-->

বাৰ মাসে তেৰ ফুল ফোটে । Baro mase tero phool fote

বাৰ মাসে তেৰ ফুল ফোটে । Baro mase tero phool fote
প্ৰতিমা বৰুৱা পান্ডে [Pratima Barua Pandey]

 

বাৰ মাসে তেৰ ফুল ফোটে

বছৰে ফোটে হোলা সই

     নাযাইও যমুনাৰ জলে

তোমাৰা নাযাইও নাযাইও নাযাইও সইহে

     ঐ না যমুনাৰ জলে

 

যে ঘাটে ভৰিব আৰো জল

সেই ঘাটে কানাইয়া সই

নাযাইও যমুনাৰ জলে

 

নন্দেৰ বেটা চিকণ আৰ কালা

কালা দিলেক বিষম জ্বালা সই

নাযাইও যমুনাৰ জলে

 

কদম গাছে হেলানিৰে দিয়া

কালা বাজায় মোহন বাঁশী সই

     নাযাইও যমুনাৰ জলে

 

পদেৰ উপৰ পদ আৰো থুইয়া

ৰাধা গাঁধে ফুলেৰ মালা সই

নাযাইও যমুনাৰ জলে

তোমাৰা নাযাইও নাযাইও সইহে

     ঐ না যমুনাৰ জলে



তোমৰা গেইলে কি আসিবেন । Tomra geileki aasiben

 

তোমৰা গেইলে কি আসিবেন

মোৰ মাহুত বন্ধুৰে

তোমৰা গেইলে কি আসিবেন

মোৰ মাহুত বন্ধুৰে

হস্তী নৰান হস্তী চৰান

কাকুৱা বাশেৰ তলে

ও ৰে কি সাপে দংশিলে মাহুতক

কয়া যাও বা মোৰে ৰে

ৰোজাই ঝাৰে গুনিকে ঝাৰে

ঢেকীয়াৰ আগাল দিয়া

ও ৰে মুই নাৰী ঝাৰিম মাহুতক

এ কেশেৰ আগাল দিয়া

খাটো খুটো মাহুতৰে তোৰ মুখ চাপ দাড়ি

কি ওৰে সত্য কৰিয়া কন ৰে মাহুত

কোন বা দ্যাশে বাড়ী ৰে মাহুত :

হস্তী নৰাই হস্তীৰে চৰাই হস্তীৰ পায়ে বেড়ী

কি ওৰে সত্য কৰিয়া কইলাম কন্যা গৌৰীপুৰে বাড়ীৰ

হস্তী নৰাই হস্তী চৰাই হস্তীৰ গলায় দড়ী

সত্য কৰিয়া কইলং কন্যা বিয়াও কৰি নাই ৰে।

Previous
Next Post »