-->

Solved Question Paper of Environmental Education 2020

HS 1st Year 

Environmental Education 2020


1. (a) এটা বা দুটা শব্দত প্ৰকাশ কৰাঃ- 1×5=5

(i) পৃথিৱীৰ উপৰিভাগৰ স্তৰটোৰ নাম কি? 

উত্তৰঃ- লিথোস্ফিয়াৰ (Lithosphere)।


(ii) এটা প্ৰবহমান নির্মল জল পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ দিয়া৷ 

উত্তৰঃ- নদী (River)।


(iii) জৈৱ-বৈচিত্ৰ্যৰ এটা নৈতিক ব্যৱহাৰ উল্লেখ কৰা৷ 

উত্তৰঃ- ঔষধৰ উৎপাদন (Production of Medicine)।


(iv) কোন তাৰিখে বিশ্ব পাৰিপাৰ্শ্বিক দিবস পালন কৰা হয়? 

উত্তৰঃ- ৫ জুন (5th Jone)।


(v) NDRF-ৰ সম্পূৰ্ণ অর্থ লিখা।

উত্তৰঃ- ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (National Disaster Response Force)।


(b) খালী ঠাই পূৰণ কৰা:- 1×3=3

(i) 'দ্যা ডিকেদ্ অৱ একশ্যন ফৰ ৰোড্‌ ছেফ্‌ট' ______ ৰ পৰা শুভাৰম্ভ কৰা হয়।

উত্তৰঃ- ১৯৮৯ (1989)


(ii) ইউৰেনিয়াম এবিধ _____ শক্তিৰ উত্‍স।

উত্তৰঃ- অ-নবীকৰণ (Non-Renewable)।


(iii) ভেকুলি, পৰিস্থিতিতন্ত্ৰৰ _____ স্তৰৰ উপভোক্তা।

উত্তৰঃ- আনুষাংগিক পৰ্যায়ৰ (Secondary level)।


2. চমু বর্ণনা দিয়াঃ (যিকোনো পাঁচটা ) 2x5=10

(A) খাদ্য জাল

উত্তৰঃ- যিকোনো পৰিস্থিতিতন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্ৰাপ্ত হোৱা অনুক্ৰমিক শৃংখলকেই খাদ্যশৃংখল বুলি কোৱা হয়। 

    খাদ্যশৃংখলৰ সাধাৰণ উদাহৰণসমূহ এনে ধৰণৰ—

(a) ঘাঁহ—পশু—বাঘ (এই শৃংখল তিনিটা সংযোগক লৈ গঠিত)

(b) ঘাঁহ—ফৰিং—পক্ষী—শেন চৰাই (এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত) 

(c) উদ্ভিদ - প্লাৱক পানীৰ কীট বা পোক – ক্ষুদ্ৰ মাছ – টুনা মাছ (এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত)

প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰত দুই প্ৰকাৰৰ খাদ্যশৃংখল দেখা পোৱা যায়। এক প্ৰকাৰৰ খাদ্যশৃংখল আৰম্ভ হয় সেউজীয়া উদ্ভিদৰ পৰা। এই খাদ্যশৃংখলক লৈ গঠিত হয় প্ৰথম পৌষ্টিক স্তৰ৷ তৃণভোজীবিলাকক লৈ গঠিত হয় দ্বিতীয় পৌষ্টিক স্তৰ আৰু মাংসভোজী প্ৰাণীক লৈ গঠিত হয় তৃতীয় পৌষ্টিক স্তৰ। সিহঁতৰ চৰণীয়া খাদ্যশৃংখল বুলি গণ্য কৰা হয়। অন্য প্ৰকাৰ খাদ্যশৃংখলৰ আৰম্ভ হয় এই সেউজ বৃক্ষ তথা জাবৰ-জোথৰ গেলিপচি সৃষ্টি হোৱা মাটি, বালি আদিৰ পৰা। ইয়াক কোৱা হয় ক্ষয়জনিত কাৰণত সৃষ্ট খাদ্যশৃংখল। খাদ্যশৃংখল সদায় এক দিশমুখী।

খাদ্য জাল : কিছুসংখ্যক খাদ্যশৃংখল ইটো সিটোৰ সৈতে সংযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্যজালৰ সৃষ্টি কৰে। কেইবাটাও সংযুক্ত খাদ্যশৃংখলক লৈ গঠিত এই অন্তর্বন্ধনযুক্ত ৰূপকে খাদ্য জাল বুলি কোৱা হয়। গতিকে খাদ্য জাল হৈছে খাদ্যশৃংখলৰ এনে এক কর্মজাল য'ত বিভিন্ন ধৰণৰ জীৱ বিভিন্ন ধৰণৰ পৌষ্টিক স্তৰত সংযুক্ত। ইয়াত প্ৰতিটো পৌষ্টিক স্তৰত আহাৰ ভক্ষণ কৰা আৰু ভক্ষিত হোৱাৰ কেইবাটাও উপায় আছে। পৰিস্থিতিতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ক্ৰিয়া যেনে শক্তিৰ প্ৰবাহ আৰু পুষ্টি চক্ৰ, সিহঁতৰ জৰিয়তে সংঘটিত হয়।


(B) আন্তঃসংৰক্ষণ

উত্তৰঃ- বহিঃ সংৰক্ষণ : বহিঃ সংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণীক সিহঁতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আন কোনো স্থানত কৰা সংৰক্ষণ। এয়া কোনো প্ৰাণী উদ্যান আৰু উদ্ভিদ উদ্যান বা বন প্ৰতিষ্ঠান আৰু কৃষি গৱেষণা কেন্দ্ৰ হ'ব পাৰে। শস্য, জীৱ-জন্তু, চৰাই, আৰু মৎস্য প্ৰজাতিৰ জিনীয় পদাৰ্থ সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে বহু প্ৰচেষ্টা হাতত লোৱা হৈছে। নেশ্বনেল ব্যুৰ' অৱ প্লেণ্ট জেনেটিক ৰিছাৰ্চ, নেশ্বনেল ব্যুৰ' অৱ এনিমেল জেনেটিক ৰিছাৰ্চ আদি বিভিন্ন সংস্থাৰ জৰিয়তে এই কাম কৰা হৈছে।

অন্তঃসংৰক্ষণ : অন্তঃসংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সেইসমূহৰ প্ৰাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ, অর্থাৎ নিজা আৱাসস্থলতে কৰা সংৰক্ষণ। যেনে- বায়'স্ফিয়েৰ ৰিজার্ভ, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদি। ভাৰতত এনে সংৰক্ষণৰ এটা দীঘলীয়া পৰম্পৰা আছে। সমগ্ৰ দেশত কিছুমান সংৰক্ষিত এলেকাৰ এখন জাল গঢ়ি এই সংৰক্ষণৰ কাম কৰি অহা হৈছে। এতিয়া ভাৰতত ৫৩৩ খনতকৈ অধিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে। এই সংৰক্ষিত এলেকা হৈছে দেশৰ মুঠ ভূ-খণ্ডৰ ৪.৩ শতাংশ। এনে ব্যৱস্থাই জীৱৰ বাসস্থান আৰু সেই ঠাইসমূহৰ জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণত সহায় কৰিছে। কিছুমান প্ৰজাতিৰ সংৰক্ষণৰ বাবে বিশেষ সংৰক্ষণ প্ৰচেষ্টাৰ প্ৰয়োজন বুলি চিহ্নিত হোৱাত বিশেষ প্ৰকল্প কিছুমানো আৰম্ভ কৰা হৈছে। অসমত এতিয়া ৬ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ২২ খন বন্যপ্ৰাণী অভয়াৰণ্য আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ জৰিয়তে এছীয় গঁড়ক সংৰক্ষণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দলহৰিণ, খটীয়া পহু আৰু হাতীৰো বাসস্থান। মানাহ বায়'স্ফিয়াৰ ৰিজাৰ্ভ সোণালী বান্দৰ আৰু নলগাহৰিৰ বিচৰণভূমি। 


(C) জৈৱ-বৈচিত্র্য ধ্বংসৰ কাৰণসমূহ

উত্তৰঃ-  তলত কেতবোৰ গুৰুত্বপূৰ্ণ জৈৱ-বিচিত্ৰতাৰ ধ্বংসৰ কাৰণ আৰু ফলাফল আলোচনা কৰা হ'ল—

(১) আৱাসভূমিৰ অভাৱ / বিলুপ্তি (Loss of Habitat) : প্রাকৃতিক আৱাসভূমিৰ ধ্বংস আৰু ক্ষয়কৰণেই প্ৰধানত জৈৱ-বিচিত্ৰতাৰ বিলুপ্তিৰ মূল কাৰণ। কেবা বিলিয়ন হেক্টৰ হাবি, ঘাঁহনি যোৱা ১০ বছৰত, কৃষিভূমি, চৰণীয়া পথাৰ, সংস্থাপন এলেকা অথবা বিকাশ আঁচনিৰ নামত ধ্বংস কৰা হৈছে। এই হাবি বা ঘাঁহনিৰ কেবা হেজাৰ জীৱৰ বাসস্থান আছিল আৰু ক্ৰমে এই বাসভূমিৰ অভাৱত ইহঁতৰ বিনাশ হ'ব ধৰিছে। Severe damage য়ে জলাশয়বোৰক ব্যৱহাৰ নোহোৱা পৰিস্থিতিতন্ত্রলৈ ৰূপান্তৰ কৰিছে। জৈৱ-বিচিত্ৰতাত ধনী জলাশয়, মোহনা অঞ্চলবোৰ ভীষণ সংকটত পৰিছে। জলাশয়বোৰত নলা-নৰ্দমা ব্যৱস্থা আৰু প্ৰদূষণৰ বাবেই এক বৃহৎ পৰিমাণৰ জৈৱ-বিচিত্ৰতা ধ্বংস হৈছে।

কেতিয়াবা কেতিয়াবা Habitat Fragmentation ৰ বাবেও আৱাসভূমিৰ হৈ আহিছে।

কেতবোৰ জীৱ যেনে, হৰিণা, ডাঙৰ জাতৰ মেকুৰী আদিবোৰক জীয়াই থাকিবলৈ এক বৃহৎ অঞ্চলৰ প্ৰয়োজন। সিহঁতে সৰু হাবি এখনত পোৱালি জন্ম দিবলৈ ভয় কৰে। তদুপৰি সুৱলা গীত গোৱা বহুতো পক্ষীও এই Habitat Fragmentation দ্বাৰা বিলুপ্ত হৈছে।

বর্তমানে আমাৰ দেশত উষ্ণীয় অৰণ্যৰ ধ্বংস বেছি হৈ আহিছে। এই হাৰ প্ৰতি বছৰে ৬ শতাংশ। এই হাৰত থাকিলে বিশ্বব্যাপী ২০-২৫ শতাংশ গছ-গছনি মাত্র কেইবছৰমানতেই নিঃশেষ হৈ যাব। সাগৰীয় (Marine) জৈৱ-বিচিত্ৰতাও আজি সংকটত। Fragile Breeding ৰ ধ্বংস আৰু সাগৰীয় মাছ বা অন্য প্রজাতিবোৰ মানুহৰ হস্তক্ষেপৰ (intervention) ৰ কাৰণে বাধাগ্ৰস্ত হৈছে।

(২) চোৰাং চিকাৰ (Poaching) : বিপন্ন বহু জীৱবোৰক হত্যা কৰি তাৰ পৰা পোৱা বস্তুৰে এখন নীতিবহির্ভূত বেহা চলি আছে। ইয়াক Poaching বোলে। বৰ্তমানলৈ ইয়ো বন্যপ্ৰাণীৰ সংকটৰ কাৰণ। আন্তঃৰাষ্ট্ৰীয়ভাৱে বাধা-নিষেধ আছে যদিও চোৰাংভাৱে বন্য জীৱৰ নোম, চামৰা, শিং, দাঁত, জীৱিত specimen, ঔষধীয় উৎপাদন আদিৰ বেপাৰ বৰ্তমানে চলিয়েই আছে আৰু মিলিয়ন ডলাৰৰ সম্পদ প্রতি বছৰে বিদেশলৈ গৈ আছে। এই চোৰাং বেহা, বিকাশশীল দেশ (এছিয়া, দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ দেশ) বোৰত হয়; কিয়নো ইয়াত জৈৱ-বিচিত্ৰতাৰ ক্ষেত্ৰত সবাতোকৈ ধনী দেশ, অসংখ্য বন্যপ্রাণী সম্পদেৰে ভৰপূৰ। ধনী দেশ, ইউৰোপ, উত্তৰ আমেৰিকা, কেতবোৰ এছিয়াৰ ধনী দেশ যেনে জাপান, টাইৱান আৰু হংকং আদিবোৰ হ'ল এই সম্পদৰ প্ৰধান ৰপ্তানি কৰোতা দেশ।

এই ব্যৱসায়ে চোৰাং চিকাৰীবোৰক এক বৃহৎ লাভালাভ দিয়ে কিয়নো কোনো এটা বন্যপ্ৰাণী চিকাৰ কৰি আনি তাক মাফিয়াৰ দ্বাৰা অন্য দেশলৈ পঠালেই এক বৃহৎ ধন পোৱা যায়। হাতীৰ দাঁতৰ মূল্য প্রতি কেজিত ১০০ ডলাৰ, Leopard ৰ নোমৰ কোটত মূল্য ১০০,০০ ডলাৰ (জাপানত) আনহাতে ব্রাজিলৰ পৰা দেখাত ধুনীয়া বিৰল Hyacinth Macaw চৰাইবিধ ধৰি আনিলে তাৰ মূল ১০,০০০ ডলাৰ পৰ্যন্ত পোৱা যায়। আটাইতকৈ দুখ লগা কথাটো হ'ল প্ৰতিটো জীৱিত জীৱ, যিবোৰ বজাৰলৈ অনা হয় সিহঁতক ধৰিবলৈ অন্য ৫০ বিধ জীৱ ধৰা হয় বা মাৰি পেলাব লগা হয়। যদি 0িৰ.আমি আমাৰ বিৰল প্ৰজাতিৰ গছ, মাছ, চৰাই আদিক লৈ গৰ্ব কৰো, তেন্তে, আজিয়েই সংকল্পবদ্ধ হওঁ আহক যাতে আমি সেই জীৱবোৰৰ অনিষ্ট নকৰো। এই ধৰণেও আমি কিছু পৰিমাণে সেই প্ৰাণীবোৰৰ ক্ষয় ৰোধ কৰিব পাৰো। নোমৰ কোট, purse মোনা, অথবা ঘঁৰিয়ালৰ ছালেৰে তৈয়াৰী ভিন ভিন সামগ্ৰী, অজগৰৰ ছালেৰে তৈয়াৰী বিভিন্ন সামগ্ৰী আদিবোৰ নিকিনিলেও তাৰ পৰা কিছু সংগ্রহ হ'ব যেন অনুমান হয়।

(৩) মানুহ-বন্যপ্ৰাণীৰ সংঘৰ্ষ (Man Wildlife Conflict) : আমি এতিয়ালৈ জৈৱ-বিচিত্ৰতাৰ সংৰক্ষণ আৰু প্ৰতিবিধৰ বিষয়ে কৈ আহিছো। কেতিয়াবা আমিও যুদ্ধকালীন অৱস্থা এটালৈ আহিব লগাত পৰে, যদিহে বন্যপ্ৰাণীয়ে immense damage অথবা danger to man হয়। সেই সময়ত বন বিভাগে শান্তি স্থাপনত অসুবিধাৰ সন্মুখীন হ'ব লাগে আৰু আক্ৰান্ত গাওঁবাসীয়ে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বাধা দিয়ে।

আমাৰ দেশত মানুহ-জন্তুৰ সংঘৰ্ষৰ ঘটনা বহুতো পোহৰলৈ আহিছে। উৰিষ্যাৰ Sambalpur ত যোৱা ৫ বছৰত ১৯৫ জন মানুহ হাতীয়ে মাৰিছে, তাৰ প্ৰতিশোধত গাঁওবাসীয়ে ৯৮ টা হাতী মাৰিছে আৰু ৩০ টা বেয়াকৈ আঘাতপ্রাপ্ত হৈছে। সীমান্ত অঞ্চল Kote-Chamarjangar এলেকা (Mysore)ত বহুতো তেনেকৈ হাতী হত্যা কৰা কথা গম পোৱা গৈছে। মানুহ-হাতীৰ সংঘৰ্ষ ক্ৰমে বাঢ়ি আহিছে কাৰণ হাতীয়ে খেতিয়কৰ cotton বা কুঁহিয়াৰৰ খেতিৰ বেয়াকৈ অনিষ্ট কৰে। ভুক্তভোগী ভুবাসীয়ে সেয়ে হাতী খেদিবলৈ বিদ্যুৎ ব্যৱহাৰ কৰে আৰু কেতিয়াবা কুঁহিয়াৰ খেতিত ধ্বংসকাৰী পদাৰ্থ লুকুৱাই থয় আৰু হাতী সোমোৱাৰ লগে লগে সেইবোৰৰ বিস্ফোৰণ ঘটে।

আচলতে গাঁওবাসীয়ে হত্যা কৰাতকৈ চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সংখ্যা বেছি। ২০০৪ চনৰ আগভাগত এটা নৰখাদক বাঘে ১৬ জন নেপালী মানুহ আৰু এটা ৪ বছৰীয়া শিশুক Royal Chitwan ৰাষ্ট্ৰীয় উদ্যানত (কাঠমাণ্ডুৰ পৰা ২৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত) মাৰি পেলাইছে। বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে জনাজাত এই উদ্যানত সংৰক্ষণ ব্যবস্থাই মানুহক ভয়াবহ কৰি তুলিছে। বর্তমানে Corbet Duduwa, Palamau, Ronthambore আদি ৰাষ্ট্ৰীয় উদ্যানৰ পৰাও তেনে ধৰণৰ ঘটনা ঘটাৰ বাতৰি আহিছে। ২০০৪ চনত মুম্বাইৰ Powai ত Leopard য়ে দুজন মানুহক হত্যা কৰে। মুম্বাইৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ এটা Leopard য়ে ১৪ জনক হত্যা আৰু ১৯ জনক আহত কৰিছে আৰু এই ঘটনাই স্থানীয় মানুহক আতংকগ্ৰত কৰিছে।


(D) বায়ু প্ৰদূষণৰ কাৰকসমূহ

উত্তৰঃ- মানুহৰ কৃতকৰ্ম আৰু বিভিন্ন প্ৰাকৃতিক কাৰকৰ বাবে ৰাসায়নিক প্ৰদূষণৰ মাত্ৰা অধিক হ'লে বায়ুৰ মূল উপাদানসমূহৰ ক্ষতি হয়, তাকে বায়ু প্ৰদূষণ বুলি কোৱা হয়। আগ্নেয়গিৰিৰ উদ্‌গীৰণ, প্ৰাকৃতিকভাৱে হোৱা বনজুই, জৈৱ আৰু অজৈৱ পদাৰ্থৰ অৱক্ষয় আদিৰ ফলত প্ৰাকৃতিকভাৱে বায়ু প্ৰদূষিত হ'ব পাৰে।

বায়ু প্ৰদূষণ হোৱাৰ কাৰণসমূহঃ- মানুহে সৃষ্টি কৰা বায়ু প্ৰদূষণৰ কাৰণ তিনি ধৰণে আলোচনা কৰিব পাৰি।

(i) স্থিৰ দহন উৎস (Static source combustion) : মানুহে বিভিন্ন কাৰণত ইন্ধনৰ দহন ঘটায়। ইন্ধনৰ দহনে গেছীয় আৰু কণিকা জাতীয় প্ৰদূষকৰ সৃষ্টি কৰে। ইয়াৰ ভিতৰত কয়লা আৰু পেট্ৰ'লিয়াম প্ৰধান। এই দুই প্ৰকাৰ ইন্ধনে যথেষ্ট পৰিমাণে প্ৰদূষণৰ সৃষ্টি কৰে। কাৰ্বনৰ উপৰিও কয়লাত কিছু পৰিমাণে ছালফাৰ, নাইট্ৰ'জেন আৰু কিছুমান অদাহ্য মণিক পদার্থ থাকে। ইন্ধনবোৰৰ দহনৰ ফলত CO, CO2 আৰু আন অক্সাইড উৎপন্ন হৈ বায়ুৰ লগত মিহলি হৈ যায়। ইন্ধনত থকা ছালফাৰৰ জাৰণৰ ফলত SO2 আৰু SO3 উৎপন্ন হয়। SO2 আৰু SO3 পানীত দ্ৰৱীভূত হৈ H2SO3 (ছালফিউৰাছ এচিড) আৰু H2SO4 (ছালফিউৰিক এচিড) উৎপন্ন কৰে। আকৌ ইন্ধনৰ নাইট্ৰ'জেনৰ জাৰণৰ ফলত NO2 আৰু NO উৎপন্ন হয়। পানীত NO2 দ্ৰবীভূত হৈ HNO3 (নাইট্ৰিক এচিড) উৎপন্ন কৰে। বৰষুণৰ পানীত NO2, SO3 দ্ৰবীভূত হৈ এচিড বৰষুণৰ সৃষ্টি কৰে৷

(ii) গতিশীল দহন উৎস (Dynamic combustion sources) : মটৰগাড়ী, ৰে'ল ইঞ্জিন, উৰাজাহাজ ইত্যাদিবোৰ হ'ল গতিশীল দহনৰ প্ৰধান উৎস। এই গাড়ীবোৰৰ ইঞ্জিনত ঘটা দহনৰ ফলত বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত CO (কার্বন মন'ক্সাইড), নাইট্ৰ'জেনৰ অক্সাইড আৰু হাইড্ৰ'কাৰ্বনসমূহ। ইয়াৰ উপৰিও এনে ইঞ্জিনত ব্যৱহাৰ কৰা গেছ'লিনত টেট্ৰাইথাইল [Pb(C2H5)4] ৰ দৰে এণ্টিনক যৌগ মিহলি হৈ থাকে, ইহঁত বিষাক্ত পদার্থ।

(iii) ঔদ্যোগিক প্ৰক্ৰিয়া আৰু অন্যান্য উৎস (Industrial process and other sources) : ৰাসায়নিক উদ্যোগসমূহে বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ সৃষ্টি কৰে। ইয়াৰ ভিতৰত কাৰ্বন মন'ক্সাইড ছালফাৰৰ অক্সাইডসমূহ আৰু বিভিন্ন ধৰণৰ কণিকা জাতীয় প্ৰদূষকেই প্ৰধান। ক্ল'ৰিন আৰু ফ্ল'ৰিনত থকা যৌগবোৰ যেনে— ক্ল'ৰ'ফ্ল'ৰ' মিথেন, শীতল (refrigerant) বা এয়াৰ স্প্ৰে (air-spray) হিচাপে ব্যৱহাৰ কৰা হয়৷ এনে পদাৰ্থবোৰ বায়ুৰ লগত মিহলি হৈ বায়ুমণ্ডলৰ ষ্ট্ৰেট'স্ফিয়াৰত অ'জন ধ্বংস কৰি বেলেগ সমস্যাৰ সৃষ্টি কৰে৷


(E) নবীকৰণযোগ্য শক্তিৰ উৎস

উত্তৰঃ- নবীকৰণযোগ্য বা অপ্ৰচলিত শক্তিৰ উৎস : এই শক্তিৰ উৎসসমূহ প্ৰকৃতিত একেৰাহে সৃষ্টি হৈ থাকে আৰু ই অফুৰন্ত। যেনে— সৌৰ শক্তি, বায়ু শক্তি, জলবিদ্যুৎ শক্তি, ভূ-তাপবিদ্যুৎ শক্তি, সাগৰীয় তাপ শক্তি, জোৱাৰ শক্তি, কাঠ, জৈৱ পচন শক্তি, জৈৱ ইন্ধন, হাইড্ৰ'জেন আদি। এইসমূহ শক্তিক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। এই শক্তিসমূহ অপ্ৰচলিত আৰু শক্তিৰ বিকল্প উৎস।

নবীকৰণ অযোগ্য বা প্ৰচলিত শক্তিৰ উৎস : এই শক্তিৰ উৎসসমূহ প্ৰকৃতিৰ মাজতে আছে, দীর্ঘদিন ধৰি ব্যৱহাৰ কৰি থকা হৈছে আৰু ইয়াৰ উৎস অফুৰন্ত ভাণ্ডাৰ নহয়। যদিহে এবাৰ এই শক্তিৰ ভাণ্ডাৰ শেষ হৈ যায় তেন্তে সহজে সেইসমূহক পূৰণ কৰিব নোৱাৰি। জীৱাশ্ম ইন্ধন (কয়লা, পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ), পাৰমাণৱিক ইন্ধন যেনে ইউৰেনিয়াম, থ'ৰিয়াম আদি হৈছে নবীকৰণ অযোগ্য শক্তিৰ উৎস। মানৱ সমাজৰ শক্তিৰ চাহিদা পূৰণ কৰিবৰ বাবে এইসমূহ প্ৰচলিত শক্তিৰ উৎস হিচাপে ব্যৱহাৰ হৈ আহিছে।


(F) আন্তর্জাতিক গাড়ী চালনাৰ অনুজ্ঞা পত্ৰ

উত্তৰঃ- আন্তঃর্জাতিক ড্ৰাইভিং অনুপতি পত্ৰ (আন্তর্জাতিক গাড়ী চালনাৰ অনুজ্ঞা পত্ৰ) হ'ল কোনো ভাৰতীয় লোকে বিদেশী গাড়ী লাইচেন্স প্ৰাপ্তিৰ বাবে লাভ কৰা অনুমোদন।


(G) সেউজ গৃহ গেছ।

উত্তৰঃ- সেউজ গৃহ গেছসমূহ হ'ল– CO2, CH4, O3, NO আৰু NO2.


3. সংজ্ঞা আৰু পার্থক্য লিখা : (যিকোনো চাৰিটা) (2+1)×4=12

(a) বায়ুমণ্ডল আৰু জীৱমণ্ডল

উত্তৰঃ- বায়ুমণ্ডল:- পৃথিৱীৰ উপৰিভাগৰ কেইবাশ কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা গেছীয় পদার্থৰ আৱৰণটোৱেই বায়ুমণ্ডল। বায়ুমণ্ডলৰ মুখ্য উপাদানসমূহ হৈছে- নাইট্র'জেন আৰু অক্সিজেন। ইয়াৰ উপৰিও কার্বন-ডাই-অক্সাইড, জলীয় ভাপ, আর্গন, নিয়ন আদি গেছসমূহো কিছু পৰিমাণে থাকে।

এইবোৰৰ উপৰিও মিথেন, কার্বন মন'অক্সাইড, নাইট্র'জেন-ডাই-অক্সাইড, অজ'ন ইত্যাদি গেছ অতি কম পৰিমাণে থাকে।

এই গেছবোৰ আমাৰ কাৰণে অতি প্রয়োজনীয়। প্রাণীয়ে বায়ুত থকা অক্সিজেন গ্ৰহণ কৰি জীয়াই থাকে। মাটিৰ ওপৰত থকা আৰু পানীত থকা প্ৰাণীয়েও বায়ুমণ্ডলৰ পৰাই অক্সিজেন আহৰণ কৰে। অক্সিজেন হৈছে প্ৰাণীৰ জীৱনদায়িনী উপাদান। বায়ুত নাইট্র'জেন গেছ সর্বাধিক পৰিমাণে থাকে। প্রাণীৰ কলা গঠনত নাইট্র'জেনে অৰিহণা যোগায়। প্র'টিনযুক্ত খাদ্য প্রস্তুত কৰাৰ বাবেও নাইট্র'জেন উপযুক্ত। আনহাতে কার্বন-ডাই-অক্সাইড গেছ উদ্ভিদৰ বাবে এবিধ অত্যন্ত প্রয়োজনীয় উপাদান। বায়ুত থকা কার্বন-ডাই-অক্সাইড গেছ উদ্ভিদে গ্ৰহণ কৰি সূৰ্যৰ পোহৰত সালোক সংশ্লেষণ প্রক্রিয়া সম্পূর্ণ কৰে আৰু জীয়াই থকাৰ বাবে খাদ্য প্রস্তুত কৰে।

পৃথিৱীৰ সমগ্র বায়ুমণ্ডলক উচ্চতা ভিত্তিত পাঁচটা ভাগত ভাগ কৰা হৈছে। সেয়া হৈছে— টু'পস্ফিয়াৰ, ষ্টেট'ফিয়াৰ, মেছ'স্ফিয়াৰ, আয়ন'স্ফিয়াৰ আৰু থার্ম'স্ফিয়াৰ। ট্ৰপ'স্ফিয়াৰ ভূ-পৃষ্ঠৰ বিষুবীয় অঞ্চলৰ পৰা ১৬ কিলোমিটাৰ আৰু মেৰু অঞ্চলৰ ৮ কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ স্তৰ। এই স্তৰ জীৱ জীয়াই থকাৰ উপযোগী। এই বায়ু গ্ৰহণ কৰি প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকে। টু'পস্ফিয়াৰৰ পিছত থকা বায়ুৰ সৰু স্তৰটোৰ নাম ট্রপ'পজ। এই স্তৰত উষ্ণতাৰ তাৰতম্য ঘটে। এই স্তৰক সমতাপ মণ্ডল বুলিও কোৱা হয়। মেঘহীন এই স্তৰত বায়ু স্থিৰ হৈ থাকে। এই স্তৰ অ'জন গেছেৰে পৰিপূর্ণ। এই স্তৰে সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনীয়া ৰশ্মিৰ অধিকাংশ শুহি লয় আৰু সেই মাৰাত্মক ৰশ্মি পৃথিৱীপৃষ্ঠলৈ অহাত বাধা প্রদান কৰে। বায়ুমণ্ডলত অ'জন স্তৰৰ উপস্থিতিয়েহে পৃথিৱীত প্রাণী আৰু উদ্ভিদ স্বচ্ছন্দে জীয়াই থকাৰ উপযোগী হৈছে।

    জীবমণ্ডল:- মাটি, পানী আৰু বায়ুক সামৰি পৃথিৱীৰ যি অংশত জীৱ থাকে তাক জীৱমণ্ডল বোলে। পৃথিৱীৰ পৰিবেশৰ লগত জীৱমণ্ডলৰ সম্পর্ক ওতপ্রোত। জীৱমণ্ডলত ক্ষুদ্রাতিক্ষুদ্র বেক্টেৰিয়াৰ পৰা প্ৰকাণ্ড হাতীলৈকে বিভিন্ন প্রজাতিৰ জীৱ-জন্তু, চৰাই-চিৰিকটি আছে। এই জীৱমণ্ডলে নিজৰ প্রয়োজন মতে জৈৱিক পৰিবেশ ৰচনা কৰি লয়। মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱাৰ লগে লগে প্রকৃতি ৰাজ্যত অবাধ লুণ্ঠন আৰম্ভ হৈছে। মানুহে নিজৰ প্রয়োজনৰ বাবে প্ৰকৃতিৰ পশু-পক্ষী, গছ-বন ধ্বংস কৰে। কিন্তু তেনে কৰিলে পৰিবেশৰ ভাৰসাম্য অটুট নাথাকে। পৰিবেশ সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য।

(b) উপভোক্তা আৰু বিয়োজক

উত্তৰঃ- উপভোক্তা:- ভোক্তাসমূহ পৰপোষী (Heterotrophic) জীৱ। ইহঁতৰ বেছিভাগেই প্রাণী আৰু ইহঁতে আন জীৱ বা সেই জীৱবিলাকে সংশ্লেষণ কৰা জৈৱিক পদার্থ ভক্ষণ কৰি জীয়াই থাকে। খাদ্যাভাসৰ (Feeding habit) ওপৰত নিৰ্ভৰ কৰি উপভোক্তা প্রাণীসমূহ দুটা ভাগত ভগাব পাৰি। সেই ভাগ দুটা হ'ল— তৃণভোজী, আৰু মাংসভোজী।

তৃণভোজী প্রাণীসমুহে উৎপাদক গোষ্ঠীসমূহৰ পৰা প্রত্যক্ষভাৱে খাদ্য আহৰণ কৰে। জলজ পৰিবেশতন্ত্রত এই তৃণভোজী প্রাণীসমুহ দুই ধৰণৰ- প্ৰাণী প্লৱক (Zooplankton) আৰু পানীৰ তলিত বাস কৰা প্রাণীসমূহ। এই পৰিবেশৰ মুখ্য পোষক প্রাণীসমুহ হ'ল- আদ্যপ্রাণী, শামুকজাতীয় প্রাণীসমুহ, মাছ ইত্যাদি বিলাকে উৎপাদকসমূহ ভক্ষণ কৰে। আনহাতে স্থলভাগৰ পৰিবেশতন্ত্রৰ মুখ্য পোষকবিলাক হৈছে বিভিন্ন তৃণভোজী জন্তুসমুহ, পতংগ ইত্যাদি। আনহাতে মাংসভোজী প্রাণীসমুহে মুখ্য পোষক প্রাণীসমুহক ভক্ষণ কৰে আৰু সিহঁতৰ দেহটোক খাদ্য হিচাপে ব্যৱহাৰ কৰে। ইহঁতক গৌণ পোষক বোলে। এই গৌণ পোষকবোৰক তৃতীয় এক শ্ৰেণীৰ প্রাণীয়ে খাদ্য হিচাপে ভক্ষণ কৰিব পাৰে। আনহাতে মানুহৰ নিচিনা কিছুমান সর্বভঙ্গী প্রাণীয়ে গোটেই শ্ৰেণীৰ ভূমিকা ল'ব পাৰে। কিয়নো ইহঁতে মাংসভোজী, তৃণভোজী উভয় জীৱকে ভক্ষণ কৰাৰ উপৰিও উদ্ভিদজাত সামগ্রীবোৰো ভক্ষণ কৰে।

বিয়োজক:- এই জীৱসমূহে উৎপাদক আৰু পোষক শ্ৰেণীৰ প্রাণীসমূহৰ মৃত শৰীৰৰ বিভিন্ন জটিল যৌগসমূহ ভাঙি পেলাই কিছু অংশ সৰল উপাদান হিচাপে উৎপাদক শ্ৰেণীৰ বাবে গ্রহণযোগ্য কৰি তোলে। লগতে নিজৰ পুষ্টি আহৰণ কৰে। বিভিন্ন বেক্টেৰিয়া, ভেঁকুৰ আদি এই বিয়োজক শ্ৰেণীৰ জীৱ।

পুখুৰীৰ পানীত আৰু তলিত থকা বোকাত নানা ধৰণৰ বিয়োজক (বেক্টেৰিয়া, ভেঁকুৰ) যথেষ্ট পৰিমাণে থাকে। পুখুৰীত থকা উৎপাদক আৰু উপভোক্তাবিলাকৰ মৃত্যুৰ পাছত বিয়োজকবোৰে সিহঁতৰ দেহ পচন ঘটাই তাৰ পৰা খাদ্য সংগ্রহ কৰে৷

এটা পৰিস্থিতিতন্ত্রত ওপৰৰ সকলো জৈৱিক কাৰকেই বৰ্তি থাকে। কেতিয়াবা কেতিয়াবা কেতবোৰত মৌলিক উৎপাদক প্রবল (যেনে- অৰণ্যত কৃষি পৰিস্থিতিতন্ত্র)। আনহাতে আন কেতবোৰৰ বিয়োজক প্রবল (সাগৰৰ তলিত)।


(c) প্ৰদূষক আৰু প্ৰদূষণ

উত্তৰঃ- পৰিবেশৰ মূল উপাদানসমূহ দূষিত হোৱাকে পৰিবেশ প্ৰদূষণ বোলা হয়। পৰিবেশ প্ৰদূষণ আধুনিক যুগৰ এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে। পৰিবেশ প্ৰদূষণে পৰিবেশৰ মূল উপাদান বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটাইছে। ফলস্বৰূপে জৈৱ-বৈচিত্র্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। স্বার্থপৰ মানুহে নিজৰ অভাৱ পূৰণৰ বাবে পৰিবেশৰ মূল উপাদান বায়ু, পানী, মাটি, প্ৰাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্র্যৰ অনিষ্ট সাধন কৰিছে। উন্নয়নশীল দেশসমূহে উন্নতিৰ শিখৰত উঠাৰ তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ প্ৰাকৃতিক সম্পদ লুণ্ঠনত ব্ৰতী হৈছে। ফলত সমগ্ৰ পৃথিৱীখনকে পৰিবেশ প্ৰদূষণৰ সমস্যাই আগুৰি ধৰা দেখা গৈছে।

বিভিন্ন প্ৰকাৰৰ প্ৰদূষণসমূহ হ'ল—

(১) পৰিবেশ অনুসৰি- যেতিয়া পৰিবেশৰ বিভিন্ন অংশ প্ৰদুষণত আক্ৰান্ত হয়। তেতিয়া সেইবোৰক এইদৰে ভাগ কৰিব পাৰি-

(a) বায়ু প্ৰদূষণ। 

(b) ভূমি প্ৰদূষণ 

(c) জল প্ৰদূষণ 

(২) প্ৰদূষক অনুসৰি – প্ৰদূষক অনুসৰি প্ৰদূষণ নিয়োক্ত প্ৰকাৰৰ হ'ব পাৰে– 

(a) তাপ প্ৰদূষণ (b) শব্দ প্ৰদূষণ 

(c) তৈল প্ৰদূষণ 

(d) ঔদ্যোগিক প্ৰদূষণ 

(e) তেজস্ক্ৰিয় প্ৰদূষণ 

(f) গোটা আবর্জনাৰ প্ৰদূষণ 

(g) সাগৰীয় প্ৰদূষণ 


(d) আন্তঃগাঁথনিমূলক কাৰক আৰু যান্ত্ৰিক কাৰক

উত্তৰঃ- (ক) আন্তঃগাথনিজনিত কাৰণ  : বেয়া আন্তঃগাথনি যেনে অশুদ্ধ ইঞ্জিনীয়িৰিংৰ ৰাস্তা-পথ, বেয়া পথৰ অৱস্থা আদি উল্লেখ কৰিব পাৰি।

(খ) কাৰিকৰী কাৰক বা যান্ত্ৰিক কাৰক : কাৰিকৰী কাৰকৰ ভিতৰত বেয়া অৱস্থাৰ গাড়ী চলোৱা, গাড়ীৰ যান্ত্ৰিক বিজুতি আদি প্ৰধান।


(e) পথ ৰেখাঙ্কন আৰু জেব্ৰা ক্ৰছিং

উত্তৰঃ- পথ চিহ্ন (পথ ৰেখাঙ্কন) হ'ল সেইসমূহ চিহ্ন যিসমূহৰ দ্বাৰা পথত আৰু পথৰ কাষৰ পথযাত্ৰী, চাইকেল যাত্ৰী, মটৰ গাড়ীৰ চালক আদিক পথৰ আগৰ অৱস্থাৰ বিষয়ে অৱগত কৰায়।

    জেব্ৰা ক্ৰছিংঃ- পথত পদযাত্ৰী ইপাৰ সিপাৰ হ'বৰ বাবে এক নিৰ্দ্দিষ্ট ঠাইৰ ব্যৱস্থা কৰে। সেই ঠাইত আচ আচ জেব্ৰা জন্তুটোৰ গাৰ দৰে ৰং দি পদযাত্ৰীৰ বাবে ব্যৱস্থা কৰে। সেইয়ে জেব্ৰা ক্ৰচিং হ'ল পদযাত্ৰীয়ে পথটোৰে পাৰ হ'বৰ বাবে কৰা প্ৰণালী ব্যৱস্থা।


(f) গোলকীয় উষ্ণায়ন আৰু জলবায়ু পৰিবৰ্তন

উত্তৰঃ- গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি : সেউজ গৃহ প্ৰভাৱৰ বাবে ভূ-পৃষ্ঠৰ গড় উষ্ণতা প্ৰায় ১৫° ছেণ্টিগ্ৰেড হৈ আছে আৰু এই উষ্ণতাত পৃথিৱীখন বিভিন্ন ধৰণৰ জীৱৰ বাবে অনুকূল। কিন্তু যদিহে সেউজ গৃহ গেছসমূহে এই কাম নকৰে তেন্তে পৃথিৱীৰ অধিক পৰিমাণৰ তাপ পুনৰ আঁতৰি যাব। ইয়াৰ ফলত পৃথিৱীখন শীতল হৈ পৰিব আৰু ইয়াৰ পৰিবেশ হৈ পৰিব জীৱ জীয়াই থাকিব নোৱৰা। বায়ুমণ্ডলত থকা সেউজ গৃহ গেছসমুহে আমাৰ গ্ৰহটোক উষ্ণ কৰি ৰখা বাবে ইয়াত মানুহ আৰু অন্যান্য জীৱসমূহে বৰ্তি থাকিব পাৰিছে। কিন্তু মানুহৰ কার্যকলাপৰ লগতে বিভিন্ন প্ৰাকৃতিক কাৰণত যোৱা দশককেইটাত সেউজ গৃহ গেছৰ গাঢ়তা বৃদ্ধি পাইছে। বিজ্ঞানীসকলে নির্ণয় কৰিছে যে যোৱা শতিকাৰ প্ৰথম ভাগৰ পৰা এতিয়ালৈকে থিৱীৰ গড় উষ্ণতা ০.৩-০.৬২ ছেণ্টিগ্ৰেড বৃদ্ধি পাইছে। ১৫০ বছৰ পূর্বে আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱৰ পৰা মানুহৰ বিভিন্ন কার্যকলাপে বয়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে। ১৭৫০ আৰু ২০০০ চনৰ ভিতৰত কার্বন ডাই-অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ বায়ুমণ্ডলীয় গাঢ়তা যথাক্ৰমে ৩১%, ১৭১% আৰু ১৭% বৃদ্ধি পাইছে (আই পি চি চি, ২০০১)। সেউজ গৃহ গেছসমূহে এখন আৱৰণীৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা এই পৰিঘটনাটোকেই বোলা হৈছে গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি।

ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি বর্তমান সমগ্ৰ মানৱ জাতিৰ বাবেই প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। ইয়াৰ প্ৰধান ফলাফলসমূহ-

(a) ভূ-পৃষ্ঠৰ গড় উষ্ণতা 15 ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণ হৈ থাকে। এই উষ্ণতা জীৱজগতৰ বাবে অনকূল।

(b) জলবায়ুৰ পৰিৱৰ্তন হ'ব। ইয়াৰ ফলত ঠায়ে ঠায়ে বৃষ্টিপাত আৰু তুষাৰপাত অনিয়মীয়া হ'ব। ইয়াৰ উপৰিও বানপানী হৈ কৃষিভিত্তিক অর্থনীতি দুর্বল হ'ব।

(c) গৱেষণাৰ পৰা দেখা গৈছে যে মেৰু অঞ্চলত প্ৰভাৱ বেছিকৈ পৰি ইয়াৰ বৰফবোৰ গলিব (অহা ৩০ ৰ পৰা ৪০ বছৰৰ ভিতৰত)। ইয়াৰ ফলত নিম্নভূমি দেশবোৰ জলমগ্ন হ'ব। সাগৰীয় পানী বিয়পি পৰি আন পানীৰ উৎসবোৰ নিমখীয়া হ'ব।

(d) সাগৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ বাবে বা-মাৰলি, ঘূৰ্ণীবতাহ আদি সঘনাই হ'ব। 

(e) সাগৰীয় উপকূলীয় অঞ্চলৰ প্ৰকৃতিৰ পৰিৱৰ্তন হ'ব। 

(f) উষ্ণতা আৰু জলবায়ুৰ পৰিৱর্তনে পাৰিপাৰ্শ্বিক ভাৰসাম্য বিনষ্ট কৰিব। লগে লগে জৈৱ-বৈচিত্র্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব।

(g) মানৱ স্বাস্থ্যৰ অৱনতি ঘটিব। উষ্ণ পৰিবেশত বহুতো বীজাণুৱে বংশবৃদ্ধি খৰতকীয়া কৰিব আৰু নতুন নতুন ৰোগৰ বৃদ্ধি হ'ব।


4. তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া : (যিকোনো দুটা) 5x2 = 10

(a) পানী প্ৰদূষকসমূহ কি কি? এইবোৰ বৰ্ণনা কৰা।

উত্তৰঃ- পানীৰ প্ৰদূষণৰ উৎসঃ-

(a) সমূহীয়া পেলনীয়া পানী (Community Waste Water) : মানুহৰ বাসস্থান, কার্যালয়, হোটেল, ৰেষ্টোঁৰা আদিৰ পৰা পেলনীয়া পানীবোৰ নলা-নর্দমাৰে গৈ হ্ৰদ, বিল নদী আদিত পৰি পানী প্ৰদুষিত কৰে। এনে আৱৰ্জনাময় পানীত নানা প্ৰকাৰৰ ৰোগৰ বীজাণ, অপমাৰ্জক, আন জৈৱিক প্ৰদুষক আদি মিহলি হৈ থাকে।

(b) ঔদ্যোগিক পেলনীয়া পানী (Industrial Waste Water) : উদ্যোগসমূহত সৃষ্টি হোৱা বিভিন্ন পেলনীয়া বস্তুবোৰ পেলনীয়া পানীৰ সৈতে নলা-নর্দমাৰে বাহিৰ হৈ আছে। এনে পানীত জৈৱিক আৰু অজৈৱিক দুয়ো প্ৰকাৰৰ প্ৰদুষক মিহলি হয় আৰু ইহঁতে পানীৰ স্বাভাৱিক গুণ নষ্ট কৰে।

    (c) কৃষিজাত উৎস (Agricultural Sources) : শস্যৰ উৎপাদন বঢ়াবলৈ আৰু শস্যৰ ৰক্ষণাবেক্ষণৰ কাৰণে নানাবিধ ৰাসায়নিক সাৰ, কীটনাশক, বননাশক আদি ব্যৱহাৰ কৰা হয়। এই পদার্থবোৰৰ অৱশিষ্ট অংশ পানীৰ সোঁতত উটি গৈ জলাশয়, নদী আদিত পৰি সেইবোৰৰ পানী প্ৰদূষিত কৰিব পাৰে।


(b) স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব বর্ণনা কৰা।

উত্তৰঃ- বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্য হৈছে মানুহ শাৰীৰিক, মানসিক আৰু সামাজিক কল্যাণৰ এটা পূর্ণ অৱস্থা। কেৱল ৰোগমুক্ত আৰু সুস্থ অৱস্থাটোকেই স্বাস্থ্য বুলিব নোৱাৰি। নিজৰ পৰিবেশৰ পৰাই মানুহৰ স্বাস্থ্য প্ৰভাৱিত হয়। পৰিপুষ্টি, ৰাসায়নিক, ভৌতিক, জীৱবৈজ্ঞানিক, মানসিক, শোচনীয় জীৱন-ধাৰণৰ অৱস্থা আদি সকলোৰে মাজত আন্তঃসম্পর্ক আছে। খোৱা পানীৰ যোগান স্বাস্থ্যৰ বাবে অপৰিহার্য। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় নীতি নির্ধাৰণৰ বিভিন্ন মঞ্চত দীর্ঘদিন ধৰি পানী, অনাময় আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব প্ৰতিফলিত হৈছে।

টাইফয়দ, কলেৰা, হেপাটাইটিছ, পলিঅ', গেষ্ট্ৰো-এণ্টাৰাইটিছ, এমিবিয়াছিছ, জিয়াৰয়াছিছ আদিকে ধৰি ভাৰতৰ ৮০ শতাংশতকৈ বেছি ভাগ ৰোগ হৈছে পানীৰ পৰা হোৱা ৰোগ। পানীৰ পৰা আটাইতকৈ বেছিকৈ দেখা দিয়া আৰু বেছি মানুহক আক্ৰমণ কৰা বেমাৰ হৈছে অণুজীৱৰ সংক্ৰমণ। বহু বিষাক্ত ৰাসায়নিক দ্ৰব্য, কীটনাশক দ্ৰব্য, গধুৰ মৌল (পাৰা, কেডমিয়াম, সীহ আদি) বিভিন্ন ধৰণে পানী আৰু মাটিত মিহলি হয়। এই দ্ৰব্যসমূহ খাদ্যশৃংখলৰ মাজেৰে মূৰকত মানুহৰ শৰীৰলৈ আহে আৰু শৰীৰত বিৰূপ প্ৰভাৱ পেলায়।

আকৌ বিভিন্ন উদ্যোগ আৰু পৰিবহণ ব্যৱস্থাই বায়ুমণ্ডলত বিভিন্ন গেছ এৰি দিয়ে। ইয়াৰে কিছুমান গেছে (যেনে- ছালফাৰ ডাই অক্সাইড, কার্বন মন'ক্সাইড, নাইট্ৰাছ অক্সাইড, হাইড্ৰ'কার্বন আৰু বতাহত ওপঙি ফুৰা ধূলিকণা) বিভিন্ন পর্যায়ত বিভিন্ন ধৰণে স্বাস্থ্যৰ ক্ষতি কৰে। গোটা আৱৰ্জনাই বায়ু, পানী আৰু মাটিৰ গুণাগুণ নষ্ট কৰে। ইয়াৰ পৰা স্বাস্থ্য আৰু পৰিবেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। কেতিয়াবা শোচনীয় লেতেৰা অৱস্থাৰ মাজত থকা ঘৰ-বাৰীয়েও স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰে। সাধাৰণতে নগৰাঞ্চলৰ বস্তিৰ বাসিন্দাসকলৰ মাজত এনে অৱস্থা দেখা যায়। নিৰক্ষৰতা, নিজৰ স্বাস্থ্য আৰু পৰিবেশ সম্পর্কে সজাগতাৰ অভাৱ, দৰিদ্ৰতা, পৰিয়ালৰ বৃহৎ আকাৰ, শোচনীয় নলা-নর্দমা আৰু অনাময় ব্যৱস্থা আৰু উপযুক্ত চিকিৎসাৰ সুবিধাৰ অভাৱ হৈছে মানুহৰ স্বাস্থ্যৰ শোচনীয় অৱস্থাৰ কাৰণ। 


(c) দুর্যোগ ব্যৱস্থাপনাত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা লিখা ।

উত্তৰঃ- 


(d) ৰাষ্ট্ৰীয় সংৰক্ষণ কৌশল সম্পর্কে লিখা ।

উত্তৰঃ- ৰাষ্ট্ৰীয় সংৰক্ষণ কৌশলৰ সম্পর্কে তলত আলোচনা কৰা হ'ল-

    (ক) বহিঃ সংৰক্ষণ :- বহিঃ সংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণীক সিহঁতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আন কোনো স্থানত কৰা সংৰক্ষণ। এয়া কোনে প্রাণী উদ্যান আৰু উদ্ভিদ উদ্যান বা বন প্রতিষ্ঠান আৰু কৃষি গৱেষণা কেন্দ্র হ'ব পাৰে। শস্য, জীৱ-জন্তু, চৰাই, আৰু মৎস্য প্রজাতিৰ জিনীয় পদার্থ সংগ্রহ আৰু সংৰক্ষণৰ বাবে বহু প্রচেষ্টা হাতত লোৱা হৈছে। নেশ্বনেল ব্যুৰ' অৱ প্লেন্ট জেনেটিক ৰিছাৰ্চ, নেশ্বনেল ব্যুৰ' অৱ এনিমেল জেনেটিক ৰিছাৰ্চ আদি বিভিন্ন সংস্থাৰ জৰিয়তে এই কাম কৰা হৈছে।

(খ) অন্তঃসংৰক্ষণ:- অন্তঃ সংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সেইসমূহৰ প্রাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ, অর্থাৎ নিজা আৱাসস্থলতে কৰা সংৰক্ষণ। যেনে- বায়'স্ফিয়েৰ ৰিজার্ভ, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদি। ভাৰতত এনে সংৰক্ষণৰ এটা দীঘলীয়া পৰম্পৰা আছে। সমগ্ৰ দেশত কিছুমান সংৰক্ষিত এলেকাৰ এখন জাল গঢ়ি এই সংৰক্ষণৰ কাম কৰি অহা হৈছে। এতিয়া ভাৰতত ৫৩৩ খনতকৈ অধিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে। এই সংৰক্ষিত এলেকা হৈছে দেশৰ মুঠ ভূ-খণ্ডৰ ৪.৩ শতাংশ। এনে ব্যৱস্থাই জীৱৰ বাসস্থান আৰু সেই ঠাইসমূহৰ জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণত সহায় কৰিছে। কিছুমান প্ৰজাতিৰ সংৰক্ষণৰ বাবে বিশেষ সংৰক্ষণ প্রচেষ্টাৰ প্ৰয়োজন বুলি চিহ্নিত হোৱাত বিশেষ প্ৰকল্প কিছুমানো আৰম্ভ কৰা হৈছে। অসমত এতিয়া ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ২২ খন বন্যপ্রাণী অভয়াৰণ্য আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ জৰিয়তে এছীয় গঁড়ক সংৰক্ষণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দলহৰিণ, খটীয়া পহু আৰু হাতীৰো বাসস্থান। মানাহ বায়'স্ফিয়াৰ ৰিজাৰ্ভ সোণালী বান্দৰ আৰু নলগাহৰিৰ বিচৰণভূমি।

Previous
Next Post »