-->

মই এটি যাযাবৰ । Moi eti jajabar — ড. ভুপেন হাজৰিকা

 

মই এটি যাযাবৰ । Moi eti jajabar

মই এটি যাযাবৰ
ধৰাৰ দিহিঙে দিপৰো লৱৰো
নিবিছাৰি নিজা ঘৰ।
মই লুইতৰ পৰা মিছিচিপি হৈ ভলগাৰ ৰূপ চালো
অটোৱাৰ পৰা এষ্ট্ৰিয়া হৈ পেৰিচ সাবতি ল’লোঁ
মই ইলোৰাৰ পৰা পুৰণি ৰহণ চিকাগোলে কঢ়িয়ালোঁ
গালিবৰ শ্বেৰ দুশ্বম্বেৰ মীনাৰত শুনা পালো
মাৰ্ক টোৱেনৰ সমাধিত বহি গৰ্কীৰ কথা ক’লো
বাৰে বাৰে বাটৰ মানুহো আপোন হৈছে বৰ
সেয়ে মই যাযাবৰ।
বহু যাযাবৰ লক্ষ্যবিহীন
মোৰ পিছে আছে পণ
ৰঙৰ খনি য’তেই দেখিছো
ভগাই দিয়াৰ মন।
মই দেখিছো অনেক গগনচুম্বী অট্টালিকাৰ শাৰী
তাৰ ছাঁতেই দেখিছো কতনা গৃহহীন নৰনাৰী
মই দেখিছোঁ কিছু ঘৰৰ সমুখ বাগিছাৰে ভৰি
আৰু দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি
বহু দেশে দেশে গৃহদাস দেখি চিন্তিত হওঁ বৰ
মনৰ মানুহ বহুতেই দেখোঁ ঘৰতেই হৈছে পৰ
সেয়ে মই যাযাবৰ। 

 

2. মই যেতিয়া এই জীৱনৰ । Moi jetiya ei jeevanor

মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
আশা কৰো মোৰ চিতাৰ কাষত
তোমাৰ সঁহাৰি পাম।
নেলাগে মোৰ সোঁৱৰণি সভা
নেলাগে মিছা নাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।।
সমূহৰ বাবে গীত গাই গাই
তোমাক পাহৰি গ’লোঁ
সেয়েহে হ’বলা ভৰ জীৱনতে
তোমাকো হেৰুৱালোঁ
সেই ক্ষোভে মোক দহিছে আজিও
শান্তি ক’তেনো পাম?
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।
মোৰ জীৱনৰ সংগ্ৰামখিনি
ফঁহিয়াই চালে পাম
তুমি নিদিয়া মৰমখিনিতে
আছিলে সৰগী ধাম।
সেই সৰগী ধামখনি মই
তোমাৰ বুকুতে পাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।


3. স্নেহে আমাৰ শত । Snehe amar shoto

স্নেহে আমাৰ শত শ্ৰাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে
যৌৱন বাসনা ৰিক্তোপকূল
পূৰ্ণ কৰে উন্মত্ত বানে
স্নেহে আমাৰ শত শ্ৰাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে

নিৰ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি
উচ্ছল জীৱনৰ জোৱাৰ আনে
অপৰুপ বাৰিষাৰ তৰংগ ৰাশিয়ে
নাচে নৱ সৃষ্টিৰ গানে
যৌৱন বাসনা ৰিক্তোপকূল
পূৰ্ণ কৰে উন্মত্ত বানে
স্নেহে আমাৰ শত শ্ৰাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে

বিদ্যুত্‍‌ ক্ষিপ্ৰ নয়নে তোমাৰ
মৌন ভাষাৰ উন্মাদনা সানে
নিশ্বাসে মোৰ আশাৰ আশ্বাসত
তৃপ্তিৰ পৰিধি নেমানে
তৃপ্তিৰ পৰিধি নেমানে

প্ৰীতি দিগ্‌বলয়ত গতিশীল গীত গাওঁ
বজ্ৰৰ গৰ্জনে হাৰ মানে
বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়
আমাৰ দৃষ্টিয়েও লক্ষ্য জানে
যৌৱন বাসনা ৰিক্তোপকূল
পূৰ্ণ কৰে উন্মত্ত বানে
স্নেহে আমাৰ শত শ্ৰাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে।


4. শৈশৱতে ধেমালিতে । Shaishowte dhemalite

 
শৈশৱতে ধেমালিতে
তোমাৰে ওমলা মনত আছে
বহাগ মাহৰ লুইতখনিত
দুয়ো সাঁতোৰা মনত আছে।
যৌৱনতে দুয়োৰে দেহাৰ
লাজুকী পৰস মনত আছে
মোৰ অবিহনে চিপজৰী ল’বা
বুলি কোৱা মনত আছে।
বহাগ মাহৰ লগতে এদিন
আহিল বৰদৈচিলা
সেই ধুমুহাত কাৰোবাৰ সতে
তুমি দেখোঁ গুচি গ’লা
মনৰ গৰাকীক এৰি
তুমি ধনৰ গৰাকীক বৰিলা,
ধন ধন বুলি ধনৰ প্ৰেমেৰে
স্বৰূপ প্ৰকাশ কৰিলা।
বহুত দিন গ’ল হঠাত্‌ সিদিনা
তোমাক দেখা মনত আছে,
আতৰৰ পৰা দেখিলো তোমাৰ
স্বৰ্ণ গহনা জিলিকিছে।
তোমাৰ অবিহনে চিপজৰী ল’ম
বুলি যদি তুমি ভাবিছা
ভুল কৰিছা সোনজনী মোৰ
অলীক সপোন দেখিছা
জীয়াই থাকিম
জীয়াই থাকিম এথন সমাজ
গঢ়িবৰ মোৰ পন আছে,
য’ত সোনতকৈ মানুহৰ দাম
অলপ হ’লেও বেছি আছে।
 
 

5. ছহিদ প্ৰণামো তোমাক । Chhahid pranamo tomak

 
কথা : এটি জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস
লিখিলে, তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম— ‘শ্বহীদ, প্ৰণামো তোমাক’—

গীত :-

ছহিদ প্ৰণামো তোমাক
লুইতৰ পাৰৰে তুমি ডেকা ল’ৰা
তুমিয়েতো বুকু পাতি দিলা
ভাৰতীৰ নুমলি জীক বছাবলৈ
তুমিয়েতো মুত্যৃক বৰিলা।
বিংশ শতিকাৰ অষ্টম দশকৰ
নতুন পুৰুষ অগনন
জাতিৰ স্বকীয়তা ৰাখিবলৈ
অহিংসাৰে কৰা ৰণ
তুমিয়েতো দানৱীয় শক্তিক কিছু
যুক্তিক মৰ্ম শিকালা
ভাৰতীৰ নুমলী জীক বচাবলৈ
তুমিয়েতো মৃত্যৃ বৰিলা।
তুমি ছহিদ হ’লা তুমি সুৰ্য হ’লা
যি অসমলৈ প্ৰভাত আনিম
তুমি ছহিদ হ’লা তুমি ধুমুহা হ’লা
যি বৰদৈচিলাহৈ ৰ’ব
তুমিয়েই অনাগত লংগ্ৰামী সৈন্যৰ
আঁচনিৰ অস্ত্ৰ হ’লা
ভাৰতীৰ নুমলী জীক বচাবলৈ
তুমিয়েতো মৃত্যৃ বৰিলা
প্ৰতি মাতৃৰ প্ৰতি ভগিনীৰ
প্ৰতি পিতৃৰে গৌৰৱ
ন্যায়ৰ গাণ্ডীব ধাৰী অৰ্জুন
পলাতক যত কৌৰৱ
লুইতৰ মহামান পানীৰ তেজেৰে
অধিক বলিয়ানকৰিলা
ভাৰতীৰ নুমলী জীক বচাবলে
তুমিয়োতো মুত্যৃ বৰিলা।
কিনো ভাগ্য আমাৰ জীৱনত
তুমিয়ে জনম লভিলা
কিনো ভাগ্য আমাৰ
আমাক জীয়াবলে
অকালতে মৃত্যৃ বৰিলা
বিশ্ব গতিৰ চক্তত লৰিও মাতৃক আদৰিলা
ভাৰতীৰ নুমলী জীক বচালে
তুমিয়েতো মুত্যৃ বৰিলা।
 
Previous
Next Post »