-->

মোৰ বন্ধু ধন । mor bondhu dhon

মোৰ বন্ধু ধন
mor bondhu dhon


ও মোৰ বন্ধু ধন ৰসিয়া

দেখা দেও মোক একপৰ আসিয়া

আসিবাৰ চায়া আসিলেন না

মনেৰ আগুন মোৰ নিবাইলেন না

ও মোৰ বন্ধু ধন ৰসিয়া

বৰনী ধানেৰ ভাজিলেং খই

সোনাৰ বন্ধু মোক আসিলেন কই

ও মোৰ বন্ধু ধন ৰসিয়া

জলপান খায়া যাও বগলে বসিয়া

ও মোৰ বন্ধু ধন ৰসিয়া

কেনেৰে বন্ধু তোৰ বিৰস মন

খায়া যাও বন্ধুধন বাটাৰ পান

ও মোৰ বন্ধু ধন ৰসিয়া

আইসো বন্ধু ধন জলপান খান

শোনো বন্ধু মোৰ দোতোৰাৰ গান

ও মোৰ বন্ধু ধন ৰসিয়া।



প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey

Newest
Previous
Next Post »