-->

কনকলতা বৰুৱা । Kanaklata Barua

কনকলতা বৰুৱা
Kanaklata Barua


দেশৰ হকে নিজৰ জীৱনটোক উচৰ্গা কৰি আমাক ধন্য কৰি যোৱা লোকসকলকে আমি শহীদ বুলি কওঁ৷ শ্বহীদসকলে দেশ তথা জাতিৰ হকে নিজৰ মূল্যৱান জীৱনক আঁহুতি দিয়ে৷ ভাৰতৰ স্বাধীনতাৰ হকে নিজৰ জীৱন অৰ্পণ কৰি যোৱা এগৰাকী জাতীয় শ্বহীদ আছিল কনকলতা বৰুৱা৷ এইগৰাকী বীৰাংগণাৰ জন্ম হৈছিল ১৯২৪ চনৰ ডিচেম্বৰ মাহৰ ২২ তাৰিখে৷ তেওঁৰ জন্মস্থান শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ বৰঙাবাৰী গাঁৱত৷ তেওঁৰ পিতৃ-মাতৃ আছিল ক্ৰমে কৃষ্ণকান্ত বৰুৱা আৰু বানেশ্বৰী (কৰ্নেশ্বৰী) বৰুৱা৷ কনকলতা, দেউতাক কৃষ্ণকান্ত বৰুৱাৰ প্ৰথমা পত্নীৰ সন্তান আছিল৷

আহোমসকলৰ ৬০০ বছৰীয়া ৰাজত্ব কালৰ সোণালী ইতিহাসত দোলাকাষৰীয়া বৰুৱাসকলৰ এক নিজস্ব মৰ্য্যদা আছে৷ এই দোলাকাষৰীয়া বৰুৱা বংশতে কনকলতা বৰুৱাৰ জন্ম হৈছিল৷ তেওঁলোকৰ পূৰ্বপুৰুষ প্ৰথমে শিৱসাগৰ জিলাত বাস কৰিছিল যদিও মানৰ আক্ৰমণৰ ফলত তেওঁলোক বৰঙাবাৰীলৈ উঠি আহে আৰু বৰঙাবাৰীতে ঘৰ-দুৱাৰ সাজি নিগাজীকৈ বাস কৰিবলৈ লয়৷ তেওঁলোকৰ পৰিয়ালটো কলংপুৰ অঞ্চলত বিশেষভাৱে জনাজাত আছিল৷ তেওঁৰ ককাদেউতাক ঘনকান্ত বৰুৱা এগৰাকী প্ৰখ্যাত চিকাৰী আছিল৷ তেওঁ অঞ্চলটোত ‘ঘন চিকাৰী' নামেৰে খ্যাত আছিল৷ আনহাতে, কনকলতাৰ দেউতাক কৃষ্ণকান্তও অঞ্চলটোত ‘বগা' নামেৰে প্ৰখ্যাত আছিল৷ তেওঁ (দেউতাক) এগৰাকী ভাল কৃষক আছিল৷ তেওঁ প্ৰায় ৮০ বিঘা মাটিত খেতি কৰিছিল৷ সেয়েহে তেওঁলোকৰ ঘৰ ধান, মাহ, সৰিয়হ আদি বতৰৰ শষ্যৰে ভৰপূৰ আছিল৷ এনে এক অতি মৰ্য্যদা সম্পন্ন ঘৰত কনকলতাৰ জন্ম হৈছিল৷ শস্যে, মতসে সকলো দিশৰ পৰাই পৰিপূৰ্ণ এইখন ঘৰৰ সন্তান হিচাপে কনকলতাই নিজেই গৌৰৱ অনুভৱ কৰিছিল৷

কনকলতা সৰু থাকোতেই তেওঁৰ মাতৃ ঢুকাইছিলা মাকৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্র ৫ বছৰ৷ ফলত তেওঁ মাতৃস্নেহৰ পৰা সৰু কালতে বঞ্চিত হৈছিল৷ কিন্তু দেউতাক আৰু মাহীমাকে কনকলতাক কেতিয়াও মাকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল৷ কনকলতাই দেউতাকৰ পৰা পিতৃস্নেহ আৰু মাহীমাকৰ পৰা মৰম-স্নেহ সঠিক ভাৱেই পাইছিল৷ কনকলতাক সৰুতে ঘৰত মৰমতে ‘কলী’ বুলি মাতিছিল৷

কনকলতাই নিজৰ ঘৰৰ ওচৰৰ গাঁৱতেই প্রাথমিক শিক্ষা আৰম্ভ কৰিছিল৷ ৫ বছৰ বয়সত তেওঁক দেউতাকে বিদ্যালয়ত নাম ভৰ্তি কৰি দিছিল৷ পঢ়াৰ প্ৰতি কনকলতাৰ অসীম শ্রদ্ধা আছিল৷ সেয়ে ইয়াৰ প্ৰতি তেওঁৰ ধাউতিও বাঢ়িছিল৷ কনকলতা এগৰাকী ভাল স্বভাৱ-চৰিত্ৰৰ ছাত্ৰী হোৱা বাবে তেওঁক শিক্ষকসকলে বৰ মৰম কৰিছিল৷ তেওঁ নিজৰ প্ৰতিটো পাঠ অনন্ত একাগ্রতাৰে অধ্যয়ন কৰিছিল৷ কিন্তু বৰ্তমান সময়ৰ দৰে সেই সময়ত মহিলাসকলে পুৰুষৰ লগত সমানে ফেৰ মাৰিবলৈ সুযোগ পোৱা নাছিল৷ সেই সময়ত পুৰুষ প্ৰধান অসমীয়া সমাজত মহিলাসকলক ঘৰৰ চাৰিবেৰৰ মাজতে আৱদ্ধ কৰি ৰাখিব বিচৰা হৈছিল৷ নাৰী শিক্ষাৰ প্ৰতি কিছু পৰিমাণে হ'লেও সজাগতা আনিবলৈ চন্দ্ৰপ্ৰভা শ‍ইকিয়ানীহঁতে চেষ্টা চলাইছিল৷ এই ক্ষেত্ৰত ছোৱালীৰ অভিভাৱক সকলে ভাল ভাৱ দেখুওৱা নাছিল৷ ঘৰতে ৰাখি ছোৱালীক ঘৰুৱা কাম-কাজত পাকৈত কৰাতহে অভিভাৱক সকলে গুৰুত্ব প্ৰদান কৰিছিল৷ সেয়েহে কনকলতাই সুখ্যাতিৰে প্ৰাথমিক শিক্ষা সমাপ্ত কৰাৰ পাছতো ককাদেউতাকে তেওঁক পুনৰাই পঢ়ুৱাৰ কথা নাভাবিলে৷ ককাকে তেওঁক ঘৰতে ৰাখি ঘৰুৱা বন-বাৰী শিকোৱাৰ প্ৰতিহে মনোযোগ দিলে৷

ককাকৰ কথা শিৰোধাৰ্য্য কৰি কনকলতা লাহে-লাহে সকলোবোৰ ঘৰুৱা কামতেই পাকৈত হৈ উঠিবলৈ ধৰিলে৷ তেওঁ প্ৰতিটো ঘৰুৱা কামেই নিয়াৰিকৈ শিকিবলৈ ধৰিলে৷ কৃষক পৰিয়ালৰ সন্তান হিচাপে তেওঁ ধান ৰোৱা, দোৱা আদি কাৰ্য্যত ঘৰৰ মানুহক সহায় কৰিব পৰা হ'ল৷ খাল-ডোঙত মাছ ধৰা, জাকৈ মৰা, বিহুৰ চিৰা-পিঠা তৈয়াৰ কৰা আদি সকলো কামতে তেওঁ নিজৰ দক্ষতা দেখুৱাইছিল৷ তেওঁ অসমীয়াৰ অতি আপোন তাঁতশাল খনৰ লগতো একাত্ম হৈ পৰিছিল৷ গান্ধীয়ে কোৱাৰ দৰে তেওঁ তাঁতশালত সপোন ৰচিব বিচাৰিছিল৷ তেওঁ গাঁৱখনত এগৰাকী ভাল শিপিনী ৰূপে পৰিচিত হৈ পৰিছিল৷ তেওঁ তাঁতশালত বিভিন্ন ধৰণৰ ফুল বাছি ধুনীয়া কাপোৰ বৈ উলিয়াইছিল৷ এইবোৰেই তেওঁক সমাজত এক সুকীয়া ৰূপত পৰিচিত কৰাইছিল৷ তাঁতশালত বহি-বহি তেওঁ লোকগীত, বিয়ানাম, আইনাম আদি গাই সকলোৰে মন মুগ্ধ কৰি ৰাখিছিল৷

কনকলতাই ৭ (সাত) বছৰ বয়সতে দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰতি আকৰ্ষিত হৈছিল৷ ১৯৩১ চনৰ মে' মাহত কলংপুৰ মৌজাৰ গমিৰি উচ্চ ইংৰাজী বিদ্যালয়ত স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটত এখন বৃহত ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল৷ এই সভাৰ মুখ্য উদ্যোক্তা আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ৷ আগৰৱালাদেৱে দেশজননীৰ হেৰুৱা স্বাধীনতা উদ্ধাৰৰ বাবে বহুতো দেশপ্রেমমূলক গীতৰ ৰচনা কৰিছিল৷ ইংৰাজৰ বৰ্বৰতাৰ প্ৰতি অসমীয়া মানুহে মাৰ বান্ধি থিয় হোৱাৰ ক্ষেত্ৰত এই গীতবোৰে যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল৷ এই বৃহত ৰাজহুৱা সভাৰ বিশাল জনসমাবেশৰ দৃশ্যই সাতবছৰীয়া কনকলতাৰ হৃদয়ত এক নতুন আৱেগৰ সৃষ্টি কৰিছিল৷ কনকলতাই মোমায়েক দেবেন্দ্ৰনাথ বৰাৰ মুখেদি ভাৰতৰ স্বাধীনতা আন্দোলনৰ কথা, গান্ধীজীৰ কথা, আইন অমান্য আন্দোলনৰ কথা, দাণ্ডি যাত্ৰাৰ কথা শুনিবলৈ পাইছিল৷

১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়৷ এই যুদ্ধত ইংৰাজসকলে তেওঁলোকৰ অধীনত থকা কোনো উপনিবেশৰ অনুমতি নোলোৱাকৈ পোলেণ্ডৰ পক্ষলৈ জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল৷ এই কাৰ্য্যত ইংৰাজসকলে কংগ্ৰেছ বা কেন্দ্রীয় বিধানমণ্ডলৰ কোনো সদস্যৰ লগত আলোচনা কৰা নাছিল৷ সেয়েহে, কংগ্ৰেছে ইয়াক অবৈধ আৰু অগণতান্ত্ৰিক বুলি প্ৰতিবাদ জনাইছিল৷ 

১৯৪০ চনৰ ৮ আগষ্টত এই বিশ্বযুদ্ধত নিজৰ স্থিতিৰ প্ৰতি শংকিত হৈ ইংৰাজ চৰকাৰে এটা ঘোষণা কৰিছিল৷ এই ঘোষণাক ‘আগষ্ট প্ৰস্তাৱ' বুলি কোৱা হয়৷ ইয়াৰ দ্বাৰা ইংৰাজসকলে যুদ্ধত ভাৰতৰ সহযোগ কামনা কৰিছিল৷ এই প্ৰস্তাৱৰ প্ৰতি কংগ্ৰেছে কোনো আস্থা নেদেখুৱালে৷ মহাত্মা গান্ধীয়ে ইয়াৰ প্ৰতিবাদস্বৰূপে ব্যক্তিগত সত্যাগ্রহ আৰম্ভ কৰে৷ এই সত্যাগ্ৰহৰ মূলমন্ত্ৰ আছিল-দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছ চৰকাৰক কোনেও একো সহায় কৰিব নালাগে৷

কংগ্ৰেছৰ জাতীয় অধিবেশন ১৯৪২ চনৰ ৮ আগষ্টত মৌলানা আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত হয়৷ এই অধিবেশন হৈছিল মুম্বাইৰ গোৱালিয়ৰ টেংক ময়দানত৷ ইয়াতেই ‘ভাৰত ত্যাগ' প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ এই প্ৰস্তাৱমতে ইংৰাজ চৰকাৰে অতি সোনকালে ভাৰত ত্যাগ নকৰিলে, গোটেই দেশজুৰি গণ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়৷ এই আন্দোলনৰ বাবে গান্ধীজীয়ে এই মন্ত্র দিলে যে ‘কৰিম নহ'লে মৰিম’। কংগ্ৰেছে এই আন্দোলন আৰম্ভ কৰাৰ আগতেই ইংৰাজসকলে ইয়াক দমনৰ উদ্দেশ্যে ৯ আগষ্টৰ পুৱা কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ লগতে কংগ্ৰেছক বে-আইনী ঘোষণা কৰে৷ ইয়াৰ ফলত সমগ্ৰ ভাৰততেই আন্দোলনে তীব্ৰ ৰূপ গ্ৰহণ কৰে৷ এই শান্তিপূর্ণ আৰু নিৰস্তু আন্দোলনকাৰীৰ ওপৰত পুলিচে কৰা লাঠিচালনা আৰু গুলী চালনা কৰাত প্ৰায় ১০,০০০ (দহ হাজাৰ) আন্দোলনকাৰী মৃত্যুমুখত পৰে৷

অসমতো এই আন্দোলনে সক্ৰিয় ৰূপ গ্ৰহণ কৰে৷ অসমত এই আন্দোলনৰ গুৰি ধৰোতা সকল আছিল- বিষ্ণুৰাম মেধি, ফকৰুদ্দিন আলি আহমেদ, লীলাধৰ বৰুৱা আদিৰ দৰে ব্যক্তিসকল৷ অসমতো ইংৰাজে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী সংগঠনক অবৈধ ঘোষণা কৰি ইয়াৰ নেতাসকলক গ্ৰেপ্তাৰ কৰে৷ কিন্তু ইয়াৰে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱকে ধৰি কেইবাজনো ব্যক্তিয়ে আত্মগোপন কৰে আৰু গোপনীয় অৱস্থাতে আন্দোলনকাৰী সকলক পৰামৰ্শ দিছিল৷ এই ব্যক্তিসকলৰ পৰামৰ্শ অনুসৰি আন্দোনলকাৰী সকলক ১)শান্তি বাহিনী আৰু ২) মৃত্যু বাহিনী নামেৰে দুটা ভাগত বিভক্ত কৰা হয়৷ ইয়াৰে প্ৰথম ভাগত সুস্থ মনৰ সকলো লোকেই যোগ দিব পাৰিছিল৷ অন্যহাতে দ্বিতীয় ভাগত ১৮ বছৰৰ পৰা ৫০ বছৰলৈ যিসকলে হাঁহিমুখে মৃত্যুক আঁকোৱালি ল'ব পাৰিব তেওঁলোকক অন্তৰ্ভুক্ত কৰা হৈছিল৷

কনকলতায়ো দেশ মাতৃৰ আহ্বান শুনি মৃত্যু বাহিনীত যোগদান কৰিছিল৷ তেওঁ সাহসী আৰু দৃঢ় মনৰ অধিকাৰী হোৱা বাবেই মৃত্যু বাহিনীত যোগ দিব পাৰিছিল৷ ভাৰতক ইংৰাজৰ কবলৰ পৰা মুক্ত কৰিবলৈ অসমৰ আওহতীয়া ঠাইৰ তাঁতশালত বহি দিন কটোৱা দেশপ্রেমিক কনকলতাই নিজৰ জীৱনক হেয় জ্ঞান কৰি ওলাই আহিছিল৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্য্যসূচীৰ অংশ হিচাপে ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত গহপুৰ থানাত পতাকা উত্তোলনৰ কাৰ্য্যসূচীৰ সকলো প্ৰস্তুতি সমাপণ কৰা হ'ল৷ কনকলতাৰ অনুৰোধত গহপুৰ থানাত পতাকা উত্তোলন আৰু সমদলৰ নেতৃত্বৰ ভাৰ তেওঁকে দিয়া হ'ল৷ উক্ত দিনা এই সমদলত অংশগ্ৰহণৰ বাবে শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা শ শ লোক আগুৱাই আহিছিল৷ এই সমদলত ৫০০ মহিলাই অংশগ্ৰহণ কৰিছিল৷ আন্দোলনকাৰী সকলে বিভিন্ন জয়ধ্বনিৰে গহপুৰৰ আকাশ-বতাহ কঁপাই তুলিছিল৷ কিন্তু সমদলক সেই সময়ৰ গহপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনে সশস্ত্র সৈন্য এদল লৈ আগভেটি ধৰে৷ পুলিচ বিষয়াজনে সমদলটোক এখোজো আগ নাবাঢ়িবলৈ কৈছিল অন্যথাই গুলি কৰা হ'ব বুলি হুংকাৰ দিছিল৷

কিন্তু সংগ্ৰামী মনৰ কনকলতই তাৰ প্ৰত্যুত্তৰত কৈছিল যে তেওঁলোকে এক মহান কৰ্তব্যৰে তাত অহিংস মনেৰে গোট খাইছেহি৷ যদি ইয়াৰ বাবে বন্দুকৰ আগত বুকু পাতি দিব লাগে তাৰ বাবেও তেওঁ প্ৰস্তুত আছে৷ কনকলতাই পুলিচ, চিপাহী সকললৈ চাই কৈছিল-"তোমালোকে তোমালোকৰ কাম কৰা আৰু আমি আমাৰ কাম কৰিম৷” এইষাৰেই আছিল কনকলতাৰ শেষ বাক্য৷ কিয়নো ইয়াৰ পাছতেই পুলিচৰ গুলি কনকলতাৰ বুকু ভেদি পাৰ হৈ যায়৷ ফলত তেওঁ ঠিতাতে বাগৰি পৰে আৰু মৃত্যুক আঁকোৱালি লয়৷ এইদৰেই কনকলতাই দেশৰ হকে হাঁহি হাঁহি নিজকে উচৰ্গা কৰিলে৷ সেয়েহে ত্যাগ আৰু সাহসৰ প্রতীক এইগৰাকী মহিলাৰ নাম আমাৰ মাজত সদায় সোণালী আখৰেৰে জিলিকি ৰ'ব৷

Newest
Previous
Next Post »