Questions Answers of AHSEC Solution for Class 11 Political Science সংবিধান এখন জীৱন্ত দলিল । Constitution as a living document . All the important questions answers are discussed in this article.
একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান
সংবিধান এখন জীৱন্ত দলিল
Constitution as a living document
Class XI Political Science
Class 11 PolScience সংবিধান এখন জীৱন্ত দলিল। Constitution as a living document ৰ প্ৰশ্ন উত্তৰ:-
The questions answers of Class 11 Political Science : সংবিধান এখন জীৱন্ত দলিল । Constitution as a living document has been discussed in systematic way. There are approximately important 18 questions answers in this article.
1. বছবিকল্পী (MCQ) প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) ভাৰতৰ সংবিধান কোনে সংশোধন কৰিব পাৰে?
(ক) সংসদে
(খ) ভাৰতৰ ৰাষ্ট্ৰপতীয়ে
(গ) ভাৰতৰ মুখ্য ন্যায়াধীশে
(ঘ) ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে
উত্তৰঃ- সংসদে
(ii) কোনটো সংবিধান সংশোধনীৰ যোগেদি সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছে?
(অথবা) কোনটো সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানৰ পৰা “ব্যক্তিগত সম্পত্তিৰ অধিকাৰ” উঠাই দিয়া হৈছে?
(ক) 42 তম সংশোধনীৰ দ্বাৰা
(খ) 44 তম সংশোধনীৰ দ্বাৰা
(গ) 76 তম সংশোধনীৰ দ্বাৰা
(ঘ) 86 তম সংশোধনীৰ দ্বাৰা
উত্তৰঃ- 44 তম সংশোধনীৰ দ্বাৰা
(iii) কোনটো সংবিধান সংশোধনীয়ে 'ধৰ্মনিৰপেক্ষ' শব্দটো আমাৰ সংবিধানত সংযোজন কৰিছে?
(ক) 42 তম সংশোধনীৰ দ্বাৰা
(খ) 44 তম সংশোধনীৰ দ্বাৰা
(গ) 76 তম সংশোধনীৰ দ্বাৰা
(ঘ) 86 তম সংশোধনীৰ দ্বাৰা
উত্তৰঃ- 42 তম সংশোধনীৰ দ্বাৰা
(iv) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধনী প্ৰক্ৰিয়াটো বৰ্ণনা কৰা হৈছে?
(ক) 352 নং অনুচ্ছেদত
(খ) 356 নং অনুচ্ছেদত
(গ) 360 নং অনুচ্ছেদত
(ঘ) 368 নং অনুচ্ছেদত
উত্তৰঃ- 368 নং অনুচ্ছেদত
(v) ভাৰতীয় সংবিধান কোন চনত প্ৰথম সংশোধন কৰা হৈছিল?
(ক) 1947 চনত
(খ) 1950 চনত
(গ) 1951 চনত
(ঘ) 1952 চনত
উত্তৰঃ- 1951 চনত
(vi) ভাৰতীয় সংবিধান সংশোধন কেইধৰণে কৰিব পাৰি?
(ক) তিনি ধাৰণেৰে
(খ) দুই ধাৰণেৰে
(গ) এক ধাৰণেৰে
(ঘ) চাৰি ধাৰণেৰে
উত্তৰঃ- তিনি ধাৰণেৰে
(vii) জৰুৰীকালীন সময়ৰ কোনটো সংশোধনী সংঘটিত হৈছিল?
(ক) 42তম সংশোধনী, 1976 চনত।
(খ) 44তম সংশোধনী, 1978 চনত।
(গ) 73তম সংশোধনী, 1993 চনত।
(ঘ) 74তম সংশোধনী, 1993 চনত।
উত্তৰঃ- 42তম সংশোধনী, 1976 চনত।
(viii) কোন চনত সংবিধানৰ 73তম সংশোধনী আইন পাছ কৰা হৈছিল?
(ক) 1993 চনত
(খ) 1976 চনত
(গ) 1978 চনত
(ঘ) 1986 চনত
উত্তৰঃ-1993 চনত
1. ভাৰতীয় সংবিধান সংশোধন কেইধৰণে কৰিব পাৰি?
উত্তৰঃ- তিনি ধাৰণেৰে
2. সাধাৰণ বিধেয়ক বুলিলে কি বুজা? HS-2012
উত্তৰঃ-যিবোৰ
বিল সংবিধানত দিয়া অৰ্থবিলৰ সংজ্ঞাত নপৰে আৰু যাক যিকোনো সদনত যিকোনো
সদস্যই উত্থাপন কৰিব পাৰে, সেই বিলক সাধাৰণ বিল বুলি কোৱা হয়।
3. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধনী প্ৰক্ৰিয়াটো বৰ্ণনা কৰা হৈছে? HS-2015
উত্তৰঃ- 368 অনুচ্ছেদত
4. ভাৰতীয় সংবিধান কোন চনত প্ৰথম সংশোধন কৰা হৈছিল?
উত্তৰঃ- 1951 চনত
5. কেশৱানন্দ ভাৰতী গোচৰৰ ৰায় কেতিয়া প্ৰদান কৰা হৈছিল?
উত্তৰঃ- 1973 চনত।
6. কোন চনত সংবিধানৰ 73তম সংশোধনী আইন পাছ কৰা হৈছিল?
উত্তৰঃ-1993 চনত
7. সংবিধান এখন জীৱন্ত দলিল বুলি ভাৱানে? যুক্তি দৰ্শোৱা। HS-2011
উত্তৰঃ-ভাৰতীয় সংবিধানখনক জীৱন্ত দলিল বুলি কোৱা কাৰণবোৰ হ’লঃ-
(ক)
যোৱা সাতটা দশকত অন্তর্ভুক্ত হোৱা শতাধিক সংশোধনে এটা কথা প্রতিপন্ন কৰে
যে ভাৰতীয় সংবিধানে পৰিৱৰ্তিত পৰিস্থিতিৰ দাবীৰ প্ৰতি সঁহাৰি জনাবলৈ সক্ষম
হৈছে।
(গ) ন্যায়গালিকাই অবিৰতভাৱে দি অহা সাংবিধানিক ব্যাখ্যাই সংবিধানখনক অধিক গতিশীল কৰি তুলিছে।
8. কোনটো সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানৰ পৰা “ব্যক্তিগত সম্পত্তিৰ অধিকাৰ” উঠাই দিয়া হৈছে?
উত্তৰঃ- 1978 চনৰ 44তম সংশোধনীৰ দ্বাৰা।
9. পাকিস্তানৰ সংবিধান কোন চনত প্ৰনয়ণ কৰা হৈছিল?
উত্তৰঃ- 1956 চনত
10. কোনটো সংশোধনীয়ে সংবিধানত মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰিছে?
উত্তৰঃ- 42তম সংশোধনীৰ জৰিয়তে
11. ভাৰতীয় সংবিধানখন স্থিতিশীল নে গতিশীল?
উত্তৰঃ-গতিশীল
12. জৰুৰীকালীন সময়ৰ কোনটো সংশোধনী সংঘটিত হৈছিল
উত্তৰঃ- 42তম সংশোধনী, 1976 চনত।
13. সংবিধানৰ এটা প্ৰয়োজনীয়তা উল্লেখ কৰা।
উত্তৰঃ-গণতন্ত্ৰক জীয়াই ৰাখিবৰ বাবে সংবিধানৰ প্ৰয়োজন।
14. সংবিধানৰ এটা মূল গাঁথনিৰ নাম লিখা।
উত্তৰঃ-যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা
দীঘল প্ৰশ্নোত্তৰ । Essay Types Questions' Answer:-
15. ভাৰতীয় সংবিধানৰ 42তম সংশোধনীৰ ওপৰত এটা টোকা লিখা। HS-2016 4
উত্তৰঃ-1976
চনৰ 18 ডিচেম্বৰত 42তম সংবিধান সংশোধনী কৰা হৈছিল। এই সংশোধনীৰ দ্বাৰা
বিধিবদ্ধ কৰা ব্যৱস্থাবোৰৰ কেতবোৰ তলত আলোচনা কৰা হ’ল—
(ক) প্ৰস্তাৱনাত
‘সাৰ্বভৌমত্ব’ আৰু ‘গণতান্ত্ৰিক’ শব্দ দুটাৰ মাজত ‘সমাজবাদী’ আৰু
‘ধৰ্মনিৰপেক্ষ’ আৰু ‘ঐক্য’ শব্দটোৰ লগত ‘আৰু সংহতি’ শব্দ দুটা যোগ দিয়া
হৈছিল।
(খ) মৌলিক অধিকাৰতকৈও নিৰ্দেশাত্মক নীতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল।
(গ) জাতীয় স্বাৰ্থবিৰোধী কাৰ্যকলাপ বন্ধ কৰাৰ উদ্দেশ্য আৱশ্যকীয় আইন প্ৰণয়ন কৰাৰ বাবে সংসদৰ ওপৰত কৰ্তৃত্ব আৰোপ কৰা হৈছিল।
(ঘ) নাগৰিকসকলৰ বাবে দহটা মৌলিক কৰ্তব্য সংবিধানক সন্নিবিষ্ট কা হৈছিল।
(ঙ) আইনসভাবোৰৰ কাৰ্যকাল বৃদ্ধি কৰি 6 বছৰীয়া কৰা হৈছিল।
(চ) উচ্চতম ন্যায়ালয়ৰ ক্ষমতাৰ কিছু সাল-সলনি ঘটোৱা হৈছিল।
16. ভাৰতীয় সংবিধান সংশোধন পদ্ধতিৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা। HS-2015
উত্তৰঃ-ভাৰতৰ সংবিধান সংশোধনী প্ৰক্ৰিয়া বহুতো আসোঁৱাহ আছে। সেইবোৰ তলত আলোচনা কৰা হ’ল।
(ক)
আমেৰিকা, ছুইজাৰলেণ্ড, অষ্ট্ৰেলিয়া আদি দেশৰ দৰে ভাৰতৰ নাগৰিকসকলে
প্ৰত্যক্ষভাৱে সংবিধান সংশোধনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰে।
(খ)সংবিধান সংশোধনীৰ কোনো এখন বিধেয়কত যদি দুয়োটা সদনে অনুমোদন নজনায়, তেন্তে উভয় সদনৰ যুটীয়া বৈঠকৰ কোনো ব্যৱস্থা নাই।
(গ) ৰাজ্য বিধানমণ্ডলসমূহে কিমান দিনৰ ভিতৰত এখন সংবিধান সংশোধনী বিধেয়কত অনুমোদন জনোৱা উচিত সেই বিষয়ে কোনো নিৰ্দিষ্ট নীতি নাই।
(ঘ) ৰাজ্যৰ বিধানমণ্ডলে সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিব নোৱাৰে। এই দায়িত্য কেৱল কেন্দ্ৰী সংসদৰহে।
(ঙ) ৰাষ্ট্ৰপতিৰ অনুমোদন সম্পৰ্কে সমালোচনা কৰা দেখা যায় যে এনে অনুমোদনৰ নীতিয়ে নাগৰিকৰ সাৰ্বভৌম ক্ষমতাৰ ক্ষতিসাধন কৰিছে।
17. ভাৰতীয় সংবিধানৰ সংশোধনী প্ৰক্ৰিয়া সম্পৰ্কে ব্যাখ্যা কৰা। HS-2017,2013
উত্তৰঃ-ভাৰতৰ
সংবিধানৰ সংশোধন পদ্ধতি সংবিধানৰ বিংশতিতম অংশৰ 368 নং অনুচ্চেদত বৰ্ণিত
আছে আৰু ভাৰতৰ সংবিধানখন তিনিটা পদ্ধতিৰে সংশোধন কৰিব পাৰে।
(১) নমনীয় পদ্ধতি
(২) নমনীয় আৰু অনমনীয়ৰ মিশ্ৰণ পদ্ধতি
(৩) দৃঢ় বা অনমনীয় পদ্ধতি
(১)
নমনীয় পদ্ধতিঃ-ভাৰতৰ সংবিধানৰ কিছুমান অনুচ্ছেদ সাধাৰণ আইন প্ৰণয়ন
প্ৰক্ৰিয়া অনুসৰি সংশোধন কৰা হয়। এনে ধৰণৰ সংবিধান সংশোধন কৰিবলৈ হ’লে
সংসদৰ যিকোনো এটা সদনত সংশোধনী বিধেয়কখন (Bill) উত্থাপন কৰিব পাৰি।
উত্থাপিত সদনত উপস্থিত থাকি ভোটদান কৰা সদস্যসকলৰ গৰিষ্ঠসংখ্যক (Majority)
সদস্যৰ সমৰ্থন লাভ কৰা পিছত বিধেয়কখন আনখন সদনেও একে প্ৰক্ৰিয়াৰে অনুমোদন
জনালে ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰপতিয়ে সংশোধনী
বিধেয়কখনত সন্মতি প্ৰদান কৰিলে বিধেয়কখন সংশোধনী আইনত পৰিণত হয়।
(২)
নমনীয় আৰু অনমনীয়ৰ মিশ্ৰণ পদ্ধতিঃ-ভাৰতীয় সংবিধান সংশোধনৰ দ্বিতীয় পদ্ধতিটো
সংবিধানৰ 368নং অনুচ্ছেদত বৰ্ণিত আছে। এই পদ্ধতি অনুসৰি সংবিধান সংশোধনী
বিধেয়কখন সংসদৰ যিকোনো এখন সদনত উত্থাপন কৰিব পৰা যায়। সংসদৰ যিখন সদনত
বিধেয়কখন উত্থাপিত হয়, সেইখন সদনৰ মুঠ সদস্যৰ গৰিষ্ঠসংখ্যক আৰু উপস্থিত
থাকি ভোটদানকাৰী সদস্যসকলৰ কমেও দুই-তৃতীয়াংশ (2/3)ৰ সমৰ্থনৰ গৃহীত হোৱাৰ
পিছত আনখন সদনেও একে পদ্ধতিৰে গৃহীত কৰিব লাগে। এনেদৰে উভয় সদনৰ দ্বাৰা
অনুমোদিত হোৱাৰ পিছত বিধেয়কখন ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়।
ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলে সংশোধন কাৰ্য সম্পূৰ্ণ হয়।
(৩) দৃঢ় বা
অনমনীয় পদ্ধতিঃ-ভাৰতীয় সংবিধানৰ সংশোধনৰ তৃতীয় পদ্ধতিটো দ্বিতীয় পদ্ধতিৰ
সৈতে প্ৰায় একে ধৰণৰ। মাত্ৰ ইয়াত আধাসংখ্যক ৰাজ্যিক বিধানমণ্ডলৰ সন্মতিৰ
প্ৰয়োজন হয়।
তৃতীয়
পদ্ধতি অনুসৰি সংবিধান সংশোধনী বিধেয়ক সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পৰা
যায়। এই পদ্ধতি অনুসৰি সংসদৰ প্ৰতিখন সদনৰ মুঠ-সদস্যৰ গৰিষ্ঠসংখ্যক আৰু
উপস্থিত থাকি ভোট দিয়া সদস্যসকলৰ কমেও দুই-তৃতীয়াংশ (2/3)ৰ সমৰ্থনৰ
বিধেয়কখন গৃহীত পোৱাৰ পিছত অংগৰাজ্যসমূহলৈ পঠিওৱা হয়। অংগৰাজ্যসমূহৰ অতি
কমেও আধাসংখ্যক বিধানমণ্ডলৰ দ্বাৰা বিধেয়কখন সমৰ্থিত হোৱাৰ পিছত
ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলেই, ই নিয়ম অনুসৰি সংশোধিত হোৱা বুলি ধৰা হয়।
18. ভাৰতীয় সংবিধান এখন জীৱন্ত দলিল ব্যাখ্যা কৰা। HS-2018, 2012 4
উত্তৰঃ-ভাৰতীয় সংবিধানখনক জীৱন্ত দলিল বুলি কোৱা কাৰণবোৰ হ’লঃ-
(ক)
যোৱা সাতটা দশকত অন্তর্ভুক্ত হোৱা শতাধিক সংশোধনে এটা কথা প্রতিপন্ন কৰে
যে ভাৰতীয় সংবিধানে পৰিৱৰ্তিত পৰিস্থিতিৰ দাবীৰ প্ৰতি সঁহাৰি জনাবলৈ সক্ষম
হৈছে।
(খ) সংবিধান ব্যাখ্যাৰ ক্ষেত্ৰত ন্যায়ালয় আৰু কাৰ্যপালিকা তথা
বিধানমণ্ডল (Legislative)-ৰ মাজত হোৱা বিতৰ্কই এটা কথা প্রতিপন্ন কৰে যে
ভাৰতবৰ্ষৰ সংবিধান কোনো এক বিশেষ কৰ্তৃত্বৰ হাতত বন্দী হৈ পৰা নাই৷
(গ) ন্যায়গালিকাই অবিৰতভাৱে দি অহা সাংবিধানিক ব্যাখ্যাই সংবিধানখনক অধিক গতিশীল কৰি তুলিছে।
(ঘ)
সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে গঢ়ি উঠা বিভিন্ন গণ আন্দোলনৰ প্ৰতি
সঁহাৰি জনাই অন্তৰ্ভুক্ত কৰা সাংবিধানিক সংশোধনীয়ে এটা কথা প্রমাণ কৰিছে
যে ভাৰতীয় সংবিধান জনসাধাৰণৰ আশা-প্রত্যাশাৰ প্রতি সচেতন আৰু সংবেদনশীল হৈ
ৰৈছে।
(ঙ) সংবিধান সংশোধনৰ বেলিকা শেহতীয়াভাৱে গঢ়ি উঠা ৰাজনৈতিক
সহমতে ভাৰতীয় সংবিধানৰ বহলভিত্তিক প্ৰতিনিধিত্ব কৰিছে। এনে বহল ভিত্তি
গতিশীল আৰু সৃষ্টিশীল সংবিধানৰ বৈশিষ্ট্য।
(চ) জৰুৰীকালীন শাসনৰ
ক্ষেত্ৰত ৪২তম সংশোধনীৰ জৰিয়তে সংবিধানৰ মূল চৰিত্ৰ বিকৃত কৰিবলৈ চলোৱা
প্রচেষ্টা ৪৪তম সংশোধনীয়ে ব্যৰ্থ কৰা কথাটোৱে ভাৰতীয় ৰাজনীতিত থকা
প্রতিৰোধ আৰু ভাৰসাম্য (Checks & Balance)-ৰ শক্তিক প্রতিফলিত কৰিছে।
এই শক্তিয়েও ভাৰতীয় সংবিধানখনক বিকৃত নোহোৱাকৈ গতিশীল হৈ ৰোৱাত সহায়
কৰিছে।
Syllabus of HS First Year - Political Science
Part-A/ক-অংশ
প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese
দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right
তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation
চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive
পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature
যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary
সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism
অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government
নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document
দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution
Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory
দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese
তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese
চতুৰ্থ অধ্যায়ঃ সামাজিক ন্যায় । Social Justice in Assamese
পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese
যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese
সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese
অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese
নৱম অধ্যায়ঃ শান্তি । Peace in Assamese
দশম অধ্যায়ঃ বিকাশ / উন্নয়ন । Development in Assamese
Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.
ConversionConversion EmoticonEmoticon