Questions Answers of AHSEC Solution for Class 11 Political Science সাংবিধানিক দৰ্শন । Philosophy of the constitution. All the important questions answers are discussed in this article.
সাংবিধানিক দৰ্শন
Philosophy of the constitution
Class 11 PolScience সাংবিধানিক দৰ্শন । Philosophy of the constitution ৰ প্ৰশ্ন উত্তৰ:-
উত্তৰঃ-হয়
2. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত দুটা আদৰ্শ উল্লেখ কৰা। HS-2015
উত্তৰঃ-সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ
3. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত এটা ন্যায়ৰ নাম লিখা।
উত্তৰঃ-অৰ্থনৈতিক ন্যায়
4. ভাৰতীয় সংবিধানৰ উদ্দেশ্য কি? HS-2012
উত্তৰঃ- ভাৰতীয় সংবিধানৰ উদ্দেশ্য হ’ল ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য প্ৰতিষ্ঠা কৰা।
5. অৰ্থনৈতিক আৰু সামাজিক ন্যায় বুলিলে কি বুজা? HS-2011
উত্তৰঃ-অৰ্থনৈতিক ন্যায় মানে্ সমান কামৰ কাৰণে সমান মজুৰিৰ ব্যৱস্থা কৰা, মজুৰি দিয়াৰ ক্ষেত্ৰত পুৰুষ-মহিলাৰ মাজত বৈষম্য নকৰা, ৰাষ্ট্ৰীয় আয় আৰু উত্পা দন সম-বিতৰণৰ জৰিয়তে শান্তিপূৰ্ণ উপায়েৰে সমাজবাদ প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা।
সামাজিক ন্যায় মানে সমাজত বাস কৰা সকলো জনসাধাৰণক জাতি, ধৰ্ম, বৰ্ণ, লিংগ, ভাষা, সম্প্ৰদায়, ধনী-দুখীয়া, উচ্চ-নীচ আদি নিৰ্বিশেষে মানুহৰ মাজত ন্যায় সমতা প্ৰতিষ্ঠা কৰাটো বুজায়।
6. কোনখন সংবিধানৰ প্ৰস্তাৱনাটো অনা হৈছে?
উত্তৰঃ-আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা
7. কোনে প্ৰস্তাৱনাক ৰাজনৈতিক তাম্ৰপত্ৰিকা বুলি কৈছে?
উত্তৰঃ- কে. এম. মুন্সি
8. সংবিধানৰ কোনটো সংশোধনীয়ে প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংযোজন ঘটাইছে?
উত্তৰঃ- 42তম
দীঘল প্ৰশ্নোত্তৰ । Essay Types Questions' Answer:-
9. ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য বুলি কিয় কোৱা হয়? HS-2011 4/ 6
উত্তৰঃ-ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য বুলি কোৱা হয় কাৰণঃ-
সাৰ্বভৌমঃ- ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। অৰ্থাত্ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়।
সমাজবাদীঃ-ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। ভাৰতবৰ্ষত মানুহৰ মাজত আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। উত্পাদদনৰ আহিলাসমূহ জাতীয়ক কৰা হ’ব।
ধৰ্মনিৰপেক্ষঃ-ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। চৰকাৰে কোনো ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদৰ্শণ নকৰিব।
গণতান্ত্ৰিকঃ-ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ’ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব।
গণৰাজ্যঃ-ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ’ব। ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহ’ব। অথবা কোনোবাই বাছনি কৰা ব্যক্তি নহ’ব।
10. ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দৰ্শনৰ ওপৰত এটা চমু টোকা লিখা। HS-2019
(অথবা) ভাৰতীয় সংবিধানৰ দৰ্শনৰ ওপৰত এটা টোকা লিখা। HS-2013 4
উত্তৰঃ-ভাৰতীয় সংবিধানৰ দৰ্শন বুলিলে এনে কিছুমান প্ৰমূল্যবোধ, পৰম্পৰা, আদিক বুজায় যি প্ৰস্তাৱনাৰ মাধ্যমেৰে প্ৰকাশিত হৈছে। লগতে চৰকাৰৰ গাঁথনি, জনগণৰ ভূমিকা, ৰাষ্ট্ৰীয় গাঁথনিৰ মূল নীতি আৰু আদৰ্শ অভিব্যক্ত হৈছে।
এখন দেশৰ সংবিধান হৈছে এনে এক দলিল যিয়ে চৰকাৰৰ বিভন্ন অনুষ্ঠান সম্পৰ্কীয় আইন, নিয়ম ব্যক্ত কৰে। কিন্তু এইটো মনত ৰাখিব লাগিব যে সংবিধানখন এক বিধিসন্মত ৰাজনৈতিক দলিলেই নহয়, বৰং ই এনে এখন গ্ৰন্থ য’ত সমাজৰ আৰ্হি, প্ৰমূল্য আদৰ্শ আৰু নীতিসমূহৰ লগতে সমাজৰ নৈতিক মূল্যবোধসমূহ সন্নিবিষ্ট কৰা থাকে। এই নৈতিক মূল্যবোধসমূহেই সাংবিধানিক দৰ্শনৰ ভিত্তি। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত এই নৈতিক মূল্যবোধসমূহ ভাৰতীয় সংবিধানৰ দৰ্শন নিহিত হৈ আছে। ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দৰ্শনবোৰ হ’ল— ধৰ্মনিৰপেক্ষতা, সমাজবাদ, সাৰভৌমত্ব, ভ্ৰাতৃত্ববোধ, সমতা, স্বাধীনতা, গণতন্ত্ৰ, গণৰাজ্য, একতা আৰু অখণ্ডতা, অৰ্থনৈতিক ন্যায়, সামাজিক ন্যায়, ৰাজনৈতিক ন্যায়।
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত বৰ্ণিত দৰ্শন বা আদৰ্শসমূহ বাস্তৱত প্ৰয়োগ কৰিব পাৰিলে ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ় ল’ব।
Syllabus of HS First Year - Political Science
Part-A/ক-অংশ
প্ৰথম অধ্যায়ঃ সংবিধান । Constitution in Assamese
দ্বিতীয় অধ্যায়ঃ মৌলিক অধিকাৰ । Fundamental Right
তৃতীয় অধ্যায়ঃ নিৰ্বাচন আৰু প্ৰতিনিধিত্ব । Election and Representation
চতুৰ্থ অধ্যায়ঃ কাৰ্যপালিকা । Executive
পঞ্চম অধ্যায়ঃ বিধানমণ্ডল । Legislature
যষ্ঠ অধ্যায়ঃ ন্যায়পালিকা । Judiciary
সপ্তম অধ্যায়ঃ যুক্তৰাষ্ট্ৰবাদ । Federalism
অষ্টম অধ্যায়ঃ স্থানীয় চৰকাৰ । Local Government
নৱম অধ্যায়ঃ জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান । Constitution as a Living Document
দশম অধ্যায়ঃ সংবিধানৰ দৰ্শন । Philosophy of the Constitution
Part-B/খ-অংশ
প্ৰথম অধ্যায়ঃ ৰাজনৈতিক তত্ত্ব । Political Theory
দ্বিতীয় অধ্যায়ঃ স্বাধীনতা । Freedom in Assamese
তৃতীয় অধ্যায়ঃ সমতা । Equality in Assamese
চতুৰ্থ অধ্যায়ঃ সামাজিক ন্যায় । Social Justice in Assamese
পঞ্চম অধ্যায়ঃ অধিকাৰ । Right in Assamese
যষ্ঠ অধ্যায়ঃ নাগৰিকতা । Citizenship in Assamese
সপ্তম অধ্যায়ঃ জাতীয়তাবাদ । Nationalism in Assamese
অষ্টম অধ্যায়ঃ ধৰ্মনিৰপেক্ষতাবাদ । Secularism in Assamese
নৱম অধ্যায়ঃ শান্তি । Peace in Assamese
দশম অধ্যায়ঃ বিকাশ / উন্নয়ন । Development in Assamese
Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Mobile : 7020477396
Contact us for pdf notes of Political Science, English, Swadesh Adhyayan.
ConversionConversion EmoticonEmoticon