-->

আজি নদী না যাইওৰে । Aaji nadi na jaiore

আজি নদী না যাইওৰে
Aaji nadi na jaiore

 

আজি নদী না যাইওৰে বৈদ

নদী না যাইও

নদী ঘোলাৰে ঘোলা পানী

নদীৰ বদলে বাড়ীতে স্নান কৰৰে

মুই নাৰী তুলিয়া দিমৰে পানী

এক লোটা তুলিতেৰে বৈদ

আৰ এক লোটা তুলিতেৰে

বৈদৰে খসিয়া পৰিল মোৰ

    গালাৰ চন্দ্ৰমালা

বাপো নাই যে মোৰ আসিবেৰে বৈদ

    মাও নাই যে কান্দিবেৰে

ভাইও নাইৰে তুলিয়া দিবে মালা

তোৰষা নদীৰ পাৰেৰে বৈদৰে

    ৰাজহংসা পংখী পৰেৰে

ৰাজহংসাৰ কান্দোনেৰে বৈদ

বাৰীৰ কাম নাখায় মনেৰে

সদায় থাকং মুই পন্থেৰ দিকে চায়াৰে

মনটা মোৰ উৰাং-বাইৰাং কৰে ৰে

আজি নদী নাযাইও ৰে বৈদ।


প্ৰতিমা বৰুৱা পান্ডেৰ গীত

Lyric of Pratima Barua Pandey

Previous
Next Post »