-->

Class 11 Environment Chapter 4 প্রাকৃতিক সম্পদ । Natural Resources

প্রাকৃতিক সম্পদ । Natural Resources


1. মণিপুৰৰ বৃহৎ আর্দ্ৰভূমিখনৰ নাম লিখা। HS-2013

উত্তৰঃ- মণিপুৰৰ বৃহৎ আদ্ৰভূমিখনৰ নাম হ'ল ল'কটাক হ্ৰদ (৬,৪৭৫ হেক্টৰ)। 


2. বন্যজীৱ নবীকৰণযোগ্য সম্পদ হয়নে?

উত্তৰ:- হয়।


3. ভাৰতবৰ্ষত ব্যাঘ্ৰ প্ৰকল্পৰ বাবে সংৰক্ষিত বনাঞ্চল কিমানখন? 

উত্তৰঃ- ২১ খন বনাঞ্চল। 


4. ২১ খন সংৰক্ষিত বনাঞ্চলত বাঘৰ সংখ্যা কিমান? 

উত্তৰঃ- প্ৰায় পাঁচ হেজাৰ। 


5. ভাৰতীয় গড় প্ৰধানকৈ কোনখন অভয়াৰণ্যত আছে? 

উত্তৰঃ- কাজিৰঙা অভয়াৰণ্যত।


6. ১৮৭৮ চনত উত্তৰ প্ৰদেশৰ কোন জিলাত শেষ গঁড়টো নিধন কৰা হৈছিল? 

উত্তৰঃ- পিলিভিট জিলাত।


7. ভাৰতবৰ্ষত বর্তমান কিমানখন অভয়াৰণ্য আছে? 

উত্তৰঃ- ৪২১ খন। 


8. ভাৰতবৰ্ষত বর্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? 

উত্তৰঃ- ৭৫ খন। 


10. ভাৰতত জীৱমণ্ডল সংৰক্ষিত অঞ্চল কিমানখন? 

উত্তৰঃ- ১৪ খন। 


11. ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱা অসমৰ অভয়াৰণ্যখনৰ নাম কি? 

উত্তৰঃ- কাজিৰঙা 


12. অসমৰ কোনখন অভয়াৰণ্যত ব্যাঘ্ৰ প্ৰকল্প আছে? 

উত্তৰঃ- মানস (মানাহ) 


13. কোন চনত ভাৰতবৰ্ষত বন্যজীৱ সংৰক্ষণ আইন প্ৰৱৰ্তন কৰা হয়? 

উত্তৰঃ- ১৯৭২ চনত।


14. ৱাইল্ড লাইফ প্ৰটেক্‌শ্যন এক্ট কিমান চনত প্ৰণয়ন কৰে? 

উত্তৰঃ- ১৯৭২ চনত। 


15. বন্যপ্ৰাণী সপ্তাহ প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? 

উত্তৰঃ- ১ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ। 


16. জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ ভাগ তিনিটা কি কি? 

উত্তৰঃ- গভীৰ অঞ্চল, বাফাৰ অঞ্চল, পৰিচালিত অঞ্চল। 


17. অসমৰ অভয়াৰণ্যত থকা লুপ্তপ্ৰায় পাঁচবিধ প্ৰাণীৰ নাম লিখা।

উত্তৰঃ- সোণালী বান্দৰ, দেওহাঁহ, নলগাহৰি, খাগৰিকটা পহু, উলুম'ৰা, এশিঙীয়া গড়, ৰাজধনেশ, জাতিংগাৰ চৰাই।


18. অসমৰ কেইখনমান অভয়াৰণ্যৰ নাম লিখা।

উত্তৰঃ- ওৰাং, মানাহ, বৰনদী, লাওখোৱা, গৰমপানী, নামেৰি, পাভৈ, পবিতৰা ইত্যাদি।


19. জিনবেংক কি?

উত্তৰ:- বন্যপ্ৰাণীৰ সুপ্ৰজননৰ দ্বাৰা উন্নত আৰু ৰোগ নিৰোধীজাত প্ৰজাতি উলিয়াবলৈ বন্যজীৱক জিন বেংক হিচাপে ব্যৱহাৰ কৰা হয়৷


20. WWF কি? HS-2013

উত্তৰঃ- World Wildlife Fund (WWF) অর্থাৎ প্ৰকৃতিৰ বাবে বিশ্ব অর্থভাণ্ডাৰ তথা বিশ্ব বন্যপ্ৰাণী সংস্থাৰ বাবে অর্থসাহায্য।


21. এবিধকৈ লুপ্তপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ উদাহৰণ দিয়া। 

উত্তৰ:- প্ৰাণী— গ্রেট ইণ্ডিয়ান বাষ্টার্ড, উদ্ভিদ— মিচিমি তিতা।


22. অসমৰ কেইখনমান সংৰক্ষিত বনাঞ্চলৰ নাম লিখা।

উত্তৰঃ- সোণাই-ৰূপাই, কঁচুগাঁও, ডিব্ৰু-চৈখোৱা, ডুমডুমা, বর্ণালী আৰু উত্তৰ কাছাৰ, জয়পুৰ সংৰক্ষিত বনাঞ্চল।


23. বিপন্ন প্রজাতি কি?

উত্তৰঃ- যিবোৰ প্ৰজাতি লুপ্তপ্রায়, স্পৰ্শকাতৰ আৰু দুষ্প্রাপ্য শ্ৰেণীৰ অন্তৰ্গত, এই গোটেইকেইটাকে বিপন্ন প্রজাতি বোলে।


24. কেইবিধমান প্ৰাকৃতিক সম্পদৰ উদাহৰণ লিখা। 

উত্তৰঃ- প্ৰাকৃতিক সম্পদৰ উদাহৰণ হ'ল- (১) বনজ সম্পদ (২) জল সম্পদ (৩) খনিজ সম্পদ (৪) খাদ্য সম্পদ (৫) শক্তি সম্পদ (৬) ভূমি সম্পদ। 


25. প্রাকৃতিক সম্পদ কি কি ধৰণৰ হ'ব পাৰে?

উত্তৰ:- প্ৰাকৃতিক সম্পদ দুই ধৰণৰ হ'ব পাৰে-

(a) নবীকৰণযোগ্য সম্পদ

(b) নবীকৰণ অযোগ্য সম্পদ


26. খাদ্যৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ- খাদ্যসমূহক কার্বহাইড্ৰেট, প্ৰটিন, চর্বী, জৈৱ এচিড, ভিটামিন, খনিজ লৱণ আদি বিভিন্ন প্ৰকাৰত বিভক্ত কৰিব পাৰি।


27. শক্তি কেইপ্ৰকাৰৰ আৰু কি কি? 

উত্তৰঃ- শক্তি প্ৰধানতঃ পাঁচ প্ৰকাৰৰ। সেয়া হ'ল — (a) তাপ শক্তি (সৌৰ শক্তি) (b) জলশক্তি। (c) পাৰমাণৱিক শক্তি (d) বায়ু শক্তি (e) জৈৱিক শক্তি। 


28. কয়লাৰ প্ৰকাৰসমূহ উল্লেখ কৰা। 

উত্তৰঃ- কয়লা প্ৰধানতঃ তিনি প্ৰকাৰৰ। সেয়া হ'ল- (a) এনথ্ৰচাইট (কঠিন কয়লা)। (b) বিটুমিনাচ (কোমল কয়লা) (c) লিগনাইট (মাটিয় কয়লা) 


29. অনবীকৰণ শক্তি কাক বোলে? ইয়াৰ প্ৰধান উৎসসমূহ লিখা।

উত্তৰঃ- প্ৰকৃতিত বহুদিন ধৰি জমা হৈ থকা কিছুমান উৎসৰ পৰা শক্তি আহৰণ কৰিলে ভবিষ্যতে শেষ হোৱাৰ সম্ভাৱনা আছে। এনেধৰণৰ শক্তিক অনবীকৰণ শক্তি বোলে। ইয়াৰ প্ৰধান উৎস হ'ল জীৱাশ্ম ইন্ধন, খনিজ তেল আৰু প্ৰাকৃতিক গেছ।


30. কি কি পদ্ধতিৰে মাটি লৱণমুক্ত কৰিব পাৰি?

উত্তৰঃ- মাটি লৱণমুক্ত কৰিব পৰা পদ্ধতিসমূহ হ'ল— 

(a) উন্নতমানৰ পানী ব্যৱহাৰ কৰি মাটি লৱণমুক্ত কৰিব পাৰি।

(b) ছিদ্ৰযুক্ত নলীৰে অন্তভৌম জল প্ৰসাৰৰ ব্যৱস্থা কৰিও মাটি লৱণমুক্ত কৰিব পাৰি।


31. পৃষ্ঠজল (Surface Water) কাক বোলে? HS-2014

উত্তৰঃ- বৰফ বা বৰষুণৰ ৰূপত অথবা পানী পৃথিৱীৰ পৃষ্ঠৰ ভিতৰলৈ নগ'লে বা বাষ্পীভৱনৰ বাবে বায়ুমণ্ডললৈ ঘূৰি নগ'লে ভূপৃষ্ঠত সোঁত বা প্ৰবাহৰ সৃষ্টি কৰে আৰু এইবোৰ গৈ জল হ্ৰদ, পুখুৰী, ৱেটলেণ্ড (wet land) আদিত পৰে।


32. মাটিৰ উপাদানসমূহ শতকৰা হিচাপত উল্লেখ কৰা৷ 

উত্তৰ:- মাটিৰ উপাদানসমূহ শতকৰা হিচাপত তলত উল্লেখ কৰা হ'ল – 

(a) মণিক পদার্থ - ৫০% - ৬০% 

(b) জৈৱিক পদার্থ = ১০% 

(c) পানী = ২৫% - ৩৫% 

(d) বায়ু – ১৫% - ২৫%


33. বানপানী (flood) কাক বোলে?

উত্তৰঃ- বানপানী হ'ল এটা প্ৰাকৃতিক সমস্যা। পৃথিৱীৰ কিছুমান দেশত (বাংলাদেশ আৰু ভাৰত) বছৰৰ কেইটামান মাহত (মে'—ছেপ্টেম্বৰ) অতিমাত্ৰা বৰষুণ হয়। ইয়াৰ ফলত হ্ৰদ, নদী বা আন আপেক্ষিকভাৱে দ অঞ্চলত পানীৰে উপচি পৰে। ইয়াকেই বানপানী বোলা হয়।


34. শক্তি বুলিলে কি বুজা? 

উত্তৰ:- কার্য কৰাৰ সামৰ্থক শক্তি বোলে। শক্তিক দেখা পোৱা নাযায়। প্ৰতি খৰচ হোৱাৰ পাছত ফলাফলটোহে অনুভৱ কৰিব পাৰি। শক্তিক বেলেগ বেলে ৰূপত পাব পাৰি। যেনে— যান্ত্ৰিক, তাপ, পোহৰ, শব্দ, চুম্বক, বিদ্যুৎ শক্তি ইত্যাদি।


35. নবীকৰণ শক্তি কাক বোলে? ইয়াৰ প্ৰধান উৎসসমূহ লিখা।

উত্তৰঃ- যিবোৰ শক্তিৰ উৎসৰ পৰা অবিৰতভাৱে শক্তি উৎপাদন হৈ থাকে আৰ দীর্ঘদীন ধৰি ব্যৱহাৰ কৰিলেও কেতিয়াও শেষ হোৱাৰ সম্ভাৱনা নাই, তেনে শক্তিক নবীকৰণ শক্তি বোলে। ইয়াৰ প্ৰধান উৎসসমূহ হ'ল সৌৰশক্তি, পবনশক্তি, জলশক্তি, জৈৱ গেছ, ভূ-তাপীয় শক্তি, সাগৰত সঞ্চিত শক্তি, হাইড্ৰজেন আদি নবীণ শক্তিৰ উৎস।


36. প্রাকৃতিক সম্পদ বুলিলে কি বুজা?

উত্তৰ:- আমাৰ জগতখন বিভিন্ন ধৰণৰ সম্পদেৰে ভৰা। মানৱ সভ্যতাৰ কল্যাণ আৰু বিকাশ এই সম্পদসমূহৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। যিহেতু এই সম্পদসমূহ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়, সেয়ে সেইবোৰক প্ৰাকৃতিক সম্পদ বোলা হয়। যিকোনো সম্পদৰ পৰা মূল্যবান সা-সামগ্ৰী লাভ কৰাটো সম্ভৱ৷ এইদৰে ভূমি, পানী, বতাহ, খনিজ সম্পদ, কয়লা, অৰণ্য, জীৱ-জন্তু আদি হ'ল প্রাকৃতিক সম্পদ।


37. অসমৰ ৫ খন বন্য প্ৰাণী অভয়াৰণ্যৰ নাম লিখা। HS-2014

উত্তৰঃ- অসমৰ ৫ খন বন্যপ্ৰাণী অভয়াৰণ্য হ'ল–

(a) কাজিৰঙা 

(b) মানাহ 

(c) পবিতৰা 

(d) নামেৰি। 

(e) ডিব্ৰু চৈখোৱা 


38. ভূমি সম্পদ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম লিখা। 

উত্তৰঃ- ভূমি সম্পদ ৰক্ষাৰ দুটা পৰম্পৰাগত পদ্ধতিৰ নাম হ'ল —

(a) পাহাৰীয়া বা এঢলীয়া ঠাইত বৃক্ষৰোপণ কৰি মাটিৰ অবক্ষয় হ্ৰাস কৰিব পাৰি। 

(b) কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ নিষিদ্ধ কৰা উচিত আৰু জৈৱিক সাৰৰ প্ৰয়োগক উৎসাহিত কৰা উচিত।


39. অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম লিখা।

উত্তৰঃ- অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ-

(a) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

(b) মানাহ ৰাষ্ট্ৰীয় উদ্যান 

(c) ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 

(d) নামেৰি ৰাষ্ট্ৰীয় উদ্যান 

(e) ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 

(f) ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান।


40. জলচক্ৰ (Hydrological cycle) বুলিলে কি বুজা? HS-2013

উত্তৰঃ- সাধাৰণতে আমি দেখা বা ব্যৱহাৰ কৰা পানী অবিৰামভাৱে হৈ থকা জলচক্ৰৰ পৰাহে পাওঁ। পৃথিৱীৰ উপৰিভাগত থকা পানীৰ বাষ্পীভৱন হৈ ডাৱৰ হয়। এই ডাৱৰৰ পৰা বৰষুণ বা বৰফৰ ৰূপত ব্যৱহাৰ কৰে আৰু অৱশেষত সাগৰত মিলিত হয়। দেখা যায় বৰষুণৰ 90% পানী জলচক্ৰৰ ক্ৰিয়াৰ মহাসাগৰতেই জমা হয়। বছৰি 1.4 ইঞ্চি পানী বাষ্পীভৱন হয়। সৌৰশক্তিয়ে এই পৰিঘটনাটো নিয়ন্ত্ৰণ কৰে। তদুপৰি গছ-গছনিয়েও এই জলচক্ৰ নিয়ন্ত্ৰণত পোনপটীয়া বৰঙণি যোগায়। 


41. নির্বনীকৰণৰ ফলত কি কি ঘটিব পাৰে? 

উত্তৰঃ- নির্বনীকৰণৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ– 

(a) নির্বনীকৰণৰ ফলত মাটিৰ ক্ষয়ীভৱন। 

(b) বানপানী আৰু খৰাং আদিৰ দৰে প্ৰাকৃতিক দুর্যোগৰ সৃষ্টি হয়। 

(c) বন্যপ্ৰাণী আৰু উদ্ভিদৰ পৰা হোৱা লাভালাভ হ্ৰাস হয়। 

(d) কাঠ আৰু শক্তিৰ উৎস আদিৰ নাটনি হয়।

(e) নির্বনীকৰণৰ ফলত জলবায়ুত প্ৰতিকূল প্ৰভাৱ পৰে। অল্পবৃষ্টিৰ ফলত পৰিবেশৰ উত্তাপ বৃদ্ধি পায়।


42. প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰৰ? 

উত্তৰঃ- প্ৰকৃতিক সম্পদ মূলতঃ দুই প্ৰকাৰৰ। 

(a) নবীকৰণ (Renewable) সম্পদঃ- এই প্ৰকাৰৰ সম্পদ এবাৰ খৰচ হ'লেও কালানুক্ৰমত পুনৰ প্ৰস্তুত কৰিব পাৰি। যেনে— বনজ সম্পদ, বন্যপ্ৰাণী, বায়ু শক্তি জৈৱ ভৰ (Biomass) শক্তি, জলবিদ্যুৎ, জোৱাৰ শক্তি (Tidal power) ইত্যাদি। 

(b) অনবীকৰণ (Non-Renewable) সম্পদঃ- এই প্ৰকাৰ সম্পদ এবাৰ আহৰণ বা খৰচ কৰাৰ পাছত পুনৰ প্ৰস্তুত কৰিব নোৱাৰি। যেনে- জীৱাশ্ম, কয়লা, খনিজ ধাতু ইত্যাদি।

এটা মন কৰিবলগীয়া বিষয় যে নবীকৰণ সম্পদক অতিমাত্ৰা আহৰণ কৰিলে অনবীকৰণ সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে।


43. নবীকৰণযোগ্য আৰু নবীকৰণ অযোগ্য প্রাকৃতিক সম্পদসমূহ কি কি? উদাহৰণ দিয়া।

উত্তৰ:- নবীকৰণযোগ্য সম্পদ : নবীকৰণযোগ্য সম্পদসমূহ অফুৰন্ত আৰু এইসমূহক এটা নির্দিষ্ট সময়ৰ ভিতৰত পুনৰ সৃষ্টি কৰিব পৰা যায়। যেনে- সৌৰশক্তি, অৰণ্য, বনজ সম্পদ আদি। অৱশ্যে বহু নবীকৰণযোগ্য সম্পদৰ দ্ৰুতভাৱে পুনৰ সৃষ্টিৰ ক্ষমতা নাথাকে। ব্যাপকভাৱে ব্যৱহাৰ কৰা বাবে এই সম্পদসমূহ কমি যায়। যেনে– বনাঞ্চল, ভূ-গর্ভৰ পানী আদি।

নবীকৰণ অযোগ্য সম্পদ : এই সম্পদসমূহ সীমিত পৰিমাণেহে প্ৰকৃতিত পোৱা যায়। যেনে– কয়লা, পেট্ৰ'লিয়াম, খনিজ সম্পদ আদিৰ দৰে জীৱাশ্ম ইন্ধন। যদিহে এবাৰ মানুহে এই সম্পদসমূহ শেষ কৰি পেলায় তেন্তে সেইসমূহক পুনৰ সৃষ্টি কৰিব নোৱাৰি।


44. উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদসমূহৰ বিষয়ে লিখা। HS-2015

উত্তৰঃ- ভাৰতবৰ্ষৰ উত্তৰ-পূর্বাঞ্চল হ'ল বিভিন্ন খনিজ সম্পদৰ ভাণ্ডাৰ। মেঘালয় ইউৰেনিয়াম, কয়লা আৰু চূণশিলৰ বাবে বিখ্যাত। খনিজ সম্পদৰ বাবে অসম বহুলভাৱে পৰিচিত। ৰাজ্যখনত প্ৰধানকৈ পেট্ৰ'লিয়াম (খাৰুৱা তেল), প্ৰাকৃতিক গেছ, কয়লা আৰু চূণশিল আহৰণ কৰা হয়। তেল আৰু প্ৰাকৃতিক গেছ আয়োগ (ONGC) হৈছে ৰাজ্যখনৰ আটাইতকৈ লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ছেলিমেনাইট, বেছমেটেল, বেৰিল, নির্মাণ সামগ্ৰী, এছবেষ্টক ফায়াৰ ক্লে, কেৱলিন, ফুলাৰ্ছ আৰ্থ, মাইকা, কোৱাৰ্টজ, ডল'মাইট আদি বিভিন্ন খনিজ দ্ৰব্য অসমত পোৱা যায়। কিন্তু এইসমূহৰ বেছিভাগ খনিজ দ্ৰব্যৰ আহৰণ অর্থনৈতিকভাৱে লাভজনক হোৱা নাই। অসমৰ সোৱণশিৰি নদীত ঊনৈশ শতিকাৰ পূৰ্বৰে পৰা সোণ আহৰণ চলি আহিছিল। 


45. ভূমি সম্পদ সংৰক্ষণৰ বাবে ল'ব লগা দুটা উপায় উল্লেখ কৰা। HS-2015

উত্তৰঃ- ভূমি ক্ষয় হোৱা আৰু উৰ্বৰতা হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি ভূমি সংৰক্ষণ কৰা জৰুৰী হৈ পৰিছে। ভূমি সংৰক্ষণৰ কেইটামান ব্যৱস্থা হ'ল-

(a) বৃক্ষৰোপণৰ দ্বাৰা ভূমি ক্ষয় কাৰ্য ৰোধ কৰিব পাৰি। বনানীকৰণে পানীৰ দ্বাৰা হোৱা ক্ষয়ন আৰু বতাহৰ দ্বাৰা হোৱা ক্ষয়ন ৰোধ কৰাৰ লগতে ভূমিস্খলন ৰোধ কৰাতো সহায় কৰে ।

(b) ধান, ঘেঁহু আদিৰ দৰে শস্য আৰু মাহ জাতীয় শস্যৰ সাল-সলনি কৰি খেতি কৰিলে ভূমি সংৰক্ষণত সহায়ক হয়।

বনানী ধ্বংসৰ ফলতে ভূমিৰ গুণাগুণ নষ্ট হয়, ভূমিস্খলন হয় আৰু কোনো কোনো অঞ্চল মৰুময় হয়। ইয়াৰ ফলত উৎপাদন ক্ষমতা কমে, ভূগৰ্ভৰ পানী হ্ৰাস হয়, মাটি লৱণযুক্ত হয় আৰু মাটিৰ ক্ষয়নৰ মাত্ৰা বৃদ্ধি হয়। বিভিন্ন খনিজ পদার্থ, মণিক আদি উলিয়াবলৈ খনন কাৰ্যয়ো মৰুকৰণত প্ৰভাৱ পেলায়।


46. বনাঞ্চল উচ্ছেদৰ ফলত পৰিবেশৰ ওপৰত হোৱা ফলাফল বা প্ৰভাৱসমূহ লিখা। HS-2015

উত্তৰঃ- বনাঞ্চল উচ্ছেদৰ ফলত হোৱা সুদূৰপ্ৰসাৰী প্ৰভাৱসমূহ উল্লেখ কৰা হ'ল— 

(a) বনাঞ্চল উচ্ছেদৰ ফলত বন্যপ্ৰাণীৰ বাসভূমি হ্ৰাস হোৱাত ইহঁত সংকমুখী হৈছে। 

(b) জৈৱ-বিচিত্ৰতা আৰু জিনেটিক (genetic) বিচিত্ৰতা দুয়োটাৰ ক্ষয় হৈছে।

(c) জলচক্ৰৰ ওপৰত প্ৰভাৱ পৰিছে লগে লগে বৰষুণৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

(d) মাটিৰ উৰ্বৰতা আৰু ভূমি ক্ষয়ীকৰণ (Erosion) হৈছে। 

(e) পৰ্বতীয়া অঞ্চলত মাটি খহি আহে। 

(f) মাটিৰ উৰ্বৰতা কমি আহে। 


47. সেউজীয়া গছৰ পৰিবেশীয় সেৱা উল্লেখ কৰা। 

উত্তৰঃ- বিশ্বৰ মুঠ ভূ-ভাগৰ প্ৰায় এক-তৃতীয়াংশ বনভূমিৰে আবৃত। এই সেউজ বনাঞ্চলে আমাক কেৱল সকলো ধৰণৰ প্ৰয়োজনীয় সা-সামগ্ৰীৰে যোগান নধৰে, আমালৈ বহু পৰিবেশীয় সেৱা আগবঢ়ায়। গছ-গছনিৰ পৰা আমি কাঠ, খৰি, খাদ্য-বস্তু, ইন্ধন, জীৱ-জন্তুৰ খাদ্য, ঔষধ-পাতি আদি বহু বাণিজ্যিক বয়-বস্তু পাওঁ। কিন্তু বনাঞ্চলসমূহ যিবোৰে গুৰুত্বপূর্ণ অবাণিজ্যিক বা পৰিবেশীয় সেৱা আগবঢ়াই আছে সেইসমূহৰো কথা আমি স্বীকাৰ কৰা উচিত।

(a) পৃথিৱীত থকা জীৱসমূহৰ বাবে অতি প্ৰয়োজনীয় অক্সিজেন গেছ সালোক সংশ্লেষণৰ জৰিয়তে সেউজীয়া উদ্ভিদে উৎপাদন কৰে।

(b) সালোক সংশ্লেষণৰ সময়ত সেউজীয়া গছ-গছনিয়ে বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড শোষণ কৰি লয় আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যা হ্ৰাস কৰে। 

(c) কীট-পতংগৰ পৰা আৰম্ভ কৰি প্ৰকাণ্ড বন্যপ্ৰাণীলৈকে হেজাৰ হেজাৰ ধৰণৰ জীৱক বনাঞ্চলে আশ্ৰয় দিয়ে। 

(d) বনাঞ্চলে ভূমিৰ ক্ষয় হ্ৰাস কৰে।

(e) বনাঞ্চলে স্থানীয় জলবায়ুৰ অৱস্থা আৰু জলচক্ৰ নিয়ন্ত্ৰণ কৰে।

(f) কিছুমান উদ্ভিদে বহু বিষাক্ত গেছক শোষণ কৰি লয় আৰু প্ৰদূষণৰ সুচক হিচাপে কাম কৰে।


48. অৰণ্যক কিয় প্ৰকৃতিৰ হাওঁফাওঁ বোলা হয়। বনজ সম্পদ সম্পর্কে বহলাই লিখা। HS-2013

উত্তৰঃ- বনাঞ্চলত আৰু মানুহৰ বসতিস্থানত থকা গছ-গছনিয়ে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাৰ লগতে অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়ে। এই অক্সিজেন আমি উশাহত হাওঁফাওঁলৈ নি জীয়াই থাকো। এই কাৰণতে গছ-গছনিক প্ৰকৃতিৰ হাওঁফাওঁ বুলি কোৱা হয়। গছ-গছনি অৰণ্যতে বেছি থাকে। সেইবাবে অৰণ্যক প্ৰকৃতিৰ হাওঁফাওঁ বুলি কোৱা হৈছে। 

বনজ সম্পদৰ উপকাৰিতাঃ- বনাঞ্চলৰ মানৱ সমাজলৈ এক গুৰুত্বপূৰ্ণ অৱদান আছে।

(১) গছ-গছনিয়ে বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড গ্ৰহণ কৰি অক্সিজেন বায়ুমণ্ডলত এৰি দিয়ে। এই অক্সিজেন মানুহ আৰু অন্য প্ৰাণীয়ে উশাহত লৈ জীয়াই থাকে।

(২) গছে কার্বন-ডাই-অক্সাইড শোষণ কৰি, পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে।

(৩) গছে বায়ুমণ্ডলত এৰি দিয়া জলীয় বাষ্পই বনাঞ্চলৰ আকাশত মেঘৰ সৃষ্টি কৰে। ফলত বনাঞ্চলবোৰত অতিপাত বৃষ্টি হয়।

(8) বনাঞ্চলৰ হাবি-জংঘলে শিপাৰে মাটি ধৰি ৰাখি ভূমিক্ষয় ৰোধ কৰাত সহায় কৰে গছ-গছনিয়ে বতাহ-ধুমুহাৰ তীব্ৰ গতি ৰোধ কৰি ভূমিক্ষয় ৰোধ কৰে। 

(৫) গছে বহুতো ক্ষতিকাৰক পদার্থ শোষণ কৰি, মাটি-পানী, বায়ুৰ প্ৰদুষণ বোধ নাঞ্চলে শব্দ শোষণ কৰি শব্দ প্ৰদূষণ ৰোধ কৰিব পাৰে।


49. পৰিবেশ আন্দোলনৰ মূল লক্ষ্য কি বর্ণনা কৰা৷ HS-2014

উত্তৰঃ- পৰিবেশ সংৰক্ষণৰ আন্দোলনঃ- পৰিবেশ, প্ৰকৃতি আৰু জীৱ বিচিত্ৰতাৰ অৱক্ষয়ৰ ফলত সমগ্ৰ পৃথিৱীত পৰিবেশ প্ৰদুষণৰ সমস্যা দ্ৰুতগতিত বাঢ়ি আহিছে। উন্নত আৰু উন্নয়নশীল দেশসমূহে প্ৰকৃতিৰ সম্পদ জধে-মধে উদঘাটন কৰি উদ্যোগীকৰণ আৰু অর্থনৈতিক বিকাশৰ বাবে ব্যৱহাৰ কৰিছে আৰু তাৰ ফলস্বৰূপে পৰিবেশত বিসংগতিয়ে দেখা দিছে। পৰিবেশৰ ওপৰত উন্নয়নৰ যি প্ৰচণ্ড হেঁচা পৰিছে তাৰ ফলত পৰিবেশৰ ভাৰসাম্য নষ্ট হৈছে। প্ৰকৃতি ৰাজ্যত চলা অবাধ লুণ্ঠন আৰু উন্নয়নৰ হেঁচা বন্ধ কৰি পৰিবেশ সংক্ষণৰ বাবে ঠায়ে ঠায়ে প্ৰকৃতিপ্ৰেমী সংগঠন আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে আন্দোলন কৰিবলগীয়া হৈছে। অতীজৰে পৰা এনেধৰণৰ পৰিবেশ আন্দোলন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত চলি আহিছে। 

পৰিবেশ সংৰক্ষণ আন্দোলন, কোনো ৰাজনৈতিক পট পৰিৱৰ্তন অথবা শোষণ বঞ্চনাৰ বিৰুদ্ধে চলোৱা আন্দোলন নহয়। ই শ্ৰেণী স্বার্থজড়িত আন্দোলন নহয়। ই হৈছে অর্থনৈতিক লাভালাভৰ বাবে প্ৰকৃত ৰাজ্যত চলা অবাধ লুণ্ঠন আৰু অত্যাচাৰ বন্ধ কৰাৰ বাবে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে পৰিবেশ সংৰক্ষণৰ বাবে কৰা আন্দোলন। এনে আন্দোলনৰ নেতৃত্ব বহন কৰে, পৰিবেশবাদী, পৰিবেশ বিজ্ঞানী অথবা কোনো সংগঠনে। ইয়াত অর্থাৎ পৰিবেশৰ লগত ধনী-দুখীয়া, ৰাজনৈতিক-অৰাজনৈতিক, শোষণ-শোষিত সকলো লোক সাঙোৰ খাই থাকে। সেয়েহে এই আন্দোলনত সকলোৱে চামিল হ'ব লাগে।


50. জল সংৰক্ষণৰ কেইটামান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ:- প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত পানী হৈছে আটাইতকৈ মূল্যবান আৰু অপৰিহাৰ্য— যাৰ সংৰক্ষণৰ বাবে উপযুক্ত কৌশল অৱলম্বন কৰা উচিত। এই ক্ষেত্ৰত এই ব্যৱস্থাসমূহ ল'ব পৰা যায়

(a) বৰষুণৰ পানী কর্ষণ

(b) পানী বাগৰি যোৱা হ্ৰাসকৰণ 

(c) শুকাই যোৱাত বাধা দিয়া 

(d) পানীৰ পুনৰ ব্যৱহাৰ 

(e) পানীৰ অপচয়ত বাধা দিয়া 

(f) জলপ্রদূষণ নিয়ন্ত্রণ

(g) কঠোৰ আইন বলৱৎ কৰা

(h) সজাগতা কাৰ্যসূচী গ্ৰহণ


51. বনজ সম্পদৰ ব্যৱহাৰ কি কি? HS-2017

উত্তৰঃ- বনজ সম্পদৰ ব্যৱহাৰ:

(a) বাণিজ্যিক দিশত বনজ সম্পদ বহুলভাৱে ব্যৱহৃত হয়। বিভিন্ন আচবাব পত্ৰ, আঠা, চাবোন, লা, কপূৰ, কাগজ, ৰবৰ, তেল, প্লাইউড, দৰৱ, বিভিন্ন খাদ্য-সামগ্ৰী, ৰেচম উৎপন্ন কৰা বিভিন্ন কীট ইত্যাদি আহৰণৰ বাবে বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। 

(b) উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰি প্ৰাণীৰ বাবে প্ৰয়োজনীয় অম্লজান গেছ উৎপন্ন কৰে।

(c) উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড গেছ শোষণ কৰে। তাৰ ফলত গোলকীয় উত্তাপ হ্ৰাস পায়।

(d) উদ্ভিদৰ সৰি পৰা পাতসমূহৰ পচন ঘটি হিউমাছৰ তৰপ গঠন হয় আৰু ইয়াৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পায়।

(e) বন্যভুমিত থকা হিউমাছৰ তৰপে নদী, জান-জুৰি, আদিৰ পানীৰ সোঁত নিয়ন্ত্ৰিত কৰি ৰাখে। ই এক বৃহৎ স্পঞ্জ সদৃশ হৈ থাকি প্ৰচুৰ পানী শোষণ কৰি ৰাখে আৰু লাহে লাহে এৰি দিয়ে।

(f) সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে কার্বন-ডাই-অক্সাইড গেছ শোষণ কৰি লোৱাৰ ফলত বায়ু প্ৰদূষণ হ্ৰাস কৰে।

(g) উদ্ভিদে ভূমি ক্ষয় ৰোধ কৰে। 

(h) ৰন্ধা-বঢ়া আৰু অন্যান্য কামত ইন্ধন হিচাপে আৰু ঘৰ, দলং, নাও, জাহাজ, কৃষিৰ সামগ্ৰী, খেলৰ সামগ্ৰী আৰু বিভিন্ন আচবাব পত্ৰ তৈয়াৰ কৰিবলৈ কাঠ ব্যৱহাৰ কৰা হয়।


52. বিভিন্ন শক্তিসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ- কৰ্ম কৰাৰ সক্ষমতাক শক্তি বোলা হয়। এখন দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ জনমুৰি শক্তি ব্যৱহাৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰশীল। শক্তিৰ উৎস প্ৰধানতঃ দুই প্ৰকাৰৰ— নবীকৰণক্ষম উৎস আৰু অনবীকৰণক্ষম বা নবীকৰণ অক্ষম উৎস। এই উৎসসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল—

(a) সৌৰ শক্তি : সূৰ্যৰ পৰা বিকিৰণ হোৱা পোহৰৰ তাপকেই সৌৰ শক্তি বোলে। নবীকৰণক্ষম শক্তিৰ উৎসসমূহৰ ভিতৰত সৌৰ শক্তিৰ পৰিমাণ বৃহৎ। সৌৰ শক্তিৰ সহায়ত কুকাৰ, উত্তাপক, বেটাৰী আদি ব্যৱহাৰ কৰিব পৰা হৈছে।

(b) বায়ু শক্তি : বায়ু শক্তিক যান্ত্ৰিক আৰু বিজুলী শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি। শক্তিৰ উৎপাদন আৰু পানী সিঁচা আদি ক্ষেত্ৰত বায়ু শক্তিৰ ব্যৱহাৰ হয়। উপকূল অঞ্চলত বায়ুৰ গতি প্ৰবল হোৱা বাবে গুজৰাটৰ কচ্ছ, ওখা; পুৰী টুটিকৰিণ, আদি অঞ্চলত বায়ুচালিত টাৰবাইন স্থাপন কৰি বিদ্যুৎ উৎপাদনত বায়ু শক্তিক ব্যৱহাৰ কৰা হৈছে।

(c) জোৱাৰ শক্তি : ফ্ৰান্সত বিশ্বৰ ভিতৰতে শক্তিশালী জোৱাৰ শক্তি উৎপাদন কেন্দ্ৰ অৱস্থিত৷ আমাৰ দেশৰ গুজৰাটৰ কচ্ছ আৰু পশ্চিমবংগৰ সুন্দৰবনত জোৱাৰৰ শক্তিৰ কাৰ্যকৰিতাৰ ওপৰত পৰীক্ষা চলাই থকা হৈছে।

(d) জলশক্তি : বোৱতী নদীত বান্ধ নিৰ্মাণৰ দ্বাৰা জলশক্তি উৎপাদন কৰা হয়। বান্ধ নিৰ্মাণ কৰি নদীৰ পানী সংগ্ৰহ কৰা হয়। আৱদ্ধ কৰি ৰখা এই পানী নলীৰে বান্ধৰ ওপৰৰ পৰা তললৈ পৰিবলৈ দিয়া হয়। ইয়াৰ দ্বাৰা পানীখিনিৰ স্থিতি শক্তিক গতিশক্তিলৈ ৰূপান্তৰিত কৰা হয়। এই পানীয়ে টাৰবাইনসমূহ ঘূৰাবলৈ ধৰে আৰু ইয়াৰ লগত সংলগ্ন জেনেৰেটৰ ঘূৰ্ণীমান হৈ বিদ্যুৎ উৎপাদন হয়। ভাৰতত জলবিদ্যুৎ উৎপাদনৰ পৰিমাণ প্ৰায় ২৩৮০০ মেগাৱাট।

(e) সামুদ্ৰিক তাপ শক্তি : সমুদ্ৰৰ পৃষ্ঠভাগত উষ্ণতা আৰু গভীৰতাৰ উষ্ণতা তাৰতম্যৰ ফলত যি শক্তি উৎপাদন হয় তাকে সামুদ্ৰিক তাপ শক্তি বোলা হয়। এই শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ শক্তি উৎপাদন কৰা হয়।

(f) জৈৱিক শক্তি : কাঠ, গোবৰ, আৱৰ্জনা আদিৰ দৰে জৈৱিক পদাৰ্থসমূহ জৈৱিক শক্তিৰ উৎস।


53. প্ৰাকৃতিক সম্পদ কাক বোলে? প্ৰাকৃতিক সম্পদ কেনেদৰে সংৰক্ষণ কৰিব পৰা যায়? 

উত্তৰঃ- প্ৰকৃতিপ্ৰদত্ত বস্তুবোৰক যেনে— মাটি, পানী, বায়ু, খনিজ দ্ৰব্য, ভূ-গর্ভস্থ ইন্ধন, উদ্ভিদ প্ৰাণী আদি সকলোকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। মানুহে সৃষ্টি কৰিব নোৱৰা প্ৰকৃতিজাত এই বস্তুবোৰ লুপ্ত বা ধ্বংস হৈ গ'লে অথবা এইবোৰ সংৰক্ষণ কৰিব নোৱাৰিলে প্ৰাকৃতিক ভাৰসাম্য নাইকিয়া হ'ব পাৰে। ইয়াৰ ফলত আমাৰ সভ্যতা-সংস্কৃতি বিপদাপন্ন হোৱাই নহয়, পৃথিৱীত জীৱজগতৰ অস্তিত্বই নাথাকিব। প্ৰকৃতিত থকা মাটি, পানী, বায়ু, গছ-গছনি, জীৱ-জন্তু আদি সকলো বস্তুৰ ডমেহতীয়া ক্ৰিয়া-প্ৰক্ৰিয়াৰ ফলতহে জীৱজগতৰ বাবে এক অনুকুল সুস্থিৰ প্ৰাকৃতিক পৰিবেশ বর্তি আছে। প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ ও প্ৰকৃতিয়ে পৃথিৱীক উদ্বাৰভাৱে দান কৰিছে। অসংখ্য। আকৃতিক সম্পদ যিবোৰৰ পৰিকল্পিত ব্যৱহাৰৰ জৰিয়তে পৃথিৱীখন সমৃদ্ধিশালী কৰি পাব পৰা যায়। প্ৰকৃতিয়ে আমাক যিমানখিনি সম্পদ দিব পাৰে ঠিক সিমানখিনি। সম্পদ প্ৰকৃতিক পুনৰাই ঘূৰাই দিব পাৰিলেহে প্ৰাকৃতিক ভাৰসাম্য অটুট থাকে। বর্তামান সময়ত উন্নয়নশীল দেশসমূহত পৰিবেশ প্ৰদূষণৰ সমস্যা দুই ধৰণেৰে উদ্ভৱ হৈছে।

(১) পৰিবেশৰ অৱক্ষয়ৰ মূল কাৰণ— দৰিদ্ৰতা আৰু অনগ্ৰসৰতা। 

(২) উন্নয়ন প্ৰক্ৰিয়াৰ নেতিবাচক প্ৰভাৱ।

উন্নয়ন প্ৰক্ৰিয়া গতিশীল কৰি ৰাখিও প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণত অধিক গুৰুত্ব দি পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰাতহে অধিক মনোযোগ দিব লাগে। 

সংৰক্ষণ শব্দটোৰ অৰ্থ হ'ল— কোনো হানি-বিঘিনি নোহোৱাকৈ যিকোনো বস্তু বা সামগ্ৰী ৰক্ষা কৰা। প্ৰাকৃতিক সম্পদ নিয়াৰিকৈ সংৰক্ষণ কৰিব পাৰিলেহে পৰিবেশ আৰু পৰিস্থিতিতন্ত্ৰ একো বিসংগতি নোহোৱাকৈ ৰক্ষা কৰিব পৰা যায়। তাৰ বাবে মানুহে ক্ষুদ্ৰ স্বার্থ আৰু লোভ পৰিহাৰ কৰি প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰাৰ পৰা বিৰত থাকিব লাগিব। প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ উদ্দেশ্যে ১৯৯০ চনত অনুষ্ঠিত হোৱা আন্তর্জাতিক সন্মিলনে জৈৱ সম্পদ সংৰক্ষণৰ বাবে তিনিটা মূল লক্ষ্য স্থিৰ কৰি লৈছিল। এই তিনিটা লক্ষ্য আছিল—

(a) পৰিস্থিতিতন্ত্ৰ স্বাভাৱিকভাৱে অটুট ৰখা। 

(b) জীৱৰ আনুবংশিক বিভিন্নতা আৰু জীৱন ধাৰণৰ প্ৰক্ৰিয়া ৰক্ষা কৰা।

(c) জীৱ প্ৰজাতি আৰু পৰিস্থিতিতন্ত্ৰৰ হানি-বিঘিনি নঘটাকৈ পৰিকল্পিতভাবে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰা।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »