-->

বুকু হম্‌ হম্‌ কৰে । Buku hom hom kore - ড. ভুপেন হাজৰিকা

 

বুকু হম্‌ হম্‌ কৰে । Buku hom hom kore

 
বুকু হম্‌ হম্‌ কৰে!
মোৰ আই?
কোনে নিদ্ৰা হৰে!
মোৰ আই!
পুত্ৰ হৈ মই কি মতে তৰোঁ?
আই, তোৰে হৈ মই মৰোঁ?
দেশৰে চন্দ্ৰমা
কাল আন্ধাৰে আৱৰে
অগনি কালিকা
দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে
বজ্ৰসম দৃঢ় আই
চৌপাশৰে গড়
চৌপাশৰে গড় ভেদিম
কিঞ্চিতো নাই পৰ।
যাচিম সান্ত্বনা
আই মুক্তি প্ৰভাতেৰে
থাপিম থাপনা
আই শোণিত তিয়াগেৰে—

(ii) মোৰ গান হওক । Mor gaan hoyok


মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে
এক গভীৰ আস্থাৰ গান।
মোৰ গান হওক
কল্পনা বিলাসৰ বিপৰীতে,
এক সত্য প্ৰশস্থিৰ ধ্যান।।
মোৰ কলাশৈলীতে মূৰ্ত্ত হওক
এক মধুৰ বৈশিষ্ট্যৰ মান।
সেই গানত জাগক জনৈক সংগ্ৰামী
সৈনিকৰ মহাপ্ৰাণ।।
সমসাময়িক সংঘাত
জীৱনৰ জ্যোতিপ্ৰপাত
তাৰেই গান হওক ধন্য
হওক সমৱেত কণ্ঠ অগণ্য।।
ধ্বংসমুখী দৃষ্টিভঙ্গী
কিম্বা মনোমালিন্য
সেয়া নহয় মোৰ গানৰ লক্ষ্য
লক্ষ্য শান্তি অনন্য।।
মোৰ সুৰবিন্যাসত মূৰ্ত্ত হওঁক
অতীত বৰ্ত্তমান
চিৰ উজ্বল ভৱিষ্যতেও যেন
তাতেই কৰে নিতে স্নান।
মোৰ গান হওক
বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে
এক তীব্ৰ গতিৰেই গান।
 

(iii) এটুকুৰা আলসুৱা । Etukura Aalaxuwa


এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়
মোৰ বনহংসই বাট হেৰুৱায়
মই আছোঁ শাৰদীয় খিৰিকীমুখত
বুকুৱে বিচৰাজনলৈ বাট চাই।।
বিজুলীচাকিৰ সৌ তাঁৰবোৰতে
নিয়ৰে ওলমি কিবা কথা পাতে
বিশেষ বিন্দুত অঁকা এখনি মুখে
এমুঠি অনুৰাগ দিয়ে ছটিয়াই
মই এক যক্ষ মহানগৰীৰ
মিছলীয়া মৰমতে কাৰাৰুদ্ধ,
সোঁৱৰণী শ্ৰাৱণতে আৱদ্ধ।
নিয়ন চাকিয়ে আজি চকু টিপিয়াই
শৰত-সন্ধ্যা মহানগৰী সজায়।
মাদকতা সানি আজি লিখিছোঁ চিঠি
চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়।
 

(iv) বিমূৰ্ত্ত মোৰ নিশাটি । Bimurtta mor nishati

 
বিমূৰ্ত্ত মোৰ নিশাটি যেন
মৌনতাৰে সূতাৰে বোৱা
এখনি নীলা চাদৰ।
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ।
এখনি নীলা চাদৰ।
কামনাৰে তেজৰঙা
আজিৰ গভীৰ গৰ্ভতে
নীৰৱ মৰম-বাৰিষা
বহুতো শাওণ-ভাদৰ
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ।
এখনি নীলা চাদৰ।
সৰি পৰে প্ৰত্যাশিত
অস্ফুট এক প্ৰতিধ্বনি
সাদৰী মাতৰ
তাইৰ সাদৰী মাতৰ
পৰিধিবিহীন সঙ্গমমুখী
নিৰ্ম্মল দুটি ওঁঠ
কম্পন-কাতৰ, কম্পন কাতৰ
নিয়ম ভঙাৰ নিয়ম, ই যে
নিয়মাকাংক্ষী বাটৰ
কোমল আঘাত প্ৰতিআঘাত
নীলা নিশাৰ নাটৰ।
দুৰৰ আৰ্ত্তনাদৰ  নদীত
ক্ৰন্দন কোনো ঘাটৰ
ভ্ৰূক্ষেপ নাই লভিছোঁ মই
আলিংগনৰ সাগৰ।
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ।
 

(v) আজি ব্ৰহ্মপুত্ৰ হ’ল । Aaji Brahmaputra hol

 
(কথা : মহামিলনৰ তীৰ্থ এই ব্ৰহ্মপুত্ৰ আজি বহ্নিমান কিয়?)
গীত : আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান!
মনৰ দিনগন্তত ধোঁৱা উৰে
আকাশত পপীয়া তৰা ঘূৰে
পদে পদে কৰে কাক অপমান?
আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান।
এই বহ্নি নহয় শ্যামলী বনৰ
এই বহ্নি ক্ৰোধান্বিত লক্ষ মনৰ
পুঞ্জীভুত নোপোৱাৰ বেদনা
আগ্নেয়গিৰিৰ সমান।
আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান।
সমদলৰ পদধ্বনি
আবালবৃদ্ধবনিতাৰ
স্ব-নিৰাপত্তা লক্ষ্য
আৰু আনকো জীয়াই ৰখাৰ।
সহস্ৰ জনৰ সাহস দেখি
পৃথিৱী কম্পমান।
আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান।
সৌৱা বজ্ৰনিনাদৰ
ভৈয়ামে-পৰ্বতে বাজে
সংগ্ৰামী সুস্থ প্ৰকাশ
বলিষ্ঠ সংযম মাজে;
প্ৰচণ্ড অবহেলা এইবাৰ নাশিবই
জীৱনকো কৰি বলিদান
আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান।
 
Previous
Next Post »