-->

Class 10 ভাৰতীয় গণতন্ত্ৰ । Indian Democracy

সমাজ বিজ্ঞান  (তৃতীয় খণ্ড)

(অৰ্থনৈতিক আৰু ৰাজনীতি বিজ্ঞান)  অধ্যায় ১

ভাৰতীয় গণতন্ত্ৰ

Indian Democracy

SEBA Class 10 Social Science - Economics and Political Science Part 3 Chapter 1

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:-

(i) ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?  hslc-2023, 2018

(ক) ড° বি. আৰ. আম্বেদকাৰে 

(খ) এন. গোপালাস্বামীয়ে 

(গ) ড° সচ্চিদানন্দ সিন্হাই 

(ঘ) চৈয়দ মহম্মদ চাদুল্লাই 

উত্তৰঃ-(গ) ড° সচ্চিদানন্দ সিন্হাই 


(ii) ১৯৭৬ চনত সংবিধানৰ ৪২ নং সংশোধনীৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল। এই শব্দকেইটা হ'ল- hslc-2023

(ক) সার্বভৌম, গণৰাজ্য, ঐক্য

(খ) সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য

(গ) গণতান্ত্ৰিক, গণৰাজ্য, ঐক্য

(ঘ) ধৰ্মনিৰপেক্ষ, সার্বভৌম, ঐক্য

উত্তৰঃ-(খ) সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য 


(iii) ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? hslc-2020

(ক) সার্বভৌম

(খ) গণৰাজ্য

(গ) গণতান্ত্ৰিক

(ঘ) সমাজবাদী

উত্তৰঃ-(ঘ) সমাজবাদী


(iv) তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল। hslc-2019

(ক) এন. গোপালাস্বামী আয়েংগাৰ 

(খ) কে. এম. মুন্সি 

(গ) জৱাহৰলাল নেহৰু 

(ঘ) ডি. পি. খৈটান 

উত্তৰঃ-(গ) জৱাহৰলাল নেহৰু


(v) সংবিধান খচৰা কমিটিৰ অসমৰ সদস্য আছিল-

(ক) গোপীনাথ বৰদলৈ

(খ) বিষ্ণুৰাম মেধি

(গ) চৈয়দ মহম্মদ চাদুল্লা

(ঘ) সিদ্ধিনাথ শৰ্মা

উত্তৰঃ-(গ) চৈয়দ মহম্মদ চাদুল্লা


(vi) ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক হৈছিল-

(ক) ১৯৪৭ চনৰ ১০ আগষ্টত

(খ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত

(গ) ১৯৪৭ চনৰ ২৬ নবেম্বৰত

(ঘ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত

উত্তৰঃ-(খ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত


(vii) ব্ৰিটিছ চৰকাৰে ভাৰতলৈ 'কেবিনেট মিছন' পঠায়-

(ক) ১৯৪৬ চনৰ মে' মাহত 

(খ) ১৯৪৬ চনৰ মাৰ্চ মাহত 

(গ) ১৯৪৬ চনৰ জুন মাহত 

(ঘ) ১৯৪৬ চনৰ জুলাই মাহত 

উত্তৰঃ-(খ) ১৯৪৬ চনৰ মাৰ্চ মাহত 


(viii) 'যুক্তৰাষ্ট্ৰৰ গৃহভূমি' বোলা হয়-

(ক) ৰাছিয়াক

(খ) আমেৰিকাক

(গ) ইংলেণ্ডক

(ঘ) ভাৰতক

উত্তৰঃ-(খ) আমেৰিকাক


(ix) ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ প্ৰস্তাৱনাত কিমান নং সংশোধনীমতে সন্নিৱিষ্ট হৈছে-

(ক) ৪২ নং সংশোধনীমতে 

(খ) ৬২ নং সংশোধনীমতে 

(গ) ৫২ নং সংশোধনীমতে 

(ঘ) ৩২ নং সংশোধনীমতে 

উত্তৰঃ-(ক) ৪২ নং সংশোধনীমতে 


(x) ভাৰতৰ সংবিধান পৃথিৱীৰ —

(ক) অলিখিত 

(খ) লিখিত 

(গ) চুটিতম 

(ঘ) দীর্ঘতম 

উত্তৰঃ-(ঘ) দীর্ঘতম


(xi) কেই খন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰা হৈছে—

(ক) তিনিখন 

(খ) দুখন 

(গ) এখন 

(ঘ) চাৰিখন 

উত্তৰঃ-(ক) তিনিখন 


(xii) তলৰ কোনখন দেশক অনুসৰণ কৰি ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন হৈছিল—

(ক) আমেৰিকা 

(খ) কানাডা 

(গ) ইংলেণ্ড 

(ঘ) চুইজাৰলেণ্ড

উত্তৰঃ-(খ) কানাডা


(xiii) শ্ৰমিক দল ইংলেণ্ডত ক্ষমতালৈ আহে-

(ক) ১৯৪১ চনত 

(খ) ১৯৪৫ চনত

(গ) ১৯৪২ চনত 

(ঘ) ১৯৪৩ চনত

উত্তৰঃ-(খ) ১৯৪৫ চনত


(xiv) কেবিনেট মিছন ইংলেণ্ডৰ কেইজন মন্ত্ৰীৰে গঠিত হোৱা গোট

(ক) ৫ জন

(খ) ৩ জন 

(গ) ৬ জন 

(ঘ) ৮ জন

উত্তৰঃ-(খ) ৩ জন 


(xv) ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাবনাত সংযাোজন কৰা হৈছিল? 

(ক) সার্বভৌম 

(খ) গণতান্ত্ৰিক 

(গ) গণৰাজ্য 

(ঘ) সমাজবাদী 

উত্তৰঃ- (ঘ) সমাজবাদী।


(xvi) সংবিধান সভাৰ প্ৰথম স্থায়ী সভাপতি আছিল-

(ক) ড° ৰাজেন্দ্ৰ প্ৰসাদ

(খ) ছৈয়দ মহম্মদ ছাদুল্লা

(গ) ড° বি. আৰ. আম্বেদকাৰ

(ঘ) ড° সচ্ছিদানন্দ সিন্হা

উত্তৰঃ-(ক) ড° ৰাজেন্দ্ৰ প্ৰসাদ


2. কোন চনত "ছাকাৰিয়া" আয়োগ গঠন হৈছিল? 

উত্তৰঃ- ১৯৮৩ চনত। 


3. কোন দেশক অনুসৰণ কৰি ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ- কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধানক অনুসৰণ কৰি। 


4. 'যুক্তৰাষ্ট্ৰৰ গৃহভূমি' বুলি কাক কোৱা হয়। 

উত্তৰঃ- আমেৰিকাক 'যুক্তৰাষ্ট্ৰৰ গৃহভূমি' বুলি কোৱা হয়।


5. ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰপৰা আহিছে? 

উত্তৰঃ- Foedus শব্দৰ পৰা আহিছে। 


6. খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি আছিল? 

উত্তৰঃ- খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম ড° বি. আৰ. আম্বেদকাৰ আছিল। 


7. কোনচনত ভাৰতীয় সংবিধানখন স্বাক্ষৰিত হয়? 

উত্তৰঃ- ১৯৪৯ চনৰ ২৬ নবেম্বৰত স্বাক্ষৰিত হয়।


8. ভাৰতীয় সংবিধান কোন তানিখ বলবৎ/ কার্যকৰী হয়?

উত্তৰঃ- ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে। 


9. কাৰ তৎপৰতাত ভাৰতৰ সংবিধান সভা গঠন হৈছিল? 

উত্তৰঃ- কেবিনেট মিছনৰ তৎপৰতাত ভাৰতৰ সংবিধান সভা গঠন হৈছিল। 


10. ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? 

উত্তৰঃ- ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল। 


11. সংবিধানৰ ৰচনা কমিটি কেতিয়া আৰু কেইজন বিশেষজ্ঞক লৈ গঠন হয়? 

উত্তৰঃ- ১৯৪৭ চনৰ ২৯ আগষ্টত বিভিন্ন ক্ষেত্ৰৰ সাতজন বিশেষজ্ঞক লৈ সংবিধানৰ খচৰা কমিটি গঠন হয়।


12. ভাৰতবৰ্ষৰ সংদস কেইটা সদনেৰে গঠিত আৰু কি কি?

উত্তৰঃ- ভাৰতবৰ্ষৰ সংদস দুটা সদনেৰে গঠিত। লোকসভা (নিম্ন সদন) আৰু ৰাজ্যসভা (উচ্চ সদন)। 


13. 'সমাজবাদী' আৰু 'ধৰ্মনিৰপেক্ষ' শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাবনাত সন্নিবিষ্ট হৈছিল? 

উত্তৰঃ- 'সমাজবাদী' আৰু 'ধর্মনিৰপেক্ষ' শব্দ দুটা সংবিধান। ৪২তম সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল। 


14. ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰপৰা অনুকৰণ কৰা হৈছে? 

উত্তৰঃ- ভাৰতবৰ্বৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। 


15. ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে কিহৰ আলমত ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যবস্থাৰ প্ৰবর্তন কৰিছিল?

উত্তৰঃ- দুখলপীয়া চৰকাৰ (কেন্দ্ৰ আৰু ৰাজ্য) ক্ষমতাৰ ভাগ-বিতৰণ আদি নীতিৰ আলমত এই আইনে পৰাধীন ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যবস্থা প্ৰবর্তন কৰিছিল।


16. কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত 'সমাজবাদী' আৰু 'ধর্মনিৰপেক্ষ' শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰঃ- ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হোৱা ৪২তম সংবিধান সংশোধনৰ জৰিয়তে 'সমাজবাদী' আৰু 'ধর্মনিৰপেক্ষ' শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে।


17. সংবিধানসভাৰ প্ৰথমখন বৈঠক কোন চনত হৈছিল আৰু সভাপতি কোন আছিল?

উত্তৰঃ- ১৯৪৬ চনৰ ৯ ডিচেম্বৰত সংবিধানসভাৰ প্ৰথমখন বৈঠক হৈছিল।

সংবিধানসভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ড° সুচিদানন্দ সিনহাই। 


18. কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰবর্তন কৰিছিল? 

উত্তৰঃ- ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। 


19. ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যবস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল?

উত্তৰঃ- ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ ভিত্তিত চলিছিল। এই আইনখন ইংলেণ্ডৰ সংসদে প্ৰস্তুত কৰিছিল।


20. প্ৰস্তাৱনাত 'আমি ভাৰতীয় জনসাধাৰণে' বুলি কিয় উল্লেখ কৰা হৈছে? 

উত্তৰঃ- প্ৰস্তাৱনাত 'আমি ভাৰতীয় জনসাধাৰণে' বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানব আঁৰত থকা বৃহৎ শক্তি। 


21. 'সার্বভৌম' মানে কি বুজা? 

উত্তৰঃ- সার্বভৌম মানে হৈছে কোনো বিদেশী শক্তিৰ তলতীয়া নোহোৱা। সার্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা। অর্থাৎ বাহ্যিকভাৱে আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত নহয়।


22. যুক্তৰাষ্ট মানে কি? 

উত্তৰঃ- যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ‘Federation’টো লেটিন শব্দ 'Foedus' ৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে 'চুক্তি' অথবা 'সন্ধি'। সেয়েহে যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সম্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি।


23. সংবিধান আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মাজত কি সম্বন্ধ? 

উত্তৰঃ- সংবিধান আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ ইটো আনটোৰ পৰিপূৰক। এখন সংবিধান নহ'লে যিদৰে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে ঠিক সেইদবে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ নহ'লে সংবিধানৰ ভূমিকাও অর্থহীন হৈ পৰে। সেয়েহে এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে এখন সংবিধান অতিকৈ প্ৰয়োজন। 


24. 'অর্ধ যুক্তৰাষ্ট্ৰ' কাক বোলে? 

উত্তৰঃ- যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য সন্নিৱিষ্ট হৈ থাকে তেনে যুক্তৰাষ্ট্ৰকে অর্ধ যুক্তৰাষ্ট্ৰ বোলে। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। ভাৰতবৰ্ষত এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কেইবাটাও বৈশিষ্ট্য থাকা সত্বেও আমাৰ ব্যৱস্থাটো, প্ৰকৃত যুক্তৰাষ্ট্ৰ ব্যৱস্থা নহয়। ইয়াত এককেন্দ্ৰীক চৰকাৰৰ বহুতো বৈশিষ্ট্য আছে। সেইবাবে আমি ভাৰতবৰ্ষক 'অর্ধ যুক্তৰাষ্ট্ৰ' বুলি ক'ব পাৰোঁ।


25. ব্ৰিটিছ চৰকাৰে 'কেবিনেট মিছন'ক কিয় ভাৰতলৈ পঠাইছিল?

উত্তৰ:- কেবিনেট মিচন ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট আছিল। ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত শ্ৰমিক দলে ক্ষমতা লাভ কৰাৰ পাছত ভাৰতক স্বাধীনতা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল। সেয়েহে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাৰৰ অৰ্থে ব্ৰিত্ৰিছ চৰকাৰে ১৯৪৬ চনৰ মার্চ মাহত 'কেবিনেট মিছনক' ভাৰতবৰ্ষলৈ পঠাইছিল।


26. সংবিধান খচৰা কমিটিৰ সদস্যকেইজনৰ নাম লিখা।

উত্তৰঃ- সংবিধান খচৰা কমিটি সদস্যকেইজনৰ নাম হ'ল- 

(১) ড° বি আৰ আম্বেদকাৰ (সভাপতি)

(২) এন গোপাস্বামী আয়েংগাৰ 

(৩) আলাদি কৃষ্ণস্বামী আয়াৰ

(৪) কে এম মুন্সি 

(৫) চৈয়দ মহম্মদ চাদুল্লা 

(৪) এন মাধৰ ৰাও 

(৭) ডি. পি. খৈটান। 


27. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো লিখা। 

উত্তৰঃ- "আমি ভাৰতৰ জনসাধাৰণে ভাবতবর্ষ এখন সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, প্ৰকাশ, বিশ্বাস, ধর্ম আৰু উপাসনাৰ স্বাধীনতা, সম-মর্যাদা আৰু সুযাোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মর্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাব বৃদ্ধি কৰিবলৈ— আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অর্পণ কৰিলো।”


28. নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱ চাৰিটা লিখা। 

উত্তৰঃ- জৱাহৰলাল নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱ চাৰিটা হ'ল-

১। সংবিধান সভাই ভাৰতবৰ্ষক 'স্বাধীন, সার্বভৌম, প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ' (পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয়)। 

২। ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তর্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ (Union of states) গঠিত হ'ব। 

৩। ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধর্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব।

৪। অনসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।


29. ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ- ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযাোগ্য বৈশিষ্ট্যসমূহ হ'ল- 

(১) ভাৰতবৰ্ষৰ সংসদ লোকসভা আৰু ৰাজ্যসভা নামৰ দুখন সদনেৰে গঠিত। 

(২) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিজন ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ।

(৩) এই চৰকাৰত দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কার্যপালিকা। ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতিজন হৈছে নামমাত্ৰ কার্যপালিকা আৰু চৰকাৰৰ মুৰব্বী প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ'ল প্ৰকৃত কাৰ্যপালিকা। 

(৪) এই চৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্ৰীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য। 

(৫) সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কার্যপালিকাৰ সম্পর্ক নিবিড়। 

(৬) এই পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ প্ৰহণ কৰিলে মন্ত্ৰীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়।


30. ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। HSLC-2018

উত্তৰঃ- ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হ'ল-

(ক) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্বক হৈ আছে। সেয়েহে সংবিধান প্ৰণেতা পণ্ডিতসকলে ইয়াক ‘গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদর্শত এককেন্দ্ৰিক’ বুলি অভিহিত কৰিছে।

(খ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয়া ব্যৱস্থাত অংগৰাজ্যসমূহ আঁতৰি যাোৱাৰ অধিকাৰ নাই। 

(গ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। সমগ্ৰ ভাৰতৰ বাবে এখনেই সংবিধান আছে আৰু সেইখনেই হ'ল ভাৰতীয় সংবিধান। 

(ঘ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। ইয়াত এজন নাগৰিক কেৱল ভাৰতৰ নাগৰিক হিচাপেহে পৰিচিত। 

(ঙ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয়া ব্যৱস্থা মূলতঃ কেন্দ্ৰ-ৰাজ্যৰ সহযাোগিতাৰ ওপৰত নিৰ্ভৰশীল। 

(চ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যবস্থাই ভাৰতৰ অখণ্ডত্য আৰু সার্বভৌমত্ব ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। 


31. সংসদীয় গণতন্ত্ৰ কি? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰ ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্যইেটা লিখা। HSLC-2019

উত্তৰঃ- সংসদীয় গণতন্ত্ৰ হ'ল এবিধ শাসন ব্যৱস্থা য'ত জন প্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সর্বোচ্চ মতা অর্পণ কৰা হয়।

ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্যকেইটা তলত উল্লেখ ৰা হ'ল-

(১) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ এখন গণৰাজ্য। কিন্তু ইংলেণ্ডৰ সমসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়। ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰ প্ৰধানজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি নহয়। ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰ প্ৰধানজন জনগণৰ দ্বাৰা নির্বাচিত হোৱা ব্যক্তি। 

(২) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অৱ লৰ্ডছতকৈ বহু পৃথক। 

(৩) ইংলেণ্ডৰ সংসদীয় গণতশ্ৰুত সংসদখন অত্যন্ত শক্তিশালী। কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়।


32. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবর্ষ এখন যুক্তৰাষ্ট্ৰ নে কি? ব্যাখ্যা কৰা। HSLC-2020 

(নাইবা) 

ভাৰতবৰ্ষক প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলি কব পাৰিনে? যুক্তি দর্শোৱা। 

উত্তৰঃ- ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ প্ৰকৃত চৰিত্ৰ অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায়যে আমাৰ ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয়। ইয়াত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্ম হৈ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহৰ বিলগ্ন হোৱা অথবা আঁতৰি যাোৱাৰ অধিকাৰ নাই। অন্য যুক্তৰাষ্ট্ৰত থকাৰ দৰে আমাৰ অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। সমগ্ৰ ভাৰত যুক্তৰাষ্ট্ৰৰ বাবে এখন সংবিধান আৰু সেইখন হ'ল 'ভাৰতীয় সংবিধান'। অন্য যুক্তৰাষ্ট্ৰৰ বিপৰীতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী। যদিও সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰিছে তথাপি সকলো গুৰুত্বপূর্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে। অংগৰাজ্যবিলাকত থকা ৰাজ্যপালসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰা নাই। ৰাজ্যপালে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। আমেৰিকাত থকাৰ দৰে ভাৰতবৰ্ষত 'দ্বৈত নাগৰিকত্ব'ৰ ব্যৱস্থা নাই। এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক। তেওঁ কোনো অংগৰাজ্যৰ নাগৰিক হ'ব নোৱাৰে। এনে বহুতো কাৰণৰ বাবে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্যতিক্ৰমধর্মী।


33. ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। 

উত্তৰঃ- প্ৰস্তাৱনা হ'ল সংবিধানৰ পাতনি। প্ৰকৃতাৰ্থত প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জনাটো সম্ভৱ। কাৰণ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে। সংবিধানখনৰ আদর্শ, দর্শন আৰু লক্ষ্য।

সংবিধান প্ৰণেতাসকলে প্ৰস্তাৱনাত আমি ভাৰতীয় বুলি উল্লেখ কৰি স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জণগণ, সংবিধানখন ভাৰতীয় জণগণৰ আৰু ভাৰতীয় জণগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।

প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল 'সার্বভৌম', 'সমাজবাদী', 'ধর্মনিৰপেক্ষ', 'গণতান্ত্ৰিক', আৰু 'প্ৰজাতন্ত্ৰ'। এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদর্শ প্ৰতিফলিত হৈছে।

সার্বভৌম শব্দৰ দ্বাৰা ভাৰতবৰ্ষ বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োটা ক্ষেত্ৰত কোনো বিদেশী শক্তিৰ তলতীয়া নহয় অর্থাৎ সম্পূর্ণ স্বাধীন হোৱাটো বুজাইছে।

ভাৰতত সমাজবাদী আদৰ্শৰ দ্বাৰা আয়, মর্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত সকলো ভাৰতীয়ক সম-মর্যাদা প্ৰদান কৰা হৈছে।

ধর্মনিৰপেক্ষ শব্দটিয়ে বুজাইছে যে ভাৰতৰ কোনো চৰকাৰী ধর্ম নাই। ইয়াত চৰকাৰৰ দৃষ্টিত সকলো ধৰ্মৰ মানুহে সমান মর্যাদা আৰু সুবিধা লাভ কৰিব।

গণতান্ত্ৰিক শব্দটোৰ দ্বাৰা ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা জণসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হোৱাৰ কথাটো প্ৰকাশ পাইছে।

ভাৰতত গণৰাজ্য বা প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছে। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ প্ৰধানজন জণসাধাৰণৰ দ্বাৰা নির্বাচিত হ'ব। ৰাষ্ট্ৰপতিৰ পদবীটো বংশানুক্ৰমি নহ'ব। এইদৰে সংবিধানৰ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত সংবিধানৰ আদর্শ প্ৰকাশ পাইছে। 


34. ভাৰতবৰ্ষক কিয় সার্বভৌম সমাজবাদী ধর্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয়? HSLC-2020 

(নাইবা)

সার্বভৌম সমাজবাদী 'ধর্মনিৰপেক্ষ', 'গণতান্ত্ৰিক' আৰু 'গণৰাজ্য' বুলিলে কি বুজা বহলাই লিখা।

উত্তৰঃ- সার্বভৌম : সার্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা। ভাৰতবর্ষ এখন সার্বভৌম ৰাষ্ট্ৰ। বাহ্যিকভাৱে আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু কোনো বাহ্যিক শক্তিৰ দ্বাৰা পৰিচালিত নহয়।

        সমাজবাদী : ভাৰতবর্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। ১৯৭৬ চনৰ সংবিধানৰ ৪২তম সংশোধনী মতে এই শব্দটো প্ৰস্তাৱনাত সংযাোজন কৰা হৈছে। ভাৰতবৰ্ষত মানুহৰ মাজত আয়, মর্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য নাইবা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ'ব। জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অর্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব। দেশৰ অর্থনীতি পুঁজিপতিৰ পৰিৱর্তে দেশৰ জনসাধাৰণে নির্ধাৰণ কৰিব।

ধর্মনিৰপেক্ষ : এই শব্দটো প্ৰস্তাৱনাত ৪২তম সংশোধনী মতে সন্নিবিষ্ট হৈছে। ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হ'ব। চৰকাৰৰ দৃষ্টিত সকলো ধর্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্ৰতি অনুগ্ৰহ প্ৰদর্শন কৰিব নোৱাৰিব। ইয়াত চৰকাৰী ধর্ম বুলি কোনো ধর্ম নাথাকিব। 

গণতান্ত্ৰিক : ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ'ব। 

গণৰাজ্য : ভাৰতবর্ষ এখন গণৰাজ্য। দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) জনসাধাৰণৰ দ্বাৰা নির্বাচিত ব্যক্তি হ'ব। ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহ'ব অথবা কোনোবাই বাছনি কৰা ব্যক্তি নহ'ব। প্ৰস্তাৱনাত থকা সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য এই গুৰুত্বপূৰ্ণ শব্দকেইটাই সংবিধানৰ আদর্শ সুন্দৰভাৱে প্ৰকাশ কৰিছে। উপৰোক্ত কাৰণসমূহৰ বাবে ভাৰতবৰ্ষক সার্বভৌম সমাজবাদী ধর্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয়।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.

Post Graduate Teacher (Political Science)

H.N.Seminary Model HS School, Bagribari, Dhubri, Assam

Email : brahmaratan@gmail.com

Whatsapp no. : 7020477396

Previous
Next Post »