-->

Kushal Konwar- Uttam । কুশল কোঁৱৰ

কুশল কোঁৱৰ
-উত্তম বৰুৱা 



1. 'কুশল কোঁৱৰ' কোন শ্রেণীৰ নাটক? 

উত্তৰঃ- বুৰঞ্জীমূলক নাটক।


2. 'কুশল কোঁৱৰ' নামৰ নাটকখনৰ নাট্যকাৰজন কোন? 

উত্তৰঃ- উত্তম বৰুৱা। 


3. কুশল কোঁৱৰ কোন আছিল?

উত্তৰঃ- ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ এজন শহীদ আছিল।


4. কুশল কোঁৱৰৰ পিতৃৰ নাম কি আছিল? HS-2018 

উত্তৰঃ- সোণাৰাম কোঁৱৰ। 


5. কুশল কোঁৱৰৰ মাতৃৰ নাম কি আছিল? HS-2018 

উত্তৰঃ- কণপাহি।


6. সপ্তম শ্ৰেণীত পঢ়ি থাকোতে উত্তম বৰুৱাই ৰচনা কৰা পুথিখনৰ নাম কি?

উত্তৰঃ- মহাপুৰুষৰ নামঘৰ।


7. উত্তম বৰুৱাৰ প্রথম প্রকাশিত নাটকখনৰ নাম কি?

উত্তৰঃ- বৰ মানুহৰ দোলা' (১৯৬০)। 


8. গোমধৰ কোঁৱৰ কোন আছিল? HS-2018

উত্তৰঃ- গোমধৰ কোঁৱৰ আছিল ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰি শ্বহীদ হোৱা প্ৰথমজন অসমীয়া। সম্বন্ধত তেওঁ আছিল কুশল কোঁৱাৰৰ আজোককা।


9. কুশল কোঁৱৰে পত্নী প্ৰভাৱতীৰ চিলাই মেচিনটো কিয় বিক্ৰী কৰিছিল?

উত্তৰঃ- কংগ্ৰেছৰ ঋণ পৰিশোধ কৰিবলৈ। 


10. বৈকুণ্ঠ বিহুৰী সিং কোন আছিল?

উত্তৰঃ- এজন স্বাধীনতা বিপ্লৱী। তেওঁ বিহাৰৰ লোক আছিল।


11. কুশল কোঁৱৰে কেতিয়াৰ পৰা মাছ-মাংস খাবলৈ এৰি দিছিল?

উত্তৰঃ- মহাত্মা গান্ধীক লগ পোৱাৰ পৰা। 


12. কুশল কোঁৱৰে কাক গুৰু মানিছিল? 

উত্তৰঃ- মহাত্মা গান্ধীক।


13. 'কুশল কোঁৱৰ' নাটকত উল্লেখ থকা চৰকাৰী উকিলজনৰ নাম কি আছিল?

উত্তৰঃ- দেৱেশ্বৰ শৰ্মা। 


14. বালিজান চাহ বাগিছাৰ মালিক কোন আছিল? 

উত্তৰঃ- বিশ্বেশ্বৰ শৰ্মা।


15. পুলিন বৰুৱা কোন জিলাৰ লোক আছিল? 

উত্তৰঃ- গোৱালপাৰা জিলাৰ।


16. কুশল কোঁৱৰক কোনে বিশ্বাসঘাতকতা কৰিছিল?

উত্তৰঃ- পুলিন বৰুৱাই।


17. সৰু পথাৰৰ ৰেল দুর্ঘটনা কোন চনৰ কিমান তাৰিখে হৈছিল?

উত্তৰঃ- ১৯৪২ চনৰ ৯ অক্টোবৰত। 


18. বিপ্লৱীসকলে কোন ঠাইত ৰেল বগৰাইছিল?

উত্তৰঃ- সৰুপথাৰ ৰেল ষ্টেচনৰ ওচৰত থকা চাংপুলত।


19. শিৱসাগৰ জিলাৰ ডেপুটি কমিচনাৰজনৰ নাম কি আছিল?

উত্তৰঃ- মি. কেম্বল এনদ্ৰু হামফ্রে। 


20. কুশল কোঁৱৰৰ উকিলজনৰ নাম কি আছিল? 

উত্তৰঃ- তাৰা প্ৰসাদ বৰুৱা। 


21. কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল? 

উত্তৰঃ- ১৯৪২ চনৰ ১৩ জুন তাৰিখে। 


22. 'ভাৰতবৰ্ষ ব্ৰিটিছে তৰোৱালৰ আগেৰে জয় কৰিছিল আৰু তৰোৱালৰ আগেৰেই ভাৰত শাসন কৰিব' —কথাষাৰ কোনে কৈছিল।

উত্তৰঃ- মি. মলিয়ে কৈছিল।


23. কোনে কেতিয়া কেনেকৈ জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্রতিশোধ লৈছিল?

উত্তৰঃ- উধম সিং নামৰ এজন কুৰি বছৰীয়া বিদ্রোহীয়ে পঞ্জাৱৰ পৰা লণ্ডনলৈ গৈ ১৯৪০ চনত জেনেৰেল ডায়াৰক হত্যা কৰি প্রতিশোধ লৈছিল।


24. ঐতিহাসিক নাটক কাক বোলে? এই বিধ নাটকৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ- ইতিহাসৰ ঘটনা বা চৰিত্ৰক অৱলম্বন কৰি ৰচনা কৰা নাটকক 'ঐতিহাসিক নাটক' বোলে।

ঐতিহাসিক নাটকৰ দুটা বৈশিষ্ট্য হ'ল–

(খ) ঐতিহাসিক নাটকৰ কাহিনীৰ লগতে মূল নায়কজন ইতিহাসৰ পৰা লোৱা হয়।

(গ) এনে নাটকত যুগসাপেক্ষে পৰিবেশ সৃষ্টি কৰা হয়।


25. 'কুশল কোঁৱৰ'ৰ মাতৃ আৰু পত্নীৰ নাম লিখা।

উত্তৰঃ- কুশল কোঁৱৰৰ মাতৃৰ নাম কণপাহি আৰু পত্নীৰ নাম আছিল প্ৰভাৱতী।


26. 'সৰু পথাৰ ৰেল দুর্ঘটনা আপোনালোকৰ কংগ্ৰেছ ভলন্টিয়াৰে কৰিছে। আপোনাৰ নামত ৱাৰেন্ট আছে।' – কোনে কাক এইষাৰ কথা কৈছিল।

উত্তৰঃ- উক্ত কথাষাৰ ডাৰোগাই কুশল কোঁৱৰক কৈছিল।


27. 'কি হ'ল গান্ধীৰ বৰপুত্র। তাক দেশে খুৱাব। তোক-মোকতো দেশে নুখুৱায়।' —কথাষাৰ কোনে কাৰ আগত কৈছিল?

উত্তৰঃ- কুশল কোঁৱৰৰ পিতৃ সোণাৰাম কোঁৱৰে নিজ পুত্ৰৰ বিষয়ে পত্নী কণপাহিৰ আগত উক্ত কথাষাৰ কৈছিল।


28. 'সেয়ে মই কৈছোঁ — গোম সাপৰ বংশ। তেজে তেজক খেদে। বজা কলৰ গুৰিয়েদি ক'ত মালমোগ কল ওলাব ছাৰ।' — কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ- কুশল কোঁৱৰৰ পৰিচয় দিয়া প্রসংগত কথাষাৰ গাওঁবুঢ়াই ডাৰোগাক কৈছিল।


29. 'আমাৰ উপৰিপুৰুষে দেশৰ স্বাধীনতাৰ বাবে যুঁজি গৈছে— যুগমীয়া নাম ৰাখি গৈছে৷ যিজনক স্বাধীনতা যুঁজৰ বাটকটীয়া বুলি আজিও মানুহে শিৰ দোঁৱায়।' —ইয়াত কোনে কাৰ বিষয়ে কৈছে?

উত্তৰঃ- ইয়াত কুশল কোঁৱৰে তেওঁৰ পূৰ্বপুৰুষ গোমধৰ কোঁৱৰৰ বিষয়ে কৈছে – যিজনে ১৮২৮ চনত ইংৰাজ শাসনৰ বিৰুদ্ধে বিপ্লৱ কৰি শ্বহীদ হৈছিল।


30. 'গীতাই মোৰ সান্ত্বনা : প্রভাই মোৰ আশ্রয় : গান্ধীয়ে মোৰ আদর্শ।' — কথাষাৰ কোনে কি প্ৰসংগত কৈছিল?

উত্তৰঃ- কুশল কোঁৱৰে চাহ বাগিছাৰ কেৰানী চাকৰি বাদ দি মহাত্মা গান্ধীৰ গুৰু মানি স্বাধীনতা আন্দোলনত যোগ দিয়াত তেওঁৰ পত্নী প্রভাৱতীয়ে পৰিয়ালৰ বিষয়ে ভাৱিবলৈ কোৱাত কুশল কোঁৱৰে উক্ত কথাষাৰ কৈছিল।


31. 'পাৰিম বংশৰ দেউ। মোৰ স্বামী দেৱতাতকৈ মেচিন ডাঙৰ নহয় – মোৰ দেশতকৈ স্বামীও ডাঙৰ নহয়। দেশেই মোৰ ঘৰ।' - কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ- কোশল কোঁৱৰে কংগ্ৰেছৰ ঋণ পৰিশোধ কৰিবলৈ পত্নীৰ চিলাই মেচিনটো বিক্ৰী কৰিব খোজাত প্ৰভাৱতীয়ে উক্ত কথাষাৰ কৈছিল।


32. 'বনৰ চৰাই সজাঁত সুমুৱাই ৰাখি বিনন্দীয়া বস্তু খাবলৈ দিলেও উৰি যাবলৈ অহৰহ চেষ্টা কৰে। মোৰো মনটো চাকৰিত নবহে-ঘৰতো নবহে।' — কথাষাৰ কোনে কি প্রসংগত কৈছিল?

উত্তৰঃ- কুশল কোঁৱৰে চাহ বাগিছাৰ কেৰাণীৰ চাকৰিটো এৰি ঘৰলৈ ঘূৰি অহাৰ পিছত তেওঁৰ পত্নী প্ৰভাৱতীয়ে ইয়াৰ কাৰণ সুধাত কুশল কোঁৱৰে তেনেদৰে কৈছিল।


33. বৃটিছৰ তলত চাকৰি কৰি নিজৰ ব্যক্তিত্ব বিসর্জন দিলি। ভাৰতৰ নাৰীৰ সতীত্ব লৈ বৰধেমালি পাতিলি। সমাজৰ নেওচা খোৱাহঁতৰ বাবেই মিলিটাৰীয়ে আসৈ পালে – গাওঁ গচকিলে – বৰঘৰ সোমালে। — কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ- 'কুশল কোঁৱৰ' নাটকৰ গাভৰু নামৰ এটি চৰিত্ৰই উক্ত কথাষাৰ গাওঁবুঢ়াক উদ্দেশ্যি কৈছিল।


34. '....... মোৰ সাধনা পূর্ণ হৈছে। মই মহাপুৰুষ মহাত্মাৰ চৰণ ছুই, দেশৰ বাবে জীৱন বিসর্জন দিয়াৰ যি পৱিত্ৰ কামনা কৰিছিলোঁ – ভগৱানে তাক পূর্ণ কৰিছে। .... যোৱাগৈ সুখ-দুখ সকলো ভগৱানৰ দান বুলি গ্রহণ কৰিবা।' —কথাষাৰ কোনে কাক কৈছিল।

উত্তৰঃ- সৰু পথাৰ ৰেল ষ্টেচনত ৰেল বগৰোৱা কার্যত অভিযুক্ত হৈ কাৰাগাৰত বন্ধী হৈ থকা কুশল কোঁৱৰক দেখা কৰিবলৈ যোৱা পত্নী প্রভাৱতীক উদ্দেশ্যি কুশল কোঁৱৰে উক্ত কথাষাৰ কৈছিল।                                                       

        

35. ৰেল লাইন বগৰাবলৈ বৈকুন্ঠ সিঙৰ তালিকা মতে কি কি বস্তু যোগাৰ কৰিছিল?

উত্তৰঃ- ৰেল লাইন বগৰাবলৈ বৈকুষ্ঠ সিঙে তৈয়াৰ কৰা তালিকা মতে যোগাৰ কৰা বস্তুবোৰ হ'ল : চাবুল এপাট, হাতুৰী চাৰিটা, জেংকোৰ দুইখন, ৰেন্স চাৰিখন, তাঁৰ কটা কেচি দুইখন, নাৰিকলৰ জৰী দুই মুঠি, কেৰাচিন তেলৰ টিন দুইটা আদি।


36. স্বাধীনতা পোৱাৰ বাবে আমি আটায়ে ত্যাগ স্বীকাৰ কৰিছোঁহঁক। স্বাধীনতা পোৱাৰ পাছতো যেন আমি ত্যাগী হৈ থাকিব পাৰোঁ। – ভোগী হ'বলৈ যেন হাবিয়াস নকৰোঁ। এয়ে মোৰ বাণী – এয়ে মোৰ কাকুতি – এয়ে মিনতি।' —কথাষাৰ কোনে কি প্ৰসংগত কৈছিল?

উত্তৰঃ- ফাঁচীৰ হুকুম প্রাপ্ত কুশল কোঁৱৰক কাৰাগাৰত বন্ধী হৈ থকা অৱস্থাত তেওঁক চাবৰ কাৰণে যোৱা পত্নী প্ৰভাৱতীয়ে বিদায় পৰত কিবা এষাৰ বাণী দি যাবলৈ অনুৰোধ কৰাত কুশল কোঁৱৰে উক্ত কথাষাৰ প্ৰভাৱতীক কৈছিল।


37. 'দেউতা আমি নিমাখিত প্রাণী। আমি ঠায়ে ঠায়ে গীত পদ গাই সিকিটো-আদলিটো লৈ পেট প্ৰৱর্তাই আছোঁ। য'তে ৰাইজে মাতেঃ তালৈকে আমি যাওঁ হ'ক আৰু গাওঁ।'' —কথাষাৰ কোনে কাক কৈছিল?  

উত্তৰঃ- কথাষাৰ 'কুশল কোঁৱৰ' নাটকৰ ওজা নামৰ চৰিত্ৰ এটাই ডাৰোগাক কৈছিল।


38. 'কোনে কয় – কোনে কয় —মূলা গাভৰুৰ মৃত্যু হৈছে —জয়মতীৰ মৃত্যু হৈছে – ৰমণী গাভৰুৰ মৃত্যু হৈছে? জননী জন্মভূমিশ্চ স্বর্গাদপী গৰীয়সী।' – কোনে কি প্ৰসংগত উক্ত কথাফাঁকি কৈছিল?

উত্তৰঃ- কংগ্ৰেছৰ ঋণ পৰিশোধ কৰাৰ বাবে কুশল কোঁৱৰে পত্নী প্ৰভাৱতীক চিলাই মেচিনটো বিক্ৰী কৰাৰ প্রস্তাৱ আগবঢ়োৱাত প্ৰভাৱতীয়ে নিঃসংকোচে মান্তি হোৱাত উক্ত কথাষাৰ কুশল কোঁৱৰে পত্নী প্ৰভাৱতীক উদ্দেশ্যি কৈছিল।


39. ফাঁচীৰ হুকুম প্রাপ্ত কুশল কোঁৱৰে কাৰাগাৰত দেখা কবিলৈ যোৱা পত্নী প্ৰভাৱতীক কি বুলি সান্ত্বনা দিছিল?

উত্তৰঃ- কুশল কোঁৱৰক দেখা কৰিবলৈ যোৱা পত্নী প্রভাৱতীক তলত দিয়া উক্তি কেইষাৰৰ দ্বাৰা সান্ত্বনা দিছিল –

"এইয়া ঈশ্বৰৰ ইচ্ছা। আমি সকলোৱেই তেওঁৰ ইচ্ছামতে চলিছোঁহক। তেৱেঁ যি ভাল দেখে সেয়ে হ'ব। ইয়াত দুখ কৰিব লগা একো নাই। তদুপৰি মোৰ সাধনা পূর্ণ হৈছে, মই মহাপুৰুষ মহাত্মাৰ চৰণ ছুই, দেশৰ বাবে জীৱন বিসর্জন দিয়াৰ যি পৱিত্ৰ কামনা কৰিছিলোঁ – ভগৱানে তাক পূর্ণ কৰিছে।''


40. ১৯০৭ চনত পার্লামেন্টত ভাৰতৰ ষ্টেট চেকৰেটাৰী মি. মর্লি চাহাবে কি কৈছিল?

উত্তৰঃ- ১৯০৭ চনত পার্লামেন্টত ভাৰতৰ ষ্টেট চেকৰেটাৰী মি. মর্লি চাহাবে কৈছিল, 'ভাৰতবর্ষ বৃটিছে তৰোৱালৰ আগেৰে জয় কৰিছিল আৰু তৰোৱালৰ আগেৰেই ভাৰত শাসন কৰিব। ভাৰতবাসীৰ যদি ক্ষমতা আছে তেন্তে তেওঁলোকে বজ্ৰ মুঠিৰে তৰোৱাল ধৰি ভাৰতবৰ্ষ স্বাধীন কৰক – উদ্ধাৰ কৰক। বিনা ৰক্তপাতে স্বাধীনতা দিয়া নহ'ব।'


41. গাওঁবুঢ়াই কি কি প্রলোভন দি পুলিন বৰুৱাৰ মন পৰিৱৰ্তন কৰি কোশল কোঁৱৰক বিশ্বাসঘাতকতা কৰাত সহায় কৰিছিল?

উত্তৰঃ- সৰু পথাৰ ৰেলষ্টেচনত ৰেল বগৰোৱা কার্যত জড়িত বিপ্লৱীসকলক ধৰাই দিলে পুলিনে মৌজাদাৰৰ পদবী পাব বুলি গাওঁবুঢ়াই প্রলোভন দিছিল। সেই অনুসাৰে পুলিনে বিশ্বাসঘাতকতা কৰি কুশল কোঁৱৰৰ বিৰুদ্ধে ৰাজ সাক্ষী হৈছিল। 


42. 'কুশল কোঁৱৰ কোন আছিল? নাটকখনৰ আধাৰত তেওঁৰ চৰিত্ৰটো বিশ্লেষণ কৰা।

উত্তৰঃ- কুশল কোঁৱৰ আছিল অসমৰ এজন স্বাধীনতা বিপ্লৱী।

নাট্যকাৰ উত্তম বৰুৱাই ৰচনা কৰা 'কুশল কোঁৱৰ' নামৰ নাটকখনৰ প্রধান চৰিত্ৰ হৈছে কুশল কোঁৱাৰ। নাটক্যকাৰে কুশল কোঁৱৰক এজন প্রকৃত স্বদেশপ্রেমিক, গান্ধীবাদী আদর্শ বিপ্লৱী হিচাপে চিত্রিত কৰিছে।

ল'ৰালি কালৰ পৰাই কুশল কোঁৱৰ অতি সাহসী আৰু স্পষ্টবাদী আছিল। চৈধ্য বছৰ বয়সতে তেওঁ ওজাপালি অনুষ্ঠান এটিত ওজাপালি দলক মাৰপিট কৰা দাৰোগা এজনৰ হাতৰ পৰা লাঠিডাল কাঢ়ি লৈ ভাঙি পেলাইছিল। আকৌ এবাৰ তেওঁ উইলচন নামৰ ইংৰাজ বিষয়া এজনক জোতাৰে মাৰিবলৈ উদ্ধত হৈছিল।

১৯২১ চনত হোৱা অসহযোগ আন্দোলনতো তেওঁ গান্ধীজীক গুৰু মানি দেশসেৱাত আত্মনিয়োগ কৰে। আইন অমান্য আন্দোলনৰ সময়ত দেউতাকে তেওঁক আন্দোলনত যোগ নিদি লিখা-পঢ়াত মনোযোগ দিবলৈ কোৱাত কুশল কোঁৱৰে কৈছিল : 'মই অসহযোগ আন্দোলনত যোগ দিম। কংগ্ৰেছত আমি ছাত্ৰসকলে নাম লিখিছোঁ। মোৰ মনত মহাত্মা গান্ধী এগৰাকী বিৰাট পুৰুষ। তেখেত মোৰ গুৰু।' উক্ত কথাষাৰে প্রমাণ কৰে তেওঁ পৰিপূৰ্ণভাৱেই এজন গান্ধীবাদী বিপ্লৱী আছিল।

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত চাহ বাগিছাৰ কেৰানীৰ চাকৰি এৰি বিপ্লৱত জপিয়াই পৰিছিল। সেই সময়ত কিছুমান বিপ্লৱী গান্ধীজীৰ অহিংস আদৰ্শৰ পৰা স্খলিত হৈ আন্দোলনত হিংসাৰ আশ্রয় লোৱাত কুশল কোঁৱৰে বিৰোধিতা কৰিছিল। সৰু পথাৰত সংগটিত কৰা ৰেল দুর্ঘটনাত তেওঁ জড়িত নাছিল যদিও পুলিন বৰুৱা নামৰ এজন লোকৰ মিছা সাক্ষীত কুশল কোঁৱৰ দোষী সাব্যস্ত হয়। পিছত ১৯৪৩ চনত ইংৰাজে তেওঁক ফাঁচী দি হত্যা কৰে। কুশল কোঁৱৰে তেওঁৰ শেষ বাণী হিচাপে কোৱা কথাকেইষাৰ আছিল – 'দেশৰ কাৰণে, দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ বাবে মই নিজৰ জীৱন দিয়েই পূজা কৰি গ'লোঁ'।

এইদৰে নাট্যকাৰে কুশল কোঁৱৰক এজন প্রকৃত দেশপ্রেমিক, স্পষ্টবাদী, সাহসী আৰু গান্ধীবাদী বিপ্লৱী নেতা হিচাপে নাটকখনত অংকিত হৈছে।


43. কুশল কোঁৱৰক কিয় ফাঁচীৰ হুকুম দিয়া হৈছিল? চমুকৈ লিখা। HS-2019

উত্তৰঃ- কুশল কোঁৱৰ অসমৰ এজন স্বাধীনতা বিপ্লৱী আছিল। তেওঁ চৈধ্য বছৰ বয়সৰ পৰাই ইংৰাজ শাসনৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন আৰু কংগ্ৰেছৰ সংগঠনৰ কামত নিজকে আত্মনিয়োগ কৰে। দেশৰ হকে তেওঁ নিজৰ লিখা-পঢ়া আৰু বালিজান চাহ বাগিছাৰ কেৰানীৰ চাকৰি পদৰ পৰাও ইস্তফা দিয়ে।

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কিছুমান কংগ্ৰেছ নেতা আৰু কৰ্মীয়ে গান্ধীজীৰ অহিংস নীতিৰ পৰা ফালৰি কাটি নেতাজী সুভাষ চন্দ্র বসুৰ আদৰ্শৰে উদ্বৃদ্ধ হৈ সশস্ত্র পন্থা অৱলম্বন কৰে। সিহঁতে ১৯৪২ চনৰ ৯ অক্টোবৰ। তাৰিখে সৰুপথাৰ ৰেল ষ্টেচনৰ চাংপুলত ৰেললাইন খুলি ইংৰাজসেনা কঢ়িয়াই অনা এটি ৰেল বগৰাই পেলায়। কুশল কোঁৱৰে এই সশস্ত্র দুষ্কাৰ্যৰ বিৰোধিতা কৰিছিল।

কিন্তু গাওঁবুঢ়া, পুলিন আৰু তেওঁৰ কেইজনমান সতীৰ্থৰ ষড়যন্ত্রত ব্রিটিছে তেওঁক সৰুপথাৰ ৰেল দুর্ঘটনাৰ মূল অপৰাধী সজাই ১৯৪৩ চনৰ ৬ মার্চ তাৰিখে যোৰহাট জেলত কুশল কোঁৱৰক ফাঁচী দিয়ে। 


44. 'কুশল কোঁৱৰ' নাটকৰ পুলিন বৰুৱাৰ চৰিত্ৰটো বিশ্লেষণ কৰা।

উত্তৰঃ- পুলিন বৰুৱা 'কুশল কোঁৱৰ' নাটকখনৰ এক উল্লেখযোগ্য চৰিত্র। নাটকখনত তেওঁ এজন স্বার্থান্বেষী, দেশদ্রোহী, বিশ্বাসঘাতক আৰু ইংৰাজৰ বহতীয়া গোলাম হিচাপে অংকিত হৈছে।

পুলিন বৰুৱা আচল ঘৰ আছিল গোৱালপাৰাত। তেওঁ সৰুপথাৰৰ এজনী ছোৱালী বিয়া কৰাই তাতে থাকিবলৈ লয়। তেওঁ স্বাধীনতা আন্দোলনৰ এজন কর্মী হিচাপে যোগদান কৰে আৰু চাংপুঙত ৰেল বগৰোৱা কার্যত জড়িত হয়। কিন্তু তেওঁ ভিতৰি ভিতৰি ইংৰাজৰ বহতীয়া হৈ কাম কৰিছিল। ৰেল লাইনৰ ফিৰপ্লেট খুলি থকা সময়ত তেওঁ হঠাৎ সতীর্থসকলক এৰি গৈছিল। আনকি ৰেল বগৰোৱাৰ পিছত তেওঁ বিদ্রোহীসকলৰ লগ এৰিছিল।

গাওঁবুঢ়াই তেওঁৰ ভয়াতুৰ স্বভাৱৰ সুবিধা গ্রহণ কৰে আৰু চৰকাৰী চাকৰিৰ লোভ দেখুৱাই ইংৰাজৰ ফলীয়া হৈ কুশল কোঁৱৰৰ বিৰুদ্ধে সাক্ষী দিবলৈ প্ৰভাৱিত কৰে। গাওঁবুঢ়াৰ দিহা মতে পুলিনে আদালতত কুশল কোঁৱৰৰ বিৰুদ্ধে মিছা সাক্ষী দিয়ে। ফলত ইংৰাজে কুশল কোঁৱৰক ফাঁচী দিহত্যা কৰে।

এইদৰে নাটকটোত পুলিন বৰুৱা এজন বিশ্বাসঘাতক আৰু দেশদ্রোহী চৰিত্ৰ হিচাপে অংকিত হৈছে।


45. 'কুশল কোঁৱৰ' নাটকৰ বৰমুখী গাওঁবুঢ়াৰ চৰিত্ৰটো বিশ্লেষণ কৰা।

উত্তৰঃ- 'কুশল কোঁৱৰ' নাটকখনৰ এটি উল্লেখযোগ্য চৰিত্ৰ হৈছে বৰমুখী গাওঁবুঢ়া। তেওঁ বালিজান অঞ্চলৰ লোক আছিল। নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে তেওঁ দেশ আৰু স্বজাতিৰ বিৰুদ্ধে গৈ ইংৰাজৰ গোলাম হিচাপে কাম কৰিছিল।

কুশল কোঁৱৰক চাংপুলত সংঘটিত হোৱা ৰেল দুর্ঘটনাৰ মূল নায়ক হিচাপে সজাই ফাঁচী কাঠত ওলমোৱা কার্যত গাওঁবুঢ়াজনৰ বিশেষ ভূমিকা আছে। তেওঁ পুলিন বৰুৱা নামৰ এজন লোকক চাকৰিৰ প্রলোভন দি কোশল কোঁৱৰৰ বিৰুদ্ধে সাক্ষী দিয়াইছিল।

মুঠতে নাটকখনত গাওঁবুঢ়াজনক এজন স্বর্থান্বেষী, জাতিদ্রোহী, বিশ্বাসঘাতক চৰিত্ৰ হিচাপে অংকিত হৈছে।


46. 'কুশল কোঁৱৰ' নাটকৰ মি. কেম্বল এনদ্ৰু হামফ্রে চৰিত্ৰটো বিশ্লেষণ কৰা।

উত্তৰঃ- মি. কেম্বল এন্দ্ৰু হামফ্রে ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত শিৱসাগৰ জিলাৰ ডেপুটি কমিছনাৰ আছিল। আগতে তেওঁ কামৰূপ  জিলাৰ ডেপুটি কমিছাৰ আছিল আৰু সেই সময়ত এক ছাত্র আন্দোলন কঠোৰ হাতেৰে দমন কৰিছিল। তেওঁ ইংৰাজসকলৰ এক প্রতিনিধিস্বৰূপ চৰিত্র। অসমত ইংৰাজ শাসন দৃঢ় কৰাৰ বাবে তেওঁ যথেষ্ট ভূমিকা গ্রহণ কৰিছিল। তেওঁ গাওঁবুঢ়াৰ হতুৱাই পুলিন বৰুৱাক কুশল কোঁৱৰৰ বিৰুদ্ধে মিছা সাক্ষী দিয়াইছিল। ফলস্বৰূপে কুশল কোঁৱৰ মিছা অভিযোগত ফাঁচী কাঠত শ্বহীদ হ'বলগা হৈছিল।

@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »