-->

সামাজিক ন্যায় । Social Justice in Assamese

Questions Answers of AHSEC Solution for Class 11 Political Science সামাজিক ন্যায় । Social Justice. All the important questions answers are discussed in this article.


একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

সামাজিক ন্যায়
Social Justice

Class XI Political Science

Class 11 PolScience সামাজিক ন্যায় । Social Justice ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 11 Political Science : সামাজিক ন্যায় । Social Justice has been discussed in systematic way. There are approximately important 30 questions answers in this article.

1. A Theory of Justice নামৰ গ্ৰন্থখন কোনে লিখিছিল?     HS-2015

উত্তৰঃ- জন ৰাউল্‌স (John Rawls)


2. "নৰ্মদা বচাও আন্দোলন"ৰ লগত কোন জড়িত?     HS-2017
উত্তৰঃ- মেঘা পাটকাৰ (Megha Patkar)


3. এৰিষ্টটলে কৰা শ্ৰেণীবিভাজনৰ এবিধ ন্যায়ৰ নাম লিখা।
উত্তৰঃ- বিতৰণমূলক ন্যায়


4. কোনজন জাৰ্মান দাৰ্শনিকে ন্যায়ৰ ধাৰণাক মানুহৰ মৰ্যাদাৰ লগত জড়িত কৰিছিল?  HS-2019
উত্তৰঃ-ইমানুয়েল কাণ্ট


5. Justice শব্দটো কৰ পৰা আহিছে?

উত্তৰঃ-লেটিন ভাষাৰ পৰা আহিছে।


6. 
প্লেটো আৰু এৰিষ্ট’টলৰ বাহিৰে ন্যায়ৰ বিষয়ে চিন্তা-চৰ্চা কৰা যিকোনো দুজন গ্ৰীক পণ্ডিতৰ নাম লিখা।

উত্তৰঃ- গ্লুকন আৰু ছেফালাছ


7. শুদ্ধ উত্তৰ বাছি উলিওৱা:-
(i) মানুহে প্রকৃত ন্যায় উপভোগ কৰে

(ক) একনায়কত্ববাদত     (খ) সর্বাত্মক ৰাষ্ট্ৰত
(গ) ৰাজতন্ত্রত         (ঘ) গণতন্ত্রত।
উত্তৰঃ-গণতন্ত্রত
 

(ii) ন্যায় প্রতিষ্ঠাৰ কাৰণে আৱশ্যক—
(ক) প্রতিশ্রুতিবদ্ধ ন্যায়পালিকা        (খ) স্বাধীন ন্যায়পালিকা
(গ) ভয়াতুৰ ন্যায়াধীশ            (ঘ) অসাধু ন্যায়াধীশ

উত্তৰঃ-স্বাধীন ন্যায়পালিকা

(iii) ন্যায় কোনে পৰিচালনা/প্রদান কৰে—
(ক) কাৰ্যপালিকাই         (খ) ন্যায়পালিকাই
(গ) বিধানমণ্ডলে            (ঘ) ৰাজনৈতিক দলে

উত্তৰঃ-ন্যায়পালিকাই


(iii) কোন প্রকাৰৰ ন্যায় ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত স্থান দিয়া নাই?
(ক) সামাজিক ন্যায়     (খ) অর্থনৈতিক ন্যায়
(গ) ৰাজনৈতিক ন্যায়।  (ঘ) সাংস্কৃতিক ন্যায়

উত্তৰঃ- সাংস্কৃতিক ন্যায়


8. ন্যায় মানে কি?
উত্তৰঃ-অধ্যাপক বাকাৰ (Prof. Barker)-ৰ মতে “ব্যক্তিৰ আত্মউপলব্ধিৰ বাবে প্রয়োজনীয় স্বাধীনতা, সমতা আৰু ভাতৃত্ব এই তিনিওটাৰে সংযোজন কৰি ভাৰসাম্য ৰক্ষা কৰাৰ নামেই হ’ল ন্যায়।


9. সামাজিক ন্যায়ৰ মানে কি?            HS-2012,2014
উত্তৰঃ- যি সমাজত জাতি-ধর্ম-ভাষা-জন্ম আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ ব্যৱস্থা নাই, সেই সমাজ সামাজিক ন্যায়ৰ ভিত্তিত প্রতিষ্ঠিত বুলি ক'ব পাৰি।


10. ৰাজনৈতিক ন্যায় মানে কি?
উত্তৰঃ-যি সমাজত সকলো শ্ৰেণীৰ লোকে ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা পায়, সেই সমাজ ৰাজনৈতিক ন্যায়ৰ ভিত্তিত প্রতিষ্ঠিত বুলি ক'ব পাৰি। ৰাজনৈতিক ন্যায় মানে জাতি-বর্ণ-ধর্ম-ভাষা নির্বিশেষে প্রাপ্তবয়স্ক সকলো নাগৰিকৰে ভোটাধিকাৰ থাকিব লাগে।


11. অৰ্থনৈতিক ন্যায়ৰ মানে কি?
উত্তৰঃ- যি সমাজত বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে বিশেষ ব্যৱস্থা নাথাকে আৰু জীৱন-ধাৰণৰ কাৰণে নিম্নতম সুবিধা সকলোৱে পায়, সেই সমাজত অর্থনৈতিক ন্যায় বুলি কোৱা হয়। 


12. সামাজিক ন্যায় আৰু অর্থনৈতিক ন্যায়ৰ মাজৰ দুটা পার্থক্য উল্লেখ কৰা।     HS-2016
উত্তৰঃ- (ক) সামাজিক ন্যায় বুলিলে মানুহৰ মাজত জাতি, বৰ্ণ, ধৰ্ম আদিৰ ভিক্তিত প্ৰভেদ নথকা বুজায়। আনহাতে জীৱন-ধাৰণৰ কাৰণে নিম্নতম সুবিধা সকলো লোকে পাব লাগে৷
    (খ) সামাজিক ন্যায় মানুহৰ দ্বাৰা মানুহক শোষণ নকৰাক বুজায়। আনহাতে কোনো বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে বিশেষ সুবিধা থাকিব নালাগে।


13. প্ৰাকৃতি ন্যায় মানে কি?
উত্তৰঃ- সমাজৱদ্ধ মানহে সামাজিক জীৱন-যাপন কৰোতে স্বতঃস্ফূৰ্তভাৱে কিছুমান নিয়ম-নীতি মানি চলে। গতিকে মানুহৰ প্রকৃতিগত স্বভাৱ আৰু আদৰ্শৰ ওপৰত প্রতিষ্ঠিত ন্যায়কে প্রাকৃতিক ন্যায় বুলি ক'ব পাৰি।

14. বৈধিক ন্যায় মানে কি?
উত্তৰঃ-প্রচলিত বিধি-বিধানৰ জৰিয়তে জনসাধাৰণৰ মাজত সৃষ্টি হোৱা বাদ-বিবাদক মীমাংসা কৰি দোষীক দোষৰ উপযুক্ত শাস্তি বিধান কৰা ব্যৱস্থাকে বৈধিক ন্যায় আখ্যা দিব পাৰি। 


15.  এৰিষ্ট’টলৰ ন্যায়ৰ ভাগ দুটা কি কি?      HS-2013
উত্তৰঃ-এৰিষ্টটলৰ ন্যায়ৰ ভাগ দুটা হ’ল—
(ক) বিতৰণমূলক ন্যায় আৰু (খ) সংশোধনমূলক ন্যায়


16.  Rawlৰ ন্যায়ৰ তত্ত্বটো কি?      HS-2015
উত্তৰঃ-জন ৰাউল্‍স (John Rawl)য়ে A Theory of Justice গ্ৰন্থখনত তেওঁৰ ন্যায় সম্পৰ্কে ব্যাখ্যা দাঙি ধৰিছে। তেওঁৰ মতে ন্যায় বুলিলে প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ন্যায়সংগত বিতৰণ নিশ্চিতকৰণক বুজায়। আকৌ ন্যায়ৰ ধাৰণাটো সমতাৰ নীতি আৰু অসমতাৰ নীতিৰ জৰিয়তে ব্যাখ্যা কৰিছে।  


17. প্লেটোৰ ন্যায় কি?
উত্তৰঃ-প্লেটোই ন্যায়ৰ সংকল্পনাক সামাজিক আৰু ব্যক্তিগত- এই দুটা ভাগত ভাগ কৰিছিল। সামাজিক ক্ষেত্ৰত সমাজৰ যি শ্ৰেণীৰ লোক যি কামৰ উপযুক্ত, সেই কামত নিয়োগ কৰাই হৈছে ন্যায়।


18. জন ৰাউলছৰ ন্যায় তত্ত্বটোৰ ওপৰত এটা টোকা লিখা।          HS-2017, 2019 4
(অথবা) জন্ ৰাউলছৰ ন্যায়ৰ তত্ত্বটো চমুকৈ আলোচনা কৰা।         HS-2017 6
(অথবা) Rawl-ৰ ন্যায়ৰ তত্ত্বটো কি?                                                 HS-2015

উত্তৰঃ- জন ৰাউলছ (John Rawl) য়ে ন্যায়ৰ তত্ত্বটো তেওঁৰ বিখ্যাত গ্ৰন্থ A Theory of Justice-ত ব্যাখ্যা কৰিছে।
নায্য আৰু ন্যায়সংগত সমাজ গঢ়িবলৈ জন ৰাউলছে এটা পদ্ধতি প্ৰৱৰ্তন কৰিছিল। এই তত্ত্বটোক জন ৰাউলছৰ ন্যায় তত্ত্ব হিচাপে জনা যায়। এই তত্ত্ব অনুসৰি আমি নিজকে এনে এটা পৰিস্থিতিত কল্পনা কৰা উচিত য'ত সমাজ কেনেদৰে সংগঠিত হ'ব সেই সন্দৰ্ভত আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো, যদিও সেই সমাজখনত আমি কেনে স্থান দখল কৰিব পাৰো সেয়া আমাৰ জ্ঞাত নহয়। অন্যাৰ্থত, আমি কেনেধৰণৰ পৰিয়ালত জন্মগ্ৰহণ কৰিম- ধনী নে দুখীয়া, উচ্চজাত নে নিম্নজাত, সুবিধাভোগী নে অনুবিধাভোগী এই সম্পৰ্কে আমি নাজানো। এই পৰিস্থিতিত আমি এনে এখন সমাজ সমৰ্থন কৰিম য'ত সকলো ব্যক্তিক সমান বুলি বিবেচনা কৰা হয় আৰু তেওঁলোকক সমান সুযোগ প্ৰদান কৰা হয়। জন ৰাউলছে এনে ধৰণৰ চিন্তাক 'অজ্ঞানতাৰ আৱৰণ' বুলি অভিহিত কৰিছে। যিহেতু আমি কেনে ধৰণৰ পৰিয়ালত জন্মগ্ৰহণ কৰিম সেইটো নাজানো, সেয়ে আমি সমতা আৰু ন্যায়ৰ দ্বাৰা প্ৰভাৱান্বিত এনে এখন সমাজৰ পোষকতা কৰিম য'ত প্ৰত্যেক ব্যক্তিয়ে নিজৰ প্ৰাপ্যখিনি পায়। গতিকে, এয়া সামগ্ৰিকভাৱে সেইখন সমাজৰ স্বাৰ্থৰ অনুকূলেহে হ'ব, কোনো নিৰ্দিষ্ট শ্ৰেণীৰ অনুকূলে নহয়। এনে ন্যায়পৰায়ণতা যুক্তিনিৰ্ভৰ কাৰ্যৰ পৰিণতি হ'ব, বদান্যতাৰ নহয়। জন ৰাউলছে যুক্তি প্ৰদৰ্শন কৰিছে যে ন্যায়পৰায়ণৰ সমাজ গঢ়াত যুক্তিনিৰ্ভৰ চিন্তনেহে সহায় কৰিব, নৈতিক চিন্তনে নহয়।

19. সামাজিক ন্যায়ৰ বিভিন্ন দিশবোৰ ব্যাখ্যা কৰা।         HS-2017 6
উত্তৰঃ- যি সমাজত জাতি-ধর্ম-ভাষা-জন্ম আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ ব্যৱস্থা নাই, সেই সমাজ সামাজিক ন্যায়ৰ ভিত্তিত প্রতিষ্ঠিত বুলি ক'ব পাৰি। সামাজিক ন্যায়ৰ বিভিন্ন দিশবোৰ তলত আলোচনা কৰা হ’ল—
(ক) সমানসকলৰ মাজত সমতাঃ-
    মানৱ অধিকাৰৰ নিষ্ঠাৱান প্ৰবক্তাসকলৰ মতে, ধৰ্ম-জাতি, দেহৰ ৰং, লিংগ, শাৰীৰিক আৰু মানসিক শক্তি, বাসস্থান আদি নিৰ্বিশেষে সকলো মানুহ সমান আৰু নিৰংকুশভাৱে সম-ব্যৱহাৰ প্ৰাপ্তিৰ যোগ্য। যিসকল মানুহৰ কৰ্মদক্ষতা আৰু কামৰ মান বা মুল্য একে, সেইসকলক সমান বুলি গণ্য কৰা উচিত। তেনে বিবেচনা ধৰ্ম, জাতি, দেহৰ ৰং আদিৰ ভিত্তিত পক্ষপাতিত্বমূলক হোৱা উচিত নহয়।
(খ) আনুপাতিক সমতাঃ-
    কিছুমানৰ মতে মানুহ মাত্ৰেই সৰ্ব সমতাৰ নীতি কোনোধাৰণৰ সালসলনি নকৰাকৈ প্ৰয়োগ কৰিলে সামাজিক ন্যায় প্ৰৱৰ্তিত নহয়। অনুৰূপে শিক্ষাগত অৰ্হতা, কৰ্মৰ ধৰণ, কামৰ লগত জড়িত হৈ থকা সন্তুষ্টি বা কষ্টৰ পৰিমাণ, বিপদ-সংকুলতা, কৰ্মৰ সামাজিক চাহিদা একেধৰণৰ কৰ্ম সম্পাদন কৰিব পৰা লোকৰ সংখ্যা, ব্যক্তিগত নৈপুণ্য আদি ভালেমান উপাদানৰ বিবেচনাৰে মূল্যায়ন কৰি আনুপাতিক শ্ৰেষ্ঠত্বৰ ভিত্তিত দৰমহা, পুৰস্কাৰ, সা-সুবিধা আদিৰ বিতৰণৰ জৰিয়তে আনুপাতিক সমতাৰ সৃষ্টি কৰিব পাৰি।
(গ) বিশেষ প্ৰয়োজনৰ স্বীকৃতিঃ-
    সামাজিক ন্যায়ৰ উপাদান হিচাপে বিশেষ প্রয়োজনীয়তাৰ ভিত্তিত পুৰস্কাৰ, সাহায্য আদি আগবঢ়োৱাৰ গুৰুত্বও বিশেষ মন কৰিবলগীয়া। সমাজৰ দুৰ্গত শ্ৰেণীৰ বিশেষ প্রয়োজবোৰ চিহ্নিত আৰু স্বীকৃত নহ'লে দুর্গত শ্রেণীভুক্ত আৰু অসহায় লোকসকলৰ বাবে বৰ্তি থকাৰ অধিকাৰেই মূল্যহীন হৈ পৰিব। প্রশ্ন হয়—দুর্বল শ্রেণীভুক্ত লোকসকলৰ অনাহাৰত মৃত্যু হোৱা, সেইসকলে বস্ত্ৰৰ অভাৱত লজ্জা নিবাৰণৰ বাবে অসমর্থ হোৱা নাইবা সূৰ্যৰ তাপ, বতাহ, ধুমুহা, শীত আদিৰ প্রকোপ আৰু বনৰীয়া জন্তুৰ আক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিবলৈ এটি আশ্রয় স্থলৰ (বাসগৃহৰ) অভাৱগ্রস্ত ব্যক্তিৰে ভৰা কোনো সমাজত সামাজিক ন্যায় অটুট থকা বুলি কং পাৰিনে? নিশ্চিতভাৱে প্রশ্নটোৰ উত্তৰ নেতিবাচক হ’ব।

20. বিতৰণমূলক ন্যায়ৰ সংজ্ঞা দিয়া। ভাৰত চৰকাৰে সামাজিক ন্যায় প্রতিষ্ঠা কৰিবৰ বাবে গ্ৰহণ কৰা যিকোনো দুটা পদক্ষেপ উল্লেখ কৰা।                 HS-2015 4
উত্তৰঃ- সমাজৰ উন্নতিৰ কাৰণে যিসকল লোকৰ অধিক বৰঙণি আছে, তেওঁলোকক যোগ্য ব্যক্তি হিচাপে জ্ঞান কৰিব লাগে আৰু যোগ্যতা অনুসৰি তেওঁলোকক পদমর্যাদা দিব লাগে। এই ব্যৱস্থাত কোনো লোকৰ প্রতি অবিচাৰ কৰা নহয় আৰু প্রত্যেকেই নিজৰ যোগ্যতা অনুসৰি পদমর্যাদা লাভ কৰিব পাৰে। এৰিষ্টটলৰ ন্যায়ৰ এই সংকল্পনাক বিতৰণমূলক ন্যায় (Distributive Justice) বুলি কোৱা হয়।
    ভাৰত চৰকাৰে সামাজিক ন্যায় প্রতিষ্ঠা কৰিবৰ বাবে গ্ৰহণ কৰা দুটা পদক্ষেপসমূহ হল— মধ্যাহ্ন ভোজন আঁচনি, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান, সৰ্বশিক্ষা অভিযান, সম্পূৰ্ণ অনাময় প্ৰচাৰ অভিযান।

21. ৰাজনৈতিক ন্যায়ৰ ওপৰত এটা টোকা লিখা ?             HS-   2017 4
উত্তৰঃ-ন্যায়ৰ সংকল্পনাক ৰাজনৈতিক দৃষ্টিভঙ্গীৰে বিচাৰ কৰা হয়। যি সমাজত সকলো শ্ৰেণীৰ লোকে ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা পায়, সেই সমাজ ৰাজনৈতিক ন্যায়ৰ ভিত্তিত প্রতিষ্ঠিত বুলি ক'ব পাৰি। ৰাজনৈতিক ন্যায়ে তলত উল্লেখ কৰা ব্যৱস্থাকেইটাক বুজায়—
ক) জাতি-বর্ণ-ধর্ম-ভাষা নির্বিশেষে প্রাপ্তবয়স্ক সকলো নাগৰিকৰে ভোটাধিকাৰ থাকিব লাগে।
খ) অহর্তাসম্পন্ন সকলো নাগৰিকৰ কাৰণে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পথ মুকলি থাকিব লাগে।
গ) অৰ্হতাসম্পন্ন সকলো নাগৰিকৰ কাৰণে চৰকাৰী চাকৰি লাভৰ কাৰণে আবেদন কৰাৰ সুবিধা থাকিব লাগে। এনেবোৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক ক্ষেত্ৰত সমাজত ন্যায় থকা বুলি কোৱা হয়।

22. ন্যায়ৰ বিভিন্ন নীতিসমূহ আলোচনা কৰা।            HS- 2018 6
উত্তৰঃ-


Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.
Previous
Next Post »