-->

ছন্দ আৰু অলংকাৰ । Chhanda aru Alankar

 অসমীয়া ব্যকৰণ
ছন্দ আৰু অলংকাৰ । Sanda aru Alankar in Assamese Grammar

ছন্দৰ প্ৰকৃতি : গতি আৰু বিৰতি জগতৰ ৰীতি। চন্দ্ৰ-সূৰ্যৰ উদয়-অস্ত, নৈ-নিজৰাৰ চঞ্চল গতিশীলতা, প্ৰাণীৰ চলন-ভঙ্গিমা— এই সকলোবোৰতে আছে একোটা সুনিয়ন্ত্রিত গতি আৰু বিৰতি। এই নিয়ন্ত্রিত গতি আৰু বিৰতিৰ ক্ৰমিক প্ৰকাশৰ ফলত এক প্ৰকাৰৰ তাল-লয়ৰ বা তৰঙ্গৰ সৃষ্টি হয়৷ ছন্দৰ সৃষ্টিও তাতেই। একোটা বাক্যত থকা শব্দবোৰৰ ধ্বনিৰো একোটা গতি আৰু বিৰতি আছে। ধ্বনিৰ এই গতি আৰু বিৰতিক নিয়ন্ত্ৰিত কৰি ক্ৰমিক উচ্চাৰণ কৰিলেও তেনে এক তাল-লয় বা তৰঙ্গৰে সৃষ্টি হয়। গতিকে এই ধ্বনি তৰঙ্গক সুনিয়ন্ত্ৰিত আৰু সুপৰিমিত কৰি বিচিত্ৰতাৰ সৃষ্টি কৰিব পাৰিলেই উৎপত্তি হয় ছন্দৰ।

ছন্দ, কাব্যৰ এক লয়-ভিত্তিক ৰূপ। সুসংহত, বৈচিত্র্যপূর্ণ ধ্বনি বিন্যাস ছন্দৰ প্ৰাণ। আনহাতে ধ্বনি প্ৰৱাহ স্পন্দনময়। এই স্পন্দনে মানুহৰ হৃদয়ত অনির্বচনীয় অনুভূতি জগাই তুলি হৃদয়ক আন্দোলিত কৰে। তেনেহ'লে ছন্দ কাক বোলে? আমি এফাঁকি কবিতা লওঁ : 

ছন্দৰ সূত্ৰ : সৃষ্টিৰ দিনাৰে পৰা নিয়তিৰ স'তে হেৰা মানুহৰ

সংগ্রাম অক্ষয়,

আমি তাৰে স্মৃতি-স্তম্ভ সোঁৱৰাও মানুহৰ বীৰ্য্য আৰু

নিয়তিৰ জয়।

(সাগৰ দেখিছা— দেৱকান্ত বৰুৱা)


কবিতাফাঁকিৰ ধ্বনি প্ৰৱাহ, কুলুকুলু সুৰে অবাৰিতভাৱে বৈ থকা পাহাৰীয়া জুৰিটিৰ দৰেই সুসংহত আৰু বৈচিত্র্যপূর্ণ। ধ্বনি-বিন্যাস সুবিন্যস্ত। প্ৰতিটো ধ্বনিৰ বুকুত স্পন্দিত হৈছে এক মধুৰ অথচ উচ্ছ্বল আৱেগ-তৰঙ্গ। সিয়ে পাঠকৰ হৃদয়ত জগাই তোলে অন্তহীন অনুভূতি, সৃষ্টি কৰে সীমাহীন আলোড়নৰ। বিতাফাঁকিত এনে এটা ৰমণীয় লয় আছে যে, সিয়েই ইয়াক কৰি তুলিছে শ্ৰুতিমধুৰ আৰু মাধুৰ্যপূৰ্ণ। ইয়াৰ পৰা আমি ছন্দৰ সূত্ৰ এটা এইদৰে দিব পাৰোঁ। 

মানুহৰ হৃদয়ত অনির্বচনীয় আৱেগ আৰু অনুভূতি জগাই তুলি, আলোড়নৰ সৃষ্টি কৰিব পৰা সুসংগত আৰু সুনিয়ন্ত্রিত, মাধুর্যপূর্ণ, স্পন্দনময় ধ্বনি-প্ৰৱাহৰ বৈচিত্র্য পূর্ণ বিন্যাসেই ছন্দ।


ছন্দ-স্পন্দ

ছন্দ-স্পন্দ ছন্দৰ প্ৰাণ। এই ছন্দ-স্পন্দই মানুহৰ হৃদয়ত এক মধুৰ আলোড়নৰ সৃষ্টি কৰি মানুহক মন্ত্রমুগ্ধ কৰে, আৱেগময় কৰে। আমি এফাঁকি কবিতা লওঁ :

দীর্ঘ অক্ষৰ বা যুগ্ম ধ্বনি একোটা উচ্চাৰণ কৰোঁতে সাধাৰণতে দুই মাত্রা লাগে। কেতিয়াবা তিনি মাত্রাও প্রয়োজন হয়। যেনেঃ

||||| ||| ||| |||||

দশিত সুন্দৰ গৌৰ কলেৱৰ


|||| || ||||

যৈছন সুৰ পৰকাশ।


||||| ||| ||| |||||

সকল সভাসদ ৰঞ্জন যাকেৰি


|||| ||| ||||

দৰশন পাপ বিনাশ।।

ইয়াত পদবোৰৰ মাত্রা ক্রমে ৪, ৪, ৩, ৫ আৰু ৪, ২, ৪ আৰু ৩, ৫, ৪, ৪ আৰু ৪ ৩, ৩ হৈছে।

।, ।। আদি মাত্রা চিন। “।” চিনে একমাত্ৰা আৰু “।।” চিনে দুই মাত্রা বুজাইছে।


ছন্দ বিভাগ

ছন্দ দুবিধ : মিত্রাক্ষৰ ছন্দ বা মিলিতাত্ত ছন্দ আৰু অমিত্রাক্ষৰ ছন্দ বা অমিলিতান্ত ছন্দ। 

মিত্রাক্ষৰ ছন্দ : যি ছন্দৰ প্রথম পংক্তিৰ শেষ আখৰ আৰু দ্বিতীয় পংক্তিৰ শেষ আখৰৰ মিল থাকে তাক মিত্রাক্ষৰ ছন্দ বা মিলিতান্ত ছন্দ বোলে। যেনে :

শুনিয়া হাঁসি চাহি চক্রপাণি।।

নোহন্ত আদিত্য বুলিলা বাণী।

চাৰি পংক্তিযুক্ত স্তৱকত এনেদৰে মিল থাকিব পাৰে : কক কক, কখ কখ, কখ খক, কক খখ, কখ গক, কখ খখ ইত্যাদি।

অমিত্রাক্ষৰ ছন্দ : যি ছন্দত পংক্তিবোৰৰ শেষ আখৰৰ মিল নাই, তাক অমিলতান্ত বা অমিত্রাক্ষৰ ছন্দ (Blank Verse) বোলে। যেনে :

মৃত্যুঞ্জয়ী আকুল আহ্বানে বাৰে বাৰে

মাতিছে আমাক;

তেজেৰে আমাৰ

পাণিপথ, হলদীঘাট, পলাশীৰ, শৰাইঘাটৰ

মাটি সেমেকাই

আমি তাক কৰিছোঁ গ্রহণ।

ফাঁচি কাঠে মাতিছে আমাক

আমি তাৰ নিমন্ত্রণ প্রত্যাখ্যান কৰা নাই।

পৰ্ব্বৰ নিৰ্দিষ্ট মাত্রা বা দৈর্ঘ্য অনুসৰি ছন্দ তিনি প্ৰকাৰৰ : মাত্রাবৃত্ত, যৌগিক আৰু স্বৰবৃত্ত। 

মাত্রাবৃত্ত ছন্দ : যি ছন্দৰীতিত পৰ্ব্বসমূহৰ ধ্বনি সাম্য থাকে অর্থাৎ মাত্ৰাৰ সংখ্যা নির্দিষ্ট থাকে, তাক মাত্রাবৃত্ত ছন্দ বোলে। ধ্বনি আৰু মাত্ৰাৰ প্ৰাধান্য থকাৰ বাবে ইয়াক ধ্বনিপ্রধান বা মাত্রাপ্রধান ছন্দ (Moric Metre) বোলে। এই ছন্দৰীতিত ধ্বনি-শিথিলতা নাই। গতিকে কবিৰ স্বাধীনতাও নাই। এই ছন্দত অযুগ্ম ধ্বনিত এক মাত্রা আৰু ধ্বনিত দুই মাত্রা ধ্বনিত দুই মাত্রা বহুৱাব লাগে যেনে :

।  ।  ।  ।  ।।  ।  । |     ।।  ।  ।  ।।  ।। |         ।।।।   ।।।  ।  ।।  ।। |

শুন শুন ৰে  সুৰ | বৈৰী প্ৰমাণা । নিশাচৰ  নাশ  নিদানা

।।।   ।।  ।। |    ।।।।   ।।|    ।।।। ।।।| । ।।  ।। |  

ৰাম নাম যম সমৰক সাজি সমদলে কয়লি   পয়ানা।

।।।   ।।।  ।। |    ।। ।   ।। ।  ।।|    ।।     । । । ।  ।। | ।।  ।। |  

ঠাট প্ৰকট পটু| কৌটি কৌটি কপি| গিৰি  গড়গড়   পদ| যাৱে|


।।   ।।   ।।  ।। । ।    । । । ।    । । । । । ।   । । । ।  । ।। ।।| 

বাৰিধি তৰি তৰি কৰি   গুৰুতৰ  গিৰি ধৰি  ধৰি  সমৰক  ধা  ৱে।

ইয়াত প্ৰথম আৰু দ্বিতীয় পংক্তি ৮+৮+৮+৫ কৈ আৰু তৃতীয় আৰু চতুৰ্থ পংক্তি ৮+৮+৮+৪ কৈ মাত্ৰা আছে। এই মাত্র সুনির্দিষ্ট। এই মাত্ৰাৰ লৰচৰ হ'লে ছন্দভংগ হ'ব।

যৌগিক ছন্দ : যি ছন্দৰ মাত্ৰা সংস্থাপন ৰীতি স্বাভাৱিক উচ্চাৰণ ৰীতিৰ অনুৱৰ্তী তাকেই যৌগিক ছন্দ বোলা হয়। এই ছন্দত তানৰ ওপৰত গুৰুত্ব বেছি বাবে ইয়াক তান প্রধান ছন্দও বোলা হয়। এই ছন্দত সাধাৰণতে শব্দৰ অন্তিম খণ্ডত থকা যুগ্ম ধ্বনিয়ে দুই মাত্ৰা আৰু আদিত বা মাজত থকা যুগ্ম ধ্বনিয়ে এক মাত্রা লাভ কৰে, কেতিয়াবা ব্যতিক্রমো হয়। যেনে :


      ।।   ।।   ।।  ।। |  ।  ।।  ।  ।।

(ক) যদি চাব জানা এই | সুন্দৰ জগৎ।

       ।।।  ।।।  ।। |  ।  ।।  ।  ।।

    শিক্ষাৰ বিষয় পাবা | অনেক মহৎ।।

ইয়াত মাত্ৰা বিন্যাস ৮+৬+৮+৬|

     । । ।   ।  ।। |  ।।  ।  ।  ।। 

(খ) আহিছে  মানুহ | গৈছে মানুহ।


| || | | | | |

মানুহ ময়াপী জীৱ।

মানুহ সোঁতৰ | অন্ত নাইকীয়া ।

| | | | || | |

বুলিলে মৰত কিয়।।

৮+৬+৮+৬।

ইয়াত মাত্রা বিন্যাস ৬+৬+৮ আৰু ৬+৬+৮।

| || | || | | || | ||

(গ) আকাশ কুসুম | আকাশ কুসুম


ত্রিপদী

এই ছন্দ কবিতাত দুফাঁকি কবিতা থাকে আৰু প্ৰতি ফাঁকিত তিনিটাকৈ পৰ্ব্ব থাকে। তৃতীয় পৰ্ব্ব আৰু ষষ্ঠ পৰ্ব্বৰ শেষ বৰ্ণৰ মিল থাকে। ত্রিপদী ছন্দ তিনিবিধ : দুলড়ী, ছবি আৰু লেচাৰি।

দুলড়ী (৬+৬+৮)

দুলড়ীক লঘু ত্রিপদী বুলিও কোৱা হয়। ইয়াথ দুফাঁকি পদ থাকে। প্রতি ফাঁকিত তিনিটাকৈ পর্ব্ব থাকে। প্রথম আৰু দ্বিতীয় পৰ্ব্বত প্ৰতিটোত ৬টাকৈ আৰু তৃতীয় পৰ্ব্বত ৮ টাকৈ অক্ষৰ থাকে। দুয়ো ফাঁকিতে ৬+৬+৮ আৰু ৬+৬+৮=৪০ টা অক্ষৰ থাকে। যেনেঃ

       ।।   ।।।।     ।।  ।।।।

(ক) পাচে ত্রিনয়ন | দিব্য উপবন

    ।  ।  ।  ।  ।  ।

দেখিলন্ত বিদ্যমান

। ।  । ।  । ।    । ।  । ।  । ।

ফল  ফুল ধৰি | জক মক কৰি

। ।   । ।   । । । ।

আছে যত বৃক্ষমান।।


ছবি (৮+৮+১০)

ছবিৰ আন এটা নাম দীৰ্ঘ ত্রিপদী। ইয়াতো দুফাঁকি পদ থাকে। প্রতি ফাঁকিতে তিনিটাকৈ মুঠ ৬টা পর্ব্ব থাকে। ১ম, ২য়, ৪র্থ আৰু ৫ম পৰ্ব্বত ৮টাকৈ আক্ষৰ থাকে। ৩য় ৬ষ্ঠ পৰ্ব্বৰ প্রত্যেকতে ১০টাকৈ অক্ষৰ থাকে। গতিকে এটা স্তৱকত ৮+৮+১০+৮+৮+১০=৫২ টা অক্ষৰ থাকে। ৩য় আৰু ৬ষ্ঠ পৰ্ব্বৰ শেষ বৰ্ণৰ মিল থাকে। যেনে :

। । । ।  । ।  । ।   । । ।  । । ।  । ।


(ক) শুনিয়োক বুদ্ধ জন | জনম মৰণ দুখ |

। । । ।  । ।  । ।  । ।

তৰিবাক যাৰ ইচ্ছা আছে। ৮+৮+১০

। । । ।  । ।  । ।   । । ।  । । ।  । ।

গোবিন্দৰ নাম গুণ |   শ্ৰৱণ-কীৰ্তন কৰা|


ঝুনা বা একাৱলী

এই ছন্দত চাৰিটাকৈ চৰণ থাকে; প্ৰতি চৰণত দুটাকৈ পর্ব্ব থাকে। প্রথম পর্ব্ব ছটা আৰু দ্বিতীয় পৰ্ব্ব ৫টা অক্ষৰেৰে গঠিত। গতিকে (৬+৫+৬+৫) ×২ মুঠ ৪৪টা অক্ষৰ থাকে কেতিয়াবা (৬+৬+৬+৬) ×২ মুঠ ৪৮টা অক্ষৰো থাকে। যেনে :

        । ।  । ।  । । |   । ।  । । ।

  (ক) সত্য যুগে কৰি | ধ্যান সমাধি | ৬+৫

     । । ।   । । । |   । ।   । । 

ত্ৰেতাত সমস্তে | যজ্ঞে আৰাধি | ৬+৫

     । ।   । ।  |  ।    । । ।

    দ্বাপৰে পূজৈ না | না ভক্তিভাৱে| ৬+৫

     । । ।   । । ।  |  ।   । ।  । ।

    কলিত কীৰ্ত্তনে | সি গতি পাৱে | ৬+৫ - কীৰ্ত্তন


ঝুমুৰি বা গজগতি (8+8+8+8)

এই ছন্দৰ দুটাকৈ চৰণ থাকে। প্ৰতি চৰণত দুটাকৈ পৰ্ব্ব থাকে। প্ৰতি পৰ্ব্বত চাৰিটাকৈ অক্ষৰ থাকে। মুঠ অক্ষৰ ৪+৪+৪+৪=১৬টা। হাতীৰ গতিৰ লয়ৰ লগত এই ছন্দৰ মিল থকাৰ কাৰণেই বোধহয় ইয়াক গজগতি ছন্দও বোলে। যেনে :

। ।  । । | । । । ।

(ক)       হেন শুনি | জাম্বৱন্ত |

। । ।  । । । | । । । ।

ধাইলা মহা | বলৱন্ত।। 8+8+8+8

। । ।  । | । ।  । ।

নিচিনি স্বা | মীক পাচে|

। । । ।  | । ।  । ।

ধৰিলন্ত | যুদ্ধ কাছে।। ৪+৪+৪+৪



কুসুমমালা ছন্দ (৬+৬+৬+৬)

এই ছন্দৰ চাৰিটা চৰণ থাকে। প্ৰতি চৰণত ৬টাকৈ অক্ষৰ থাকে। প্রতি দুটা চৰণৰ শেষ বর্ণ একে। যেনে :

|| ||||

(ক) নমো নাৰায়ণ | (খ) কুটিল অলক।

||| |||

সংসাৰ কাৰণ | শোভে কপোলক।

|||   |||

ভকত তাৰণ | কমল নয়ন।

|||   |||

তোহ্মাৰ চৰণ।। পীত বসন।


হংসমালা (৬+৬+৬)

এই ছন্দত দুটা চৰণ থাকে। প্ৰতি চৰণত তিনিটাকৈ পর্ব্ব থাকে। প্রতি পৰ্ব্বত ৬ টাকৈ অক্ষৰ থাকে। গতিকে মুঠ অক্ষৰৰ পৰিমাণ ৩৬। যেনে :

। । ।   । । । |  । । । ।  । ।    । । ।   । । ।

দিবসে বিষয় |  বিয়াকুল নিশি | শয়নে গোৱাই।

। ।  । ।  । । |   । । । ।   । । |   । । ।  । । ।

মনে ধন খোজি | বিমোহতি তেৰি | আৰতি নাপাই | ৬+৬

হৃদয় কমলে | হৰি বৈঠহ চিন্তো | চৰণ না তেৰি | 

কৰল গৰল | ষচ ভোজন হা | মো অমিয়া হেৰি।।



অমিত্রাক্ষৰ ছন্দ (Blank Verse )

এই ছন্দৰ বিশেষত্ব হৈছে অমিত্ৰ অক্ষৰ অৰ্থাৎ চৰণ বা পংক্তিবোৰৰ শেষ বৰ্ণৰ অমিল। পয়াৰ ছন্দৰেই ই অন্য এক ৰূপ। পার্থক্য এয়ে যে, পয়াৰত ভাৱানুসাৰে য'ত অৰ্দ্ধছেদ বা পূৰ্ণছেদ পৰে ছন্দ অনুসৰি তাতেই অৰ্দ্ধযতি বা পূৰ্ণযতি পৰে। অৰ্দ্ধছেদৰ লগত অৰ্দ্ধযতিৰ মিল নাথাকিলেও পূৰ্ণছেদ বা পূৰ্ণযতিৰ মিল থাকিবই। কিন্তু অমিত্রাক্ষৰ ছন্দত ছেদৰ লগত যতিৰ মিল নাই। পূর্ণযতিত পূর্ণচ্ছেদ নপৰে? গতিকে এটা বা দুটা চৰণত অৰ্থ সম্পূৰ্ণ নহৈ আন এটা চৰণলৈকে বাঢ়ি যায়। ভাৱৰ আৱশ্যকতা অনুযায়ীহে ইয়াত যতি পৰে। উদাহৰণ : 

(ক) মান্তিলা সস্নেহে ধনী যত জীৱকুল

সামৰি স্ববক্ষে। জীৱ বিশ্রাম লভিলা

পৰি স্নেহময়ী ক্রোড়ে মাতৃক্রোড়ে যথা।

নীৰৱ ধৰণী তল, জনশব্দ নাই,

আনন্দে নিদ্রিত প্রাণী। মাত্ৰ একোবাৰ

ডাকে নিশাচৰ গণ, - ক'তোবা ফেউৰা

বনৰাজে ব্যাঘ্ৰ দেখি কৰে ফেউ ৰৱ 

দিয়াছে জাননী জীৱে; ক'তোবা কুৰুলি 

দিয়া, কিম্বা নিউ উৰিছে উলুক;

থাকি থাকি কোনো স্থলে ডাকে কাল হুদু 

সুগম্ভীৰে; ক'তো যম ডাকিনী জাকিছে 

বহি বহি হৃদিস্থল বিকম্পি কুম্বনে।          -সীতাহৰণ কাব্য


(খ) প্রিয়া তুমি ঢালিলা কি মোহন মদিৰা 

হাঁহি কটাক্ষৰ! যি হাঁহিত বনে বনে, 

হৰিৎ ক্ষেত্ৰত তৰু-তৃণ লকিতাৰো 

ভাগিল চমক। ঠায়ে ঠায়ে বিধে বিধে 

ফুলিলে ৰঙেৰে কূটজ-কুট্‌মল ৰাজি। - গিৰিমল্লিকা


মুক্তক ছন্দ (Free Verse)

ইংৰাজী সাহিত্যৰ Free Verse-ৰ অনুকৰণত সৃষ্টি হোৱা আধুনিকতম কাব্যৰীতি হৈছে মুক্তক ছন্দ। প্ৰকৃততে ইয়াক ছন্দ বুলিব পৰা যায় নে নাযায়, সেই কথা সময়েহে প্ৰমাণ কৰিব। তথাপি আধুনিক কবিতাত এই ছন্দই ব্যাপকভাৱে প্ৰচলিত হৈছে। ই ছন্দ বন্ধন মুক্ত; ছন্দ-ৰীতি নাই; ছন্দ সজ্জাহে আছে। সিও বন্ধনমুক্ত। ধ্বনিৰ প্রৱাহমান স্পন্দন-বৈচিত্ৰ আৰু মুক্ত গতিয়েই ইয়াৰ প্ৰাণ। ইয়াৰ পংক্তিসমূহ সমতাহীন, কেতিয়াবা মিলিতান্ত আৰু কেতিয়াবা অমিলিতাস্ত। কবিৰ ভাৱানুভূতিৰ অন্ততেই যতি পৰে।

উদাহৰণ— (ক) ইমান তৃপ্তি সিহঁতৰ! 

দাঁতত পেলাই পেলাই চোবোৱাৰ 

নানা কৌণিক ভংগিমাৰে

সিহঁতে যেন আৰু জটিল কৰি দিয়ে

সৃষ্টিৰ এটা পুৰণি জটিল প্রশ্ন—

'আমি কেৱল খাবৰ বাবে জীছোঁ

নে

আমি জীৱৰ বাবে খাইছোঁ?' কুকুৰ— অমূল্য বৰুৱা।


Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »