-->

যুক্তৰাষ্ট্ৰবাদ । Federalism - একাদশ শ্ৰেণী

Questions Answers of AHSEC Solution for Class 11 Political Science যুক্তৰাষ্ট্ৰবাদ। Federalism. All the important questions answers are discussed in this article.

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

যুক্তৰাষ্ট্ৰবাদ
Federalism 

Class XI Political Science

Class 11 PolScience যুক্তৰাষ্ট্ৰবাদ । Federalism ৰ প্ৰশ্ন উত্তৰ:-

            The questions answers of Class 11 Political Science : যুক্তৰাষ্ট্ৰবাদ । Federalism has been discussed in systematic way. There are approximately important 37 questions answers in this article.

(1) সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক 'সংঘৰাষ্ট্ৰ' বুলি কোৱা হয়?
উত্তৰঃ- 1 নং অনুচ্ছেদত

(2) ভাৰতত কেন্দ্ৰৰ প্ৰধান্যতাৰ এটা কাৰণ লিখা।   HS-2018
উত্তৰঃ- এক নাগৰিকত্ব

(3) নিজা সংবিধান থকা ভাৰত যুক্তৰাষ্ট্রৰ একমাত্ৰ ৰাজ্যখনৰ নাম লিখা।   HS-2015
উত্তৰঃ-জম্মু আৰু কাশ্মীৰ

(4) ভাৰতীয় যুক্তৰাষ্ট্র এটা বৈশিষ্ট্য লিখা।   HS-2013
উত্তৰঃ-এক নাগৰিকত্ব

(5) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা হৈছে?
উত্তৰঃ-370 নং অনুচ্ছেদত

(6) কেন্দ্রীয় চৰকাৰে কোনো ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ নিব পাৰেনে?
উত্তৰঃ-পাৰে, যেতিয়া ৰাজ্যত আইন শৃংখলা বিঘ্নিত হয়।

(7) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পোনপ্ৰথমে কোন দেশত স্থাপিত হৈছিল?
উত্তৰঃ-আমেৰিকা যুক্তৰাষ্ট্ৰত

(8) ভাৰত যুক্তৰাষ্ট্ৰক সাংবিধানিকভাৱে কি শব্দৰে জনা যায়?
উত্তৰঃ- ৰাজ্যসমূহৰ সংঘ

(9) ভাৰতীয় সংবিধানে ক্ষমতাৰ বিভাজন কৰিছে নেকি?
উত্তৰঃ- কৰিছে

(10) ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত ক্ষমতা বিভাজনৰ বিষয়ে উলেখ আছে?
উত্তৰঃ- সপ্তম অনুসূচীত

(11) ভাৰতৰ নাগৰিকসকলে দ্বি-নাগৰিকত্ব ভোগ কৰে নে?
উত্তৰঃ- নকৰে

(12) ভাৰতবৰ্ষ এখন সম্পূর্ণ যুক্তৰাষ্ট্র হয়নে?
উত্তৰঃ- নহয়, ভাৰতবৰ্ষ অর্ধযুক্তৰাষ্ট্রহে।

(13) ভাৰতীয় যুক্তৰাষ্ট্ৰত অৱশিষ্ট ক্ষমতা কোনে ভোগ কৰে?
উত্তৰঃ- কেন্দ্ৰীয় চৰকাৰে।

(14) NSCN (IM)ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ- Naga Socialist Council of Nagaland (Isak Muivah)

(15) তেলেংগানা ৰাজ্য কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ- 2014 চনত।

(16) ভাৰতবৰ্ষত “ৰাজ্য পুনৰ গঠন আয়োগ” কোন চনত গঠন কৰা হৈছিল?
উত্তৰঃ- 1953 চনত

(17) বর্তমান ভাৰত যুক্তৰাষ্ট্ৰত মুঠ ৰাজ্যৰ সংখ্যা কেইখন?
উত্তৰঃ-বর্তমান ভাৰত যুক্তৰাষ্ট্ৰত মুঠ 28 খন ৰাজ্য আছে।

(18) ভাৰত যুক্তৰাষ্ট্ৰৰ অৱশিষ্টক্ষমতা কাৰ হাতত আছে?
উত্তৰঃ- কেন্দ্ৰীয় চৰকাৰৰ হাতত

(19) ৰাজ্যিক আইন আৰু কেন্দ্রীয় আট মতবিৰোধ হলে কোনখন আইন বাহাল
উত্তৰঃ- কেন্দ্রীয় আইন

(20) সমৱৰ্তীসূচীত কিমানটা বিষয় সন্নিবিষ্ট আছে?
উত্তৰঃ- 52 টা

(21) ৰাজ্যিক সূচীত কিমানটা বিষয় সন্নিবিষ্ট আছে?
উত্তৰঃ- 66 টা

(22) কেন্দ্ৰীয় সূচীত কিমানটা বিষয় সন্নিবিষ্ট আছে?
উত্তৰঃ- 97 টা

(23) বর্তমান ভাৰতত কেইখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল আছে?
উত্তৰঃ-বর্তমান ভাৰতত 28 খন ৰাজ্য আৰু 9খন কেন্দ্রীয় শাসিত অঞ্চল আছে।

(24) ভাৰতীয় সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ বাবে কেইখন তালিকা আছে?
উত্তৰঃ- ৩ খন।

(25) শিক্ষা ভাৰতীয় সংবিধানৰ কোনটো সূচীত অন্তর্ভুক্ত?
উত্তৰঃ-সমৱৰ্তী সূচীত।

(26) ভাৰতীয় সংবিধানৰ দুটা একাত্ম বৈশিষ্ট্য লিখা।    HS-2016
উত্তৰঃ-(ক) এক নাগৰিকত্ব আৰু (খ) কেন্দ্রীয় চৰকাৰৰ প্রাধান্য

(27) সমৱৰ্তী সূচীৰ অন্তৰ্গত দুটা বিষয়ৰ নাম লিখা।
উত্তৰঃ-(ক) শিক্ষা আৰু (খ) বন

(28) ৰাজ্যিক সূচীৰ অন্তর্ভূক্ত দুটা বিষয়ৰ নাম লিখা।
উত্তৰঃ-(ক) কৃষি আৰু (খ) পশু পালন

(29) কেন্দ্রীয় সূচীত থকা দুটা বিষয়ৰ নাম লিখা।
উত্তৰঃ-(ক) বেংক আৰু (খ) ৰেলপথ

(30) ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা।   HS-2015
উত্তৰঃ-(ক) ক্ষমতাৰ বিতৰণ আৰু (খ) লিখিত সংবিধান

(31) ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজনৰ তালিকা তিনিখন কি কি?   HS-2013
উত্তৰঃ- কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত থকা ক্ষমতা বিভাজনৰ তালিকা তিনিখন হ’ল—
(i) কেন্দ্রীয় সূচী (ii) ৰাজ্যিক সুচী আৰু (iii) সমবর্তী সূচী।

দীঘল প্ৰশ্নোত্তৰ । Essay Types Questions' Answer:-
1. ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় আৰু দুটা অযুক্তৰাষ্ট্ৰীয় চৰিত্ৰ উল্লেখ কৰা।     HS-2019 2+2=4

উত্তৰঃ- ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ হ’ল—
(ক) লিখিত সংবিধান (Written Constitution): যুক্তৰাষ্ট্ৰীয় সংবিধানৰ আটাইতকৈ আৱশ্যকীয় বৈশিষ্ট্য হ'ল লিখিত সংবিধান। কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিৰ দৰে ভাৰতবৰ্ষৰৰ এখন লিখিত সংবিধান আছে। ভাৰতৰ সংবিধানখন পুংখানুপুংখভাৱে লিখি উলিওৱা এখন বৃহৎ দলিলৰ নিচিনা।
(খ) ক্ষমতাৰ বিভাজন (Division of Powers): ভাৰতীয় সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰি দিছে। এই সূচী তিনিখন হ'লঃ (ক) কেন্দ্রীয় সূচী (Union List), (খ) ৰাজ্যিক সূচী, (State List) আৰু (গ) সমৱৰ্তী সূচী (concurrent List)।
ভাৰতীয় সংবিধানৰ দুটা অ-যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ হ’ল—
(ক) নতুন ৰাজ্যৰ সৃষ্টি (Creation of a New State): ভাৰতবৰ্ষৰ সংবিধানে কোনো ৰাজ্য ভাঙি নতুন ৰাজ্যৰ সৃষ্টি বা কেইখনমান ৰাজ্য লগ লগাই এখন ৰাজ্য গঠন কৰাৰ দায়িত্ব কেন্দ্রীয় সংসদৰ ওপৰত ন্যস্ত কৰি কেন্দ্ৰক শক্তিশালী কৰিছে।
(খ) সংবিধানৰ জৰুৰী ব্যৱস্থাৱলী (Emergency Provisions of the constitution): ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত জৰুৰী ক্ষমতা প্রদান কৰি ইয়াৰ একাত্মক ৰূপ প্রতিফলিত কৰিছে। সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতিয়ে বাহ্যিক আক্ৰমণ নাইবা আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিলে কেন্দ্রীয় সংসদে ৰাজ্যিক সূচীভুক্ত যিকোনো বিষয়ৰ ওপৰত আইন প্রণয়নৰ অধিকাৰ লাভ কৰে।

2. ভাৰতীয় সংবিধানৰ চাৰিটা এক কেন্দ্রীক বৈশিষ্ট্য উল্লেখ কৰা।      HS-2013 4
(অথবা) ভাৰতত কেন্দ্ৰৰ প্ৰাধান্যতাৰ চাৰিটা কাৰণ উল্লেখ কৰা।     HS-2018 4

উত্তৰঃ- কেন্দ্রক অধিক শক্তিশালী কৰা বা কেন্দ্ৰৰ প্ৰাধান্যতাৰ কাৰণ বা ভাৰতীয় সংবিধানৰ চাৰিটা এক কেন্দ্রীক বৈশিষ্ট্যসমূহ তলত আলোচনা আগবঢ়োৱা হ'লঃ-
(ক) নতুন ৰাজ্যৰ সৃষ্টি (Creation of a New State): ভাৰতবৰ্ষৰ সংবিধানে কোনো ৰাজ্য ভাঙি নতুন ৰাজ্যৰ সৃষ্টি বা কেইখনমান ৰাজ্য লগ লগাই এখন ৰাজ্য গঠন কৰাৰ দায়িত্ব কেন্দ্রীয় সংসদৰ ওপৰত ন্যস্ত কৰি কেন্দ্ৰক শক্তিশালী কৰিছে।
(খ) সংবিধানৰ জৰুৰী ব্যৱস্থাৱলী (Emergency Provisions of the constitution): ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত জৰুৰী ক্ষমতা প্রদান কৰি ইয়াৰ একাত্মক ৰূপ প্রতিফলিত কৰিছে। সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতিয়ে বাহ্যিক আক্ৰমণ নাইবা আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিলে কেন্দ্রীয় সংসদে ৰাজ্যিক সূচীভুক্ত যিকোনো বিষয়ৰ ওপৰত আইন প্রণয়নৰ অধিকাৰ লাভ কৰে।
(গ) ৰাজ্যসমূহৰ বাবে ৰাজ্যপালৰ নিযুক্তি (Appointment of the Governor for States): ভাৰতৰ ৰাজ্যবোৰৰ সাংবিধানিক মুৰব্বী হ'ল ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্রপতিয়ে ৰাজ্যৰ ৰাজ্যপালসকলক নিযুক্তি দিয়ে আৰু তেওঁৰ সন্তুষ্টিৰ ওপৰত ৰাজ্যপালসকলৰ কার্যকাল নিৰ্ভৰ কৰে। ৰাজ্যপালসকলে কেন্দ্রীয় চৰকাৰৰ দূত হিচাপে কার্যনির্বাহ কৰে।
(ঘ) কেন্দ্ৰৰ বিত্তীয় শ্রেষ্ঠত্ব (Financial Superiority of the Center): সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ বিত্তীয় সম্পর্ক বিষয়ে বিশদভাবে আলোচনা কৰা আছে। কিন্তু সংবিধানে বিত্তীয় ক্ষেত্ৰত ৰাজ্যতকৈ কেন্দ্ৰক বেছি অগ্রাধিকাৰ দিছে। ৰাজ্যবোৰে অনুদান, ঋণ আদিৰ বাবে প্রায় কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
    
3. ভাৰতীয় যুক্তৰাষ্ট্ৰ তিনিটা যুক্তৰাষ্ট্ৰীয় আৰু এটা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা।      HS-2017 4
উত্তৰঃ-ভাৰতীয় সংবিধানৰ তিনিটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ’ল—
(ক) লিখিত সংবিধান (Written Constitution): যুক্তৰাষ্ট্ৰীয় সংবিধানৰ আটাইতকৈ আৱশ্যকীয় বৈশিষ্ট্য হ'ল লিখিত সংবিধান। কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিৰ দৰে ভাৰতবৰ্ষৰৰ এখন লিখিত সংবিধান আছে। ভাৰতৰ সংবিধানখন পুংখানুপুংখভাৱে লিখি উলিওৱা এখন বৃহৎ দলিলৰ নিচিনা।
(খ) দুই তৰপীয়া চৰকাৰ (Two sets of Government): যুক্তৰাষ্ট্রৰ বাবে আন এটা প্রয়োজনীয় বৈশিষ্ট্য হ'ল দুই তৰপীয়া চৰকাৰ। ভাৰতীয় সংবিধানে দ্বৈত শাসনতন্ত্র (Dual polity) প্ৰৱৰ্তন কৰিছে। ভাৰতত এখন কেন্দ্রীয় চৰকাৰ আৰু ২৮খন ৰাজ্যিক চৰকাৰ আছে। ভাৰতবৰ্ষৰ ৰাজ্যবোৰ সংবিধানৰ দ্বাৰা সৃষ্টি কেন্দ্রীয় চৰকাৰে ৰাজ্যবোৰক সৃষ্টি কৰা নাই।
(গ) ক্ষমতাৰ বিভাজন (Division of Powers): ভাৰতীয় সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰি দিছে। এই সূচী তিনিখন হ'লঃ (ক) কেন্দ্রীয় সূচী (Union List), (খ) ৰাজ্যিক সূচী, (State List) আৰু (গ) সমৱৰ্তী সূচী (concurrent List)।
        ভাৰতীয় সংবিধানৰ এটা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য তলত আলোচনা কৰা হ’ল—
(ক) সংবিধানৰ প্ৰাধান্যতাঃ-যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ মৌলিক আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংসদে সংবিধানৰ ‘মূল গাঁথনিৰ’ বাহিৰে সকলো অংশ সংশোধন কৰিব পাৰে। এয়াক ভাৰতীয় সংবিধানৰ এটা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য বুলি ক’ব পাৰি।
(খ) এক-নাগৰিকত্বঃ-যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা থাকে। ভাৰতৰ সংবিধানে দেশৰ নাগৰিকসকলক দ্বি-নাগৰিকত্ব প্ৰদান কৰা নাই। ভাৰতত ৰাজ্যিক নাগৰিকত্বৰ ব্যৱস্থা নাই।
(গ) উচ্চ-সদনত অসমান প্ৰতিনিধিত্বঃ-যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় আইনসভাৰ দ্বিতীয় সদনত ৰাজ্যসমূহৰ সমান প্ৰতিনিধিত্ব থাকে। কিন্তু ভাৰতৰ আইনসভাৰ উচ্চ সদনত সম-প্ৰতিনিধিত্ব নাই।

4. ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ আলোচনা কৰা।      HS-2013
উত্তৰঃ- ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ’ল—
(ক) লিখিত সংবিধান (Written Constitution): যুক্তৰাষ্ট্ৰীয় সংবিধানৰ আটাইতকৈ আৱশ্যকীয় বৈশিষ্ট্য হ'ল লিখিত সংবিধান। কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিৰ দৰে ভাৰতবৰ্ষৰৰ এখন লিখিত সংবিধান আছে। ভাৰতৰ সংবিধানখন পুংখানুপুংখভাৱে লিখি উলিওৱা এখন বৃহৎ দলিলৰ নিচিনা।
(খ) দুই তৰপীয়া চৰকাৰ (Two sets of Government): যুক্তৰাষ্ট্রৰ বাবে আন এটা প্রয়োজনীয় বৈশিষ্ট্য হ'ল দুই তৰপীয়া চৰকাৰ। ভাৰতীয় সংবিধানে দ্বৈত শাসনতন্ত্র (Dual polity) প্ৰৱৰ্তন কৰিছে। ভাৰতত এখন কেন্দ্রীয় চৰকাৰ আৰু ২৮খন ৰাজ্যিক চৰকাৰ আছে। ভাৰতবৰ্ষৰ ৰাজ্যবোৰ সংবিধানৰ দ্বাৰা সৃষ্টি কেন্দ্রীয় চৰকাৰে ৰাজ্যবোৰক সৃষ্টি কৰা নাই।
(গ) ক্ষমতাৰ বিভাজন (Division of Powers): ভাৰতীয় সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰি দিছে। এই সূচী তিনিখন হ'লঃ (ক) কেন্দ্রীয় সূচী (Union List), (খ) ৰাজ্যিক সূচী, (State List) আৰু (গ) সমৱৰ্তী সূচী (concurrent List)।
(ঘ) স্বাধীন ন্যায়পালিকা (Independent Judiciary): আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতৰ সংবিধানতো উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা হৈছে। ভাৰতৰ উচ্চতম ন্যায়ালয় হ'ল সংবিধানৰ অভিভাৱক আৰু চৰম ব্যাখ্যাকর্তা। ইয়াৰ ওপৰত চৰকাৰসমূহৰ মাজত হাোৱা বিবাদ-বিচাৰ কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে।

5. অবশিষ্ট ক্ষমতা কি? এই ক্ষমতা কোনে ভোগ কৰিব পাৰে?      HS-2015
উত্তৰঃ-ভাৰতীয় সংবিধানে তিনিখন ক্ষমতাৰ সূচী- কেন্দ্রীয় সূচী (Union List), ৰাজ্যিক সূচী (State List) আৰু সমৱৰ্তী সূচী (Concurrent List)। এই তিনি সূচীত অন্তর্ভুক্ত নোহোৱা সকলেবোৰ বিষয়ক অৱশিষ্ট ক্ষমতা (Residuary Powers) বুলি কোৱা হয়। ভাৰতীয় সংবিধানে এই অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্রীয় চৰকাৰৰ হাতত অৰ্পণ কৰিছে।

6. ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য লিখা।      HS-2016
উত্তৰঃ-ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্যসমূহ হ’ল—
(ক) নতুন ৰাজ্যৰ সৃষ্টি: ভাৰতবৰ্ষৰ সংবিধানে কোনো ৰাজ্য ভাঙি নতুন ৰাজ্যৰ সৃষ্টি বা কেইখনমান ৰাজ্য লগ লগাই এখন ৰাজ্য গঠন কৰাৰ দায়িত্ব কেন্দ্রীয় সংসদৰ ওপৰত ন্যস্ত কৰি কেন্দ্ৰক শক্তিশালী কৰিছে।
(খ) সংবিধানৰ জৰুৰী: ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত জৰুৰী ক্ষমতা প্রদান কৰি ইয়াৰ একাত্মক ৰূপ প্রতিফলিত কৰিছে। সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতিয়ে বাহ্যিক আক্ৰমণ বাবে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।

7. যুক্তৰাষ্ট্ৰীয়বাদ কি?
উত্তৰঃ- যুক্তৰাষ্ট্ৰ হৈছে সৰু সৰু ৰাষ্ট্ৰবোৰ মিলিত হৈ তৈয়াৰ কৰা এটা সংস্থা, য'ত মিলিত ৰাষ্টবোৰে নিজৰ স্বতন্ত্রতা অক্ষুন্ন ৰাখি উমৈহতীয়া উদ্দেশ্যত একত্রিত হয়।

 


Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.

Previous
Next Post »