-->

স্বাধীনতা । Freedom in Assamese

 

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

Questions Answers of AHSEC Solution for Class 11 Political Science স্বাধীনতা । Freedom. All the important questions answers are discussed in this article.

স্বাধীনতা
Freedom

Class XI Political Science

Class 11 PolScience স্বাধীনতা। Freedom ৰ প্রশ্নোত্তৰ:-

            The questions answers of Class 11 Political Science : স্বাধীনতা। Freedom has been discussed in systematic way. There are approximately important 30 questions answers in this article.


1. "Eternal vigilance is the Price of Liberty."- who said "চিৰন্তন সতৰ্কতাই স্বতন্ত্ৰতাৰ মূল্য"- কোনে কৈছিল?        HS-2011
উত্তৰঃ- থমাছ জেফাৰছন (Thomas Jefferson)

2. ওঠৰ শতিকাত ফৰাচী বিপ্লৱীসকলে 'স্বাধীনতা, সমতা আৰু __' ৰণধ্বনি ব্যৱহাৰ কৰিছিল। (খালী ঠাই পূৰ কৰা)      HS-2019
উত্তৰঃ- ভাতৃত্ববোধ

3. স্বাধীনতাক মানৱজাতিৰ এক মৌলিক অধিকাৰ বুলি কোনে প্ৰথমে যুক্তি দৰ্শাইছিল?     HS-2018
উত্তৰঃ-ৰুছো

4. আধুনিক উদাৰতাবাদৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।     HS-2018
উত্তৰঃ- ধৰ্ম নিৰপেক্ষতা

5. স্বাধীনতা ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা।          HS-2017
উত্তৰঃ-(ক) সংবিধান  আৰু সংবিধানত মৌলিক অধিকাৰক অন্তর্ভুক্তকৰণ

6. নেলচন মেণ্ডেলাৰ জীৱনী-গ্ৰন্থখনৰ নাম কি?      HS-2018,2015
উত্তৰঃ-লং ৱাক টু ফ্ৰীডম (Long Walk to Freedom)

7. 'On Liberty' নামৰ গ্ৰন্থখনৰ লিখক কোন?         HS-2016
উত্তৰঃ- জন ষ্টুৱাৰ্ট মিল (John Stuart Mill)

8. "স্বাধীনতা আমাৰ জন্মগত অধিকাৰ আৰু আমি ইয়াক পাবই লাগিব।"- এইটো কোনে কৈছিল?     HS-2017
উত্তৰঃ- লোকমাণ্য বাল গংগাধৰ তিলক।

9. স্বাধীনতাৰ এটা আদৰ্শ উল্লেখ কৰা।          HS-2011
উত্তৰঃ- মহাত্ম গান্ধী

10. স্বাধীনতা বুলিলে কি বুজা?
উত্তৰঃ- অধ্যাপক গ্ৰীণৰ মতে- "মানুহে নিজৰ মনুষ্যত্বৰ পূৰ্ণ বিকাশৰ কাৰণে নিয়ন্ত্ৰণৰ ভিতৰত থাকি লাভ কৰা ক্ষমতাকে স্বাধীনতা বোলে।"

11. সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা।      HS-2019 2
(ক) অধিক স্বাধীনতাই মানুহৰ সমাজত বিশৃংখল শৃ্ষ্টি কৰে। এই বিশৃংখলতা পৰা ৰক্ষা পাবৰ বাবে সীমাবদ্ধতাৰ প্ৰয়োজন।
(খ) সীমাবদ্ধতাই নাগৰিকৰ ব্যক্তি স্বাধীনতা ৰক্ষা কৰাত সহায় কৰে। যেতিয়া এজন ব্যক্তিয়ে অধিক স্বাধীনতা ভোগ কৰিব তেতিয়া এই স্বাধীনতা অন্য এজন ব্যক্তিৰ স্বাধীনতাৰ হস্তক্ষেপ কৰিব। যেয়েহে এই হস্তক্ষেপৰ পৰা ৰক্ষা পাবলৈ সীমাৱদ্ধতাৰ প্ৰয়োজন।

12. সীমাৱদ্ধতাৰ দুটা উত্সে উল্লেখ কৰা।       HS-2018 2
উত্তৰঃ-বাহ্যিক নিয়ন্ত্রণ, স্বেচ্ছাচাৰী শাসন আৰু ঔপৱেশিক শাসন।

13. স্বাধীনতাৰ ইংৰাজী প্ৰতিশব্দ ‘Liberty’ কোন ভাষাৰ পৰা আহিছে?
উত্তৰঃ- লেটিন ভাষা ‘Liber’-ৰ পৰা।

13. লিবাৰ (Liber) শব্দৰ অৰ্থ কি?
উত্তৰঃ- মুক্ত

15. ফ্রীডম অব ফিযাৰ ‘Freedom of fear’ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰঃ- আঙ ছাং ছ্যু কী (Aung San Suu Kyi)  

16. প্ৰাকৃতিক স্বাধীনতা (স্বাধীনতাৰ সকাৰাত্মক) ধাৰণাটোৰ সমৰ্থক কৰা দুজন চিন্তাবিদৰ নাম লিখা।
উত্তৰঃ- হব হাউচ, অধ্যাপক লাস্কি।

18. স্বাধীনতাৰ নকাৰাত্মক ধাৰণাটোৰ সমৰ্থক কৰা দুজন চিন্তাবিদৰ নাম লিখা।
উত্তৰঃ-আদাম স্মিথ, জন ল’ক।

19. ঋণাত্মক স্বাধীনতাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ- সীমাহীন স্বাধীনতা

20. গণতন্ত্ৰত বাক্‌-স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰা।         HS-2015
উত্তৰঃ-মত প্রকাশ অর্থাৎ বাক-স্বাধীনতা হৈছে স্বকীয় মত প্রকাশৰ স্বাধীনতা। এজন মানুহে সকলো বিষয়তে নিজৰ মতামত স্বাধীনভাৱে প্ৰকাশ কৰিব পৰাই হৈছে বাক্‌ বা মতামত প্রকাশৰ স্বাধীনতা।
    বাক্‌-স্বাধীনতাক ব্যক্তিস্বাধীনতাসমূহৰ ভিতৰত বেছি প্রাধান্য দিয়া হয়। বাক্‌-স্বাধীনতা এপিনে পৌৰ অধিকাৰ আৰু আনপিনে ৰাজনৈতিক অধিকাৰ হিচাবে বিবেচিত হ'ব পাৰে। মানুহৰ বাক্‍‌-স্বাধীনতা নাথাকিলে কোনো ৰাষ্ট্ৰই সফল গণতন্ত্র হ'ব নোৱাৰে। স্বাধীনভাৱে কথা কোৱাৰ অধিকাৰ যদি মানুহৰ নাথাকে তেন্তে তেওঁলোকৰ ব্যক্তিত্বৰ পূর্ণ বিকাশ কেতিয়াও সম্ভৱপৰ নহয়। নিজৰ ভাব সম্পূর্ণভাৱে প্ৰকাশ কৰাৰ অধিকাৰ সকলো মানুহৰে থকা উচিত। কোনো গণতান্ত্রিক চৰকাৰৰ শক্তি আৰু স্থায়িত্ব ঘাইকৈ নিৰ্ভৰ কৰে জনমত সমর্থনৰ ওপৰত। নাগৰিকৰ বাক্‌-স্বাধীনতাই প্রধানতঃ বিশেষ দিশত জনমত গঠনৰ বাবে দায়ী। গতিকে গণতান্ত্রিক আদৰ্শ ৰক্ষাৰ বাবে নাগৰিকৰ বাক্‌-স্বাধীনতা বা মত প্রকাশৰ স্বাধীনতাক অনুমোদন কৰাটো নিতান্ত প্রয়োজন।
        মত প্ৰকাশৰ স্বাধীনতা বুলিলে কেৱল বাক্‌-স্বাধীনতাকে নুবুজায়। বাক্-স্বাধীনতাৰ লগত সংবাদ-পত্র, ৰেডিঅ’, টেলিভিচন, চিনেমা আৰু সভা-সমিতি আহ্বান কৰাৰ স্বাধীনতা ওতঃপ্ৰোতভাৱে জড়িত। এইবোৰৰ সহায়ত নাগৰিকে নিজৰ মতামত স্বাধীনভাৱে আৰু অকুণ্ঠচিত্তে প্ৰকাশ কৰিব পাৰে। জন ষ্টুৱাৰ্ট মিলে (John Stuart Mill) তেওঁৰ “On Liberty” নামৰ গ্রন্থত ব্যক্তিৰ মত প্ৰকাশৰ সমৰ্থনত চাৰিটা যুক্তি দাঙি ধৰিছেঃ
(i) কোনো ধাৰণা বা মতামত অসত্য হ’ব নোৱাৰে। বহু সময়ত অসত্য বুলি বিবেচিত ধাৰণাৰ মাজতো সত্য লুকাই থাকে।
(ii) সত্য নিজে নিজে প্রকাশ নহয়। বিৰোধ আৰু বিতৰ্কৰ মাজেৰেহে প্রকৃত সত্য উদ্‌ঘাটন হয়।
(iii) বিৰোধ আৰু বিতৰ্কৰ মাধ্যমত উপনীত হোৱা মতামত বিশ্বাসযোগ্য বুলি নিশ্চিত কৰিব পাৰে।
(iv) কোনো এটা সময়ত কোনো এখন সমাজে মিছা বুলি বিবেচনা কৰা কোনো মতামত পৰৱৰ্তী সময়ত সঁচা বুলি পৰিগণিত হ’ব পাৰে।

21. স্বাধীনতা ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা।         HS-2017
উত্তৰঃ-গণতান্ত্রিক শাসনব্যৱস্থাত নাগৰিক স্বাধীনতা ৰক্ষাৰ ব্যৱস্থা থাকিব আছে। সেইবোৰ তলত উল্লেখ কৰা হলঃ-
(ক) সংবিধান: নাগৰিক স্বাধীনতা সংৰক্ষণৰ প্ৰথম আৰু প্রধান উপায় হল সংবিধান। প্রত্যেক গণতান্ত্রিক ৰাষ্ট্ৰত সংবিধান হ’ল মৌলিক আইন। চৰকাৰ, ব্যক্তি আৰু সকলো অনুষ্ঠান-প্রতিষ্ঠানে সংবিধানৰ নীতি-নিয়ম মানি চলিবলৈ বাধ্য। চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰৰ ক্ষমতা সংবিধানত বিস্তৃত আকাৰে লিপিবিদ্ধ থকা কাৰণে।
(খ) সংবিধানত মৌলিক অধিকাৰক অন্তর্ভুক্তকৰণ: সংবিধানত মৌলিক অধিকাৰক সন্নিবিষ্ট কৰি নাগৰিকসকলৰ স্বাধীনতাক ৰক্ষা কৰিব পাৰি। সংবিধানত মৌলিক অধিকাৰৰ ব্যৱস্থা থাকিলে, সেই অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰা সহজ নহয়। সংবিধানত উল্লেখ কৰা উপায়ৰ বাহিৰে আন উপায়ে তেনে অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব পৰা নাযায়। অৱশ্যে তেনে অধিকাৰক আদালতৰ জৰিয়তে সাব্যস্ত কৰিব পৰা বিধৰ হ'ব লাগে।
(গ) ন্যায়পালিকাৰ স্বাধীনতা : স্বাধীন ন্যায়পালিকাই নাগৰিক স্বাধীনতাক সুৰক্ষা দিয়াত সহায় কৰিব পাৰে। সাধাৰণতে ব্যক্তিগত লোকতকৈ চৰকাৰেহে বিভিন্ন কাৰণত নাগৰিকৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি নাগৰিক স্বাধীনতাক খর্ব কৰে। তেনে অৱস্থাত নাগৰিকসকলে চৰকাৰী হস্তক্ষেপৰ বিৰুদ্ধে আদালতৰ সহায় ল’ব পাৰে।
(ঘ) ক্ষমতাৰ বিকেন্দ্রীকৰণৰ জৰিয়তে: ক্ষমতাৰ বিকেন্দ্রীকৰণৰ জৰিয়তেও নাগৰিক স্বাধীনতাক সুৰক্ষা দিব পাৰি। ক্ষমতাৰ বিকেন্দ্রীকৰণৰ ফলত নাগৰিকসকলে প্রত্যক্ষভাৱে ৰাজনীতিত অংশগ্রহণ কৰাৰ সুবিধা পায়। ইয়াৰ ফলত তেওঁলোক ৰাজনৈতিকভাৱে সচেতন হয়। ৰাজনৈতিকভাৱে সচেতন নাগৰিক সদায় স্বাধীনতাৰ প্ৰতি সজাগ হয়।

22. নেতিবাচক স্বাধীনতা বুলিলে কি বুজা?         HS-2016
উত্তৰঃ-এচাম চিন্তাবিদৰ মতে নেতিবাচক স্বতন্ত্রতাই স্বাধীনতা ভোগ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্য-বাধকতাক আৰোপ নকৰে। অর্থাৎ ৰাষ্ট্ৰই ব্যক্তিস্বাধীনতাৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ নকৰি ব্যক্তিক নিজ ইচ্ছা অনুসৰি কাম কৰাৰ সুবিধা দিব লাগে।
    নেতিবাচক স্বাধীনতাৰ মূলমন্ত্র হ’ল প্রত্যেক ব্যক্তিয়ে নিজৰ স্বার্থ ভালদৰে বুজে। হব্‌চ, ল’ক, আদাম স্মিথ, বেন্থাম, মিল আদিয়ে স্বতন্ত্ৰতাৰ নেতিবাচক প্রতি সমর্থন আগবঢ়াইছিল।

23. ইতিবাচক স্বাধীনতা বুলিলে কি বুজা?
উত্তৰঃ-ইতিবাচক স্বাধীনতাই নাগৰিকৰ বাবে কিছুমান বিশেষ সা-সুবিধাৰ কথা প্রকাশ কৰে, যিবোৰে ব্যক্তিৰ ব্যক্তিত্বৰ পূর্ণ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইতিবাচক স্বাধীনতাৰ তত্ত্ব ৰাষ্ট্রৰ কল্যাণকামী তত্ত্বৰ লগত জড়িত। ইতিবাচক স্বতন্ত্রতাই এক যুক্তিসংগত বাধা আৰোপৰ মাজত থাকি উপভোগ কৰা স্বাধীনতাক বুজায়। কিছুমান চর্তসাপেক্ষেহে মানুহে নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰে। এই ধাৰণাক গ্রীণ, হব্‌ হাউচ, লাস্কি আদি চিন্তাবিদসকলে সমর্থন জনাইছিল।

24. সকাৰত্মক স্বাধীনতাৰ তাত্পৰ্য সম্পৰ্কে এটা টোকা লিখা।     HS-2018 4
উত্তৰঃ-ইতিবাচক স্বাধীনতাই নাগৰিকৰ বাবে কিছুমান বিশেষ সা-সুবিধাৰ কথা প্রকাশ কৰে, যিবোৰে ব্যক্তিৰ ব্যক্তিত্বৰ পূর্ণ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইতিবাচক স্বাধীনতাৰ তত্ত্ব ৰাষ্ট্রৰ কল্যাণকামী তত্ত্বৰ লগত জড়িত। ইতিবাচক স্বতন্ত্রতাই এক যুক্তিসংগত বাধা আৰোপৰ মাজত থাকি উপভোগ কৰা স্বাধীনতাক বুজায়। অর্থাৎ, আর্থ-সামাজিক আৰু ৰাজনৈতিক চর্ত অবিহনে ইতিবাচক স্বাধীনতা উপভোগ কৰিব নোৱাৰি। কিছুমান চর্তসাপেক্ষেহে মানুহে নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰে।
    ইতিবাচক স্বাধীনতাৰ ধাৰণা মতে ৰাষ্ট্ৰই এনে পৰিবেশ সৃষ্টি কৰিব লাগে য'ত সকলো মানুহে সমান স্বাধীনতা ভোগ কৰিব পাৰে। এই স্বাধীনতাই কোনো বাধা-নিষেধ নথকাৰ কথা প্রকাশ নকৰে। অর্থাৎ অর্থনৈতিক আৰু ৰাজনৈতিক চর্ত অবিহনে ব্যক্তিস্বাধীনতা উপভোগ কৰিব নোৱাৰি। বিশ্বৰ কোনো ব্যক্তি যিহেতু এশ শতাংশই শুদ্ধ নহয় সেয়ে ব্যক্তিস্বাধীনতা সংৰক্ষণৰ কাৰণে প্ৰকৃতি স্বাতন্ত্ৰতাৰ ওপৰত নিয়ন্ত্ৰণ লাগিবই। ইতিবাচক স্বাধীনতাৰ মূল ভিত্তি হ’ল আইন। সমাজৰ শান্তি, প্রগতি আৰু সভ্য জীৱন-যাপনৰ বাবে ইতিবাচক স্বাধীনতাৰ প্রয়োজন অপৰিহার্য।
    উনৈশ শতিকাৰ শেষৰ ফালে ব্যক্তিস্বাধীনতাৰ ইতিবাচক ধাৰণাৰ বিকাশ সাধন হয়। জন ষ্টুৱার্ট মিলে প্রথম অৱস্থাত নেতিবাচক স্বাধীনতাক সমর্থন কৰিছিল যদিও পিছলৈ তাত থকা দুর্বলতাৰ কাৰণে তেওঁ এই ধাৰণাক বাদ দি নতুন আর্থ সামাজিক পৰিস্থিতিৰ পৰিপেক্ষিতত ইতিবাচক স্বাধীনতাৰ সপক্ষে মত পোষণ কৰিছিল। এই ধাৰণাক গ্রীণ, হব্‌ হাউচ, লাস্কি আদি চিন্তাবিদসকলে সমর্থন জনাইছিল।

25. নেতিবাচক আৰু ইতিবাচক স্বাধীনতাৰ ধাৰণা সম্পৰ্কে ব্যাখ্যা কৰা।
উত্তৰঃ- নেতিবাচক স্বাধীনতা:-
এচাম চিন্তাবিদৰ মতে নেতিবাচক স্বতন্ত্রতাই স্বাধীনতা ভোগ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্য-বাধকতাক আৰোপ নকৰে। অর্থাৎ ৰাষ্ট্ৰই ব্যক্তিস্বাধীনতাৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ নকৰি ব্যক্তিক নিজ ইচ্ছা অনুসৰি কাম কৰাৰ সুবিধা দিব লাগে।
    নেতিবাচক স্বাধীনতাৰ মূলমন্ত্র হ’ল প্রত্যেক ব্যক্তিয়ে নিজৰ স্বার্থ ভালদৰে বুজে। গতিকে ৰাষ্ট্ৰই তেওঁক কাৰ্যৰ নিৰ্দেশনা দিয়া বা উদ্দেশ্যত বাধা দিয়া অনুচিত। নেতিবাচক স্বতন্ত্ৰতাৰ এই ধাৰণাই অ-হস্তক্ষেপ নীতিৰ (Laissez-faire) পৃষ্ঠপোষকতা কৰে। হব্‌চ, ল’ক, আদাম স্মিথ, বেন্থাম, মিল আদিয়ে স্বতন্ত্ৰতাৰ নেতিবাচক প্রতি সমর্থন আগবঢ়াইছিল।
ইতিবাচক স্বাধীনতা:-
ইতিবাচক স্বাধীনতাই নাগৰিকৰ বাবে কিছুমান বিশেষ সা-সুবিধাৰ কথা প্রকাশ কৰে, যিবোৰে ব্যক্তিৰ ব্যক্তিত্বৰ পূর্ণ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইতিবাচক স্বাধীনতাই তত্ত্ব ৰাষ্ট্ৰক কল্যাণকামী তত্ত্ব লগত জড়িত। ইতিবাচক স্বতন্ত্রতাই এক যুক্তিসংগত বাধা আৰোপৰ মাজত থাকি উপভোগ কৰা স্বাধীনতাক বুজায়। কিছুমান চর্তসাপেক্ষেহে মানুহে নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰে। এই ধাৰণাক গ্রীণ, হব্‌ হাউচ, লাস্কি আদি চিন্তাবিদসকলে সমর্থন জনাইছিল।
    ইতিবাচক স্বাধীনতাৰ ধাৰণা মতে ৰাষ্ট্ৰই এনে পৰিবেশ সৃষ্টি কৰিব লাগে য'ত সকলো মানুহে সমান স্বাধীনতা ভোগ কৰিব পাৰে। এই স্বাধীনতাই কোনো বাধা-নিষেধ নথকাৰ কথা প্রকাশ নকৰে। অর্থাৎ অর্থনৈতিক আৰু ৰাজনৈতিক চর্ত অবিহনে ব্যক্তিস্বাধীনতা উপভোগ কৰিব নোৱাৰি। এই ধাৰণাক গ্রীণ, হব্‌ হাউচ, লাস্কি আদি চিন্তাবিদসকলে সমর্থন জনাইছিল।

26. স্বাধীনতাৰ সকাৰাত্মক আৰু নকাৰাত্মক ধাৰণাৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা।  HS-2019 6
উত্তৰঃ-স্বাধীনতাৰ ধাৰণাক নেতিবাচক আৰু ইতিবাচক এই দুটা ভাগত ভাগ কৰা হৈছে। এই দুয়োটা ধাৰণাৰ মাজত কিছুমান পার্থক্য থকা দেখা যায়ঃ
(ক) নেতিবাচক স্বাধীনতা চূড়ান্ত আৰু অ-নিয়ন্ত্রিত। আনহাতে, ইতিবাচক বা সকাৰাত্মক স্বাধীনতা সার্বজনীন আৰু প্রকৃত স্বাধীনতা বুলি কোৱা হয়।
(খ) নেতিবাচক স্বাধীনতাই কোনো বাধা আৰোপ কৰা প্ৰকাশ নকৰে। ইতিবাচক স্বতন্ত্রতাৰ প্রধান বৈশিষ্ট্য হ'ল নিয়ন্ত্রণ। ইতিবাচক স্বাধীনতাই নিয়ন্ত্রণবিহীনতাক নুবুজায়।
(গ) নেচিবাচক স্বাধীনতাৰ ধাৰণাই ৰাষ্ট্ৰক ব্যক্তিস্বাধীনতাৰ পৰিপন্থী হিচাপে বিবেচনা কৰে। আনহাতে, ইতিবাচক স্বাধীনতাৰ ধাৰণা মতে- স্বাধীনতা ভোগৰ কাৰণে ৰাষ্ট্ৰই প্রয়োজনীয় পৰিৱেশ সষ্টি কৰা উচিত।
(ঘ) নেচিবাচক স্বাধীনতাৰ ধাৰণাই ব্যক্তিগত কাৰ্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে। কিন্তু স্বাধীনতাৰ ইতিবাচক ধাৰণাই ব্যক্তিৰ সামাজিক দিশৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰে।
(ঙ) নেতিবাচক স্বাধীনতাৰ ধাৰণাই ব্যক্তিগত আৰু ৰাজনৈতিক উভয় দিশৰ ওপৰত প্রাধান্য দিয়ে। কিন্তু স্বতন্ত্রতাৰ ইতিবাচক ধাৰণাই ব্যক্তিগত স্বাধীনতাৰ সামাজিক আৰু অর্থনৈতিক দিশৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে।
(চ)নেতিবাচক স্বাধীনতাৰ ধাৰণা অধিকাৰ, সমতা, ন্যায় আদি ধাৰণাৰ লগত জড়িত নহয়। কিন্তু ব্যক্তিগত স্বাধীনতাৰ ইতিবাচক ধাৰণা নাগৰিকৰ অধিকাৰ, সমতা, ন্যায় আদি ধাৰণাৰ লগত ওতঃপ্রোতভাৱে জড়িত।

27. স্বাধীনতাৰ সংজ্ঞা লিখি লিখি ইয়াৰ শ্ৰেণীবিভাজন আলোচনা কৰা।
উত্তৰঃ-অধ্যাপক গ্ৰীণৰ মতে- "মানুহে নিজৰ মনুষ্যত্বৰ পূৰ্ণ বিকাশৰ কাৰণে নিয়ন্ত্ৰণৰ ভিতৰত থাকি লাভ কৰা ক্ষমতাকে স্বাধীনতা বোলে।"
স্বাধীনতা শ্ৰেণীবিভাজনক তলত উল্লেখ কৰা আলোচনা কৰা হ’ল—
(ক) প্রাকৃতিক স্বাধীনতা : ৰাষ্ট্রৰ উৎপত্তিৰ আগতে প্রাকৃতিক অৱস্থাত মানুহে যি স্বাধীনতা ভোগ কৰিছিল, তাকেই প্রাকৃতিক স্বাধীনতা বোলা হয়। প্রাকৃতিক অৱস্থাত কোনো সাধাৰণ কর্তৃপক্ষ নাছিল; গতিকে মানুহে নিজৰ নিজৰ ইচ্ছা অনুযায়ী কাম কৰিব পাৰিছিল। বহুতে এই স্বাধীনতাক প্ৰকৃতিৰ পৰা পোৱা স্বাধীনতা হিচাপে আখ্যা দিছিল।
(খ)নাগৰিক স্বাধীনতা : নাগৰিকসকলৰ ব্যক্তিত্বৰ প্ৰকাশ আৰু প্রতিভা বিকাশৰ কাৰণে কিছুমান সুযোগ-সুবিধাৰ দৰকাৰ। এই সুযোগ-সুবিধাবোৰক নাগৰিক স্বাধীনতা বোলা হয়। ৰাষ্ট্রৰ পৰাই নাগৰিকে এই স্বাধীনতা পায় আৰু এই স্বাধীনতা ভোগৰ কাৰণে ৰাষ্ট্ৰই নাগৰিকসকলক দৰকাৰী ৰক্ষণা-বেক্ষণ দিয়ে।
(গ) ৰাজনৈতিক স্বাধীনতা : যিবোৰ স্বাধীনতাৰ জৰিয়তে নাগৰিকসকলে ৰাষ্ট্ৰৰ ক্রিয়া-কলাপত প্রত্যক্ষ বা পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পাৰে, তেনেবোৰ স্বাধীনতাকে ৰাজনৈতিক স্বাধীনতা হিচাপে আখ্যা দিয়া হয়। গণতান্ত্রিক ৰাষ্ট্রৰ নাগৰিকসকলে এই স্বাধীনতাক ভোগ কৰে।
(ঘ) অর্থনৈতিক স্বাধীনতা : অর্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ স্বাধীনতাকেই অর্থনৈতিক স্বাধীনতা বোলা হয়। অর্থনৈতিক স্বাধীনতাই কোনো এটা ব্যৱসায় গ্রহণকে নুবুজায়; অর্থনৈতিক ক্ষেত্ৰত মানুহক স্বাৱলম্বী হোৱাকেহে বুজায়। কামৰ অধিকাৰ; উপযুক্ত মজুৰিৰ অধিকাৰ, জিৰণিৰ অধিকাৰ আদিক অর্থনৈতিক অধিকাৰ তথা অর্থনৈতিক স্বাধীনতা আখ্যা দিয়া হয়।
(ঙ) ৰাষ্ট্ৰীয় স্বাধীনতা : ৰাষ্ট্ৰীয় স্বাধীনতাই কোনো দেশক আন দেশৰ তলতীয়া নোহোৱা অৱস্থাক বুজায়। অর্থাৎ সার্বভৌম ৰাষ্ট্ৰ এখনত ৰাষ্ট্ৰীয় স্বাধীনতা থকা বুলি কোৱা হয়। ৰাষ্ট্রৰ সার্বভৌমত্বক ৰাষ্ট্ৰীয় স্বাধীনতা বুলিব পাৰি। এনেকুৱা ৰাষ্ট্রৰ পৰাইহে নাগৰিকে স্বাধীনতা পায় আৰু নাগৰিকসকলক এনেকুৱা ৰাষ্ট্ৰইহে অধিকাৰ ভোগ কাৰণে দৰকাৰী ৰক্ষণা-বেক্ষণ দিব পাৰে।


28. সীমাবদ্ধতাৰ দুটা উত্স উল্লেখ কৰা। 2018 2

উত্তৰঃ- (ক) স্বেচ্ছাচাৰী শাসনঃ- যেতিয়া কোনো সমাজত স্বেচ্ছাচাৰী শাসন চলে তেতিয়া এই শাসনে ব্যক্তিস্বাধীনতাত বাধা আৰোপ কৰিব পাৰে। ব্যক্তিস্বাধীতাক বহু সময়ত শক্তি প্ৰয়োগ কৰি খৰ্ব বা সীমিত কৰিব পাৰে।

(খ) উপনিৱেশিক শাসনঃ- উপনিৱেশিক শাসনৰ অধীনত জনসাধাৰণৰ স্বাধীনতা বহু পৰিমাণে সংকুচিত হয়। ভাৰতবৰ্ষত বৃটিছৰ আমোলত জনসাধাৰণৰ স্বাধীনতা উপভোগৰ ওপৰত কিছুমান বাধা-নিষেধ জাপি দিয়া হৈছিল।

     (গ) কোনো চৰকাৰে আইন প্রণয়নৰ জৰিয়তে ব্যক্তিৰে স্বাধীনতা উপভোগত প্রয়োজনীয় বাধা আৰোপ কৰব পাৰে। আনকি গণতান্ত্রিক ৰাষ্ট্ৰৰ নাগৰিকৰ স্বাধীনতাৰ ওপৰত বহু সময়ত ৰাজহুৱা স্বার্থৰ হকে বাধা-নিষেধ আৰোপ কৰিব পাৰে।

    (ঘ) গণতান্ত্রিক শাসনব্যৱস্থাত চৰকাৰৰ ওপৰত জনসাধাৰণৰ কিছু পৰিমাণে নিয়ন্ত্রণ থাকে। তথাপি ৰাষ্ট্র তথা ৰাজহুৱা স্বার্থৰ ক্ষেত্ৰত চৰকাৰে জনসাধাৰণৰ স্বাধীনতাৰ ওপৰত প্রয়োজনীয় বাধা-নিষেধা আৰোপ কৰিব পাৰে।

    (ঙ) বহু সময়ত দেখা যায় যে সমাজত প্ৰচলিত অসমতাৰ ফলতো নাগৰিকৰ স্বাধীনতা উপভোগৰ ক্ষেত্ৰত সীমাবদ্ধতা আহি পৰে। সেইদৰে অর্থনৈতিক অসমতায়ো ব্যক্তিস্বাধীনতাৰ ওপৰত বাধা আৰোপ হ'ব পাৰে। 


29. সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। 2019 2 

উত্তৰঃ- (ক) নাগৰিক স্বাধীনতাৰ সমতা ৰক্ষা কৰা ৰাষ্ট্রৰ কৰ্তব্য আৰু ৰাষ্ট্ৰই আইনী ব্যৱস্থাৰ জৰিয়তে নাগৰিকৰ স্বাধীনতাক সীমিত কৰা দৰকাৰ হ'ব।

(খ) বাক্-স্বাধীনতা আছে বুলিয়েই যাৰে যি মন যায় তাকে ক'ৰ পাৰিলে সমাজত মিলাপ্রীতি, ভালপোৱা আদি গুণবিলাকৰ অধঃপতন হ'ব। গতিকে সমাজত এক ভাল পৰিবেশ সৃষ্টি কৰাৰ বাবে বাক-স্বাধীনতাৰ ওপৰত কিছু পৰিমাণৰ সীমাবদ্ধতাৰ প্রয়োজন হয়।

(গ) নাগৰিকে যাতে নিজৰ স্বাধীনতা ভোগ কৰিব পাৰে তাৰ বাবে নাগৰিক স্বাধীনতাৰ ওপৰত কিছুমান আইনগত আৰু ৰাজনৈতিক সীমাবদ্ধতাৰ প্রয়োজন আছে।

(ঘ) এখন আদর্শ সমাজ গঢ়িবলৈ হলে নাগৰিকে উপভোগ করা স্বাধীনতাৰ ওপৰত কিছু পৰিমাণৰ সীমাবদ্ধতাৰ প্রয়োজন আছে।


Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.
Previous
Next Post »