-->

Class 11 Environment Chapter 2 বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা । Ecological study

একাদশ শ্ৰেণীৰ পৰিবেশ শিক্ষা : অধ্যায়ঃ ২ বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা । Ecological Concepts

1. কেৱল উত্তৰ দিয়াঃ- 

(ক) পৰিবেশ সম্বন্ধে বিশদভাবে অধ্যয়ন কৰা বিষয়টোক কি বোলে? 

উত্তৰঃ- পৰিস্থিতিবিজ্ঞান। 


(খ) ইক'লজী শব্দৰ অৰ্থ কি? HS-2014

উত্তৰ:- জীৱৰ ঘৰ বা বাসস্থান।


(গ) পৃথিৱীৰ জীৱমণ্ডল কি কি ভাগত বিভক্ত?

উত্তৰ:- দ্ভিদ আৰু প্রাণী।


(ঘ) জীৱৰ বাসস্থানৰ ভিন্নতাৰ কাৰণ কি? 

উত্তৰঃ- পৰিবেশৰ ভিন্নতা। 


(ঙ) পৰিস্থিতি বিজ্ঞানৰ মূল উদ্দেশ্য কি?

উত্তৰঃ- পৰিস্থিতি সাপেক্ষে জীৱৰ জীৱন ধাৰণ প্ৰণালী, প্রকৃতি, বংশবৃদ্ধি, বাসস্থান আদিৰ অধ্যয়ন কৰা।


(চ) একে পৰিবেশত একেলগে জীবনধাৰণ কৰা জীৱ সমষ্টিক কি বোলে? 

উত্তৰ:- সম্প্রদায়।


(ছ) পৰিস্থিতিতন্ত্র নামটো কোনে দিয়ে? 

উত্তৰঃ- ছাৰ এ. জি. টেনশ্লি নামৰ পৰিবেশ বিজ্ঞানীগৰাকীয়ে। 


(জ) সেউজীয়া উদ্ভিদক প্রাথমিক বোলাৰ কাৰণ কি? 

উত্তৰ:- উদ্ভিদে খাদ্য উৎপাদন কৰে। 


(ঝ) উদ্ভিদে খাদ্য প্রস্তুত কৰা প্ৰণালীটোক কি বোলে? 

উত্তৰ:- সালোক সংশ্লেষণ।


(ঞ) জীৱৰ পৰিপুষ্টিৰ সময়ত কিমান শক্তি শ্বাস-প্রশ্বাস আৰু দেহৰ উত্তাপত খৰচ হয়? 

উত্তৰঃ- ৯০ শতাংশ।


(ট) দুবিধ বিয়োজক জীৱৰ নাম উল্লেখ কৰা। 

উত্তৰ:- বেক্টেৰিয়া, ভেঁকুৰ।


(ঠ) কোনবোৰ জীবই মৃতদেহৰ পৰা লাগতিয়াল দ্রব্য উৎপাদন কৰি মাটিত মিহলাই দিয়ে?

উত্তৰ:- বিয়োজকে। 


2. পৰিস্থিতিতন্ত্ৰ কেই প্রকাৰৰ? HS-2014 

উত্তৰঃ- পৰিস্থিতিতত্র তিনি প্রকাৰৰ। সেয়া হল -

(a) স্থলজ পৰিস্থিতিতন্ত্র (b) পৰিষ্কাৰ পানীৰ পৰিস্থিতিত আৰু (c) সাগৰীয় পৰিস্থিতিতন্ত্র।


3. পৰিস্থিতিতন্ত্রৰ উপাদানকেইটাৰ নাম লিখা। 

উত্তৰঃ- পৰিস্থিতিতন্ত্র প্রধান উপাদানকেইটা হ'ল - জৈৱিক উপাদান আৰু অজৈৱিক উপাদান। 


4. পৌষ্টিক স্তব কি?

উত্তৰঃ- একেটা উৎসৰ পৰা শক্তি আহৰণ কৰা জীৱসমূহক একেটা পৌষ্টিক তৰত থকা বুলি কোৱা হয়।


5. খাদ্যশৃংখল কি? HS-2019

উত্তৰ:- কোনো এটা পৌষ্টিক স্তৰত থকা জীৱসমূহৰ মাজত খাদ্য খোৱা আৰু খাদ্য খুওৱাৰ প্ৰক্ৰিয়াৰে খাদ্যশক্তি এক শৃংখলিত ৰূপত প্রৱাহিত হৈ থকা ব্যৱস্থাটোকে খাদ্যশৃংখল বোলে।


6. খাদ্য জালিকাৰ তাৎপর্য কি?

উত্তৰ:- খাদ্য জালিকাই জীৱ সমুদায়ৰ বিভিন্ন জীৱৰ মাজত খাদ্যজনিত সম্বন্ধ স্থাপন কৰে।


7. অৰণ্য বায়মকেইটাৰ নাম লিখা। HS-2013 

উত্তৰ:- অৰণ্য বায়মকেইটা হ'ল – (a) চিৰসেউজ বনানী (b) সৰল গছ অৰণ্য আৰু (c) পর্ণপাতী বৃক্ষ অৰণ্য। 


8. ক্রান্তীয় বৰ্ষাৰণ্য ভাৰতৰ কোন কোন অঞ্চলত দেখা যায়।

উত্তৰ:- ক্রান্তীয় বৰ্ষাৰণ্য ভাৰতৰ পশ্চিমঘাট অঞ্চল, আন্দামান আৰু উত্তৰ-পূব হিমালয়ত দেখা যায়।


9. ইক'লজি বা বাস্তব্যবিদ্যাৰ সংজ্ঞা নির্ণয় কৰা।

উত্তৰ:- ইক'লজি বা বাস্তব্যবিদ্যা (Ecology) হ'ল বিজ্ঞান শাস্ত্ৰৰেই এটা অংশ। যদি বিজ্ঞান বুলিলে পদার্থবিজ্ঞান, ৰসায়নবিজ্ঞান, জীৱবিজ্ঞান আদিকেই মূলতঃ বুজা যায়, সাম্প্রতিক কালত পৰিস্থিতি বিজ্ঞানৰ গুৰুত্ব বহুখিনি বাঢ়ি আহিছে আৰু বহুলভাৱে চর্চিত বিষয় হৈ পৰিছে। যিকোনো এটা পৰিবেশৰ জীৱসমূহ আৰু ইহঁতৰ চৌদিশৰ পৰিবেশৰ বিষয়ে ৰা অধ্যয়নকে পৰিস্থিতিবিজ্ঞান বা ইক'লজি বা বাস্তব্যবিদ্যা (Ecology) বোলা হয়।


10. পৌষ্টিক স্তৰ কি?     HS-2013

উত্তৰঃ- পৌষ্টিক স্তৰঃ যিকোনো পৰিস্থিতিতন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰ পর্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি। ইয়াকেই পৌষ্টিক স্তৰ বুলি গণ্য কৰা হয়। একেই উৎসৰ পৰা শক্তি আহৰণ কৰা জীৱন্ত জীৱসমূহ একেটা পৌষ্টিক স্তৰৰ বুলি গণ্য কৰা হয়। এইদৰে সেউজ উদ্ভিদ প্রথম পৌষ্টিক স্তৰত অন্তর্ভুক্ত হ'ব। তৃণভোজী প্রাণীবোৰ দ্বিতীয় পৌষ্টিক স্তৰভুক্ত হ'ব। মাংসভোজী প্রাণীবোৰ অন্তর্ভুক্ত হ'ব তৃতীয় পৌষ্টিক স্তৰত৷ এইদৰে বাকীবোৰ অন্যান্য শ্রেণীভুক্ত হ'ব। 


11. খাদ্যশৃংখল আৰু খাদ্য জালৰ ঘাই ঘাই বৈশিষ্ট্যবোৰ উল্লেখ কৰা। HS-2014

উত্তৰ:- খাদ্যশৃংখল আৰু খাদ্য জালে তন্ত্র এটাত মুখ্য ভূমিকা লয়। কিয়নো শক্তি প্রবাহ আৰু খনিজ লৱণৰ চক্ৰাকাৰ চলন ইহঁতৰ দ্বাৰাই সংঘটিত হয়।

খাদ্য শৃংখলে ভিন ভিন জীৱৰ জনসংখ্যাও নিয়ন্ত্রণ আৰু পৰিচালনা কৰে, ফলত তন্ত্ৰটো এটা সাম্য অৱস্থাত থাকে।

খাদ্য শৃংখলে দেখুওৱা একক ধর্মটো হ'ল কেতবোৰ ৰাসায়নিক পদার্থৰ জৈৱিক পৰিবৰ্ধন। বহুতো কীটনাশক, গধুৰ ধাতু আৰু অন্য ৰাসায়নিক পদার্থ আছে যিবোৰ জৈৱিক অৱনমিত নহয়। তেনেবোৰ ৰাসায়নিক পদার্থক অণুজীৱয়ো ভাঙিব নোৱাৰে আৰু সেইবোৰ এটা পৌষ্টিক স্তৰৰ পৰা আন এটালৈ প্রবাহিত হৈ থাকে, ফলত ইহঁতৰ গাঢ়তা বাঢ়ে। এইটোৱেই জৈৱিক পৰিবর্ধনকৰণ।


12. পৰিস্থিতিত বুলিলে তুমি কি বুজা? HS-2015

উত্তৰ:- পৰিস্থিতিতন্ত্র হ'ল পৰস্পৰৰ আৰু জড় উপাদানসমূহৰ মাজত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্রিয়াৰ গতিশীল কর্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ সম্প্রদায়। এই ধৰণৰ আন্তঃক্রিয়াই ব্যৱস্থাটোক বৰ্তাই ৰাখে আৰু পৰিৱর্তনশীল অৱস্থালৈ সঁহাৰি জনোৱাত অনুমোদন কৰে। এইদৰে পৰিস্থিতিতন্ত্রই জৈৱিক, জড় উপাদান আৰু সিহঁতৰ আন্তঃক্রিয়াক সামৰি লয়। কাজিৰঙাৰ পৰিস্থিতিতন্ত্রই এইদৰে উদ্যানখনৰ বিভিন্ন ৰূপৰ প্ৰাণীৰ লগতে জড় উপাদান, যেনে মাটি, শিল, পানী আদি। আনকি উদ্ভিদসমূহৰ দ্বাৰা শুহি লোৱা সৌৰ শক্তি আৰু আন্তঃক্রিয়াকে সামৰি লৈছে। পৰিস্থিতিতন্ত্ৰ হৈছে বাস্তব্যবিদ্যাৰ ঘাই সক্রিয় গোট।


13. পৰিস্থিতিতন্ত্র শ্রেণীবিভাগ কৰা। 

উত্তৰঃ- পৰিস্থিতিতত্র ঘাইকৈ দুই ধৰণৰ — 

(a) প্রাকৃতিক পৰিস্থিতিতন্ত্ৰ

(b) কৃত্রিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্র 

(a) প্রাকৃতিক পৰিস্থিতিতন্ত্র:- এই তন্ত্ৰ দুভাগত বিভক্ত।

(১) ভূস্থলীয় পৰিস্থিতিতন্ত্র : উদাহৰণ— বনাঞ্চল পৰিস্থিতিতন্ত্ৰ, তৃণভূমি পৰিস্থিতিতন্ত্ৰ, মৰুভূমি পৰিস্থিতিতন্ত্র।

(২) জলজ পৰিস্থিতিতন্ত্র : এই পৰিস্থিতিতন্ত্র নির্মল জল পৰিস্থিতিতন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতিতন্ত্ৰ হ'ব পাৰে। নির্মল জল পৰিস্থিতিতন্ত্র প্রৱহমান অথবা আবদ্ধ জলৰো হ'ব পাৰে। 

(b) কৃত্রিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্র (HS-2017) : এইবোৰ পৰিস্থিতিতন্ত্র কৃত্রিমভাৱে মানুহৰ দ্বাৰা সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে – শস্যভূমি পৰিস্থিতিতন্ত্র, পুখুৰীৰ মীন পালন ব্যৱস্থা আদি। 


14. প্রৱহমান আৰু স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্র কি? উদাহৰণ দিয়া। HS-2018

উত্তৰ:- প্রৱহমান পৰিস্থিতিতন্ত্র : যি পৰিস্থিতিতন্ত্ৰত পানী প্রৱহমান বা বৈ যায় তেনে জলজ পৰিস্থিতিতন্ত্রকে প্রৱহমান বা মুক্ত প্রবাহৰ পৰিস্থিতিতন্ত্র বোলে। যেনে- নদী, নিজৰা। 

স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্র : যি পৰিস্থিতিতন্ত্ৰত পানী আবদ্ধ বা স্থিৰ হৈ থাকে তেনে জলজ পৰিস্থিতিতন্ত্রকে আৱদ্ধজল বা স্থিৰ জলাশয় পৰিস্থিতিত বোলে। যেনে— পুখুৰী, হ্রদ।


15. উৎপাদক, উপভোক্তা আৰু পচনকাৰক কাক কয়?

উত্তৰঃ- উৎপাদক : সৌৰ শক্তিৰ সহায়ত যিবোৰ উদ্ভিদ তথা প্রাণীয়ে অজৈৱিক বস্তু আত্মীকৰণ কৰি প্ৰাকৃতিক খাদ্য প্রস্তুত কৰিব পাৰে সেই শ্ৰেণীৰ জীৱক উৎপাদক শ্ৰেণীত অন্তর্ভুক্ত কৰা হৈছে। সকলোবোৰ সেউজীয়া উদ্ভিদ আৰু কেইবিধমান নিম্ন শ্ৰেণীৰ প্রাণী এই ভাগৰ অন্তর্ভুক্ত।

উপভোক্তা : যিবোৰ উদ্ভিদ বা প্রাণীয়ে নিজৰ আহাৰ নিজে প্রস্তুত কৰিব নোৱাৰে, উৎপাদক শ্ৰেণীৰ ওপৰত আহাৰৰ বাবে নিৰ্ভৰ কৰে, সেই শ্ৰেণীৰ জীৱৰ সমষ্টিক উপভোক্তা বোলা হয়। উপভোক্তা বিভিন্ন শ্ৰেণীৰ হ'ব পাৰে। যেনে- প্রাথমিক উপভোক্তা, দ্বিতীয় স্তৰৰ উপভোক্তা আৰু তৃতীয় স্তৰৰ উপভভাক্তা।

পচনকাৰক : বিয়োজকবোৰ ক্ষুদ্র অণুজীৱ। বিশেষকৈ বেক্টেৰিয়া আৰু ভেঁকুৰ জাতীয় জীৱ। এই শ্ৰেণীৰ জীৱই উৎপাদক আৰু উপভোক্তা শ্ৰেণীৰ মৃতদেহসমূহৰ পচন ঘটায়।


16. পৰিস্থিতিতন্ত্রৰ গাঁথনি আৰু ক্রিয়া সম্পর্কে চমুকৈ লিখা। HS-2015

উত্তৰঃ- জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ সংৰচন আৰু সংগঠনেই পৰিস্থিতিতন্ত্ৰৰ গাঁথনি নির্মাণ কৰে।

পৰিস্থিতিতন্ত্ৰৰ গাঁথনিসমূহ তলত উল্লেখ কৰা হ'ল-

(a) অজৈৱিক উপাংশ (Abiotic components) (HS-2019) : অ'ডাম (১৯৭১) ৰ মতে পৰিবেশতন্ত্রৰ অজৈৱিক উপাংশ তিনি ধৰণৰ হ'ব পাৰে-

(১) অজৈৱ দ্রব্য (Inorganic materials) : যেনে— পানী, CO2, O2, N, Ca, P আৰু ইয়াৰ বিভিন্ন যৌগসমূহ- নাইট্রেট, কার্বনেট ইত্যাদি। 

(২) জৈব যৌগ (Organic compounds) : যেনে— প্র'টিন, কার্বহাইড্রেট, স্নেহ।

(৩) জলবায়ৱিক উপাংশ (Climatic factors) : যেনে— বতাহ, বৰষুণ, বায়ুমণ্ডলৰ আর্দ্রতা, উত্তাপ, পোহৰ ইত্যাদি।

(b) জৈৱিক উপাংশ (Biotic components) : 

(১) উৎপাদক (Producers)- সেউজীয়া উদ্ভিদ। 

(২) উপভোক্তা (Consumers)

প্রাথমিক উপভোক্তা (Primary consumers) : তৃণভোজী প্রাণী, যেনে— গৰু, ম'হ, ছাগলি, ফৰিং, হৰিণা ইত্যাদি।

গৌণ উপভোক্তা (Secondary consumers) : মাংসভোজী প্রাণী, যেনে— বাঘ, সিংহ আদি।

তৃতীয় শ্রেণীৰ উপভোক্তা (Consumers of the third order) : শগুন, বাঘ আদি।

(৩) বিয়োজক (Decomposers) : ভেঁকুৰ, বেক্টেৰিয়া আদি অণুজীৱবোৰ।

পৰিস্থিতিতন্ত্ৰৰ ক্রিয়া : প্রাকৃতিক অৱস্থাসমূহৰ মাজত এক প্রণালীবদ্ধ উপায়েৰে পৰিস্থিতিতন্ত্রই ইয়াৰ সকলো ক্রিয়া-কর্ম সম্পাদন কৰে। এই ব্যবস্থাই সূৰ্যৰ পৰা শক্তি সংগ্রহ কৰি বিভিন্ন পর্যায়ত বিভিন্ন উপাদানসমুহলৈ প্ৰেৰণ কৰে। পৰিস্থিতিতন্ত্ৰৰ ক্রিয়াক কেৱল সামগ্রিকভাৱেহে বিবেচনা কৰিব পাৰি। কাৰণ পৰিস্থিতিতন্ত্ৰৰ প্ৰতিটো অংশৰ ইটোৰ সিটোৰ সৈতে ক্রিয়াগত প্রভাৱ আছে। কোনো পৰিস্থিতিতন্ত্ৰৰ ঘাই ঘাই বৈশিষ্ট্যসমূহ খাদ্যশৃংখল, খাদ্যজাল, পৌষ্টিক স্তৰ, শক্তি প্রবাহ, পৌষ্টিক চক্র আদিৰ জৰিয়তে বর্ণনা কৰিব পাৰি।


17. খাদ্যশৃংল আৰু খাদ্য জাল কি?

উত্তৰ:- খাদ্যশৃংখল : যিকোনো পৰিস্থিতিতন্ত্রত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্রাপ্ত হোৱা অনুক্রমিক শৃংখলকেই খাদ্যশৃংখল বুলি কোৱা হয়।

খাদ্যশৃংখলৰ সাধাৰণ উদাহৰণসমূহ এনে ধৰণৰ-

(a) ঘাঁহ—পশু-বাঘ (এই শৃংখল তিনিটা সংযোগক লৈ গঠিত) 

(b) ঘাঁহ-ফৰিং-পক্ষী—শেন চৰাই (এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত)

(c) উদ্ভিদ প্লাৱক - পানীৰ কীট বা পোক — ক্ষুদ্র মাছ - টুনা মাছ (এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত)।

প্রাকৃতিক পৰিস্থিতিতন্ত্ৰত দুই প্রকাৰৰ খাদ্যশৃংখল দেখা পোৱা যায়। এক প্ৰকাৰৰ খাদ্যশৃংখল আৰম্ভ হয় সেউজীয়া উদ্ভিদৰ পৰা। এই খাদ্যশৃংখলক লৈ গঠিত হয় প্রথম পৌষ্টিক স্তৰ। তৃণভোজীবিলাকক লৈ গঠিত হয় দ্বিতীয় পৌষ্টিক স্তৰ আৰু মাংসভোজী প্রাণীক লৈ গঠিত হয় তৃতীয় পৌষ্টিক স্তৰ। সিহঁতৰ চৰণীয়া খাদ্যশৃংখল বুলি গণ্য কৰা হয়। অন্য প্ৰকাৰ খাদ্যশৃংখলৰ আৰম্ভ হয় এই সেউজ বৃক্ষ তথা জাৰ-জোথৰ গেলিপচি সৃষ্টি হোৱা মাটি, বালি আদিৰ পৰা। ইয়াক কোৱা হয় ক্ষয়জনিত কাৰণত সৃষ্ট খাদ্যশৃংখল। খাদ্যশৃংখল সদায় এক দিশমুখী।

খাদ্য জাল : কিছুসংখ্যক খাদ্যশৃংখল ইটো সিটোৰ সৈতে সংযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্যজালৰ সৃষ্টি কৰে। কেইবাটাও সংযুক্ত খাদ্যশৃংখলক লৈ গঠিত এই অন্তর্বন্ধনযুক্ত ৰূপকে খাদ্য জাল বুলি কোৱা হয়। গতিকে খাদ্য জাল হৈছে খাদ্যশৃংখলৰ এনে এক কর্মজাল য'ত বিভিন্ন ধৰণৰ জীৱ বিভিন্ন ধৰণৰ পৌষ্টিক স্তৰত সংযুক্ত। ইয়াত প্ৰতিটো পৌষ্টিক স্তৰত আহাৰ ভক্ষণ কৰা আৰু ভক্ষিত হোৱাৰ কেইবাটাও উপায় আছে। পৰিস্থিতিতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ক্রিয়া যেনে শক্তি প্রবাহ আৰু পুষ্টি চক্র, সিহঁতৰ জৰিয়তে সংঘটিত হয়।


18. পৰিবেশীয় পিৰামিড বুলিলে তুমি কি বুজা? বিভিন্ন প্রকাৰৰ পৰিবেশীয় পিৰামিডৰ নাম উল্লেখ কৰা। HS-2016

উত্তৰঃ- যেতিয়া কোনো এটা পৰিস্থিতিতন্ত্র উৎপাদকৰ পৰা আৰম্ভ কৰি একাদিক্রমে বিভিন্ন পৌষ্টিক স্তৰৰ গঠন আৰু কাম লেখচিত্ৰত প্ৰকাশ কৰা হয় তেতিয়া এই শীর্ষ বিন্দু পোৱা যায়। এই লেখচিত্ৰবোৰেই পিৰামিড।



ইহঁতক তিনিটা ভাগত ভগাব পাৰি—

(a) সাংখ্যিক পিৰামিড- ই স্বতন্ত্রভাবে কোনো জীৱৰ পৌষ্টিক স্তৰত সংখ্যা দিয়ে।

(b) জৈৱ ভৰ- ই প্রত্যেক পৌষ্টিক স্তৰত থকা মুঠ জৈৱ ভৰৰ ওপৰত নিৰ্ভৰশীল।

(c) শক্তিৰ পিৰামিড— প্রত্যেক স্তৰত কিমান শক্তি আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি এই পিৰামিড অঁকা হয়। 


19.  চমুটোকা লিখা। 

(A) উৎপাদক :

উত্তৰ:- উৎপাদকবিলাক হৈছে সেউজীয়া উদ্ভিদ। এই উদ্ভিদসমূহত হৰিকণা (Chlorophyll) নামৰ এবিধ ৰঞ্জক পদার্থ (Pigment) থাকে। হৰিকণাৰ সহায়ত ইহঁতে সূৰ্যৰ পোহৰৰ সহায়ত অজৈৱিক পদাৰ্থৰ (পদার্থ আৰু এঙাৰ গেছ) পৰা শ্বেতসাৰ নামৰ মূল শক্তিদায়ক খাদ্য উৎপন্ন কৰিব পাৰে। এই ধৰণৰ উদ্ভিদসমূহে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব পাৰে বাবে ইহঁতক স্ব-পোষী (Autotroph, Auto = self, troph= nourish) বোলা হয়। স্ব-পোষী উদ্ভিদসমূহ দুই ধৰণৰ হ'ব পাৰে। (a) শিলাযুক্ত গছ-গছনিসমূহ আৰু ওপঙি থকা উদ্ভিদসমূহ (b) ক্ষুদ্রাকৃতিৰ ভাসমান উদ্ভিদসমূহ বা উদ্ভিদ প্লাৱক (Phytoplankton) সমূহ।

উৎপাদকসমূহে সাধাৰণতে সালোক সংশ্লেষণৰ সহায়ত শ্বেতসাৰ জাতীয় খাদ্য উৎপাদন কৰে। শ্বেতসাৰৰ উপৰিও উৎপাদকসমূহে এমিন' এচিড (Amino Acid), মাংসসাৰ (Protein) বা আন লাগতিয়াল বস্তু কিছুমানো সংশ্লেষণ কৰে।

উদ্ভিদবোৰৰ উপৰিও কিছুমান বেক্টেৰিয়ায়ো উৎপাদক হিচাপে কাম কৰে। ইয়াৰে কিছুমানে সালোক সংশ্লেষণৰ জৰিয়তে খাদ্য উৎপন্ন কৰে কিন্তু আন সেউজীয়া উদ্ভিদৰ দৰে ইহঁতে অক্সিজেন/অম্লজান উৎপন্ন নকৰে আৰু ইহঁতে অম্লজানৰ অনুপস্থিতিতো জীয়াই থাকিব পাৰে। আন কিছুমান বেক্টেৰিয়াই আকৌ কিছুমান অজৈৱিক ৰাসায়নিক পদার্থৰ পৰা (যেনে -এম'নিয়া, নাইট্র'জেন, ছালফাইড ইত্যাদি)। এই বেক্টেৰিয়াসমূহ অক্সিজেনৰ উপস্থিতিত বা অনুপস্থিতিতে জীয়াই থাকিব পাৰে।


(B) উপভোক্তা : HS-2020

উত্তৰ:- উপভোক্তাসমূহ পৰপোষী (Heterotrophic) জীৱ। ইহঁতৰ বেছিভাগেই প্রাণী আৰু ইহঁতে আন জীৱ বা সেই জীৱবিলাকে সংশ্লেষণ কৰা জৈৱিক পদার্থ ভক্ষণ কৰি জীয়াই থাকে। খাদ্যাভাসৰ (Feeding habit) ওপৰত নিৰ্ভৰ কৰি উপভোক্তা প্রাণীসমূহ দুটা ভাগত ভগাব পাৰি। সেই ভাগ দুটা হ'ল— তৃণভোজী, আৰু মাংসভোজী।

তৃণভোজী প্রাণীসমুহে উৎপাদক গোষ্ঠীসমূহৰ পৰা প্রত্যক্ষভাৱে খাদ্য আহৰণ কৰে। জলজ পৰিবেশতন্ত্রত এই তৃণভোজী প্রাণীসমুহ দুই ধৰণৰ- প্ৰাণী প্লৱক (Zooplankton) আৰু পানীৰ তলিত বাস কৰা প্রাণীসমূহ। এই পৰিবেশৰ মুখ্য পোষক প্রাণীসমুহ হ'ল- আদ্যপ্রাণী, শামুকজাতীয় প্রাণীসমুহ, মাছ ইত্যাদি বিলাকে উৎপাদকসমূহ ভক্ষণ কৰে। আনহাতে স্থলভাগৰ পৰিবেশতন্ত্রৰ মুখ্য পোষকবিলাক হৈছে বিভিন্ন তৃণভোজী জন্তুসমুহ, পতংগ ইত্যাদি। আনহাতে মাংসভোজী প্রাণীসমুহে মুখ্য পোষক প্রাণীসমুহক ভক্ষণ কৰে আৰু সিহঁতৰ দেহটোক খাদ্য হিচাপে ব্যৱহাৰ কৰে। ইহঁতক গৌণ পোষক বোলে। এই গৌণ পোষকবোৰক তৃতীয় এক শ্ৰেণীৰ প্রাণীয়ে খাদ্য হিচাপে ভক্ষণ কৰিব পাৰে। আনহাতে মানুহৰ নিচিনা কিছুমান সর্বভঙ্গী প্রাণীয়ে গোটেই শ্ৰেণীৰ ভূমিকা ল'ব পাৰে। কিয়নো ইহঁতে মাংসভোজী, তৃণভোজী উভয় জীৱকে ভক্ষণ কৰাৰ উপৰিও উদ্ভিদজাত সামগ্রীবোৰো ভক্ষণ কৰে।


(C) বিয়োজক HS-2020

    এই জীৱসমূহে উৎপাদক আৰু পোষক শ্ৰেণীৰ প্রাণীসমূহৰ মৃত শৰীৰৰ বিভিন্ন জটিল যৌগসমূহ ভাঙি পেলাই কিছু অংশ সৰল উপাদান হিচাপে উৎপাদক শ্ৰেণীৰ বাবে গ্রহণযোগ্য কৰি তোলে। লগতে নিজৰ পুষ্টি আহৰণ কৰে। বিভিন্ন বেক্টেৰিয়া, ভেঁকুৰ আদি এই বিয়োজক শ্ৰেণীৰ জীৱ।

পুখুৰীৰ পানীত আৰু তলিত থকা বোকাত নানা ধৰণৰ বিয়োজক (বেক্টেৰিয়া, ভেঁকুৰ) যথেষ্ট পৰিমাণে থাকে। পুখুৰীত থকা উৎপাদক আৰু উপভোক্তাবিলাকৰ মৃত্যুৰ পাছত বিয়োজকবোৰে সিহঁতৰ দেহ পচন ঘটাই তাৰ পৰা খাদ্য সংগ্রহ কৰে৷

এটা পৰিস্থিতিতন্ত্রত ওপৰৰ সকলো জৈৱিক কাৰকেই বৰ্তি থাকে। কেতিয়াবা কেতিয়াবা কেতবোৰত মৌলিক উৎপাদক প্রবল (যেনে- অৰণ্যত কৃষি পৰিস্থিতিতন্ত্র)। আনহাতে আন কেতবোৰৰ বিয়োজক প্রবল (সাগৰৰ তলিত)।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396

Previous
Next Post »