-->

নাগৰিকতা । Citizenship in Assamese

Questions Answers of AHSEC Solution for Class 11 Political Science নাগৰিকতা । Citizenship. All the important questions answers are discussed in this article.
 
একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

নাগৰিকতা

Citizenship

Class XI Political Science

Class 11 PolScience নাগৰিকতা । Citizenship ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 11 Political Science : নাগৰিকতা । Citizenship has been discussed in systematic way. There are approximately important 32 questions answers in this article.

1. নাগৰিকৰ সংজ্ঞা দিয়া।     HS-2019
(অথবা) নাগৰিক কোন?     HS-2012, 2014, 2015

উত্তৰঃ-যিসকলে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাবে বসবাস কৰি ৰাষ্ট্ৰৰ প্রতি আনুগত্য দেখুৱাই, ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভাগে কৰে তেওঁলোকক নাগৰিক বোলা হয়। নিবাস শাস্ত্ৰীয়ে কয় যে “যি ব্যক্তি ৰাষ্ট্ৰৰ সভ্য আৰু ৰাষ্ট্ৰত থাকি পূর্ণভাবে আত্মবিকাশৰ অৰ্থে সচেষ্ট আৰু সমাজৰ সর্বাধিক মংগল সম্পর্কে সচেতন থাকে তেওঁক নাগৰিক আখ্যা দিয়া হয়।”

2. নাগৰিক আৰু বিদেশীৰ মাজৰ চাৰিটা পার্থক্য উল্লেখ কৰা।         HS-2016
উত্তৰঃ-(ক) নাগৰিকসকলে নিজৰ ৰাষ্ট্রৰ প্রতি আনুগত্য দেখুৱাব লাগে। কিন্তু বিদেশীসকলে তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰৰ প্রতিহে আনুগত্য দেখুৱাই থাকিব লাগে।
(খ) বিদেশী এজনে বসবাস কৰাৰ কাৰণে ৰাষ্ট্ৰৰ পৰা অনুমতি পাব লাগে। কিন্তু স্বাভাৱিক নাগৰিক (Natural citizen)ৰ ক্ষেত্ৰত তেনে ব্যৱস্থা প্রযোজ্য নহয়।

3. নাগৰিকত্ব অৰ্জনৰ তিনিটা পদ্ধতি উল্লেখ কৰা।             HS-2013
ভাৰতীয় নাগৰিকত্ব লাভৰ দুটা উপায় লিখা।                    HS-2018

উত্তৰঃ- (ক) জন্মসূত্ৰৰ দ্বাৰা (By birth),
(খ) দেশীয়কৰণৰ দ্বাৰা (By naturalization)
(গ) কোনো অঞ্চল চামিলকৰণৰ (citizenship by annexation) দ্বাৰা নাগৰিকতা অৰ্জন কৰিব পাৰি।

4. সুনাগৰিকৰ দুটা গুণ উল্লেখ কৰা।             HS-2017     2
উত্তৰঃ-১) বুদ্ধিমত্তাঃ- বুদ্ধিমত্তা হ’ল বিচাৰ-বুদ্ধিৰ ক্ষমতা। যিজন ব্যক্তিয়ে ভাল-বেয়া নির্ণয় কৰি কোনো বিষয়ৰ ওপৰত মতামত দিব পাৰে তেৱেঁই বিচাৰ-বুদ্ধিসম্পন্ন নাগৰিক বা সুনাগৰিক।
২) আত্মসংযমঃ- আত্মসংযম সুনাগৰিক হোৱাৰ কাৰণে অন্যতম গুণ। নৈতিক আদর্শ অনুপ্রাণিত হ’লে আত্মসংযমী। হ’ব পৰা যায়। আত্মসংযমী ললাকে সমূহীয়া স্বার্থৰ হকে কাম কৰে।

5. সুনাগৰিকৰ তিনিটা অন্তৰায় লিখা।             HS-2013
উত্তৰঃ- (ক) উদাসীনতাঃ- উদাসীনতা মানে হ’ল কর্তব্যবোধৰ অভাৱ। সামাজিক জীৱনৰ আটাইতকৈ ডাঙৰ বাধা হ’ল উদাসীনতা। উদাসীন মানুহ দায়িত্বশীল নহয়। ৰাষ্ট্রৰ কামত উদাসীনতা দেখুৱাটো নাগৰিকৰ পক্ষে নৈতিক অপৰাধ।
(খ) অজ্ঞতাঃ- অজ্ঞতা সুনাগৰিকৰ পথৰ প্রতিবন্ধক। যদি এজন নাগৰিক অজ্ঞ হয় তেন্তে তেওঁ নিজৰ দায়িত্ব আৰু কর্তব্যৰ প্রতি সজাগ হ’ব নোৱাৰে।

6. এজন বিদেশীক ৰাষ্ট্ৰৰ পৰা বহিস্কাৰ কৰিব পাৰি।(‘হয়’ বা ‘নহয়’ লিখা) 2016
উত্তৰঃ- হয়

7. জন্মসূত্ৰে লাভ কৰা প্ৰকৃত নাগৰিকত্বৰ এটা নীতি উল্লেখ কৰা।     HS-2016
উত্তৰঃ- তেজৰ সম্পৰ্ক

8. নাগৰিকতা অর্জন কৰিব পাৰি-
(ক) স্থায়ী বাসিন্দাৰ জৰিয়তে        (খ) বিবাহৰ জৰিয়তে
(গ) চৰকাৰী চাকৰিৰ জৰিয়তে     (ঘ) ওপৰৰ আটাইকেইটাৰ জৰিয়তে

উত্তৰঃ- ওপৰৰ আটাইকেইটাৰ জৰিয়তে

9. তলত দিয়া কোনটো সুনাগৰিকতাৰ গুণ নহয়—
(ক) শিক্ষা        (খ) স্বদেশপ্রেম
(গ) সুস্বাস্থ্য        (ঘ) অজ্ঞতা

উত্তৰঃ- অজ্ঞতা

10. “ভাৰতীয় নাগৰিকত্ব আইন” কোন চনত গ্ৰহণ হৈছিল?
উত্তৰঃ- 1955 চনত।

11. বিবাহ জৰিয়তে নাগৰিকত্বৰ আৰ্জন পাৰিনে?
উত্তৰঃ- হয়

12. এজন বিদেশী নাগৰিকে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। (শুদ্ধ নে অশুদ্ধ লিখা)
উত্তৰঃ- অশুদ্ধ
 
13. ভাৰতৰ নাগৰিকত্ব হেৰুওৱাৰ এটা কাৰণ লিখা।
উত্তৰঃ- এগৰাকী মহিলাই বিদেশী নাগৰিকৰ লগত বিয়া হ’লে।

14. ভাৰতৰ প্ৰথম নাগৰিক কোন?
উত্তৰঃ- ভাৰতৰ ৰাষ্ট্ৰপতি

15. “নাগৰিকত্ব আৰু শ্ৰেণী সমাজ” (Citizenship and Social Class) গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ- টি. এইচ. মাৰচাল (T.S. Marshall)

16. ভাৰতত কেইধৰণৰ নাগৰিকত্বৰ ব্যৱস্থা আছে?
উত্তৰঃ- এক ধৰণৰ

17. ভাৰতৰ নাগৰিকত্ব আইন কোনে সংশোধন কৰিব পাৰে?
উত্তৰঃ- হয়

18. কৰ্মৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ। (হয় বা নহয় লিখা)
উত্তৰঃ-নহয়

19. Citizen (নাগৰিক)শব্দটো কোন ভাষাৰ পৰা আহিছে?
উত্তৰঃ- লেটিন ভাষা

20. নাগৰিকত্বৰ ধাৰণা পোন প্ৰথমে ক’ত গঢ়ি উঠিছিল?
উত্তৰঃ- এথেন্সত

21. সাৰ্বজনীন ভোটাধিকাৰ প্ৰদানৰ আগতে সাৰ্বজনীন শিক্ষা দিয়া প্ৰয়োজন বুলি কোনে কৈছিল?
উত্তৰঃ- হয়

22. এজন ব্যক্তি একে সময়তে দুখন ৰাষ্ট্ৰৰ নাগৰিক হ’ব পাৰেনে?
উত্তৰঃ- নোৱাৰে

23. সুনাগৰিকৰ এটা গুণ উল্লেখ কৰা।
উত্তৰঃ- বুদ্ধিমত্তা

24. নাগৰিকত্বৰ ধাৰণাৰ বহল ৰূপ প্ৰদান কৰিছিল।
(ক) আমেৰিকা বিপ্লৱ    (খ) ৰাছিয়ান বিপ্লৱ
(গ) ফৰাচী বিপ্লৱ        (ঘ) শিল্প বিপ্লৱ
উত্তৰঃ-ফৰাচী বিপ্লৱ

25. নাগৰিক আৰু বিদেশীৰ মাজৰ চাৰিটা পার্থক্য উল্লেখ কৰা।         HS-2016     4
উত্তৰঃ-নাগৰিক আৰু বিদেশী উভয়ে যদিও বহু বিষয়ত একে নিয়ম কানুন মানি চলিব লাগে বা একে ঠাইতে বাস কৰে তথাপি তেওঁলোকৰ মাজত মৌলিক পার্থক্য থকা দেখা যায়।
১) এজন নাগৰিক সেই দেশৰ স্থায়ী বাসিন্দা কিন্তু বিদেশীসকল সেইখন দেশত অস্থায়ীভাৱেহে থাকে। নির্দিষ্ট সময় শেষ হলে বিদেশী লোক নিজৰ দেশলৈ উভতি যায়।
২) নাগৰিকসকলে নিজৰ ৰাষ্ট্রৰ প্রতি আনুগত্য দেখুৱাব লাগে। কিন্তু বিদেশীসকলে তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰৰ প্রতিহে আনুগত্য দেখুৱাই থাকিব লাগে।
৩) নাগৰিকসকলে নিজৰ দেশত পূৰাদমে সামাজিক আৰু ৰাজনৈতিক অধিকাৰ ভাগে কৰিব পাৰে কিন্তু বিদেশী এজনে দেশৰ অন্যান্য অধিকাৰ পালেও ৰাজনৈতিক অধিকাৰ পাব নোৱাৰে।
৪) বিদেশী এজনে বসবাস কৰাৰ কাৰণে ৰাষ্ট্ৰৰ পৰা অনুমতি পাব লাগে। কিন্তু স্বাভাৱিক নাগৰিক (Natural citizen)ৰ ক্ষেত্ৰত তেনে ব্যৱস্থা প্রযোজ্য নহয়।

26. নাগৰিকত্ব কেনেকৈ অৰ্জন কৰিব পাৰি? —আলোচনা কৰা।     HS-2015 6
(অথবা) নাগৰিকত্ব অৰ্জনৰ বিভিন্ন উপায়সমূহ ব্যাখ্যা কৰা।     HS-2012, 2014 6   
(অথবা) নাগৰিকত্ব অৰ্জনৰ তিনিটা পদ্ধতি উল্লেখ কৰা।         HS-2013 3
(অথবা) ভাৰতীয় নাগৰিকত্ব লাভৰ দুটা উপায় লিখা।         HS-2018 2

উত্তৰঃ- বর্তমান বিশ্বৰ সকলো ৰাষ্ট্ৰই নিজৰ দেশৰ বাসিন্দাসকলক নাগৰিক বুলি স্বীকৃতি দিয়াৰ বাবে একোটা নির্ধাৰিত পদ্ধতি অনুসৰণ কৰে। (ক) জন্মসূত্ৰৰ দ্বাৰা (By birth),(খ) দেশীয়কৰণৰ দ্বাৰা (By naturalisation) (গ) কোনো অঞ্চল চামিলকৰণৰ (citizenship by annexation) জৰিয়তে নাগৰিকতা অৰ্জন কৰিব পাৰি।
(ক) জন্মসূত্ৰৰ দ্বাৰা (By birth):- জন্মসূত্ৰৰ দ্বাৰা যিকোনো মানুহ এখন দেশৰ নাগৰিক হ’ব পাৰে। এটা শিশু যি দেশত জন্মগ্রহণ কৰে সেই দেশৰে নাগৰিক হয়। জন্মৰ দ্বাৰা নাগৰিকত্ব লাভ কৰা নীতিক দুটা ভাগত ভাগ কৰিব পাৰি- কে) তেজৰ সম্পৰ্ক (Jus Sanguinis) আৰু (খ) জন্মস্থান নীতি (Jus Soli)। জন্মনীতি অনুসৰি এজন লোকে বংশগত হিচাপে নাগৰিকত্ব লাভ কৰিব পাৰে। অর্থাৎ ল’ৰা-ছোৱালীয়ে যি দেশত জন্মগ্রহণ নকৰক সিহঁতৰ মাক বাপেক যিখন দেশৰ নাগৰিক সেইখন দেশৰ নাগৰিকত্ব লাভ কৰে। জন্মসূত্ৰৰ দ্বাৰা যিকোনো মানুহ এখন দেশৰ নাগৰিক হ’ব পাৰে। এটা শিশু যি দেশত জন্মগ্রহণ কৰে সেই দেশৰে নাগৰিক হয়।
(খ) দেশীয়কৰণ পদ্ধতিৰ দ্বাৰা নাগৰিক অঞ্জন (Citizenship by Naturalization): দেশীয়কৰণ পদ্ধতিৰ জৰিয়তে কোনো এজন বিদেশী নাগৰিক বেলেগ এখন ৰাষ্ট্রৰ নাগৰিক হ’ব পাৰে। এনে ক্ষেত্ৰত তেওঁ সেই দেশৰ কিছুমান আইন-কানুন মানিবলগা হয়। সেইবোৰ উপায় হ’ল-
(i) দীর্ঘকাল বসবাসঃ কোনো এজন বিদেশীয়ে নাগৰিকতা লাভ কৰিব বিচৰা ৰাষ্ট্ৰত কেইবছৰমান স্থায়ীভাবে বাস কৰিব লাগিব। কিমানদিন থাকিলে বিদেশী এজনে নাগৰিকতা লাভ কৰাৰ যোগ্যতা অর্জন কৰিব সেয়া দেশভেদে কম-বেছি হ’ব পাৰে। (ii) বিবাহঃ বিবাহৰ দ্বাৰায়ো কোনো বিদেশী মহিলাই আন এখন দেশৰ নাগৰিকতা লাভ কৰিব পাৰে।
(iii) চৰকাৰী চাকৰি গ্ৰহণঃ যদি কোনো ব্যক্তিয়ে দীর্ঘদিন ধৰি আন কোনো দেশৰ চৰকাৰৰ অধীনত চাকৰি গ্রহণ কৰে তেন্তে তেওঁ নিজৰ দেশৰ নাগৰিকতা ত্যাগ কৰি সেই দেশৰ নাগৰিকতা লাভ কৰিব পাৰে।
(iv) পঞ্জীয়নঃ কোনো এজন ব্যক্তিয়ে পঞ্জীয়নৰ জৰিয়তে কোনো বিদেশী ৰাষ্ট্ৰৰ নাগৰিকতা লাভ কৰিব পাৰে। অৱশ্যে দেশীয়কৰণৰ সকলোবিলাক উপায়ৰ ক্ষেত্ৰতে আবেদন বা পঞ্জীয়নৰ দৰকাৰ হয়।
(গ) কোনো অঞ্চল চামিলকৰণ (Citizenship by annexation)ৰ জৰিয়তে নাগৰিকতা অৰ্জন: এই পদ্ধতি অনুসৰি কোনো এখন ৰাষ্ট্ৰই ওচৰ চুবুৰীয়া কোনো ৰাষ্ট্ৰৰ এটা অঞ্চল যদি নিজৰ ৰাষ্ট্ৰৰ লগত চামিল কৰি লয় তেতিয়া সেই অঞ্চলত বাস কৰা মানুহখিনি চামিলকৃত ৰাষ্ট্ৰৰ নাগৰিক হ’ব।

27. সুনাগৰিকৰ দুটা গুণ উল্লেখ কৰা।         HS-2017 2
উত্তৰঃ-এজন সুনাগৰিক হ’বলৈ হ’লে তেওঁৰ গাত তলত দিয়া গুণসমূহ থাকিব লাগিব।
১) বুদ্ধিমত্তাঃ- বুদ্ধিমত্তা হ’ল বিচাৰ-বুদ্ধিৰ ক্ষমতা। যিজন ব্যক্তিয়ে ভাল-বেয়া নির্ণয় কৰি কোনো বিষয়ৰ ওপৰত মতামত দিব পাৰে তেৱেঁই বিচাৰ-বুদ্ধিসম্পন্ন নাগৰিক বা সুনাগৰিক।
২) আত্মসংযমঃ- আত্মসংযম সুনাগৰিক হোৱাৰ কাৰণে অন্যতম গুণ। নৈতিক আদর্শ অনুপ্রাণিত হ’লে আত্মসংযমী। হ’ব পৰা যায়। আত্মসংযমী ললাকে সমূহীয়া স্বার্থৰ হকে কাম কৰে।
৩) বিবেকসম্পন্ন : এজন সুনাগৰিক হব লাগিলে তেওঁ বিবেকসম্পন্নও হ’ব লাগিব। নাগৰিকসকল বিবেকশীল হ’লেহে এখন আদর্শ ৰাষ্ট্ৰ গঢ়ি উঠিব পাৰে। নাগৰিকসকলৰ নৈতিক আৰু বুদ্ধিপ্রসূত অৰ্হতাই তেওঁলোকক সুনাগৰিক কৰি গঢ়ি তোলে।

28. সুনাগৰিকৰ তিনিটা অন্তৰায় লিখা।             HS-2013 3
উত্তৰঃ- তলত সুনাগৰিকতা অর্জনৰ ক্ষেত্ৰত থকা প্রতিবন্ধকবিলাক আলোচনা কৰা হ’ল- (ক) উদাসীনতাঃ- উদাসীনতা মানে হ’ল কর্তব্যবোধৰ অভাৱ। সামাজিক জীৱনৰ আটাইতকৈ ডাঙৰ বাধা হ’ল উদাসীনতা। উদাসীন মানুহ দায়িত্বশীল নহয়। ৰাষ্ট্রৰ কামত উদাসীনতা দেখুৱাটো নাগৰিকৰ পক্ষে নৈতিক অপৰাধ।
(খ) অজ্ঞতাঃ- অজ্ঞতা সুনাগৰিকৰ পথৰ প্রতিবন্ধক। যদি এজন নাগৰিক অজ্ঞ হয় তেন্তে তেওঁ নিজৰ দায়িত্ব আৰু কর্তব্যৰ প্রতি সজাগ হ’ব নোৱাৰে।
(খ) অজ্ঞতাঃ- অজ্ঞতা সুনাগৰিকৰ পথৰ প্রতিবন্ধক। যদি এজন নাগৰিক অজ্ঞ হয় তেন্তে তেওঁ নিজৰ দায়িত্ব আৰু কর্তব্যৰ প্রতি সজাগ হ’ব নোৱাৰে।
(গ) এলাহঃ- এলাহ সুনাগৰিক হোৱাৰ ক্ষেত্ৰত এটা ডাঙৰ বাধা। এনেকুৱা মানুহে নিজে চিন্তা নকৰে, আনে চিন্তা কৰিব বুলি গা এৰা দিয়ে। গতিকে এলাহে ব্যক্তিগত আৰু সামাজিক উভয় ক্ষেত্ৰতে ক্ষতি সাধন কৰে।

29. কি কি কাৰণত নাগৰিকত্ব লোপ পায় বৰ্ণনা কৰা।
(অথবা) নাগৰিকত্ব হানি হোৱাৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ-নাগৰিকতা যেনেকৈ লাভ কৰা হয় ঠিক তেনেদৰে নাগৰিকতা হেৰুবাবও পাৰে। নানা কাৰণত এজন লোকে নিজৰ দেশৰ নাগৰিকতা হেৰুওৱাব পাৰে। সেইবোৰ হ’ল-
(ক) যদি এখন দেশৰ নাগৰিকে আন এখন দেশৰ দেশীয়কৃত নাৰিকত্ব গ্রহণ কৰে, তেতিয়া তেওঁ নিজৰ দেশৰ নাগৰিকত্ব হেৰুৱায়। কিয়নো এজন ব্যক্তি একেলগে দুখন ৰাষ্ট্ৰৰ নাগৰিক ক’ব নোৱাৰে।
(খ) কোনো এগৰাকী মহিলাই যদি আন দেশৰ নাগৰিকৰ লগত বিয়া হৈ বিদেশী স্বামীৰ নাগৰিকতা গ্ৰহণ কৰে তেতিয়া তেওঁ নিজৰ দেশৰ নাগৰিকতা হেৰুৱাবলগীয়া হয়।
(গ)এজন নাগৰিকে যদি নিজ দেশ এৰি সুদীর্ঘকাল আন দেশত বসবাস কৰে তেতিয়া তেওঁ নিজ দেশৰ নাগৰিকতা হেৰুৱায়।
(ঘ)ৰাষ্ট্ৰবিৰোধী কোনো গুৰুতৰ অপৰাধত অভিযুক্ত হৈ দণ্ডিত হ’লেও এজন ব্যক্তিয়ে নিজৰ দেশৰ নাগৰিকতা হেৰুওৱাব পাৰে।

30. বিশ্বনাগৰিকত্বৰ বিষয়ে আলোচনা কৰা।         HS-2017, 2019 4
উত্তৰঃ- সাম্প্রতিক কালত গোলকীয় নাগৰিকত্বৰ ধাৰণাই ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আছে। আজিৰ দিনত মানুহে পৰস্পৰ সম্পর্কযুক্ত ৰাষ্ট্ৰত বসবাস কৰে। বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ নতুন নতুন আৱিষ্কাৰ, যেনে—ইণ্টাৰনেট (Internet), দূৰদৰ্শন (Tv), দূৰভাষ (Cell phone) আদিৰ প্ৰভাৱে সমগ্র বিশ্বতে এক নতুন দিগন্তৰ সূচনা কৰিছে। যাগোযাগেৰ নতুন মাধ্যমবোৰে সমগ্র বিশ্বক এটা পৰিয়ালত পৰিণত কৰাৰ ফলত পৃথিৱীৰ যিকোনো ঠাইত সংঘটিত যিকোনো ঘটনা তকালেই সংবাদমাধ্যমৰ জৰিয়তে বিয়পি পৰে। বিশ্বৰ কোনো প্রান্তত ঘটা কোনো দুর্যোগ, যেনে— যুদ্ধ, প্রাকৃতিক দুর্যোগ, ভূমিকম্প ইত্যাদিৰ ফল বিশ্বৰ সকলো মানুহে কম-বেছি পৰিমাণে ভাগে কৰিব লাগে। ইয়াৰ ফলত বিশ্বৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত সহানুভূতি, সচেতনতা আৰু ভ্রাতৃত্বৰ ভাব গঢ়ি উঠে।
বিশ্বসম্প্রদায় অর্থাৎ গোলকীয় সম্প্রদায় (Global Society)ৰ অৱস্থিতি এতিয়ালৈকে নাই যদিও সমগ্র বিশ্বৰ জনসাধাৰণে ৰাষ্ট্ৰীয় পৰিসীমা অতিক্রম কৰি পৰস্পৰ সম্পর্কযুক্ত হৈ আছে। বিশ্ব-নাগৰিকত্বৰ সমর্থকসকলৰ মতে বিশ্বৰ কোনো এখন দেশ বা কোনো অঞ্চলৰ জনসাধাৰণে প্রাকৃতিক দুর্যোগ বা আন কোনো কাৰণত ক্ষতিগ্রস্ত হলে পথিৱীৰ সকলো ঠাইৰ পৰা সহায়ৰ হাত আগবঢ়ায়। এনে ধৰণৰ সহায়-সহযাগিতাই এখন বিশ্ব সমাজ গঠনৰ ইংগিত বহন কৰে বুলি কব পাৰি। গোলকীয় নাগৰিকত্বৰ বাবে এইটো এটা দৃঢ় পদক্ষেপ বুলি ক’ব পাৰি।

31. সাৰ্বজনীন নাগৰিকত্বৰ ধাৰণাটো পৰীক্ষা কৰা।         HS-2018     4
উত্তৰঃ-ৰাষ্ট্র নাগৰিকসকলক লৈ গঠিত হয়। যিসকল ব্যক্তিয়ে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাবে বসবাস কৰি ৰাষ্ট্ৰৰ প্রতি আনুগত্য দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগে কৰে তেওঁলোকক নাগৰিক বোলা হয়।
    বর্তমান নাগৰিক শব্দটোৱে এটা ব্যাপক অর্থক সূচায়। সেয়ে নাগৰিক হিচাপে এখন ৰাষ্ট্ৰত বসবাস কৰা আৰু কাম কৰা সকলো লোকে সমান আৰু সম্পূর্ণ সদস্যতা (Full membership) পোৱাৰ অধিকাৰ আছে। আজিকালি বিশ্বৰ প্রায়বিলাক দেশে সার্বজনীন নাগৰিকত্বৰ (Universal Citizenship) ধাৰণাক সমর্থন কৰে। সেয়ে হ’লেও সকলো ৰাষ্ট্ৰই নিজৰ দেশৰ বাসিন্দাসকলক নাগৰিক বুলি স্বীকৃতি দিয়াৰ বাবে একোটা সুনির্দিষ্ট পদ্ধতি অনুসৰণ কৰে। এই নীতিবিলাক দেশৰ সংবিধান আৰু আইনত স্পষ্টভাবে লিপিবদ্ধ হৈ থাকে। অৱশ্যে বিদেশী বা অবাঞ্চিত লোকসকলক বাহিৰত ৰখাৰ কাৰণে ৰাষ্ট্রই প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতাও আছে।
    বর্তমান সময়ত এখন দেশৰ নাগৰিক হিচাপে কিমান সংখ্যক মানুহক সামৰি ল’ব পাৰি সেইটো এতিয়া মানৱীয়তা তথা ৰাজনৈতিক সমস্যা হিচাপে পৰিগণিত হৈছে বুলি ক’ব পৰি। বিভিন্ন কাৰণত নিজৰ ৰাষ্ট্ৰ এৰি পলাই অহা নাগৰিকক আশ্রয় দিয়া এটা সার্বজনীন নীতি গঢ়ি উঠিছে যদিও বহুবিলাক ৰাষ্ট্ৰই দেশৰ নিৰাপত্তাক বিপদাপন্ন কৰিব নিবিচাৰে। ১৯৭২ চনত বাংলাদেশৰ পৰা যুদ্ধৰ ভয়াবহতাৰ পৰা ৰক্ষা পাবৰ বাবে বহু বাংলাদেশী নাগৰিকে ভাৰতৰ বিভিন্ন ৰাজ্যত আশ্রয় গ্রহণ কৰি আচে।

32. নাগৰিক আৰু ভোটাৰ একেনে? উদাহৰণসমূহ বুজাই দিয়া।
উত্তৰঃ- নাগৰিক আৰু ভোটাৰ (Citizen and Voter): নাগৰিক আৰু ভোটাৰ উভয়ে ৰাষ্ট্ৰৰ নাগৰিক হ’লেও ভোটাৰ আৰু নাগৰিকৰ মাজত মৌলিক প্রভেদ বিদ্যমান।
উত্তৰঃ- নাগৰিক আৰু ভোটাৰ (Citizen and Voter): নাগৰিক আৰু ভোটাৰ উভয়ে ৰাষ্ট্ৰৰ নাগৰিক হ’লেও ভোটাৰ আৰু নাগৰিকৰ মাজত মৌলিক প্রভেদ বিদ্যমান।
(ক)  যিজন নাগৰিকে নির্বাচনত প্রতিনিধি নির্বাচনৰ ভোট দিয়াৰ অধিকাৰ পায় তাকে ভোটাৰ বোলে। ৰাষ্ট্ৰৰ সকলো নাগৰিক ভোটাৰ নহয় কিন্তু সকলো ভোটাৰ নাগৰিক।
(খ) ভোটাৰ হ’বলৈ হ’লে কেইটামান গুণৰ প্রয়োজন। এক নির্দিষ্ট বয়সপ্রাপ্ত নাগৰিকহে ভোটাৰ হ’ব পাৰে। পাগলা, দেউলীয়া, অপৰাধী ব্যক্তি আদি ভোটাৰ হ’ব নোৱাৰে। কিন্তু এই আটাইবোৰ ব্যক্তি ৰাষ্ট্রৰ নাগৰিকা।



Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese



Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.
Previous
Next Post »