-->

শান্তি । Peace in Assamese - একাদশ শ্ৰেণী

 Questions Answers of AHSEC Solution for Class 11 Political Science শান্তি। Peace. All the important questions answers are discussed in this article.

 

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

শান্তি
Peace

Class XI Political Science

Class 11 PolScience শান্তি। Peace ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 11 Political Science : শান্তি। Peace has been discussed in systematic way. There are approximately important 35 questions answers in this article.


1. বিশ্বত কোনখন যুদ্ধ অস্ত্ৰহীনভাৱে সংঘটিত হৈছিল?
উত্তৰঃ- শীতল যুদ্ধ


2. বিশ্ব শান্তি প্ৰতিষ্ঠা আৰু ৰক্ষাৰ বাবে গঢ়ি উঠা দুটা অনুষ্ঠানৰ নাম লিখা।
উত্তৰঃ-জাতি সংঘ আৰু ৰাষ্ট্ৰসংঘ


3. মহাত্মা গান্ধীৰ আন্দোলনৰ মূল মাধ্যম কি আছিল?
উত্তৰঃ-অহিংসা আৰু শান্তি


4. ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰৰ ঘোষণা-পত্ৰ কোন চনত ঘোষণা কৰিছিল?
উত্তৰঃ-1948 চনৰ 10 ডিচেম্বৰত।


5. বিশ্বত শীতল যুদ্ধ কেতিয়াৰ পৰা সূচনা হৈছিল?
উত্তৰঃ-দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত।


6. "দ্যা ফ্লাৱাৰ্ছ অৱ হিৰোশ্বিমা" (The flower of Hiroshima)গ্ৰন্থখন কোনে লিখিছিল?     HS-2017
উত্তৰঃ- এডিটা মৰিছ (Edita Morris)


7. ক্ষমতাৰ সম্ভ্ৰান্ত তত্ত্বটোৰ (Elite theory of power)-ৰ লিখক কোন?
উত্তৰঃ-ইটালীৰ ভিলফ্ৰেডো পেৰেটো (Vilfredo Pareto)


8. নেলছন মেণ্ডেলাই লিখা তেওঁৰ আত্মজীৱনী গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ-লং ৱাক টু ফ্ৰিডম (Long Walk to freedom)


9. ভাৰতৰ কোনজন মহান ব্যক্তিয়ে শান্তি বা সামাজিক ন্যায় প্ৰতিষ্ঠাৰ স্বাৰ্থতো হিংসাত্মক পন্থা প্ৰয়োগ কৰাতো বিৰোধিতা কৰিছিল?
উত্তৰঃ-মহাত্মা গান্ধী


10. শান্তিৰ প্ৰতিষ্ঠাৰ কাৰণে থকা বিভিন্ন দৃষ্টিৰ এটা উল্লেখ কৰা।
উত্তৰঃ-বিশ্বায়নকেন্দ্ৰিক দৃষ্টিভংগী


11. "শান্তি মানে যুদ্ধৰ অনুপস্থিতি।" - শুদ্ধ নে অশুদ্ধ?
উত্তৰঃ-শুদ্ধ


12. আমি সকলোৱে শুনি থকা বিশ্বায়ন (Globalization) নামৰ অৰ্থনৈতিক প্ৰক্ৰিয়াটোৱে ৰাষ্ট্ৰত সাৰ্বভৌমত্বৰ ধাৰণাটোৰ গুৰুত্ব কমাই আনিছে। (হয় নে নহয় লিখা)
উত্তৰঃ-


13. স্বাধীনতা, সমতা আৰু ন্যায় থাকিলে শান্তি প্ৰতিষ্ঠা হয়। (হয় নে নহয়)
উত্তৰঃ- হয়


14. আন্তৰ্জাতিক আইনে সন্ত্ৰাসবাদ/শান্তি/সামুহিক নিৰাপত্তা/অস্ত্ৰ নিয়ন্ত্ৰণৰ প্ৰমোচন ঘটায়। (ভূল উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ-


15. গাঁথনিগত হিংসাৰ এটা উদাহৰণ দিয়া।     HS-2019
উত্তৰঃ-জাতিভেদ প্ৰথা


16. সাধাৰণ অৰ্থত শান্তি মানে কি?
উত্তৰঃ-যুদ্ধৰ অনুপস্থিতি মানে শান্তি।


17. শান্তিৰ বিপৰীতে আনি কি পাওঁ?
উত্তৰঃ-অশান্তি


18. শান্তিৰ প্ৰধান অন্তৰায় কি?
উত্তৰঃ-যুদ্ধ আৰু হিংসা


19. শান্তিৰ ন'বেল বঁটা লাভ কৰা দুগৰাকী ব্যক্তিৰ নাম লিখা।
উত্তৰঃ- মাডাৰ টেৰেছা আৰু ডালাই লামা


20. যুদ্ধক প্রশংসা কৰা এজন দার্শনিকৰানম লিখা।
উত্তৰঃ জাৰ্মান দাৰ্শনিক ফ্রিয়ড্‌ৰিক নিত্‍ছে


21. শান্তিৰ সম্পৰ্কত নেতিবাচক মন্তব্য দিয়া এজন দাৰ্শনিকৰ নাম লিখা।
উত্তৰঃ জাৰ্মান দাৰ্শনিক ফ্রিয়ড্‌ৰিক নিত্‍ছে


22. শান্তিৰ বাণী প্রচাৰ কৰা দুজন ভাৰতীয় ব্যক্তিৰ নিম লিখা।
উত্তৰঃ- মহাত্মা গান্ধী আৰু মাদাৰ টেৰেচা। 


23.'Aspects of Political Development' গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ- লুচিয়ান পাই।(Lucian Pye)


25. শান্তি প্ৰতিষ্ঠাৰ দুটা পদ্ধতি লিখা।     HS-2018
উত্তৰঃ-(ক) বিশ্বত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাৰ দ্বাৰা।
 (খ) সামুহিক নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ দ্বাৰা


26. আমাৰ সমাজত বৰ্ধিত হিংসাত্মক কাৰ্যৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।   HS-2016
উত্তৰঃ- (ক) জাতিগত সংঘৰ্ষ আৰু (খ) সাম্প্ৰদায়িক সংঘৰ্ষ 


27. বিশ্বশান্তি ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা দুটা পদক্ষেপ লিখা।       HS-2015
উৰঃ-(ক) শান্তি প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নীতি ৰাষ্ট্ৰসংঘই 1948 চনত জাৰি কৰা মানৱ অধিকাৰক সাৰ্বজনীন ঘোষণা-পত্ৰত স্পষ্টকৈ প্ৰতিফলিত হৈছে।
(খ) পৃথিৱীৰ গণতান্ত্ৰিক দেশসমূহে সাংবিধানিকভাৱে স্বীকৃতি দিয়া মৌলিক অধিকাৰসমূহকো দেশত শান্তি প্ৰতিষ্ঠাৰ আধাৰ বুলি গণ্য কৰা হয়।


28. নৰ্মদা বচাও আন্দোলনৰ লগত কোন জড়িত।    HS-2017
উত্তৰঃ-মেধা পাটেকাৰ


29. ইউনেস্ক (UNESCO)-ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ- United Nations Educational, Scientific and Cultural 


30. SAARC-ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰঃ- South Asian Association of Regional Co-operation


31. UNDP-ৰ সম্পূৰ্ণ অৰ্থ কি?      HS-2015, 2018
উত্তৰঃ- United Nations Development Programme
 

32. শান্তি মানে কি?
উত্তৰঃ-শান্তিৰ অৰ্থ হ'ল সমাজত চলি থকা সকলোবোৰ সংঘাত আৰু সংঘাতৰ উত্‍সসমূহৰ অৱসান ঘটোৱা। শান্তি মানে দুখন বা ততোধিক দেশ আৰু কোনো দেশৰ ভিতৰতে চৰকাৰ আৰু সন্ত্ৰাসবাদী গোট তথা বিভিন্ন সন্ত্ৰাসবাদী গোটৰ মাজত চলি থকা যুদ্ধৰ অৱসান ঘটা বা বিভিন্ন সন্ত্ৰাসবাদী গোটে সংঘটিত কৰি থকা হত্যা, হিংসা, বোমাবৰ্ষণ অথবা অপহৰণৰ দৰে ঘটনাৰ অৱসান ঘটাক বুজাই।

33. শান্তি প্ৰতিষ্ঠা কৰা বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা।     HS-2013 6
উত্তৰঃ-


34. শান্তিৰ চাৰিটা প্ৰত্যাহ্বানৰ বিষয়ে লিখা।     HS-2013 4
উত্তৰঃ-

35. শান্তি প্ৰতিষ্ঠাৰ বিভিন্ন দৃষ্টিভংগীসমূহ আলোচনা কৰা।
উত্তৰঃ- পৃথিৱীত ক্রমাগতভাৱে বৃদ্ধি পোৱা অশান্তি দূৰীকৰণৰ আটাইতকৈ ফলপ্রসূ ব্যৱস্থাননা কি হ'ব পাৰে তাক লৈ বিভিন্ন দৃষ্টিভংগীক প্রধানতঃ চাৰিটা ভাগত বিভক্ত কৰিব পাৰি-   
(১) ৰাষ্ট্ৰৰ সার্বভৌমত্ব পৰিচালনাকেন্দ্রিক দৃষ্টিভংগীঃ-
    আন্তর্জাতিক ৰাজনীতিত প্রায় সকলোবোৰ ৰাষ্ট্ৰই নিজৰ সার্বভৌম ক্ষমতা অটুত ৰাখিব বিচৰাৰ লগতে অন্য ৰাষ্টৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে। এনে এক ৰাজনৈতিক ব্যৱস্থাক প্রতিযোগিতাধর্মী আন্তর্জাতিক ব্যবস্থা (Competitive International System) বুলিব পাৰি। এনে ব্যৱস্থাত ভিন্ন ৰাষ্ট্ৰৰ মাজত সংঘাত হ'ব পাৰে। এনে সংঘাত নিয়ন্ত্রণ বাবে আন্তর্জাতিক ৰাজনীতিত বিভিন্ন কৌশল অৱলম্বন কৰা হয়। এনে কৌশলৰ অন্যতম হ'ল ক্ষমতাৰ ভাৰসাম্য নীতি (Principle of Balance of Power)।
(২) বিশ্বায়নকেন্দ্রিক দৃষ্টিভংগীঃ-
    আন্তর্জাতিক ৰাজনীতিত দ্বিতীয়টো দৃষ্টিভংগীয়ে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব তথা ৰাষ্ট্ৰসমূহৰ মাজত থকা ক্ষমতাৰ অঁৰিয়া-অঁৰিৰ বাস্তৱতাক মানি লয়। কিন্তু এই অঁৰিয়া-অঁৰিক কি ধৰণে পাৰস্পৰিক সহযোগিতাৰ দিশে লৈ যাব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া হয়।
(৩) ৰাষ্ট্র ক্ষমতাৰ বিকেন্দ্রীকৰণকেন্দ্রিক দৃষ্টিভংগীঃ-
    বৰ্তমান সময়ত আন্তৰ্জাতিক ৰাজনীতিত শক্তিশালী হৈ উঠা তৃতীয়টো দৃষ্টিভংগীয়ে সাৰ্বভৌমত্বৰ ধাৰণাটোকেই সময় বৰ্হিভূত ধাৰণা বুলি ক'ব খোজে। শীতল যুদ্ধৰ পৰৱৰ্তীকালত এই ধাৰণাটোৱে বিশেষ গুৰুত্ব পোৱা পৰিলক্ষিত হৈছে।
(৪) সামাজিক ন্যায় আৰু মানৱ অধিকাৰকেন্দ্রিক দৃষ্টিভংগীঃ-
        আন্তর্জাতিক ৰাজনীতিত জনপ্ৰিয় হোৱা এই তিনিওটা দৃষ্টিভংগীয়েই অৱশ্যে কেতবোৰ গুৰুত্বপূৰ্ণ দিশ আওকাণ কৰিছে। এনে দৃষ্টিভংগীৰ ভিতৰত অন্যতম হ'ল সমাজৰ সকলো স্তৰতে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা আৰু মানৱ অধিকাৰৰ সাৰ্বজনীন সুৰক্ষা প্ৰদান কৰা। ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন আঁচনি (United Nations Development Programme)-এ এই দিশটোৰ ওপৰত বিশেষ গুৰুত্ব দিছে।
    ৰাষ্ট্ৰৰ সার্বভৌমত্ব পৰিচালনাকেন্দ্রিক দৃষ্টিভংগী প্রধানতঃ আন্তৰ্জাতিক ৰাজনীতিত অত্যন্ত জনপ্রিয়। এই দৃষ্টিভংগীকে আকৌ দুটা ভাগত বিভক্ত কৰিব পাৰি।
(ক) ক্ষমতাৰ ভাৰসাম্য ৰক্ষাকেন্দ্রিক দৃষ্টিভংগী
(খ) আন্তঃৰাষ্ট্ৰ পাৰস্পৰিক নিৰ্ভৰশীলতাকেন্দ্রিক দৃষ্টিভংগী।

 

Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Logic & Philosophy
Previous
Next Post »