-->

নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election & Representation

 

Questions Answers of AHSEC Solution for Class 11 Political Science : নিৰ্বাচন আৰু প্ৰতিনিধিত্ব। Election & Representation. All the important questions answers are discussed in this article.

একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান

নিৰ্বাচন আৰু প্ৰতিনিধিত্ব
Election & Representation

Class XI Political Science

নিৰ্বাচন আৰু প্ৰতিনিধিত্বৰ প্রশ্নোত্তৰ:-

            The questions answers of Class 11 Political Science : নিৰ্বাচন আৰু প্ৰতিনিধিত্ব। Election & Representation has been discussed in systematic way. There are approximately important 67 questions answers in this article.

1. নির্বাচন কি?    HS-2011
উত্তৰঃ- যি পদ্ধতিৰ দ্বাৰা প্ৰতিনিধি বাছি উলিয়া হয় তাকে নিৰ্বাচন বোলা হয়।

2. সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি হৈছে বয়স/শিক্ষা/সময়।   HS-2016
উত্তৰঃ-বয়স।

3. গণতন্ত্ৰ কি?
উত্তৰঃ-আব্ৰাহান লিংকনে কৈছিল, “গণতন্ত্ৰ হৈছে ৰাইজৰ দ্বাৰা গঠিত, ৰাইজৰ হকে গঠিত আৰু ৰাইজৰ চৰকাৰ।"

4. প্রত্যেকজন ভাৰতীয় নাগৰিকেই ভোটৰ নে?   HS-2016
উত্তৰঃ- নহয়।

5. ভাৰতৰ নিবাচন ব্যৱস্থাক কোনে নিয়ন্ত্রণ কৰে?   HS-2014
উত্তৰঃ- নির্বাচনী আয়োগে।

6. লোকসভাত অসমৰ পৰা কিমানজন প্রতিনিধি থাকে?   HS-2011
উত্তৰঃ- 14 জন।

7. উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জনসাধাৰণে ভোটদান কৰেনে?
উত্তৰঃ-নকৰে।

8. ভাৰতবৰ্ষত কি ধৰণৰ গণতান্ত্রিক ব্যৱস্থা আছে?   HS-2014
উত্তৰঃ-পৰোক্ষ গণতন্ত্র।

9. নির্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ-1950 চনৰ, 25 জানুৱাৰীত।

10. নির্বাচন আয়োগৰ বৰ্তমানৰ অধ্যক্ষ কোন?
উত্তৰঃ- সুশিল চন্দ্র (Sushil Chandra)

11. নির্বাচন আয়োগৰ সদস্য কেইজন?
উত্তৰঃ- 3 জন।

12. সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি বা নীতি অনুসৰণ কৰা এখন দেশৰ নাম লিখা।
উত্তৰঃ- ভাৰতবৰ্ষ।

13. মনোনয়ন পত্ৰৰ অর্থ কি?
উত্তৰঃ- মনোনয়ন পত্র হ’ল— কোনো নির্বাচনৰ আগমুহুৰ্তত কোনো প্রার্থী নির্ধাৰিত সম্পৰ্কৰ ভিত্তিত নির্বাচনলৈ প্ৰক্ষেপ কৰা ব্যৱস্থাৰ অংশ।

14. FPPS-ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ- First Past the Post System

15. NOTA-ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ- None of the above

16. EVM-ৰ সম্পূর্ণ নাম কি?
উত্তৰঃ- Electronic Voting Machine

17. সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ মানে কি?   HS-2012
উত্তৰঃ- সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বুলিলে- জাতি, ধর্ম, বর্ণ, লিংগ, ভাষা, আয় আৰু শিক্ষাগত অৰ্হতা নির্বিশেষে বা কোনো বৈষম্যৰ সন্মুখীন নোহোৱাকৈ উপযুক্ত বয়সৰ ভিত্তিত অর্থাৎ 18 বছৰ বয়সও ভোটাধিকাৰ লাভ কৰাটোকে বুজায়।

18. নির্বাচনী এলেকাৰ বিষয়ে চমুকৈ লিখা।   HS-2014
উত্তৰঃ-নির্বাচনী এলেকাই সাধাৰণতে নির্বাচন প্রার্থীসমূহহে প্রতিদ্বন্দিতা আগবঢ়োৱা সমষ্টিসমূহকে বুজায় আৰু এই সমষ্টিসমূহ, সমষ্টি নির্ধাৰণ অয়োগে জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰে।

19. নির্বাচনী আয়োগৰ এটা কার্য লিখা।   HS-2017
উত্তৰঃ-ভোটাৰ তালিকা প্ৰস্তুকৰা।

20. ভাৰতীয় ভোটাৰৰ দুটা অৰ্হতা উল্লেখ কৰা।   HS-2018
উত্তৰঃ- (ক) ভোটাৰ হ'বলৈ হ'লে অন্ততঃ 18 বছৰ হ’ব লাগিব।
 (খ) ব্যক্তিজন পাগল, দেউলীয়া অপৰাধী ব্যক্তি হ’ব নোৱাৰে।

21. ভাৰতৰ নিৰ্বাচন আয়োগৰ তিনিটা কাৰ্য উল্লেখ কৰা।
উত্তৰঃ- ভাৰতৰ নিৰ্বাচন আয়োগৰ তিনিটা কাৰ্য তলত উল্লেখ কৰা হ'ল-
(ক) ভোটাৰ তালিকা প্ৰস্তুতকৰণ।
(খ) নিৰ্বাচনৰ সময় নিৰ্ধাৰণ আৰু নিৰ্বাচন সূচী প্ৰস্তুতকৰণ।
(গ) নিৰ্বাচন স্থগিত আৰু বাতিলকৰণ।

22. ভাৰতৰ নিৰ্বাচনী আয়োগৰ সদস্যসকলক কেনেদৰে নিযুক্তি দিয়া হয় চমুকৈ লিখা।
উত্তৰঃ- ভাৰতৰ নিৰ্বাচনী আয়োগৰ সদস্যসকলক কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ পৰামৰ্শক্ৰমে ৰাষ্ঠপতিয়ে নিযুক্তি দিয়ে।

23. ভাৰতৰ নিৰ্বাচনী আয়োগৰ গঠন, ক্ষমতা আৰু কাৰ্য্যৱলী আলোচনা কৰা।   HS-2014, 2015, 2017
উত্তৰঃ-ভাৰতবৰ্ষত নিৰ্বাচন মুক্ত আৰু নিকা কৰাৰ উদ্দেশ্য সংবিধানৰ ৩২৪ নং অনুচ্ছেদত এখন নিৰ্বাচন আয়োগ গঠনৰ বিষয়ে লিপিবদ্ধ কৰা আছে। এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুজন আয়ুক্তসহ মুঠ তিনিজন সদস্যক লৈ বৰ্তমান সময়ত ভাৰতীয় নিৰ্বাচনী আয়োগ গঠিত হৈছে। তলত এই বিষয়ে আলোচনা কৰা হ'ল-  
(ক) ভোটাৰ তালিকা প্ৰস্তুকৰণঃ-
    ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰথম কাৰ্য হ'লূ ভোটাৰ তালিকা প্ৰস্তু কৰোঁতে যাতে সৰ্বশেষ তথ্য সম্বলিত (up-to-date) হয় সেই বিষয়ত বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
(খ) নিৰ্বাচন সময় নিৰ্ধাৰণ আৰু সূচী প্ৰস্তুতকৰণঃ-
    নিৰ্বাচন আয়োগৰ আন এটি কাৰ্য হ'ল নিৰ্বাচন সময় নিৰ্ধাৰণ কৰা আৰু নিৰ্বাচন সূচী (Election Schedule) প্ৰস্তুত কৰা। নিৰ্বাচন সূচীত নিৰ্বাচনৰ বাবে জাননী দিয়া, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন-তাৰিখ আদি সন্নিৱিষ্ট থাকে।
(গ) নিৰ্বাচন স্থগিত বা বাতিলকৰণঃ-
    নিৰ্বাচন আয়োগে যদি পতিয়ন যায় যে সমগ্ৰ ৰাষ্ট্ৰ বা কোনো ৰাষ্ট্ৰত বা কোনো সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰা অনুকূল নহয়, তেতিয়া আয়োগে সমগ্ৰ ৰাষ্ট্ৰ বা কোনো ৰাজ্য বা কোনো সমষ্টিৰ নিৰ্বাচন স্থগিত ৰাখিব বা বাতিল কৰিব পাৰে।
(ঘ) পুনৰ ভোট গণনাৰ নিৰ্দেশঃ-
    নিৰ্বাচন আয়োগে যদি বিবেচনা কৰে যে কোনো সমষ্টিত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত হোৱা নাই, তেনে সমষ্টিত পুনঃ নিৰ্বাচন (Re-election) অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিব পাৰে। ভোট গণনা সঠিকভাৱে নহ'লে পুনৰ গণনাৰ নিৰ্দেশ দিব পাৰে।   
(ঙ) নিৰ্বাচন পৰিচালনাঃ-
    ভাৰতৰ নিৰ্বাচন আয়োগে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানমণ্ডলসমূহৰ নিৰ্বাচনবোৰ পৰিচালনা কৰে আৰু ফলাফলসমূহ ঘোষণা কৰে। প্ৰয়োজন অনুসৰি ভোট কেন্দ্ৰ স্থাপন কৰে।  
(চ) ৰাজনৈতিক দলক স্বীকৃতি প্ৰদানঃ-
    নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহক নিয়ম অনুসৰি স্বীকৃতি দিয়ে আৰু এনেবোৰ দলৰ বাবে নিৰ্দিষ্ট নিৰ্বাচনৰ প্ৰতীক (Symbol) প্ৰদান কৰে।

24. "প্ৰথম স্থান লাভ কৰিলেই জয়ী হোৱা পদ্ধতি"(FPPS) আৰু সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰ তুলনা কৰা।   HS-2018
উত্তৰঃ- "প্ৰথম স্থান লাভ কৰিলেই জয়ী হোৱা পদ্ধতি"(FPPS)আৰু সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰ তুলনা তলত উল্লেখ কৰা হ'ল-
   (ক) সমগ্ৰ ৰাষ্ট্ৰখনক সৰু সৰু ক্ষেত্ৰত ভাগ কৰা হয় আৰু প্ৰত্যেকটো ক্ষেত্ৰক এটা সমষ্টি বুলি গণ্য কৰা হয়। আনহাতে, ৰাষ্ট্ৰৰ বৃহৎ বৃহৎ ক্ষেত্ৰক বা সমগ্ৰ ৰাষ্ট্ৰখনকে এটা সমষ্টি বুলি গণ্য কৰা হয়।
   (খ) প্ৰত্যেক সমষ্টিৰ পৰা এজন সদস্য নিৰ্বাচিত হয়। আনহাতে, এটা সমষ্টিৰ পৰা একাধিক সদস্য নিৰ্বাচিত হয়।
 (গ) ভোটাৰ সকলে প্ৰাৰ্থীজনৰ সপক্ষে ভোটদান কৰে। আনহাতে, ভোটাৰসকলে ৰাজনৈতিক দলৰ সপক্ষে ভোটদান কৰে, প্ৰাৰ্থীক ভোট নিদিয়ে।
  (ঘ) ভোটাৰসকলে নিজৰ নিৰ্বাচিত প্ৰাৰ্থীজনক চিনি পায় বা জানে।আনহাতে ভোটাৰসকলৰ নিজা বোলা কোনো প্ৰাৰ্থী নাথাকে,কাৰণ তেওঁলোকে প্ৰাৰ্থীক ভোট নিদিয়ে।
 (ঙ) ৰাজনৈতিক দলসমূহে সমগ্ৰ ৰাষ্ট্ৰখনত যিমান সংখ্যক ভোট লাভ কৰে,তাতকৈ বেছি বা কম শতাংশ আসনত বিজয় হ'ব পাৰে। আনহাতে প্ৰত্যেক ৰাজনৈতিক দলে ৰাষ্ট্ৰখনত যিমান শতাংশ ভোট লাভ কৰে, সেই অনুপাতে আসনৰ কোটা পায়।

25. ভাৰতবৰ্ষত কিয় "প্ৰথম স্থান লাভ কৰিলেই জয়ী হোৱা পদ্ধতি"(FPPS) ব্যৱহাৰ কৰিছিল - বুজাই লিখা।
উত্তৰঃ- ভাৰতবৰ্ষৰ সংবিধান ৰচকসকলে ভাৰতবৰ্ষত সাধাৰণ নিৰ্বাচনৰ বাবে সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতিটো এটা জটিল পদ্ধতি। এই পদ্ধতিটো সাধাৰণ জনসাধাৰণৰ বাবে বুজাত যথেষ্ট কঠিন হয়। তদুপৰি এইপদ্ধতিটো সৰু সৰু ৰাষ্ট্ৰৰ বাবে প্ৰযোজ্য,কিন্তু ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাষ্ট্ৰৰ বাবে এই পদ্ধতিটো সঠিক নহয়। সেইবাবে সংবিধানৰ ৰচকসকলে "সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি"ৰ সলনি "প্ৰথম চেৰাই যোৱা পদ পদ্ধতি"ৰ ব্যৱস্থা কৰিছে। এই পদ্ধতিটো অতি সহজ আৰু সকলো শ্ৰেণীৰ জনসাধাৰণে ইয়াক সহজে বুজি পায় বাবে ই সকলোৰে গ্ৰহণযোগ্য। এই পদ্ধতিটোত ভোটাৰসকলে প্ৰাৰ্থী বা ৰাজনৈতিক দল যিটোক যোগ্য বুলি বিবেচনা কৰে তাকে ভোট দিয়ে। তদুপৰি, ভোটাৰসকলে তেওঁলোকৰ প্ৰতিনিধিজনক পোনপটীয়াকৈ নিৰ্বাচিত কৰে আৰু তেওঁলোকৰ অভিৱ অভিযোগবোৰ তেওঁক জনোৱাৰ সুবিধা পায়।

26. ভাৰতবৰ্ষৰ নিৰ্বাচন মুক্ত আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে কাক দায়িত্ব দিয়া হৈছে। চমুকৈ লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ নিৰ্বাচন মুক্ত আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে এখন নিৰপেক্ষ নিৰ্বাচন আয়োগৰ ওপৰত ন্যস্ত কৰা হৈছে। এই আয়োগখনক "ভাৰতৰ নিৰ্বাচন আয়োগ" বোলা হয়। এই আয়োগখন যিমানদূৰ সম্ভৱ নিৰ্বাচনবোৰ মুক্ত আৰু নিকাভাৱে পৰিচালনা কৰাৰ বাবে যত্নপৰ হোৱা হেতুকে সকলো ৰাজনৈতিক দলৰ পৰা আস্থা লাভ কৰিবলৈ সক্ষম হৈছে।

27. ভাৰতীয় নির্বাচনী সংস্কাৰৰ বাবে পৰামৰ্শ দিয়া।   HS-2018
উত্তৰঃ- ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাটোৰ সংস্কাৰ সাধনৰ বাবে আগবঢ়াবৰ পৰামৰ্শসমূহৰ ভিতৰত তলত দিয়া পৰামৰ্শসমূহ অন্যতমঃ-
(ক) নির্বাচনত যাতে ধন বল আৰু বাহু বল প্রয়োগ নহয়, তাৰ প্রতি কঠোৰ দৃষ্টি ৰাখিব লাগে।
(খ) নিৰ্বাচনী ব্যায় ৰাজহুৱাভাৱে দাখিল কৰাটো বাধ্যতামূলক কৰি তুলিব লাগে।
(গ) বাহুবল আৰু হিংসা ৰোধ কৰিবৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত নাগৰিক সমিতিসমূহক জড়িত কৰিব লাগে।
(ঘ) নির্বাচনী প্ৰচাৰৰ সময়ত গণমাধ্যমসমূহৰ অপব্যৱহাৰ কৰাটো বন্ধ কৰা।

28. ভাৰতীয় নির্বাচনী ব্যৱস্থাৰ চাৰিটা দুর্বলতা উল্লেখ কৰা।   HS-2016
উত্তৰঃ-আমাৰ ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাত বহুবোৰ গুৰুত্বপূৰ্ণ আসোঁৱাহ আছে। সেইবোৰ তলত উল্লেখ কৰা হ’ল—
(ক) নিৰ্বাচনত বাহুবল আৰু ধনবলৰ ক্ৰমবৰ্ধিত প্ৰভাৱ,
(খ) জাতিয়তাবাদী আৰু সাম্প্ৰদায়িক শক্তিৰ ক্ৰমবৰ্ধিত প্ৰসাৰণ,
(গ) নিৰ্বাচনত লাভ কৰা ভোটৰ শতাংশ আৰু আসনৰ শতাংশৰ মাজত থকা ব্যৱধান,
(ঘ) মহিলা পৰ্যাপ্ত প্ৰতিনিধিত্বৰ অভাৱ।

29. পৰোক্ষ নির্বাচন পদ্ধতিৰ দুটাকৈ গুণ আৰু দোষ উল্লেখ কৰা।   HS-2014
উত্তৰঃ-পৰোক্ষ নির্বাচন পদ্ধতিৰ গুণ-
(ক) এই পদ্ধতি নির্বাচন কম খৰচী। কিয়নো, ইয়াত অতি কম সংখ্যক মানুহ জড়িত থকাৰ লগতে নির্বাচনী প্রচাৰৰ নামত ধনৰ অপব্যয় নহয়।
(খ) এই পদ্ধতিৰ নিৰ্বাচনৰ জৰিয়তে যোগ্য প্রার্থী বাচনি হোৱাৰ সম্ভাৱনা অধিক। কিয়নো, ইয়াত নির্বাচকবর্গ যোগ্য ব্যক্তিৰ দ্বাৰা গঠন কৰা হয়। পৰোক্ষ নির্বাচন পদ্ধতিৰ দোষ-
(ক) এই নির্বাচন পদ্ধতিটো সাধাৰণ অশিক্ষিত জনসাধাৰণৰ বাবে যথেষ্ট কঠিন। গতিকে তেওঁলোকৰ এই পদ্ধতিটোৰ প্রতি বিশেষ আগ্রহ নাথাকে।
(খ) এই পদ্ধতিত ব্যক্তিগত পছন্দৰ সলনি দলীয় নির্দেশনা অনুসৰিহে ভোট প্রদান কৰা হয়, যিটো অগণতান্ত্ৰিক বুলি বিবেচনা কৰা হয়।

30. “প্ৰথম স্থান লাভ কৰিলেই জয়ী হোৱা পদ্ধতি" টো কি? চমুকৈ ব্যাখ্যা কৰা।   HS-2014
উত্তৰঃ- ভাৰতবৰ্ষৰ ৰাজ্যিক বিধানসভা, লোকসভাৰ নিৰ্বাচনত অনুসৰণ কৰা নিৰ্বাচন পদ্ধতিটো হ'ল "প্ৰথম স্থান লাভ কৰিলেই জয়ী হোৱা পদ্ধতি"। এই পদ্ধতি অনুসৰি সমগ্ৰ ভাৰতবৰ্ষক কিছুমান সমষ্টিত ভাগ কৰি লোৱা হয় আৰু প্ৰত্যেক সমষ্টিৰ পৰা এজন প্ৰাৰ্থীক প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰা হয়। প্ৰাৰ্থী নিৰ্বাচনৰ নিয়মটো হ'ল, সমষ্টিটোৰ ভোটাৰ সকলে ১৮বছৰ পূৰ্ণ হোৱা নাগৰিকে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা যিকোনো এজন প্ৰাৰ্থীৰ সপক্ষে ভোট প্ৰদান কৰিব আৰু প্ৰত্যেকটো ভোটে সমান মূল্য বহন কৰিব। প্ৰাৰ্থী কেইজনৰ ভিতৰত যিজনে আটাইতকৈ বেছি সংখ্যক ভোট পায় তেওঁক নিৰ্বাচিত বুলি ঘোষণা কৰা হয়। বিজয়ী প্ৰাৰ্থীজনে সংখ্ৰাগৰিষ্ঠ ভোট অৰ্থাৎ যিমান বৈধ ভোট সাব্যস্ত কৰা হৈছিল, তাৰ পঞ্চাছ শতাংশতকৈ অধিক ভোট লাভ নকৰিবও পাৰে। তেওঁ মাত্ৰ আনবোৰ প্ৰাৰ্থীতকৈ অধিক ভোট লাভ কৰি বিজয়ী হয়। সেয়েহে সমগ্ৰ ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে কিছুমান ৰাজনৈতিক দলে মুঠ ভোটৰ ৫০শতাংশতকৈও কম ভোট লাভ কৰি ৮০ শতাংশতকৈও অধিক আসন দখল কৰিমলৈ সক্ষম হয়।

31. সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বুলিলে কি বুজা? ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।    HS-2015   2+2+2=6
উত্তৰঃ-সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বুলিলে- জাতি, ধর্ম, বর্ণ, লিংগ, ভাষা, আয় আৰু শিক্ষাগত অৰ্হতা নির্বিশেষে বা কোনো বৈষম্যৰ সন্মুখীন নোহোৱাকৈ উপযুক্ত বয়সৰ ভিত্তিত অর্থাৎ 18 বছৰ বয়সও ভোটাধিকাৰ লাভ কৰাটোকে বুজায়।
সপক্ষে যুক্তিঃ-
(ক) এই ব্যৱস্থাটোৱে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ৰাজনৈতিক অধিকাৰ লাভত যথেষ্ট সহায় কৰি আহিছে।
(খ) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰে গণতন্ত্র সফলতা এক বৃহৎ অৱদান আগবঢ়াইছে।
বিপক্ষে যুক্তিঃ-
(ক) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ ব্যৱস্থাই পিছপৰা দেশসমূহত দুর্নীতি, অযোগ্য ব্যক্তিক নির্বাচিত কৰা আদিৰ দৰে ফলাফলৰ সৃষ্টি কৰিব। কিয়নো, এই ব্যৱস্থাই সকলোকে ভোটাধিকাৰ প্ৰদান কৰাৰ ফলত অশিক্ষিত ভোটাৰৰ দ্বাৰা অযোগ্য প্রার্থী নির্বাচিত হ’ব।
(খ) এইটো ব্যৱস্থাত সময় আৰু টকাৰ অপব্যৱহাৰ হোৱা দেখা যায়।


Syllabus of HS First Year - Political Science

Part-A/ক-অংশ

প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese

দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right

তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation

চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive

পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature

যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary

সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism

অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government

নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document

দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution

Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory


দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese

তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese

চতুৰ্থ অধ্যায়ঃ 
সামাজিক ন্যায় । Social Justice in Assamese


পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese

যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese

সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese

অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese

নৱম অধ্যায়ঃ শান্তি । Peace in Assamese

দশম অধ্যায়ঃ  বিকাশ / উন্নয়ন । Development in Assamese


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.

Previous
Next Post »

1 Comments:

Click here for Comments
Manila
admin
February 23, 2022 at 8:35 AM ×

Very helpful sir

Congrats bro Manila you got PERTAMAX...! hehehehe...
Reply
avatar