-->

আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য । International Organisation and others

 

সমাজ বিজ্ঞান  (তৃতীয় খণ্ড)

(অৰ্থনৈতিক আৰু ৰাজনীতি বিজ্ঞান)  অধ্যায় ২

আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
International Organisation

SEBA Class 10 Social Science - Economics and Political Science Part 3 Chapter 2


1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:- 

(i) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল (৫)। তাৰে চাৰিখন সদস্য ৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, চীন। পঞ্চমখন স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে— hslc-2023

(ক) ভাৰত 

(খ) ৰাছিয়া 

(গ) নেপাল 

(ঘ) পাকিস্তান 

উত্তৰঃ-(খ) ৰাছিয়া 


(ii) আন্তর্জাতিক ন্যায়ালয়ৰ ন্যয়াধীশৰ মুঠ সংখ্যা হ'ল- hslc-2017

(a) ১১ জন 

(b) ১৫ জন 

(c) ৯ জন 

(d) ৫ জন

উত্তৰঃ-(b) ১৫ জন


(iii) ৰাষ্ট্ৰসংঘৰ চনদত অনুচ্ছেদ আছে— hslc-2017

(ক) ১১২ টা 

(খ) ১১০ টা 

(গ) ১১১ টা 

(ঘ) ১১৪ টা।

উত্তৰঃ-(গ) ১১১ টা 


(iv) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰে-   hslc-2017

(ক) ১৯৪৮ চনৰ ৮ ডিচেম্বৰত

(খ) ১৯৪৮ চনৰ ১০ ডিচেম্বৰত 

(গ) ১৯৪৮ চনৰ ৫ ডিচেম্বৰত 

(ঘ) ১৯৪৮ চনৰ ৯ ডিচেম্বৰত

উত্তৰঃ-(খ) ১৯৪৮ চনৰ ১০ ডিচেম্বৰত 


(v) নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰ—

(ক) ১০ খন 

(খ) ৫ খন 

(গ) ১২ খন 

(ঘ) ৯ খন।

উত্তৰঃ-(খ) ৫ খন 


(vi) ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম-

(ক) নিৰাপত্তা পৰিষদ 

(খ) ন্যাসৰক্ষী পৰিষদ

(গ) সচিবালয়

(ঘ) আন্তর্জাতিক ন্যায়ালয়

উত্তৰঃ-(ঘ) আন্তর্জাতিক ন্যায়ালয়


(vii) আন্তর্জাতিক ন্যায়ালয় গঠিত-

(ক) ১২ জন ন্যায়াধীশৰে

(খ) ১৫ জন ন্যায়াধীশৰে

(গ) ১১ জন ন্যায়াধীশৰে

(ঘ) ১৬ জন ন্যায়াধীশৰে

উত্তৰঃ-(খ) ১৫ জন ন্যায়াধীশৰে


(viii) 'ভেটো' ক্ষমতা প্ৰয়োগ কৰিব পাৰে

(ক) সাধাৰণ সভাই

(খ) ন্যাসৰক্ষী পৰিষদে

(গ) নিৰাপত্তা পৰিষদে 

(ঘ) সচিবালয়ে

উত্তৰঃ-(গ) নিৰাপত্তা পৰিষদে 


(ix) কেইখন ৰাষ্ট্ৰই সাক্ষৰ কৰি ৰাষ্ট্ৰসংঘ গঠন কৰে —

(ক) ৫১ খন

(খ) ৬২ খন

(গ) ৫০ খন

(ঘ) ৫৭ খন

উত্তৰঃ-(ক) ৫১ খন


(x) ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয়-

(ক) নিউয়র্কত

(খ) পেৰিচত

(গ) দিল্লীত

(ঘ) লণ্ডনত

উত্তৰঃ-(ক) নিউয়র্কত


(xi) দ্বিতীয় বিশ্বযুদ্ধ হৈছিল—

(ক) ১৯৩৯ চনত 

(খ) ১৯২২ চনত

(গ) ১৯১৪ চনত 

(ঘ) ১৯৪২ চনত

উত্তৰঃ-(ক) ১৯৩৯ চনত 


(xii) কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়?

(a) ২৪ অক্টোবৰ 

(b) ২৭ ছেপ্তেম্বৰ

(c) ৫ জুন

(d) ১০ ডিচেম্বৰ

উত্তৰঃ-(d) ১০ ডিচেম্বৰ


(xiii) ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে —

(ক) ১৯৫২ চনত 

(খ) ১৯৪৬ চনত

(গ) ১৯৪৫ চনত 

(ঘ) ১৯৬২ চনত

উত্তৰঃ-(ক) ১৯৫২ চনত 


(xiv) কেইখন ৰাষ্ট্ৰৰ সমৰ্থনত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা আৰু নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰিত হয়—

(ক) ১৫২ খন

(খ) ১৬৫ খন

(গ) ১৫৮ খন

(ঘ) ১৫০ খন

উত্তৰঃ-(গ) ১৫৮ খন


(iv) ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম- 

(ক) নিৰাপত্তা পৰিষদ (খ) ন্যাসৰক্ষী পৰিষদ 

(গ) সচিবালয় (ঘ) আন্তর্জাতিক ন্যায়ালয়। 

উত্তৰঃ- (ঘ) আন্তর্জাতিক ন্যায়ালয়। 


(v) নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্র- 

(ক) ১০ খন (খ) ৫ খন 

(গ) ১২ খন (ঘ) ৯ খন। 

উত্তৰঃ- (খ) ৫ খন।


2. বর্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনৰ নাম কি? 

উত্তৰঃ- বর্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনৰ নাম হ'ল— এন্টনিঅ' গোটাৰেচ্। 


3. বিশ্বত শান্তিস্থাপন আৰু যুদ্ধক চিৰিদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে প্ৰথম বিশ্বযুদ্ধৰ পিছত গঠিত হোৱা সংগঠনটো কি আছিল?

উত্তৰঃ- জাতিসংঘ


4. ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল?

উত্তৰঃ- ১৯৪৫ চনৰ ২৪ অক্টোবৰত।


5. 'ৰাষ্ট্ৰসংঘ দিৱস' কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ- ২৪ অক্টোবৰ তাৰিখে।


6. ৰাষ্ট্ৰসংঘ চনদত কিমানটা অনুচ্ছেদ আছে?

উত্তৰঃ- ১১১ টা অনুচ্ছেদ


7. ৰাষ্ট্ৰসংঘৰ মুখ্যকাৰ্য্যালয়টো ক'ত অৱস্থিত?

উত্তৰঃ-আমেৰিকাৰ নিউয়ৰ্ক চহৰত


8. ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা?

উত্তৰঃ- ছটা


9. ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটো কি?

উত্তৰঃ- নিৰাপত্তা পৰিষদ


10. ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল?

উত্তৰঃ- ট্ৰিগভি লি (Trygve Lie)


11. ৰাষ্ট্ৰসংঘৰ প্ৰথম উদ্দেশ্য কি?

উত্তৰ:- ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য হ’ল আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। 


12. প্ৰথম বিশ্বযুদ্ধ কিমান চনৰ পৰা কিমান চনলৈকে হৈছিল?

উত্তৰঃ- ১৯১৪ চনৰ পৰা ১৯১৮ চনলৈকে হৈছিল।


13. দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ- ১৯৩৯ চনৰ ১ ছেপ্তেম্বৰত।


14. জাতিসংঘ কেতিয়া স্থাপন হৈছিল?

উত্তৰঃ- ১৯২০ চনৰ ১০ জানুৱাৰী।


15. ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণ এটাৰ নাম লিখা।

উত্তৰঃ- বিশ্বস্বাস্থ্য সংস্থা


16. ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩নং অনুচ্ছেদৰ সংশোধন কৰি পৰিষদৰ অস্থায়ী সদস্য কিমানখন ৰাষ্ট্ৰলৈ বৃদ্ধি কৰিছিল?

উত্তৰঃ- ১০ খন ৰাষ্ট্ৰলৈ


17. ছানফ্ৰান্সিস্কো সন্মিলনত ৰাষ্ট্ৰসংঘৰ কিমানখন ৰাষ্ট্ৰই চনদত স্বাক্ষৰ প্ৰদান কৰিছিল?

উত্তৰঃ- ৫১ খন ৰাষ্ট্ৰই


18. নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে নে নাই?

উত্তৰঃ- আছে।


19. ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি?

উত্তৰঃ- সাধাৰণ সভা


20. নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ- অমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, ফ্ৰান্স, ইংলেণ্ড, ৰাছিয়া।


21. নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা। 

উত্তৰঃ- ১) পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি আৰু

২) বহি-মহাকাশ চুক্তি।


22. মানৱ অধিকাৰ আয়োগ কেতিয়া আৰু কিয় প্রতিষ্ঠা হৈছিল? 

উত্তৰঃ- ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰীত বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈ এই স্থায়ী সংগঠনটোৰ জন্ম হৈছিল। 


23. কোনখন সন্মিলনত আৰু কিমানখন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত সাক্ষৰ প্ৰদান কৰিছিল? 

উত্তৰঃ- ছানফ্রান্সিস্কো সন্মিলনত সৰ্বমুঠ ৫১ খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত সাক্ষৰ প্ৰদান কৰিছিল। 


24. বর্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমান? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সংখ্যা কেতিয়া বৃদ্ধি কৰা হয়?

উত্তৰঃ- ১৯৩ খন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনৰ ২৩নং অনুচ্ছেদৰ সংশোধন কৰি নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা ১০ জনলৈ বৃদ্ধি কৰা হয়।


25. UNICEF-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ- United Nations International Children's Emergency Fund


26. UNESCO-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ- United Nations Educational, Scientific and Cultural Organization


27. WHO-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ- World Health Organization


28. IMF-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ- International Monetary Fund.


29. ILO-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ- International Labour Organization


30. UNHRC-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ- United Nations


31. UNDP-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ- United Nations Development Programme


32. UNHRC-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ- United Nations Human Rights Council


33. ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত কোনো ৰূপায়িত কৰে? সচিবপ্রধানক কোনে আৰু কেইবছৰৰ বাবে নিয়োগ কৰে? 

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত সচিবালয়ে ৰূপায়িত কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নং অনুচ্ছেদমতে নিৰাপত্তা পৰিষদৰ অনুভোদন ক্রমে সাধাৰণ সভাই সচিব প্রধানক ৫ বছৰৰ বাবে নিয়োগ কৰে।


34. তলত উল্লেখ কৰা আন্তর্জাতিক অনুষ্ঠান কেইটাৰ মুখ্য কার্যালয়ৰ নাম লিখা। HSLC-2018

(a) দক্ষিণ এছীয় আঞ্চলিক সহযাোগিতা সংস্থা। 

উত্তৰঃ- দক্ষিণ এছীয় আঞ্চলিক সহযাোগিতা সংস্থাৰ মুখ্য কার্যালয় কাঠমাণ্ডুত অৱস্থিত। 

(b) আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ। 

উত্তৰঃ- আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ মুখ্য কার্যালয় ডুবাইত অৱস্থিত। 


35. ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক কিদৰে নিয়োগ কৰা হয়? ৰাষ্ট্ৰসংঘৰ প্রথম সচিব প্রধানজন কোন আছিল? HSLC-2019

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্রমে সাধাৰণ সভাই সচিব প্রধানজনক নিয়োগ কৰে৷

নৰৱেৰ ট্রাইভহাল্ডান লী ৰাষ্ট্ৰসংঘৰ প্রথম সচিব প্রধান আছিল।


36. ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল? ইয়াৰ মূল লক্ষটো কি? HSLC-2020 ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল? 

উত্তৰঃ- বিশ্বৰ জনগণৰ মনৰপৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন পৃথিৱী গঢ়াৰ লক্ষ্যৰে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন হৈছিল। ২৪ অক্টোবৰৰ দিনটো সমগ্র বিশ্বত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়।


37. মানৱ অধিকাৰ মানে কি বুজা? 

উত্তৰঃ- মানুহে সভ্য জীৱন-যাপন কৰিবলৈ যিমানখিনি সা-সুবিধাৰ প্রয়োজন সেই সুবিধাখিনি বা অধিকাৰবোৰেই হ'ল মানব অধিকাৰ। অর্থাৎ বিশ্বৰ প্রত্যেকজন ব্যক্তিয়ে মর্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্রয়োজন হোৱা অধিকাৰেই মানৱ অধিকাৰ। 


38. ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি আৰু কিমানজন ন্যায়াধীশৰ দ্বাৰা গঠিত? HSLC-2017 ইয়াৰ প্রধান কাম কি? 

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম আন্তর্জাতিক ন্যায়ালয়। এই ন্যায়ালয় ১৫ জন ন্যায়াধীশৰ দ্বাৰা গঠিত। এই ন্যায়ালয়ৰ প্রধান কাম হৈছে ৰাষ্ট্রসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। এই আদালতে দিয়া ৰায় বিবাদমান ৰাষ্ট্ৰই মানিবলৈ বাধ্য।


39. ন্যাসৰক্ষী পৰিষদ কেনেকৈ গঠিত হয়? 

উত্তৰঃ- ন্যাসৰক্ষী পৰিষদ তিনি ধৰণৰ সদস্যৰে গঠিত

(ক) ন্যাস অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ, 

(খ) ন্যাস অঞ্চলৰ দায়িত্বত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল আৰু 

(গ) সাধাৰণ সভাই তিনি বছৰৰ বাবে নির্বাচিত কৰি দিয়া সদস্যসকল।


40. ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্র গ্রহণ কৰে? মানৱ অধিকাৰ ঘোষণা পত্ৰৰ প্রধান উদ্দেশ্য কি? HSLC-2017

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ ঘোষণা পত্র গ্রহণ কৰে।

এই ঘোষণাপত্রই মুলত দুটা উদ্দেশ্য সাধন কৰিছে-

(১) বিশ্বৰ জনগণৰ কাৰণে প্রয়োজনীয় অধিকাৰ সমূহ এই ঘোষণা পত্ৰত সন্নিৱিষ্ট কৰা হৈছে। 

(২) এই ঘোষণাপত্ৰত সন্নিৱিষ্ট অধিকাৰসমুহক সদস্য ৰাষ্ট্রসমূহে স্বীকৃতি দিছে।


41. বর্তমান বিশ্বত থকা চাৰিটা গুৰুত্বপর্ণ আন্তর্জাতিক অনুষ্ঠানৰ নাম লিখা।

উত্তৰঃ- ১) জাতিসমুহৰ সংঘ। 

২) আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ (ICC) 

৩)  উত্তৰ আটলান্টিক চুক্তি সংগঠন। (NATO) 

৪) দক্ষিণ এছীয় আঞ্চলিক সহযাোগিতা সংস্থা। (South Asian Association for Regional Cooperation, (SAARC). 


42. ৰাষ্ট্ৰসংঘৰ তিনিটা নীতি লিখা।

উত্তৰঃ- (১) সকলো সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ'ব। 

(২) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।

(৩) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।


43. ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা। 

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম হ'ল-

(১) সাধাৰণ সভা, 

(২) নিৰাপত্তা পৰিষদ, 

(৩) অর্থনৈতিক আৰু সামাজিক পৰিষদ, 

(৪) ন্যাসৰক্ষী পৰিষদ, 

(৫) আন্তর্জাতিক ন্যায়ালয় আৰু 

(৬) সচিবালয়।


44. ৰাষ্ট্ৰসংঘৰ কেইটামান এজেন্সিৰ নাম লিখা। 

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ কেইটামান এজেন্সিৰ নাম হ'ল-

(১) আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংঘ (ILO) 

(২) বিশ্ব স্বাস্থ্য সংস্থা (WHO) 

(৩) ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি (UNDP) 

(৪) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ (UNHRC) 

(৫) ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (UNICEF) 

(৬) ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন (UNESCO), 

(৭) আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি (IMF) 

(৮) খাদ্য আৰু কৃষি সংগঠন (FAO) আদি।


45. বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা দুটা পদক্ষেপ উল্লেখ কৰা।

(নাইবা) 

বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই সম্পাদনা কৰা চাৰিখন চুক্তি উল্লেখ কৰা। 

উত্তৰঃ- ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্রীকৰণ আয়োগ গঠন কৰে। নিৰস্ত্রীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰা বা বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ গুৰুত্বপূর্ণ। তলত ৰাষ্ট্ৰসংঘই সম্পাদনা কৰা চাৰিখন চুক্তি/ পদক্ষেপ উল্লেখ কৰা হ'ল- 

(১) ১৯৬৭ চনত 'বহিঃমহাকাশ চুক্তি'।

(২) ১৯৬৮ চনত 'পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি'| 

(৩) ১৯৭১ চনত 'সমুদ্রতলি নিয়ন্ত্রণ চুক্তি'। 

(৪) ১৯৯৩ চনত 'পাৰমাণৱিক অস্ত্র নিয়ন্ত্রণ চুক্তি'। 


46. ৰাষ্ট্ৰসংঘৰ তিনিটা উদ্দেশ্য লিখা। 

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ চনত মুঠ ১১১ টা অনুচ্ছেদ আছে। ইয়াৰ প্রথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য সন্নিৱিষ্ট হৈছে। তাৰে তিনিটা উদ্দেশ্য হ'ল— 

১) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। 

২) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা। 

৩) আন্তঃৰাষ্ট্ৰীয় সহযাোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।


47. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া। HSLC-2019

উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া হ'ল-

(১) ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূর্ণ অংগটোৱেই হ'ল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছজন। 

(২) ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে। স্থায়ী সদস্যৰাষ্ট্ৰ কেইখন হ'ল- আমেৰিকা, গ্রেট বৃটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন। 

(৩) কোনো গুৰুত্বপূর্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী পাঁচজন সদস্যসহ মুঠ ৯জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্যসকলৰ 'ভেটো' প্রয়োগ কৰাৰ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই 'ভেটো' দিলে সিদ্ধান্ত গ্রহণ নহয়।


48. মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা। 

উত্তৰঃ- বিশ্বৰ প্রত্যেকজন ব্যক্তিয়ে মর্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্রয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অর্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্র গ্রহণ কৰে। সেয়েহে ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। বিশ্বত শান্তিৰ বাতাবৰণৰ সৃষ্টি কৰি ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাই হৈছে। এই ঘোষণাপত্রৰ প্রধান উদ্দেশ্য। এটা প্রস্তাবনা আৰু ৩০ টা অনুচ্ছেদ সম্বলিত এই ঘোষণাপত্রই মূলতঃ দুটা উদ্দেশ্য সাধন কৰিছে- 

(১) বিশ্বৰ জনগণৰ বাবে প্রয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট হৈছে। এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্রসমূহে স্বীকৃতি দিছে। 

(২) এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰসমুহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্রসমূহৰ ক্ষমতা আৰু কার্যাৱলীৰ ওপৰত কিছু সীমাবদ্ধতা আনিছে। কাৰণ নীতিগতভাৱে কোনো ৰাষ্ট্রই এই অধিকাৰসমূহক আওকাণ কৰিব নোৱাৰে। দেশৰ নাগৰিকসকলক এই তাধিকাৰৰ পৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে। বিশ্বৰ নাগৰিকৰ জীৱনযাত্ৰাৰ মানদণ্ড উন্নত কৰা আৰু এটা মর্যাদাপূর্ণ জীৱন-যাপনৰ বাট মুকলি কৰাৰ বাবে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সম্পৰ্কত এতিয়ালৈকে লোৱা পদক্ষেপ নিশ্চয়কৈ আশাব্যঞ্জক।


49. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পর্কত এটা টোকা লিখা। HSLC-2020, 2018

উত্তৰঃ- ১৯৯৩ চনৰ জুন মাহত ভিয়েনাত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশনত ৰাষ্ট্ৰসংঘৰ প্রত্যেক সদস্য ৰাষ্ট্ৰত একোটা মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত গুৰুত্ব দিয়া হয়। সেই মর্মে মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰসমূহত এনে আয়োগ গঠন কৰা হ'ল।

ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ চেপ্তেম্বৰ তাৰিখে ৰাষ্ট্রপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু সেই মর্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। এই বছৰৰে ১৮ ডিচেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হয়। ১৯৯৪ চনৰ ৮ জানুৱাৰি তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয়। এই আইনখনক 'মানৱ অধিকাৰ সুৰক্ষা আইন' নামেৰে জনা যায়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। সদস্যসকলৰ ভিতৰত- 

(১) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্রাক্তন ন্যায়াধীশ। 

(২) এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্রাক্তন মুখ্য ন্যায়াধীশ। 

(৩) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি।

তদুপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসুচীত, জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্রীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব। ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পর্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই দিশত অতন্দ্র প্ৰহৰীৰ ভূমিকা ল'ব লাগে।



Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri,Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Previous
Next Post »