-->

অধিকাৰ । Right in Assamese - একাদশ শ্ৰেণী

 

Questions Answers of AHSEC Solution for Class 11 Political Science : অধিকাৰ। Right. All the important questions answers are discussed in this article.

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান 

অধিকাৰ
Right

Class XI Political Science


Class 11 PolScience অধিকাৰ। Right ৰ প্রশ্নোত্তৰ:-

            The questions answers of Class 11 Political Science : অধিকাৰ। Right has been discussed in systematic way. There are approximately important 30 questions answers in this article.


1. অধিকাৰ মানে কি বুজা?             HS-2012
    অধিকাৰৰ সংজ্ঞা দিয়া।

উত্তৰঃ-সমাজৰ যিকোনো সুযোগ-সুবিধাৰদ্বাৰা মানুহে নিজৰ ব্যক্তিত্ব প্রকাশ কৰিব পাৰে। সেইবোৰকে অধিকাৰ বোলা হয়। অধ্যাপক লাঙ্কি (Prof. Laski) মতে- “অধিকাৰ হ’ল সমাজ জীৱনৰ সেইবিলাক অবস্থা যিবিলাক নহ’লে সাধাৰণতে মানুহে ব্যক্তিত্বৰ পূর্ণ বিকাশ সাধন কৰিব নোৱাৰে।”

2. অধিকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।         HS-2014 2016
উত্তৰঃ-অধিকাৰৰ বৈশিষ্ট্য তলত দিয়া হ’ল-
(ক) অধিকাৰ ৰাজনৈতিক প্রক্রিয়াৰ এক অবিচ্ছেদ্য অংগ।
(খ) অধিকাৰৰ উদ্দেশ্য হ’ল সামাজিক প্রাণী হিচাপে প্ৰতিজন মানুহৰ ব্যক্তিত্ব বিকাশৰ সুযোগ প্রদান।

3. আইনগত অধিকাৰ মানে কি?      
উত্তৰঃ- ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত অধিকাৰৰ ধাৰণা বৰ ব্যাপক। সাধাৰণতে যি অধিকাৰক ৰাষ্ট্ৰই স্বীকৃতি দিয়ে আৰু বলবৎ কৰে তাকে বৈধ বা আইনগত অধিকাৰ (Legal Rights) বোলা হয়।

4. মানৱ অধিকাৰ মানে কি?
উত্তৰঃ-মানৱ অধিকাৰ বুলি কওঁতে এনে কিছুমান মৌলিক আৰু হস্তান্তৰবিহীন অধিকাৰক বুজা যায়, যিবিলাক অধিকাৰ প্ৰাকৃতিকভাৱে জন্মগত আৰু এনে অধিকাৰ অবিহনে মানুহে প্ৰকৃত মানুহ হিচাপে জীৱন-ধাৰণ কৰিব নোৱাৰে।

5. মানৱ অধিকাৰৰ এটা উদাহৰণ দিয়া।             HS-2017
উত্তৰঃ- শিক্ষাৰ অধিকাৰ

6. দুটা অর্থনৈতিক অধিকাৰ লিখা।                 HS-2017
উত্তৰঃ- কৰ্মৰ অধিকাৰ, উপযুক্ত বেতনৰ অধিকাৰ

7.  জীৱনৰ অধিকাৰ হৈছে এটা ৰাজনৈতিক অধিকাৰ/অর্থনৈতিক অধিকাৰ/নাগৰিক অধিকাৰ।    HS-2018
উত্তৰঃ- নাগৰিক অধিকাৰ।

8.  ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ সার্বজনীন ঘোষণাপত্র কেতিয়া গ্ৰহণ কৰিছিল?     HS-2013, 2015
উত্তৰঃ- 1948 চনৰ, 10 ডিচেম্বৰত

9.  প্রাকৃতিক অধিকাৰ কি?
উত্তৰঃ- গিডিংচৰ মতে, “প্রাকৃতিক অধিকাৰ বুলিলে এনে কিছুমান অধিকাৰক বুজায় যিবোৰ প্রাকৃতিক নিয়ম অনুসৰি সমাজৰ বাবে প্ৰয়োজনী অধিকাৰ।”

10. বৈধ অধিকাৰ ভেটি হ’ল ______।
উত্তৰঃ- আইন

11. অধিকাৰ আৰু  ______ হ’ল এটা মুদ্ৰাৰ দুটা পিঠি।
উত্তৰঃ-কৰ্তব্য

12. ভাৰতীয় সংবিধানত কিমানবিধ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰঃ- 6 বিধ।

13.  দুটা ৰাজনৈতিক অধিকাৰ নাম লিখা।      HS-2012, 2015
উত্তৰঃ- (ক) ভোটদানৰ অধিকাৰ আৰু (খ) নিৰ্বাচিত হোৱাৰ অধিকাৰ

14. দুটা নাগৰিকৰ পৌৰ অধিকাৰ নাম লিখা।
উত্তৰঃ- (ক) জীৱনৰ অধিকাৰ আৰু (খ) শিক্ষাৰ অধিকাৰ

15. দুটা অৰ্থনৈতিক অধিকাৰ নাম লিখা।  HS-2017
উত্তৰঃ- (ক) কৰ্মৰ অধিকাৰ আৰু (খ) উপযুক্ত বেতনৰ অধিকাৰ

15. দুটা সামাজিক অধিকাৰ নাম লিখা।
উত্তৰঃ- (ক) সমতাৰ অধিকাৰ আৰু (খ) বাসস্থানৰ অধিকাৰ

16. নৈতিক অধিকাৰ বুলিলে কি বুজা?      HS-2011
উত্তৰঃ-যিবোৰ অধিকাৰ নৈতিকতাৰ ফালৰ পৰা লক্ষ্য কৰি সৃষ্টি কৰা হয় তাক নৈতিক অধিকাৰ বোলে। ই মানুহৰ জ্ঞান, বিবেক, নৈতিকতাবোধ আদিৰ ওপৰত প্ৰতিষ্ঠিত। সামাজিক প্ৰথা, দেশাচাৰ, জনমত আদিয়েই হ’ল নৈতিক অধিকাৰৰ ভেঁটি।

17. শুদ্ধ নে অশুদ্ধ লিখা (Write Correct or Incorrect) :
ক) অধিকাৰে কৰ্তব্যক সূচায়।
উত্তৰঃ- শুদ্ধ

খ) জীৱিকাৰ অধিকাৰক প্রয়োজনীয় বুলি দাবী কৰিব পাৰিনে?
উত্তৰঃ- শুদ্ধ

গ) অধিকাৰ মানুহৰ কল্যাণৰ কাৰণে প্রয়োজন।
উত্তৰঃ- শুদ্ধ

ঘ) অধিকাৰ আৰু নৈতিকতা পৰস্পৰ বিৰোধী।
উত্তৰঃ- অশুদ্ধ

ঙ) ধূমপান বা ড্রাগচ সেৱন এটা মৌলিক অধিকাৰ।
উত্তৰঃ- অশুদ্ধ

18. শুদ্ধ উত্তৰ বাছি উলিওৱা-
(i) প্ৰাকৃতিক অধিকাৰবোৰ আমাক দিয়ে-

(ক) সংবিধান        (খ) সংসদ
(গ) প্ৰকৃতিকয়ে    (ঘ) ৰজাই
উত্তৰঃ- প্ৰকৃতিকয়ে

(ii) জীৱনৰ অধিকাৰ হ'ল-
(ক) নৈতিক অধিকাৰ        (খ) পৌৰ অধিকাৰ
(গ) ৰাজনৈতিক অধিকাৰ   (ঘ) অৰ্থনৈতিক অধিকাৰ
উত্তৰঃ- পৌৰ অধিকাৰ

(iii) ভোতদানৰ অধিকাৰ হৈছে এটা ______ ।
(ক) নৈতিক অধিকাৰ        (খ) পৌৰ অধিকাৰ
(গ) ৰাজনৈতিক অধিকাৰ   (ঘ) অৰ্থনৈতিক অধিকাৰ

উত্তৰঃ- ৰাজনৈতিক অধিকাৰ

19. ইমানুৱেল কাণ্টৰ অধিকাৰৰ ধাৰণাটো ব্যাখ্যা কৰা।         HS-2018 4
উত্তৰঃ-প্রথিৱীৰ শ্ৰেষ্ঠ প্রাণী মানৱ জাতি তুলনামূলকভাৱে সর্বশ্রেষ্ঠ সন্মান আৰু মর্যাদাৰ অধিকাৰী। ওঠৰ শতিকাৰ বিশিষ্ট জার্মান দার্শনিক-চিন্তাবিদ ইমানুৱেল কান্ট (Immanual Kant)ৰ মতে এই ধাৰণাটোৰ তাৎপর্যপূর্ণ অর্থ হল প্রত্যেক ব্যক্তিৰ ব্যক্তি হিচাপে তেওঁৰ সন্মান আৰু মর্যাদা আছে আৰু সেই মতে তেওঁলোকক মান্য কৰা উচিত। এজন ব্যক্তি অজ্ঞ, দুযীয়া, ক্ষমতাহীন, অসাধু তথা নৈতিকতাহীন বুলি গণ্য হয় যদিও এজন মানুহ হিচাপে তেওঁক সামান্যতম মর্যাদা হ’লেও দিব লাগে।
    কান্টৰ মতে মানুহক সম্মান জনোৱা মানে তেওঁক নৈতিকভাৱেও একে ব্যৱহাৰ কৰাকে বুজায়। যিসকলে সমাজৰ শ্রেণী বিভাজন (Hierarchical) আৰু মানৱ অধিকাৰ (Human Rights) ভংগকাৰীৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হৈ আছে তেওঁলোকৰ কাৰণে এইটো এটা বিশ্বাসযোগ্য ব্যৱস্থা হিচাপে নির্দিষ্ট হৈছে।
    কান্টৰ এই মন্তব্যই অধিকাৰৰ নৈতিক ধাৰণাকে সূচাইছে। তেওঁৰ এই স্থিতি দুটা যুক্তিৰ ওপৰত সুপ্রতিষ্ঠিত। প্রথম, আমি নিজকে যেনেকৈ যেনেদৰে ভাবো আনকো ঠিক তেনেদৰে ভৰা উচিত। দ্বিতীয়তে, আমাৰ উদ্দেশ্য সাধনৰ কাৰণে আন লােকক প্রলোভিত নকৰাটো নিশ্চিত হোৱা উচিত।

20. অধিকাৰ আৰু দায়বদ্ধতাৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা।         HS-2018, 2019     4/6
উত্তৰঃ-ৰাষ্ট্ৰত নাগৰিকসকলে যেনেকৈ কিছুমান অধিকাৰ লাভ কৰে তেনেকৈ তেওঁলোকৰ কিছুমান দায়িত্বও (Responsibility) থাকে। সমাজৰ আৰু দেশৰ সৰ্বাংগীন মংগলৰ কাৰণে প্রত্যেক নাগৰিকৰ কিছুমান দায়িত্ব থাকে। সেইবোৰ হ’লঃ-
(ক) প্রত্যেক নাগৰিকৰ ৰাষ্ট্রৰ প্রতি আনুগত্য থকা উচিত। প্রত্যেক নাগৰিকে ব্যক্তিগত স্বার্থ ৰাষ্ট্ৰৰ স্বাৰ্থৰ লগত মিলাই দি সমাজৰ স্বাৰ্থৰ বাবে যিকোনো ত্যাগকেই কৰিবলৈ সাজু থাকিব লাগে।
(খ) নাগৰিকৰ আন এটা দায়িত্ব হ’ল আইন মানি চলা। ব্যক্তিস্বাধীনতা ৰক্ষাৰ উপৰিও সমাজৰ সৰ্বাংগীন মংগলৰ কাৰণে আইন প্রণয়ন কৰা হয়।
(গ) প্রত্যেক নাগৰিকে নিজৰ স্বাৰ্থতকৈ দেশৰ স্বাৰ্থক অগ্রাধিকাৰ দিব লাগে। অর্থাৎ, ব্যক্তিগত স্বার্থৰ কথা চিন্তা কৰাৰ লগতে সমাজৰ সমূহীয়া স্বার্থৰক্ষাৰ কাৰণে প্রয়োজনীয় কিছুমান বিষয়ৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব পালন কৰিব লাগে।
(ঘ) নিজৰ, সমাজৰ আৰু দেশৰ সৰ্বাংগীন মংগলৰ বাবে প্রত্যেক নাগৰিকৰ কিছুমান দায়িত্ব থাকে। ৰাষ্ট্ৰীয় ঐক্য, সংহতি আৰু নিৰাপত্তা ৰক্ষাৰ প্রতি লক্ষ্য ৰখাটো প্রতিজন নাগৰিকৰ অৱশ্যে কর্তব্য বা দায়িত্ব।
(ঙ) আধুনিক গণতান্ত্রিক ৰাষ্ট্ৰবোৰত সমতাৰ অধিকাৰে এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আছে। নাগৰিকৰ মাজত জাতি, ধর্ম, ভাষা, লিংগ আদিৰ ভিত্তিত কোনো বৈষম্যমূলক নীতি থাকিব নালাগে। আইনৰ চকুত সমান ব্যৱহাৰ পাৱোৰ অধিকাৰ নাগৰিকৰ আছে।
(চ) আনৰ অধিকাৰক সম্মান জনাৱোটো প্রতিজন নাগৰিকৰ দায়িত্ব কর্তব্য বুলিব পাৰি। এজন ব্যক্তিয়ে নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ লাভ কৰাৰ লগে লগে আন এজনকো এই মতামত প্রকাশৰ অধিকাৰ দিব লাগিব।

21. উপযুক্ত উদাহৰণৰে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰক আলোচনা কৰা।      HS-2019 6
উত্তৰঃ-
(a) ৰাজনৈতিক অধিকাৰ:- বর্তমান যুগ হ’ল গণতন্ত্রৰ যুগ। গণতান্ত্রিক শাসনব্যৱস্থাত ৰাজনৈতিক অধিকাৰে এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আছে। এই অধিকাৰৰ জৰিয়তে নাগৰিকসকলে চৰকাৰৰ কার্য-কলাপত প্রত্যক্ষ বা পৰোক্ষভাৱে অংশগ্রহণ কৰে। ৰাজনৈতিক অধিকাৰ অবিহনে গণতন্ত্র বৰ্তি থকা সম্ভৱ নহয়। এই অধিকাৰ কোনো ৰাষ্ট্রৰ নাগৰিকেহে ভোগ কৰিব পাৰে। বিদেশীৰ এই অধিকাৰ নাথাকে। উদাহৰণস্বৰূপে বিভিন্ন গণতান্ত্রিক ৰাষ্ট্রৰ নাগৰিকসকলে তলত দিয়া ৰাজনৈতিক অধিকাৰবোৰ ভোগ কৰে— ভোটদানৰ অধিকাৰ, নির্বাচিত হোৱাৰ অধিকাৰ, চৰকাৰী চাকৰি পোৱাৰ অধিকাৰ, আবেদন কৰা অধিকাৰ, সমালোচনা কৰাৰ অধিকাৰ, ৰাষ্ট্রৰ বিৰোধিতা কৰাৰ অধিকাৰ।
(b) অথনৈতিক অধিকাৰ:-
অথনৈতিক অধিকাৰে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে। ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা স্বীকৃত সকলো অধিকাৰৰ মূল ভিত্তি হ'ল অর্থনৈতিক অধিকাৰ। অর্থনৈতিক অধিকাৰে মানুহৰ অর্থনৈতিক নিৰাপত্তাক সুৰক্ষিত কৰে। অর্থনৈতিক অধিকাৰ অবিহনে নাগৰিকৰ আন সকলো অধিকাৰ মুল্যহীন হয়।

অধ্যাপক লাস্কিৰ মতে “অথনৈতিক অধিকাৰ হ'ল দৈনিক খাদ্য সংস্থানৰ বাবে যুক্তিসংগত অর্থ সংগ্রহ কৰাৰ সুযোগ"। অথনৈতিক অধিকাৰেহে নাগৰিকৰ আন গণতান্ত্রিক অধিকাৰসমূহক বাস্তৱায়িত কৰিব পাৰে আৰু এটা স্বাভাৱিক জীৱন যাপনত সহায়ক হ'ব পাৰে। উদাহৰণস্বৰূপে নাগৰিকসকলে তলত দিয়া অৰ্থনৈতিক অধিকাৰবোৰ ভোগ কৰে— কৰ্মৰ অধিকাৰ, উপযুক্ত বেতনৰ অধিকাৰ, বৃদ্ধ বয়সত অর্থনৈতিক নিৰাপত্তাৰ অধিকাৰ, বিশ্রাম আৰু জিৰণিৰ অধিকাৰ।
(c) সাংস্কৃতিক অধিকাৰ:-
মানুহ কেৱল ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ পূৰণ হ’লেই নহ’ব, সুস্থ-সবল মনৰ অধিকাৰী হ’বগৈ সাংস্কৃতিক অধিকাৰৰো প্ৰয়োজন। সাংস্কৃতিক অধিকাৰবোৰ পূৰণ হ’লেহে এখন সমাজক উন্নতি হোৱা দেখা যায়।
ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ নাগৰিকে নিজৰ-নিজৰ ভাষা আৰু সংস্কৃতি বজাই ৰাখিব পাৰিব। চৰকাৰী অনুদানেৰে প্ৰতিষ্ঠিত সকলোবোৰ শিক্ষানুষ্ঠানত জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো ছাত্ৰই ভৰ্তি হোৱাৰ সুযোগ লাভ কৰি সংখ্যালঘু শ্ৰেণীয়ে নিজৰ-নিজৰ ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা ল’ব পাৰি।
 
22. নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ বিভিন্ন উপায়বিলাক আলোচনা কৰা।         HS-2015, 2016
উত্তৰঃ- প্রত্যেক গণতান্ত্রিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ কাৰণে কিছুমান অধিকাৰৰ ব্যৱস্থা আছে। ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে এইবোৰ অতিকৈ প্রয়োজনীয়। তলত নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ উপায়সমূহ আলোচনা কৰা হ'ল-
(ক) সংবিধান (Constitution) : নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ প্ৰথম উপায় হ’ল সংবিধান। প্রত্যেক গণতান্ত্রিক ৰাষ্ট্ৰৰ সংবিধানত নাগৰিকৰ অধকাৰসমূহ লিপিবদ্ধ কৰি সিবিলাকৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। উদাহৰণস্বৰূপে, ভাৰতৰ নাগৰিকৰ অধিকাৰসমূহ সংবিধানত সুস্পষ্টভাৱে উল্লেখ আছে।
(খ) আইনৰ শাসন (Rule of Law) : আইনৰ শাসন নাগৰিকৰ অধিকাৰ ৰক্ষাৰ আন এটা উপায়। ইয়াৰ অৰ্থ হৈছে আইনৰ চকুত সকলো সমান। আইনৰ আগত জাতি-ধর্ম, উচ্চ-নীচ, ধনী-দুখীয়া বুলি কোনো প্রভেদ নাথাকে।
(গ) ক্ষমতা পৃথকীকৰণ (Separation of Power) : নাগৰিকৰ অধিকাৰ ৰক্ষা কৰাৰ কাৰণে ক্ষমতা পৃথকীকৰণৰ বিশেষ প্রয়োজন। চৰকাৰৰ তিনিওটা অংগ- কার্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত ক্ষমতাৰ পৃথকীকৰণ হ'লে ব্যক্তিৰ অধিকাৰ ৰক্ষা কৰাত সহায়ক হয়।
(ঘ) বিচাৰ বিভাগৰ স্বাধীনতা (Independence of Judiciary): নির্ভীক আৰু নিৰপেক্ষ বিচাৰ ব্যৱস্থা স্বাধীনতাৰ অন্যতম প্ৰহৰী। প্রত্যেক দেশতে ব্যক্তিৰ অধিকাৰ ৰক্ষাৰ মহান দায়িত্ব বিচাৰ বিভাগৰ ওপৰত ন্যস্ত থাকে। বিচাৰ ব্যৱস্থাৰ ওপৰত চৰকাৰী প্ৰভাৱ থাকিলে এই পবিত্র দায়িত্ব পালন কৰা সম্ভৱ নহয়। এই কাৰণে গণতান্ত্রিক ৰাষ্ট্ৰবোৰত নিৰপেক্ষ আৰু স্বাধীন বিচাৰ বিভাগৰ ব্যৱস্থা কৰা হয়।

23. আইনগত অধিকাৰ সম্পর্কে ব্যাখ্যা কৰা।             HS-2017 4
উত্তৰঃ- ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত অধিকাৰৰ ধাৰণা বৰ ব্যাপক। সাধাৰণতে যি অধিকাৰক ৰাষ্ট্ৰই স্বীকৃতি দিয়ে আৰু বলবৎ কৰে তাকে বৈধ বা আইনগত অধিকাৰ (Legal Rights) বোলা হয়। অধ্যাপক লীককৰ মতে “বৈধ বা আইনগত অধিকাৰ হ’ল নাগৰিকে উপভোগ কৰা কিছুমান সা-সুবিধা যিবোৰ ৰাষ্ট্রৰ সার্বভৌম কর্তৃত্বই প্রদান কৰে আৰু ৰক্ষণা-বেক্ষণ দিয়ে।” এই অধিকাৰসমূহ ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত অর্থাৎ এইবোৰ আইনসংগত। এইবোৰ উলংঘা বা ভংগ কৰিলে ৰাষ্ট্ৰই ইচ্ছামতে শাস্তি বিহিব পাৰে। বৈধ অধিকাৰ সার্বজনীন, ই সকলোৰে বাবে সমানে প্রযোজ্য। ৰাষ্ট্রৰ দ্বাৰা স্বীকৃত এই অধিকাৰসমূহৰ মাজত পাৰস্পৰিক সম্পর্ক আছে।
    বৈধ বা আইনগত অধিকাৰক সাধাৰণতে চাৰিটা ভাগত ভাগ কৰা হয়। সেইবোৰ হ’ল :
১। নাগৰিক বা পৌৰ অধিকাৰ (Civil Rights)
২। ৰাজনৈতিক অধিকাৰ (Political Rights)
৩। অর্থনৈতিক অধিকাৰ (Economic Rights)
৪। সামাজিক অধিকাৰ (Social Rights)।
বৈধ অধিকাৰৰ ভেঁটি হ’ল আইন। এই অধিকাৰবিলাক আইনে সংৰক্ষণ কৰাৰ লগতে নিয়ন্ত্রণো কৰে।

24. অধিকাৰৰ অর্থ ব্যাখ্যা কৰা। ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?
(অথবা) অধিকাৰ কি? অধিকাৰৰ সংজ্ঞা দিয়া।
(অথবা) অধিকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।             HS-2016

উত্তৰঃ-সমাজৰ যিকোনো সুযোগ-সুবিধাৰদ্বাৰা মানুহে নিজৰ ব্যক্তিত্ব প্রকাশ কৰিব পাৰে। সেইবোৰকে অধিকাৰ বোলা হয়। অধ্যাপক লাঙ্কি (Prof. Laski) মতে- “অধিকাৰ হ’ল সমাজ জীৱনৰ সেইবিলাক অবস্থা যিবিলাক নহ’লে সাধাৰণতে মানুহে ব্যক্তিত্বৰ পূর্ণ বিকাশ সাধন কৰিব নোৱাৰে।”
অধিকাৰৰ বিভিন্ন সংজ্ঞাসমূহ সূক্ষ্মভাবে বিশ্লেষণ কৰিলে ইয়াৰ কিছুমান বৈশিষ্ট্য ওলাই পৰে। সেইবোৰৰ তলত দিয়া হ’ল-
(ক) অধিকাৰ ৰাজনৈতিক প্রক্রিয়াৰ এক অবিচ্ছেদ্য অংগ।
(খ) অধিকাৰৰ উদ্দেশ্য হ’ল সামাজিক প্রাণী হিচাপে প্ৰতিজন মানুহৰ ব্যক্তিত্ব বিকাশৰ সুযোগ প্রদান।
(গ) অধিকাৰসমূহ সুনির্দিষ্ট আৰু নির্ধাৰিত। আধুনিক গণতান্ত্রিক ৰাষ্ট্রৰ সংবিধানত নাগৰিকৰ অধিকাৰসমূহ লিপিবদ্ধ থাকে।
(ঘ) আধিকাৰ মানুহৰ ব্যক্তিগত দাবী নহয়; ই হ’ল মানুহৰ সামগ্ৰীক কল্যাণৰ দাবী।

25. ব্যক্তিগত অধিকাৰ ৰাষ্ট্ৰ ওপৰত কিয় সীমাৱদ্ধতা? দুটা কাৰণ লিখা।
উত্তৰঃ- 


Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.
Previous
Next Post »

4 Comments

Click here for Comments
Taikaman
admin
May 29, 2022 at 10:11 AM ×

❤️❤️❤️❤️❤️

Reply
avatar
Mini S
admin
May 29, 2022 at 1:27 PM ×

Selflessness helps us act from our heart and soul instead of our ego, I really appreciate your selfless effect. You're a humble teacher. God bless you,sir!

Reply
avatar
June 3, 2022 at 8:59 AM ×

Hard work pays the dividend. Really helpful. Keep it up.

Reply
avatar