-->

কাৰ্যপালিকা । Executive in Assamese - একাদশ শ্ৰেণী

 Questions Answers of AHSEC Solution for Class 11 Political Science : কাৰ্যপালিকা। Executive. All the important questions answers are discussed in this article.

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

কাৰ্যপালিকা
Executive

Class XI Political Science

Class 11 PolScience কাৰ্যপালিকা। Executive ৰ প্রশ্নোত্তৰ:-

            The questions answers of Class 11 Political Science : কাৰ্যপালিকা। Executive has been discussed in systematic way. There are approximately important 67 questions answers in this article.

1. ভাৰতৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে? HS-2018
উত্তৰঃ- ৰাষ্ট্ৰপতিয়ে

2. ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান?    HS-2014
উত্তৰঃ- 5 বছৰ

3. মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে?     HS-2011
উত্তৰঃ-মন্ত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে

4. ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?     HS-2011
উত্তৰঃ- ৰাষ্ট্ৰপতিয়ে

5. ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন?     HS-2016
উত্তৰঃ- ৰাষ্ট্ৰপতি

6. ভাৰতৰ চৰকাৰপ্ৰধান কোন?
উত্তৰঃ- প্ৰধানমন্ত্ৰী

7. সংসদীয় গণতন্ত্ৰত চৰকাৰৰ প্ৰধান কোন?
উত্তৰঃ- প্ৰধানমন্ত্ৰী

8. ৰাজ্যপালৰ কাৰ্যকাল কিমান?
উত্তৰঃ- 


9. ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়?
উত্তৰঃ- উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশয়ে

10. কোন দেশত একক কাৰ্যপালিকা আছে?
উত্তৰঃ-আমেৰিকা যুক্তৰাষ্ট্ৰত

11. ৰাষ্ট্ৰপতীয়ে লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে?
উত্তৰঃ- 2 জন

12. ৰাষ্ট্ৰপতীয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে?
উত্তৰঃ- 12 জন

13. কোনো মন্ত্ৰী সংসদৰ সদস্য নহলে কিমান দিনৰ ভিতৰত সদস্য হব লাগে?
উত্তৰঃ- ছয় মাহৰ ভিতৰত

14. কোন দেশত বহুত্ব কাৰ্যপালিকাৰ আছে?
উত্তৰঃ- চুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদ

15. কাৰ্যপালিকা কাক বোলে?
উত্তৰঃ- চৰকাৰৰ যিটো অংগই বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ কাৰ্যকৰী কৰে সেই বিভাগটোক কাৰ্যপালিকা বোলা হয়।

16. কোন দেশত বংশানুক্ৰমিক কাৰ্যপালিকা আছে?
উত্তৰঃ- বৃটেইনৰ ৰজা/ৰাণী

17. চৰকাৰৰ প্ৰধান বিভাগ (অংগ) কেইটা?
উত্তৰঃ- তিনিটা

18. ৰাষ্ট্ৰপতি শাসন ব্যৱস্থাত প্ৰকৃত কাৰ্যপালিকা কোন?
উত্তৰঃ- ৰাষ্ট্ৰপতি

19. নামমাত্ৰ কাৰ্যপালিকাৰ এটি উদাহৰণ দিয়া।
উত্তৰঃ- ভাৰতৰ ৰাষ্ট্ৰপতি

20. ৰাজ্যসভাৰ পদেম সভাপতি কোন?
উত্তৰঃ- উপ-ৰাষ্ট্ৰপতি

21. ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক কোন?
উত্তৰঃ- ৰাষ্ট্ৰপতি

22. ভাৰতত কোনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে?
উত্তৰঃ- ৰাষ্ট্ৰপতি

23. ৰাষ্ট্ৰপতি পদ প্ৰাৰ্থীৰ বাবে নিম্নতম বয়স কিমান?
উত্তৰঃ- অন্ততঃ ৩৫ বছৰ

24. ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত কোনে ৰাষ্ট্ৰপতিৰ কাম চলায়?
উত্তৰঃ-উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশয়ে

25. ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা স্বেচ্ছাধীন ক্ষমতা উল্লেখ কৰা।     HS-2018 2
উত্তৰঃ-আন কেইটামান পৰিস্থিতিত ৰাষ্ট্রপতিয়ে তেওঁৰ স্ববিচাৰ ক্ষমতা প্রয়োগ কৰিব পাৰে।
(i) ৰাষ্ট্রপতিয়ে যদি অনুভৱ কৰে যে তেওঁলৈ মন্ত্রীসভাই দিয়া উপদেশত আইনগত ত্রুটি আছে অথবা দেশৰ স্বাৰ্থৰ পৰিপন্থী তেনে সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰিব পাৰে।
(ii) ৰাষ্ট্ৰপতিৰ ভেটো (Veto) ক্ষমতা আছে। ৰাষ্ট্ৰপতিয়ে এই ক্ষমতাৰ বলত সংসদত গৃহীত কোনো বিধেয়কত (বিত্ত বিলৰ বাহিৰে) সন্মতি নিদি প্রত্যাখ্যান কৰিব পাৰে বা বিধেয়কখন পুনৰ বিবেচনাৰ বাবে সংসদলৈ ঘূৰাই পঠিয়াব পাৰে।
(iii) সাধাৰণ নিৰ্বাচনৰ পাছত কোনো দলে সংখ্যাগৰিষ্ঠতা পাবলৈ সক্ষম নহলে প্রধানমন্ত্রী হিচাবে কাক নিযুক্তি দিব সেইটো ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত গ্রহণ কৰিব পাৰে।

26. ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন? তেওঁৰ সাংবিধানিক পদমৰ্যাদা চমুকৈ আলোচনা কৰা।     HS-2016 1=5=6
উত্তৰঃ- ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান হৈছে ৰাষ্ট্ৰপতি।
ৰাষ্ট্ৰপতিৰ সাংবিধানিক পদমৰ্যাদাঃ-
       সংবিধান প্রণেতাসকলে ভাৰতত সংসদীয় গণতন্ত্ৰৰ ভেঁটি স্থাপন কৰিছে। সংসদীয় গণতন্ত্রত মূল ক্ষমতা প্রধানমন্ত্ৰীৰ নেতৃত্বত পৰিচালিত মন্ত্ৰীসভাৰ হাতত ন্যস্ত থাকে। প্রধানমন্ত্রীয়েই চৰকাৰৰ মুৰব্বী আৰু নেতা। ভাৰতৰ ৰাষ্টপতিৰ ভূমিকা বৃটেইনৰ ৰজাৰ দৰে বুলি ড° আম্বেদকাৰে মন্তব্য কৰিছে। তেওঁৰ মতে ৰাষ্ট্রপতিয়ে মন্ত্রীসভাৰ পৰামৰ্শ অগ্রাহ্য কৰিলে তেওঁৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ আনিব পাৰি।
     সংবিধান সভাৰ সদস্যসকলৰ ৰাষ্ট্ৰপতিৰ পদমর্যাদা সম্পর্কে ঐক্যমত ড° আম্বেদকাৰৰ বক্তব্যৰ মাজেদি প্রতিফলিত হৈছে। তেওঁ ৰাষ্ট্ৰপতিৰ পদৰ সাংবিধানিক পদমর্যাদাৰ মূল্যায়ন কৰি কৈছে, “ৰাষ্ট্রপতি ৰাষ্ট্রপ্রধান, কিন্তু শাসনপ্রধান নহয়। তেওঁ জাতিক প্রতিনিধিত্ব কৰে, কিন্তু জাতিক শাসন নকৰে। তেওঁ জাতিৰ প্ৰতীক। প্রশাসনত তেওঁৰ ভূমিকা হ'ল এটি অনুষ্ঠানিক যন্ত্ৰৰ দৰে- যাৰ মাধ্যমত জাতিৰ সিদ্ধান্ত প্রকাশিত হয়।”
      ৰাষ্ট্রপতি মন্ত্রীসভাৰ পৰামর্শ গ্রহণ কৰিবলৈ বাধ্য হয় নে নহয়, সেই সম্পর্কে আগতে মতভেদ আছিল। কাৰণ, সংবিধানত স্পষ্টকৈ লিখা হোৱা নাছিল যে ৰাষ্ট্রপতি মন্ত্রীসভাৰ পৰামর্শ গ্রহণ কৰিবলৈ বাধ্য। ১৯৭৮ চনৰ সংবিধানৰ ৪৪তম সংশোধনী আইন মতে এতিয়া ৰাষ্ট্রপতিয়ে মন্ত্রীসভাৰ পৰামৰ্শ মানি চলিবলৈ বাধ্য।

27. ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহৰ বিষয়ে আলোচনা কৰা।     HS-2014,2016,2017 6
উত্তৰঃ- ভাৰতৰ সংবিধানে ৰাষ্ট্রপতিক কিছুমান জৰুৰী ক্ষমতা প্রদান কৰিছে। সংবিধানত তিনি ধৰণৰ জৰুৰী ক্ষমতাৰ বিষয়ে কোৱা হৈছে- (১) জাতীয় জৰুৰী অৱস্থাৰ ঘোষণা,(২) ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ বাবে জৰুৰী অৱস্থা আৰু (৩) অর্থসংক্রান্তীয় জৰুৰী অৱস্থা।
(১) জাতীয় জৰুৰী অৱস্থাৰ ঘোষণাঃ-সংবিধান ৩৫২নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ যদি বিশ্বাস হয় যে যুদ্ধ, বহিৰাক্ৰমণ আৰু আভ্যন্তৰীণ সশস্ত্র বিদ্ৰোহৰ ফলত এনে এটি অৱস্থাৰ সৃষ্টি হৈছে যাৰ ফলত ভাৰত বা ইয়াৰ কোনো অংশৰ নিৰাপত্তা ক্ষুণ্ণ হ'ব পাৰে, তেনেহ'লে তেওঁ জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। কেন্দ্রীয় মন্ত্রীসভাই লিখিতভাৱে ৰাষ্ট্ৰপতিক এই মর্মে জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ অনুৰোধ কৰিলেহে ৰাষ্ট্রপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। সংসদৰ অনুমতি অবিহনে এই ঘোষণা স্থায়ী হ'ব নোৱাৰে। জৰুৰী অবস্থা ঘোষিত হোৱাৰ এমাহৰ ভিতৰত সংসদৰ উপস্থিত সদস্যৰ দুই-তৃতীয়াংশ ভোটৰ দ্বাৰা এই ঘোষণা অনুমোদিত হ'ব লাগিব। এইদৰে প্ৰতি ৬মাহৰ অন্তৰত সংসদে জৰুৰী অৱস্থাৰ ঘোষণাক অনুমোদন কৰিব লাগে।
(২) ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ জৰুৰী অৱস্থাঃ- ভাৰতৰ সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতি যদি ৰাজ্যৰ ৰাজ্যপালৰ প্রতিবেদনৰ জৰিয়তে বা আন কোনো প্রকাৰে নিশ্চিত হয় যে ৰাজ্যত এনে অৱস্থাৰ সৃষ্টি হৈছে য'ত সংবিধান মতে শাসনকার্য পৰিচালনা কৰিব নোৱাৰি তেতিয়া তেওঁ সংশ্লিষ্ট ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰি ইয়াৰ শাসনভাৰ নিজৰ হাতলৈ আনিব পাৰে। এনে ধৰণৰ জৰুৰী অৱস্থাক ৰাষ্ট্ৰপতিৰ শাসন (President's Rule) বুলিও কোৱা হয়।
     এই জৰুৰী অৱস্থা ঘোষণা হোৱাৰ দুমাহৰ ভিতৰত সংসদৰ উভয় সদনৰ দ্বাৰা ইয়াক অনুমোদন কৰাব লাগিব। প্রতি ৬মাহৰ অন্তৰত সংসদৰ দ্বাৰা অনুমোদন কৰা হ'লে সৰ্বাধিক ৩ বছৰলৈকে কোনো ৰাজ্যত এই ধৰণৰ জৰুৰী অৱস্থা প্ৰচলিত থাকিব পাৰে।
(৩) অর্থসংক্রান্তীয় জৰুৰী অৱস্থাঃ- সংবিধানৰ ৩৬০নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতি হাতত অৰ্থসংক্রান্তীয় জৰুৰী অবস্থা ঘোষশাৰ ক্ষমতা ন্যস্ত কৰা হৈছে। ৰাষ্ট্রপতি যদি নিশ্চিত হয় যে এনে এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে যাৰ ফলত ভাৰত বা ইয়াৰ কোনো অংশৰ আর্থিক সুনাম ক্ষুণ্ণ হ'ব পাৰে, তেতিয়াহ'লে তেওঁ আর্থিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। এনেকুৱা অৱস্থা ঘোষণাৰ দুমাহৰ ভিতৰত তাক সংসদৰ উভয় সদনে অনুমোদন কৰিব লাগিব। অর্থসংক্ৰান্তীয় জৰুৰী অৱস্থা ঘোষণাৰ কো নো সর্বাধিক সময়সীমা সংবিধানত উল্লেখ কৰা হোৱা নাই।

28. ভাৰতৰ ৰাষ্ট্ৰপতিৰ চাৰিটা কাৰ্যপালিকাৰ ক্ষমতা লিখা।       HS-2015 4
উত্তৰঃ-ভাৰতৰ প্ৰধান হ'ল ৰাষ্ট্রপতি। তেওঁৰ নামতে ভাৰতৰ শাসনকার্য পৰিচালনা কৰা হয়। সংবিধানৰ ৫৩(১) নং অনুচ্ছেদত কোৱা হৈছে যে শাসনসংক্রান্তীয় সকলো ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰা হৈছে। তেওঁ এইবিলাক ক্ষমতা নিজে বা অধীনস্থ কর্মচাৰীৰ যোগেদি প্রয়োগ কৰে। ৰাষ্ট্ৰপতি হ'ল শাসনসংক্রান্ত সর্বোচ্চ ক্ষমতাৰ অধিকাৰী। মন্ত্রীসভা গঠনৰ ক্ষেত্ৰত ৰাষ্ট্রপতিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। তেওঁ লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্রধানমন্ত্রী হিচাপে নিয়োগ কৰে। প্রধানমন্ত্রীৰ পৰামর্শ অনুযায়ী ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীপৰিষদৰ অন্যান্য মন্ত্রীসকলকে নিয়োগ কৰে।
       ৰাষ্ট্রপতিৰ নিয়োগসংক্রান্ত ক্ষমতাও বৰ গুৰুত্বপুর্ণ। অংগৰাজ্যৰ ৰাজ্যপাল, উপৰাজ্যপাল, ভাৰতৰ এটর্ণি-জেনেৰেল, মুখ্য হিচাপ পৰীক্ষক, নির্বাচন আয়োগ, কেন্দ্রীয় লোকসেৱা আয়োগৰ সভাপতি আৰু সদস্যসকল আৰু অন্যান্য উচ্চপদস্থ কর্মচাৰীসকলক ৰাষ্ট্রপতিয়ে নিয়োগ কৰে। জৰুৰী অৱস্থা আৰু শাসনতন্ত্র পৰিৱর্তনৰ মধ্যৱর্তী কালছোৱাত তেওঁ বিশেষ বস্থা গ্রহণ কৰিব পাৰে।
      ৰাষ্ট্ৰপতিয়ে প্রয়োজনসাপেক্ষে উচ্চপদস্থ বিষয়াসকলক পদৰ পৰা অপসাৰিত কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে প্রশাসন সম্পর্কীয় যিকোনো বিষয়ত প্রধানমন্ত্ৰীৰ পৰা খবৰ বিচাৰিব পাৰে। মন্ত্রীসভাৰ সিদ্ধান্ত সম্পর্কে তেওঁৰ প্রধানমীৰ পৰা জানিব পাৰে। সংবিধানৰ ৭৮-নং অনুচ্ছেদ অনুযায়ী প্রধানমন্ত্রীয়ে মন্ত্রীসভাৰ সিদ্ধান্ত সম্পর্কে ৰাষ্ট্ৰপতিক জনাই থাকিব লাগে। শাসনসংক্রান্ত যিকোনো বিষয়ত তেওঁ মন্ত্রীসভাৰ দৃষ্টি আকর্ষণ কৰিব পাৰে।

29. ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।     HS-2013 4
(অথবা) কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ চাৰিটা কাৰ্য ব্যাখ্যা কৰা।        HS-2015 4

উত্তৰঃ- সংবিধান অনুসৰি মন্ত্ৰীপৰিষদৰ কাৰ্য হ'ল ৰাষ্ট্ৰপতিক শাসনকাৰ্য পৰিচালনাত সকলো সহায় আৰু পৰামৰ্শদান কৰা। প্ৰকৃততে এই মন্ত্ৰীপৰিষদেই ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা ভোগ কৰে। তলত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা হ'ল—
(ক) নীতি নিৰ্ধাৰণৰ ক্ষমতাঃ- মন্ত্ৰীপৰিষদৰ প্ৰধান দায়িত্ব হ'ল দেশৰ শাসনব্যৱস্থাৰ বিষয়ে নীতি নিৰ্ধাৰণ কৰা। মন্ত্ৰীপৰিষদে বৈদেশিক আৰু আভ্যন্তৰীণ শাসন নীতিও নিৰ্ধাৰণ কৰে। মন্ত্ৰীসভাই শাসন পৰিচালনা আৰু চৰকাৰী আয়-ব্যায়সংক্ৰান্ত বিভিন্ন নীতি প্ৰণয়ন কৰে।
(খ) শাসন-বিভাগীয় ক্ষমতাঃ- মন্ত্ৰীসভাই শাসন বিভাগক পৰিচালনা কৰে। ই চৰকাৰৰ বিভিন্ন বিভাগৰ কামৰ মাজত সমন্বয় সাধন কৰে আৰু বিভিন্ন দপ্তৰৰ তত্ত্বাৱধান কৰে। মন্ত্ৰীসভাই চৰকাৰ আৰু দলৰ নেতৃত্ব দিয়ে।
(গ) আইন প্ৰণয়নঃ- মন্ত্ৰীসভাই আইন প্ৰণয়ন কাৰ্যও নিয়ন্ত্ৰণ কৰে। সংসদত যিবিলাক আইনৰ প্ৰস্তাৱ উত্থাপন কৰিবলগীয়া হয় তাৰ সৰহভাগেই মন্ত্ৰীসকলে উত্থাপন কৰে। মন্ত্ৰীসভাৰ সমৰ্থন অবিহনে কোনো বিলে সংসদৰ অনুমোদন লাভ কৰিব নোৱাৰে।
(ঘ) অৰ্থসংক্ৰান্তীয় ক্ষমতাঃ- চৰকাৰৰ সকলো আয়-ব্যায়ৰ বাবে মন্ত্ৰীসভা দায়ী। চৰকাৰৰ বাজেট মন্ত্ৰীসভাৰ অনুমোদনক্ৰমেহে সংসদত উত্থাপন কৰা হয়। অৰ্থনীতিবিষয়ক সকলো নীতি মন্ত্ৰীসভাই নিৰ্ধাৰণ কৰে।
(ঙ) বৈদেশিক নীতি নিৰ্ধাৰণঃ- মন্ত্ৰীসভাই বৈদেশিক নীতি ৰচনা কৰে। অন্যান্য ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক উন্নত কৰাটো মন্ত্ৰীসভাৰ এটি গুৰুত্বপূৰ্ণ দায়িত্ব। ভাৰতৰ সৈতে, কোনখন ৰাষ্ট্ৰৰ সম্পৰ্ক কেনে হ'ব এই বিষয়ে মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে।
(চ) সংসদৰ ওচৰত দায়বদ্ধতাঃ- কেন্দ্ৰীয় মন্ত্ৰীপৰিষদ দেশৰ শাসনকাৰ্য পৰিচালনাৰ বাবে সংসদৰ ওচৰত দায়িত্বশীল প্ৰত্যেক বিভাগৰ দায়িত্বত এজন মন্ত্ৰী থাকে। মন্ত্ৰীসকল শাসন পৰিচালনাৰ বাবে ব্যক্তিগত আৰু সমূহীয়াভাৱে সংসদৰ ওচৰত দায়বদ্ধ।

30. ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভূমিকা বহলাই লিখা।       HS-2014 4
উত্তৰঃ-ভাৰতৰ সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত যি ক্ষমতা ন্যস্ত কৰিছে প্ৰকৃততে সেই ক্ষমতাসমূহ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাই প্ৰয়োগ কৰে। ৰাষ্ট্ৰৰ শাসনব্যৱস্থাৰ সকলো ক্ষেত্ৰতে তেওঁৰ দায়িত্ব আৰু কৰ্তব্য অত্যন্ত ব্যাপক। তেওঁ দেশৰ প্ৰকৃত শাসক। প্ৰধানমন্ত্ৰীক কেন্দ্ৰ কৰিয়েই গোটেই ৰাষ্ট্ৰৰ শাসনকাৰ্য পৰিচালিত হয়। পদমৰ্যাদাৰ ফালৰ পৰা তেওঁ ৰাষ্ট্ৰত তৃতীয় স্থান অধিকাৰ কৰে। তেওঁৰ পদমৰ্যাদা ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ পিছতেই।
ৰাষ্ট্ৰপতিৰ প্ৰধান পৰামৰ্শদাতা হ'ল প্ৰধানমন্ত্ৰী। তেওঁ হ'ল ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীপৰিষদৰ মাজৰ যোগসূত্ৰ। যুক্তৰাষ্ট্ৰীয় শাসন পৰিচালনা, ৰাজ্যশাসন পৰিচালনা আদি সকলো ক্ষেত্ৰতেই প্ৰধানমন্ত্ৰীৰ প্ৰাধান্য দেখা যায়। ভাৰতৰ ভৱিষত্‍ সম্পূৰ্ণৰূপে ইয়াৰ প্ৰধানমন্ত্ৰীৰ বিচাৰ-বুদ্ধি আৰু কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ সামগ্ৰিক নীতি নিৰ্ধাৰণ, আইন প্ৰণয়ন, ৰাষ্ট্ৰৰ প্ৰশাসন আদি সকলো ক্ষেত্ৰতে নেতৃত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰী হ'ল ভাৰত চৰকাৰৰ সৰ্বপ্ৰধান মূখপাত্ৰ।
      ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা অপৰিসীম হ'লেও তেওঁৰ পক্ষে স্বৈৰাচাৰী হোৱা বিপদজনক। কাৰণ, তেওঁ হ'ল জনসাধাৰণৰ প্ৰতিনিধি। জনসাধাৰণৰ সমৰ্থনৰ ওপৰতহে প্ৰকৃততে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ স্থায়িত্ব নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে যদি জনমতক উপেক্ষা কৰি শাসনকাৰ্য পৰিচালনা কৰে তেতিয়াহ'লে তেওঁৰ ৰাজনৈতিক ভৱিষ্যত্‍ যে এন্ধাৰ সেই বিষয়ে কোনো সন্দেহ নাই।
     ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে। তেওঁৰ পদমৰ্যাদা প্ৰচলিত ৰীতিৰ দ্বাৰা সীমাবদ্ধ নহয়। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা দিনক দিনে বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীৰ এই জনসাধাৰণৰ কল্যাণত নিয়োজিত হ'লে ভাৰতখন শক্তিশালী ৰাষ্ট্ৰত পৰিণত হ'ব আৰু ইয়াৰ গণতন্ত্ৰৰ ভেঁটিও সূদৃঢ় হ'ব।

31. ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।         HS-2017, 2019 6
উত্তৰঃ- প্ৰধানমন্ত্ৰী মন্ত্ৰীসভাৰ গুৰি ধৰোঁতা। তেওঁ মন্ত্ৰীসভাৰ সৰ্বপ্ৰধান ব্যক্তি। তেওঁৰ ওপৰতেই চৰকাৰ পৰিচালনাৰ ক্ষমতা ন্যস্ত কৰা হৈছে। তেওঁৰ কৰ্তব্য যিদৰে গুৰুতৰ, কৰ্তৃত্বও সেইদৰে সৰ্বাধিক।
(ক) মন্ত্ৰীপৰিষদ গঠনঃ- প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী ৰাষ্ট্ৰপতিয়ে অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে। বাস্তৱিকতে মন্ত্ৰীপৰিষদ আৰু মন্ত্ৰীসভাৰ আয়তন স্থিৰ কৰা, মন্ত্ৰীসকলক মনোনীত কৰা আৰু তেওঁলোকৰ মাজত দপ্তৰ ভাগ কৰা প্ৰধানমন্ত্ৰীৰ নিজস্ব ক্ষমতা আৰু অধিকাৰৰ অন্তৰ্গত। প্ৰধানমন্ত্ৰীয়ে যিকোনো মন্ত্ৰীক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিব পাৰে।
(খ) দপ্তৰ বিতৰণঃ- প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰে। অৱশ্যে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ ব্যক্তিগত ইচ্ছা, তেওঁলোকৰ দলীয় স্থান আৰু প্ৰভাৱৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। প্ৰধানমন্ত্ৰীয়ে ইচ্ছা কৰিলে সময়ে সময়ে মন্ত্ৰীসকলৰ দপ্তৰৰ সাল-সলনিও কৰিব পাৰে।
(গ) মন্ত্ৰীপৰিষদৰ সদস্যসকলৰ সাল-সলনিঃ- প্ৰধানমন্ত্ৰী যেনেকৈ মন্ত্ৰীসকলৰ নিয়োগৰ ক্ষেত্ৰত স্ব-ইচ্ছাৰ দ্বাৰা পৰিচালিত হয়, তেনেকৈ তেওঁ ইচ্ছামতে মন্ত্ৰীসকলৰ সাল-সলনিও কৰিব পাৰে। মন্ত্ৰীপৰিষদক নেতা হিচাপে তেওঁ যিকোনো মন্ত্ৰীৰ মন্ত্ৰীপৰিষদৰ পৰা বাদ দিব পাৰে বা নতুন মন্ত্ৰী মনোনীত কৰিব পাৰে।
(ঘ) সংখ্যাগৰিষ্ঠ দলৰ নেতাঃ- প্ৰধানমন্ত্ৰী লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা। প্ৰধানমন্ত্ৰীয়ে শাসনকাৰ্য পৰিচালনা কৰোতে দলীয় নীতি পালন কৰিব লাগিব। প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু প্ৰাধান্যৰ মূল ভিত্তি হ'ল দলীয় আনুগত্য আৰু দলৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দলক উপেক্ষা কৰিব নোৱাৰে।
(ঙ)মন্ত্ৰীসভাৰ সভাপতিঃ- প্ৰধানমন্ত্ৰী মন্ত্ৰীসভাৰ সভাপতি। মন্ত্ৰীসভাৰ আলোচ্য বিষয়-বস্তু সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰীসভাত কোনো সিদ্ধান্ত গ্ৰহণ কৰোতে যাতে মতবিৰোধ নহয় তাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে লক্ষ্য ৰাখিব লাগিব।
(চ) শাসনব্যৱস্থাৰ পৰিচালকঃ- প্ৰধানমন্ত্ৰীয়ে বিভিন্ন মন্ত্ৰীৰ আৰু মন্ত্ৰণালয়ৰ কাৰ্যাৱলীৰ সমন্বয় সাধন কৰে। মন্ত্ৰীপৰিষদে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত শাসনকাৰ্য পৰিচালনা কৰে। তেখেতক দেশৰ শাসনব্যৱস্থা প্ৰধান পৰিচালক বুলি কোৱা হয়।
    ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে।

32. আমোলাতন্ত্ৰ মানে কি বুজা? আমোলাতন্ত্ৰৰ কাৰ্যাৱলী আলোচনা কৰা।
উত্তৰঃ-আধুনিক গণতান্ত্ৰিক শাসনব্যৱস্থাত চৰকাৰৰ কাৰ্যবাহী অংগই প্ৰধানমন্ত্ৰী, মন্ত্ৰীপৰিষদ আৰু এটা বৃহত্‍ সংগঠন আমোলতন্ত্ৰ বা প্ৰশাসনীয় যন্ত্ৰক সামৰি গঠিত হয়। মন্ত্ৰীসকলে প্ৰশাসনৰ নীতি নিৰ্ধাৰণ কৰে আৰু এই নীতিবোৰ কাৰ্যকৰী কৰিবলৈ চৰকাৰৰ স্থায়ী কৰ্মচাৰী হিচাবে কাম কৰা প্ৰশিক্ষণপ্ৰাপ্ত আৰু দক্ষতাপূৰ্ণ বিষয়াৰ ওপৰত দায়িত্ব অৰ্পণ কৰা এই বিষয়াসকলক 'Bureaucrat' বা আমোলা বোলা হয়। তলত আমোলাসকলৰ কাৰ্যাৱলীৰ আলোচনা কৰা হ'ল-
(ক) চৰকাৰী নীতি ৰূপায়ণঃ- চৰকাৰে গ্ৰহণ কৰা নীতিবিলাক সকলো ক্ষেত্ৰতে বাস্তৱত ৰূপায়িত কৰা আমোলাসকলৰ দায়িত্ব। এওঁলোকে নীতিসমূহৰ কাৰ্যকৰী ৰূপ দিয়ে।
(খ) পৰামৰ্শদানঃ- উচ্চপদস্থ আমোলাসকলে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো এটি উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। এওঁলোকে মন্ত্ৰীসকলক বা আইনসভাক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীসভাক পৰামৰ্শদান কৰা আমোলাতন্ত্ৰৰ অন্যতম কাম।
(গ) প্ৰশাসনিক নীতি নিৰ্ধাৰণঃ- আমোলাসকলে দৈনন্দিন প্ৰশাসন পৰিচালনাৰ বাবে প্ৰশাসনিক নীতি গ্ৰহণ কৰে। চৰকাৰৰ মৌলিক নীতি নিৰ্ধাৰণত এওঁলোকৰ ভূমিকা অ-প্ৰত্যক্ষ, কিন্তু প্ৰশাসনিক নীতি নিৰ্ধাৰণত এওঁলোকে প্ৰত্যক্ষ ভূমিকা গ্ৰহণ কৰে।
(ঘ) দৈনন্দিন কাৰ্য পৰিচালনাঃ- চৰকাৰী যন্ত্ৰক সচল কৰি ৰাখিবৰ বাবে আমোলাসকলে ধৰা-বন্ধা নিয়মৰ মাজেদি দৈনিক কাৰ্য পৰিচালনা কৰিবলগীয়া হয়। গুৰুতৰ বিষয়ৰ পৰা আৰম্ভ কৰি সকলো সৰু-সুৰা বিষয়াৰ ওপৰতো এওঁলোকে চকু দিবলগীয়া হয়।

33. ভাৰতীয় প্ৰশাসনীয় ব্যৱস্থাত আমোলাতন্ত্ৰৰ গুৰুত্ব পৰীক্ষা কৰা।         HS-2018 4
উত্তৰঃ- আধুনিক গণতান্ত্ৰিক শাসনব্যৱস্থাত চৰকাৰৰ কাৰ্যবাহী অংগই প্ৰধানমন্ত্ৰী, মন্ত্ৰীপৰিষদ আৰু এটা বৃহত্‍ সংগঠন আমোলতন্ত্ৰ বা প্ৰশাসনীয় যন্ত্ৰক সামৰি গঠিত হয়। এই প্ৰশাসন যন্ত্ৰক সামৰিক সেৱাৰ পৰা পাৰ্থক্য কৰি ইয়াক অ-সামৰিক সেৱা হিচাপে চিহ্নিত কৰা হৈছে। মন্ত্ৰীসকলে প্ৰশাসনৰ নীতি নিৰ্ধাৰণ কৰে আৰু এই নীতিবোৰ কাৰ্যকৰী কৰিবলৈ চৰকাৰৰ স্থায়ী কৰ্মচাৰী হিচাবে কাম কৰা প্ৰশিক্ষণপ্ৰাপ্ত আৰু দক্ষতাপূৰ্ণ বিষয়াৰ ওপৰত দায়িত্ব অৰ্পণ কৰা এই বিষয়াসকলক 'Bureaucrat' বা আমোলা বোলা হয়।
বৰ্তমান কালৰ গণতান্ত্ৰিক শাসনব্যৱস্থাত চৰকাৰী কৰ্মচাৰী অৰ্থাত্‍ আমোলসকলৰ ভূমিকা অপৰিসীম। গণতান্ত্ৰিক নীতি-নীতিৰ লগত সামঞ্জস্য ৰাখি দক্ষতাৰে নিজৰ দৈনন্দিন প্ৰশাসনীয় কাৰ্য পৰিচালনা কৰিব পৰাই হ'ল এটা ভাল চৰকাৰৰ পৰিচয়। প্ৰকৃতপক্ষে চৰকাৰী আমোলা অথবা চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰতে বৰ্তমান কালত যিকোনো ৰাষ্ট্ৰৰ শাসন সংগঠন নিৰ্ভশীল।

       ৰাষ্ট্ৰৰ আভ্যন্তৰীণ প্ৰশাসন আৰু আন্তৰ্জাতিক সম্পৰ্ক বৰ্তমান এনে জটিল হৈ উঠিছে যে উপযুক্ত কৰ্মচাৰীৰ সহায় আৰু    পৰামৰ্শ অবিহনে কোনো দেশৰ চৰকাৰৰ পক্ষে বা ৰাষ্ট্ৰ-নায়কৰ বাবে শাসনকাৰ্য চলোৱাটো সম্ভৱপৰ নহয়। তদুপৰি প্ৰত্যেক দেশৰ আঞ্চলিক প্ৰশাসনৰ ক্ষেত্ৰত চৰকাৰৰ কাম-কাজ পূৰ্বৰ তুলনাত বহুগুণে বৃদ্ধি হোৱা দেখা যায়। উদাহৰণস্বৰূপে, আমাৰ দেশ ভাৰতৰ কথাই উল্লেখ কৰিব পাৰি।
     চৰকাৰ আৰু নাগৰিকসকলৰ মাজত যোগসূত্ৰ স্থাপন কৰা আৰু ৰাষ্ট্ৰীয় আইন কাৰ্যত ৰূপায়িত কৰি জনকল্যাণৰ জৰিয়তে ৰাষ্ট্ৰখনক কল্যাণকামী কৰি গঢ়ি তোলাৰ দায়িত্বও আমোলাতন্ত্ৰীসকলৰ মহান কৰ্তব্যৰূপে নিৰূপণ কৰা হয়।

34. আমোলাতন্ত্ৰক কিয় স্থায়ী কাৰ্যপালিকা বুলি গণ্য কৰা হয় আলোচনা কৰা।         HS-2019 6
উত্তৰঃ- মন্ত্ৰীসকলে প্ৰশাসনৰ নীতি নিৰ্ধাৰণ কৰে আৰু এই নীতিবোৰ কাৰ্যকৰী কৰিবলৈ চৰকাৰৰ স্থায়ী কৰ্মচাৰী হিচাবে কাম কৰা প্ৰশিক্ষণপ্ৰাপ্ত আৰু দক্ষতাপূৰ্ণ বিষয়াৰ ওপৰত দায়িত্ব অৰ্পণ কৰা এই বিষয়াসকলক 'Bureaucrat' বা আমোলা বোলা হয়। আমোলাতন্ত্ৰক স্থায়ী কাৰ্যপালিকা বুলি গণ্য কৰাৰ কাৰণ-
(ক) আমোলাসকলে মন্ত্ৰীসকলতকৈ প্ৰশাসন সম্পৰ্কে যথেষ্ট অভিজ্ঞতা থকা ব্যক্তি। সেয়েহে আমোলাসকলৰ ওপৰতে প্ৰশাসনৰ সমস্ত দায়িত্ব ন্যাস্ত থাকে আৰু এই দায়িত্ব তেওঁলোকে চাকৰিত যোগদান কৰাৰ পৰা 62 বছৰ বয়স পৰ্যন্ত কৰি থাকে।
(খ) কোনো এজন ব্যক্তি ৰাজনীতিত অভিজ্ঞ হ'লেই যে তেওঁ কোনো এটা দপ্তৰ পৰিচালনাতো অভিজ্ঞ বা দক্ষ হ'ব পাৰিব তাৰ কোনো নিশচয়তা নাই। এই ত্ৰুটী পূৰণ কৰাৰ দায়িত্ব হ'ল চৰকাৰী কৰ্মচাৰী অৰ্থাত্‍ আমোলাতন্ত্ৰীসকলৰ।
(গ) আমোলাসকলৰ কাৰ্যকাল অৱসৰ পৰ্যন্ত, য'ত মন্ত্ৰীসকল ৫ বছৰৰ মূৰে মূৰে সলনি হয়। সেয়ে আমোলাসকল স্থায়ী।
(ঘ) ৰাষ্ট্ৰৰ আইন অনুযায়ী শাসনব্যৱস্থা নিয়ন্ত্ৰণ কৰি সমগ্ৰ দেশৰ শাসনকাৰ্য সুষ্ঠভাবে প্ৰতিষ্ঠা কৰি পলিচালনা কৰা কাৰ্যও এইসকল কৰ্মচাৰীয়ে সম্পন্ন কৰিব লাগে।
(ঙ) দায়িত্বশীল চৰকাৰী ব্যৱস্থাত মন্ত্ৰীসভাৰ সৰ্বোচ্চ কৰ্তৃত্বৰ আঁৰত থাকি চৰকাৰী আমোলাসকলে দৈনন্দিন প্ৰশাসনীয় কাৰ্য পৰিচালনা কৰি থাকে।
(চ) বিধানমণ্ডলৰ মজিয়াত সদস্যসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে মন্ত্ৰীসকলক সকলো ধৰণৰ খবৰৰ যোগান ধৰা আৰু প্ৰয়োজনীয় আইন প্ৰণয়নৰ বাবে বিলৰ খচৰা প্ৰস্তুত কৰা প্ৰভৃতি দায়িত্ব চৰকাৰী আমোলাসকলেই গ্ৰহণ কৰিব লাগে।  
    সেইবোৰ কাৰণে আমোলাসকলক স্থায়ী কাৰ্যপালিকা বুলি কোৱা হয়।

35. ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ দুটা ক্ষমতা উল্লেখ কৰা।
উত্তৰঃ- (ক) ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ প্ৰধান কাম হল ৰাজ্যসভাৰ সভাপতিত্ব কৰা। তেওঁ ৰাজ্যসভাৰ পদেন সভাপতি।
(খ) ৰাষ্ট্ৰপতিৰ মৃত্যু, পদত্যাগ, অপসাৰণ বা আন কোনো কাৰণক ৰাষ্ট্ৰপতিৰ পদ শূন্য হ'লে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিক হৈ কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।

 

Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.

 

Previous
Next Post »

3 Comments

Click here for Comments