-->

ন্যায়পালিকা । Judiciary in Assamese -একাদশ শ্ৰেণী

Questions Answers of AHSEC Solution for Class 11 Political Science ন্যায়পালিকা। Judiciary. All the important questions answers are discussed in this article.


একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

ন্যায়পালিকা
Judiciary

Class XI Political Science

Class 11 PolScience ন্যায়পালিকা। Judiciary ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 11 Political Science : ন্যায়পালিকা। Judiciary has been discussed in systematic way. There are approximately important 38 questions answers in this article.

1. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে?   HS-2011
উত্তৰঃ-ৰাষ্ট্ৰপতিয়ে

2. উচ্চতম ন্যায়ালয়ে কোনটো গোচৰত ভাৰতৰ সংবিধানৰ মূল গাঁথনিৰ সূত্ৰ আগবঢ়াইছিল?   HS-2019
উত্তৰঃ-কেশৱানন্দ ভাৰতী গোচৰত

3. ভাৰতীয় ন্যায়পালিকাৰ শিখৰত থকা ন্যায়ালয়খনৰ নাম কি?
উত্তৰঃ- উচ্চতম ন্যায়ালয় (Supreme Court)

4. ভাৰতৰ উচ্চতম ন্যায়ালয় ক’ত অৱস্থিত?
উত্তৰঃ-নতুন দিল্লীত

5. উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে?
উত্তৰঃ-65 বছৰ বয়সত

6. উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে?
উত্তৰঃ-62 বছৰ বয়সত

7. ভাৰতবৰ্ষই কোনখন দেশৰ পৰা ন্যায়িক সমীক্ষাৰ ক্ষমতাটো ধাৰ কৰি আনিছে?
উত্তৰঃ- আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা

8. কোনে উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ সংখ্যা নিৰ্ধাৰণ কৰে?
উত্তৰঃ-সংসদে

9. কাবেৰী নদীৰ বিবাদ সমাধা কৰিবলৈ তামিলনাডু চৰকাৰে ন্যায়ালয়ৰ ওচৰ চাপিব বিচাৰে। এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ কি ক্ষমতা?
উত্তৰঃ- পৰামৰ্শমূলক ক্ষমতা

10. ভাৰতৰ উচ্চতম ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ- শুদ্ধ

11. ৰাষ্ট্রপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যাৰ পৰিৱৰ্তন কৰিব পাৰে। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ- শুদ্ধ

12. বর্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমান?
উত্তৰঃ- ৩০ (30) জন।

13. বর্তমান ভাৰতত উচ্চ ন্যায়ালয়ৰ সংখ্যা কিমান?
উত্তৰঃ- 24 খন।

14. উচ্চতম ন্যায়ালয় ভাৰতৰ অভিভাৱক হয় নে?
উত্তৰঃ- হয়

15. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মৌলিক অধিকাৰ ক্ষেত্ৰই কি সূচায়?   HS-2019 2
উত্তৰঃ-উচ্চতম ন্যায়ালয়ে কিছুমান মোকৰ্দমাৰ পোনপটীয়াকৈ গ্ৰহণ কৰিব পাৰে। ইয়াক উচ্চতম ন্যায়ালয়ৰ মৈলিক ক্ষেত্ৰাধিকাৰ বুলি কোৱা হয়। সংবিধানৰ ১৩১-নং অনেচ্ছেদ অনুসৰি—(ক) ভাৰত চৰকাৰ আৰু এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ—উচ্চতম ন্যায়ালয়ে পোনপটীয়াকৈ বিচাৰ কৰিব পাৰে।

16. শুদ্ধ উত্তৰ বাছি উলিওৱা
(i) উচ্চতম ন্যায়ালয়ত এজন মুখ্য ন্যায়াধীশ আৰু

(ক) ১৩জন অন্যান্য ন্যায়াধীশ আছে     (খ) ২৫জন অন্যান্য ন্যায়াধীশ আছে
(গ) ২০জন অন্যান্য ন্যায়াধীশ আছে     (ঘ) ৩০জন অন্যান্য ন্যায়াধীশ আছে

উত্তৰঃ-৩০ জন অন্যান্য ন্যায়াধীশ আছে

(ii) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে বছৰত অৱসৰ লয়—
(ক) ৬২        (খ) ৬০
(গ) ৬৫         (ঘ) ৭০

উত্তৰঃ-৬৫

(iii) ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু/দাখিল কৰিব পাৰি—
(ক) ৰাষ্ট্ৰপতিৰ ওচৰত        (খ) উচ্চ ন্যায়ালয়ৰ ওচৰত
(গ) উচ্চতম ন্যায়ালয়ৰ ওচৰত     (ঘ) উচ্চতম আৰু উচ্চ ন্যায়ালয় উভয়ৰ ওচৰত

উত্তৰঃ- উচ্চতম ন্যায়ালয়ৰ ওচৰত

(iv) উচ্চতম ন্যায়ালয়ে কাক পৰামৰ্শ আগবঢ়াব পাৰে
(ক) ৰাষ্ট্রপতিক         (খ) সংসদক
(গ) কেবিনেটক        (ঘ) প্রধানমন্ত্রী

উত্তৰঃ-ৰাষ্ট্রপতিক

(v) নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হ’ল
(ক) সংসদ             (খ) ৰাষ্ট্রপতি
(গ) কেবিনেট            (ঘ) উচ্চতম ন্যায়ালয়

উত্তৰঃ-উচ্চতম ন্যায়ালয়

(vi) ন্যায়িক সমীক্ষাৰ অধিকাৰী হ’ল—
(ক) সংসদ             (খ) উচ্চ ন্যায়ালয়
(গ) উচ্চতম ন্যায়ালয়        (ঘ) উচ্চ ন্যায়ালয় উভয়
উত্তৰঃ-উচ্চতম ন্যায়ালয়

(vii) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি দিয়ে
(ক) ভাৰতৰ মুখ্য ন্যায়াধীশে     (খ) জনসাধাৰণে
(গ) প্রধানমন্ত্রীয়ে        (ঘ) ৰাষ্ট্ৰপতিয়ে
উত্তৰঃ-ৰাষ্ট্ৰপতিয়ে

17. ন্যায়পালিকাৰ তিনিটা কাৰ্যৰ নাম লিখা।    HS-2013
উত্তৰঃ-(ক) মূল অধিকাৰ ক্ষেত্ৰ
(খ) আপীল সম্পৰ্কীয় ক্ষমতা
(গ) পৰামৰ্শদানৰ ক্ষমতা

18. উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাবে দুটা প্রয়োজনীয় অহর্তা লিখা।   HS-2011
উত্তৰঃ-(ক) ভাৰতীয় নাগৰিক হ'ব লাগিব।
(খ) তেওঁ ভাৰতবৰ্ষৰ অন্তৰ্গত যি কোনো ন্যায়ালয়ত অতি কমেও দহ বছৰ কাল ন্যায়িক সেৱাত কাম কৰা ব্যক্তি হ’ব লাগিব।
(গ) তেওঁৰ এক বা একাধিক উচ্চ ন্যায়ালয়ত অন্ততঃ দহ বছৰ কাল ওকালতি কৰা অভিজ্ঞতা থাকিব লাগিব।

19. বন্দী প্রত্যক্ষীকৰণ লেখ বুলিলে কি বুজা?      HS-2012
উত্তৰঃ-আৰক্ষী বা কাৰ্যপালিকাই কোনো ব্যক্তিক আটক কৰিলে সেই ব্যক্তিজনক আটক কৰাৰ কাৰণৰ সৈতে ন্যায়াধীশৰ সন্মুখত ২৪ ঘণ্টাৰ ভিতৰত উপস্থাপন কৰাটোকে বন্দী প্রত্যক্ষীকৰণ বুলি কোৱা হয়।

20. ভাৰতৰ উচ্চতম ন্যায়ালয়ে কেতিয়া পৰামর্শমূলক ক্ষমতা প্রয়োগ কৰিব পাৰে?   HS-2015
উত্তৰঃ-ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা বিবেচনা কৰে যে আইন বা তথ্যসংক্ৰান্তীয় কোনো বিষয়ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এই উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাৰ প্ৰয়োজন, তেন্তে তেওঁ সেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিবেচনা বাবে পঠিয়াব পাৰে।

21. ন্যায়পালিকা কাক বোলে?
উত্তৰঃ-চৰকাৰৰ যিটো অংগই আইনৰ ব্যাখ্যা আৰু বিবাদ সীমাংসাৰ লগত জড়িত, সেই অংগকে ন্যায়পালিকা বুলি কোৱা হয়।

22. ন্যায়িক সক্ৰিয়তা কি?
উত্তৰঃ-দেশৰ শাসন আৰু আইন প্ৰণয়ন কাৰ্য যাতে সংবিধানে নিদিৰ্ষ্ট কৰা সীমাৰেখাৰ ভিতৰত সম্পাদিত হয় তাৰ প্ৰতি ন্যায়ালয়ে সতৰ্ক দৃষ্টি ৰাখিব লাগে। ন্যায়ালয়ৰ এই ক্ষমতাকে ন্যায়িক সক্ৰিয়তা বুলি কোৱা হয়।

23. ন্যায়িক সমীক্ষা বুলিলে কি বুজা?
উত্তৰঃ-কোনো আইন, আদেশ বা চুক্তি সংবিধানৰ সৈতে সংগতিসম্পন্ন হয় নে নহয়, সেইটো বিচাৰ কৰাই হৈছে বৈধতা বিচাৰৰ ক্ষমতা বা ন্যায়িক সমীক্ষা বুলি কোৱা হয়।

24. উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে অপসাৰণ কৰিব পাৰে?
উত্তৰঃ- ৰাষ্ট্রপতিয়ে

25. PIL-ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ- Public Interest Litigation 

দীঘল প্ৰশ্নোত্তৰ । Essay Types Questions' Answer:-
1. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কার্যাৱলী ব্যাখ্যা কৰা।        HS-2017 6

উত্তৰঃ-সংবিধানত উচ্চতম ন্যায়ালয়ৰ গঠন সম্পর্কে উল্লেখ কৰা হৈছে। ইয়াৰ ১২৪(১)-নং অনুচ্ছেদ অনুযায়ী এজন মুখ্য ন্যায়াধীশ আৰু কেইজনমান ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসহ মুঠ ন্যায়াধীশৰ সংখ্যা মান ৩১ জন। সংবিধান কার্যনির্বাহক মুখ্য ন্যায়াধীশ (Acting Chief Justice) আৰু অস্থায়ী ন্যায়াধীশৰ নিযুক্তিৰ ব্যৱস্থা আছে। সংসদে আইন যোগে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক ৰাষ্ট্রপতিয়ে নিয়োগ কৰে।
        ভাৰতৰ সংবিধানে উচ্চতম ন্যায়ালয়ক বহুতো ক্ষমতা প্ৰদান কৰিছে। ইয়াৰ ক্ষমতাক প্ৰধানকৈ তিনি ভাগত ভগাব পাৰি, যেনেঃ- (i) মূল অধিকাৰ ক্ষমতা, (ii) আপীল ক্ষমতা আৰু (iii) পৰামৰ্শদান ক্ষমতা।
(i) মূল অধিকাৰ ক্ষেত্ৰঃ- উচ্চতম ন্যায়ালয়ে কিছুমান মোকৰ্দমাৰ পোনপটীয়াকৈ গ্ৰহণ কৰিব পাৰে। ইয়াক উচ্চতম ন্যায়ালয়ৰ মৈলিক ক্ষেত্ৰাধিকাৰ বুলি কোৱা হয়। সংবিধানৰ ১৩১-নং অনেচ্ছেদ অনুসৰি—(ক) ভাৰত চৰকাৰ আৰু এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ, (খ) একপক্ষে ভাৰত চৰকাৰ আৰু কোনো ৰাজ্য বা ৰাজ্যসমূহ আৰু আনপক্ষে এখন বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ আৰু (গ) দুই বা ততোধিক ৰাজ্যৰ চৰকাৰৰ মাজত বিবাদ। বিচার্য বিষয় বাদী আৰু বিবাদী পক্ষৰ আইনগত অধিকাৰ সম্পৰ্কীয় হ'ব লাগিব। সংবিধান প্ৰৱৰ্তিত হোৱাৰ পিছত যিবিলাক সন্ধি, চুক্তি আৰু অংগীকাৰ-পত্র সম্পাদিত হৈছে সেইবোৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰ ক্ষমতা আছে।
(ii) আপীল সস্পর্কীয় ক্ষমতা:-উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰক তিনি শ্ৰেণীত ভাগ কৰা হৈছে— (ক) সাংবিধানিক আপীল, (খ) দেৱানী গোচৰৰ আপীল আৰু (গ) ফৌজদাৰী গোচৰৰ আপীল।
(ক) সাংবিধানিক আপীল : সংবিধানসংক্রান্তীয় বিষয়ত উচ্চ ন্যায়ালয়ে যি ৰায় দিয়ে, সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি। এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে এইবুলি এখন প্রমাণ-পত্ৰ দিব লাগিব যে যি গোচৰৰ ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ বিচৰা হৈছে, তাত মৌলিক আইন নিহিত আছে আৰু তাৰ বাবে ভাৰতৰ সংবিধান ব্যাখ্যা কৰিবলগীয়া হয়|
(খ) দেৱানী গোচৰৰ আপীলঃ- কোনো দেৱানী গোচৰৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে যদি ছুপাৰিচ কৰে যে সংশ্লিষ্ট গোচৰত গুৰুতৰ আইনৰ প্রশ্ন জড়িত আছে, তেতিয়াহ'লে এই গোচৰৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পৰি।
(গ) ফৌজদাৰী গোচৰৰ আপীলঃ- ফৌজদাৰী গোচৰত উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত তিনিটা ক্ষেত্ৰত আপীল কৰিব পাৰি : (১) যদি উচ্চ ন্যায়ালয়ে নিম্ন আদালতত নির্দোষী কোনো ব্যক্তিৰ মুক্তিৰ আদেশ নাকচ কৰে অথবা সেই ব্যক্তিক মৃত্যদণ্ডেৰে দণ্ডিত কৰে, (২) নিম্ন আদালতত বিচাৰাধীন কোনো গোচৰ পোনপটীয়াকৈ তুলি আনি উচ্চ ন্যায়ালয়ে অভিযুক্ত ব্যক্তিক মৃত্যুদণ্ড দিয়ে আৰু (৩) গোচৰটো উচ্চতম ন্যায়ালয়ত পুনর্বিবেচনাৰ যোগ্য বুলি যদি উচ্চ ন্যায়ালয়ে চুপাৰিচ কৰে।
(iii) পৰামৰ্শদানৰ ক্ষমতা : সাংবিধানিক ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা বৰ গুৰুত্বপূর্ণ। সংবিধানৰ ১৪৩(১)-নং অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা বিবেচনা কৰে যে আইন বা তথ্যসংক্রান্তীয় কোনো বিষয়ত গুৰুত্বপূর্ণ প্রশ্নৰ উদ্ভৱ হৈছে বা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাৰ প্ৰয়োজন, তেন্তে তেওঁ সেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। উচ্চতম ন্যায়ালয়ৰ এই ধৰণৰ বিষয় বিবেচনা কৰাটো পৰামৰ্শদান ক্ষমতাৰ ভিতৰত পৰে।
(iv) নির্দেশ, আদেশ আৰু লেখ জাৰিৰ ক্ষমতা : জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয় গুৰুত্বপূৰ্ণ ক্ষমতা ভোগ কৰে আৰু এই ক্ষেত্ৰত এই আদালতে মৌলিক অধিকাৰৰ অভিভাৱকৰূপে কার্য কৰে । তৃতীয় অংশত প্রদত্ত মৌলিক অধিকাৰসমুহ বলৱৎ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ক বন্দী প্রত্যক্ষকৰণ, পৰমাদেশ, প্রতিৰোধ, অধিকাৰ পৃচ্ছা আৰু উত্‍‌প্ৰেষণ - এই পাঁচোটা লেখ জাৰিৰ ক্ষমতা দিয়া হৈছে।
(v) অভিলেখ আদালত : সংবিধানৰ ১২৯-নং অনুচ্ছেদত উচ্চতম ন্যায়ালয় এক অভিলেখ আদালতৰূপে উল্লেখ কৰা হৈছে। এই আদালতত সকলো আইন আৰু বিচাৰ বিভাগীয় কার্য-বিৱৰণী সাক্ষীপ্ৰমাণ হিচাপে স্থায়ীভাবে সংৰক্ষিত থাকে।
(vi) সংবিধানৰ ব্যাখ্যাকর্তা : উচ্চতম ন্যায়ালয় সংবিধানৰ চূড়ান্ত ব্যাখ্যাকর্তা। সংবিধানৰ ব্যাখ্যাক এই আদালতে যিদৰে কৰে সেইদৰেই সেই অংশৰ অৰ্থ নির্ধাৰিত হয়। কোনেও এই ব্যাখ্যাক অস্বীকাৰ কৰিব নোৱাৰে।

2. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদানৰ ক্ষেত্ৰাধিকাৰৰ বিষয়ে আলোচনা কৰা।    HS-2016 4
উত্তৰঃ-সাংবিধানিক ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা বৰ গুৰুত্বপূর্ণ। সংবিধানৰ ১৪৩(১)-নং অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা বিবেচনা কৰে যে আইন বা তথ্যসংক্রান্তীয় কোনো বিষয়ত গুৰুত্বপূর্ণ প্রশ্নৰ উদ্ভৱ হৈছে বা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাৰ প্ৰয়োজন, তেন্তে তেওঁ সেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। উচ্চতম ন্যায়ালয়ৰ এই ধৰণৰ বিষয় বিবেচনা কৰাটো পৰামৰ্শদান ক্ষমতাৰ ভিতৰত পৰে। উচ্চতম ন্যায়ালয়ৰ ওপৰত পৰামৰ্শ বিচাৰিলে ই পৰামৰ্শ দিবলৈ বাধ্য। আকৌ ৰাষ্ট্ৰপতিয়ে এই পৰামর্শ গ্রহণ কৰাটো বাধ্যতামূলক নহয়। উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিৰ অনুৰোধক্রমে পৰামর্শ দি আহিছে। এতিয়ালৈকে কেইবাবাৰো ৰাষ্ট্রপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিছে। ইয়াৰ পৰামর্শদান ক্ষমতা আন এটি ক্ষেত্ৰতো আছে। সংবিধান বলৱৎ হোৱাৰ আগেয়ে সম্পাদিত যিবিলাক চুক্তি, সন্ধি, অংগীকাৰ-পত্ৰ আৰু চনদ সংবিধান বলৱৎ হোৱাৰ পিছতো কাৰ্যকৰী হৈ আছে, যিবিলাক উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰত ভিতৰত নাই, সেই সম্পৰ্কে কোনো বিৰোধে দেখা দিলে ৰাষ্ট্ৰপতিয়ে সেইটো এই আদালতৰ পৰামৰ্শৰ বাবে পঠিয়াব পাৰে। এইবিলাক ক্ষেত্রত উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিবলৈ বাধ্য।

3. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ "ন্যায়িক সমীক্ষা" ক্ষমতাৰ বিষয়ে ব্যাখ্যা কৰা।   HS-2018 6
উত্তৰঃ-ন্যায়িক সমীক্ষা হ’ল উচ্চতম ন্যায়ালয়ৰ এটা বিশেষ ক্ষমতা। বিধানমণ্ডলে প্ৰণয়ন কৰা আইনৰ সাংবিধানিক বৈধতা বিচাৰ কৰিব পৰা উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ক্ষমতাক নায়িক সমীক্ষা ক্ষমতা বুলি কোৱা হয়। সংসদে গ্ৰহণ কৰা কোনো আইনে সংবিধানৰ কোনো বিধি ভঙ্গ কৰিলে উচ্চতম ন্যায়ালয়ে তাক ক্ষমতাৰ বাহিৰ বুলি নাকচ কৰিব পাৰে। ইয়াক উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতা (Power of Judicial Review) বোলা হয়। কাৰ্যপালিকাৰ কোনো নিৰ্দেশে সংবিধানৰ কোনো নীতি ভঙ্গ কৰিলেও তাক ৰদ কৰাৰ ক্ষমতা উচ্চতম ন্যায়ালয়ৰ আছে।
        উচ্চতম ন্যায়ালয় সংবিধানৰ একমাত্ৰ ব্যাখ্যাকাৰক। কোনো ক্ষেত্ৰত সংবিধানৰ কোনো বিধি অস্পষ্ট বা দ্ব্যৰ্থবোধক হ’লে তাক স্পষ্ট কৰি দিয়াৰ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ। কেৱল সংসদেহে সংবিধান সংশোধনৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ এনে ব্যাখ্যাক প্ৰতিৰোধ কৰিব পাৰে।
        সকলো ধৰণৰ বৈধতাৰ বিচাৰৰ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ। এই ক্ষেত্ৰত এই ন্যায়ালয়ৰ সিদ্ধান্তই চূড়ান্ত। উচ্চতম ন্যায়ালয়ে কোনো গোচৰ এটা উচ্চ ন্যায়ালয়ৰ পৰা অন্য এটা উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিব পাৰে। তাৰ উপৰি কোনো বিষয়ত একেলগে কোনো গোচৰ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত চলি থাকিলে এটৰ্নি জেনেৰেলৰ আবেদন অনুযায়ী উচ্চতম ন্যায়ালয়ে সেই গোচৰ উচ্চ ন্যায়ালয়ৰ পৰা নিজৰ হাতলৈ লৈ আহিব পাৰে।
    ন্যায়িক সমীক্ষাৰ ক্ষমতাক তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰি—  
(ক) দেশৰ সংসদ আৰু ৰাজ্যৰ বিধানমণ্ডলসমূহে ৰচনা কৰা আইনসমূহে সংবিধানে বান্ধি দি সীমাৰ ভিতৰত অতিক্ৰম কৰিছে নেকি বা সংবিধান অৱমাননা কৰিছে নেকি সেই বিষয়ত উক্ত আইনসমূহৰ বৈধতা পৰীক্ষা কৰি সেই আইনক অবৈধ বুলিও ঘোষণা কৰিব পাৰি।
(খ) বিভিন্ন সময়ত কাৰ্যপালিকাই বিভিন্ন কাৰ্য সম্পাদন কৰিব লগা হয়। গতিকে কাৰ্যপালিকাই সম্পাদন কৰা কাৰ্যসমূহ সংবিধানৰ সৈতে সংগতিসম্পন্ন হয় নে নহয়, সেই সম্পৰ্কেও উচ্চতম ন্যায়ালয়ে ন্যায়িক সমীক্ষাৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে।
(গ) ইয়াৰ উপৰিও কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ কোনো কাৰ্যই অৰ্থাত্‍ কোনো চুক্তি, আদেশ, আইন আদিয়ে যদি নাগৰিকৰ মৌলিক অধিকাৰত ব্যাধাত সংবিধান

ভূলকৈ ব্যাখ্যা আদিৰ সৃষ্টি কৰে, তেতিয়া উচ্চতম ন্যায়ালয়ে ন্যায়িক সমীক্ষাৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

4. ভাৰতৰ ন্যায়িক সক্ৰিয়তাৰ ওপৰত এটা টোকা লিখা।        HS-2017 6
উত্তৰঃ-আধুনিক গণতান্ত্রিক শাসনব্যৱস্থাত ন্যায়পালিকাৰ সক্রিয়তাই এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। ন্যায়িক সক্রিয়তাৰ ধাৰণাটো পোন প্রথম আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত কাৰ্যকৰণ বা প্রয়োগসংক্রান্তীয় সমস্যাক লৈ উদ্ভৱ হোৱা দেখা যায়।
        গণতান্ত্রিক ৰাষ্ট্ৰত ন্যায়পালিকাৰ সক্রিয়তা বিশেষ তাৎপর্যপূর্ণ। দেশৰ শাসন আৰু আইন প্রণয়ন কার্য যাতে সংবিধানে নির্দিষ্ট কৰা সীমাৰেখাৰ ভিতৰত সম্পাদিত হয় তাৰ প্রতি ন্যায়ালয়ে সতর্ক দৃষ্টি ৰাখিব লাগে। ন্যায়ালয়ৰ এই ক্ষমতাকে ন্যায়পালিকাৰ সক্রিয়তা (Judicial Activism) বুলি কোৱা হয়। ন্যায়পালিকাই সৃষ্টি কৰা নতুন আইন বা নীতিয়ে বহু সময়ত কাৰ্যপালিকা তথা বিধানমণ্ডলৰ ক্ষমতা সংকোচন বা সম্প্রসাৰণো কৰিব পাৰে।
        সাধাৰণতে পৰিৱৰ্তিত সমাজব্যৱস্থাৰ চাহিদা মতে যেতিয়া ন্যায়পালিকাই ন্যায়িক পর্যালোচনা বা সমীক্ষা কৰে তেতিয়া তাক ন্যায়পালিকাৰ সক্রিয়তা বুলি কোৱা হয়। আমাৰ দেশ ভাৰতৰ ন্যায়িক সক্রিয়তাৰ মূল চালিকা শক্তি হ’ল “স্বাৰ্থজনিত গোচৰ” (Public Interest Litigation)। ন্যায়পালিকাই সদায় ন্যায়সংগতভাৱে এজন ব্যক্তি ব্যক্তিগতভাৱে ক্ষতিগ্রস্ত হ'লে বা তেওঁৰ অধিকাৰ খৰ্ব হ'লে ন্যায়ালয়ৰ ওচৰ চাপে। ন্যায়ালয় বা ন্যায়পালিকাৰ গতানুগতিক কাম হ’ল যিকোনো গোচৰ বিচাৰ কৰা।
        ন্যায়পালিকাই সদায় ন্যায়সংগতভাৱে বিচাৰ কার্য সম্পাদন কৰে। যিকোনো গোচৰ বিচাৰ কৰোঁতে ন্যায়পালিকাই তথ্য, প্ৰচলিত আইন আৰু সাংবিধানিক নিয়মসমূহ প্রয়োগ কৰে। কিন্তু বর্তমান সময়ত ন্যায়ালয়ৰ কাৰ্যৰ পৰিসৰ দিনক দিনে বৃদ্ধি পাই আছে। বহু সময়ত কোনো গোচৰ বিচাৰ কৰি ৰায় প্ৰদান কৰোঁতে কিছুমান নতুন আইন আৰু নীতিৰ জন্ম দিয়ে। ১৯৬৭ চনত গোলোকনাথ বনাম পঞ্জাৱ চৰকাৰ মোকর্দমাৰ ৰায়দান কৰোঁতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰে যে মৌলিক অধিকাৰ হৰণ বা ক্ষুন্ন কৰি ৰাষ্ট্ৰই কোনো আইন ৰচনা কৰিব নোৱাৰে। ১৯৬৯ চনত বেংক জাতীয়কৰণ আইন বাতিল কৰিও উচ্চতম ন্যায়ালয়ে এক অভিলেখ স্থাপন কৰে।
        এতিয়া ভাৰতৰ ন্যায়পালিকাৰ ভূমিকা আনৰ দৰে গতানুগতিক নহয়। বর্তমান উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰৰ কাৰ্য কলাপৰ লগত নিজকে জড়িত ৰাখে আৰু ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি বিধান মণ্ডল আৰু কাৰ্যপালিকাৰ বিৰুদ্ধে বিভিন্ন আদেশ, নির্দেশৰ লেখ জাৰি কৰে। ইয়াৰ লগতে ন্যায়পালিকাই নাগৰিকৰ অধিকাৰৰ বিস্তৰ সম্প্ৰসাৰণ কৰিছে যেনে— প্ৰদূষণমুক্ত পৰিৱেশ, সুস্থ আৰু শান্তিপূর্ণ জীৱন-যাপন, বিশুদ্ধ খোৱাপানী আৰু নাগৰিকৰ দৈনন্দিন জীৱন ধাৰণৰ অপৰিহার্য বস্তুৰ যোগান আদি অধিকাৰ নাগৰিকৰ আছে আৰু এইবোৰক নাগৰিকৰ ন্যায্য দাবী হিচাপে সাব্যস্ত কৰিব পাৰে।
        ন্যায়পালিকাৰ সক্রিয়তা সমালোচনাৰ উৰ্ধত নহয়। প্রথম, আজিকালি গণতান্ত্রিক ৰাষ্ট্ৰবোৰত দায়িত্বশীল চৰকাৰ আছে আৰু সেয়ে ন্যায়পালিকাৰ কার্যাৱলী গতানুগতিক কার্যতে সীমিত থকা উচিত। দ্বিতীয়তে, গণতান্ত্রিক চৰকাৰ এখনৰ প্ৰথম আৰু প্রধান কর্তব্য হ’ল জনগণৰ আশা-আকাংক্ষাক বাস্তৱত ৰূপ দিয়া। ন্যায়পালিকাৰ অত্যধিক তৎপৰতাই সিবিলাকৰ ভূমিকাক বাধাগ্রস্ত কৰিব পাৰে।

5. ভাৰতৰ ন্যায়পালিকাৰ স্বাধীনতা সম্পৰ্কে এটি টোকা লিখা।        HS-2018 6
উত্তৰঃ-ভাৰতবৰ্ষৰ সংবিধানে ন্যায়পালিকাই যাতে স্বাধীন আৰু নিৰপেক্ষভাৱে কার্য পালন কৰিব পাৰে তাক নিশ্চিত কৰাৰ বাবে সংবিধানত কেতবোৰ ব্যৱস্থা লিপিবদ্ধ কৰিছে। ভাৰতীয় সংবিধানত ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষা কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-
(i) নিয়োগ পদ্ধতি : ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিয়োগ কৰাত বিধানমণ্ডলক জড়িত নকৰি ৰাষ্ট্ৰপতিৰ ওপৰত দায়িত্ব অর্পণ কৰিছে, যাতে ন্যায়াধীশসকলৰ নিযুক্তিত ৰাজনীতিৰ প্ৰভাৱ নপৰে। ৰাষ্ট্রপতিয়ে এই ক্ষেত্ৰত উচ্চতম বা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগত আলোচনা কৰিব পাৰে।
(ii) চাকৰিৰ নিৰাপত্তা : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ ঊৰ্ধ্বতম বয়সৰ সীমা ৬৫ বছৰ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বয়স ৬২ বছৰ ধার্য কৰিছে। এই সময়ছোৱাত তেওঁলোকৰ চাকৰিৰ সম্পূর্ণ নিৰাপত্তা দিয়া হৈছে, যাতে ভয়ৰ বশৱৰ্তী হৈ তেওঁলোকে কোনো কাম নকৰে।
(iii) অপসাৰণৰ জটিল পদ্ধতি : ন্যায়াধীশসকলৰ অপসাৰণ পদ্ধতি অতি জটিল কৰা হৈছে, যাতে তেওঁলোকক কেৱল অসৎ-আচৰণ বা অ-যোগ্যতাৰ বাবেহে অপসাৰণ কৰা হয়।
(iv) উচ্চ হাৰত দৰমহা : ন্যায়াধীশসকলক উচ্চ হাৰত দৰমহা দিয়াৰ ব্যৱস্থা কৰিছে, যাতে পাৰদৰ্শী, প্রতিভাৱান লোকসকলে নিষ্ঠা সহকাৰে বিচাৰকৰ গধুৰ দায়িত্ব বহন কৰিবলৈ ইচ্ছুক হয় আৰু দুর্নীতিত লিপ্ত নহয়।
(v) প্ৰশাসন ব্যৱস্থাঃ-সংবিধান অনুযায়ী উচ্চতম ন্যায়ালয়ৰ স্বকীয় প্ৰশাসনীয় ব্যৱস্থা আছে। এই ব্যৱস্থা কাৰে ওপৰত নিৰ্ভৰশীল নহয়। ন্যায়াধীশসকলে এই প্ৰশাসনীয় ব্যৱস্থাৰ জৰীয়তে স্বাধীনভাৱে কাৰ্য সম্পাদন কৰিব পাৰে।
(vi) সমালোচনাৰ পৰা মুক্ত : ন্যায়াধীশসকলৰ কাৰ্যৰ বাবে কোনেও সমালোচনা কৰিব নোৱাৰিব; আনকি সংসদতো আলোচনা কৰাত বাধা প্রদান কৰা হৈছে। সংসদত ন্যায়াধীশৰ অপসাৰণৰ প্ৰস্তাৱ উত্থাপন হ'লেহে আলোচনা কৰিব পাৰি।
ন্যায়পালিকাৰ স্বতন্ত্রতা ৰক্ষা কৰাৰ উদ্দেশ্যে সংবিধান প্রণেতাসকলে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ পৰা পৃথক কৰি স্বাধীন ন্যায়িক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। অৱশ্যে, ন্যায়পালিকাৰ স্বাধীনতাই ইয়াৰ স্বেচ্ছাচাৰিতাক নুবুজায়। ন্যায়পালিকাই সকলো কার্য সংবিধান অনুসৰি সমাপণ কৰিব লাগে।


6. ভাৰতৰ উচ্চ ন্যায়ালয়ৰ গঠন, ক্ষমতা আৰু কার্যাৱলী ব্যাখ্যা কৰা।   HS-2017 6
উত্তৰঃ-ভাৰতবৰ্ষৰ সংবিধানৰ ২১৪-নং অনুচ্ছেদ অনুসৰি প্রত্যেক ৰাজ্যৰ বাবে একোখনকৈ উচ্চ ন্যায়ালয় গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে। উচ্চ ন্যায়ালয় ৰাজ্যিক বিচাৰ বিভাগৰ শীৰ্ষত অৱস্থিত। বর্তমান ভাৰতত ২৪ খন উচ্চ ন্যায়ালয় আছে। ২০১৩ চনত ভাৰত চৰকাৰে মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ বাবে তিনিখন নতুন উচ্চ ন্যায়ালয় গঠন কৰে।
        সংবিধানৰ ১২৬-নং অনুচ্ছেদ অনুসৰি এজন মুখ্য ন্যায়াধীশ আৰু কেইজনমান অন্যান্য ন্যায়াধীশক লৈ উচ্চ ন্যায়ালয় গঠিত হয়। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমান হ'ব সেই বিষয়ে সংবিধানে নির্দিষ্ট কৰি দিয়া নাই। ৰাষ্ট্রপতিয়ে প্রয়োজন অনুসৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা নির্ধাৰণ কৰি দিয়ে। উচ্চ ন্যায়ালয়ৰ কামৰ বোজা পাতলাবৰ বাবে দুই বছৰৰ বাবে তদর্থ ন্যায়াধীশ (Adhoc judge) নিয়োগ কৰা ব্যৱস্থা সংবিধানত আছে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে ৬২ বছৰ পূর্ণ হলে অৱসৰ গ্ৰহণ কৰিব লাগে।
উচ্চ ন্যায়ালয়ৰ ক্ষমতাবোৰঃ-
(i) মৌলিক ক্ষেত্ৰাধিকাৰ : মুম্বাই, কলকাতা আৰু চেন্নাই এই তিনিখন ‘প্রেছিডেন্সি টাউন’ (Presidency Town) ৰ উচ্চ ন্যায়ালয়সমূহে দেৱানী আৰু ফৌজদাৰী উভয় মোকর্দমাৰ ক্ষেত্ৰত মৌলিক অধিকাৰ ক্ষেত্ৰ ভোগ কৰে। প্ৰকৃততে এই ক্ষমতা নতুন সংবিধান প্ৰৱর্তিত হোৱাৰ আগৰ পৰা এই তিনিখন উচ্চ ন্যায়ালয়ে ভোগ কৰি আছিল, মাত্র নতুন ভাৰতীয় সংবিধান অন্তর্ভুক্ত কৰা হৈছে।
(ii) মৌলিক অধিকাৰ সন্দৰ্ভত ক্ষেত্ৰাধিকাৰ : সংবিধানৰ ২২৬-নং অনুচ্ছেদ অনুসৰি উচ্চ ন্যায়ালয়ে নাগৰিকসকলৰ মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে লেখ জাৰি কৰিব পাৰে। ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে উচ্চ ন্যায়ালয়ে জাৰি কৰা লেখবোৰ হ’ল বন্দী প্রত্যক্ষীকৰণ, পৰমাধিদেশ, উৎপ্রেষণ আদি। অৱশ্যে দেশত জাতীয় জৰুৰী অৱস্থা ঘোষিত হলে এই ক্ষমতা সংকুচিত হয়।
(iii) আপীল বিচাৰৰ ক্ষেত্ৰাধিকাৰ : উচ্চ ন্যায়ালয় হ’ল ৰাজ্যিক ন্যায়পালিকাৰ সর্বোচ্চ আপীল ন্যায়ালয়। ইয়াৰ দেৱানী আৰু ফৌজদাৰী উভয় মোকর্দমাৰ আপীল বিচাৰ কৰা ক্ষমতা আছে।
(ক) দেৱানী গোচৰৰ আপীল : দেৱানী গোচৰৰ ক্ষেত্ৰত জিলাবোৰত থকা সত্ৰ ন্যায়াধীশ (Session Judge) সহকাৰী সত্ৰ ন্যায়াধীশ আৰু অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদি আদালতবোৰৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰি। (খ) ফৌজদাৰী গোচৰৰ আপীল : ফৌজদাৰী গোচৰৰ ক্ষেত্ৰত ন্যয়াধীশ নাইবা অতিৰিক্ত ন্যায়াধীশ আদালতে চাৰি বছৰ বা ততোধিক কাৰাবাসৰ আদেশ দিলে, তেনে ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰি।
(iv) অভিলেখ আদালত : কোনো ব্যক্তি নাইবা অনুষ্ঠানে উচ্চ ন্যায়ালয়ক অৱমাননা কৰিলে শাস্তি বিধান কৰিব পাৰে। ইয়াৰ সিদ্ধান্তসমূহ অভিলেখ হিচাপে গণ্য কৰি নিজ এলেকাধীন আদালতবোৰত প্রযোজ্য কৰা হয় আৰু কোনো আদালতে ইয়াৰ বৈধতাৰ প্রশ্ন উত্থাপন কৰিব নোৱাৰে।
(v) ন্যায়িক সমীক্ষা : উচ্চতম ন্যায়ালয়ৰ নিচিনাকৈ উচ্চ ন্যায়ালয়ো নায়িক সমীক্ষাৰ ক্ষমতা ভোগ কৰে। ৰাজ্যিক বিধানমণ্ডলে প্রণয়ন কৰা আইন নাইবা ৰাজ্যপালে ঘোষণা কৰা অধ্যাদেশ যদি সংবিধানৰ বিৰুদ্ধে যায় নাইবা সংবিধানৰ কোনো উপবন্ধক ভংগ কৰে, তেন্তে উচ্চ ন্যায়ালয়ে অসাংবিধানিক বুলি ঘোষণা কৰি নাকচ কৰিব পাৰে। তাকে ন্যায়িক সমীক্ষা বুলি কোৱা হয়।
(vi) প্রমাণ পত্ৰ দিয়া অধিকাৰ : উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিবলৈ হ'লে, উচ্চ ন্যায়ালয়ৰ পৰা মোকর্দমাটো আপীলৰ যোগ্য বুলি উচ্চ ন্যায়ালয়ৰ পৰা প্রমাণ পত্র সংগ্রহ কৰিব লাগে।

7. ভাৰতীয় সংবিধানৰ একত্ৰিত ন্যায়পালিকা ব্যৱস্থাৰ ব্যাখ্যা কৰা।       HS-2019 4
উত্তৰঃ- ভাৰতীয় সংবিধানৰ একত্ৰিত ন্যায়পালিকা ব্যৱস্থাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) এককেন্দ্রিকতা : ভাৰতৰ শাসন যুক্তৰাষ্ট্ৰীয় আৰ্হিত গঠিত হ'লেও ইয়াৰ বিচাৰ ব্যৱস্থা এককেন্দ্রিক। অন্যন্য যুক্তৰাষ্ট্ৰীয় দেশৰ দৰে ভাৰত যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যসমূহ আৰু কেন্দ্ৰৰ কাৰণে সুকীয়া ন্যায়পালিকাৰ ব্যৱস্থা নই।
(খ)সমৰূপতা : ভাৰতৰ আইন ব্যৱস্থাত সমৰূপতাও দেখিবলৈ পোৱা যায়। এজন অপৰাধীৰ বিচাৰ সমগ্ৰ দেশত একে ধৰণৰ ন্যায় আৰু ন্যায়ালয়ৰ অধীনত কৰা হয়।
(গ)সার্বজনীনতা : ভাৰতত মাত্র এখন যুক্তৰাষ্ট্ৰীয় ন্যায়ালয় আছে— উচ্চতম ন্যায়ালয় আৰু ৰাজ্যবোৰত একোখ উচ্চ ন্যায়ালয় আছে। উভয় চৰকাৰৰ সংগঠন কেন্দ্রীয় চৰকাৰৰ নিয়ন্ত্রণাধীন। উভয় ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।
(ঘ) সর্বব্যাপকতা : ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ দেশৰ চাৰিসীমাৰ ভিতৰত বিস্তৃত আছে। দেশৰ সকলো ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিয়ন্ত্রণাধীন।

8. ন্যায়পালিকাৰ সক্রিয়তাই কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাটৰ সৃষ্টি কৰা বুলি ভাবানে?    HS-2015 4
উত্তৰঃ-গণতান্ত্রিক ৰাষ্ট্ৰত ন্যায়পালিকাৰ সক্রিয়তা বিশেষ তাৎপর্যপূর্ণ। দেশৰ শাসন আৰু আইন প্রণয়ন কার্য যাতে সংবিধানে নির্দিষ্ট কৰা সীমাৰেখাৰ ভিতৰত সম্পাদিত হয় তাৰ প্রতি ন্যায়ালয়ে সতর্ক দৃষ্টি ৰাখিব লাগে। ন্যায়ালয়ৰ এই ক্ষমতাকে ন্যায়পালিকাৰ সক্রিয়তা (Judicial Activism) বুলি কোৱা হয়। ন্যায়পালিকাৰ সক্রিয়তাই ন্যায়পালিকাক অধিক গণতান্ত্ৰিক ভাৱে গঢ়ি তুলিবলৈ সক্ষম হৈছে। ইয়াৰ ফলত ন্যায়ালয়ৰ কামৰ বোজা বহু পৰিমাণে বৃদ্ধি হৈছে। ফলত ন্যায় প্ৰদানত পলক হৈছে। ইয়ে কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ আনি অধিক দায়িত্বশীল আৰু জবাবদিহি হ’বলৈ বাধ্য কৰিছে। কিন্তু এনে কৰিবলৈ যাওঁতে ন্যায়পালিকা, কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত থকা সীমাৰেখাদান অস্পষ্ট হৈ উঠিছে। ইয়াৰ দ্বাৰা ন্যায়পালিকাই কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ কিছুমান কামত হস্তক্ষেপ কৰা দেখা গৈছে। উদাহৰণস্বৰূপে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ বা দুৰ্নীতি নিবাৰণ যদিও কাৰ্যপালিকাৰ কাম, সেই দায়িত্ব এতিয়া ন্যায়পালিকালৈ হস্তান্তৰিত হৈছে। এনে ব্যৱস্থাই চৰকাৰৰ তিনিটা অংগৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। প্ৰকৃততে চৰকাৰৰ প্ৰতিটো অংগই পৰস্পৰৰ ক্ষমতা আৰু অধিকাৰ ক্ষেত্ৰক সন্মান জনাব লাগিব, অন্যথাই গণতান্ত্ৰিক গাঁথনি বিনষ্ট হোৱাৰ সম্ভাৱনা থাকে।


Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.

Previous
Next Post »