-->

ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

 Questions Answers of AHSEC Solution for Class 11 Political Science ধৰ্মনিৰপেক্ষতাবাদ । Secularism. All the important questions answers are discussed in this article.

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

ধৰ্মনিৰপেক্ষতাবাদ
Secularism

Class XI Political Science

Class 11 PolScience ধৰ্মনিৰপেক্ষতাবাদ । Secularism ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 11 Political Science : ধৰ্মনিৰপেক্ষতাবাদ । Secularism has been discussed in systematic way. There are approximately important 33 questions answers in this article.

1. ধৰ্মনিৰপেক্ষতাবাদ মানে কি?     HS-2017
উত্তৰঃ- ধৰ্মনিৰপেক্ষতা মানে হ’ল ৰাষ্ট আৰু ধৰ্মৰ কৰ্মক্ষেত্ৰ পৃথক বুলি স্বীকাৰ কৰি লোৱা আৰু ৰাষ্ট্ৰই সকলো ধৰ্ম প্ৰতি সমভাৱ পোষণ কৰা।

2. ধৰ্মনিৰপেক্ষতাবাদৰ দুটা বৈশিষ্ট্য লিখা।
(ক) ৰাষ্ট্রৰ নিজা কোনা ধর্ম নাথাকিব;
(খ) ৰাষ্ট্ৰই কোনা এটা বিশেষ ধৰ্মৰ প্রতি পৃষ্ঠপোষকতা নকৰিব।

3. ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাবাদ সবল কৰাৰ বাবে দুটা উপায় উল্লেখ কৰা।     HS-2016
উত্তৰঃ- ক) ধৰ্ম আৰু ৰাজনীতিক পৃথকীকৰণৰ জৰিয়তে ধৰ্মনিৰপেক্ষতাবাদক সবল কৰিব পাৰি।  
(খ) গণতান্ত্ৰিক চিন্তাধাৰা, ধৰ্মনিৰপেক্ষতাৰ প্ৰতি সন্মানৰ ভাব, আধ্যাত্মিক আৰু নৈতিক ভাবৰ উন্মেষ আৰু উত্ককৰ্ষৰ উত্সল হিচাপে শিক্ষাত অধিক ফলপ্ৰসু হ’ব।
 
4. ভাৰতৰ ধর্মনিৰপেক্ষতাৰ দুটা বাধা উল্লেখ কৰা।
(অথবা)  ভাৰতীয় ধর্মনিৰপেক্ষতাৰ অন্তৰায়সমূহ আলোচনা কৰা।

উত্তৰঃ- ভাৰতৰ ধর্মনিৰপেক্ষতাৰ দুটা বাধা তলত দিযা হ’ল-
(ক) শিক্ষাৰ অভাৱঃ-ভাৰতবৰ্ষত এতিয়াও শিক্ষাৰ অভাৱৰ কাৰণে কু-শিক্ষা, অন্ধবিশ্বাস আদিৰ প্ৰভাৱ আৰু বিজ্ঞানসন্মত চিন্তাৰ অভাৱ। সেইটো ভাৰতীয় ধর্মনিৰপেক্ষতাৰ এটা ডাঙৰ দুৰ্বলতা।
(খ) সহিষ্ণুতাৰ অভাৱঃ-বহুধৰ্মীয় ভাৰতত বিভিন্ন ধৰ্মবোৰৰ মাজত আৰু একেটা ধৰ্মৰে বিভিন্ন পন্থাবোৰৰ মাজত থকা অসহিষ্ণুতাৰ ভাবে কেতিয়াবা কেতিয়াবা উগ্ৰৰূপ ধাৰণ কৰা দেখা যায়।

5. সাম্প্ৰদায়িকতাবাদ মানে কি?
উত্তৰঃ- সমগ্ৰ জাতি বা ৰাষ্ট্ৰতকৈও নিজৰ ধৰ্ম বা ধৰ্মীয় গোটৰ স্বাৰ্থক গুৰুত্বপূৰ্ণ বুলি চিন্তা কৰা মনোবৃত্তিক সাম্প্ৰদায়িকতাবাদ বোলা।

6. দুখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ নাম লিখা?
উত্তৰঃ- ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ

7. বৰ্তমান ৰাষ্ট্ৰ ধৰ্ম থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ- পাকিস্তান আৰু ইংলেণ্ড

8. ভাৰতীয় সংবিধানৰ কোন অংশত ধর্মনিৰপেক্ষ কথাষাৰ উল্লেখ আছে?
উত্তৰঃ- ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধর্মনিৰপেক্ষ কথাষাৰ উল্লেখ আছে।

9. ধর্মনিৰপেক্ষ ৰাষ্ট্ৰৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- ৰাষ্ট্রৰ নিজা কোনা ধর্ম নাথাকিব

10. “ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এখনি বৃহৎ প্রাচীৰ আছে।” এই উক্তিটো কাৰ?
উত্তৰঃ- থমাচ জেফাৰচন (Thomas Jefferson)

11. পাকিস্তানৰ চৰকাৰী ধৰ্মৰ নাম কি?
উত্তৰঃ- চুন্নী ইছলাম

12. কোনো নির্দিষ্ট ধর্ম অনুসৰি শাসনব্যৱস্থা পৰিচালিত হোৱা ৰাষ্ট্ৰক কি বুলি জনা যায়?
উত্তৰঃ- ধৰ্মতান্ত্ৰিক ৰাষ্ট্ৰ

13. ভাৰত এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র নে? (হয় বা নহয় লিখা)
উত্তৰঃ- হয়

14. ধর্মনিৰপেক্ষ ৰাষ্ট্ৰত কোনো ৰাজধর্ম নাই। (হয় বা নহয় লিখা)
উত্তৰঃ- হয়

15. “ভাৰতীয় ধর্মনিৰপেক্ষতাবাদ পশ্চিমৰ পৰা আমদানিকৃত।” —শুদ্ধ নে অশুদ্ধ?
উত্তৰঃ- নহয়

16. ধর্ম নিৰপেক্ষতা ধর্ম বিৰোধী নে? (হয় নে নহয় লিখা)
উত্তৰঃ- নহয়

17. ভাৰত এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র। (হয় নে নহয় লিখা)
উত্তৰঃ- হয়

18. ধর্মনিৰপেক্ষতাই সমতাক সমর্থন নকৰে। (শুদ্ধ নে অশুদ্ধ)
উত্তৰঃ- অশুদ্ধ

19. এখন পশ্চিমীয়া ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ-আমেৰিকা যুক্তৰাষ্ট্ৰ

20. ভাৰতীয় সংবিধানৰ এটা ধৰ্মনিৰপেক্ষ ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ-ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ৰ ২৫-২৮ নং অনুচ্ছেদত মৌলিক অধিকাৰৰ অধীনত ধৰ্মীয় স্বতন্ত্ৰতা উল্লেখ কৰা আছে।

21. ধৰ্মনিৰপেক্ষ শব্দটো প্ৰথমে ক’ত ব্যৱহাৰ হৈছিল?
উত্তৰঃ-পাশ্চাত্যত

22. মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তণ ৰাষ্ট্ৰপতি থমাচ জেফাৰচনৰ ধৰ্মনিৰপেক্ষতাবাদৰ উক্তিটো কি আছিল?
উত্তৰঃ- ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এখনি বৃহত্‍ প্ৰাচীৰ আছে।

23. গান্ধীজীৰ ধৰ্মৰ সম্পৰ্কে নতুন তত্ত্বটো কি আছিল?
উত্তৰঃ-সৰ্বধৰ্ম সমভাৱ— অৰ্থাত্‍ সকলো ধৰ্মৰে প্ৰতি সম মৰ্যাদা পোষণ কৰা।

24. শুদ্ধ উত্তৰ বাছি উলিওৱা
(i) ধর্মনিৰপেক্ষ ৰাষ্ট্র মানে-

(ক) ৰাষ্ট্রৰ এটা ধর্ম আছে        (খ) ধৰ্মৰ ক্ষেত্ৰত ৰাষ্ট্ৰ নিৰপেক্ষ
(গ) ৰাষ্ট্ৰই ধৰ্মৰ বিৰোধিতা কৰে    (ঘ) ৰাষ্ট্র বিধর্মী

উত্তৰঃ- ধৰ্মৰ ক্ষেত্ৰত ৰাষ্ট্ৰ নিৰপেক্ষ

(ii) ভাৰত এখন-
(ক) ধর্মনিৰপেক্ষ ৰাষ্ট্র         (খ) হিন্দু ৰাষ্ট্র
(গ) মুছলিম ৰাষ্ট্র         (ঘ) শিখ ৰাষ্ট্র

উত্তৰঃ- ধর্মনিৰপেক্ষ ৰাষ্ট্র

(iii) সংবিধানৰ কোনটো সংশোধনীয়ে প্ৰস্তাৱনাত ধর্মনিৰপেক্ষ শব্দটোক সংযোগ কৰিছে?
(ক) ৪৪তম সংশোধনীয়ে     (খ) ৪২তম সংশোধনীয়ে
(গ) ৪৬তম সংশোধনীয়ে     (ঘ) ৫০তম সংশোধনীয়ে

উত্তৰঃ- ৪২তম সংশোধনীয়ে

দীঘল প্ৰশ্নোত্তৰঃ-
1. ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতাবাদৰ বিষয়ে আলোচনা কৰা। 2017 6
    ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতাৰ ওপৰত এটা টোকা লিখা।   2019 4

উত্তৰঃ- ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ হ’ল এইয়ে যে ধৰ্মীয় সংবেদনশীলতাই আমাৰ ব্যক্তিগত জীৱনৰ লগতে সামাজিক জীৱনকো প্ৰভাৱিত কৰি আহিছে। গৰিষ্ঠসংখ্যক ভাৰতীয় লোকৰ ব্যক্তিগত জীৱন আৰু কিছু পৰিমাণে সামাজিক জীৱনো ধৰ্মীয় ৰীতি-নীতি আৰু সংস্কাৰৰ দ্বাৰা পৰিচালিত হয়। ভাৰতীয় সাহিত্য-সংস্কৃতিতো ধৰ্মীয় চেতনা অত্যন্ত প্ৰৱল। উল্লেখযোগ্য যে অসমৰ লোকগীত, হৰিনাম, টোকাৰী গীত, জিকিৰ আৰু জাৰি ইত্যাদিত ভগৱান, আল্লা আদি ঐশ্বৰিক শক্তিৰ উপস্থিতি অত্যন্ত শক্তিশালী। ভাৰতীয় দুয়োখন মহাকাব্য ক্ৰমে "ৰামায়ণ" আৰু "মহাভাৰত"-ৰো মূল প্ৰতিপাদ্য বিষয় হ’ল ধৰ্ম।
    ব্যক্তি জীৱন আৰু সমাজ জীৱনত ধৰ্মই এনে ধৰণে প্ৰভাৱ বিস্তাৰ কৰা সমাজ এখনত ৰাজনীতি বা ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এখন প্ৰাচীৰ নিৰ্মাণ কৰি তোলাটো সহজ কথা নহয়। অন্যহাতে ধৰ্মক ৰাজনীতিৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাটোও ভয়াবহ কথা। এই পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে ভাৰতীয় ৰাজনীতিত যিসকল লোক অত্যন্ত কষ্ট কৰিছিল তেওঁলোকৰ ভিতৰত অন্যতম হ’ল মহাত্মা গান্ধী।
    বিংশ শতিকাৰ দ্বিতীয় দশকৰ শেষৰ ফালে মহাত্মা গান্ধীয়ে ভাৰতীয় ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। গান্ধীয়ে এটা কথা বুজিছিল যে ভাৰতীয় সমাজ-সংস্কৃতিত ধৰ্মৰ প্ৰভাৱ অত্যন্ত শক্তিশালী। সেয়েহে ৰাজনীতিৰ পৰা ধৰ্মক পোনচাটেই দলিয়াই পেলাব নোৱাৰি। অন্যহাতে ভাৰতবৰ্ষ বহু ধৰ্মবিশিষ্ট দেশ। গতিকে ধৰ্মক ৰাজনীতিৰ হাতিয়াৰ হিচাবে ব্যৱহাৰ কৰাৰো পৰিণতি ভয়াৱহ হ’ব পাৰে। সেয়েহে গান্ধীয়ে ধৰ্ম সম্পৰ্কে ৰাজনৈতিক দৃষ্টিভংগীৰ এটা নতুন তত্ত্ব নিৰ্মাণ কৰিলে—"সৰ্বধৰ্ম সমভাব"— অৰ্থাত্‍ সকলো ধৰ্মৰে প্ৰতি সম মৰ্যাদা পোষণ কৰা। ধৰ্মৰ পৰা ৰাজনীতিক সম্পূৰ্ণৰূপে পৃথক কৰাৰ পৰিৱৰ্তে সকলো ধৰ্মৰ প্ৰতি সমভাব পোষণৰ বাবে গান্ধীয়ে জনোৱা আহ্বান অৱশ্যে সকলোৰে বাবে গ্ৰহণযোগ্য নাছিল।
    নেহৰুৰ মতে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ অৰ্থ ধৰ্ম বা ধৰ্মীয় চিন্তা-চেতনাক নিৰুত্সাতহিত কৰা নহয়।

2. ধৰ্মনিৰপেক্ষতাৰ পশ্চিমীয়া ধাৰণা সম্পৰ্কে আলোচনা কৰা।  or
      ধৰ্মনিৰপেক্ষতাৰ পশ্চিমীয়া ধাৰণাটো পৰীক্ষা কৰা।                 2018 6

উত্তৰঃ-ধৰ্মনিৰপেক্ষতাবাদৰ পশ্চিমীয়া আৰ্হিটোৰ মূল আধাৰ হ’ল মাৰ্কিন যুক্তৰাষ্ট্ৰ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি থমাচ জেফাৰচনৰ (Thomas Jefferson) বিখ্যাত উক্তি—"ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এখনি বৃহত্‍ প্ৰাচীৰ আছে"। ইয়াকেই পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাবাদৰ মূল ভেঁটি বুলি ক’ব পাৰি। মাৰ্কিন যুক্তৰাজ্যৰ সংবিধানৰ প্ৰথমটো সংশোধনী এই ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ। সংবিধানৰ এই সংশোধনীৰ জৰিয়তে দুটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে:
(ক) যুক্তৰাষ্ট্ৰৰ সংসদ অৰ্থাত্‍ কংগ্ৰেছে কোনো জাতীয় ধৰ্ম প্ৰতিষ্ঠা কৰিব নোৱাৰিব,
(খ) চৰকাৰে কোনো এটা ধৰ্মক অন্য ধৰ্মতকৈ অধিক গুৰুত্ব প্ৰদান কৰিব নোৱাৰিব।
    যুক্তৰাষ্ট্ৰৰ ধৰ্মনিৰপেক্ষতাবাদৰ আৰ্হিয়ে এই কথাও কৈছে যে ৰাষ্ট্ৰই যিদৰে ধৰ্মীয় কাম-কাজত কোনো ধৰণে হস্তক্ষেপ কৰিব নোৱাৰিব ঠিক সেইদৰে ধৰ্মইও ৰাষ্ট্ৰৰ কাম-কাজত হস্তক্ষেপ কৰিব নোৱাৰিব। ৰাষ্ট্ৰ আৰু ধৰ্ম—দুয়োটাৰে কৰ্মক্ষেত্ৰ পৃথক হ’ব। এটাই আনটোক নিয়ন্ত্ৰণ আৰু প্ৰভাৱিত কৰাৰ পৰা বিৰত থাকিব।
    ইয়াৰ উপৰিও ধৰ্মৰ ক্ষেত্ৰত ৰাষ্ট্ৰই অন্য কেইটামান নীতি মানি চলেঃ
(ক) ৰাষ্ট্ৰই ধৰ্মীয় প্ৰতিষ্ঠানৰ প্ৰতি কোনো সাহায্য প্ৰদান নকৰে,
(খ) কোনো বিশেষ ধৰ্মই পৃষ্টপোষকতা কৰা শিক্ষানুষ্ঠানৰ প্ৰতি বিত্তীয় সাহায্য আগবঢ়োৱাৰ পৰা ৰাষ্ট্ৰ বিৰত থাকে,
(গ) ধৰ্মই ইয়াৰ অনুগামীসকলৰ ওপৰত কৰা বাধা-নিষেধৰ ক্ষেত্ৰত ৰাষ্ট্ৰই হস্তক্ষেপ নকৰে।
    ওপৰত উল্লেখ কৰা তৃতীয়টো কথালৈ মন কৰা। এই কথাটোৰ অৰ্থ হ’ল ধৰ্মীয় ৰীতি-নীতিয়ে যদি কোনো ধৰ্মৰ অনুগামীসকলৰ ব্যক্তিগত অধিকাৰ খৰ্ব কৰিছে তেতিয়াও ৰাষ্ট্ৰই হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব। উদাহৰণস্বৰূপে কোনো ধৰ্মীয় প্ৰতিষ্ঠানে যদি মহিলাক পুৰোহিত হোৱাৰ পৰা বঞ্চিত কৰে অথবা ধৰ্মক সমালোচনা কৰাৰ বাবে কাৰোবাৰ ধৰ্মীয় সদস্য পদ নাকচ কৰে এই ক্ষেত্ৰত ৰাষ্ট্ৰৰ কৰিবলগীয়া একো নাই।
    ধৰ্মনিৰপেক্ষতাবাদৰ এনে আৰ্হিয়ে ৰাষ্ট্ৰৰ উদ্যোগত ধৰ্মীয় ব্যৱস্থাৰ সংস্কাৰ সাধনৰ ধাৰণাটোক বিৰোধিতা কৰে।

3. ধৰ্মনিৰপেক্ষতাবাদ মানে কি? ধৰ্মনিৰপেক্ষতাবাদৰ চাৰিটা বৈশিষ্ট্য ব্যাখ্যা কৰা।              2017 6
উত্তৰঃ- ধৰ্মনিৰপেক্ষতা মানে হ’ল ৰাষ্ট আৰু ধৰ্মৰ কৰ্মক্ষেত্ৰ পৃথক বুলি স্বীকাৰ কৰি লোৱা আৰু ৰাষ্ট্ৰই সকলো ধৰ্ম প্ৰতি সমভাৱ পোষণ কৰা।
    ধৰ্মনিৰপেক্ষতাবাদৰ বৈশিষ্ট্যসমূহ-
(ক) ৰাষ্ট্রৰ নিজা কোনা ধর্ম নাথাকিব;
(খ) ৰাষ্ট্ৰই কোনা এটা বিশেষ ধৰ্মৰ প্রতি পৃষ্ঠপোষকতা নকৰিব;
(গ) কোনো ধর্মীয় আচৰণ অথবা নীতি-নিয়মৰ দ্বাৰা চৰকাৰৰ নীতি পৰিচালিত নহ’ব;
(ঘ) সকলো নাগৰিকৰে ধৰ্মৰ অধিকাৰ থাকিব- অর্থাৎ নাগৰিক হিচাপে প্রত্যেকৰে নিজাকৈ ধর্মগ্রহণ, প্রচাৰ আৰু প্ৰসাৰণৰ স্বাধীনতা থাকিব;
(ঙ) ধর্মৰ ভিত্তিত ৰাষ্ট্ৰই কাৰো প্রতি বৈষম্য আচৰণ নকৰিব।


4. ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাবাদ সবল কৰাৰ বাবে দুটা উপায় উল্লেখ কৰা। 2016 2

উত্তৰঃ- ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাবাদ সবল কৰাৰ বাবে উপায়সমূহ হ’ল—
(ক) ধৰ্মীয় সহিষ্ণুতাৰ ভাৰৰ পুনৰজাগৰণঃ-
    বহু ধৰ্মাৱলম্বী লোকৰ বাসস্থান ভাৰতত ধৰ্মৰ প্ৰতি সহনশীলতাৰ উপস্থিতি পুৰণিকলীয়া। সেই অনুভূতিটো অধিক শক্তশালী ৰূপত গঢ়ি তুলিব পাৰিলে বৰ্তমান পৰিস্থিতিত ধৰ্মনিৰপেক্ষতা যথেষ্ঠ পৰিমাণে দৃঢ় হ’ব। 
(খ) গণতান্ত্ৰিক মনোবৃত্তি গঠনঃ-
    গণতান্ত্ৰিক চিন্তাধাৰা, ধৰ্মনিৰপেক্ষতাৰ প্ৰতি সন্মানৰ ভাব, আধ্যাত্মিক আৰু নৈতিক ভাবৰ উন্মেষ আৰু উত্কযৰ্ষৰ উত্সৰ হিচাপে শিক্ষাত অধিক ফলপ্ৰসু হ’ব। 

 
5. ভাৰতৰ ধর্মনিৰপেক্ষতাৰ দুটা বাধা উল্লেখ কৰা।
     ভাৰতীয় ধর্মনিৰপেক্ষতাৰ অন্তৰায়সমূহ আলোচনা কৰা।

উত্তৰঃ- ভাৰতৰ ধর্মনিৰপেক্ষতাৰ দুটা বাধা তলত দিযা হ’ল-
(ক) শিক্ষাৰ অভাৱঃ-
ভাৰতবৰ্ষত এতিয়াও শিক্ষাৰ অভাৱৰ কাৰণে কু-শিক্ষা, অন্ধবিশ্বাস আদিৰ প্ৰভাৱ আৰু বিজ্ঞানসন্মত চিন্তাৰ অভাৱ। সেইটো ভাৰতীয় ধর্মনিৰপেক্ষতাৰ এটা ডাঙৰ দুৰ্বলতা।
(খ) সহিষ্ণুতাৰ অভাৱঃ-
বহুধৰ্মীয় ভাৰতত বিভিন্ন ধৰ্মবোৰৰ মাজত আৰু একেটা ধৰ্মৰে বিভিন্ন পন্থাবোৰৰ মাজত থকা অসহিষ্ণুতাৰ ভাবে কেতিয়াবা কেতিয়াবা উগ্ৰৰূপ ধাৰণ কৰা দেখা যায়।
(গ) সাম্প্ৰদায়িকতাবাদঃ-
    সমগ্ৰ জাতি বা ৰাষ্ট্ৰতকৈও নিজৰ ধৰ্ম বা ধৰ্মীয় গোটৰ স্বাৰ্থক গুৰুত্বপূৰ্ণ বুলি চিন্তা কৰা মনোবৃত্তিক সাম্প্ৰদায়িকতাবাদ বোলা। ধৰ্মনিৰপেক্ষতাৰ লগত ইয়াৰ সম্পৰ্ক অহি-নকুলৰ লেখীয়া বুলি ক’ব পাৰি। ভাৰতৰ ক্ষেত্ৰত ই অপূৰণীয় ক্ষতিসাধন কৰিছে।
(ঘ) জাতিভেদ প্ৰথাঃ-
    হিন্দু ধৰ্মৰ শৰীৰত জাতিভেদ প্ৰথা এবিধ দুৰাৰোগ্য ঘাৰ নিচিনা। ইয়াক সাম্প্ৰদায়িকতাৰ নামান্তৰ বুলিও ক’ব পাৰি। এনে ব্যৱস্থা ধৰ্মনিৰপেক্ষতা আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ বাবে প্ৰতিবন্ধকস্বৰূপ।
(ঙ) ৰাজনৈতিক নেতা আৰু দলৰদ্বাৰা ধৰ্মৰ অপব্যৱহাৰঃ-
    ভাৰতবৰ্ষত সুবিধাবাদী ৰাজনৈতিক দল বা নেতাসকলে সময়ে সময়ে বিশেষকৈ নিৰ্বাচনৰ বতৰত ধৰ্মসম্প্ৰদায়, জাত-পাত আদিৰ ব্যৱহাৰ কৰি মুনাফা আদায়ৰ প্ৰচেষ্টা চলোৱা প্ৰায়েই দেখা যায়। এনে কাৰ্যই ধৰ্মনিৰপেক্ষতাৰ বাটত হেঙাৰৰ সৃষ্টি হয়।
(চ) সামাদিক বৈষম্যঃ-
    কোনো সমাজতে আৰ্থিক, বিদ্যায়তনিক, বৌদ্ধিক আদি দিশত সম্পূৰ্ণ সমতা দেখা নাযায়। আমাৰ সমাজতো ভালেমান অসমতা আছে। সকলো অসমতা আৰু বিশেষকৈ ধৰ্মীয় অসমতাবোৰ ধৰ্মনিৰপেক্ষতাৰ বিশেষ প্ৰতিবদ্ধক।

7. সাম্প্ৰদায়িকতাবাদ মানে কি?
উত্তৰঃ- সমগ্ৰ জাতি বা ৰাষ্ট্ৰতকৈও নিজৰ ধৰ্ম বা ধৰ্মীয় গোটৰ স্বাৰ্থক গুৰুত্বপূৰ্ণ বুলি চিন্তা কৰা মনোবৃত্তিক সাম্প্ৰদায়িকতাবাদ বোলা।


Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.

Previous
Next Post »