-->

ধিকো ধিকো মইষাল । Dhiko dhiko dhiko moishal

ধিকো ধিকো মইষাল
Dhiko  dhiko dhiko moishal

 

ধিকো ধিকো ধিকো মইষাল ৰে

মইষাল ধিকো গাভুৰালি

এহেন সুন্দৰ নাৰী কেমনে যাইবেন ছাড়ি

    মইষাল ৰে

 

তখনি না কইচং মইষাল ৰে

মইষাল না যান গোৱালপাৰা

গোৱালপাৰাৰ চেংৰীগুলা জানে ধূলা-পড়া

মইষাল ৰে

 

তখনি না কইচং মইষাল ৰে

মইষাল না যান গোৱালপাৰা

কাড়িয়া নিবে হাতেৰে বাঁশী ছিড়িবে গলাৰ মালা

    মইষাল ৰে

তোমৰা যাইবেন মইষ বাথাৰ ৰে

মইষাল কিনিয়া আনিবেন কি

তোমাৰ পেন্দনেৰ শ্যামলাই ধুতি আমাৰ দাঁতেৰ মিশি

    মইষাল ৰে

 

আৰে ছাড়ো ছাড়ো ছাড়ো কন্যা ৰে

    কন্যা মিছা তোমাৰ মায়া

ফুলেৰ যৌৱন শুকিয়া গেইলে উড়ি যায়

ভোমৰা কন্যা ৰে।


প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey

Newest
Previous
Next Post »