-->

অসমৰ ভূগোল । Geography Of Assam

 দশম শ্ৰেণীৰ ভূগোল (দ্বিতীয় খণ্ড) অধ্যায় 4

অসমৰ ভূগোল
Geography Of Assam

Class X Geography unit-2 Chapter 4


1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-

(i) বর্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল-    hslc-2018

(ক) ১০ খন 

(খ) ৫ খন 

(গ) ২০ খন 

(ঘ) ৬ খন

উত্তৰঃ-(খ) ৫ খন


(ii) গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাই পথটো (NH) হ'ল— hslc-2017

(ক) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ 

(খ) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ

(গ) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

(ঘ) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ

উত্তৰঃ-(খ) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ 


(iii) ২০১১ চনৰ তথ্যমতে অসমৰ সবাতোকৈ ঘন বসতিপূর্ণ জিলা হৈছে—

(ক) কামৰূপ মেট্ৰ 

(খ) নগাঁও

(গ) বৰপেটা

(ঘ) গোৱালপাৰা

উত্তৰঃ-(ক) কামৰূপ মেট্ৰ


(iv) অসমৰ এবিধ বিলুপ্তপ্ৰায় প্ৰাণী হ'ল-

(ক) ভালুক

(খ) গড়

(গ) সোণালী বান্দৰ

(ঘ) ডলফিন

উত্তৰঃ-(গ) সোণালী বান্দৰ


(v) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন-

(ক) ব্যক্তিগত সম্পদ

(খ) বিশ্ব সম্পদ

(গ) ৰাষ্ট্ৰীয় সম্পদ

(ঘ) জাতীয় সম্পদ

উত্তৰঃ-(ঘ) জাতীয় সম্পদ


(vi) মাটিকালি হিচাপে অসমৰ বৰ্তমান সৰ্ববৃহৎ জিলাখনৰ নাম হল-

(ক) ধুবুৰী 

(খ) কামৰূপ 

(গ) কাৰ্বি আংলং 

(ঘ) নগাওঁ

উত্তৰঃ-(গ) কাৰ্বি আংলং 


(vii) অসমত সৰ্বপ্ৰথম ৰে'লসেৱা আৰম্ভ হয়-

(ক) ১৮৮০ চনত

(খ) ১৮৮৪ চনত

(গ) ১৮৮৩ চনত 

(ঘ) ১৮৮৮ চনত

উত্তৰঃ-(iii) ১৮৮৩ চনত


(viii) জনসংখ্যাৰ ফালৰপৰা অসমৰ বৃহৎ জনজাতিটো হৈছে—

(ক) বড়োসকল

(খ) ৰাভাসকল

(গ) মিচিংসকল 

(ঘ) কাৰ্বিসকল

উত্তৰঃ-(ক) বড়োসকল


(ix) অসমে ভাৰতবৰ্ষৰ মাটিকালি সামৰি লৈছে-

(ক) ২.৪ শতাংশ 

(খ) ২.২ শতাংশ

(গ) ২.৩ শতাংশ 

(ঘ) ২.১ শতাংশ

উত্তৰঃ-(ক) ২.৪ শতাংশ 


(x) অসমৰ বেছি জনসংখ্যা থকা জিলাখন-

(ক) শোণিতপুৰ 

(খ) কামৰূপ 

(গ) নগাওঁ 

(ঘ) ধুবুৰী

উত্তৰঃ-(iii) নগাওঁ 


(xi) অসমৰ সবাতোকৈ ঘন বসতিপূর্ণ জিলাখন-

(ক) নগাওঁ

(খ) ধুবুৰী

(গ) কামৰূপ (মেট্ৰ) 

(ঘ) শোণিতপুৰ

উত্তৰঃ-(খ) ধুবুৰী


(xii) অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল 

(ক) অষ্ট্ৰিক 

(খ) আর্য 

(গ) অনার্য 

(ঘ) মংগোলীয় 

উত্তৰঃ-(ক) অষ্ট্ৰিক 


(xiii) কোন ৰজাৰ নেতৃত্বত অসমৰ পশ্চিম প্ৰস্তুত কোঁচ ৰাজ্য স্থাপন কৰিছিল-

(ক) বিশ্বসিংহ

(খ) ৰুদ্ৰসিংহ

(গ) নৰনাৰায়ণ

(ঘ) চিলাৰায়

উত্তৰঃ-(ক) বিশ্বসিংহ


(xiv) উত্তৰ-পূৱ সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় কত অৱস্থিত—

(ক) লামডিংত

(খ) তেজপুৰত

(গ) ৰঙিয়াত

(ঘ) মালিগাঁৱত

উত্তৰঃ-(ঘ) মালিগাঁৱত


(xv) অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ পথ আছে-

(ক) ৫ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ৭ প্ৰকাৰৰ 

(ঘ) ৬ প্ৰকাৰৰ

উত্তৰঃ-(গ) ৭ প্ৰকাৰৰ 


(xvi) আহোমসকল মূলত-

(ক) দ্ৰাবিড় জনগোষ্ঠীৰ 

(খ) মংগোলীয় জনগোষ্ঠীৰ

(গ) আর্য জনগোষ্ঠীৰ 

(ঘ) অষ্ট্ৰিক জনগোষ্ঠীৰ

উত্তৰঃ-(খ) মংগোলীয় জনগোষ্ঠীৰ


(xvii) অসমৰ মুঠ কৃষি জলবায়বীয় অঞ্চল হ'ল—

(ক) ৩ টা

(খ) ৬ টা 

(গ) ৫ টা

(ঘ) ৪ টা

উত্তৰঃ-(ঘ) ৬টা 


(xviii) অসমৰ প্ৰধান শস্য

(ক) ঘেহু

(খ) ধান

(গ) মাহ

(ঘ) সৰিয়হ

উত্তৰঃ- (খ) ধান


(xix) ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ-

(a) ২.৩৯ শতাংশ 

(b) ২.৭৯ শতাংশ 

(c) ২.৫৯ শতাংশ 

(d) ৩.২৯ শতাংশ। 

উত্তৰঃ- (c) ২.৫৯ শতাংশ।


2. মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? 

উত্তৰঃ- কাৰ্বি আংলং। 


3. অসমৰ মুঠ ভৌগোলিক আয়তন কিমান? 

উত্তৰঃ- 78,438 বর্গ কিঃ মিঃ। 


4. আহোমসকল অসমলৈ কেতিয়া আহিছিল? 

উত্তৰঃ-১২২৮ চনত। 

 

5. বি. টি. এ. ডি. কেতিয়া গঠন হৈছিল?

উত্তৰঃ- ২০০৩ চনৰ ২০ ফেব্ৰুৱৰীত


6. অসমৰ দুটা ভৈয়াম জনজাতি আৰু দুটা পার্বত্য জনজাতিৰ নাম উল্লেখ কৰা। HSLC-2020 

উত্তৰঃ- অসমৰ দুটা ভৈয়াম জনজাতি হ'ল– (১) বড়ো  আৰু (২) সোণোৱাল কছাৰী। 

অসমৰ দুটা পার্বত্য জনজাতিৰ নাম হ'ল– (১) কাৰ্বি আৰু (২) গাৰো। 


7. অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়? 

উত্তৰঃ- অসমত নানাবিধ মাহ জাতীয় শস্যৰ খেতি কৰা হয়। যেনে- মচুৰ মাহ, মাটি মাহ, ৰহৰ মাহ, মগুমাহ, বুটমাহ, মটৰ মাহ আদি। 


8. অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে উল্লেখ কৰা। 

উত্তৰঃ- ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ আছিল ৬৩.২৫%। এই হাৰ বৃদ্ধি হৈ ২০১১ চনত ৭২.১৯% হয়গৈ। 


9. পথ পৰিবহণৰ দুটা সুবিধা লিখা। 

উত্তৰঃ- (১) পথ পৰিবহণ সুচল, বেগী আৰু নিৰ্ভৰযাোগ্য। 

(২) কৃষি, শিল্প আদিৰ উৎপাদিত সামগ্রীসমূহ পৰিবহণৰ ক্ষেত্ৰত পথ পৰিবহণ ব্যৱস্থা বিশেষভাৱে উপযাোগী। 


10. অসমৰ অৰণ্যসমূহক কি কি ভাগত ভগাব পাৰি? 

উত্তৰঃ- (ক) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য (খ) ক্রান্তীয় অর্ধচিৰসেউজীয়া অৰণ্য (গ) নদী কাষৰীয়া অৰণ্য (ঘ) ক্রান্তীয় আর্দ্র পর্ণপাতী অৰণ্য আৰু (ঙ) ক্রান্তীয় শুষ্ক পর্ণপাতী অৰণ্য


11. সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? 

উত্তৰঃ- যাোগাযাোগ আৰু পৰিবহণ, বাণিজ্য, হোটেল ব্যৱসায়, পর্যটন উদ্যোগ, বেংক আৰু বীমা সেৱা, সকলো ধৰণৰ ব্যৱসায়, লোক-প্রশাসন আদি হৈছে সেৱা খণ্ডৰ উদ্যোগ।


12. অসমৰ প্ৰধান তৈলক্ষেত্রসমূহ উল্লেখ কৰা। 

উত্তৰঃ- অসমৰ প্রধান তৈলক্ষেত্রসমূহ হ'ল- ডিগবৈ মৰাণ-হুগ্রীজান, নাহৰকটীয়া, গেলেকী, বৰহোলা, ৰুদ্ৰসাগৰ, লাকোৱা আৰু আমগুৰি তৈলক্ষেত্র। 


13. অসমৰ জলপৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ উল্লেখ কৰা। HSLC-2019 

উত্তৰঃ- (১) গধুৰ মাল-বস্তুৰ পৰিবহণৰ ক্ষেত্ৰত জলপৰিবহণ ব্যৱস্থা অতি উপযাোগী। 

(২) অন্য পৰিবহণৰ তুলনাত জলপৰিবহণত ইন্ধনৰ খৰচ কম। 

(৩) জলপৰিবহণত বায়ু প্ৰদূষণৰ সমস্যা নাথাকে।


14. অসমৰ পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে পৰামর্শ আগবঢ়োৱা। 

উত্তৰঃ- অসমৰ পৰ্যটন উদ্যোগৰ প্রতিবন্ধকতা দূৰ কৰি ইয়াৰ বিকাশৰ বাবে পৰিকল্পিত আঁচনিৰ অতি প্রয়োজন। অসমত যদি অতিথিশালা, হোটেল আদি সজোৱা হয়, যাতায়াত আৰু পৰিবহণৰ উন্নত ব্যৱস্থা কৰা হয় আৰু যদি দৃশ্যমান শিল্প-কলা, নৃত্যগীত আদি পৰিৱেশনৰ বাবে উন্নত মানৰ প্রেক্ষাগৃহ আদি প্রতিষ্ঠা কৰা হয়, তেন্তে অসম পর্যটনৰ এক গুৰুত্বপূর্ণ কেন্দ্র হৈ উঠিব পাৰিব।


15. অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগ সমূহ কি কি? অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। HSLC-2017

উত্তৰঃ- অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগসমূহ হ'ল— বন পালন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, কাগজ উদ্যোগ আদি।

চাহ উদ্যোগ অসমৰ বৃহৎ কৃষিভিত্তিক উদ্যোগ। অসমৰ চাহ উদ্যোগৰ এটা সুনাম সমগ্র পৃথিবীতে আছে। অসমে অকলে ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰে। অসমৰ অৰ্থনীতিত এই উদ্যোগে উল্লেখযাোগ্য ভূমিকা পালন কৰি আহিছে। অসমত মুঠ ৭৬৫ খন ডাঙৰ চাহ বাগিছা আৰু ৭৮০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে। চাহ উদ্যোগে অসমৰ বুজন সংখ্যক লোকক কর্ম সংস্থাপন দিছে।


16. অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যা ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা। 

উত্তৰঃ- ভাৰতৰ এখন অন্যতম ৰাজ্য অসমৰ মাটিকালি প্রায় ৭৮,৪৩৮ বর্গ কিঃমিঃ। ভাৰতবৰ্ষৰৰ লোক গণনা অনুসৰি ২০১১ চনত অসমৰ মুঠ জনসংখ্যা হৈছে ৩১২.০৫ লাখ। ইয়াৰে ১৫৯.৩৯ লাখ পুৰুষ আৰু ১৫২.৬৬ লাখ মহিলা। ১৯১১ চনৰ জনসংখ্যাৰ মতে অসমৰ জনসংখ্যাৰ ঘনত্ব ৩৯৮ জন প্রতি বর্গ কিলোমিটাৰত।

২০১১ চনৰ লোক পিয়লৰ তথ্য অনুসৰি অসমত ৭ খন প্রথম শ্রেণীৰ আৰু ৬ খন দ্বিতীয় শ্রেণীৰ নগৰ আছে। 


17. অসমত কেই প্ৰকাৰৰ মৃত্তিকা আছে আৰু কি কি? 

উত্তৰঃ- অসমত চাৰিপ্ৰকাৰৰ মৃত্তিকা আছে-

(ক) নদী সমভূমিৰ পলসুৱা মৃত্তিকা। 

(খ) গিৰিপদ মৃত্তিকা। 

(গ) পাহাৰীয়া মৃত্তিকা আৰু 

(ঘ) কংকৰ মৃত্তিকা।


18. ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।

উত্তৰঃ- ২০১১ চনৰ তথ্যমতে অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ জিলা- নগাঁও। 

অসমৰ আটাইতকৈ বেছি জনসংখ্যা ঘনত্ব হ'ল- কামৰূপ (মেট্র) 

অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলা- ডিমা হাছাও 

অসমৰ আটাইতকৈ কম জনসংখ্যা ঘনত্ব জিলা- ডিমা হাছাও


19. সম্পদ বুলিলে কি বুজায়? HSLC-2020 অসমৰ প্রধান প্রাকৃতিক সম্পদবোৰ কি কি? 

উত্তৰঃ- মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলো বস্তুকেই সম্পদ বোলা হয়। সম্পদ বুলিলে আমাৰ পৰিৱেশত থকা সেইবোৰ দ্ৰব্য বা বস্তুক বুজা যায়, যিবোৰ বস্তুৰ ব্যৱহাৰে আমাৰ অভাৱ আৰু অভিলাষ পুৰণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে বতাহ, পানী, মাটি, উদ্ভিদ ইত্যাদি।

অসমৰ প্রধান প্রাকৃতিক সম্পদসমূহ হৈছে- ভূমি সম্পদ, বনজ সম্পদ, খনিজ সম্পদ আৰু জল সম্পদ।


20. অসমৰ পৰ্যটন উদ্যোগৰ যি কোনো চাৰিটা সমস্যা উল্লেখ কৰা। HSLC-2018

উত্তৰঃ- অসমৰ পৰ্যটন উদ্যোগৰ যি কোনো চাৰিটা সমস্যা হ'ল- 

(ক) প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পর্যটন খণ্ডত অপর্যাপ্ত মূলধন বিনিয়োগ। 

(খ) অনুন্নত পৰিবহণ ব্যৱস্থা 

(গ) বিদেশী পর্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ। 

(ঘ) পর্যটনস্থলীসমূহৰ দুৰ্বল আন্তঃগাঁথনি। 


21. অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্রহণ কৰিব লাগে? 

উত্তৰঃ- অসমত মানৱ সম্পদ গঢ়িবলৈ হ'লে তলত দিয়া পদক্ষেপবোৰ ল'ব লাগিব- 

(১) শিক্ষিতৰ হাৰ বৃদ্ধি কৰিব লাগিব। 

(২) মহিলাৰ সৱলীকৰণৰ বাবে কার্যকৰী ব্যৱস্থা ল'ব লাগিব। 

(৩) বৃহৎ যুৱশক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা-দীক্ষা, বৃদ্ধি-বৃত্তি, কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব।

(৪) সমাজৰ দুর্বল শ্ৰেণীৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিব লাগিব। 


22. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়া সমুহ যথাস্থানত বহুওৱাঃ HSLC-2017

(a) এখন ৰাষ্ট্ৰীয় উদ্যান 

(b) মোনাবাৰী চাহ বাগিছ। 

(c) গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ

উত্তৰঃ-



23. ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে? 

উত্তৰঃ- ২০১১ চনৰ তথ্য মতে অসমত ৭ খন প্রথম শ্রেণীৰ আৰু ৬ খন দ্বিতীয় শ্রেণীৰ নগৰ আছে। উল্লেখযোগ্য যে লোকপিয়ল অনুসৰি ১ লাখ বা ততোধিক জনসংখ্যা থকা নগৰক প্রথম শ্রেণী আৰু ৫০ হেজাৰৰ পৰা ১ লাখৰ তলৰ জনসংখ্যাৰ নগৰক দ্বিতীয় শ্ৰেণীৰ নগৰ বুলি গণ্য কৰা হয়।

প্রথম শ্রেণীৰ চহৰ ৭ খন হ'ল- গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যাোৰহাট, নগাওঁ, তেজপুৰ আৰু তিনিচুকীয়া।

দ্বিতীয় শ্রেণীৰ ৬ খন চহৰ হ'ল- ধুবুৰী, ডিফু, উত্তৰ লক্ষীমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গোৱালপাৰা। 


24. অসম ঔদ্যোগীকৰণৰ সমস্যাবোৰ লিখা। HSLC-2017

নাইবা 

অসমত উদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ চাৰিটা কাৰণ লিখা। HSLC-2018 

উত্তৰঃ- অসমত ঔদ্যোগিক বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও ঔদোগীকৰণ প্রক্রিয়া এতিয়াও মন্থৰ হৈ আছে। ইয়াৰ কাৰণসমূহ হৈছে-

(১) প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ। 

(২) ৰাজ্যখনৰ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ। 

(৩) অনুন্নত পৰিবহণ আৰু যাোগাযাোগ ব্যৱস্থা। 

(৪) মূলধনৰ অভাৱ। 

(৫) স্থানীয় লোকৰ মাজত উদ্যোগী স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ। 


25. ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি প্রধান লক্ষ্যবোৰ কি কি? HSLC-2019

উত্তৰঃ- ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্রধান লক্ষ্যবোৰ হ'ল- (ক) ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অর্থনৈতিক কার্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা। 

(খ) ৰাজ্যখনত বিশেষকৈ গাওঁ অঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা। 

(গ) ৰাজ্যখনৰ অতি ক্ষুদ্র ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা। 

(ঘ) বৃহৎ সংখ্যক দক্ষ লোক সৃষ্টি কৰা। 


26. অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখন সামৰি লোৱা পার্বত্য কৃষি-জলবায়বীয় অঞ্চলত ঝুম খেতি কৰা হয়। সাধাৰণতে পাহাৰৰ সূচল ঢালত হাবি-জংঘল পুৰি খেতিৰ ঠাই মুকলি কৰি পৰম্পৰাগত পদ্ধতিৰে জনজাতীয় লোকসকলে ঝুম খেতি কৰে। একেডোখৰ মাটিতে কেইবাবছৰ ঝুম খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা হ্রাস পালে আন এডোখৰ ঠাই নির্বাচন কৰি তাত ঝুম খেতি নতুনকৈ আৰম্ভ কৰে। এনেদৰে ঠাই সলাই কৰা ঝুম খেতি জনজাতীয় লোকসকলৰ সমাজ-সংস্কৃতি আৰু জীৱন ধাৰণ প্রণালীৰ লগত ওতঃপ্রোতভাৱে জড়িত হৈ আছে। ঝুম খেতি একপ্রকাৰৰ মিশ্রিত কৃষি পদ্ধতি হ'লেও ইয়াৰপৰা ভাল উৎপাদন পোৱা নাযায়। সেয়েহে এই খেতি পৰিৱেশ সন্মতভাৱে কৰিব লাগে। 


27. অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা। অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। HSLC-2020, 2017

উত্তৰঃ- অসমৰ প্ৰধান খনিজ সম্পদবোৰ হ'ল- কয়লা, খনিজ তেল, প্রাকৃতিক গেছ, চূণশিল আদি বিভিন্ন।

অসম খনিজ সম্পদত চহকী। তাৰ ভিতৰত আকৌ খনিজ তেল অতি চহকী। ইয়াক পনীয়া সোণ বুলি কোৱা হয়। অসমত পোন-প্রথমে সমগ্র ভাৰতৰ ভিতৰতে ডিগবৈত তেলৰ সন্ধান পোৱা গৈছিল। ডিগবৈৰ উপৰিও নাহৰকটীয়া, মৰাণ-হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকী আদিতো তেল পোৱা গৈছিল। এইবোৰেই অসমৰ প্রধান তেলক্ষেত্র। আকৗ মাকুম, ডিব্ৰুগড়, শিৱসাগৰ আদিত বা কাবি-আংলং, ডিমা-হাছাও আদি ঠাইত কয়লা পোৱা যায়। অসমৰ পার্বত্য জিলা দুখনত প্রধানত চূণশিল পোৱা যায়। এই চুণশিল চিমেন্ট প্রস্তুত কৰোতে বা লো-তীখা উৎপাদন কৰোতে ব্যৱহাৰ কৰা হয়। 


28. অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰা। 

উত্তৰঃ- অসমলৈ আগমন কৰা জনগোষ্ঠী আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। এওঁলোক ১২২৮ খ্রীষ্টাব্দত চ্যু-কা-ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পর্বত পাৰ হৈ অসমলৈ আহে। তাৰ পাছত তেওঁলোকে উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য স্থাপন কৰে। ইয়াৰ পিছত লাহে লাহে প্রায় গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা তেওঁলোকে নিজৰ শাসনলৈ আনে। আহোমসকলে প্রায় ছশ বছৰকাল অসমত ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিৰ ভঁৰাল চহকী কৰিছিল। বর্তমান সময়ত এওঁলোক অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যাোৰহাট, গোলাঘাট, লখিমপুৰ, মৰিগাওঁ, নগাওঁ, ধেমাজী আদি জিলাত প্ৰধানকৈ বসবাস কৰি আছে।  


29. অসমৰ ছয়খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা। 

উত্তৰঃ- ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত 

মানস  -                  বাগছা। 

কাজিৰঙা     -            গোলাঘাট -নগাওঁ। 

ওৰাং         -                    দৰং। 

নামেৰি         -         শোণিতপুৰ। 

ডিব্রু-চৈখোৱা     -     তিনিচুকীয়া - ডিব্ৰুগড়।

ৰায়মোনা         -     কোকৰাঝাৰ


30. অসমৰ তৈলক্ষেত্র পাচখনৰ নাম লিখি সেইবোৰ কোন কোন জিলাত উল্লেখ কৰা? HSLC-2017 

উত্তৰঃ- তৈলক্ষেত্ৰৰ নাম অৱস্থিত জিলাৰ নাম 

১) গেলেকী      -              শিৱসাগৰ। 

২) আমগুৰি -             শিৱসাগৰ। 

৩) মৰাণ    -                 ডিব্ৰুগড়। 

৪) ডিগবৈ    -                তিনিচুকীয়া। 

৫) বৰহেলা -             যাোৰহাট।


31. অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- নদ-নদী, পিতনি, জলাহ, খাল-বিলেৰে পৰিপূর্ণ অসমখন জল সম্পদত চহকী। অসমত পর্যাপ্ত পৃষ্ঠজল সম্পদ আৰু ভূ-তল সম্পদ আছে। নদ-নদী, খাল-পিতনি আর্দ্রভূমি প্রচুৰ বৰষুণ আদিয়ে অসমৰ পৃষ্ঠ জল সম্পদ বৃদ্ধি কৰিছে। ৰাজ্যখনৰ দুখন প্রধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাকে দেশখনৰ প্রায় এক তৃতীয়াংশ জলসম্পদ বহন কৰি আছে। পৃষ্ঠ জলভাগৰ জলৰাশি বিশেষকৈ বোৱতী নদ-নদীৰ জলৰাশি ঘৰুৱা প্ৰয়োজন কৃষিকার্য, উদ্যোগ, জল পৰিবহণত ব্যৱহাৰ কৰা হয়। আনহাতে সমগ্র ব্রহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভূ-তল জলজসম্পদ প্ৰচুৰ পৰিমাণে সঞ্চিত হৈ আছে। সমভূমি অঞ্চলত ভূ-পৃষ্ঠৰ পৰা প্রায় ৫ মিটাৰ গভীৰতাতে ভূ-তল জলস্তৰ পোৱা যায়। এই জলৰাশি কৃষি, ঘৰুৱা কাম-কাজ, উদ্যোগ আদিত ব্যৱহাৰ কৰা হয়। উল্লেখযাোগ্য যে অসমত ইমান জলস্তৰ থকা সত্ত্বেও কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ হোৱা দেখা নাযায়। 


32. অসমত কি কি ধানৰ খেতি কৰা হয়? এইকেইটাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- ধান অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে। অসমত প্ৰধানকৈ আহু ধান, শালিধান আৰু বড়ো ধান এই তিনি প্ৰকাৰৰ খেতি কৰা হয়। ইয়াৰ ভিতৰত অসমৰ মুঠ খেতি মাটিৰ ৭০% মাটিত শালিধানৰ খেতি কৰা হয়। ব্রহ্মপুত্র আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত শালি খেতি হয়। এই খেতি ৰোপণ পদ্ধতিৰে জুলাই-আগষ্ট মাহত আৰম্ভ কৰি নবেম্বৰ ডিচেম্বৰ মাহত চপোৱা হয়। আনহাতে নামনি অসমৰ সমভূমিৰ সাৰুৱা মাটিত আহুখেতি বিস্তৃতভাৱে কৰা হয়। এই খেতি ৰোপণ আৰু সিঁচন দুই প্ৰকাৰে কৰা হয়। এই খেতি ফেব্ৰুৱাৰী-মার্চ মাহত আৰম্ভ কৰি জুন-জুলাই মাহত চপোৱা হয়। বড়ো ধানো কম-বেছি পৰিমাণে অসমৰ আটাইকেইখন জিলাতে উৎপাদন কৰা হয়। বড়ো ধানৰ খেতি সাধাৰণতে দ ঠাই বিলাকত শীতকালত আৰম্ভ কৰি বাৰিষাৰ আগে আগে চপোৱা হয়। বানপানীয়ে শালি খেতি নষ্ট কৰে বাবে বানপীড়িত অঞ্চলৰ কৃষকৰ মাজত বর্তমান এই খেতি জনপ্রিয় হৈছে।


33. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্রধান কাৰণবোৰ উল্লেখ কৰা। HSLC-2019

উত্তৰঃ- অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্রধান কাৰণবোৰ হ'ল-- 

(১) পাহাৰ, মালভূমি, সমভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূর্ণ অসমৰ ভিন্ন ভূ-প্রকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। 

(২) অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূ-খণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে আৰু সেইবাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে। 

(৩) বাট-পথ নির্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ ঠাই বিশেষে সিমান উপযুক্ত নহয়। তাৰোপৰি বাৰিষাকালত হোৱা প্ৰচুৰ বৰষুণৰ বাবে বাট-পথ সহজে নষ্ট হয়। আনহাতে, বাট-পথ নির্মাণৰ ক্ষেত্ৰত উপযুক্ত আধুনিক প্রযুক্তি আৰু কৌশল প্রয়োগ নকৰাৰ ফলত কম দিনৰ ভিতৰতে বাট-পথৰ অৱস্থা শোচনীয় হৈ পৰে। 


34. ভৌগোলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালোচনা কৰা। HSLC-2020 

উত্তৰঃ- অসমৰ বিভিন্ন অঞ্চলৰ ভৌগোলিক পৰিৱেশ অনুসৰি জনসংখ্যাৰ বিতৰণো সকলো অঞ্চলতে একে নহয়। সাধাৰণতে যিবিলাক অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়াত আৰু অর্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি সেৰেঙা আৰু জনসংখ্যা কম হয়। ইয়াৰ বিপৰীতে, অনুকূল প্রাকৃতিক আৰু অর্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি ঘন হয়। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমতলভূমি সাৰুৱা হোৱা বাবে ই কৃষিৰ উপযাোগী। কৃষিজীৱী লোকে সেয়েহে এই উপত্যকাক বসতিৰ বাবে বাছি লৈছে। ব্রহ্মপুত্র উপত্যকাত অসমৰ জনসংখ্যাৰ ৮৫% লোক বাস কৰে।

২০১১ চনৰ তথ্যমতে ব্রহ্মপুত্র উপত্যকাৰ উজনি অংশত জনসংখ্যা ঘনত্ব ৩৭১ জন, মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চলত এই ঘনত্ব ৫০০ জন। বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব ৫৪৫ জন। ইয়াৰ বিপৰীতে কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনক সামৰি লোৱা পার্বত্য অঞ্চলটোৰ বসতি প্রতিকূল অৱস্থাৰ কাৰণে জনবসতি সেৰেঙা। এই অঞ্চলটোত অসমৰ মাত্র ৩.৭৫% লোকহে বাস কৰে। 


35. অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা (সমস্যা) নে সম্পদ? আলোচনা কৰা। 

উত্তৰঃ- অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বাবে বোজা নে সম্পদ এইটো নিশ্চিত কৰা বৰ কঠিন। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা হৈছে প্রায় ৩১ নিযুত। এই জনসংখ্যা বয়সস্থ লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়। অসমৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোক ১৫ বছৰৰপৰা ৩৪ বছৰ বয়সৰ। অর্থাৎ ১০ নিযুততকৈয়ো অধিক লোক অসমৰ যুৱ প্ৰজন্মৰ। অফুৰন্ত কর্মদক্ষতাৰ এই লোকসকল সম্বাৱনাৰে পৰিপূর্ণ। এই বৃহৎ যুৱশক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা-দীক্ষা, বুদ্ধি-বৃত্তি, কাৰিকৰী দক্ষতাৰে উপযুক্তভাৱে গঢ়ি তুলিব পাৰিলেহে অসমৰ উন্নতি নিশ্চিত হ'ব। আনহাতে সমাজৰ দুর্বল শ্রেণীৰ লোকসকল বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, দৈহিক অক্ষম লোকসকল আৰু মহিলাসকলৰ সৱলীকৰণৰ বাবে কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্রকৃতাৰ্থত মানৱ সম্পদৰ উন্নয়ন সম্ভৱ হ'ব। কিন্তু যদিহে এইখিনি কৰিব পৰা নাযায় তেতিয়া হ'লে এই বৃহৎ জনসংখ্যা এক বোজাত পৰিণত হ'ব। সেয়েহে অসমৰ বৃহৎ জনসংখ্যাক ৰাজ্যখনৰ বাবে বোজা হ'বলৈ নিদি কিদৰে সম্পদ হিচাপে গঢ়ি তুলিব পাৰি তাৰেই পৰিকল্পনা কৰিব লাগে। 


36. অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে লিখা। 

উত্তৰঃ- অসমৰ জনসংখ্যা বৃদ্ধি তিনিটা পর্যায়ত আলোচনা কৰিব পাৰি। সেইকেইটা হ'ল ১৯০১ চনৰপৰা ১৯৪১ চনলৈ, ১৯৫১ চনৰপৰা ১৯৭১ চনলৈ আৰু ইয়াৰ পিছত ১৯৯১ চনৰপৰা ২০১১ চনলৈ। স্বাধীনতাৰ আগৰ দশককেইটাত ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ দশকীয় বৃদ্ধিৰ হাৰ প্রায় একে আছিল। কিন্তু স্বাধীনতাৰ পাছত অর্থাৎ ১৯৫১ চনৰপৰা ১৯৭১ চনলৈ অসমত জনসংখ্যা দ্রুতহাৰত বৃদ্ধি পোৱা দেখা যায়। ১৯৫১-৬১ দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩৪.৯৮%। ১৯৬১-১৯৭১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধি আছিল ৩৪.৯৫% সেই সময়ছোৱাত সর্বভাবতীয় পর্যায়ত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৪.৮%। এই কালছোৱাত যদিও অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অস্বাভাৱিক আছিল কিন্তু তাৰ পিছত দশকবোৰত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ক্ৰমে হ্রাস পাই আহি ২০১১ চনত ১৭.৭% হয়গৈ। ২০১১ চনলৈ ভাৰবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৭.০৭%। অসমত ১৯৫১-৭১ চনলৈ হোৱা অস্বাভাৱিক জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হিচাপে বহিঃৰাষ্ট্রৰ পৰা হোৱা প্ৰব্ৰজন আৰু জন্মৰ হাৰ বৃদ্ধি। অৱশ্যে জনসাধাৰণৰ সজাগতা তথা চৰকাৰে লোৱা বিভিন্ন কাৰ্যসূচীয়ে বহিঃৰাষ্ট্রৰ প্ৰব্ৰজন বোধকৰাৰ লগতে জন্মাৰ হাৰ হ্রাস কৰা দেখা যায়।


37. অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বর্ণনা দিয়া। HSLC-2017, 2019, 2020 

উত্তৰঃ- অসমৰ কৃষি উপযাোগী জলবায়ু আৰু মাটিৰ বাবে ইয়াত বিভিন্ন প্রকাৰৰ খাদ্য শস্য আৰু অৰ্থকৰী শস্য উৎপন্ন হয়। এই কৃষিজাত শস্য বিলাকক কেঁচা সামগ্রী হিচাপে লৈ উদ্যোগ স্থাপন কৰাৰ সুযাোগ অসমত আছে। বর্তমান অসমৰ প্রধান কৃষিভিত্তিক উদ্যোগবিলাক হৈছে- চাহ উদ্যোগ, বন উদ্যোগ, ৰবৰ উদ্যোগ, ৰেচম উদ্যোগ, কাগজ উদ্যোগ আৰু খাদ্য প্রস্তুতকৰণ উদ্যোগ আদি। কৃষিভিত্তিক উদ্যোগৰ এটা প্রধান ভাগ হৈছে খাদ্য প্রস্তুতকৰণ উদ্যোগ। অসমৰ হাবিতো প্রচুৰ বন সম্পদেৰে ভৰা আৰু এই সম্পদ ব্যৱহাৰ কৰি কাগজ, প্লাইউদ আদি উদ্যোগ গঢ় লৈ উঠিছে।

অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ হৈছে চাই। ভাৰতৰ লগতে গোটেই পৃথিৱীতে অসমৰ চাহৰ সুনাম আছে। অসমৰ অৰ্থনীতিত এই উদ্যোগে এক উল্লেখযাোগ্য ভূমিকা পালন কৰি আহিছে।

অসমৰ ৰেচম উদ্যোগ ৰাজ্যখনৰ অন্যতম প্রধান কৃষিভিত্তিক উদ্যোগ। অসমত পৰম্পৰাগতভাৱে তিনি প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয়- এৰি, মুগা আৰু নুনী পাট। অসমৰ সমাজ-সংস্কৃতিত এই তিনিবিধ ৰেচমে গুৰুত্বপূর্ণ স্থান দখল কৰিছে। ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা এৰি, মুগা আৰু পাট কাপোৰে ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত সমাদৰ লাভ কৰিছে। ৰবৰ উদ্যোগ অসমৰ আন এটা উল্লেখযাোগ্য কৃষিভিত্তিক উদ্যোগ। 


38. অসমৰ কৃষিক্ষেত্ৰৰ উন্নয়নত দেখা দিয়া সমস্যাবোব বিষয়ে লিখা। 

নাইবা 

অসমৰ অর্থনৈতিক উন্নয়নৰ তিনিটা সমস্যা লিখা। HSLC-2020 

উত্তৰঃ- অসমৰ অর্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। অসমৰ প্ৰায় ৭৫ শতাংশ লোকে কৃষিকে প্রধান জীৱিকা হিচাপে লৈছে যদিও কিছুমান সমস্যাৰ বাবে ৰাজ্যখনত এতিয়াও কৃষিখণ্ডৰ বিশেষ উন্নতি হোৱা নাই। 

ইয়াৰে কেইটামান কাবণ তলত উল্লেখ কৰা হ'ল-- 

(১) অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পুৰণিকলীয়া পদ্ধতিবে প্রচলিত হৈ আছে। 

(২) অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্রয়োগ কৰিবলৈ অসুবিধা। 

(৩) জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পর্যাপ্ত নহয়।

(৪) অসমত ধান বিস্তৃতভাৱে কৰা হয় আৰু কৃষি অর্থনীতিত ইয়াৰ গুৰুত্ব অধিক। কিন্তু এই খেতিৰ উন্নতিৰ বাবে আধুনিক কৃষি পদ্ধতিৰ প্রয়োগত গুৰুত্ব প্রদান কৰা হোৱা নাই। 

(৫) খৰাং বতৰৰ বাবে শতিগ্রস্ত হোৱা কৃষিকাৰ্যৰ লগতে কৃষকসকলক সুৰক্ষা দিবলৈ উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ। 

(৬) শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতি উন্নত নহয়। 

(৭) শস্য বিশেষকৈ খাদ্যশস্য সংৰক্ষণৰ সুবিধা অতি সীমিত। 


39. অসমৰ মীন উদ্যোগৰ বর্তমান অৱস্থা কেনেকুৱা? 

উত্তৰঃ- অসমৰ অর্থনৈতিক খণ্ডত মীন উদ্যোগে গুৰুত্ব বাঢ়ি আহিছে। অসমত অসংখ্য নদ-নদী, বিল-খাল, এৰা পুঁতি, পিতনি, জলাশয় আদিত মাছ পোৱা যায়। বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিস্তৃত সমভূমি আৰু প্লাৱনভূমিত থকা বিল আৰু জলাশয়বোৰত প্রাকৃতিকভাৱেই বহুতো মাছ পোৱা যায়।

অসমত মাছৰ প্ৰচুৰ চাহিদাৰ লগতে মাছ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও ৰাজ্যখনৰ বিল-জলাশয়বোৰ মাছ উৎপাদনৰ বাবে উপযুক্তভাৱে ব্যৱহাৰ হোৱা নাই। অসমত ২০১১-১২ চনৰ তথ্যমতে প্রায় ৬০ হেজাৰ হেক্টৰ মাটিকালি সামৰি ৪৩০ খন চৰকাৰী পঞ্জীয়নভূক্ত বিল আছে। আনহাতে, পঞ্জীয়ন নোহোৱা আন ৭৬৭ খন বিল আছে যিবোৰ মুঠতে প্রায় ৪০ হেজাৰ হেক্টৰ মাটিকালি জুৰি আছে। এই বিলসমূহৰ লগতে ভালেসংখ্যক পুখুৰী, খাল, পিতনি, জলাশয় আদিক মৎস উৎপাদনৰ ক্ষেত্ৰ হিচাপে গণ্য কৰিব পাৰি।

মাছ উৎপাদনত নগাঁও জিলা প্রথম স্থানত আৰু কাছাৰ আৰু ধুবুৰী জিলাত ক্রমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত বিশেষ অৰিহণা যাোগাব পৰা নাই। ৰাজ্যৰ ঘৰুৱা উৎপাদনলৈ মীন উদ্যোগ খণ্ডৰ অৰিহণা হৈছে কেৱল দুই শতাংশ মাছ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমত মাছ উৎপাদন মুঠেই সন্তোষজনক নহয়। বর্তমান সময়ত অসমে বছৰি প্রায় ০.২০ লাখ টন মাছ বাহিৰৰ ৰাজ্যৰপৰা ৰপ্তানি কৰে। 


40. অসমৰ জনসংখ্যা বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসহ চমুকৈ আলোচনা কৰা। HSLC-2018

উত্তৰঃ- অসমৰ বিভিন্ন অঞ্চলৰ ভিন্ন প্রাকৃতিক পৰিৱেশ অনুসৰি ৰাজ্যখনৰ জনসংখ্যা সকলো অঞ্চলতে সমান নহয়। সেয়ে অঞ্চলভেদে জনসংখ্যাৰ ঘনত্বও একে নহয়। সাধাৰণতে যিবিলাক অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়াত আৰু অর্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি সেৰেঙা আৰু জনসংখ্যা কম হয়। ইয়াৰ বিপৰীতে অনুকূল প্রাকৃতিক আৰু অর্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি ঘন হয়।

ব্রহ্মপুত্র উপত্যকাৰ সমতলভূমি। সাৰুৱা মাটি, সুচল কৃষিকাৰ্য আৰু যাতায়াত ব্যৱস্থাৰ বাবে তাত জনবসতি ঘন। ব্রহ্মপুত্র উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশলোকে বাস কৰে। ২০১১ চনৰ লোকপিয়ল মতে ইয়াত জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃত ১৫০২ জন।

বৰাক উপত্যকাৰো সাৰুৱা সমভূমি অঞ্চলটো কৃষিকৰ্ম আৰু যাতায়াত সুচল হোৱাৰ বাবে অসমৰ মুঠ জনসংখ্যাৰ ১১ শতাংশ লোকে ইয়াত বাস কৰে। ইয়াত, জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃত ৫৪৫ জন।

ইয়াৰ বিপৰীতে ব্রহ্মপুত্র উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনক সামৰি লোৱা অঞ্চলটোৰ প্রতিকূল প্রাকৃতিক অৱস্থাৰ বাবে অসমৰ মুঠ জনসংখ্যাৰ ৩.৭৫ শতাংশ লোকেহে বাস কৰে। ইয়াত জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃত ৬৮ জন।


41. অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে চমুকৈ আলোচনা কৰা। HSLC-2020

উত্তৰঃ- অসম কৃষি প্রধান ৰাজ্য হোৱাৰ বাবে অসমৰ অর্থনীতিত কৃষিখণ্ডৰ ভূমিকা যথেষ্ট। কৃষি খণ্ডত অসমৰ ৫৩% ৰো অধিক লোক নিয়োজিত হৈ আছে। ২০১০-১১ বৰ্ষৰ তথ্যমতে অসমৰ মুঠ ২৮.১১ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল। অনুকূল পৰিৱেশৰ বাবে ব্রহ্মাপুত্ৰ উপত্যকাৰ কামৰূপকে ধৰি দহখন জিলাত মুঠ ৯.৩০ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছে আৰু ইয়াৰ ৫০.৪৩% মাটিত একাধিক শস্যৰ খেতি কৰা দেখা যায়।

অসমত বৰষুণ আৰু উত্তাপৰ পৰিমাণ, মাটিৰ প্ৰকাৰ আৰু পৃষ্ঠভূমিৰ বৈশিষ্ট সকলো ঠাইতে একে নহয়। ফলত অঞ্চলভেদে শস্যৰ প্ৰকাৰ, উৎপাদন, কৃষি প্রণালী আদি বেলেগ বেলেগ হোৱা দেখা যায়। ধান অসমৰ প্রধান শস্য। অসমৰ মুঠ ছটা কৃষি জলবায়বীয় অঞ্চলতে তথা সকলো জিলাতে ধান খেতি কৰা হয়। ২০১১-১২ চনত অসমত ৫০.৪৫ লাখ মেট্রিকটন ধান উৎপাদন হৈছিল। 

সেই একেটা বছৰতে মাহ জাতীয় আৰু তেল জাতীয় শস্যৰ উৎপাদন আছিল ক্রমে ০.৭৬ লাখ মেট্রিক টন আৰু ১.৫৬ লাখ মেট্রিকটন। অসমত তিনি প্রকাৰৰ ধানৰ খেতি কৰা হয়, যেনে-আহু ধান, শালিধান আৰু বড়ো ধান। ইয়াৰ ভিতৰত শালি ধানৰ খেতি বিস্তৃতভাবে কৰা হয়। ধানৰ উপৰি অসমৰ প্রধান খাদ্যশস্য হৈছে- ঘেঁহু, গোমধান আৰু নানাবিধ মাহ জাতীয় শস্য। অসমৰ কাৰ্বি আংলং আৰু ডিমা হাচাও পার্বত্য জিলা দুখন সামৰি লোৱা পার্বত্য কৃষি-জলবায়বীয় অঞ্চলটোত ঝুম খেতিয়ে প্রাধান্য লাভ কৰিছে। 


42. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। HSLC-2019 

উত্তৰঃ- অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ তলত উপ্লেখ কৰা হ'ল- 

(১) প্রাকৃতিক বৃদ্ধি:- এইটো দৰাচলতে জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ গড় হাৰৰ মাজত বেছি পার্থক্য নাই। ২০১১ চনৰ তথ্যমতে ২০০১-২০১১ চনত অসমৰ বৃদ্ধিৰ হাৰ ১৭.৭%। এই সময়ছোৱাত ভাৰতবৰ্ষৰৰ এই হাৰ ১৭.০৭% ইয়াৰ অৰ্থ হ'ল ভাৰতবৰ্ষত যি প্রাকৃতিক বৃদ্ধিৰ হাৰত জনসংখ্যা বৃদ্ধি পাইছে সেই একেটা হাৰতে অসমৰ জনসংখ্যাও বৃদ্ধি হৈছে। 

(২) জনপ্রজনঃ- অসমৰ জনসংখ্যা বৃদ্ধিৰ আন এটা প্রধান কাৰণ হ'ল- জনপ্ৰব্ৰজন। ১৯৫১-৭১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধি অস্বাভাবিক হোৱা দেখা যায়। ইয়াৰ মূল কাৰণ হৈছে বৰ্হিঃৰাষ্ট্ৰৰ পৰা হোৱা জনপ্ৰব্ৰজন। সেয়েহে অসমৰ জনসংখ্যা বৃদ্ধিত জনপ্ৰব্ৰজনৰ প্ৰভাৱ স্পষ্ট। যদিহে অসমলৈ বুজন পৰিমাণে জনপ্ৰব্ৰজন নঘটিলেহেঁতেন, তেনেহ'লে অসমৰ জনসংখ্যা স্বাভাৱিকভাৱেই বৃদ্ধি হৈ থাকিলেহেঁতেন। অসমলৈ প্ৰব্ৰজন ঘটা দুখন বিদেশী ৰাষ্ট্ৰ হ'ল- বাংলাদেশ আ নেপাল। অৱশ্যে ১৯৭১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমে হ্রাসহৈ বর্তমান স্বাভাৱিক অৱস্থালৈ আহিছে। 

(৩) শিক্ষা/আধুনিক চিকিৎসাঃ- পূর্বতে অসমৰ শিক্ষিত হাৰ একেবাৰে কম থকাৰ বাবে অন্ধবিশ্বাস আৰু কু-সংস্কাৰে অসমৰ গৰিষ্ঠ সংখ্যক অশিক্ষিত মানুহক আৱৰি ৰাখিছিল। ইয়াৰ ফলত জন্মৰ হাৰ বৃদ্ধি হৈছিল। বর্তমান সময়ত শিক্ষা দীক্ষাত মানুহে অধিক মনোযাোগ দিয়াত জন্মৰ হাৰ ক্ৰমে হ্রাস পাইছে। বর্তমান সময়ত আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ বাবে মানুহৰ গড় আয়ুস তুলনামুলকভাবে বৃদ্ধি পাইছে। ফলস্বৰূপে মৃত্যুৰ সংখ্যা কমিছে। এই হ্রাস পোৱা মৃত্যুৰ হাৰৰ প্রভাৱতো অসমৰ জনসংখ্যা বৃদ্ধি পাইছে। 


43. অসমলৈ প্রাচীন কালৰপৰা বর্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে উল্লেখ কৰা। HSLC-2018 

উত্তৰঃ- প্রাচীন কালৰ পৰা বর্তমান সময়লৈকে অসমলৈ হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ তলত উল্লেখ কৰা হ'ল-

(১) সমাজবিজ্ঞানী সকলৰ মতে অসমলৈ প্ৰথমতে আগমন ঘটা জনস্রোতটো সম্ভৱতঃ আছিল অষ্ট্রিক জনগোষ্ঠীৰ। তেওঁলোক আহিছিল দক্ষিণ-পূব এছিয়াৰ পৰা। এই গোষ্ঠীৰ লোক খাছিয়া আৰু জয়ন্তীয়াসকল বর্তমান মেঘালয়ত বিস্তৃতভাৱে বাস কৰে। 

(২) দ্বিতীয় জনস্রোতটোত আছিল মংগোলীয়সকল। এওঁলোক মধ্য এছিয়াৰ পৰা হিমালয় পর্বত অতিক্ৰম কৰি অসমলৈ আহিছিল। এই গোষ্ঠীৰ ভিতৰত আছে- বড়ো, মিছিং, তিৱা, মেচ, কছাৰী, ৰাভা, দেউৰী আদি। 

(৩) তৃতীয় জনস্রোতটো হ'ল- সিন্ধু-আর্যমূলৰ ভাষা কোৱা লোকসকল। এওঁলোক মূলতঃ ক'কেছীয় জনগোষ্ঠীৰ লোক। অসমৰ কলিতা, কায়স্থ, ব্রাহ্মণ আদি এই জনগোষ্ঠীৰ অন্তর্গত। 

(৪) চতুর্থ জনস্রোতটো সিন্ধু-আর্যমূলৰ ইছলাম ধর্মালম্বী লোকৰ আগমন। মোগল সম্রাটসকলৰ পৃষ্ঠপোষকতাত এওঁলোক অলমলৈ আহে। এওঁলোক, বেছিভাগ সৈনিক অথবা কাৰীকৰ হিচাপে আহিছিল। 

(৫) পঞ্চমত অসমলৈ আগমন ঘটা আন এক গুৰুত্বপূর্ণ জনগোষ্ঠী হৈছে আহোমসকল। এওঁলোক মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। ১২২৮ খ্রীষ্টাব্দত চ্যু-কা-ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পর্বত পাৰ হৈ এওঁলোকৰ অসমলৈ প্ৰৱেশ ঘটিছিল।

(৬) ষষ্ঠটো জনস্রোতৰ ভিতৰত আছে ব্রিটিছে অসমৰ শাসনভাৰ লোৱাৰ পিছত বিভিন্ন কাম পৰিচালনাৰ বাবে ভাৰতৰ বিভিন্ন প্রান্তৰ লগতে ওচৰ-চুবুৰীয়া দেশৰ পৰা অহা লোকসকল আৰু চাহ জনজাতিসকল।

(৭) সপ্তমতে, অসমলৈ আগমন ঘটা আন এটা জনস্রোত হৈছে পূর্বৰ পূৰ্ববংগৰ পৰা অহা ভূমিহীন মুছলমান কৃষকসকল। 


44. অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা। 

উত্তৰঃ- অসমৰ কৃষি জলবায়বীয় অঞ্চলকেইটা হ'ল-

(১) নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চল। 

(২) উত্তৰপাৰৰ সমভূমি অঞ্চল। 

(৩) মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চল। 

(৪) উজনি ব্রহ্মপুত্র উপত্যকা অঞ্চল। 

(৫) বৰাক উপত্যকা অঞ্চল। 

(৬) পার্বত্য অঞ্চল।

এই অঞ্চলকেইটাৰ বৈশিষ্ট্যবোৰ হ'ল-

নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চলঃ- এই অঞ্চলৰ মাটি সাৰুৱা আৰু আহু, মৰাপাট খেতিৰ প্রাধান্য বেছি। এই অঞ্চলত ৪.৬৯ লাখ হেক্টৰ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়। 

উত্তৰ পাৰৰ সমভূমি অঞ্চলঃ- এই অঞ্চলৰ মাটি পলসুৱা বাবে আহু আৰু শালিধানৰ খেতিও যথেষ্ট কৰা হয়। ইয়াত ৩.৩৬ লাখ হেক্টৰ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়। 

মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চলঃ- ধান আৰু মৰাপাটৰ খেতি| উল্লেখযোগ্য লগতে শাক-পাচলি, ফল-মূল, কুঁহিয়াৰ মচলাজাতীয় শস্যৰ খেতি কৰা হয়। ইয়াত ০.৮৬ লাখ হেক্টৰ মাটিত এটাতকৈ অধিক শস্যৰ খেতি ইয়াত কৰা হয়। উজনি ব্রহ্মপুত্র উপত্যকা অঞ্চল- (১) চাহ খেতিৰ বাবে বিখ্যাত। ইয়াত ১.৯৪ লাখ হেক্টৰ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

বৰাক উপত্যকা অঞ্চলঃ- ইয়াৰ মাটি পলসুৱা আৰু সাৰুৱা। এই অঞ্চলত শালিধানৰ খেতিৰ লগতে চাহ খেতি হয়। এই অঞ্চলত ১.০২ লাখ হেক্টৰ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়। 

পার্বত্য অঞ্চল– (১) কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনত ঝুমখেতি কৰা হয়। 


45. অসমৰ প্রাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণবোৰ বর্ণনা কৰা। HSLC-2019

উত্তৰঃ- অসমৰ প্রাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণবোৰ তলত বর্ণনা কৰা হ'ল- 

(১) অসমৰ প্রাকৃতিক সম্পদৰ অৱক্ষয়ৰ মূল কাৰণ হৈছে জনসংখ্যা বৃদ্ধি। জনসংখ্যা বৃদ্ধিৰ ফলত বিশেষকৈ জনবসতিৰ প্ৰসাৰ ঘটিছে আৰু খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলগীয়া হৈছে। কোনো ঠাইত হাবি-জংঘল পৰিষ্কাৰ কৰি আকৌ কোনো ঠাইত জলাশয় আদি পুতি মানুহে বসতি কৰিবলৈ লৈছে। তদুপৰি সাৰুৱা পলসুৱা কৃষিভূমি বসতিৰ বাবে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত সম্পদৰ অৱক্ষয় হৈছে। 

(২) জনসংখ্যাৰ হেঁচাত ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন হৈছে আৰু অনুচিতভাৱে ভূমি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত ভূমি ক্ষয়, ভূমিৰ উৰ্বৰতা হ্রাস, মৃত্তিকা প্ৰদূষণ আদি সমস্যাৰ সৃষ্টি হৈছে। বর্ধিত জনসংখ্যাৰ বাবে খাদ্যশস্য উৎপাদনত গুৰুত্ব দিবলগীয়া হোৱাত কৃষিভূমিৰ প্রয়োজন হৈছে। আকৌ অধিক শস্য উৎপাদনৰ উদ্দেশ্যে কৃষিভূমিত অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলতো কৃষিভূমিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট হৈ পৰিছে। 

(৩) ভূমি সম্পদৰ দৰে অসমৰ বন সম্পদো মানুহৰ কার্যকলাপৰ দ্বাৰা আক্ৰান্ত হৈছে। বর্তমান চলি থকা বন ধ্বংস কার্য আদি এতিয়াই যদি ৰোধ কৰিব পৰা নাযায়, তেন্তে অচিৰেই অসমৰ বন সম্পদ নিঃশেষ হৈ যাব। 

(৪) ৰাজ্যখনৰ বিশেষকৈ পৰিবহণ, উদ্যোগ আৰু শক্তিখণ্ডৰ উন্নয়নৰ অৰ্থে খনিজ সম্পদবোৰৰ ব্যৱহাৰ ক্ৰমশঃ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত খনিজ সম্পদৰ পৰিমাণ হ্রাস পাইছে। 

(৫) বর্তমান সময়ত মানুহৰ অর্থনৈতিক কাম-কাজৰ পৰিসৰ বৃদ্ধি পাইছে। অসমত নগৰীকৰণ আৰু ঔদ্যোগিকৰণ প্রক্রিয়া ক্রমশঃ অগ্রসৰ হৈছে আৰু ফলত প্রাকৃতিক, সম্পদসমূহৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্রভাৱ পৰিছে। উপযুক্ত পৰিকল্পনা অবিহনে নগৰীকৰণ আৰু ঔদ্যোগিকৰণ প্রক্রিয়া অব্যাহত থকাৰ কাৰণে ৰাজ্যখনৰ বায়ু, ভূমি আৰু জলসম্পদ প্ৰদূষিত হৈছে।


46. পৰিবহণ ব্যবস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা।

উত্তৰঃ- অসম উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ। এই দুৱাৰমুখৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ লগত উত্তৰ-পূৰ ভাৰতৰ ৰাজ্যসমূহে সংযাোগ স্থাপন কৰি আছে। সেয়েহে অসমৰ পৰিবহণৰ উন্নতিৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নতি ওতঃপ্রোতভাবে জড়িত হৈ আছে। অসমৰ পৰিবহণ ব্যৱস্থাৰ বিষয়ে তলত উল্পেখ কৰা হ'ল-

(১) পথ পৰিবহণঃ- কম দূৰত্বৰ বাবে পথ পৰিবহণ ব্যবস্থা বৰ উপযাোগী। অসমত মুঠ সাতপ্রকাৰৰ পথ পৰিবহণ ব্যবস্থা আছে। যেনে- পকী পথ, পকী নোহোৱা পথ, ৰাষ্ট্ৰীয় ঘাই পথ, ৰাজ্যিক পথ, গাঁৱলীয়া পথ আদি। এই সাতবিধ পথ সামৰি ২০১২-১৩ বৰ্ষৰ তথ্যমতে অসমত মুঠ পথৰ দৈর্ঘ্য হয়গৈ ৫২০৯৯.২২ কিঃমিঃ। এই পথসমূহে অসমক ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগত সংযাোগ স্থাপন কৰি অসমৰ উন্নয়নৰ পথ সুগম কৰি তুলিছে। 

(২) ৰেল পৰিবহণ : HSLC-2030 ৰেল পৰিবহণ হৈছে পৰিবহণ ব্যৱস্থাৰ এটা প্রধান অংগ। ভাৰতবৰ্ষৰ অর্থনৈতিক ক্ষেত্ৰত ৰে'ল পৰিবহণৰ অৰিহণা অপৰিসীম। ই অসমৰ অর্থনৈতিক উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। অসমৰ ৰে'ল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰে'ল মণ্ডল। এই মণ্ডলৰ মুখ্য কার্যালয় গুৱাহাটীৰ মালিগাঁৱত অবস্থিত। দীর্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্রী আৰু বয়-বস্তু কঢ়িয়াই নিয়াৰ বাবে ৰে'ল পৰিবহণ ব্যৱস্থা সুচল আৰু নিৰ্ভৰযাোগ্য। ৰে'ল পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত অসমত নিয়োগ। সৃষ্টি হৈছে। এই পৰিবহণ ব্যৱস্থাই দূৰ-দূৰণিৰ ৰাজ্যসমূহৰ লগত অসমক সংযাোগ কৰি ৰাষ্ট্ৰীয় ঐক্য গঢ়ি তোলাত অৰিহণা যাোগাইছে। উত্তৰ-পূব সীমান্ত ৰে'ল মণ্ডলৰ ২০১২-১৩ চনৰ তথ্য অনুসৰি অসমত ৰে'লপথৰ মুঠ দৈর্ঘ্য হৈছে ২৪৫৮.৯৩ কিঃমিঃ। এই ৰে'ল পৰিবহণ ব্যৱস্থাই অসমৰ আন্তঃগাঁথনি আৰু ঔদ্যোগিক বিকাশৰ লগতে নিয়োগ সৃষ্টিত গুৰুত্বপূর্ণ ভূমিকা পালন কবি আছে। বর্তমান অসমৰ প্রায় সকলো জিলাকে ৰে'ল পৰিবহণে সাঙুৰি লৈছে। 

(৩) জল পৰিবহণ : অসমৰ জলপৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা। ব্ৰহ্মপুত্ৰৰ জলপথছোৱা দেশৰ ভিতৰতে দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ আৰু বৰাকৰ জলপথটো দেশৰ যষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে গণ্য কৰা হয়। ব্ৰহ্মপুত্ৰৰ জলপথটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰত অর্থনৈতিক উন্নয়নত অৰিহণা যাোগাই আহিছে। এই জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত কম খৰচতে মালবস্তু পৰিবহণ কৰি সমগ্ৰ উত্তৰ-পূব ভাৰতৰ উন্নতি হ'ব বুলি আশা কৰা হৈছে। 

(8) বিমান পৰিবহণ : বিমান পৰিবহণ হৈছে আধুনিক যুগৰ যাোগাযাোগ আৰু পৰিবহণৰ এক অপৰিহার্য অংগ। বর্তমান সময়ত অসমত এই ব্যৱস্থাৰ কিছু উন্নতি হৈছে। গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰটো উত্তৰ-পূব ভাৰতৰ একমাত্র আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। দৈনিক গড় হিচাপত পৰিবহণ কৰা মালবস্তু আৰু যাত্রী ২০০৯-১০ চনৰ তুলনাত পৰৱর্তী বর্ষবিলাকত ক্রমাগতভাৱে বৃদ্ধি হোৱা দেখা যায়। 


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.

Post Graduate Teacher (Political Science)

H.N.Seminary Model HS School, Bagribari, Dhubri, Assam

Email : brahmaratan@gmail.com

Whatsapp no. : 7020477396

Previous
Next Post »