-->

পৃথিৱীৰ ভূগোল । Geography of the World

দশম শ্ৰেণীৰ ভূগোল (দ্বিতীয় খণ্ড) অধ্যায় ৩

পৃথিৱীৰ ভূগোল
Geography of the World

Class X Geography unit-2 Chapter 3 


1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-

(i) কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে? hslc-2020

(ক) ভূমধ্য সাগৰে

(খ) লোহিত সাগৰে

(গ) কাস্পিয়ান সাগৰে

(ঘ) আৰব সাগৰে

উত্তৰঃ-(খ) লোহিত সাগৰে


(ii) প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে-  hslc-2018

(ক) কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগৰে 

(খ) হিমালয় পর্বতমালা আৰু আমুৰ নদীয়ে

(গ) উৰাল পর্বতমালা আৰু উৰাল নদীয়ে 

(ঘ) ৰকি পর্বতমালা আৰু লেনা নদীয়ে

উত্তৰঃ-(গ) উৰাল পর্বতমালা আৰু উৰাল নদীয়ে 


(iii) তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম? hslc-2022, 2017

(ক) ভাৰত মহাসাগৰ

(খ) আটলাণ্টিক মহাসাগৰ 

(গ) প্ৰশান্ত মহাসাগৰ 

(ঘ) দক্ষিণ মহাসাগৰ

উত্তৰঃ-(গ) প্ৰশান্ত মহাসাগৰ 


(iv) পৃথিৱীৰ মুঠ মাটিকালি- 

(ক) প্ৰায় ৩৬১ নিযুত বর্গ কি.মি. 

(খ) প্ৰায় ৫১০ নিযুত বর্গ কি.মি. 

(গ) প্ৰায় ১৪৯ নিযুত বৰ্গ কি. মি. 

(ঘ) প্ৰায় ৭৩০ নিযুত বর্গ কি.মি. 

উত্তৰঃ-(খ) প্ৰায় ৫১০ নিযুত বর্গ কি. মি.


(v) প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা — 

(ক) প্ৰায় ৫০০০ মিটাৰ

(খ) প্ৰায় ৪০০০ মিটাৰ

(গ) প্ৰায় ৫৫০০ মিটাৰ

(ঘ) প্ৰায় ৪৫০০ মিটাৰ

উত্তৰঃ-(ক) প্ৰায় ৫০০০ মিটাৰ


(vi) পৃথিৱীৰ বৃহত্তম মৰুভূমি চাহাৰা অৱস্থিত- hslc-2018

(ক) এছিয়া মহাদেশত 

(খ) উত্তৰ আমেৰিকা মহাদেশত 

(গ) ইউৰোপ মহাদেশত 

(ঘ) আফ্ৰিকা মহাদেশত 

উত্তৰঃ-(ঘ) আফ্ৰিকা মহাদেশত 


(vii) আটলান্টিক মহাসাগৰৰ গড় গভীৰতা কিমান- 

(ক) প্ৰায় ৩৫০০ মিটাৰ

(খ) প্ৰায় ৩০০০ মিটাৰ

(গ) প্ৰায় ৪০০০ মিটাৰ

(ঘ) প্ৰায় ৩৭০০ মিটাৰ

উত্তৰঃ-(খ) প্ৰায় ৩০০০ মিটাৰ


(viii) চীনৰ ৰাজধানী-

(ক) তেৰাণ

(খ) বেইৰুট

(গ) বেইজিং

(ঘ) কলম্বো

উত্তৰঃ-(গ) বেইজিং


(ix) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ-

(ক) প্ৰশান্ত মহাসাগৰ

(খ) ভাৰত মহাসাগৰ

(গ) আটলাণ্টিক মহাসাগৰ

(ঘ) দক্ষিণ মহাসাগৰ

উত্তৰঃ-(গ) আটলাণ্টিক মহাসাগৰ


(x) এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে পৃথক কৰিছে-

(ক) ইউৰাল পর্বতমালা 

(খ) ককেচাচ

(গ) কাস্পিয়ান

(ঘ) ভগ্না নদী

উত্তৰঃ-(ক) ইউৰাল পর্বতমালা 


(xi) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ— 

(ক) উত্তৰ আমেৰিকা মহাদেশ 

(খ) ইউৰোপ মহাদেশ

(গ) এণ্টার্কটিকা মহাদেশ

(ঘ) ওছেনিয়া মহাদেশ

উত্তৰঃ-(ঘ) ওছেনিয়া মহাদেশ


(xii) ফ্ৰান্সৰ ৰাজধানী হৈছে-

(ক) লণ্ডন 

(খ) মস্কট 

(গ) ইংলেণ্ড 

(ঘ) পেৰিছ 

উত্তৰঃ-(ঘ) পেৰিছ 


(xiii) "নীলনদীৰ দান" কোৱা হয়—

(ক) ইংলেণ্ডক 

(খ) ইজিপ্তক 

(গ) চীনক

(ঘ) ভাৰতক

উত্তৰঃ- (খ) ইজিপ্তক।


(xiv) পৃথিৱীৰ দীৰ্ঘতম নীলনদীখন অৱস্থিত—

(ক) এছিয়া মহাদেশত

(খ) ইউৰোপ মহাদেশত

(গ) উত্তৰ আমেৰিকা মহাদেশত 

(ঘ) আফ্ৰিকা মহাদেশত

উত্তৰঃ-(ঘ) আফ্ৰিকা মহাদেশত


2. পৃথিৱীৰ দীৰ্ঘতম নীলনদীখন ক'ত অৱস্থিত?

উত্তৰঃ- আফ্রিকা মহাদেশত।


3. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি?

উত্তৰঃ- আটলাণ্টিক মহাসাগৰ।


4. ব্ৰাজিলৰ ৰাজধানীৰ নাম কি? 

উত্তৰঃ- ব্রাচিলিয়া।


5. আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ এটাৰ নাম লিখা।

উত্তৰঃ- কিলিমাঞ্জোৰো।


6. ফক্‌লেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? 

উত্তৰঃ- আটলাণ্টিক মহাসাগৰত।


7. পৃথিৱীৰ দীৰ্ঘতম পর্বতমালা কোনটো আৰু ক'ত অৱস্থিত? HS-2019

উত্তৰঃ- পৃথিৱীৰ দীৰ্ঘতম পর্বতমালা হৈছে- এণ্ডিজ পর্বতমালা (প্রায় ৮০০০ কিঃমিঃ)। ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।


8. এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?

উত্তৰঃ- এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমাৰেখা হউৰাল পর্বতমালাই সৃষ্টি কৰিছে।


9. পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত?

উত্তৰঃ- পৃথিৱীৰ ৰাছিয়া দেশখন দুখন মহাদেশ ক্রমে ইউৰোপ আৰু এছিয়ালৈ বিস্তৃত।


10. মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশ দুখনৰ নাম লিখা।

উত্তৰঃ মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম মহাদেশ হৈছে এছিয়া মহাদেশ আৰু ক্ষুদ্রতম মহাদেশ হৈছে ওছেনিয়া। 


11. পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদটোৰ নাম কি? আৰু কোন দেশত অৱস্থিত?

উত্তৰঃ- টিটিকাকা। পেৰু দেশত অৱস্থিত।


12. ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম লিখা। HSLC-2020, 2018

উত্তৰঃ- ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশ হ'ল- গ্ৰীচ, ইটালী।


13. পৃথিৱীত সৰ্বমুঠ কি মানখন দেশ আছে? মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশ দুখনৰ নাম লিখা। HSLC-2017

উত্তৰঃ- পৃথিৱীত সৰ্বমুঠ ১৯৭ খন দেশ আছে। মাটিকালিৰ ভিত্তিত ৰাছিয়া হ'ল বৃহত্তম দেশ আৰু ভেটিকান চিটী হ'ল ক্ষুদ্রতম দেশ। 



14. উত্তৰ আমেৰিকা মহাদেশৰ প্রধান পর্বতশ্রেণীটোৰ নাম কি? ই মহাদেশখনৰ কোন অংশত অৱস্থিত? HSLC-2019

উত্তৰঃ- উত্তৰ আমেৰিকা মহাদেশৰ প্রধান পর্বতশ্রেণীটোৰ নাম হ'ল- ৰ'কি পর্বতমালা।

ই মহাদেশখনৰ পশ্চিম অংশত অৱস্থিত। 


15. পৃথিৱীৰ বৃহত্তম মহাসাগৰখন কি? এই মহাসাগৰখনৰ মুঠ কালি কিমান উল্লেখ কৰা। HSLC-2017

উত্তৰঃ- পৃথিৱীৰ বৃহত্তম মহাসাগৰ হ'ল প্রশান্ত মহাসাগৰ।

এই মহাসাগৰে পৃথিৱীৰ মুঠ মাটিকালিৰ ১৬৫ নিযুত বর্গকিলোমিটাৰ আগুৰি আছে। 


16. পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰ ই ক'ত অৱস্থিত- HSLC-2018

উত্তৰঃ- পৃথিৱীৰ বৃহত্তম মৰুভূমি হ'ল— চাহাৰা মৰুভূমি।

ই আফ্রিকা মহাদেশত অৱস্থিত। 


17. এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা।

উত্তৰঃ- এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্ৰবাহিত হোৱা দুখন নদীৰ নাম— (১) ওবি আৰু (২) লেনা।

পূব দিশলৈ প্ৰবাহিত হোৱা দুখন নদী হৈছে— (১) আমুৰ আৰু ইয়াংজে কিয়াং।


18. এণ্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়? 

উত্তৰঃ- এণ্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়নো এই মহাদেশখন দক্ষিণ মেৰুক কেন্দ্ৰ কৰি গোটেইখন বৰফে আগুৰা। অতিমাত্রা শীত প্রধান হোৱাৰ বাবে ইয়াত স্থায়ী বসতি সম্ভৱ হোৱা নাই।


19. ওচেনিয়া মহাদেশৰ যিকোনো তিনিখন দেশৰ নাম ৰাজধানীৰ সৈতে লিখা। 

উত্তৰঃ- 

১। ফিজি - ছুভা 

২। ছাভোৱা - এপিয়া

৩| টংগা - নুকুএল'ফা


20. অষ্ট্ৰেলিয়াৰ একোখনকৈ প্রধান পর্বতশ্রেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।

উত্তৰঃ- অষ্ট্ৰেলিয়াৰ এখন প্ৰধান পর্বতশ্রেণী হৈছে—

গ্রেট ডিভাইডিং ৰেঞ্জ।

প্রধান নদী ডালিং নদী।

প্ৰধান মৰুভূমি গ্রেট ভিক্টোৰিয়া৷


21. পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ- পৃথিৱীৰ মুঠ মাটিকালি প্রায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ। ইয়াৰে মাত্র ২৯% অর্থাৎ ১৪৯ নিযুত বর্গ কিঃমিঃ স্থলভাগে আগুৰি আছে। পৃথিৱীৰ এই স্বলতাগ এছিয়া, আফ্রিকা, উত্তৰ আমেৰিকা, ইউৰোপ, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এণ্টার্কটিকা মহাদেশেৰে গঠিত। আনহাতে পৃথিৱীৰ মুঠ মাটিকালিৰ ৭১%, অর্থাৎ ৩৬১ নিযুত বর্গ কিঃমিঃ জলভাগে আগুৰি আছে। এই জলভাগত আটলাণ্টিক মহাসাগৰ, প্রশান্ত মহাসাগৰ, উত্তৰ মহাসাগৰ, ভাৰত মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ অৱস্থিত।


22. ইউৰোপ মহাদেশৰ পাঁচখন দেশ আৰু তাৰ ৰাজধানীসহ নাম লিখা। HSLC-2017

উত্তৰঃ- 

দেশ         ৰাজধানী 

অষ্ট্রিয়া ভিয়েনা 

বেলাৰুছ মিন্সক্

বেলজিয়াম ব্রুছেল্‌ছ 

বুলগেৰিয়া চোফিয়া

ডেনমাৰ্ক কোপেনহেগেন


23. এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ লিখা।

(নাইবা)

এছিয়া মহাদেশৰ পাঁচটা প্রাকৃতিক বৈশিষ্ট্য উল্লেখ কৰা। HS-2020 

উত্তৰঃ- এছিয়া মহাদেশৰ পাঁচটা প্রাকৃতিক বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল-

(১) এছিয়া মহাদেশৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে আগুৰি আছে।

(২) এই মহাদেশতে পৃথিৱীৰ ভিতৰত উচ্চতম পর্বত হিমালয় অৱস্থিত৷

(৩) এই মহাদেশৰ মাউণ্ট এভাৰেষ্ট আৰু গডউইন অষ্টিন পৃথিৱীৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় উচ্চতম শৃংগ।

(৪) পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি পামিৰ এই মহাদেশতে অৱস্থিত। 

(৫) বলখাছ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট আদি হ্রদসমূহে এই মহাদেশতে অৱস্থিত। 


24. মহাসাগৰৰ তলিভাগৰ ভু-অৱয়ব সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ- মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতি একেবাৰে অসমান। স্থলমণ্ডলৰ তলিভাগত পর্বত-পাহাৰ, মালভূমি, সমভূমি আদিৰে ভূ-অৱয়ব অসমান কৰি ৰখাৰ দৰে সাগৰ-মহাসাগৰৰ তলিভাগ শৈলসিৰা, দ্ৰোণী, সামুদ্রিক টিলা, খাত আদিৰে ওখোৰা-মোখোৰা কৰি ৰাখিছে। স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযাোগৰেখাৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্রমান্বয়ে গভীৰতা বৃদ্ধি পায় আৰু বিভিন্ন প্রকাৰৰ অৱয়ব পোৱা যায়। এই অৱয়বসমূহ হ'ল মহীঢাল, মহীসোপান, গভীৰ সমুদ্রতল, সমুদ্রতলীয় দ্রোণী, সামুদ্রিক শৈলসিৰা আৰু সমুদ্রখাত আদি। উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাৰৰ অগভীৰ অংশক মহীসোপান বোলে। ইয়াৰ পিছৰ যথেষ্ট গভীৰ অংশটোৱেই হৈছে মহীঢাল। মহীঢালৰ লগত সংযাোগ হৈ আছে গভীৰ সমুদ্রতল আৰু এই গভীৰ সমুদ্রতলৰ অ'ত ত'ত সিঁচৰিত হৈ আছে গভীৰ খাত সমূহ। এই খাতসমূহ অত্যন্ত গভীৰ। 


25. মহাদেশীয় বিস্থাপন বা সঞ্চাৰণৰ সূত্ৰটো চমুকৈ বর্ণনা কৰা। HSLC-2018

উত্তৰঃ- মহাদেশীয় বিস্থাপন সূত্র অনুসৰি আজিৰপৰা প্রায় ৩০০ নিযুত বছৰ পূর্বে পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু জলমণ্ডলক পামালাছা বোলা হৈছিল। কিছুকাল অতিক্রম কৰাৰ পিছত পেঞ্জিয়াৰ প্রায় সোঁ-মাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলি এক দীঘল আৰু সংকীর্ণ সাগৰৰ সৃষ্টি হৈছিল। ইয়াকে টেথিছ, সাগৰ বোলা হৈছিল। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰ-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বোলা হৈছিল। লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্রীণলেণ্ড, ইউৰোপ আৰু এছিয়াৰ সৃষ্টি হৈছিল। আনহাতে গণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰত, আৰব অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অষ্ট্রেলিয়া, এণ্টার্কটিকা আদিৰ সৃষ্টি হৈছিল।


26. এছিয়া মহাদেশক কিয় বৈচিত্র্যময় মহাদেশ বোলা হয়, চমুকৈ লিখা। HSLC-2012 

উত্তৰঃ- এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। ই অনেক বৈচিত্র্যৰে ভৰা। ইয়াত জলবায়ু আৰু প্রাকৃতিক উদ্ভিদৰ ভিন্নতা অধিক। ইয়াৰ এফালে যেনেকৈ উষ্ণ নিৰক্ষীয় প্রকাৰৰ জলবায়ু আৰু প্রাকৃতিক উদ্ভিদ পোৱা যায়, ঠিক তেনেকৈ অতি শীতল মেৰুদেশায় জলবায়ু আৰু প্রাকৃতিক উদ্ভিদ বিৰাজমান। এই মহাদেশখনত কেৱল প্রাকৃতিক বৈচিত্র্যই নহয়, সাংস্কৃতিক, সামাজিক আৰু অর্থনৈতিক বৈচিত্র্যও ইয়াত সুস্পষ্ট। সেয়েহে এছিয়াক বৈচিত্র্যময় মহাদেশ বোলা হয়। তলত মহাদেশখনৰ কেইটামান বৈচিত্র্য উল্লেখ কৰা হ'ল— 

(ক) পৃথিৱীৰ সর্বোচ্চ মালভূমি পামিৰ (পৃথিৱীৰ মুধচ) ইয়াত অৱস্থিত। 

(খ) পৃথিৱীৰ জনবহুল দেশ চীন, ভাৰত থকাৰ লগতে জনশূন্য ঠাই এই মহাদেশতে আছে। 

(গ) পৃথিৱীৰ উষ্ণতম ঠাই জেকোকাবাদ আৰু পৃথিৱীৰ আটাইতকৈ চেঁচা ঠাই ভাৰ্খুয়ানস্ক ইয়াত অৱস্থিত। 

(ঘ) পৃথিৱীৰ বৃহত্তম পর্বত হিমালয় আৰু উচ্চতম শৃংগ এভাৰেষ্ট থকাৰ লগতে চেলেঞ্জাৰ খাত নিম্নভূমিও এই মহাদেশতে আছে। 

(ঙ) পৃথিৱীৰ কম বৰষুণ হোৱা ঠাই এডেন আৰু আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই মৌচিনৰাম এই মহাদেশতেই অৱস্থিত। 


27. মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা। HSLC-2020 

উত্তৰঃ- মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি আদিতে পৃথিৱীখনৰ স্থলমণ্ডলৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। কিন্তু বর্তমান সময়ত ইয়াৰ বিতৰণ লক্ষ্য কৰিলে এই মহাদেশ আৰু মহাসাগৰসমূহ তলত দিয়া ধৰণে বিতৰণ হৈ থকা দেখা যায়।

কাস্পিয়ান, মৰু আৰু আৰল, সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ-মহাসাগৰ ইটোৱে সিটোৰ লগত সংযাোগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো চাৰিওফালে পানীৰে আগুৰি ৰাখি চাৰিটা বৃহৎ অংশত বিভাজিত কৰিছে। প্রথম অংশত মহাদেশসমূহৰ ভিতৰত এছিয়া, ইউৰোপ আৰু আফ্রিকা একেলগে সংযোজিত হৈ আছে। দ্বিতীয় অংশত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা সংযাোজিত হৈ আছে। তেনেদৰে অষ্ট্রেলিয়া আৰু বহুতো দ্বীপ লগ লাগি ওছেনিয়া মহাদেশ সৃষ্টি কৰিছে। চতুর্থ অংশটো এন্টার্কটিকা মহাদেশেৰে গঠিত।

এই মহাদেশসমূহৰ চাৰিওফালে আগুৰি আছে বিশাল জলধাৰাই অর্থাৎ মহাসাগৰসমূহে। প্রশান্ত মহাসাগৰ এছিয়া, উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজত আছে। আটলাণ্টিক মহাসাগৰ আছে ইউৰোপ, আফ্রিকা আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজত। আনহাতে ভাৰত মহাসাগৰ এছিয়াৰ দক্ষিণত, আফ্রিকা মহাদেশৰ পূবত আৰু ওছেনিয়াৰ পশ্চিমত অৱস্থিত। উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত উত্তৰ মহাসাগৰ। দক্ষিণ আমেৰিকা, আফ্রিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত দক্ষিণ মহাসাগৰ।


28. উত্তৰ আমেৰিকা মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। HSLC-2019

উত্তৰঃ- উত্তৰ আমেৰিকা মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল— 

(১) উত্তৰ আমেৰিকা মহাদেশৰ মুঠ মাটিকালি ২৪.৩ নিযুত বর্গ কিঃমিঃ অর্থাৎ পৃথিৱীৰ স্থলভাগৰ ১৬.৩ শতাংশ। মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ আমেৰিকা আৰু প্রশান্ত মহাসাগৰ, পূবে আটলাণ্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিংসাগৰ আৰু প্রশান্ত মহাসাগৰ আছে। 

(২) উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্রাকৃতিক গঠন বৈচিত্র্যময়। ইয়াৰ উচ্চতম ঠাই মেকিনলে শৃংগ আৰু নিম্নতম ঠাই ডেথ্‌ভেলী। ভূ-প্রাকৃতিকভাৱে মহাদেশখনক প্রধানকৈ চাৰিটা ভাগত বিভক্ত কৰিব পাৰি— (ক) ৰ'কি পার্বত্য অঞ্চল (খ) বিশাল উচ্চ সমভূমি অঞ্চল (গ) আপেলেছিয়ান উচ্চ ভূমি অঞ্চল (ঘ) উপকূলীয় নিম্নসমতলভূমি অঞ্চল। 

(৩) মহাদেশৰ পশ্চিম অংশত আলাস্কাৰ পৰা মেক্সিকো পর্যন্ত উত্তৰ-দক্ষিণাকৈ থকা সুউচ্চ পর্বত শ্রেণীৰে ৰ'কি পার্বত্য অঞ্চল গঠিত। ইয়াৰোপৰি পশ্চিম অংশত উপকুলৱৰ্তী কাস্কেড, ছিয়েৰা নেভাডা আৰু ক'ষ্টৰেঞ্জ পর্বতশ্রেণী আৰু পূব অংশত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডা পর্যন্ত বিস্তৃত পৰ্বত-পাহাৰ, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত ওখোৰা-মোখোৰা আপেলেছিয়ান উচ্চভূমি আছে। এই অঞ্চলৰ দক্ষিণ অংশত এলিঘেনি আৰু ব্লুৰিজ পর্বতশ্রেণী আছে।

(৪) আপেলেছিয়ান উচ্চভূমিৰ পূবে আটলাণ্টিক মহাসাগৰৰ উপকূলীয় অংশত উত্তৰে ন'ভাস্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে এক বিস্তৃত উপকূলীয় সমতলভূমি আছে। ইয়াৰোপৰি মহাদেশখনৰ উত্তৰ, দক্ষিণ পূব আৰু পশ্চিম অংশত অজস্ৰ সৰু-বৰ দ্বীপ আছে।

(৫) উত্তৰ আমেৰিকা মহাদেশত বহুতো নদ-নদী আৰু হ্রদ আছে। নদীসমূহৰ ভিতৰত মিচৌৰী, মিছিছিপি, ৰেড, আৰকানছাছ, কোলোৰাড, কোলাম্বিয়া, হড্‌ছন আদি উল্লেখযোগ্য। মহাদেশখনৰ প্ৰধান হ্রদসমূহ হ'ল— গ্ৰেট বিয়াৰ, গ্রেট শ্লেভ, গ্রেট ছল্ট, মিচিগান আদি। মহাদেশখনৰ দক্ষিণ-পশ্চিম অংশত কোলোৰাড' নামেৰে এখন মৰুভূমি সদৃশ অঞ্চল আছে।


29. পার্থক্য লিখা

(ক) মহীসোপান আৰু মহীঢাল। 

উত্তৰঃ- মহীসোপান আৰু মহীঢালৰ মাজত পার্থক্য হ'ল-

উত্তৰঃ- ১) উপকূলৰ চাৰিওকাষে থকা অগভীৰ মহাসাগৰীয় অংশ হ'ল মহাসসাপান। আনহাতে মহীসোপানৰ পিছৰ সমুদ্রৰ গভীৰ অংশই হ'ল মহীঢাল। 

২) মহীসোপান গড়ে ২০০ মিটাৰ আৰু মহীঢাল গড়ে ২০০০ মিটাৰ গভীৰ।


(খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ। 

উত্তৰঃ- এভাৰেষ্ট শংগ।             গডউইন অষ্টিন শংগ 

১) ই পৃথিৱীৰ উচ্চতম শৃংগ।     ১) ই পৃথিৱীৰ দ্বিতীয় শৃংগ।

২) ইয়াৰ উচ্চতা ৮,৮৪৮ মিটাৰ             ২) ইয়াৰ উচ্চতা ৮,৬১১ মিটাৰ।

৩) ই হিমালয় পর্বতশ্রেণীৰ অন্তর্গত     ৩) ই কাৰাকৈাৰাম পর্বতশ্রেণীৰ অন্তর্গত। 


(গ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি। 

উত্তৰঃ-  আটাকামা মৰুভূমি- ১) গোবি মৰুভূমি এছিয়া মহাদেশৰ মধ্যভাগত অৱস্থিত। আনহাতে আটাকামা মৰুভূমি দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বতমালাৰ একেবাৰে বৃষ্টিহীন অংশত অৱস্থিত। 

২) গোবি মৰুভূমি শীতল মৰুভূমি। আনহাতে আটাকামা মৰুভূমি এখন উষ্ণ মৰুভূমি। 


(ঘ) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশঃ-

উত্তৰঃ-  ১) ওছেনিয়া মহাদেশত স্থায়ী লোকৰ বসতি আছে। আনহাতে এন্টার্কটিকা মহাদেশত স্থায়ী জনবসতি নাই। 

২) ওছেনিয়া মহাদেশৰ জলবায়ু ক্রান্তীয় আৰু উপক্ৰান্তীয়। আনহাতে এন্টার্কটিকা মহাদেশৰ জলবায়ু তুন্দ্রা জলবায়ু। 


30. পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়ব সমূহৰ বিষয়ে চমুকৈ লিখা। HSLC-2019

উত্তৰঃ- পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত সমভূমি, মালভূমি, পর্বত-পাহাৰ, উপকূলীয় সমভূমি আদি নানা প্রকাৰৰ ভূ-অৱয়ব পোৱা যায়। এইবোৰে ভূপৃষ্ঠৰ অৱয়ব অসমান কৰি ৰাখিছে। অৱশ্যে মহাদেশবোৰৰ সকলোতে ভূ-প্রকৃতি একে ধৰণৰ নহয়।

এছিয়া মহাদেশৰ প্ৰধান পর্বতমালাসমূহ হ'ল হিমালয়, ইউৰাল, কাৰাকোৰাম, কুনলুন আলটাইন আদি। তিব্বত, পামিৰ, ছাইবেৰিয়া, মংগোলীয়া, দাক্ষিণাত্য, আৰৱ মালভূমি, ইৰাণ মালভূমি আদি এছিয়া মহাদেশৰ উল্লেখযাোগ্য মালভূমি। এই মহাদেশৰ উল্লেখযাোগ্য নদীসমূহ হৈছে সিন্দু, গংগা, ব্রহ্মপুত্র, ইয়াংজে কিয়াং আৰু চিকিয়াং, নর্মদা, তাপ্তি আদি।

ইউৰোপ মহাদেশৰ ভূ-প্রকৃতিবোৰ হ'ল উত্তৰৰ অংশটো পশ্চিমৰ ফ্রান্স উপকূলৰ পৰা পূবত ইউৰাল পর্বত শ্ৰেণীটোৱে সমতল ভূমি। সমভূমি আৰু দক্ষিণৰ অংশ পর্বত-মালভূমিৰে গঠিত উচ্চভূমি। এই মহাদেশত ৰাইন, ৰোণ আৰু এল্বেকে ধৰি বহুকেইখন নদী থকাৰ লগতে ওনেগা, ভেনার্ন আদি কেইবাটাও হ্রদো আছে।

আফ্রিকা মহাদেশৰ বৃহৎ অংশই হৈছে মালভূমি ইয়াত উল্লেখযাোগ্য পর্বত নাই। এই মহাদেশখন বহু নদী-হ্ৰদেৰে ভৰা। পৃথিৱীৰ বৃহতম নীল নদী এই মহাদেশতেই অৱস্থিত। পৃথিৱীৰ বৃহতম মৰুভূমি চাহাৰৰ লগতে কালাহাৰী আৰু নামিবিয়া মৰুভূমি এই মহাদেশতেই অৱস্থিত।

আনহাতে উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পশ্চিমফালে লানি নিছিগা ৰকি এণ্ডিজ পর্বতমালা। বাকী অংশ উচ্চ আৰু নিম্ন সমতলভূমিৰে আৱৰা। এই মহাদেশত বহুতো নদ-নদী আৰু হ্রদ আছে। উত্তৰ আমেৰিকা মহাদেশৰ দক্ষিণত মিছিছিপি, টেনেছি, মেকেঞ্জি আদি নদী আছে। পশ্চিম অংশত কোলোৰাড নামেৰে মৰুভূমি সদৃশ অঞ্চল আছে। দক্ষিণ আমেৰিকাৰ ভূ-অৱয়ব উচ্চ পার্বত্য ভূমি, নদীৰে গঠিত সমভূমি, মালভূমি, দ্বীপ আৰু মৰুভূমিৰে গঠিত। পৃথিৱীৰ সুউচ্চ এণ্ডিজ পর্বতমালা ইয়াতেই আছে। আমাজান, পাৰাণা, অৰিনিক আদি উল্লেখযাোগ্য নদী আছে। পৃথিৱীৰ উচ্চস্থানত থকা বৃহৎ হ্রদ "টিটিকাকা" এই মহাদেশতেই আছে ওছেনিয়া মহাদেশৰ মাজভাগ মালভূমি আৰু চাৰিওফালে উপকূলীয় সমভূমিৰে আগুৰা। ওছেনিয়া মহাদেশৰ ভূ-অৱয়ব প্রধানকৈ উচ্চ ভূমি, নদী-হ্রদেৰে গঠিত সমভূমি আৰু বহুকেইখন মৰুভূমিৰে গঠিত। গ্রেট ডিভাইডিং ৰেঞ্জ আৰু স্নবি মাউন্টেইনে সৃষ্টি কৰা "অষ্ট্রেলিয়ান" আল্পছ বুলি জনাজাত উচ্চভূমি অঞ্চল ইয়াতেই আছে। বার্লি, মেকে, কেৰী আদি ওছেনিয়াৰ উল্লেখযাোগ্য হ্রদ।


31. চমুটোকা লিখাঃ- 

(ক) উত্তৰ মহাসাগৰঃ 

উত্তৰ মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্রতম মহাসাগৰ। ই পৃথিৱীৰ প্রায় ১৪ নিযুত বর্গ কিঃমিঃ ঠাই আগুৰি আছে। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে। এই মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হোৱা বাবে ইয়াৰ আকৃতি ঘূৰণীয়া। এই মহাসাগৰৰ সাগৰৰ তলিৰ গড় গভীৰতা প্রায় ৩৫০০ মিটাৰ। মেৰু অঞ্চলত অৱস্থিত বাবে এই মহাসাগৰখন বছৰৰ বেছিভাগ সময় ডাঠ বৰফেৰে ঢাক খাই থাকে। 


(খ) আফ্রিকা মহাদেশৰ হ্রদসমূহঃ 

আফ্রিকা মহাদেশৰ হ্রদসমূহ হৈছে- ভিক্টোৰিয়া, এলবার্ট, টাংগানিকা, চাড, ন্যাচা, ভোল্টা, মালাৱি, কেব'ৰা বাচ্চা, টুৰ্কানা, কিভু, এব্বে, কোচ্চৌ আদি। 


(গ) ওছেনিয়া মহাদেশঃ 

ওছেনিয়া মহাদেশ পুথিৱীৰ ক্ষুদ্রতম মহাদেশ। অষ্ট্রেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, নিউগিনি, টাছমানিয়া আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহক লৈ ওছেনিয়া মহাদেশ গঠিত। ইয়াৰ বিস্তৃতি ০° উত্তৰ উত্তৰ নিৰক্ষৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশ আৰু পূবে প্রায় ১৮০° দ্রাঘিমাংশৰ পৰা পশ্চিমে ১১৩° পূর্ব দ্রাঘিমাংশ। এই মহাদেশৰ মুঠ জনসংখ্যা ৩৮ নিযুত (২০১৪ বৰ্ষৰ তথ্যমতে ইয়াৰ মাটিকালি ৮ নিযুত বর্গ কিঃমিঃ। এই মহাদেশৰ মূল ভূখণ্ড অষ্ট্রেলিয়া এটা প্রাচীন মালভূমি। ইয়াৰ পূব অংশটো গ্রেট ডিভাইডিং ৰেঞ্জ আৰু স্ম'ৱি মাউণ্টেইনে সৃষ্টি কৰা উচ্চভূমি। মূৰে, ডালিং, ছোৱান আদি এই মহাদেশৰ প্রধান নদী। আয়াৰ, বার্লি, মেকে আদি বহুকেইটা হ্রদ এই মহাদেশত থকাৰ লগতে গ্রেট ভিক্টোৰিয়া, গ্রেট ছেওি, টানামী আদি উল্লেখযাোগ্য মৰুভূমি। 


(ঘ) এছিয়া মহাদেশৰ নদনদীঃ- 

        এছিয়া মহাদেশ সৰু-বৰ অসংখ্য নদ-নদীয়ে ভৰা। উল্লেখযাোগ্য নদীসমূহৰ ভিতৰত মহাদেশখনৰ প্রায় দক্ষিণ মধ্য অংশত থকা সিন্ধু, গংগা আৰু ব্রহ্মপুত্র, উত্তৰ অংশত থকা ইয়েনিছি, ওবি আৰু লেনা, পূব অংশত থকা আমুৰ, হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং আৰু দক্ষিণ আৰু দক্ষিণ-পূবত থকা তাপ্তি, নর্মদা, মহানদী, কৃষ্ণা, গোদাবৰী, কাবেৰী, বৰাক ইৰাৱতী আদি। এই নদ-নদীবোৰ পৰ্বত, পাহাৰ আৰু মালভূমিয়ে সৃষ্টি কৰা উচ্চভূমি অঞ্চলৰ পৰা উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূর্ব দিশত থকা সাগৰ-মহাসাগৰলৈ বৈ গৈ কেবাখনো সাৰুৱা সমভূমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে। (ঙ) ইউৰোপ মহাদেশৰ নদ-নদীঃ

ইউৰোপ মহাদেশখন বহু নদ-নদী আৰু হ্রদ আদিৰে ভৰা। এই নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্রো, ফ্রান্সৰ ৰোণ আৰু চেইন, জার্মানীৰ ৰাইন আৰু এল্বে, পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা, অষ্ট্রিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব, বেলাৰুচ আৰু ইউক্রেইনৰ নিপাৰ, ইটালীৰ পো, গ্রেট ব্রিটেইনৰ থেমচ, ৰাছিয়াৰ ডন, ভল্গা আৰু ইউৰাল। 


(চ) আপেলেছিয়ান উচ্চভূমি অঞ্চলঃ 

আপেলেছিয়ান উচ্চভূমি অঞ্চল হৈছে উত্তৰ আমেৰিকা মহাদেশৰ এক উচ্চভূমি। হৈ ভগ্ন মালভূমিৰে গঠিত এক ওখোৰা-মোখোৰা উচ্চভূমি অঞ্চল। এই অঞ্চলৰ দক্ষিণ অংশত এলিঘেনি আৰু ব্লৰিজ পর্বতশ্রেণী অৱস্থিত। এই উচ্চভূমিৰ পূবে আটলাণ্টিক মহাসাগৰৰ উপকূলীয় অংশত উত্তৰে ন'ভাস্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে এক বিস্তৃত উপকূলীয় সমতল ভূমি আছে। 


(ছ) পেঞ্জিয়াঃ

মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূর্বে স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোৰ পান্থালাছা বোলা হয়। কিছুকাল অতিক্রম কৰাৰ পিছত পেঞ্জিয়াৰ প্রায় সোঁমাজেৰে পূর্ব-পশ্চিমাকৈ এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ বোলা হয়। এই টেথিছ সাগৰৰ সৃষ্টিয়েই পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকৈ দটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বোলা হয়। এই ভূমিটুকুৰাই ২৫০ নিযুত বছৰ পূর্বে ভূত্বকৰ ফাটন ক্রিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডেৱানা লেণ্ডত পুনৰ বিভাজিত হয়। ইয়াৰ পিছত এই লৰেছিয়া আৰু গণ্ডোৱানলেণ্ডৰ পৰাই বৰ্তমানৰ মহাদেশবোৰৰ সৃষ্টি হৈছে। 


(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্রদসমূহঃ 

উত্তৰ আমেৰিকা মহাদেশখনৰ প্রধান হ্রদসমূহ হ'ল- ছুপেৰিওৰ, এৰি, ওণ্টেৰিও, হুৰ'ন, মিচিগান, গ্রেট বিয়াৰ, উইনিপেগ, গ্রেট শ্লেভ আৰু গ্রেট ছল্ট। 


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.

Post Graduate Teacher (Political Science)

H.N.Seminary Model HS School, Bagribari, Dhubri, Assam

Email : brahmaratan@gmail.com

Whatsapp no. : 7020477396

Previous
Next Post »