেনেস্থলত এটা জালুকে এপাচি কচুশাকৰ বাবে একোৱেই নহয়। অর্থাৎ যৎসামান্য বস্তু বহুতৰ মাজত ভাগ কৰিবলৈ যোৱা কাৰ্যটো এপাচি শাকত এটা জালুকৰ লেখীয়া।


83. ভুকুতে কলটো নপকে।

মানুহৰ জীৱনৰ যিকোনো কামেই তুৰন্তে হওক বুলি ভাবি নহ'লে সেই কাম যে এৰি পেলোৱা উচিত নহয়, বৰং ধৈর্য ধৰি যে সেই কামটো, কৰিবলৈ আগ বাঢ়িহে যাব লাগে সেই কথাকেই ইয়াৰ যোগেদি প্ৰকাশ কৰা হৈছে। কল এটা পকক বুলি ভুকুটো মাৰিলেই কলটো নপকে। কল এটা পকিবৰ বাবে নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আৰু সেই সময়খিনি অহালৈ ধৈর্য ধৰিব লাগিব আৰু কলটো পকাৰ বাবে যিখিনি প্রয়োজনীয় সেইখিনি কৰিব লাগিব। সেইদৰে জীৱনৰ যিকোনো কামেই এদিনতে হৈ নুঠে। তাৰ বাবে নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আছে আৰু তাৰ বাবে উপযুক্তভাৱে কামো কৰিব লাগিব। কামটো সোনকালে হ'ব লাগে বুলি খুব জোৰে কিছু সময়ৰ বাবে কাম কৰি ভাগৰি পৰিলেও সেই কাম লগে লগে হৈ নুঠিব পাৰে। তাৰবাবে কিন্তু হতাশ হৈ বহি থাকিবৰ প্ৰয়োজন নাই। জীৱনত সাধনাৰে নিৰলস প্ৰচেষ্টাৰে এবাৰতে নোহোৱা কাম শতবাৰত হ'লেও কৰি যোৱাৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব। তেতিয়াহে জীৱনত জয়লাভ সুনিশ্চিত হৈ পৰিব। ভুকুতে কল নপকে কথাষাৰৰ যোগেদি মূলতঃ এই কথাকেই বুজোৱা হৈছে। ইংৰাজীত এনে ধৰণৰ সমাৰ্থবাচক উক্তি হৈছে—“Rome was not builte in a day.”


84. উলূৰ লগত বগৰী পোৰা।

হাবিয়নিত জুই লাগিলে উলূৰ লগতে বগৰী গছো পোৰে। বননিত জুই দিওঁতাজনৰ কিন্তু বগৰী গছ পোৰাটো উদ্দেশ্য নহয়। তথাপিও উলৱনিৰ মাজতে যিহেতু বগৰী গছো থাকে সেইবাবে একেলগে পুৰি যায়। অর্থাৎ সংগদোষত দুৰ্গুণ ভোগ কৰিবলগীয়া হয়। এই কথাটিকে 'পাপীৰ লগত যমদূতৰ শাস্তি' বুলিও আন এটা ফকৰাৰে বুজোৱা হয়। একেদৰে নিৰ্দোষী মানুহো যদি কুসংগত থাকে; তেতিয়া অনাহকতে শাস্তি ভোগ কৰিবলগীয়া হয়।


85. সোণৰ জেউতি অমান্য কৰিলে নকমে। 

সমাজৰ গুণী-জ্ঞানী লোকসকলক মূর্খ লোকসকলে অমান্য কৰিলেও যে তেওঁলোকৰ গুণ-জ্ঞানৰ লাঘৱ নহয়; সেই কথাকেই এই কথাষাৰিৰ যোগেদি বুজোৱা হৈছে। গুণী-জ্ঞানী লোকসকলক ইয়াত সোণৰ লগত তুলনা কৰিছে। সোণ এবিধ অতি উজ্জ্বল আৰু মূল্যবান ধাতু। ইয়াৰ জেউতি সকলো সময়তে অটুট থাকে; কেতিয়াও কমি নাযায়। কোনোবাই সোণৰ জেউতি কমি যোৱা বুলি ভাবিলেও দৰাচলতে ই একেদৰে থাকে; ঘঁহি ল'লেই সোণৰ সেই জেউতি পুনৰ দৃষ্টিগোচৰ হয়।

সেইদৰে সমাজৰ গুণী-জ্ঞানী, পণ্ডিত লোকসকলো সোণসদৃশ। কেতিয়াবা কেতিয়াবা কিন্তু মূর্খ লোকসকলে এই গুণী-জ্ঞানী পণ্ডিত লোকসকলক অমান্য কৰিব বিচাৰে। কিন্তু মূৰ্খ লোকসকলে এইদৰে গুণী পণ্ডিতক অৱজ্ঞা বা অৱমাননা কৰিলেও গুণী-জ্ঞানী লোকসকলৰ গুণ-গৰিমা কোনোদিনেই লাঘৱ নহয়; তেওঁলোকৰ জেউতি চিৰদিনলৈ একেদৰে থাকে।

গুণী-জ্ঞানী লোকসকলৰ গুণৰ প্ৰশংসা কৰিয়েই সেয়ে কোৱা হয় 'সোণৰ জেউতি অমান্য কৰিলেও নকমে।


86. অতি দর্পে হত লংকা

স্বর্ণলংকাৰ অধিপতি ৰাৱণ অসীম ক্ষমতাৰ অধিকাৰী হৈছিল। অসীম ক্ষমতাৰে বলীয়ান হৈ ৰাৱণে স্বৰ্গ, মৰ্ত্য আৰু পাতালত তেওঁৰ সমকক্ষ কোনোৱে নাই বুলি দম্ভালি মাৰিছিল। ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত শ্ৰীৰামচন্দ্ৰই যেতিয়া নৰ আৰু বান্দৰ সৈন্যৰে লংকা অৱৰোধ কৰিলে, তেতিয়া ৰাৱণে নৰ-বান্দৰ ৰাক্ষসব খাদ্য বুলি উপহাস কৰিলে। অথচ সেই ৰামচন্দ্ৰৰ হাততে ৰাৱণ আৰু সোণৰ লংকা ছাৰখাৰ হৈ গ'ল। অতিমাত্রা অহংকাৰে যে মানুহৰ সৰ্বনাশ মাতি আনিব পাৰে সেই প্ৰসংগতে এই ফকৰা যোজনা ফাকিৰ উল্লেখ কৰা হয়।

ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে।  HSLC-2020


 1. ফকৰা-যোজনা, ভাব সম্প্রসাৰণ কৰা । Proverbs in Assamese

2. উচ্চাৰণৰ ভিন্ন অৰ্থবোধক শব্দ । Same words with different meaning

3. চন্দ্রবিন্দু (ঁ) ৰ ব্যৱহাৰ । Uses of Chandrabindu

4. English Grammar Correct Tense

5.  English Grammar Determiner


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
Contact us (brahmaratan@gmail.com/7020477396) for pdf notes of HS second year\on Political Science, English, Logic & Philosophy, MIL Assamese, Advanced Assamese, Swadesh Adhyayan, Education, Economics, History,
Previous
Next Post »

2 Comments

Click here for Comments
Mini S
admin
April 24, 2022 at 11:39 AM ×

শিক্ষাৰ্থীসকলৰ বাবে অতিকৈ প্ৰয়োজনীয়। ছাৰ, আপোনাৰ প্ৰচেষ্টাক শলাগ যাচিছোঁ।

Reply
avatar