-->

অ’ বুলবুল অ’ তুলতুল । O bulbul o tultul

অ’ বুলবুল অ’ তুলতুল । O bulbul o tultul - Rudra Barua

1. অ’ বুলবুল অ’ তুলতুল
অ’ সেউতী তৰা
লুকা-ভাকু ভাল নেলাগে
খেল কইনা-দৰা।
তুলতুল আমাৰ কইনা হওক
বুলবুলে হওক দৰা
মই নামতী নাম লগাই দিওঁ
দৰাঘৰীয়াক যোৰা
অ’ সেউতী হ’ দৰাৰ মাক
ঘট্‌-টেকেলী ধৰা।

কোৰোকাৰে দুৰলিতে
চাউল হ’ব বালি
কচুপাতত শলাকানি
সেয়ে হ’ব চাকি
পানী পচাত পানী তুলিম
দূৰণিৰ ঘাটগড়া।
পাতাবাহৰ পাত আনি
বেইখনি ল’ম সাজি
মিছা-মিছি হালধিৰে
দুইকো নোৱাম আমি
তৰাই ল’ব তুলতুলক
সেউতীয়ে বুলবুলক
দাঙি আনি বহুৱাম
বেই তলৰ পৰা।

 

2. ভৰ দূপৰীয়া পদূলিৰ । Bhor duporiya podulir - ৰুদ্ৰ বৰুৱা

ভৰ দূপৰীয়া পদূলিৰ মূৰতে
কোনেনো সুহুৰি মাৰে
চিনাকি চিনাকি সুৰটি লাগি ঐ
গা মোৰ ৰাইজাই কৰে।
তাঁতৰ পাতত বাইগুটি ফুল বাচোতে
মাকো সৰি সৰি পৰে
ফুলৰে চানেকি চাই মই থাকোতে
ঘনে পতি কেনা লাগে।
সুহুৰি নহয় ঐ কিবা মায়া লগা
মন হৰি নিয়া সুৰে
কাঁইটে বিন্ধাদি কলিজাত বিন্ধেহি
চকু মোৰ পানীৰে ভৰে।
কেনেকৈ উঠি যাওঁ পদূলিৰ মূৰলৈ
কথাটি ক’বলৈ ঠাৰে
চকুৱে চকুৱে চাবকে নোৱাৰি
বিজুলী চমকে ধৰে। 


3. হয়েৰ জেতুকী বাই । Hoyer jetukee bai - Rudra Barua


হয়েৰ জেতুকী বাই
চুলি তোৰ পকালি, দাঁতবোৰ সৰালি
পৰৰ ঘৰে ঘৰে নাম-গুণ গাই
কাৰোবাৰ পুতেকে কোনোবাৰ জীয়েকক
নিবলৈ পাতিছে বিয়া
জোঁৱাইৰ বা কি নাম, যোৰা দি কি গাম
তোৰ হে তাত নাইকিয়া।
(পিছে) সাজিছ কাচিছ হয়
চাবি আক’ বাইটি তই
চহকীৰ বিয়ালৈ ছাল-ছিগা নামতীক
মতাৰে ঠিকনা নাই।
তোৰ যে জীয়েৰক যমে কাঢ়ি নিলে
বুকু গুদা পৰি যায়
পৰৰে জীয়াৰীক জোঁৱাইয়ে নিওঁতে
কান্দ তই নামকে গাই।
ৰভাঘৰ শুৱনি জীয়ৰী বোৱাৰী
তোলৈ ঠাইকে নাই
বিয়াৰ তই নামতী বিয়াতহে সোঁৱৰে।
পুৱালৈ পাহৰি যায়।

Previous
Next Post »