-->

Environment chapter 7 পথ সুৰক্ষা । Road Safety

 Environment chapter 7 Road Safety
একাদশ শ্ৰেণী পৰিবেশ - অধ্যায়ঃ ৭ পথ সুৰক্ষা


1. কেতিয়াৰ পৰা ভাৰতত "National Road Safety Policy" গ্ৰহণ কৰা হৈছে।

উত্তৰঃ- ২০০৫ চনৰ পৰা।


2. Road Safety week কোন চনৰ পৰা ভাৰতত আৰম্ভ কৰা হৈছিল?

উত্তৰঃ- ১৯৮৯ চনৰ পৰা।


3. "Decade of Action on Road Safety 2011-2020” কোন চনৰ কোন তাৰিখত আৰম্ভ কৰা হৈছিল?

উত্তৰঃ- ২০১১ চনৰ ১১ মে'ৰ দিনা৷


4. বিশ্ব স্বাস্থ্য সংগঠনৰ মতে পথ দুৰ্ঘটনাত বিশ্বত নিহত হোৱা লোকৰ সংখ্যা কিমান?

উত্তৰঃ- ১.৫ মিলিয়ন।


5. আন্তঃর্জাতিক ড্ৰাইভিং অনুমতি পত্ৰৰ ম্যাদ কিমান?

উত্তৰঃ- এবছৰ।


6. আন্তঃর্জাতিক ড্ৰাইভিং অনুমতি পত্ৰ কি?

উত্তৰঃ- আন্তঃর্জাতিক ড্ৰাইভিং অনুপতি পত্ৰ হ'ল কোনো ভাৰতীয় লোকে বিদেশী গাড়ী লাইচেন্স প্ৰাপ্তিৰ বাবে লাভ কৰা অনুমোদন।


7. অসমৰ ক্ষেত্ৰত ড্ৰাইভিং লাইচেন্স কোন কৰ্তৃপক্ষৰ পৰা লাভ কৰিব লাগে?

উত্তৰঃ- জিলা পৰিবহন বিষয়াৰ (পৰিবহন বিভাগ)ৰ পৰা৷


8. হেলমেট কি আৰু ইয়াক কিয় ব্যৱহাৰ কৰা হয়?

উত্তৰঃ- হেলমেট হ'ল দুচকীয়া বাহন চলোৱা চালকে মূৰৰ সুৰক্ষাৰ হেতু পৰিধান কৰা এবিধ বিশেষ টুপী বা টকয়া।


9. কিমান দিনৰ অন্তৰে অন্তৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰীক্ষা কৰাটো বাধ্যতামূলক?

উত্তৰঃ- ছমাহৰ মূৰে মূৰে।


10. যান-বাহন চলাবলৈ শিকি থকা সময়ত শিকাৰুৱে গাড়ীত কি আখৰ কি ৰঙত লগাব লাগে?

উত্তৰঃ- L আখৰটো বগাত 'ৰঙা' ৰঙত লগাব লাগে।


11. Motor Vehicle Act 1988 কোনখন আইনৰ কোন 129 ধাৰামতে বাইক চালকে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক।

উত্তৰঃ- -- ধাৰামতে।


12. জলবায়ু বেয়াৰ বাবে সংঘটিত হোৱা পথ দুৰ্ঘটনাত কোনো কাৰণত সন্নিবিষ্ট কৰা হয়-

(ক) মানৱ জনিত

(খ) আন্তঃগাথনি

(গ) কাৰিকৰী

(ঘ) পৰিবেশ

উত্তৰঃ- (ঘ) পৰিবেশ।


13. মানৱজনিত কাৰণত সাধাৰণতে কিমান শতাংশ পথ দুর্ঘটনা সঘটিত হয়?

(ক) ৮০%

(খ) ৮৫%

(গ) ৯০%

(ঘ) ৯৫%

উত্তৰঃ- (খ) ৮৫%


14. লেন ছেপাৰেটৰ কি?

উত্তৰঃ- ৰাস্তাত বিভিন্ন গাড়ী পৃথক পৃথক লাইনত যাবৰ বাবে দীঘল আচ মাৰি ব্যৱস্থা কৰে। তাকে লেন ছেপাৰেটৰ বোলা হয়।


15. হোৱাইট ব্ৰকেন লাইন কি?

উত্তৰঃ- হোৱাইচ ব্ৰকেন লাইন হ'ল খণ্ড খণ্ডকৈ বগা ৰঙৰ দীঘল দীঘল ৰাস্তাত দিয়া লাইন, যাৰ আগন্তুক ট্ৰেফিকক অগ্ৰাধিকাৰ দিব লাগে৷ 


16. পথ চিহ্ন (পথ ৰেখাঙ্কন) কি?

উত্তৰঃ- পথ চিহ্ন (পথ ৰেখাঙ্কন) হ'ল সেইসমূহ চিহ্ন যিসমূহৰ দ্বাৰা পথত আৰু পথৰ কাষৰ পথযাত্ৰী, চাইকেল যাত্ৰী, মটৰ গাড়ীৰ চালক আদিক পথৰ আগৰ অৱস্থাৰ বিষয়ে অৱগত কৰায়।


17. পথ সুৰক্ষা বুলিলে কি বুজা?

উত্তৰঃ- পথ সুৰক্ষা হ'ল যান-বাহনৰ চালক আৰু পথযাত্ৰীৰে ৰাস্তাত গৈ থকা অৱস্থাত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ল'ব লগা সাৱধানতা সমূহ।


18. জেব্ৰা ক্ৰচিং কি?

উত্তৰঃ- পথত পদযাত্ৰী ইপাৰ সিপাৰ হ'বৰ বাবে এক নিৰ্দ্দিষ্ট ঠাইৰ ব্যৱস্থা কৰে। সেই ঠাইত আচ আচ জেব্ৰা জন্তুটোৰ গাৰ দৰে ৰং দি পদযাত্ৰীৰ বাবে ব্যৱস্থা কৰে। সেইয়ে জেব্ৰা ক্ৰচিং হ'ল পদযাত্ৰীয়ে পথটোৰে পাৰ হ'বৰ বাবে কৰা প্ৰণালী ব্যৱস্থা।


19. ষ্টপ লাইন বা বগা লাইন কি?

উত্তৰঃ- ৰাস্তাত বগা ৰঙৰ দীঘল আচ দিয়া থাকিলে তাক ষ্টপ লাইন বা বগা লাইন বোলা হয়। এই লাইনৰ দ্বাৰা বুজোৱা হয় যে ৰাস্তাত গৈ থকা গাড়ী বা যাত্ৰীয়ে এই লাইনৰ আগতে সংকেত দিলে ৰৈ যাব লাগে।


20. ছীট বেল্ট বুলিলে কি বুজা?

উত্তৰঃ- ছীট বেল্ট হ'ল- লঘু চাৰিচকীয়া গাড়ীত চালক আৰু যাত্ৰীয়ে ছীটৰ লগত সংযুক্ত থকা এডাল বেল্ট। গাড়ী চলা সময়ত এই বেল্টডাল পৰিধান কৰিলে দ্ৰুতগতিত গাড়ীত গাড়ী চলালেও অথবা দুৰ্ঘটনা হ'লেও ছীটৰ পৰা চালক বা যাত্ৰীসকল আতৰি নাযায়।


21. অ-পৰিবহন (ব্যক্তিগত) যান-বাহনৰ ক্ষেত্ৰত কি কি দলিল ৰখা উচিত? 

উত্তৰঃ- অ-পৰিবহন (ব্যক্তিগত) যান-বাহনৰ ক্ষেত্ৰত তলত উল্লেখ কৰা দলিলসমূহ ৰখা উচিত-

(ক) পঞ্জীয়ন প্ৰমাণ পত্ৰ।

(খ) বীমা প্ৰমাণ পত্ৰ।

(গ) প্ৰদূষণমুক্ত প্ৰমাণ পত্ৰ।

(ঘ) ড্ৰাইভিং লাইচেন্স।


22. Motor Vehicles Act 1988ত মদ্যপান কৰা চালকৰ সম্পৰ্কে কি উল্লেখ কৰিছে?

উত্তৰঃ- Motor Vehicles Act 1988 ৰ মতে গাড়ীচালকৰ তেজ পৰীক্ষা কৰিলে যদি প্ৰতি ১০০ মিলিগ্ৰাম তেজত ৩০ মিলিগ্ৰাম বা ততোধিক' মদ পোৱা হায় তেন্তে সেই চালকক উক্ত আইনৰ 185 ধাৰাৰ অধীনত ২০০০ টকা জৰিমনা বা কাৰাদণ্ড বা দুয়োটাই শাস্তি প্ৰদান কৰা হয়।


23. দুৰ্ঘটনাত চালকে কি কৰা উচিত?

উত্তৰঃ- দুৰ্ঘটনা হ'লে চালকে লগে লগে আগত যানখন ৰখোৱা উচিত। যদি কোনো ব্যক্তি দুৰ্ঘটনাৰ দ্বাৰা আহত হৈছে তেন্তে চালকে তাৎকালীনভাৱে চিকিৎসাৰ হেতু ব্যৱস্থা গ্ৰহণ কৰা উচিত। তদুপৰি যিমান পাৰি ২৪ ঘণ্টাৰ ভিতৰত ওচৰৰ পুলিচ থানাত দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰাব লাগে আৰু সেইদৰে বীমা কোম্পানীকো সেই বিষয়ে জনোৱা উচিত।


24. আসন বেল্ট বা ছীট বেল্টৰ ওপৰত এটি চমুটোকা লিখা। 

উত্তৰঃ- যেতিয়া চাৰিচকীয়া বাহনসমূহ দ্ৰুতগতিত গৈ থাকে তেতিয়া যদি কোনো কাৰণত দুৰ্ঘটনা হ'লে চালকে নিজৰ আসনৰ পৰা স্থানচ্যুত নহয় তাৰ বাবে চালকে আসনৰ লগত সংযুক্ত এডাল বেল্ট পিন্ধিব ল'ব লাগে। এই বেল্টডাল পৰিধান কৰিলে অতি দ্ৰুত গতিত গৈ থাকিলেও চালকজন নিজৰ আসনৰ লগত সংযুক্ত কৰি ৰাখি থয়। তদুপৰি একেধৰণৰ বেল্ট চালকৰ উপৰিও যাত্ৰীয়েও ব্যৱহাৰ কৰিব পাৰে। ছীট বেল্ট পৰিধান নকৰাটো Motor Vehicles Act 1988 ৰ 177 ধাৰা মতে, যাত্ৰী আৰু চালকৰ বাবে এক শাস্তিযোগ্য অপৰাধ। 


25. পথ সুৰক্ষাৰ বাবে থকা ৫টা যান-বাহনৰ নিয়ম উল্লেখ কৰা। 

উত্তৰঃ- পথ সুৰক্ষাৰ বাবে থকা ৫টা যান-বাহনৰ নিয়ম হ'ল-

(ক) যান-বাহন সদায় পথৰ বাওঁহাতে ৰাখিব আৰু অন্য যান-বাহন সমূহ পথৰ সোঁহাতে যাব দিব।

(খ) সোঁহাতে কোনো যান-বাহন ঘুৰাব হ'লে সদায় পথৰ মাজৰ পৰা ঘুৰাব আৰু পাছত থকা যান-বাহনক বাওঁহাতে পাৰ হ'বলৈ দিব।

(গ) অন্য যান-বাহনক সদায় সোঁহাতে পাৰ হ'ব দিব।

(ঘ) সঠিক সংকেত নাপালে যান-বাহনেৰে তিনিআলি বা চাৰি আলি পাৰ নহ'ব।


26. ২০১১ চনত বিশ্বব্যাপী গ্ৰহণ কৰা "পথ সুৰক্ষা আচনি" খনৰ নাম কি? সংক্ষিপ্তভাৱে লিখা৷

উত্তৰঃ- ২০১১ চনত বিশ্বব্যাপী গ্ৰহণ কৰা পথ সুৰক্ষা আইন খন হ'ল- "Decade of Action on Road Safety 2011" এই আইনখন ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ২০১১ চনৰ মে'ত অনুমোদন লৈ প্ৰৱৰ্তন কৰা হয়। পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লগতে পথ দুৰ্ঘটনাত যদি জীৱন নাশ হয় তাৰো ক্ষতিপূৰণ দিয়া ব্যৱস্থা এই আইনত সন্নিৱিষ্ট কৰা হয়। এই ক্ষেত্ৰত তৎকালীন সেৱা বৃদ্ধি, সুৰক্ষিত পথ নির্মাণ ব্যৱস্থাপনা, হেলমেট, ছীট বেল্ট, মদ্যপান বিষয় আদিৰ ওপৰত আইনগত প্ৰণালী উন্নতিকৰণ আদি এই আইনৰ অন্তভুক্ত কৰা হয়।


27. মটৰগাড়ী আইন পাচ খন নাম লিখা।

উত্তৰঃ- মটৰ গাড়ী আইন পাচখন হ'ল-

(ক) Motor vehicle Act 1988.

(খ) Central Motor Vehicles Rules 1989.

(গ) Assam Motor Vehicles Rules 2003.

(ঘ) Assam Motor Vehicles Taxation Act, 1936.

(ঙ) Assam Motor Vehicles Taxation Rules 1936.


28. আমাৰ দেশৰ পৰা কেনেধৰণৰ লাইচেন্স লাভ কৰি বিদেশত গাড়ী চলাব পাৰি? আবেদনৰ পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ- Motor Vehicles Act 1988 চনৰ অধীনত আন্তৰ্জাতিক ড্ৰাইভিং অনুমতি পত্ৰ পালেহে ভাৰতীয় লোক এজনে বিদেশত গাড়ী চলাব পাৰে। এই অনুমতিপত্ৰৰ বাবে আবেদন কৰিবলৈ তলত উল্লেখ কৰা দলিল সহ নির্দিষ্ট আবেদন পত্ৰ পূৰণ কৰি দাখিল কৰিব লাগিব-

(ক) ভাৰতীয় ড্ৰাইভিং ভিছাৰ এটা কপি। 

(খ) পাছপ'ৰ্ট আৰু ভিছাৰ এটা কপি। 

(গ) শেহতীয়া তিনি কপি ফটো।

(ঘ) নির্দ্দিষ্ট আবেদন পত্ৰত মেডিকেল প্ৰমাণপত্ৰ।

(ঙ) প্ৰয়োজনীয় মাচুল।


29. স্কুল বাছৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা ৫টা পথ নীতি উল্লেখ কৰা। 

উত্তৰঃ- স্কুল বাছৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা ৫টা পথ নীতি হ'ল-

(ক) চালকৰ গধুৰ মটৰ গাড়ী চলোৱা ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

(খ) চালকৰ ক্ষেত্ৰত অতি গতিবেগ আৰু মদপান কৰাটো নিষিদ্ধ৷ 

(গ) ইউনিফর্ম পৰিধান কৰা উচিত।

(ঘ) স্কুল বাছ হালধীয়া ৰঙৰ হ'ব লাগিব আৰু তাত স্কুল নাম আৰু যোগাযোগৰ সবিশেষ থাকিব লাগিব।

(ঙ) সন্মুখত “On School Duty” বুলি লিখা থাকিব লাগিব। 


30. পথ দুৰ্ঘটনাৰ মুখ্য কাৰণসমূহ কি কি?    HS-2018

উত্তৰঃ- পথ দুৰ্ঘটনাৰ মুখ্য কাৰণসমূহ হ'ল-

(ক) মানৱজনিত কাৰণ : ৮৫% পথ দুৰ্ঘটনা মানৱ জনিত কাৰণত সংঘটিত হয়। এইসমূহৰ ভিতৰত মদ্যপান কৰি গাড়ী চলোৱা, তীব্ৰ গতিত গাড়ী চলোৱা, সজাগতাৰ অভাৱ, পথৰ নীতি ভংগ, পদযাত্ৰীৰ ভুল ইত্যাদি প্ৰধান।

(খ) আন্তঃগাথনিজনিত কাৰণ  (HS-2020) : বেয়া আন্তঃগাথনি যেনে অশুদ্ধ ইঞ্জিনীয়িৰিংৰ ৰাস্তা-পথ, বেয়া পথৰ অৱস্থা আদি উল্লেখ কৰিব পাৰি।

(গ) কাৰিকৰী কাৰক বা যান্ত্ৰিক কাৰক (HS-2020) : কাৰিকৰী কাৰকৰ ভিতৰত বেয়া অৱস্থাৰ গাড়ী চলোৱা, গাড়ীৰ যান্ত্ৰিক বিজুতি আদি প্ৰধান।

(ঘ) পৰিবেশজনিত কাৰণ : অতি বৰষুণ, প্ৰাকৃতিক দুর্যোগ, বেয়া বতৰ আদি পৰিবেশজনিত কাৰণ।


31. ড্ৰাইভিং লাইচেন্স কি? কি কি যান-বাহনৰ বাবে ড্ৰাইভিং লাইচেন্স প্ৰদান কৰা হয়?

উত্তৰঃ- ড্ৰাইভিং লাইচেন্স হ'ল সম্পর্কিত কর্তৃত্বই আগবঢ়োৱা এখন, যান-বাহন চালকৰ অনুমতি পত্ৰ। অসমৰ বেলিকা জিলা পৰিবহন বিভাগে এই পত্ৰ প্ৰদান কৰে।

তলত উল্লেখ কৰা যান-বাহন সমূহৰ বাবে ড্ৰাইভিং লাইচেন্স প্ৰদান কৰা হয়-

(ক) গিয়াৰ নথকা মটৰ চাইকেল।

(খ) গিয়াৰ থকা মটৰ চাইকেল।

(গ) অবৈধ যান-বাহন।

(ঘ) লঘু মটৰ গাড়ী।

(ঙ) পৰিবহন যান-বাহন

(চ) ৰোড-ৰোলাৰ

(ছ) বিশেষ ধৰণৰ মটৰ যান-বাহন।


32. পথ সুৰক্ষাৰ ক্ষেত্ৰ 4E বুলিলে কি বুজা?

উত্তৰঃ- পথ সুৰক্ষাৰ ক্ষেত্ৰ হ'ল ইঞ্জিনীয়াৰিং (Engineering), বলবৎ কৰণ (Enforcement), শিক্ষা (Education) আৰু তাৎকালীন সেৱা (Emergency Service)।

ইঞ্জিনীয়াৰিং দিশটোৱে ৰাস্তা, দলং আদি সু-পৰিকল্পিতভাৱে নিৰ্মাণ আৰু সংযোগ কৰাৰ কথাটো সুচায়।

বলবৎকৰণ দিশটোৱে প্ৰয়োজনীয় পথ সুৰক্ষাৰ নীতি নিয়ম আদি কাৰ্য্যক্ষেত্ৰত প্ৰয়োগ বা বলবৎ কৰা কথা সুচায়। শিক্ষা হ'ল প্ৰত্যেকজন পথযাত্ৰীয়ে পথৰ নীতি নিয়মৰ প্ৰতি প্ৰয়োজনীয় শিক্ষা থকাটো বুজাই আৰু তাৎকালীন সেৱাই যিকোনো পথৰ দুৰ্ঘটনাৰ লগে লগে যাতে চিকিৎসা সেৱা আদি লাভ কৰে সেই দিশটো সুচায়।


33. ব্যক্তিগত গাড়ীৰ আৰু বাণিজ্যিক গাড়ীৰ ক্ষেত্ৰত কি কি দলিল ৰখা দৰকাৰ?

উত্তৰঃ- ব্যক্তিগত গাড়ীৰ ক্ষেত্ৰত তলত উল্লেখ কৰা দলিলসমূহ ৰখা দৰকাৰ-

(ক) পঞ্জীয়ন প্ৰমাণ পত্ৰ।

(খ) বীমা প্ৰমাণ পত্ৰ।

(গ) প্ৰদূষণমুক্ত প্ৰমাণ পত্ৰ।

(ঘ) ড্ৰাইভিং লাইচেন্স।

বাণিজ্যিক গাড়ীৰ ক্ষেত্ৰত তলৰ দলিল সমূহ ৰখা দৰকাৰ-

(ক) যোগ্যতা প্ৰমাণপত্ৰ।

(খ) পথ কৰ প্ৰদানৰ ৰছীদ।

(গ) অনুমতি পত্ৰ।

(ঘ) পৰিচালকৰ প্ৰমাণপত্ৰ (বাছৰ ক্ষেত্ৰত)

(ঙ) পৰিবহন বিষয়াই বিচৰা অন্যান্য যিকোনো দলিল।


34. বাছত যাত্ৰা কৰিলে কি কি দিশ সমূহ যাত্ৰীয়ে পালন কৰা উচিত? 

উত্তৰঃ- বাছত যাত্ৰা কৰাৰ সময়ত তলত উল্লেখ কৰা দিশসমূহ প্ৰত্যেক যাত্ৰীয়ে পালন কৰা উচিত-

(ক) বাছত উঠিলে এজন এজনকৈ সাৱধানে ধৰিব যাব, যাতে বাছখন তীব্ৰবেগত গৈ থকা অৱস্থাত ঘূৰালে বা ব্ৰেক মাৰিলে একো অসুবিধা নহয়। 

(খ) বাছৰ বাহিৰলৈ ওলালে সন্মুখৰ ফালে লক্ষ্য কৰিহে ওলাব।

(গ) বাছৰ পৰিচালক সঠিক মুখ্যৰ প্ৰ-ভাড়াহে প্ৰদান কৰিব আৰু তাৰ বিপৰীতে টিকট সংগ্ৰহ কৰিব।

(ঘ) বেগ আৰু অন্যান্য সা-সামগ্ৰী সঠিকভাৱে বাছত ৰাখিব।

(ঙ) অতি তীব্ৰ বেগত গাড়ী চলালে, চালকক সাৱধান কৰি দিব যাতে কোনো দুর্ঘটনা নঘটে।

(চ) যদি আপোনাৰ কোনো আপত্তি থাকে তেওঁ ওচৰৰ পুলিচ থানাত সেই বিষয়ে জনাব।

(ছ) বাছত উঠা ঠাইত কেতিয়াও থিয় হৈ নাথাকিব।


35. কিমান ধৰণৰ পথ সংকেত আছে? সেইসমূহ উল্লেখ কৰা।

উত্তৰঃ- পথ সংকেত সমূহক তিনিটা ভাগত ভগোৱা হৈছে। সেইসমূহ হ'ল-

(ক) বাধ্যতামূলক পথ সংকেত।

(খ) সাৱধানমূলক পথ সংকেত।

(গ) তথ্যমূলক পথ সংকেত।


Image - 88, 89, 90 91


36. স্কুল বাছৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নিয়মসমূহ উল্লেখ কৰা। 

উত্তৰঃ- স্কুল বাছৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নিয়মসমূহ তলত উল্লেখ কৰা হ'ল-

(ক) স্কুল বাছৰ ড্ৰাইভাৰৰ গধূৰ যান-বাহন চলোৱা পাঁচ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

(খ) স্কুল বাছৰ ড্ৰাইভাৰ স্কুলবাছ চলোৱাৰ বাবে অনুপযুক্ত বুলি বিবেচিত হ'ব যদি তেওঁ এটা বছৰত তলত উল্লেখ কৰা অপৰাধসমূহ দুবাৰকৈ কৰে- 

(ক) ৰঙা লাইটৰ জামপিং কৰা।

(খ) "গাড়ী ৰখোৱা নিষেধ" কৰা ঠাইত যদি গাড়ী ৰখায়। 

(গ) অনিয়মভাৱে যদি কোনো গাড়ী অতিক্ৰম কৰে।

(ঘ) অ-কতৃত্বশীল ব্যক্তিক যদি গাড়ী চলাব দিয়ে।

(গ) অতিবেগত গাড়ী চলোৱা আৰু মদ্যপান বা ৰাগীয়াল দ্ৰব্য সেৱন কৰা লোক স্কুল বাছৰ চালক হোৱা অযোগ্য।

(ঘ) স্কুল বাছৰ চালকে ইউনিফৰ্ম পৰিধান কৰিব লাগে।

(ঙ) স্কুল বাছখনত হালধীয়া ৰং আৰু তাত স্কুলৰ নাম আৰু যোগাযোগৰ সবিশেষ লিখিব লাগে।

(চ) স্কুল বাছৰ সন্মুখত “On School Duty” বুলি লিখা থাকিব লাগে। 

(ছ) স্কুল বাছ ঘণ্টাত ৪০ কিলোমিটাৰত চলাব লাগে।

(জ) স্কুল বাছৰ দুৱাৰসমূহ স্বয়ংক্ৰিয়ভাৱে বন্ধ থকা ব্যৱস্থা কৰিব লাগে। 

(ঝ) মাননীয় উচ্চতম ন্যায়ালয়ৰ মতে স্কুল বাছত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাছৰ মুঠ আসনৰ সংখ্যাৰ ১.৫ গুণ বেছি হ'ব নোৱাৰিব।


37. পথৰ নিয়মসমূহ উল্লেখ কৰা।

উত্তৰঃ- যান-বাহন আইনে কিছুমান পথৰ নিয়ম নিৰ্দ্দিষ্ট কৰিছে। সেইসমূহৰ হ'ল-

(১) সকলো গাড়ী-মটৰ পথৰ বাওঁহাতে ৰাখিব লাগে।

(২) সোঁহাতে কোনো যান-বাহন ঘুৰাবলৈ হ'লে পথৰ কেন্দ্ৰৰ পৰা ঘূৰাব লাগে।

(৩) আগত গৈ থকা অন্য যান-বাহনক সোঁহাতে অতিক্ৰম কৰিব লাগে। 

(৪) কেতিয়াও আগৰ যান-বাহনক অতিক্ৰম নকৰিব-যদি, 

(ক) বিপৰীত ফালৰ পৰা অহা গাড়ীক এই অতিক্ৰমে অসুবিধাত পেলাই। 

(খ) ওখ ঠাইত, য'ত সহজে আগৰ পথৰ অৱস্থাটো দেখা নাযায়। 

(গ) যদি অন্য কোনো গাড়ীয়ে চালকক অতিক্ৰম কৰিব যত্ন কৰিছে। 

(ঘ) যদি চালক আগৰ গাড়ীসমূহৰ পৰা কোনো অতিক্ৰম কৰাৰ ইংগিত পোৱা নাই।

(৫) (ক) যদি এখন গাড়ীয়ে আগত গৈ থকা গাড়ী এখনক অতিক্ৰম কৰিবলৈ আৰম্ভ কৰিছে, তেন্তে এনে কাৰ্য্যই যাতে অতিক্ৰম যিখন গাড়ীক কৰিব বিচাৰিছে সেইখন গাড়ীক কোনো অসুবিধাত নেপেলায়।

(খ) যেতিয়া উপপথ এটাৰ পৰা মুখ্য পথলৈ অহা হয়, তেতিয়া যদি কোনো ট্ৰেফিক নাথাকে, তেন্তে মুখ্য পথত চলি থকা যান-বাহনক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা উচিত।

(গ) এম্বুলেন্স, জুই নুমুৱা গাড়ীক সদায় অগ্ৰাধিকাৰ দিব লাগে।

(৬) (ক) যেতিয়া তলৰ ফালে গাড়ী নমাই দিয়া হয়, তেতিয়া সঠিকভাৱে সংকেত দিব লাগে, যাতে অন্য গাড়ীৰ অসুবিধা নহয়।

(খ) যেতিয়া গাড়ী ৰখাব লগা হয় তেতিয়া সঠিকভাৱে বাওঁহাতে সংকেত দি ৰাখিব লাগে।

(গ) যদি সোঁহাতে গাড়ী ঘুৰাব লগা হয়, তেতিয়া সোঁহাতৰ ঘুৰোৱা সংকেত দি লাহে লাহে ঘুৰাব লাগে।

(ঘ) যদি বাঁওহাতে গাড়ী ঘুৰাব লাগে তেতিয়া বাওঁহাতৰ ঘুৰোৱা সংকেত দি লাহে লাহে ঘুৰাব লাগে।

(ঙ) গাড়ী ৰখাৰ নিৰ্দ্দিষ্ট ঠাইতহে গাড়ী ৰাখিব লাগে।

(চ) ধাৰাবাহিতভাৱে গাড়ীৰ হৰ্ণ বজাব নালাগে।

(ছ) আগত গৈ থকা গাড়ীৰ পৰা নিৰ্দ্দিষ্ট দূৰত্ব ৰাখি গতি কৰিব লাগে। 

(জ) এটা পথ বুলি থাকিলে নির্দেশ দিয়া ফালৰ পৰা যাব।

(ঝ) ওখ ৰাস্তাত ঔপৰলৈ উঠা গাড়ীক অতিক্ৰম নকৰিব। 

(ঞ) বিপদজ্জনক সামগ্ৰী যেনে- তেল, জুই জ্বলা সামগ্ৰী আদি গাড়ীত নাৰাখিব।

(ট) ট্ৰেফিক পুলিচৰ নিৰ্দেশ মানিব।

(ঠ) গাড়ীৰ পঞ্জীয়ন নম্বৰ সঠিকভাৱে গাড়ীত লিখিব।

(ড) ড্ৰাইভিং লাইচেন্স, বীমা দলিল, প্ৰদূষণ নিয়ন্ত্ৰন প্ৰমাণ পত্ৰ গাড়ীত লৈ ফুৰিব।

(ঢ) জনবহুল পথত ঘণ্টাত ২৫ কিঃ মিঃ তকৈ অধিক বেগত গাড়ী নচলাব।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »