ওকি আবোহে
Oki aabohe
ওকি আবোহে
এহেন বয়সে বিয়া নাহইল মোৰে
গাভুৰ বয়স মোৰ গত হয়া যায়
আশ পৰশীৰ বিয়া হয় মাসে মাসে
মোৰ কোন দু:খে বিয়া নাহয় কপালেৰ দোষে
ওকি আবোহে
ঢোলটায় না ঢুকঢুকায়
কৰ্কায় না কৰে ক্ৰুক
নাৰীৰ মন মোৰ নাৰয় ঘৰত
নব ডংকায় কৰে হিড়িক
আজি হাতে ভাঙিল পীৰিত
কাশীকনা কৰে টেও
কতখানে মুই বাহিৰ হও
সানাই জোৰাও কৰে পঞ্চৰাও
মোৰ যদি বিয়া হইলেক হয়
মোৰ ছাৱাও ইচান বিচান
খলা খেলাইলেক হয়
ওকি আবোহে।
প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey
ConversionConversion EmoticonEmoticon