-->

হস্তীৰ কন্যা । Hostir konya

 হস্তীৰ কন্যা । Hostir konya

 

হস্তীৰ কন্যা হস্তীৰ কন্যা, বামোণেৰ নাৰী

মাথায় নিয়া তাম কলসী ও

সখী হাতে সোণাৰ ঝাৰি, সখী ও

ও মোৰ হায় হস্তীৰ কন্যা ৰে

খানিকো দয়া নাই মাহুতক লাগিয়া ৰে

 

পাতিৰা কৰিয়া কন্যা বাৰেয়া দিলেন পাও

মাথাৰ উপৰ কাল জেঠী ও

সখী কৰে পঞ্চ ৰাও সখী ও

ও মোৰ দান্তাল হাতীৰ মাহুত ৰে

যেদিন মাহুত শিকাৰ যায়

নাৰীৰ মন মোৰ ঝুৰিয়া ৰয় ৰে

 

বালু তিল তিল পঙ্খী কান্দে বালুতে পৰিয়া

আৰে গৌৰীপুৰীয়া মাহুত কান্দে ও

সখী ঘৰ বাৰী ছাড়িয়া সখী ও

ও মোৰ সাৰিণ হাতীৰ মাহুত ৰে

যেদিন মাহুত ফুটান যায়

নাৰীৰ মন মোৰ ঝুৰিয়া ৰয় ৰে

 

আকাশেতে নাইৰে চন্দ্ৰ তাৰা কেমন জ্বলে

যে নাৰীৰ পুৰুষ নাই ও

ও তাৰ ৰূপ কি কাম কৰে সখী ও

ও মোৰ মাগণা হাতীৰ মাহুত ৰে

যেদিন মাহুত শাৰিয়া যায়

নাৰীৰ মন মোৰ ঝুৰিয়া ৰয় ৰে

 

আইওক ছাড়িলুং বাইওক ছাড়িলু

ছাড়িলুং সোনাৰ পুৰী

বিয়াও কৰিয়া ছাড়িয়া আসিলুং ও

সখী অল্প বয়সেৰ নাৰী সখী ও

ও মোৰ দান্তাল হাতীৰ মাহুত ৰে

যেদিন মাহুত চলিয়া যায়

নাৰীৰ মন মোৰ কান্দিয়া ৰয় ৰে

 

আগাড়ি পিছাড়ি হস্তীৰ ফেলাইলুং বান্দিয়া

হৰি গুৰুৰ নাম নিয়া ও

সখী বসিলং ভিৰিয়া সখী ও

ও মোৰ হায় হস্তীৰ কন্যা ৰে

খানিকো দয়া নাই মাহুতক লাগিয়া।

 

2. গদাধৰেৰ পাৰে পাৰে ৰে । Godadhorer pare pare re

গদাধৰেৰ পাৰে পাৰে ৰে

মোৰ মাউতে চৰায় হাতী

কি মায়া নাগাইলেন মাহুতৰে

তোৰ গলায় ৰসেৰ কাটি

কি মায়া নাগাইলেন মাহুত ৰে

কি উচা কৰি বান্দেন ছাপৰ ৰে

মুই আইসতে যাইতে দেখিম

কি মায়া নাগাইলেন মাহুতৰে

দুধ খোৱাইলেন দই খোৱাইলেন ৰে

মাহুত না খোৱাইলেন মাটা

এবাৰ হাতে টুটিয়া গেইল কি

তোৰ আসা যাবাৰ ঘাটা

কি মায়া নাগাইলেন মাহুতৰে

মাহুত:

না কান্দেন না ভাবেন

না ভাঙেন ৰসেৰ গালা

এবাৰ যদি ঘূৰিয়া আইসং ৰে

ও তোৰ সোনায় বান্দিম গালা

এবাৰ যদি বাউৰি আইসং ৰে


প্ৰতিমা বৰুৱা পান্ডে । Pratima Barua Pandey


Previous
Next Post »