পৰজনমৰ শুভ লগনত । Poro janamor shubho logonot
বিষ্ণুপ্ৰসাদ ৰাভা । Bishnuprasad Rabha
পৰ জনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা।
এই জনমৰ কুসুম-মালা
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা
শূণ্য মোৰ বুকু হ’ল যে উকা।
এই জীৱনৰ আউসী ৰাতি
চকুলো টুকি যায় যে কাটি
কাহানিও সুখৰ ৰূপহী জোনাই
হৃদয়তে জিলিকনি নিবিলায়।
এই জনমত গোপন কথা
গুপুতে থাকি দিয়ে যে ব্যাথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াত অঁকা।
ৰাভা সঙ্গীত । Rabha Sangeet
ConversionConversion EmoticonEmoticon