-->

স্থানীয় চৰকাৰ । Local Government in Assamese

 Questions Answers of AHSEC Solution for Class 11 Political Science স্থানীয় চৰকাৰ । Local Government . All the important questions answers are discussed in this article.

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

স্থানীয় চৰকাৰ
Local Government

Class XI Political Science

Class 11 PolScience স্থানীয় চৰকাৰ । Local Government  ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 11 Political Science : স্থানীয় চৰকাৰ । Local Government  has been discussed in systematic way. There are approximately important 21 questions answers in this article.

1. স্থানীয় চৰকাৰ কাক বোলে?
উত্তৰঃ-যেতিয়া এখন দেশৰ ভূখণ্ডক ভাগ ভাগ কৰি প্ৰত্যেক অংশৰ শাসনভাৰ পৰিচালনা সেই অঞ্চলৰ লোকৰ হাতত ন্যস্ত কৰা হয় তাকে স্থানীয় স্ব-শাসন বা স্থানীয় চৰকাৰ বোলা হয়।

2. 73তম সংবিধান সংশোধনী আইনৰ দুটা মূল বৈশিষ্ট্য লিখা।     HS-2018
(অথবা) 1994 চনৰ পঞ্চায়তীৰাজ আইনৰ দুটা বৈশিষ্ট্য লিখা।     HS-2011

উত্তৰঃ-সংবিধানৰ 73তম সংশোধনী আইনৰ মূল বৈশিষ্ট্যসমূহ তলত দিয়া হ’ল—
(ক) তিনিখলপীয় পঞ্চায়তীৰাজ ব্যৱস্থাঃ-73তম সংশোধনীয়ে গোটেই দেশখনতে প্ৰযোজ্য হোৱাকৈ তিনিখলপীয় পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাত তৃণমূল পৰ্যায়ত আছে গাঁও পঞ্চায়ত, মাজত আঞ্চলিক পঞ্চায়ত আৰু ওপৰত জিলা পৰিষদ।
(খ) বাধ্যতামূলক গাঁওসভা গঠনঃ-সংবিধানৰ 73তম সংশোধনীৰ ই এক অন্যতম দিশ। প্ৰতিখন গাঁও পঞ্জীয়নভুত সকলো ভোটাৰক লৈ গাঁওসভা গঠিত হ’ব।

3. 1994 চনৰ অসম পঞ্চায়ত আইনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ-1994 চনৰ অসম পঞ্চায়ত আইনৰ বৈশিষ্ট্যসমূহ তলত দিয়া হ’ল—
(ক) সাংবিধানিক মৰ্যাদাঃ-73-নং সংশোধনী আইনখনক সংবিধানৰ নৱম অধ্যায়ত (Part IX) অন্তৰ্ভূক্ত কৰাৰ ফলত স্থানীয় স্ব-শাসন ব্যৱস্থাই সাংবিধানিক মৰ্যাদা পাইছে।
(খ) জিলা পৰিষদ গঠনঃ-জিলা পৰিষদৰ সৃষ্টিক 1994 চনৰ অসম পঞ্চায়ত আইনৰ আন এটা বৈশিষ্ট্য হিচাপে উল্লেখ কৰিব পাৰি। 1986 চনৰ পঞ্চায়ত আইন মতে মহকুমাভিত্তিত মহকুমা পৰিষদ গঠনৰ ব্যৱস্থা আছিল।

4. স্থানীয় চৰকাৰ দুটা বৈশিষ্ট্য লিখা।       HS-2013,2017
উত্তৰঃ-স্থানীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল—
(ক) সামাজিক সংস্থাঃ- স্থানীয় স্বায়ত্ত্ব শাসনৰ গোটবিলাকৰ সংগঠিত সত্ত্বা আছে। আইনৰ দৃষ্টিকোণৰ পৰা চালে স্থানীয় স্ব-শাসনৰ নিজস্ব কৰ্মৰ কাৰণে প্ৰাণ, ইচ্ছা আৰু ক্ষমতা আছে। অৰ্থাত্‍ স্থানীয় স্ব-শাসনৰ বিধিসন্মত অৱস্থিতি আছে।
(খ)স্বতন্ত্ৰতাঃ-স্থানীয় স্বায়ত্ত্ব শাসন কৰ্তৃপক্ষই যথেষ্টৰূপে স্ব-শাসনৰ ক্ষমতা ভোগ কৰে। স্থানীয় কাৰ্য-কলাপ আৰু ক্ষমতা প্ৰয়োগ কৰিবৰ বাবে ই প্ৰয়োজনীয় উপ-বিধি ৰচনা কৰিব পাৰে।

5. অসম পঞ্চায়ত আইন, 1994 অনুসৰি গাঁও পঞ্চায়তৰ দুটা ক্ষমতা লিখা।
উত্তৰঃ-1994 চনৰ পঞ্চায়ত আইনৰ 19নম্বৰ ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যাৱলীৰ বিষয়ে উল্লেখ কৰা আছে। তলত সেই বিষয়ে আলোচনা কৰা হ’ল—
(i) সাধাৰণ কাৰ্যাৱলীঃ-    (ক) গাঁও পঞ্চায়তৰ বাজেট প্ৰস্তুৰ কৰিব
    (গ) চৰকাৰী সম্পত্তিৰ বে-আইনী দখল উচ্ছেদ কৰিব।
(ii) কৃষি সম্পৰ্কীয় সাৰ্যঃ-(ক) চৰণীয়া পথাৰ সংৰক্ষণ কৰি

6. আধুনিক ভাৰতত স্থানীয় চৰকাৰৰ জনক বুলি কাক কোৱা হয়?
উত্তৰঃ-লৰ্ড ৰিপন

7. গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপিত হৈছিল?
উত্তৰঃ-1974 চনত

8. গুৱাহাটী পৌৰ নিগমৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান?     HS-2013
উত্তৰঃ-60 জন

9. কোন চনত সমূহীয়া উন্নয়ন আঁচনি আৰম্ভ কৰা হৈছিল?
উত্তৰঃ- 1952 চনত

10. ভাৰতৰ কোনথন ৰাজ্যই প্ৰথমে পঞ্চায়তৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ- ৰাজস্থানে

11. 73তম সংশোধনী আইনখন কোন চনত গৃহীত হৈছিল?
উত্তৰঃ-1993 চনত

12. পঞ্চায়তৰ কাৰ্যকাল কেই বছৰ?
উত্তৰঃ- ৫ বছৰ

13. অসমত কেই তৰপীয়া পঞ্চায়ত আছে?
উত্তৰঃ- তিনি খলপীয়া

14. 73তম সংশোধনী আইনে মহিলাৰ কাৰণে কিমান শতাংশ আসন সংৰক্ষণ কৰিছে?
উত্তৰঃ-এক তৃতীয়াংশ

15. আঞ্চলিক পঞ্চায়তত কেই প্ৰকাৰৰ সদস্য থাকে?
উত্তৰঃ- চাৰি প্ৰকাৰৰ সদস্য থাকে।

16. ৰাজ্যিক বিত্তীয় আয়োগ কি?      HS-2017
উত্তৰঃ-স্থানীয় চৰকাৰৰ বিত্তীয় দিশ আৰু ৰাজ্য আৰু পঞ্চায়তৰ মাজত কৰ বিতৰণ আৰু পঞ্চায়তসমূহৰ মাজত ইয়াৰ পৰিমাণ ধাৰ্য কৰিবলৈ 73তম সংশোধনী আইনৰ অধীনত গঠন কৰা এক ব্যৱস্থা।

দীঘল প্ৰশ্নোত্তৰ । Essay Types Questions' Answer:-
1. স্থানীয় চৰকাৰ কাক বোলে? স্থানীয় চৰকাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ-যেতিয়া এখন দেশৰ ভূখণ্ডক ভাগ ভাগ কৰি প্ৰত্যেক অংশৰ শাসনভাৰ পৰিচালনা সেই অঞ্চলৰ লোকৰ হাতত ন্যস্ত কৰা হয় তাকে স্থানীয় স্ব-শাসন বা স্থানীয় চৰকাৰ বোলা হয়। চহৰ আৰু গাঁও উভয় অঞ্চলতে স্থানীয় সন্থা নোহোৱা কোনো ৰাষ্ট্ৰ বৰ্তমান নাই।
স্থানীয় চৰকাৰৰ প্ৰয়োজনীয়তাঃ-
    (ক) অঞ্চলভেদে সমস্যাৰ বৈচিত্ৰ্যৰ ৰূপটোক স্থানীয় চৰকাৰেহে অনুধাৱন কৰিব পাৰেঃ-অঞ্চলভেদে সমস্যাবোৰ ভিন্ন ভিন্ন হোৱাৰ কাৰণে দিছপুৰ অথবা দিল্লীত থকা ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰে সমস্যাবোৰ অনুধাৱন কৰিব নোৱাৰে। স্থানীয় জনসাধাৰণক লৈ গঠিত চৰকাৰেহে সমস্যাৰ সমাধান কৰিব পাৰে।
    (খ) স্থানীয় সমস্যা সমাধানৰ বাবে স্থানীয় পাৰদৰ্শিতা আৰু জ্ঞানৰ প্ৰয়োগ কৰিব পাৰেঃ-অঞ্চলভেদে সমস্যাৰ ৰূপ বেলেগ বেলেগ হোৱাৰ কাৰণে সমস্যাৰ জঠিল ৰূপটোক স্থানীয় লোকেহে সঠিকভাৱে অনুধাৱন কৰিব পাৰে আৰু এনে পটভূমিতেই স্থানীয় জনসাধাৰণে ভিন্ন সমস্যা সমাধানৰ স্বকীয় কৌশল বা পাৰদৰ্শিকতা গঢ়ি তোলে।
    (গ) স্থানীয় সম্পদৰ সঠিক মূল্যায়ন আৰু সদব্যৱহাৰ কৰিব পাৰেঃ- কোনো অঞ্চলৰ বিকাশৰ বাবে সঠিক পৰিকল্পনা আৰু সম্পদ দুয়োটাৰে প্ৰয়োজন। স্থানীয় চৰকাৰৰ অন্যতম লক্ষ্যই হ’ল স্থানীয় সম্পদৰ সঠিক মুল্যায়নৰ ভিত্তিত সমস্যা সমাধানৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰা।
    (ঘ) বিকাশ প্ৰক্ৰিয়াৰ স্ব-মূল্যায়নঃ-কোনো আঁচনি প্ৰয়োগৰ ফলত স্থানীয় অঞ্চলৰ জনসাধাৰণ কিদৰে উপকৃত হৈছে, আঁচনি সঠিকবাৱে প্ৰয়োগ কৰা হৈছে নে নাই, বিকল্প কিবা আঁচনি প্ৰয়োগ কৰিলে অধিক সুফল পোৱা যাব নেকি- ইত্যাদি দিশবোৰ আলোচনা কৰাৰ সুবিধা প্ৰদান কৰিছে স্থানীয় চৰকাৰে।

2. 73তম সংবিধান সংশোধনী আইনৰ পাঁচটা মূল বৈশিষ্ট্য লিখা।   HS-2018
উত্তৰঃ-সংবিধানৰ 73তম সংশোধনীয়ে ভাৰতৰ পঞ্চায়তীৰাজ ব্যৱস্থাবোৰৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। ইয়াৰ মূল বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল—
        (ক) তিনিখলপীয় পঞ্চায়তীৰাজ ব্যৱস্থাঃ-73তম সংশোধনীয়ে গোটেই দেশখনতে প্ৰযোজ্য হোৱাকৈ তিনিখলপীয় পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাত তৃণমূল পৰ্যায়ত আছে গাঁও পঞ্চায়ত, মাজত আঞ্চলিক পঞ্চায়ত আৰু ওপৰত জিলা পৰিষদ। এখন বা কেইবাখনো গাঁও লগ লাগি গাঁও পঞ্চায়ত গঠন কৰা হয়।
        (খ) বাধ্যতামূলক গাঁওসবা গঠনঃ-সংবিধানৰ 73তম সংশোধনীৰ ই এক অন্যতম দিশ। প্ৰতিখন গাঁও পঞ্জীয়নভুত সকলো ভোটাৰক লৈ গাঁওসভা গঠিত হ’ব।
        (গ) পোনপটীয়া নির্বাচনঃ-পঞ্চায়তৰ সকলো পৰ্যায়ৰ সদস্য/সদস্যসকল জনসাধাৰণৰ পোনপটীয়া ভোটৰ দ্বাৰা নিৰ্বাচিত হ’ব। পঞ্চায়তৰ বিভিন্ন স্তৰৰ বাবে সমষ্টি(constitution)ও নিৰ্ধাৰণ কৰা হৈছে।
        (ঘ) অনুসূচিত জাতি-জনজাতি আৰু মহিলাৰ বাবে আসন সংৰক্ষণঃ-73তম সংশোধনীয়ে ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলাসকলক চৰকাৰ পৰিচালনাৰ অংশীদাৰ কৰি তুলিলে। পঞ্চায়তৰ সকলো পৰ্যায়তে 1/3 আসন মহিলাৰ বাবে সংৰক্ষণ কৰাৰ উপৰিও জনসংখ্যা অনুপাতে অনুসূচিত জাতি-জনজাতি বাবে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
    (ঙ) পঞ্চায়তৰ বাবে বিষয়সমূহৰ হস্তান্তৰঃ-73তম সংশোধনীয়ে সংবিধানৰ এক নতুন সূচী অন্তৰ্ভূক্ত কৰিছে। সেইখন হ’ল সংবিধানৰ একাদশ সূচী। এই সূচীত পঞ্চায়তৰ বাবে নিৰ্ধাৰণ কৰা মূঠ ২৯টা অন্তৰ্ভূক্ত হৈছে।

3. 1994 চনৰ অসম পঞ্চায়ত আইনৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰঃ-1986 চনৰ পঞ্চায়তীৰাজ আইনৰ পিছত 1994 চনত অসম পঞ্চায়ত আইন নামৰ আন এখন আইন গ্ৰহণ কৰা হয়। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে ভাৰতৰ সংবিধানৰ 73-নং সংশোধনীয়ে প্ৰস্তাৱত গাঁও ভিত্তিত গাঁও পঞ্চায়ত, উন্নয়ন খণ্ডৰ ভিত্তিত আঞ্চলিক পঞ্চায়ত আৰু জিলাভিত্তিত জিলা পৰিষদ গঠনৰ ব্যৱস্থা আছে। সংবিধানৰ সংশোধনী প্ৰস্তাৱৰ লগত সংগতি ৰাখি অসমতো ১৯৯৪ চনত পঞ্চায়ত আইন গ্ৰহণ কৰা হৈছে।  
1994 চনৰ অসম পঞ্চায়ত আইনৰ বৈশিষ্ট্যসমূহ তলত দিয়া হ’ল—
        (ক) সাংবিধানিক মৰ্যাদাঃ-73-নং সংশোধনী আইনখনক সংবিধানৰ নৱম অধ্যায়ত (Part IX) অন্তৰ্ভূক্ত কৰাৰ ফলত স্থানীয় স্ব-শাসন ব্যৱস্থাই সাংবিধানিক মৰ্যাদা পাইছে।
        (খ) জিলা পৰিষদ গঠনঃ-জিলা পৰিষদৰ সৃষ্টিক 1994 চনৰ অসম পঞ্চায়ত আইনৰ আন এটা বৈশিষ্ট্য হিচাপে উল্লেখ কৰিব পাৰি। 1986 চনৰ পঞ্চায়ত আইন মতে মহকুমাভিত্তিত মহকুমা পৰিষদ গঠনৰ ব্যৱস্থা আছিল।
        (গ) কাৰ্যকাল বৃদ্ধিঃ- স্থানীয় স্ব-শাসিত গোটসমূহৰ কাৰ্যকাল বৃদ্ধিকো 1994 চনৰ পঞ্চায়ত আইন আন এটা বৈশিষ্ট্য হিচাপে উল্লেখ কৰা হৈছিল। আগতে স্থানীয় চৰকাৰ স্ব-শাসিত গোটসমূহৰ কাৰ্যকাল আছিল 4 বছৰ।
        (ঘ) মহিলা সকলৰ আসন সংৰক্ষণঃ-1994 চনৰ অসম পঞ্চায়ত আইনৰ আন এটা বৈশিষ্ট্য এই যে এই আইনৰ জৰিয়তে মহিলাসকলৰ কাৰণে 1/3 আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে।

4. স্থানীয় স্বায়ত্ত্ব শাসন ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।   HS-2014, 2015
(অথবা) স্থানীয় চৰকাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ-প্ৰত্যেক দেশতে তাৰ স্থানীয় অঞ্চলসমূহৰ সৈতে জড়িত থকা কাৰ্য আৰু সমস্যাবোৰৰ সমাধানৰ বাবে স্থানীয় স্ব-শাসন প্ৰৱৰ্তন কৰা হৈছে। তলত স্থানীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল—
        (ক) সামাজিক সংস্থাঃ- স্থানীয় স্বায়ত্ত্ব শাসনৰ গোটবিলাকৰ সংগঠিত সত্ত্বা আছে। আইনৰ দৃষ্টিকোণৰ পৰা চালে স্থানীয় স্ব-শাসনৰ নিজস্ব কৰ্মৰ কাৰণে প্ৰাণ, ইচ্ছা আৰু ক্ষমতা আছে। অৰ্থাত্‍ স্থানীয় স্ব-শাসনৰ বিধিসন্মত অৱস্থিতি আছে।
        (খ) স্বতন্ত্ৰতাঃ-স্থানীয় স্বায়ত্ত্ব শাসন কৰ্তৃপক্ষই যথেষ্টৰূপে স্ব-শাসনৰ ক্ষমতা ভোগ কৰে। স্থানীয় কাৰ্য-কলাপ আৰু ক্ষমতা প্ৰয়োগ কৰিবৰ বাবে ই প্ৰয়োজনীয় উপ-বিধি ৰচনা কৰিব পাৰে।
        (গ) স্থানীয় সমস্যাঃ- স্থানীয় স্ব-শাসন কেৱল স্থানীয় সমস্যাবোৰৰ লগত ওতঃপ্ৰোতবাৱে জডিচ। স্থানীয় স্ব-শাসন এটা মৈলিক নীতিৰ ওপৰত গঢ়ি তোলা হৈছে।
        (ঘ) স্থানীয় বৰঙণিঃ-স্থানীয় অধিবাসীসকলে স্থানীয় স্বায়ত্ত্ব শাসনৰ খৰচ-পাতিৰ বুজন অংশ বহন কৰিব লাগে। টকা-পইচাৰ ক্ষেত্ৰত ৰাজ্যিক চৰকাৰৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ থাকিলে স্থানীয় উন্নতি সম্ভৱপৰ নহয়।
        (ঙ) স্থানীয় স্ব-শাসনৰ প্ৰকৃতি পৃথকঃ-স্ব-শাসনৰ প্ৰকৃতি কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ পৰা পৃথক। কেন্দ্ৰীয় চৰকাৰে ভাৰ লোৱা কাৰ্যবিলাক সমগ্ৰ দেশবাসীৰ সমূহীয়া স্বাৰ্থবিহিতঃ যেনে— প্ৰতিৰক্ষা, মুদ্ৰা, ডাক-তাঁৰ, বৈদেশিক পৰিক্ৰমা ইত্যাদি।
        (চ) অ-সাৰ্বভৌমঃ-স্ব-প্ৰশাসন কৰ্তৃপক্ষ হ’ল অ-সাৰ্বভৌম ক্ষমতাপ্ৰাপ্ত সন্থা। ইয়াৰ মৌলিক বা স্বতন্ত্ৰ কৰ্তৃত্ব নাই। ই ৰাজ্যিক চৰকাৰে দিয়া কৰ্তৃত্ব ওপৰত নিৰ্ভৰশীল। স্থানীয় স্ব-শাসনৰ ক্ষমতা আৰু কাৰ্য ৰাজ্যিক বিধানমণ্ডলে নিৰ্ণয় কৰি দিয়ে।

5. অসম পঞ্চায়ত আইন, 1994 অনুসৰি গাঁও পঞ্চায়তৰ ক্ষমতা আৰু কাৰ্যাৱলী বৰ্ণনা কৰা।       HS-2016
উত্তৰঃ-1994 চনৰ পঞ্চায়ত আইনৰ 19নম্বৰ ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যাৱলীৰ বিষয়ে উল্লেখ কৰা আছে। তলত সেই বিষয়ে আলোচনা কৰা হ’ল—
(i) সাধাৰণ কাৰ্যাৱলীঃ-
        (ক) পঞ্চায়ত এলেকাত উন্নয়নৰ কাৰণে বছৰেকীয়া পৰিকল্পনা প্ৰস্তুত কৰিব।
        (খ) গাঁও পঞ্চায়তৰ বাজেট প্ৰস্তুৰ কৰিব
        (গ) চৰকাৰী সম্পত্তিৰ বে-আইনী দখল উচ্ছেদ কৰিব।
(ii) কৃষি সম্পৰ্কীয় সাৰ্যঃ-
        (ক) গাওঁ পঞ্চায়তে 50হেজাৰ টকাতকৈ কম খৰছৰ কৃষি আঁচনি কাৰ্যকৰী কৰিব।
        (খ) চন পৰি থকা মাটিৰ উন্নয়নৰ ব্যৱস্থা কৰিব
        (গ) চৰণীয়া পথাৰ সংৰক্ষণ কৰি
(iii) পশুপালন সম্পৰ্কীয় কাৰ্যঃ-
        (ক) উন্নত জাতৰ গৰু পালন কৰাৰ প্ৰতি পঞ্চায়ত এলেকাৰ লোকক উত্সাiহিত কৰিব
        (খ) হাঁহ, কুকুৰা, গাহৰি আদি পালনৰ কাৰণে জনসাধাৰণৰ উত্সািহিত কৰিব।
        (গ) দুগ্ধ উত্পা দন আঁচনি কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব কৰিব।
(iv) সামাজিক বননিকৰণঃ-
        (ক) পথৰ দাঁতিত গছ ৰোৱাৰ ব্যৱস্থা কৰিব আৰু গছবোৰৰ সংৰক্ষৰ ব্যৱস্থা কৰিব।
        (খ) গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত থকা চৰকাৰী মাটিত বননিকৰণৰ ব্যৱস্থা কৰিব।
        (গ) খৰি হিচাপে ব্যৱহাৰ কৰিবলৈ গছ ৰোৱাৰ ব্যৱস্থা কৰিব।

 

Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.

Previous
Next Post »