-->

পৰ জনমৰ শুভ লগনত । Poro janamor shubho logonot

 

পৰ জনমৰ শুভ লগনত । Poro janamor shubho logonot - বিষ্ণুপ্ৰসাদ ৰাভা


1. পৰ জনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা।

এই জনমৰ কুসুম-মালা
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা
শূণ্য মোৰ বুকু হ’ল যে উকা।

এই জীৱনৰ আউসী ৰাতি
চকুলো টুকি যায় যে কাটি
কাহানিও সুখৰ ৰূপহী জোনাই
হৃদয়তে জিলিকনি নিবিলায়।

এই জনমত গোপন কথা
গুপুতে থাকি দিয়ে যে ব্যাথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াত অঁকা।


2. নয়নৰ চকুলো লৈ । Nayanor chakulo loi


নয়নৰ চকুলো লৈ
           চোৱা কিয় মুখলৈ
কৰুণ অৰুণ আখি
           বিষাদ পাখিৰে ঢাকি
আছা কিয় তাতে ৰৈ?
           ডকা-চাকনৈয়া আনি
নিশাৰে কালিমা সানি
          নোবোৱাবা চকুলোৰ নৈ।
 

3. সুৰৰে দেউলৰে । xurore deulore — ৰাভা সঙ্গীত


সুৰৰে দেউলৰে
ৰূপৰে শিকলী
ভাঙি দিলি খুলি
দুৱাৰ সোণোৱাৰী
পূজাৰী অ’
সুন্দৰ পূজাৰী।

জাউতি যুগীয়া
বৰগীত অসমীয়া
বনগীত সুৰীয়া
গোৱা অসমীয়া
প্ৰাণ মন ভৰি
—পূজাৰী অ’
সুন্দৰ পূজাৰী।

তোৰে পৰশতে
প্ৰাণৰে হৰিষে
তিয়াগি সুপুতি
পায় ঐ মুকুতি
ৰাগৰে মুৰতি
উঠি ভাহে ফুৰে উৰি
পূজাৰী অ’
সুন্দৰ পূজাৰী।

থাপনা থাপিলি
প্ৰতিমা বহালি
পূজাও কৰিলি
সুৰৰে মূৰতি গঢ়ি
পূজাৰী অ’
সুন্দৰ পূজাৰী।

শঙ্খ বজোৱা
বৰকাঁহ বজোৱা
আৰতি লগোৱা
বন্তি জ্বলোৱা
অতি উলাহেৰে
আদৰি।
পূজাৰী অ’
সুন্দৰ পূজাৰী।


4. ধ্বংস কৰ ধ্বংস কৰ । Dhbonxo kor dhbonxo kor


ধ্বংস কৰ ধ্বংস কৰ
ধনীৰ অহংকাৰ।
দয়া মায়া নকৰিব
ক্ষমাৰ দিন যে গ’ল
হাল, কোঁৰ, দা, হাতুৰী লৈ
ৰণলৈ যাও ব’ল।।
তই খুৱাব বিশ্ববাসীক
মাটি ফালি ধান
তই যোগাৱ ধনী শ্ৰেণীক
অস্ত্ৰ শক্তিমান
কাৰখানা কল তোৰেই সৃজন
পথাৰ সুবহল।
নাঙল, কাঁচি, হাতুৰী, দাৰ
যাদুকৰী ফল।
তোৰ বাহুতে আগবাঢ়ি যাওঁ।

Previous
Next Post »