-->

বিকাশ । উন্নয়ন । Development in Assamese

Questions Answers of AHSEC Solution for Class 11 Political Science বিকাশ। Development. All the important questions answers are discussed in this article.

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

বিকাশ । উন্নয়ন । Development

Class 11 PolScience বিকাশ,উন্নয়ন । Development ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 11 Political Science : বিকাশ। Development has been discussed in systematic way. There are approximately important 8 questions answers in this article.


1. বিকাশ কাক বোলে?       HS-2012
উত্তৰঃ-বহল আৰু বিমুৰ্ত অৰ্থত বিকাশ মানে উন্নতি, প্ৰগতি, কল্যাণ আৰু সুজীৱন যাপনৰ অনুপ্ৰেৰণা বুজায়। কম আৰু গ্ৰেইগাৰৰ মতে, “বিকাশ মানে পৰিৱৰ্তনৰ যোগ বৃদ্ধি”।

2. বিকাশৰ তিনিটা বৈশিষ্ট্য লিখা।   HS-2013, 2015, 2017
উত্তৰঃ-বিকাশৰ বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ’ল—
(ক) বিকাশ বা উন্নয়নে অগ্ৰগতি বুজায়ঃ- বিকাশৰ অৰ্থ হ’ল অগ্ৰগতি বা প্ৰগতি। স্থবিৰতা বা পচ্ছাত্গবমন বিকাশৰ পৰিপন্থি বা বিপৰীত কথা। অগ্ৰগতিয়ে পৰৱৰ্তন বুজায়।
(খ) প্ৰযুক্তি বিদ্যাৰ সৈতে ওতঃপ্ৰোত সম্পৰ্কঃ-আধুনিক যুগৰ জনবহুলতাই সকলো দেশতে সকলো প্ৰকাৰৰ পণ্যৰ অভূতপূৰ্ব পৰিমাণ বৃদ্ধি, অতিদ্ৰুত যোগাযোগ আৰু যাতায়ত ব্যৱস্থা, ৰপ্তানিৰ পৰিমাণ বৃদ্ধি আদিৰ প্ৰয়োজনীয়তা সৃষ্টি কৰিছে।
(গ) আধুনিকীকৰণ বা পাশ্চাত্যকৰণঃ-পশ্চিমীয়া দেশবোৰৰ পৰা আমদানিকৃত ৰেলগাড়ী, উৰাজাহাজ, দূৰদৰ্শন আদি প্ৰযুক্তিবিদ্যাৰ উন্নতি তথা বৈজ্ঞানিক গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ বাবেহে সম্ভৱপৰ হৈছে। এনেবোৰ বস্তুৰ ব্যৱহাৰ অবিহনে কোনোৱে আধুনিক জীৱন যাপন কৰা বুলি দাবী কৰিব নোৱাৰে।
(ঘ)বিকাশ এবিধ লক্ষ্য-ভিত্তিক প্ৰক্ৰিয়াঃ-বিকাশৰ বাবে নিৰ্দিষ্ট লক্ষ্য নাথাকিলে কাৰ্যসিদ্ধি কৰাটো কঠিন হয়। এই প্ৰসংগত লক্ষ্যই মূলতঃ কি কৰা হ’ব আৰু কেতিয়া শেষ কৰা হ’ব সেইটো বুজায়।

3. পাৰপাৰ্শ্বকতাৰ ওপৰত বিকাশৰ নেতিবাচক প্ৰভাৱ বিস্তাৰৰ বিষয়ত এটা টোকা লিখা।   HS-2016
(অথবা) প্ৰচলিত বিকাশৰ আৰ্হিয়ে পাৰিপাৰ্শ্বিকতালৈ অনা ক্ষতিৰ বিষয়ে আলোচনা কৰা।   HS-2019
উত্তৰঃ- প্ৰচলিত বিকাশৰ আৰ্হিয়ে পাৰিপাৰ্শ্বিকতালৈ অনা ক্ষতিৰ বিষয়ে তলত আলোচনা কৰা হ’ল—
(ক) বিকাশ প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ বাবে স্থাপন কৰা উদ্যোগসমূহ, নিৰ্মীয়মান নদীবান্ধসমূহ অথবা বৃহত্‍ অট্টালিকাসমূহে পৰিৱেশৰ ওপৰত পেলোৱা নেতিবাচক প্ৰভাৱ সম্পৰ্কে বহুবোৰ বিতৰ্ক আৰম্ভ হৈছে।
(খ) বিভিন্ন উদ্যোগ বা গৃহ নিৰ্মাণৰ বাবে বিল-পুখুৰী আদি পুতি পেলোৱাৰ ফলত বিভিন্ন ধৰণৰ মাছ অথবা কাছৰ প্ৰজাতি কমি অহাৰ লগতে বহু প্ৰজাতিৰ চৰাই-চিৰিকতিও কমি অহা বুলি জীৱ বিজ্ঞানীসকলে আশংকা কৰিছে।
(গ) শস্যৰ উত্‌পাদন বৃদ্ধি কৰিবৰ বাবে ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আৰু সাৰেও ভূমিৰ প্ৰাকৃতিক উৰ্বৰা ক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ তাৰ পৰা উত্পা দিত শাক-পাঁচলিয়ে মানুহৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰতিক্ৰিয়া পেলাইছে।
(ঘ) গুৱাহাতীৰ নিচিনা চহৰৰ ওচৰে-পাঁজৰে থকা পাহাৰবোৰ কাটি পেলোৱাৰ ফলত অলপ-অচৰপ বৰষুণ হ’লেই ভূমিস্খলন হোৱাৰ ঘটনা সংঘটিত হয়। জাগীৰোডৰ কাগজ কলৰ সমীপৰ অঞ্চলত হোৱা প্ৰদূষণৰ কথা উল্লেখ কৰিব পাৰি।
(ঙ) দেখাত এইবোৰ সৰু-সৰু সমস্যা। কিন্তু গোটেইবোৰ সমস্যা লগ লগালে দেখা যায় যে ইয়াৰ পৰিণতি অতি ভয়ানক। গোটেই বিশ্বজুৰি বিকাশে সৃষ্টি কৰা নেতিবাচক প্ৰভাৱৰ পৰিণতিতে আজি ভূ-মণ্ডলৰ উঞ্চতা বৃদ্ধি পাব ধৰিছে।
(চ) এই আটাইবোৰ কথাই প্ৰমাণ কৰিছে যে বিকাশৰ পৰিণতি সামগ্ৰিকভাৱে প্ৰকৃতি, জনজীৱন আৰু জীৱ-জগতৰ বাবে অতি ভয়াবহ বৈ উঠিব পাৰে। বিজ্ঞানে প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিব পাৰে বুলি থকা বদ্ধমূল ধাৰণাই অনে ভয়াবহতাৰ সৃষ্টি কৰিছে।

4. পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিকাশৰ নেতিবাচক প্ৰভাৱ বিস্তাৰৰ বিষয়ত এটি টোকা লিখা। HS-2016
(অথবা) প্ৰচলিত বিকাশৰ আৰ্হিয়ে পাৰিপাৰশ্বিকতালৈ অনা ক্ষতিৰ বিষয়ে আলোচনা কৰা। HS-2019 4
উত্তৰঃ-

5. পৰিবেশবাদ কি   HS-2018
উত্তৰঃ-পৰিবেশবাদ হৈছে পৃথিৱীখন বাসোপযোগী কৰি ৰখাৰ বাবে এটা চিন্তাধাৰা। ব্যৱহাৰিক ক্ষেত্ৰত সেই দিশত চলোৱা প্ৰচেষ্টাক আন্দোলন বুলিব পাৰি। মাটি, পানী, বায়ুৰ প্ৰদূৰ্ষণৰ ফলত হ’ব পৰা ধ্বংসৰ গৰাহৰ পৰা বিশ্বাবাসীক ৰক্ষা কৰাটো পৰিৱেশবাদৰ মূল কৰণীয়।

6. UNDP–ৰ সম্পূৰ্ণ ৰূপটো লিখা।   HS-2018
উত্তৰঃ-United Nations Development programme

7. “Green Peace” কি?   HS-2018
উত্তৰঃ-“Green Peace” হৈছে এটা বিখ্যাত বে-চৰকাৰী সংগঠন (NGO) যি পৰিৱেশ সংৰক্ষণৰ বাবে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত কাম কৰি আছে।

8. গণতন্ত্ৰত ____ ৰ গুৰুত্ব বেছি।   HS-2013
উত্তৰঃ- ৰাজনৈতিক দল


Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Logic & Philosophy
Previous
Next Post »