-->

Class 11 : Fundamentals of Environment । পৰিবেশৰ বিষয়ে মৌলিক ধাৰণা

Class 11 Environment Chapter 1 - Fundamentals of Environment । পৰিবেশ শিক্ষা : অধ্যায়ঃ ১ - পৰিবেশৰ বিষয়ে মৌলিক ধাৰণা


 1. কেৱল উত্তৰ দিয়াঃ-

(ক) বায়ু, পানী আৰু মাটিক লৈ গঢ়ি উঠা বাতাবৰণটোক কি বোলে? 

উত্তৰঃ- পৰিবেশ।


(খ) পৰিবেশৰ প্রধান উপাদানটো কি? 

উত্তৰঃ- বায়ু। 


(গ) অ'জন স্তৰত কুপ্রভাৱ পেলোৱা এবিধ প্ৰদূষকৰ নাম লিখা। HS-2013 

উত্তৰঃ- ক্ল'ৰ'ফ্ল'ৰ'কার্বন (CFC)


(ঘ) বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা আটাইতকৈ বেছি? 

উত্তৰঃ- থার্ম'স্ফিয়াৰ বা তাপমণ্ডলত।


(ঙ) বায়ুৰ কোনবিধ উপাদানে প্রাণীৰ কলা গঠনত অংশ লয়? 

উত্তৰঃ- নাইট্র'জেনে। 


(চ) উদ্ভিদৰ খাদ্য প্রস্তুতকৰণ প্ৰণালীটোক কি বোলে? 

উত্তৰ:- সালোক সংশ্লেষণ।


(ছ) পানীৰ মূল উৎস কি? 

উত্তৰ:- সাগৰ আৰু মহাসাগৰ। 


(জ) পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল? 

উত্তৰঃ- নৈৰ পাৰত। 


(ঝ) মানৱ প্ৰজাতি ক'ৰ পৰা সৃষ্টি হোৱা বুলি অনুমান কৰা হয়? HS-2013 

উত্তৰঃ- বান্দৰ জাতীয় বন মানুহৰ পৰা। 


2. পৰিবেশৰ অজৈৱিক উপাদানসমূহ কি কি? 

উত্তৰ:- পৰিবেশৰ অজৈৱিক উপাদানবোৰ হ'ল ক্রমে বায়ু, পানী আৰু মাটি।


3. মানুহ আৰু প্ৰকৃতিৰ মাজত কি সম্পর্ক আছে?

উত্তৰঃ- মানুহ আৰু প্রকৃতি পৰস্পৰৰ সহায়ক। এয়াই মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পর্ক।


4. পৰিবেশ কি?

উত্তৰঃ- আমাৰ পৃথিৱীখনত মুঠতে জৈৱ আৰু অজৈৱ দুবিধ পদার্থ থাকে। উদ্ভিদ আৰু প্ৰাণীৰ জগতখনক একেলগে জৈৱজগত বোলে। আনহাতে পানী, বায়ু আৰু মাটিৰ লগতে জীৱজগতৰ বিশেষকৈ মানুহৰ লগত থকা আন্তঃসম্বন্ধকে পৰিবেশ বোলে।


5. জলমণ্ডলত পানী কি কি ভাণ্ডাৰত পোৱা যায়?     HS-2014

উত্তৰঃ- সাগৰ-মহাসাগৰ, হ্রদ, নৈ, বিল, জান-জুৰি আদিত পানী থাকে। তদুপৰি কুমেৰু মহাদেশত বৰফ হিচাপে গোট মাৰি থকা অৱস্থাতো পানী পোৱা যায়। আনকি ভূ-গর্ভতো দুই-তৃতীয়াংশ পানী পোৱা যায়।


6. পৰিবেশৰ ভাৰসাম্য কিদৰে চলি আছে?

উত্তৰঃ- জীৱবোৰে নিজৰ প্রয়োজনভেদে পৰিবেশ ৰচনা কৰি ল'ব পাৰে। তথাপি কিছুমান প্রতিকূল পৰিবেশত জীৱকুল লুপ্ত হয়। এবিধ জীৱ লুপ্ত হ'লে আন এবিধ নতুন জীৱই সেই ঠাই পূৰণ কৰে। এইদৰে জীৱমণ্ডলে স্বাভাৱিক প্রক্রিয়া অটুট ৰাখি পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰাখিছে।


7. স্ট্রেট'স্ফিয়েৰত থকা অজ'ন গেছৰ স্তৰৰ ভূমিকা কি? HS-2015

উত্তৰঃ- অজ'ন গেছ বিয়পি আছে বায়ুমণ্ডলৰ ষ্ট্রেট'স্ফিয়ৰ অঞ্চলত। এই অজ'ন গেছে আমাৰ বাবে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱৰ বাবে এক ৰক্ষা কবচ হিচাপে এই অজ'ন গেছে কাম কৰে।


8. পৰিবেশৰ বিভিন্ন অংশবোৰ কি কি? 

উত্তৰ:- পৰিবেশৰ বিভিন্ন অংশসমূহ হ'ল — 

(a) এটম'স্ফিয়াৰ বা বায়ুমণ্ডল 

(b) হাইড্র'স্ফিয়াৰ বা জলমণ্ডল 

(c) লিথস্ফিয়াৰ বা ভূমণ্ডল। 

(d) বায়'স্ফিয়াৰ বা জীৱমণ্ডল। 


9. পৰিবেশ বুলিলে কি বুজা? 

উত্তৰঃ- আমি থকা পৃথিৱীখনত মুঠতে জৈৱ আৰু অজৈৱ পদার্থ থাকে। উদ্ভিদ আৰু প্রাণীক একেলগে জৈৱজগত বোলে। আনহাতে পানী, বায়ু আৰু মাটিৰ দ্বাৰা অজৈৱ জগত সৃষ্টি হয়। পানী, বায়ু আৰু মাটিৰ লগতে প্রাণীজগতক বিশেষকৈ মানুহৰ লগত থকা আন্তঃসম্বন্ধই হ'ল পৰিবেশ। ভৌতিক আৰু জৈৱিক (Surrounding) কেই পৰিবেশৰ ভিতৰত ধৰা হয়।


10. জীব বৈচিত্র্য সংৰক্ষণৰ এটা প্রধান কাৰণ উল্লেখ কৰা।

উত্তৰ:- আমি আন জীৱৰ পৰা বিভিন্ন ধৰণে সহায় পাওঁ। কেতিয়াবা আমি কোনো এবিধ জীৱৰ বিলুপ্তিৰ পিছতহে সেই জীববিধৰ গুৰুত্ব অনুধাৱন কৰো। জীৱজগতৰ প্রতিটো জীৱই পৰিস্থিতিতন্ত্রৰ সমতা ৰক্ষাত গুৰুত্বপূর্ণ ভূমিকা লয়। গতিকে, প্রাণী এবিধৰ বিলুপ্তিয়ে পৰিস্থিতিতন্ত্রত যথেষ্ট প্রভাৱ পেলায়। ইয়াৰ ফলতেই পৰিবেশ ভাৰসাম্যহীনতাৰ সৃষ্টি হয়। সেয়েহে জীৱ বিচিত্রতা সংৰক্ষণৰ যথেষ্ট প্রয়োজনীয়তা আছে।


11. পৰিবেশ সংৰক্ষণৰ বাবে জনসচেতনতাৰ প্ৰয়োজন আছেনে? HS-2018 

উত্তৰ:- জনসচেতনতাৰ অবিহনে পৰিবেশ সংৰক্ষণ সম্ভৱ নহয়। কাৰণ, জনসাধাৰণৰ সহযোগ নাথাকিলে চৰকাৰ বা কোনো বিভাগ বা কোনো সংগঠনে পৰিবেশ সংৰক্ষণত সফলতা লাভ কৰিব নোৱাৰে। জনসাধাৰণৰ সহযোগিতা সম্পূর্ণৰূপে নিৰ্ভৰ কৰে জনসচেতনতাৰ ওপৰত। পৰিবেশকেন্দ্রিক সমস্যাবোৰ কিয় হয়, কেনেদৰে উদ্ভৱ হয় সেই সম্পর্কে জ্ঞান নাথাকিলে তেনে সমস্যা সমাধানত জনসাধাৰণৰ সহযোগিতা আশা কৰিব নোৱাৰি।


12. পৰিবেশৰ বিভিন্ন উপাদানবোৰ কি কি? 

উত্তৰঃ- পৰিবেশৰ বিভিন্ন উপাদানসমূহ হ'ল –

(a) অজৈৱিক উপাদান 

(b) জৈৱিক উপাদান 

(c) শক্তি উপাদান 

অজৈৱিক অথবা ভৌতিক পৰিবেশক তিনিটা বৰ্গত ভাগ কৰিব পাৰি — 

(a) ভূমণ্ডল (কঠিন) 

(b) জলমণ্ডল (তৰল) 

(c) বায়ুমণ্ডল (গেছ)। 

জৈৱিক উপাদানসমূহ মানুহকে ধৰি উদ্ভিদ আৰু অন্যান্য প্রাণীকুলক লৈ গঠিত। শক্তি উপাদানসমূহ হৈছে— সৌৰশক্তি, ভুতাপ শক্তি, জল বৈদ্যুতিক শক্তি, পাৰমাণৱিক শক্তি ইত্যাদি।


13. বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ উল্লেখ কৰা। HS-2014

উত্তৰ:- বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ হ'ল -

প্রধান উপাদন : নাইট্র'জেন (N2) (৭৮.০৮%) অক্সিজেন (O2) (২০.৯৪%)

লঘু উপাদান : আর্গন (Ar) (৯.৩৪ x ১০-১০%) কার্বন-ডাই-অক্সাইড (CO2) (৩.২৫ x ১০-২%)।

অতি নগণ্য পৰিমাণৰ গেছ : নিয়ন, হিলিয়াম, মিথেন, জলীয় বাষ্প, ক্রিপটন, নাইট্রাছ অক্সাইড, জেনন, হাইড্র'জেন, ছালফাৰ ডাই-অক্সাইড, অজ'ন, এম'নিয়া, কার্বন মন'ক্সাইড, নাইট্র'জেন ডাই-অক্সাইড আদি। 


14. পৰিবেশগত শিক্ষাৰ বহল নীতি-নির্দেশিকাসমূহ কি কি?  HS-2015

উত্তৰ:- পৰিবেশগত শিক্ষাৰ বহল নীতি- নির্দেশিকাসমূহ হ'ল —

(a) পৰিবেশ আৰু পৰিবেশৰ প্ৰত্যাহ্বানসমূহৰ প্রতি অনুভূতিশীলতা আৰু সজাগতা।

(b) পৰিবেশ আৰু পৰিবেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উপলব্ধি আৰু জ্ঞান অর্জন কৰা। 

(c) পৰিবেশৰ বাবে উদ্বেগৰ মনোভাব আৰু পৰিবেশগত গুণমান ৰক্ষা আৰু উন্নত কৰাৰ মানসিকতা। 

(d) পৰিবেশগত প্রত্যাহবানসমূহ সমাধান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা কাম-কাজত অংশগ্রহণ।


15. তুমি ভাবা নেকি যে পৰিবেশ অধ্যয়ন কেৱল বিজ্ঞান শাখাৰ বিষয়?

উত্তৰঃ- পৰিবেশ অধ্যয়ন কেৱল বিজ্ঞান শাখাৰ বিষয় বুলি ক'ব নোৱাৰি। ই হৈছে বহু বিষয়ৰ সমষ্টি।

বিজ্ঞানৰ বিষয় হিচাপে জলস্থিতি বিজ্ঞান, সামাজিক অভিযান্ত্রিক, ৰসায়ন অভিযান্ত্রিক, পৰিবেশ অভিযান্ত্রিক বিজ্ঞান আদিৰ পৰা পৰিবেশ সংৰক্ষণত প্রয়োজনীয় বিভিন্ন উপায় বা পদ্ধতিসমূহৰ বিষয়ে জনা যায়। সেইদৰে, সমাজতত্ত্ব, শিক্ষা, ভূগোল, অর্থনীতি আদি বিষয়সমূহৰ সহায়ত পৰিবেশৰ লগত জড়িত আর্থ-সামাজিক আৰু ভৌগোলিক দিশসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ উপৰিও গণিত, পৰিসংখ্যাবিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান আদি বিষয়সমূহ হৈছে পৰিবেশ অধ্যয়নৰ মূল আহিলা। গতিকে, দেখা যায় যে বিজ্ঞান শাখাৰ উপৰিও কলা আৰু বাণিজ্য শাখাৰ মাধ্যমেৰেও পৰিবেশ অধ্যয়ন কৰা হয়।


16. জনসংখ্যা বৃদ্ধিয়ে পৰিবেশৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলায়?

উত্তৰ:- মানুহে জীৱন-ধাৰণৰ বাবে পৰিবেশৰ ওপৰত যথেষ্ট নির্ভৰশীল। ব্যক্তিগত অভাৱ পূৰণৰ বাবে মানুহে প্ৰকৃতিৰ ওপৰত অহৰহ হেঁচা প্রয়োগ কৰে। খাদ্যৰ অভাৱ পূৰণৰ বাবে খেতি কৰে আৰু প্রাকৃতিক সম্পদ আহৰণ কৰে, জলশক্তি উৎপাদন কৰে আৰু শস্যত পানী যোগানৰ বাবে নদ-নদীত বান্ধ দিয়ে। উদ্যোগ স্থাপনৰ বাবে খনিজ সম্পদৰ লগতে নানা তৰহৰ প্রাকৃতিক সম্পদ আৰু ইন্ধনৰ বাবে বনজ সম্পদো ব্যৱহাৰ কৰে। দ্রুত জনসংখ্যা বৃদ্ধিৰ ফলত প্ৰকৃতিৰ পৰা অবাধে সম্পদ আহৰণ কৰাত প্রাকৃতিক ভাৰসাম্য বিনষ্ট হয়। ফলত প্রাকৃতিক পৰিবেশ সকলো জীৱৰ বসবাসৰ বাবে অনুকুল হৈ নাথাকে।


17. পৰিবেশ শিক্ষা সম্পর্কে তুমি কি বুজিছা?

উত্তৰ:- পৰিবেশ শিক্ষা হৈছে পৰিবেশৰ জৰিয়তে, পৰিবেশৰ বিষয়ে আৰু পৰিবেশৰ বাবে গ্ৰহণ কৰা শিক্ষা। পৰিবেশ শিক্ষা হৈছে এনে এক শিক্ষাগত প্রক্রিয়া যাৰ জৰিয়তে প্রাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিবেশ সম্পর্কে অধ্যয়ন কৰা হয়। ইয়াত সামৰি লোৱা হৈছে জনসংখ্যাৰ সম্পর্ক, প্রদূষণ, সম্পদৰ আবণ্টন আৰু নিঃশেষ (ক্ষয়), সংৰক্ষণ পৰিবহণ প্রযুক্তি আৰু সমগ্র মানৱ পৰিবেশৰ বাবে নগৰাঞ্চল আৰু গ্রামীণ পৰিকল্পনাক। পৰিবেশ শিক্ষা হৈছে এনে এক প্রক্রিয়া, যি প্রক্রিয়াই মানুহৰ মাজৰ আন্তঃসম্পর্ক, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ জৈৱ ভৌতিক পাৰিপাৰ্শ্বিকতাক উপলব্ধি কৰা আৰু মর্মবস্তুক বুজাৰ বাবে দক্ষতা অর্জন, মনোভাব গঠনৰ লক্ষ্যৰে মূল্যবোধক স্বীকৃতি প্রদান আৰু ধাৰণাসমূহক ব্যাখ্যা কৰাত সহায় কৰে।


18. পৰিবেশ অধ্যয়নৰ আৱশ্যকতা কি? 

উত্তৰ:- এই বিষয়টো অতি আৱশ্যকীয় বিষয়, যিহেতু ই সাংসাৰিক বিষয়ৰ লগত জড়িত যেনে— নিৰাপদ আৰু বিশুদ্ধ পানী, স্বাস্থ্যকৰ জীৱন-ধাৰণ, স্বাস্থ্যকৰণ আৰু সতেজ বতাহ, সাৰুৱা মাটি, স্বাস্থ্যকৰ আহাৰ আৰু সহনীয় উন্নতিৰ বিষয়ে কয়। গতিকে পৰিবেশ অভিযান্ত্রিক, পৰিবেশ আইন ইত্যাদি পৰিবেশ সংৰক্ষণ আৰু পৰিচালনাৰ ক্ষেত্ৰত নতুন সুযোগৰূপে দেখা দিছে। পৰিবেশ আইনসমূহৰ কাৰণে আজিকালি শিল্প উদ্যোগত সৃষ্টি হোৱা অপচয়বোৰ পোনপটীয়াকৈ এৰি দিব নোৱৰা হৈছে। এনে মোকর্দমাবিলাকো অতি ব্যয়বহুল হোৱা হেতুকে শিল্প-উদ্যোগৰ গৰাকীসকলে সেউজ শিল্পবিদ্যা (green technology) ৰ সহায় লৈছে। জার্মান, আমেৰিকা, জাপান আদি দেশসমূহত অপচয় পৰিশোধনটো এটা ডাঙৰ বজাৰ হিচাপে পৰিগণিত হৈছে। ভাৰতত প্ৰদূষণ নিয়ন্ত্রণ পৰিষদখনো অতি সক্রিয়। এই পৰিষদৰ বিধি উলংঘা কৰা শিল্পসমূহক বন্ধ বা স্থানান্তৰ কৰিবলৈ হুকুম দিয়ে।


19. বিভিন্ন বৈষয়িক বিষয় হিচাপে পৰিবেশ অধ্যয়ন কি কি শিক্ষা বিষয়ৰ লগত সম্পর্কিত ব্যাখ্যা কৰা।

উত্তৰঃ- পৰিবেশ অধ্যয়নত জীৱমণ্ডলৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ লগতে এই উপাদানসমূহৰ লগত সম্পর্কিত বিষয়সমূহ অধ্যয়ন কৰা হয়। জৈৱিক উপাদানসমূহে উদ্ভিদজগত আৰু প্রাণীজগতক সামৰি লোৱাৰ বিপৰীতে বায়ু, মাটি আৰু পানী অজৈৱিক উপাদানৰ অন্তৰ্গত।

বিজ্ঞানৰ বিষয় হিচাপে পৰিবেশ অধ্যয়ন জলস্থিতি বিজ্ঞান। পৰিবেশ অভিযান্ত্রিক বিজ্ঞান, সামাজিক অভিযান্ত্রিক, ৰাসায়নিক অভিযান্ত্রিক আদি বিষয়ৰ লগত সম্পর্কিত। এই বিষয়সমূহৰ যোগেদি পৰিবেশ সংৰক্ষণত প্রয়োজনীয় বিভিন্ন উপায় বা পদ্ধতিসমূহৰ বিষয়ে জনা যায়। 

কলা শাখাৰ বিষয় হিচাপে সমাজতত্ত্ব, শিক্ষা, অর্থনীতি, ভূগোল, জনবার্তা প্ৰেৰণ আদি বিষয়বিলাকৰ সহায়ত পৰিবেশৰ লগত জড়িত আর্থ-সামাজিক আৰু ভৌগোলিক দিশসমুহ অধ্যয়ন কৰা হয়।

পৰিসংখ্যাবিজ্ঞান, গণিত, কম্পিউটাৰ বিজ্ঞান আদিৰ দৰে বিষয়সমূহ হ'ল পৰিবেশ অধ্যয়নৰ প্রধান আহিলা। পৰিবেশ সংৰক্ষণ আৰু পৰিবেশ পৰিচালনাৰ ক্ষেত্ৰত প্রণয়ন কৰা আইসমূহ হ'ল ইয়াৰ অতিৰিক্ত আহিলা।


20. চমুটোকা লিখাঃ- অ'জন স্তৰ

উত্তৰ:- অ'জন স্তৰ (ozone Layer) : অ'জন স্তৰ ষ্ট্রেট'স্ফিয়াৰ মণ্ডলৰ ১০ কিলোমিটাৰৰ পৰা ৪৫ কিলোমিটাৰ উচ্চতালৈকে বিয়পি আছে। এই স্তৰৰ ঘনত্ব ১৮ কিলোমিটাৰৰ পৰা ২৫ কিলোমিটাৰ অঞ্চলত সর্বাধিক। এই স্তৰে সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনীয়া ৰশ্মি (Ultraviolet Ray) ৰ অধিকাংশ শুহি লয় আৰু সেই মাৰাত্মক ৰশ্মি পৃথিৱীলৈ অহাত বাধাৰ সৃষ্টি কৰে। বায়ুমণ্ডলৰ অ'জন স্তৰৰ অৱস্থিতি পৃথিৱীৰ প্রাণী আৰু উদ্ভিদকুলৰ বাবে আশীর্বাদস্বৰূপ হিচাপে পৰিগণিত হৈছে। এই স্তৰত বিয়পি থকা অ'জন গেছে উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰে। কিন্তু পৃথিৱীপৃষ্ঠৰ পৰা বায়ুমণ্ডললৈ যোৱা কেতবোৰ প্ৰদূষকৰ হেঁচাত অ'জন স্তৰত উষ্ণতা বৃদ্ধি হয়। বিভিন্ন মানৱ সৃষ্ট উৎসৰ পৰা নিৰ্গত ক্ল'ৰ'ফ্ল'ৰ কার্বন (CFC) নামৰ প্ৰদূষকৰ কাৰণে অ'জন স্তৰত কুপ্রভাৱ পৰে। প্ৰদূষণৰ ফলত অ'জন স্তৰত কেতবোৰ ছিদ্র হ'লে পৃথিৱীলৈ অতি বেঙুনীয়া ৰশ্মি আহিব আৰু এই ৰশ্মি পৃথিৱীত পৰিলে পৃথিৱীৰ জীৱজগতৰ বিপদ হোৱাটো নিশ্চিত। সেয়েহে পৃথিৱীৰ পৰিবেশ সুস্থ কৰি ৰখাৰ বাবে অ'জন স্তৰ প্ৰদূষকৰ হেঁচাৰ পৰা মুক্ত কৰি ৰাখিব লাগে।


21. পৰিবেশ সম্পৰ্কত জনসাধাৰণৰ সজাগতাৰ আৱশ্যকতাৰ প্রয়োজন হৈছে কিয়?

উত্তৰঃ- পৰিবেশ সংৰক্ষণ নিৰ্ভৰ কৰিছে জনসাধাৰণৰ সজাগতাৰ ওপৰত। বর্তমান গোটেই বিশ্বত এই বিষয়টোৰ ওপৰত তৎপৰতা বাঢ়িছে। জনসাধাৰণক বুজাই তুলিব লাগিব যে পৰিবেশৰ অৱনমনৰ (degradation) ফলত নিজৰেই লোকচান বা হানি হ'ব। আমি প্রত্যেকেই এই জটিল অস্ত্র (system) ৰ আৰু আন অংশৰ লগত যোগাযোগ আছে। জনসাধাৰণক উপযুক্ত শিক্ষাৰে বুজাব লাগে যে কেতিয়াবা পৰিবেশৰ বিপৰীত ক্রিয়া দুৱাৰডলি (threshold) অতিক্রম নকৰালৈকে ধৰিব নোৱাৰে বা দেখা নাপায়। এনে অসাৱধানৰ ফলত পৰিবেশৰ ওপৰত কুপ্রভাব পৰাৰ সম্ভাৱনা থাকে। পৰিবেশ আৰু উন্নয়নৰ ওপৰত UN সন্মিলন এখন ১৯৯২ চনত Rio de Janerio ত অনুষ্ঠিত হয়। ২০০০ চনত জোহান্সবার্গত World Summit on সহনীয় উন্নতিৰ ওপৰত অনুষ্ঠিত হয়।

ভাৰতবৰ্ষত ১৯৯৮ চনত M. C. Mehta ই জনসাধাৰণৰ স্বার্থ মোকর্দমা এখন যুক্ত ভাৰতৰ (Union of India) বিৰুদ্ধে দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ে জনসাধাৰণক পৰিবেশৰ বিষয়ে সজাগ কৰি তুলিবলৈ ৰায় প্রদান কৰে। ১৯৯১ চনত এই উচ্চতম ন্যায়ালয়ে শিক্ষাৰ পাঠ্যক্ৰমত পৰিবেশ সম্পর্কীয় কার্যসূচী ৰাখিবলৈ ৰায় দিয়ে। ১৯৯২ চনত বায়ুৰ সংৰক্ষণৰ ওপৰত এখন আইন প্রণয়ন কৰে।


22. পৰিবেশ শিক্ষাৰ মৌলিক নীতিসমূহ উল্লেখ কৰা। 

উত্তৰঃ- পৰিবেশ শিক্ষাৰ মৌলিক নীতিসমূহ হ'ল – 

(a) শিক্ষা প্রদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ আন্তঃসম্পর্কত গুৰুত্ব।

(b) সামগ্রিকভাৱে পৰিবেশক বিবেচনা কৰা।

(C) নিৰন্তৰ শিক্ষা, প্রাক-স্কুল পর্যায়ৰ পৰা আৰম্ভণি আৰু সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পর্যায় জুৰি অব্যাহত ৰখা।

(d) স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক দৃষ্টিভংগীৰ পৰা ঘাই ঘাই পৰিবেশ সংক্রান্ত বিষয়বোৰ সমালোচনামূলক দৃষ্টিৰে পৰীক্ষা কৰা৷

(e) বর্তমান আৰু ভৱিষ্যৎ পৰিবেশৰ প্রবণতা আৰু অৱস্থাৰ বিষয়ে অধ্যয়ন চলোৱা।

(f) পৰিবেশৰ সমস্যা সৃষ্টিৰ প্রকৃত কাৰণবোৰ আৰু উপসর্গবোৰ আৱিষ্কাৰ কৰাত ছাত্র-ছাত্রীসকলক সহায় কৰা আৰু সেই মতে পৰিকল্পনা কৰা।

(g) চূড়ান্ত পর্যায়ত পৰিবেশ সমস্যাবোৰৰ সমাধানৰ কাৰণে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্রয়োজনীয়তা আৰু মূল্যবোধক জগাই তোলাৰ বাবে গুৰুত্ব প্রদান কৰা। 


23. পৰিবেশ শিক্ষাৰ বহুমুখী বিষয়ৰ চৰিত্র সম্পর্কে আলোচনা কৰা।

উত্তৰঃ- পৰিবেশ শিক্ষা হৈছে বহুমুখী বিষয়। পৰিবেশ আৰু ইয়াৰ বিভিন্ন জটিল পৰিঘটনা বিষয়ক দিশবোৰৰ সম্পর্কে জানিবলৈ হ'লে বিভিন্ন বিষয়ত জ্ঞান অর্জন কৰা প্রয়োজন। উদ্ভিদবিজ্ঞান, প্রাণীবিজ্ঞান, জৈৱ প্ৰযুক্তি, জৈৱ অভিযান্ত্রিক (বায়'ইঞ্জিনিয়াৰিং), অণুজীৱতত্ত্ব, জিন তত্ত্ব, জৈৱ ৰসায়নবিদ্যা আদিয়ে জৈৱিক (বায়'টিক) উপাদানসমূহ আৰু ইহঁতৰ আন্তঃক্রিয়া সম্পর্কে বুজাত সহায় কৰে। পদার্থবিজ্ঞান, ৰসায়নবিজ্ঞান, গণিত, পৰিসংখ্যাবিজ্ঞান আদিয়ে পৰিবেশৰ বিভিন্ন পৰিঘটনাবোৰক বুজাত সহায় কৰে। কম্পিউটাৰ বিজ্ঞান, তথ্যপ্রযুক্তি আদি হৈছে পৰিবেশ শিক্ষাৰ অপৰিহার্য অংগ। একেদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিবেশ অভিযান্ত্রিকবিদ্যা (ইঞ্জিনিয়াৰিং) অত্যাৱশ্যক। অভিযান্ত্রিকবিদ্যাৰ অন্যান্য শাখাসমূহ যেনে— ৰসায়ন, অসামৰিক, কাৰিকৰী আৰু নতুন উদ্ভাৱনমূলক প্রযুক্তিবোৰো পৰিবেশ সুৰক্ষা কার্যত যুক্ত। ধ্বংস হৈ গৈ থকা পৰিবেশক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সেউজ ৰসায়নবিজ্ঞানে এটা সুনির্দিষ্ট আৰু অত্যন্ত স্পষ্ট ভূমিকা পালন কৰে। সমাজতত্ত্ব, অর্থনীতি বিজ্ঞান, শিক্ষা, দর্শন আদি বিষয়ো বিভিন্নভাৱে যুক্ত। পৰিবেশ সুৰক্ষাৰ বারে সদায় পৰিবেশ আইন বলৱৎ কৰা হয়। গতিকে পৰিবেশ শিক্ষাই বহুবিধ বিষয়ৰ চৰিত্র বহন কৰে য'ত এক বিশ্বমুখী দৃষ্টিভংগী লৈ বিভিন্ন দিশবিলাকৰ মোকাবিলা কৰা হয়। 


24. জলচক্র কেনেদৰে হয়। ছবি আঁকি বুজোৱা।

উত্তৰ:- সূৰ্যৰ তাপত নৈ, বিল, হ্রদ, সাগৰ, মহাসাগৰ আদিৰ পৰা পানী ভাপ হৈ ওপৰলৈ উঠি যায় আৰু সেই ভাগ বায়ুৰ চেঁচা স্তৰত জমা হৈ মেঘ হিচাপে ঘনীভূত হয়। মেঘৰ পৰা বৰষুণ হয়। এইদৰে পানীৰ পৰা ভাপ, ভাপৰ পৰা মেঘ আৰু মেঘৰ পৰা বৰষুণ অর্থাৎ পুনৰ পানীলৈ ৰূপান্তিত হোৱা কাৰ্য অবিৰামভাৱে চক্ৰকাৰে চলি থাকে, ইয়াকে জলচক্র বোলে। এই জলচক্ৰৰ ফলত পৃথিৱীৰ পৰিবেশ শীতল হৈ আছে। প্রাণী আৰু উদ্ভিদ এই জীপাল পৰিবেশত স্বচ্ছন্দে জীয়াই আছে। তলত চিত্ৰৰ সহায়ত জলচক্র কেনেদৰে হয় দেখুওৱা হ'ল- Image


25. আমাৰ পৰিবেশ সুৰক্ষিত ৰখাত পৰিবেশগত সজাগতাই কেনেকৈ সহায় কৰে?     HS-2018, 15

উত্তৰঃ- বিশ্বই আজি পৰিবেশ অৱক্ষয় আৰু প্ৰদূষণৰ দৰে বৃহৎ সমস্যাৰ মোকাবিলা কৰিবলগীয়া হৈছে। বিভিন্ন ধৰণৰ প্ৰদূষণ, বনজ সম্পদৰ দ্রুত ক্ষয়, দ্রুতহাৰত জনসংখ্যা বিস্ফোৰণ, উদ্যোগীকৰণৰ প্ৰসাৰ, অপৰিকল্পিতভাৱে নগৰীকৰণ, খনিৰ কাম, ভূমিক্ষয় আদিয়ে সাম্প্রতিক বছৰবোৰত পৰিবেশতন্ত্রৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে। অর্থনৈতিক উন্নয়নৰ বাবে মানুহৰ অনুসন্ধানেই ঘাইকৈ প্রাকৃতিক সম্পদক নির্দয়ভাৱে ব্যৱহাৰৰ বাবে দায়ী। তদুপৰি মানৱ জাতিয়ে অত্যন্ত কঠোৰ বস্তুবাদী, লোভী আৰু বিলাসী জীৱনধাৰাৰ মনোভাবেৰে প্রাকৃতিক সম্পদক বাছ-বিচাৰহীনভাৱে শোষণ কৰিছে বা নির্দয়ভাৱে ধ্বংস কৰিছে। এই সকলো কার্যকলাপেই বহুসংখ্যক জীৱিত প্রাণীকুলৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি সৃষ্টি কৰিছে। গতিকে পুনৰ অৱনতি ৰোধ কৰি পৰিবেশ ৰক্ষাৰ বাবে গণ সজাগতা সৃষ্টি কৰাটো জৰুৰী। পৰিবেশৰ সমস্যাক আটাইতকৈ ভাল উপায়েৰে সমাধান কৰিব পাৰি যদিহে জনসাধাৰণ পৰিবেশগতভাৱে সজাগ হয়। কোনো চৰকাৰেই কেৱল কিছুমান পৰিবেশ সুৰক্ষা বিষয়ক বিধি ৰূপায়ণ কৰি এই সমস্যাৰ সমাধান কৰিব নোৱাৰে, যদিহে জনসাধাৰণে এই ক্ষেত্ৰত সহযোগিতা নকৰে। জনসাধাৰণক পৰিবেশগতভাৱে শিক্ষিত কৰিব লাগিব। তেওঁলোকে জানিব পাৰিব লাগিব যে যদি আমি আজি আমাৰ পৰিবেশক ধ্বংস কৰে, তেনেহ'লে কাইলৈ ইয়াৰ ফল ভুগিব লাগিব আৰু আমাৰ ভৱিষ্যৎ প্রজন্ম বৃহৎ বিপদৰ সন্মুখীন হ'ব। আমি পৰিবেশৰ এক অংশ আৰু পৰিবেশ ৰক্ষা কৰাটো আমাৰ কর্তব্য।


26. পৰিবেশত জলমণ্ডলৰ প্ৰভাৱ কেনে ধৰণৰ চমুকৈ লিখা। 

উত্তৰ:- পৃথিৱীৰ উপৰিভাগৰ সমগ্ৰ পানীকেই একেলগে জলমণ্ডল বুলি কোৱা হয়। এই পানীয়ে এটা পৰিবেশক বাৰুকৈয়ে প্রভাৱিত কৰে। পানীয়েই জীৱৰ প্রাণ। পানী নহ'লে পৃথিৱীত কোনো জীৱ জীয়াই থাকিব নোৱাৰে। প্ৰাণী আৰু উদ্ভিদৰ জীৱন ধাৰণ, পৰিপুষ্টি সাধন আৰু বংশবৃদ্ধিৰ বাবে পানীৰ প্রয়োজন অপৰিহার্য। পানীয়ে মাটি জীপাল কৰি ৰাখে। পৰিবেশ সজীৱ কৰি ৰাখে আৰু জীৱকুল সতেজ কৰি ৰাখে। পানী এবিধ যৌগিক জুলীয়া পদার্থ। ই হাইড্র'জেন আৰু অক্সিজেনৰ অণু 2 : 1 অনুপাতত লগ লাগি গঠিত হৈছে। পৃথিৱীৰ বিভিন্ন উৎসত পানী পোৱা যায়। খাল, বিল, হ্রদ, জান-জুৰি, নদ-নদী, সাগৰ-মহাসাগৰ আদিয়েই পানীৰ উৎস। পানী প্রধানকৈ সাগৰ আৰু মহাসাগৰত জমা হৈ থাকে। প্রাণীয়ে নিজৰ প্ৰয়োজনীয় পানী বিভিন্ন উৎসৰ পৰা আহৰণ কৰি লয়। আনহাতে উদ্ভিদে মাটিৰ তলৰ পৰা শিপাৰে পানী শুহি লয়। মেৰু অঞ্চলতো বৰফ হিচাপে গোট মাৰি থকা অৱস্থতাত পানী পোৱা যায়। ভূ-গর্ভতো পানী পোৱা যায়। এই পানীভাগ মানুহে কুঁৱা খান্দি, দমকল বহুৱাই বা গভীৰ নলীনাদ খান্দি বিদ্যুৎচালিত পাম্পৰ সহায়ত নিষ্কাষণ কৰি লয়। ভূ-পৃষ্ঠৰ পানীৰ পৰিমাণ দুই-তৃতীয়াংশ হ'লেও তাৰে মাত্র এক শতাংশহে জীৱকুলে ঢুকি পোৱা অৱস্থাত আছে। বাকীখিনি পানী সাগৰ-মহাসাগৰত লুণীয়া পানী হিচাপে আৰু কুমেৰু মহাদেশ, গ্রীণলেণ্ড, হিমালয় আদিত বৰফৰ আকাৰে আছে। নৈ-বিল, জান-জুৰিয়ে কঢ়িয়াই নিয়া আৱৰ্জনা সাগৰৰ পানীত থৰাৰ কাৰণে সাগৰৰ পানী লুণীয়া। সাগৰ-মহাসাগৰৰ পানীত ছ'ডিয়াম, মেগনেছিয়াম, কেলছিয়াম, পটাছিয়াম আদি লৱণ মিহলি হৈ লুণীয়া হৈছে। সাগৰৰ পানীত প্রায় ৭৮% ছ'ডিয়াম ক্ল'ৰাইড আৰু ১১% মেগনেছিয়াম ক্ল'ৰাইড পোৱা যায়। কিছুমান খনিজ আৰু ধাতৱ পদার্থও সাগৰৰ পানীৰ লগত মিহলি হৈ থকা দেখা গৈছে। বৰষুণৰ পানীয়ে কঢ়িয়াই নিয়া শিল, বালি আদি আৱৰ্জনা কঢ়িয়াই নি সাগৰ-মহাসাগৰত পেলোৱাৰ ফলত পানী দুষিত আৱৰ্জনাৰে সাগৰীয় জলৰাশি প্ৰদূষিত হয়। 


27. সালোক সংশ্লেষণ কেনেকৈ হয়?

উত্তৰঃ- সালোক সংশ্লেষণ উদ্ভিদৰ খাদ্য প্রস্তুতকৰণৰ এক প্রক্রিয়া। এই প্রক্রিয়াত প্রয়োজনীয় উপাদানবোৰ হ'ল- সূৰ্যৰ পোহৰ, এঙাৰ গেছ, উদ্ভিদৰ পাতত থকা হৰিত্‍‌কণা আৰু উদ্ভিদে শিপাৰে শুহি লোৱা পানী। পোহৰৰ মাধ্যমত এই প্রণালী সংঘটিত হয়। উদ্ভিদে বায়ুৰ পৰা কার্বন-ডাই-অক্সাইড অর্থাৎ এঙাৰ গেছ গ্ৰহণ কৰি সূৰ্যৰ পোহৰত পাতত থকা হৰিত্‍‌কণাৰ সহায়ত শিপাৰে শুহি লোৱা পানীৰ সংযোগত স্বেতসাৰ প্ৰস্তুত কৰে। এই শ্বেতসাৰ উদ্ভিদৰ প্রধান খাদ্যদ্রব্য। সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে এৰি দিয়া অক্সিজেন গেছ প্রাণীয়ে উশাহত লয়। সালোক সশ্লেষণ প্রক্রিয়া সম্পূর্ণ হোৱাৰ সময়ত এটা ৰাসায়নিক বিক্রিয়া সংঘটিত হয়। সেইটো হ'ল- বায়ুৰ পৰা লোৱা কার্বন-ডাই-অক্সাইড (CO2) আৰু শিপাৰে শুহি লোৱা পানীৰ সংযোগত উদ্ভিদৰ পাতত হৰিকণাৰ সহায়ত সালোক সংশ্লেষণ হৈ উদ্ভিদৰ খাদ্যবস্তুত গ্লু'ক'জ (C6H12O6) উৎপন্ন হয়। সালোক সংশ্লেষণ প্রক্রিয়াত উদ্ভিদে বায়ুলৈ অক্সিজেন গেছ এৰি দিয়ে। এই সময়ত এটা ৰাসায়নিক বিক্রিয়া সংঘটিত হয়। সেইটো হ'ল—

                                    সূৰ্যৰ পোহৰ

কার্বন-ডাই-অক্সাইড (CO2) + পানী (H2O) → শ্বেতসাৰ + অক্সিজেন (O2)

                                        হৰিত্‍‌কণা (C6H12O6) 

সালোক সংশ্লেষণ দিনৰ ভাগত সূৰ্যৰ পোহৰত হয়। ৰাতি এই প্রক্রিয়া নঘটে। এই প্রক্রিয়াৰ দ্বাৰা প্রাণী আৰু উদ্ভিদৰ মাজত পাৰস্পৰিক বিনিময় চলি থাকে। এইদৰে প্ৰাণী আৰু উদ্ভিদ পৰস্পৰ নিৰ্ভৰশীল হৈ পৰিবেশৰ ভাৰসাম্য বজাই ৰাখে। বায়ুত থকা এঙাৰ গেছ প্ৰাণীৰ বাবে অপকাৰী কিন্তু উদ্ভিদৰ বাবে উপকাৰী। পৃথিৱীত পৰিবেশ সৃষ্টি হোৱাৰ লগে লগে উদ্ভিদ আৰু প্ৰাণীৰ সৃষ্টি হৈছে। তেতিয়াৰে পৰাই বায়ুৰ পৰা কার্বন-ডাই-অক্সাইড শোষণ কৰাৰ প্রক্রিয়া অবিৰামভাৱে চলি আছে আৰু অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়াৰ প্রক্রিয়াও চলি আছে। আনহাতে প্রাণীয়ে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্রহণ কৰি জীয়াই থকাৰ প্রক্রিয়া নিৰৱচ্ছিন্নভাৱে চলি আছে। এই স্বাভাৱিক প্রক্রিয়াৰ ফলত পৃথিৱীত পৰিবেশৰ ভাৰসাম্য অটুট আছে।



28. জীবমণ্ডল কাক বোলে? পৰিবেশৰ ওপৰত ইয়াৰ প্ৰভাৱ কি?

উত্তৰ:- পৃথিৱীৰ বিভিন্ন পৰিবেশত জীৱন ধাৰণ কৰা জীৱৰ সমষ্টিকে জীৱমণ্ডল (Biosphere) বুলি কোৱা হয়।

পৃথিৱীৰ পৰিবেশৰ লগত জীৱমণ্ডলৰ সম্পর্ক নিবিড়। পৰিবেশৰ ভিন্নতা ভেদে জীৱৰ আকৃতি, প্রকৃতি আৰু জীৱন ধাৰণৰ প্ৰণালীও ভিন ভিন। পৃথিৱীত পৰিবেশ সৃষ্টি হোৱাৰ লগে লগে জীৱৰ সৃষ্টি হৈছে। পৃথিৱীৰ জীৱমণ্ডলত একেবাৰে ক্ষুদ্র আণুবীক্ষণিক জীৱৰ পৰা বৃহৎ আকাৰৰ হাতীলৈকে বহুতো জীৱ বাস কৰে। ইহঁতৰ প্রত্যেকেই জীৱন ধাৰণ তথা বংশবৃদ্ধিৰ বাবে প্রয়োজনীয় পৰিবেশ ৰচনা কৰি লয়।  আকৃতি-প্রকৃতি তথা জীৱন ধাৰণৰ ভিন্নতা থকা সত্ত্বেও উদ্ভিদ, জীৱ-জন্তু আদিয়ে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিবৰ উপযোগী পৰিবেশ ৰচনা কৰি লয়।

জলচৰ প্রাণী আৰু উদ্ভিদে পানীৰ তলতে নিজৰ খাদ্য আৰু অক্সিজেন সংগ্রহ কৰি লয়। কুমেৰু মহাদেশৰ বৰফৰ মাজতো কেতবোৰ জীৱ-জন্তুই নিজৰ প্ৰয়োজনীয় পৰিবেশ সৃষ্টি কৰি জীয়াই আছে। সেইদৰে উটে মৰুৰ মাজতে জীয়াই থকাৰ পৰিবেশ সৃষ্টি কৰি লয়। যদিও জীৱই জীয়াই থাকিবৰ বাবে নিজৰ পৰিবেশ সৃষ্টি কৰি লয় তথাপি কেতবোৰ প্রতিকূল পৰিবেশত আৰু প্রাকৃতিক কাৰণত জীৱৰ অবলুপ্তি ঘটে। 

জীবমণ্ডলত কেতবোৰ জীৱৰ বিলুপ্ত ঘটিলে আকৌ এচাম নতুন জীৱৰ আৱিৰ্ভাৱ হৈ তাৰ ঠাই পূৰণ কৰে। এনেদৰে জীৱৰ ক্ৰমবিৱর্তন সম্ভৱ হৈছে। জীৱৰ বিৱর্তন প্রক্রিয়া পৰিবেশৰ এক স্বাভাৱিক প্রক্রিয়া। প্রতিকূল পৰিবেশৰ বাবে পৃথিৱীৰ পৰা ডাইনোছ'ৰ জাতীয় বৃহৎ আকাৰৰ জীৱ অৱলুপ্ত হৈছে। কেতবোৰ চৰাই জাতীয় জীৱ, কেতবোৰ সৰীসৃপ জাতীয় জীৱ জীৱমণ্ডলৰ পৰা লুপ্ত হৈছে। তেনেদৰে কেতবোৰ উদ্ভিদ জীৱমণ্ডলৰ পৰা লুপ্ত হৈ গৈছে। আকৌ নতুন জীৱই লুপ্ত হোৱা জীৱবোৰৰ ঠাই পূৰণ কৰিছে। এইদৰে জীৱমণ্ডলে স্বাভাৱিক প্রক্রিয়া অটুট ৰাখি পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰাখিছে। বিৱর্তনৰ ফলস্বৰূপে পৃথিৱীত আমূল পৰিৱর্তন ঘটিছে। মানুহৰ মগজুৰ বিকাশ তথা উচ্চাকাংক্ষাৰ বাবে প্ৰকৃতিৰ ৰাজ্যত বিস্তৰ ক্ষতি হৈছে। মানুহে নিজৰ প্ৰয়োজনৰ বাবে গছ-বন কাটি বনাঞ্চল ধ্বংস কৰিছে। ফলস্বৰূপে অৰণ্য ধ্বংস হোৱাৰ লগতে বিভিন্ন চৰাই-চিৰিকতি আৰু জীৱ-জন্তুৰ বাসস্থান তথা খাদ্যৰ নাটনি হৈছে। মানুহৰ কু-কার্যই বায়ুমণ্ডল, জলমণ্ডল, স্থলমণ্ডল সকলোতে বিৰূপ প্ৰভাৱ পেলাইছে। মানুহৰ কৃতকর্মৰ দ্বাৰাই পৃথিৱীৰ পৰিবেশত প্ৰদূষণৰ হেঁচা পৰিছে। পৰিবেশৰ ভাৰসাম্য অটুট ৰাখিব নোৱাৰিলে জীৱকুল সমূলঞ্চে ধ্বংস হোৱাটো অৱশ্যম্ভাৱী। সেয়েহে বর্তমান যুগত সমগ্র বিশ্বতে পৰিবেশ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।


29. পাৰিবেশিক নীতিবোৰৰ প্রয়োজনীয়তা ব্যাখ্যা কৰা।

উত্তৰঃ- মানুহে জীৱন ধাৰণৰ লগতে নিজৰ আৰু সমাজৰ অর্থনৈতিক প্রগতি আৰু সামাজিক উন্নয়নৰ বাবে পৰিবেশৰ ওপৰত যথেষ্ট নির্ভৰশীল।

ব্যক্তিগত অভাৱ পূৰণৰ বাবে মানুহে প্ৰকৃতিৰ ওপৰত অহৰহ হেঁচা প্রয়োগ কৰে। খাদ্যৰ অভাৱ পূৰণৰ বাবে খেতি কৰে আৰু প্রাকৃতিক সম্পদ আহৰণ কৰে। জলশক্তি উৎপাদন আৰু শস্যত পানী যোগানৰ বাবে নদ-নদীত বান্ধ দিয়ে। উদ্যোগ স্থাপন বাবে খনিজ সম্পদৰ লগতে নানা তৰহৰ প্রাকৃতিক সম্পদ আৰু ইন্ধনৰ বাবে বনজ সম্পদে ব্যৱহাৰ কৰে। কিন্তু, এনে ধৰণৰ চাহিদা পূৰণ কৰিবলৈ যাওঁতে পৰিবেশৰ লগত এটা সন্তুলিত সম্বন্ধ গঢ়ি তোলাটো অত্যন্ত প্রয়োজন। কাৰণ, জধেমধে এই সম্পদসমূহ আহৰণ কৰাৰ ফলত এদিন এই সম্পদসমূহৰ অভাৱে মানৱ জীৱনলৈ সংকট চপাই আনিব পাৰে।

অপ্রয়োজনীয়ভাবে ক্ষিপ্র গতিত গছ-গছনি কটাৰ ফলত জলবায়ু পৰিৱর্তন, মাটিৰ ক্ষয়কৰণ, পানী প্ৰদূষণ বৃদ্ধি, নদ-নদী আৰু জলধাৰাবোৰত পলসৰ মাত্রা বৃদ্ধি আদি আর্জিত পৰিৱর্তনসমূহে মানৱ জীৱনত নানা আহুকলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে। পৰিবেশৰ এনে বিধ্বংসীকৰণৰ বাবেই উদ্ভিদ আৰু প্রাণী বিলুপ্তি হ'বলৈ ধৰিছে নাইবা এনে পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল'ব নোৱাৰি বিভিন্ন স্থানৰ পৰিৱৰ্তন ঘটাইছে। মানুহৰ বাবে স্বাস্থ্য হানিকৰ পৰিবেশৰ সৃষ্টি হৈ বিভিন্ন ভয়াবহ বেমাৰত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে। উদাহৰণস্বৰূপে, শেহতীয়াভাৱে মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ বহু লোকে প্রাণ হেৰুৱাইছে। বানপানীৰ কবলত পৰি হাহাকাৰ অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে। এইবোৰৰ মূলতে হৈছে পৰিবেশিক অৱনমন আৰু পৰিবেশ বিষাক্তকৰণ। এইসমূহৰ পৰা হাত সাৰিবৰ বাবেই দ্রুত জনসংখ্যা বৃদ্ধিৰ হাৰ হ্রাস কৰাৰ লগতে বনাঞ্চলৰ অবাধ ধ্বংস ৰোধ কৰাটো অতি প্রয়োজন। ইয়াৰ উপৰি মানুহৰ কার্যকলাপে যাতে পৰিবেশ দূষিত কৰিব নোৱাৰে তাৰ প্রতি সজাগ হোৱাটো নিতান্তই প্রয়োজনীয়। কাৰণ, দূষিত পৰিবেশে মানৱ জীৱনলৈকে ভাবুকি কঢ়িয়াই আনিছে। সেয়েহে, পৰিবেশ সংৰক্ষণৰ প্রতি জনসাধাৰণক সজাগ কৰি তুলিব লাগে আৰু পৰিবেশ অৱনমনৰ কুফলসমূহ বুজাই দিব লাগে। মানুহে কেৱল ব্যক্তিগত সুখ আৰু লাভালাভৰ বাবে প্রাকৃতিক সম্পদসমূহ ব্যৱহাৰ নকৰি সামূহিক লাভ আৰু বিজ্ঞানসন্মত প্রণালীৰ ব্যৱহাৰ কৰি পৰিবেশ আৰু মানুহৰ মাজত ভাৰসাম্য অৱস্থাৰ সৃষ্টি কৰিব পাৰিলেহে সুস্থ পাৰিবেশ গঢ়ি উঠাত সহায়ক হ'ব।

সকলো ধৰণৰ পৰিবেশৰ ধ্বংসৰ মূলতেই হৈছে মানুহৰ বিভিন্ন ক্রিয়াকলাপ। সেয়েহে, মানুহে এই ক্ষেত্ৰত আগবাঢ়ি আহি পৰিবেশিক নীতিসমূহ মানি সুস্থ পৰিবেশ এটা গঢ়ি তুলিব লাগিব।


30. বায়ুমণ্ডলৰ স্তৰ কেইটা? চিত্ৰৰ সহায়ত বুজাই লিখা। HS-2014

উত্তৰঃ- পৃথিৱীৰ উপৰিভাগত থকা বায়ুমণ্ডলক পাঁচটা স্তৰত ভাগ কৰা হৈছে। সেইকেইটা হ'ল - ট্র'পস্ফিয়াৰ (Troposphere), ষ্ট্রেট'স্ফিয়াৰ (Stratosphere), মেছ'স্ফিয়াৰ (Mesophere), আয়ন'স্ফিয়াৰ (Ionosphere) আৰু থার্ম'স্ফিয়াৰ (Thermosphere) বা তাপমণ্ডল। ট্র'পস্ফিয়াৰ অঞ্চলত উদ্ভিদ, প্রাণী আদি বসবাসৰ উপযোগী। এই স্তৰৰ ওপৰলৈ ক্রমে উষ্ণতা হ্রাস পায় আৰু এটা সময়ত ০ ডিগ্রী ছেণ্টিগ্রেড হয়গৈ। শূন্য ডিগ্রীত স্তৰটো সমাপ্ত হয় আৰু তাৰ পিছত উষ্ণতাৰ পৰিমাণ লাহে লাহে বৃদ্ধি হয়। ট্ৰপ'স্ফিয়াৰৰ পিছত থকা বায়ুৰ সৰু স্তৰটোৰ নাম ট্রপ'পজ (Tropopause)। এই স্তৰত উষ্ণতাৰ তাৰতম্য ঘটে। এই স্তৰৰ পিছত থকা বায়ুৰ স্তৰটোৰ নাম হ'ল- ষ্ট্ৰেট'স্ফিয়াৰ। এই স্তৰত মেঘ নাথাকে। এই স্তৰ অ'জন গেছেৰে পৰিপূর্ণ।

অ'জন স্তৰ (ozoen Layer) : ষ্টেট'স্ফিয়াৰ বা সমতাপ মণ্ডল ১০ কিলোমিটাৰৰ পৰা ৪৫ কিলোমিটাৰ উচ্চতালৈকে অ'জন স্তৰ বিয়পি আছে। এই ভৰে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিৰ অধিকাংশ শুহি লয়। বায়ুমণ্ডলত অ'জন স্তৰৰ অৱস্থিতিৰ বাবেহে পৃথিৱীত জীৱ জীয়াই থকাটো সম্ভৱ হৈছে। অ'জন গেছে উষ্ণতা নিয়ন্ত্রণ নকৰাহেঁতেন পৃথিৱীত জীৱ জীয়াই থকা সম্ভৱ নহ'লহেঁতেন। বিভিন্ন মানৱ উৎসৰ পৰা নিৰ্গত হোৱা ক্ল'ৰ'ফ্ল'ৰ কার্বন (CFC) নামৰ প্ৰদূষকৰ কাৰণে অ'জন স্তৰত কুপ্ৰভাৱ পৰে। অ'জন স্তৰৰ ক্ষতি হ'লে সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনীয়া ৰশ্মিৰ কিছু অংশ পৃথিৱীলৈ আহিলে পৃথিৱীৰ জীৱজগত বিপদত পৰিব পাৰে। অ'জন স্তৰ প্ৰদূষণমুক্ত স্তৰ হিচাপে ৰাখিব পাৰিলে পৃথিৱীৰ পৰিবেশ জীৱৰ বাসোপযোগী হৈ থাকিব। 

অ'জন স্তৰৰ ওপৰৰ স্তৰত উষ্ণতাৰ পৰিৱর্তন হয়। এই স্তৰক ষ্ট্রেট'প'জ (Stratosphere) বোলে। ভূ-পৃষ্ঠৰ পৰা ৫০ কিলোমিটাৰ উচ্চতাত এই সৰু স্তৰটো আছে। বায়ুমণ্ডলৰ ৫০ কিলোমিটাৰ উচ্চতাৰ পৰা প্রায় ৮৫ কিলোমিটাৰৰ উচ্চতালৈ থকা স্তৰটোক মেছ'স্ফিয়াৰ বোলে। মেছ'স্ফিয়াৰৰ ওপৰত এটা সৰু স্তৰ আছে যাৰ নাম মেছ'প'জ। মেছ'প'জৰ পিছত পোৱা স্তৰটোৰ নাম আয়ন'স্ফিয়াৰ বা আয়নমণ্ডল। বায়ুমণ্ডলৰ ৮৫ কিলোমিটাৰ উচ্চতাৰ পৰা ৫০০ কিলোমিটাৰ উচ্চতালৈ থকা স্তৰটোক থার্ম'স্ফিয়াৰ বা তাপমণ্ডল বোলে। এই স্তৰত উষ্ণতাৰ পৰিমাণ আটাইতকৈ বেছি। এই স্তৰত ১২০০ চেলছিয়াছলৈ উষ্ণতা বৃদ্ধি হয়। এই স্তৰত উষ্ণতাৰ পৰিমাণ আন স্তৰবোৰতকৈ বেছি বাবে এই স্তৰক তাপমণ্ডল বুলিও জনা যায়।


31. বর্তমান অবস্থাত পৰিবেশ অধ্যয়ন বিষয় হিচাপে কিমান প্রয়োজন?

উত্তৰঃ- সাধাৰণতে কোনো নির্দিষ্ট অঞ্চলৰ চাৰিওফালৰ অৱস্থাকেই পৰিবেশ বুলি বুজা যায় যদিও ভৌগোলিক দৃষ্টিকোণৰ পৰা প্রাকৃতিক বা অজৈৱিক (মাটি, বায়ু, পানী) আৰু জৈৱিক (উদ্ভিদ আৰু প্ৰাণীৰ লগতে মানুহৰ বিভিন্ন কার্যসমূহ, সংস্থা আৰু অনুষ্ঠানসমূহ) উপাদানসমূহে জীয়াই থাকিবৰ বাবে জীৱমণ্ডল সৃষ্টি কৰা অৱস্থাই পৰিবেশৰ অন্তর্ভুক্ত। বর্তমান অৱস্থাত এই পৰিবেশ অধ্যয়নৰ প্ৰয়োজনীয়তা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই সম্পর্কে তলত আলেচনা কৰা হ'ল— 

প্রাকৃতিক আৰু জৈৱিক প্রক্রিয়াসমূহৰ গতিশীল পৰিৱর্তনে পৃথিৱীৰ উপৰিভাগত বুজিব পৰাকৈ পৰিৱৰ্তন আনি প্রাকৃতিক পৰিবেশিক পদ্ধতিৰ সলনি কৰি আছে। প্রাকৃতিক, ৰাসায়নিক আৰু জৈৱিক প্রক্রিয়াসমূহৰ ক্ৰিয়াৰ ফলস্বৰূপে, অহৰহ পৃথিৱীৰ উপৰিভাগত (জৈৱিক আৰু অজৈৱিকভাৱে) সৃষ্টি, পোহপাল আৰু ধ্বংস প্রক্রিয়া চলি আছে। পৃথিৱীৰ উপৰিভাগৰ পদার্থসমূহ যেনে : খনিজ সম্পদ, শিল, মৃত্তিকা, পানী ইত্যাদি কেৱল সৃষ্টিয়েই হোৱা নাই; ৰক্ষণাবেক্ষণৰ লগত গুণৰ পৰিৱৰ্তন আৰু এঠাইৰ পৰা আন ঠাইলৈ পৰিৱৰ্তন হৈ আছে।

বায়ুমণ্ডল, অশ্মমণ্ডল আৰু জলমণ্ডলৰ উপাদানসমুহেও আৰম্ভণিৰ পৰাই জীৱজগতৰ ওপৰত প্ৰভাৱ পেলাই আছে আৰু প্রাকৃতিক পৰিবেশৰ ৰূপান্তৰ ঘটাইছে। আনহাতে, মানৱ কার্যাৱলীৰ দ্বাৰা পৰিবেশ গঠনৰ আধানৰ উপাদানসমূহৰ প্রতিকূল পৰিৱৰ্তন কৰি পৰিবেশৰ স্বাভাৱিক গুণ অৱনমিত হয় যাক কোৱা হয় পৰিবেশ অৱনমন বা Environment Degradation। পৰিবেশ অৱনমনৰ ফলস্বৰূপে জীৱিত প্রাণী আৰু পৰিবেশৰ মাজত থকা সু-সম্বন্ধত প্ৰভাৱ পেলাইছে যাৰ ফলস্বৰূপে পাৰিস্থিতিক ভাৰসাম্য নোহোৱা হৈ পৰে। জৈৱিক জীৱগোষ্ঠীৰ ওপৰত পৰিস্থিতিক অৱনমনৰ প্রতিকুল প্রভাৱ সহজেই পৰা দেখা যায়। 

পৰিবেশ অৱনমনৰ আৰু প্ৰদূষণ দুয়োটাই (পৰিস্থিতি) পৰিবেশৰ গুণগত অৱস্থা, সূক্ষ্ম পর্যায়লৈ পৰিৱৰ্তন কৰে। প্ৰদূষণ বুলিলে সাধাৰণতে প্রাকৃতিক পৰিবেশৰ অৱক্ষয় আৰু পৰিৱৰ্তনকে সূচায়। পাৰিবেশিক পৰিৱৰ্তন হৈছে স্থানিক স্কেলত পৰিস্থিতিক অৱস্থাৰ অৱক্ষয়। আনহাতে পৰিবেশ অবনমন স্থানিক, আঞ্চলিক আৰু গোলকীয় স্কেলত পৰিবেশিক অৱস্থাৰ গুণগত হ্রাস হোৱা। দুয়োটাৰ ক্ষেত্ৰতেই প্রাকৃতিক প্রক্রিয়াসমূহ আৰু মানৱ কার্যাৱলীয়ে ক্রিয়া কৰে। প্রাকৃতিক কাৰকসমূহৰ ভিতৰত। অগ্নৎপাত, ভূমিকম্প, বায়ুমণ্ডলৰ পৰিৱৰ্তন, ভূ-তাত্ত্বিক ক্ষয়কাৰণ, ভূমিস্খলন ইত্যাদিয়ে পৰিস্থিতিতন্ত্রত অস্থিৰতাৰ সৃষ্টি কৰি পৰিবেশ অৱনমনৰ কাৰণ হৈ পৰিছে। সাম্প্রতিক সময়ত মানুহৰ কার্যাৱলীয়ে পৰিবেশ অৱনমনত অধিক প্ৰভাৱ পেলায় যাৰ ফলত প্রাকৃতিক দুর্ঘটনাবোৰ দিনে দিনে বৃদ্ধি পোৱাৰ লগতে প্রাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে। এনে এক অৱস্থালৈ লক্ষ্য ৰাখিয়েই পৰিবেশ অধ্যয়নক এক গুৰুত্বপূর্ণ বিষয় হিচাপে গণ্য কৰা হয়।


32. পৰিবেশ অধ্যয়ন বুলিলে কি বুজা আৰু পৰিবেশ অধ্যয়নৰ পৰিসৰ কিমান ব্যাপক?

উত্তৰ:- জৈৱিক আৰু অজৈৱিক উপাদান উদ্ভিদ আৰু প্ৰাণীৰ লগতে মানুহৰ বিভিন্ন কার্যকলাপ, বিভিন্ন সংস্থা আদি উপাদানসমূহ একগোট কৰি জীৱ বৰ্তি থাকিব পৰা জীৱমণ্ডলৰ অন্তর্ভুক্ত অৱস্থাটোৰ বিষয়ে কৰা বিভিন্ন দিশৰ পদ্ধতিগত অধ্যয়নকে পৰিবেশ অধ্যয়ন বুলি কোৱা হয়। পৰিবেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ মাজত থকা সম্পর্ক আৰু এইবোৰৰ এটাৰ আনটোৰ ওপৰত থকা প্ৰভাৱৰ বিষয়েও পৰিবেশ অধ্যয়নত বিশদ আলোচনা কৰা হয়।

পৰিবেশ অধ্যয়নৰ পৰিসৰ অতি ব্যাপক। ইয়াৰ প্রধান বিষয়বস্তু হ'ল – 

(a) প্রাকৃতিক সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা। 

(b) পৰিস্থিতিতন্ত্ৰ আৰু জীৱ-বৈচিত্র্য। 

(C) পৰিবেশ প্ৰদূষণ আৰু নিয়ন্ত্রণ। 

(d) পৰিবেশ আৰু উন্নয়নৰ লগত জড়িত সামাজিক সমস্যাসমূহ। 

(e) জনসংখ্যা আৰু পৰিবেশ।

মানুহে জীৱন ধাৰণৰ লগতে নিজৰ আৰু সমাজৰ অর্থনৈতিক প্রগতি আৰু, সামাজিক উন্নয়নৰ কাৰণে প্ৰকৃতিৰ ওপৰত যথেষ্ট নির্ভৰশীল। জনসংখ্যা বৃদ্ধি আৰু মানুহৰ বিলাসী জীৱন যাপনৰ প্রৱণতাই প্রকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহৰ ব্যৱহাৰ দ্রুততৰ কৰি তুলিছে। ব্যক্তিগত অভাৱ পূৰণ কৰিবলৈ যাওঁতে মানুহে প্ৰকৃতিৰ ওপৰত অহৰহ হেঁচা প্রয়োগ কৰিছে আৰু এনে এক অৱস্থাত প্রকৃতিপ্রদত্ত বহুতো সম্পদৰ নাটনি হৈছে। সেয়েহে, প্রকৃতিপ্রদত্ত সম্পদৰাজি কেনেদৰে সংৰক্ষণ কৰা উচিত, কেনেদৰে এইসমুহৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰি আৰু এনে সম্পদসমূহৰ অভাৱে প্ৰকৃতিত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে এই সকলোবোৰ পৰিবেশ অধ্যয়নৰ আলোচ্য বিষয় হৈ পৰিছে। 

পৃথিৱীত থকা জীৱসমূহ হেজাৰ হেজাৰ বছৰ ধৰি বিভিন্ন পৰিৱৰ্তন তথা বিৱৰ্তনৰ মাজেৰে আহি বৰ্তমানৰ অৱস্থা পাইছেহি। প্ৰকৃতিত উদ্ভিদ আৰু প্ৰাণীয়ে পৰস্পৰৰ মাজত এক নিবিড় সম্পর্ক গঢ়ি তোলে যাক পৰিস্থিতিত বুলি কোৱা হয়। উদ্ভিদ আৰু প্ৰাণীৰ অৱস্থিতিৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰকৃতিৰ ভৌতিক উপাদানসমূহে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। বিভিন্ন পৰিস্থিতিতন্ত্রত বিভিন্ন প্রজাতিৰ প্ৰাণী আৰু উদ্ভিদৰ সৃষ্টি হয়। কোনো এক পৰিস্থিতিতন্ত্ৰত থকা জীৱাণুৰ পৰা আৰম্ভ কৰি ভিন্ ভিন্‌ উদ্ভিদ আৰু প্রাণী প্রজাতিৰ বিচিত্ৰতা আৰু ভিন্নতাকেই জীৱ-বৈচিত্র্য বুলি কোৱা হয়। এই জীৱ-বৈচিত্র্য আৰু পৰিস্থিতিতন্ত্ৰৰ অধ্যয়নো পৰিবেশ অধ্যয়নৰ অন্তর্ভুক্ত।

বিভিন্ন প্ৰণৰ প্ৰদূষণসমূহ কেনেদৰে সৃষ্টি হয়, ইয়াৰ প্ৰভাৱ প্ৰকৃতিৰ ওপৰত কেনেদৰে পৰে আৰু কেনেদৰে ইয়াৰ ৰোধ কৰিব পাৰি— এই বিষয়ে পৰিবেশ অধ্যয়নত আলোচনা কৰা হয়।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই প্ৰকৃতিৰ ওপৰত কেনেদৰে বিৰূপ প্ৰভাৱ পেলাইছে আৰু ইয়াৰ ফলত মানৱ সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে— এই বিষয়সমূহো পৰিবেশ অধ্যয়নে সামৰি লৈছে।

প্রাকৃতিক পৰিবেশৰ দ্রুত পৰিৱৰ্তনত জনসংখ্যাৰ প্ৰভাৱ সম্পর্কেও পৰিবেশ অধ্যয়নত আলোচনা কৰা হয়।


33. পৰিবেশ কি বুজাই লিখা।

উত্তৰঃ- আমি থকা পৃথিৱীখনত মুঠতে জৈৱ আৰু অজৈৱ পদার্থ থাকে। পৃথিৱীত থকা উদ্ভিদ আৰু প্ৰাণীক একেলগে জৈৱজগত বোলে। আনহাতে পানী, বায়ু আৰু মাটিৰ লগত প্রাণীজগতৰ বিশেষকৈ মানুহৰ যি অন্তঃসম্বন্ধ সেয়াই হ'ল পৰিবেশ। পৃথিৱীৰ জীৱ সৃষ্টিৰ ক্ষণৰ পৰা বৰ্তমানলৈকে এই সময়ছোৱাত জীৱজগতৰ ক্রমাগত বিকাশ ঘটিছে। এই বিকাশত ইয়াৰ প্রাকৃতিক বা অপ্রাকৃতিক ঘটনাৰাজিয়ে যথেষ্ট প্রভাৱিত কৰিছে। অথবা চাৰিওফালৰ পাৰিপার্শ্বিক অৱস্থাই জীৱ সৃষ্টিৰ আৰু বিকাশৰ প্রধান কাৰক বুলিও ক'ব পাৰি। সূর্য হ'ল প্রচণ্ড শক্তিৰ ভঁৰাল। সূৰ্যৰ পোহৰ আৰু তাপে জীৱক জীয়াই ৰাখিছে। পৰিবেশৰ বাবে সূৰ্যৰ ৰশ্মি, মাধ্যাকর্ষণ শক্তি, বায়ু, জল, স্থল, আকাশ আদি উপাদানসমূহৰ প্রয়োজন আছে। পৰিবেশৰ এই উপাদানসমূহৰ ফলতহে জীৱ সৃষ্টি সম্ভৱ হৈছে। প্রাকৃতিক পৰিবেশক দুটা ভাগত ভগোৱা হৈছে- ভৌতিক আৰু জৈৱিক পৰিবেশ। ভৌতিক পৰিবেশ বুলিলে বায়ু, পানী, মাটি আৰু সিহঁতৰ মাজৰ ক্রিয়াসমূহক বুজা যায়। আনহাতে কোনো এটা অঞ্চলত বাস কৰা সমগ্র জীৱকুলে জৈৱিক পৰিবেশ গঢ়ি তোলে। এটি জীৱই তাৰ চাৰিওফালৰ অন্যান্য জীৱসমূহৰ উপৰিও বিভিন্ন অজৈৱিক ক্রিয়া-কলাপৰ ওপৰতো নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে এই সমগ্র উপাদানসমূহক একেলগে জীৱৰ পৰিবেশ বোলে।

পৰিবেশৰ মুখ্য উপাদান হ'ল চাৰিটা:- (a) বায়ুমণ্ডল (b) জলমণ্ডল (c) স্থলমণ্ডল আৰু (d) জীৱমণ্ডল।

ইয়াৰ প্রথম তিনিটা মণ্ডলে চতুর্থ মণ্ডলটোৰ লগত ধাৰাবাহিকভাৱে ক্রিয়া-প্রতিক্রিয়া চলাই থাকে বা সংযোজিত হৈ থাকে। আকৌ প্ৰতিটো মণ্ডলে পৰস্পৰে সংযোজিত হৈ কিছু পৰিঘটনাৰ সৃষ্টি কৰে। পৃথিৱীৰ উপৰিভাগৰ কেইবাশ কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা গেছীয় পদার্থৰ আৱৰণটোকে বায়ুমণ্ডল বোলে। বায়ুমণ্ডলৰ মুখ্য উপাদানসমূহ হৈছে- নাইট্র'জেন (N) আৰু অক্সিজেন (O)। তদুপৰি কার্বন-ডাই-অক্সাইড (CO2), আর্গন, নিয়ন আদি গেছসমুহো থাকে।

পৃথিৱীৰ উপৰিভাগৰ সমগ্ৰ পানীভাগক জলমণ্ডল বোলে। ইয়াৰে ৯৫.৫% পানী সাগৰ বা মহাসাগৰ। এই পানী লুণীয়া আৰু মানুহৰ ব্যৱহাৰৰ অনুপযোগী। বাকী ৪% পানী জান, জুৰি, নৈ আদিত পোৱা যায়।

পৃথিৱীৰ খোলা আৰু সাহটো আৰু তাত থকা জৈৱিক-অজৈৱিক পদার্থক একেলগে স্থলমণ্ডল বোলে। এই অঞ্চল জীৱৰ পৰিবেশৰ অন্যতম উপাদান।

মাটি, পানী আৰু বায়ুক সামৰি পৃথিৱীৰ যি অংশত জীৱ থাকে তাক জীৱমণ্ডল বোলে। বেলেগ বেলেগ ঠাইত জীৱৰ ভিন্নতা থাকে। 


34. পবিবেশৰ মূল উপাদানসমূহ কি কি? পৰিবেশৰ ওপৰত সিবোৰৰ প্রভাব কেনে? HS-2016, 2013

উত্তৰঃ- পৰিবেশ ৰচনাৰ মূল বৈশিষ্ট্য হ'ল উপাদান। বিভিন্ন উপাদানেৰে বিভিন্ন পৰিবেশ গঠিত হয়। উদাহৰণস্বৰূপে, মৰুভূমিৰ পৰিবেশ বুলিলে বুজা যায়— উত্তপ্ত বালি আৰু প্রচণ্ড সূৰ্যৰ তাপ। ইয়াত বালি, উষ্ণতা হ'ল মৰুভূমিৰ পৰিবেশৰ উপাদান। অৱশ্যে এই ক্ষেত্ৰত আমি ভৌগোলিক পৰিবেশ বা অৱস্থানৰ কথা উনুকিয়াব লাগিব। আনহাতে নিৰক্ষীয় অঞ্চলৰ পৰিবেশ উষ্ণ, ইয়ো ভৌগোলিক অৱস্থানৰেই কাৰণ।

এনেদৰে বিভিন্ন পৰিবেশ সৃষ্টিত মূল চাৰিটা উপাদান পোৱা যায়— (a) বায়ুমণ্ডল (b) জলমণ্ডল (c) স্থলমণ্ডল আৰু (d) জীৱমণ্ডল।

ইয়াৰ প্ৰথম তিনিটা মণ্ডলে চতুর্থ মণ্ডলটোৰ লগত ধাৰাবাহিকভাৱে ক্রিয়া প্রতিক্রিয়া চলাই থাকে বা সংযোজিত হৈ থাকে আকৌ প্ৰতিটো মণ্ডলে পৰস্পৰে সংযোজিত হৈ কিছু পৰিঘটনাৰ সৃষ্টি কৰে।

(a) বায়ুমণ্ডল (2020) :- পৃথিৱীৰ উপৰিভাগৰ কেইবাশ কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা গেছীয় পদার্থৰ আৱৰণটোৱেই বায়ুমণ্ডল। বায়ুমণ্ডলৰ মুখ্য উপাদানসমূহ হৈছে- নাইট্র'জেন আৰু অক্সিজেন। ইয়াৰ উপৰিও কার্বন-ডাই-অক্সাইড, জলীয় ভাপ, আর্গন, নিয়ন আদি গেছসমূহো কিছু পৰিমাণে থাকে।

এইবোৰৰ উপৰিও মিথেন, কার্বন মন'অক্সাইড, নাইট্র'জেন-ডাই-অক্সাইড, অজ'ন ইত্যাদি গেছ অতি কম পৰিমাণে থাকে।

এই গেছবোৰ আমাৰ কাৰণে অতি প্রয়োজনীয়। প্রাণীয়ে বায়ুত থকা অক্সিজেন গ্ৰহণ কৰি জীয়াই থাকে। মাটিৰ ওপৰত থকা আৰু পানীত থকা প্ৰাণীয়েও বায়ুমণ্ডলৰ পৰাই অক্সিজেন আহৰণ কৰে। অক্সিজেন হৈছে প্ৰাণীৰ জীৱনদায়িনী উপাদান। বায়ুত নাইট্র'জেন গেছ সর্বাধিক পৰিমাণে থাকে। প্রাণীৰ কলা গঠনত নাইট্র'জেনে অৰিহণা যোগায়। প্র'টিনযুক্ত খাদ্য প্রস্তুত কৰাৰ বাবেও নাইট্র'জেন উপযুক্ত। আনহাতে কার্বন-ডাই-অক্সাইড গেছ উদ্ভিদৰ বাবে এবিধ অত্যন্ত প্রয়োজনীয় উপাদান। বায়ুত থকা কার্বন-ডাই-অক্সাইড গেছ উদ্ভিদে গ্ৰহণ কৰি সূৰ্যৰ পোহৰত সালোক সংশ্লেষণ প্রক্রিয়া সম্পূর্ণ কৰে আৰু জীয়াই থকাৰ বাবে খাদ্য প্রস্তুত কৰে।

পৃথিৱীৰ সমগ্র বায়ুমণ্ডলক উচ্চতা ভিত্তিত পাঁচটা ভাগত ভাগ কৰা হৈছে। সেয়া হৈছে— টু'পস্ফিয়াৰ, ষ্টেট'ফিয়াৰ, মেছ'স্ফিয়াৰ, আয়ন'স্ফিয়াৰ আৰু থার্ম'স্ফিয়াৰ। ট্ৰপ'স্ফিয়াৰ ভূ-পৃষ্ঠৰ বিষুবীয় অঞ্চলৰ পৰা ১৬ কিলোমিটাৰ আৰু মেৰু অঞ্চলৰ ৮ কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ স্তৰ। এই স্তৰ জীৱ জীয়াই থকাৰ উপযোগী। এই বায়ু গ্ৰহণ কৰি প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকে। টু'পস্ফিয়াৰৰ পিছত থকা বায়ুৰ সৰু স্তৰটোৰ নাম ট্রপ'পজ। এই স্তৰত উষ্ণতাৰ তাৰতম্য ঘটে। এই স্তৰক সমতাপ মণ্ডল বুলিও কোৱা হয়। মেঘহীন এই স্তৰত বায়ু স্থিৰ হৈ থাকে। এই স্তৰ অ'জন গেছেৰে পৰিপূর্ণ। এই স্তৰে সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনীয়া ৰশ্মিৰ অধিকাংশ শুহি লয় আৰু সেই মাৰাত্মক ৰশ্মি পৃথিৱীপৃষ্ঠলৈ অহাত বাধা প্রদান কৰে। বায়ুমণ্ডলত অ'জন স্তৰৰ উপস্থিতিয়েহে পৃথিৱীত প্রাণী আৰু উদ্ভিদ স্বচ্ছন্দে জীয়াই থকাৰ উপযোগী হৈছে।

 

(b) জলমণ্ডল (2017) : পৃথিৱীৰ উপৰিভাগৰ সমগ্ৰ পানীভাগক জলমণ্ডল বোলে। ইয়াৰে ৯৪.৫% পানী সাগৰ আৰু মহাসাগৰত পোৱা যায়। আনহাতে ৩.৪২% পানী মেৰু অঞ্চলত বৰফ হিচাপে গোট মাৰি আছে। প্রায় ১.৬৮% পানী পৃথিৱীৰ ভূ-ভাগৰ তলত আছে। বাকী থকা ০.৪% পানী নৈ, বিল, জান-জুৰি, জলাহ অঞ্চলত আছে।

পানী হৈছে জীৱৰ প্ৰাণ। প্রাণী আৰু উদ্ভিদৰ জীৱন-ধাৰণ, পৰিপুষ্টি সাধন আৰু বংশবৃদ্ধিৰ বাবে পানীৰ প্রয়োজন অপৰিহার্য। পানীয়ে মাটি জীপাল কৰি ৰাখে, পৰিবেশ সজীৱ কৰি ৰাখে আৰু জীৱকুল সতেজ কৰি ৰাখে। পানী এবিধ যৌগিক পদার্থ। হাইড্র'জেন আৰু অক্সিজেন ইয়াৰ মুল উৎস। প্রাণীয়ে বিভিন্ন উৎসৰ পৰা পানী আহৰণ কৰি জীৱন ধাৰণ কৰে। আনহাতে উদ্ভিদে মাটিৰ তলৰ পৰা শিপাৰে পানী শুহি লয়।


(c) স্থলমণ্ডল :- পৃথিৱীৰ খোলা আৰু সাহটো আৰু তাত থকা জৈৱিক-অজৈৱিক পদার্থক একেলগে স্থলমণ্ডল বোলে। স্থলমণ্ডলৰ ভিতৰত পৰে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, মৰুভূমি, উপত্যকা, দ্বীপ, বনাঞ্চল, সমুদ্রপৃষ্ঠ ইত্যাদি। মাটি হ'ল স্থলমণ্ডলৰ মূল উপাদান। মাটিৰ লগত মিহলি হৈ থকা জীৱাণুৱে জৈৱ আৰু অজৈৱ পদার্থ ভাঙি মাটিৰ লগত মিহলাই দিয়ে। মাটিৰ ওপৰত মানুহে খেতি-বাতি কৰি জীৱিকা নির্বাহ কৰে। সমগ্র জীৱজগত চৰাই, পশু-পক্ষী, উদ্ভিদৰ মাটিয়েই হ'ল প্রধান বাসস্থান। এই মাটিৰ পৰাই আমাৰ প্ৰয়োজনীয় বস্তু, খাৰুৱা তেল, চূণ, শিল আদি আহৰণ কৰোঁ। 


d) জীবমণ্ডল (2020) :- মাটি, পানী আৰু বায়ুক সামৰি পৃথিৱীৰ যি অংশত জীৱ থাকে তাক জীৱমণ্ডল বোলে। পৃথিৱীৰ পৰিবেশৰ লগত জীৱমণ্ডলৰ সম্পর্ক ওতপ্রোত। জীৱমণ্ডলত ক্ষুদ্রাতিক্ষুদ্র বেক্টেৰিয়াৰ পৰা প্ৰকাণ্ড হাতীলৈকে বিভিন্ন প্রজাতিৰ জীৱ-জন্তু, চৰাই-চিৰিকটি আছে। এই জীৱমণ্ডলে নিজৰ প্রয়োজন মতে জৈৱিক পৰিবেশ ৰচনা কৰি লয়। মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱাৰ লগে লগে প্রকৃতি ৰাজ্যত অবাধ লুণ্ঠন আৰম্ভ হৈছে। মানুহে নিজৰ প্রয়োজনৰ বাবে প্ৰকৃতিৰ পশু-পক্ষী, গছ-বন ধ্বংস কৰে। কিন্তু তেনে কৰিলে পৰিবেশৰ ভাৰসাম্য অটুট নাথাকে। পৰিবেশ সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য।


Dr. Ratanlal Brahma, M.A., B.Ed., M.Phil., Ph.D.
Post Graduate Teacher (Political Science)
H.N.Seminary Model HS School, Bagribari, Dhubri, Assam
Email : brahmaratan@gmail.com
Whatsapp no. : 7020477396
Previous
Next Post »