-->

Ravanok Bibhisonor xoj । ৰাৱণক বিভীষণৰ

 ৰাৱণক বিভীষণৰ সজ উপদেশ
-মাধৱ কন্দলি

1. বিভীষণ কাৰ ভক্ত আছিল। 

উত্তৰঃ- বিভীষণ বিষ্ণু ভক্ত আছিল। 


2. মধুসূধন কোন? 

উত্তৰঃ- ৰামচন্দ্র।


3. মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰঃ- চতুর্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ।


4. মাধৱ কন্দলিযে অনুবাদ কৰা ৰামায়ণ বাল্মমীকি ৰামায়ণৰ শ্লোকানুবাদ নে ভাবানুবাদ?

উত্তৰঃ- ভাবানুবাদ।


5. 'ৰাৱণক বিভীষণৰ সজ উপদেশ' কাব্যাংশৰ কবি কোন?

উত্তৰঃ- মাধৱ কন্দলি। 


6. ৰাৱণৰ মাতৃৰ নাম কি? 

উত্তৰঃ- নৈকেষী।


7. 'ৰামৰ হাতত জানো মোৰ যাব জীৱ' - কথাষাৰ কোনে কৈছে?

উত্তৰঃ- লংকাৰ ৰজা ৰাৱণে। 


8. লংকা কোনে দহন কৰিছিল? 

উত্তৰঃ- ৰামভক্ত হনুমানে।


9. মাধৱ কন্দলি কোন যুগৰ কবি? HS-2019 

উত্তৰঃ- প্রাক-শংকৰী যুগৰ।


10. মূৰাৰী কোন? 

উত্তৰঃ- ৰামচন্দ্র। 


11. সীতাকাৰ জীয়ৰী আছিল? 

উত্তৰঃ- জনক ৰজাৰ জীয়ৰী।


12. ৰামৰ সখা কোন আছিল? 

উত্তৰঃ- বান্দৰৰ ৰজা সুগ্রীৱ। 


13. ইন্দ্রজিতে হনুমানক কিহেৰে বান্ধিছিল? 

উত্তৰঃ- নাগপাশেৰে।


14. সীতাক হৰণ কৰি নি ৰাৱণে ক'ত বন্ধী কৰি ৰাখিছিল?

উত্তৰঃ- লংকাত। 


15. 'অপ্রমাদী' শব্দৰ অর্থ কি? 

উত্তৰঃ- 'অপ্রমাদী' শব্দৰ অৰ্থ 'ভ্রান্তিহীন'। 


16. ইন্দ্রজিৎ কোন আছিল? 

উত্তৰঃ- ইন্দ্রজিৎ আছিল লংকাৰ ৰজা ৰাৱণৰ পুত্র। 


17. নৈকেষী কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠাইছিল? HS-2019 

উত্তৰঃ- নৈকেষী আছিল লংকাৰ ৰজা ৰাৱণৰ মাতৃ। ৰাৱণে সীতাক হৰণ কৰি লংকাত বন্ধী কৰি ৰাখিছিল। ৰামে সীতাক বিচাৰি যে লংকা আক্রমণ কৰিব সেয়া নৈকেষীয়ে উপলব্ধি কৰি বৰ চিন্তিত হয়। তাই ৰাৱণৰ সন্নিকট বিপদৰ কথা সৰু পুতেক বিভীষণৰ আগত ব্যক্ত কৰে। তাই সীতাক ৰামৰ হাতত গতাই দি ৰাৱণক বুজনি দি সুপথলৈ উভতাই আনিবলৈ বিভীষণক ৰাৱণৰ ৰাজসভালৈ পঠাইছিল।


18. নাগপাশ কি? হনুমানক কোনে, কি কাৰণে নাগপাশেৰে বন্ধী কৰিছিল? HS-2018

উত্তৰঃ- নাগপাশ হ'ল পুৰণি কালত যুদ্ধত শত্ৰুক বান্ধিবলৈ ব্যৱহাৰ কৰা সাপৰ নিচিনা এবিধ জৰী। ৰামৰ ভক্ত হনুমানে সীতাক উদ্ধাৰ কৰিবলৈ লংকাৰ ৰাজধানী লণ্ড-ভণ্ড কৰাত ৰাৱণৰ পুত্ৰ ইন্দ্রজিতে হনুমানক নাগপাশেৰে বন্ধী কৰিছিল।


19. হনুমান যে ৰামৰ ভক্ত এই কথা লংকাত বন্ধিনী সীতাৰ আগত কেনেদৰে প্ৰমাণ কৰিছিল?

উত্তৰঃ- হনুমানে ৰাৱণৰ সেনাসকলক হত্যা কৰি, ৰাজধানী লণ্ড-ভণ্ড কৰি তেওঁ যে ৰামৰ ভক্ত সেই কথা লংকাত বন্ধিনী সীতাৰ আগত প্রমাণ কৰিছিল।


20. শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল? HS-2018

উত্তৰঃ- শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড আৰু মাধৱদেৱে ৰামায়ণৰ আদি কাণ্ড ৰচনা কৰিছিল।


21. উত্তম, মধ্যম আৰু অধম কোন মন্ত্রক কোৱা হয়? ৰাজকার্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্রক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ- কোনো কথা পাত্র মন্ত্রীসকলে বিষ্ণুত বিশ্বাস ৰাখি নিশ্চিত সিদ্ধান্তত উপনীত হ'লে তাক উত্তম মন্ত্র বুলি কোৱা হয়।

বিভিন্ন মন্ত্রীয়ে কোনো কথাত একমত হ'লে তাক মধ্যম মন্ত্ৰ বুলি কোৱা হয়।

আনহাতে যেতিয়া মন্ত্রীয়ে পুৰুষৰ তেজ বা শক্তি অস্বীকাৰ কৰি দৈৱ বা ভাগ্যইহে সকলো কৰে বুলি ভাৱে তেতিয়া তাক অধম মন্ত্র বুলি কয়।


22. বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল?

উত্তৰঃ- ৰামে তেওঁৰ পত্নী সীতাৰ সৈতে বনবাস খাটি থকা সময়ত লংকাৰ ৰজা ৰাৱণে সীতাক বনৰ পৰা হৰণ কৰি লংকালৈ লৈ যায়। সীতাক বিচাৰি ৰামে যে সোনকালে লংকা আক্রমণ কৰিব সেই কথা উপলব্ধি কৰি ৰাৱণৰ মাতৃ নৈকেষী চিন্তিত হয় আৰু ৰাৱণক বুজনি দি সুপথলৈ ঘূৰাই আনিবৰ বাবে নৈকেষীয়ে সৰু পুত্র বিভীষণক ৰাজসভালৈ পঠায়। তাত বিভীষণে জেষ্ঠ ভাতৃ ৰাৱণক বুজনি দিয়ে এনেদৰেঃ-

ৰাম হৈছে পৰম পুৰুষ। তেওঁ প্ৰকৃততে বিষ্ণুৰ এক অৱতাৰহে। তেওঁ সর্বজন বিদিত। সীতাও স্বয়ং লক্ষ্মীদেৱীহে। ৰামে সীতাক উদ্ধাৰ কৰিবৰ বাবে বান্দৰ ৰাজ সুগ্রীবৰ লগত মিত্ৰতা কৰিছে। গতিকে যিকোনো সময়ত ৰামে পত্নী সীতাক উদ্ধাৰ কৰিবলৈ লংকা আক্রমণ কৰিবই। ইতিমধ্যে হনুমানে সাগৰ পাৰ হৈ লংকাত উপস্থিত হৈ সমগ্ৰ নগৰ তন্ন-তন্নকৈ ঘূৰি লংকা দাহ কৰিলে। সীতাক সাক্ষাৎ কৰি ৰাৱণৰ সৈন্য-সামন্তকো বধ কৰি অশোক বন লণ্ড-ভণ্ড কৰিলে।

এইদৰে বিভীষণে ৰাৱণৰ আগত ৰামচন্দ্ৰৰ বীৰত্বৰ কথা দাঙি ধৰি ৰাৱণক ৰামৰ সৈতে সম্ভাৱ্য যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ সজ উপদেশ দিয়ে।                  


23. সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল?

উত্তৰঃ- সীতাক উদ্ধাৰ কৰিবৰ উদ্দেশ্যে ৰামে বান্দৰৰ ৰজা সুগ্রীৱৰ লগত মিত্ৰতা কৰে। সীতাক উদ্ধাৰ কৰাৰ বাবে ৰামভক্ত হনুমানে সাগৰ পাৰ হৈ লংকাত উপস্থিত হৈ সমগ্র নগৰ তন্ন-তন্নকৈ ঘূৰি লংকা দাহ কৰে। সীতাক সাক্ষাৎ কৰি ৰাৱণৰ সৈন্য-সামন্তকো বধ কৰিলে। লগতে অশোক বনো লণ্ড-ভণ্ড কৰে। অৱশেষত ৰামে ৰাৱণক যুদ্ধত পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰে।


24. কবিতাটিৰ মাজৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্রটি বিশ্লেষণ কৰা।

উত্তৰঃ- বিভীষণৰ চৰিত্ৰৰ সততা কবিতাটিৰ মাজেৰে উদ্ভাসিত হৈউঠিছে। তেওঁ বিষ্ণু ভক্ত, সৎ, বিবেচক আৰু নিঃস্বার্থ। ৰাৱণে সীতাক হৰণ কৰি অনা কাৰ্যটো যে অন্যায় হৈছে সেয়া বিভীষণে উপলব্ধি কৰি এইকাৰ্যৰ পৰিণাম যে ভয়াবহ হ'ব সেয়া তেওঁ অনুধাৱণ কৰি ভাতৃ ৰাৱণক বিনা যুদ্ধে সীতাক ৰামৰ হাতত গতাই দিবলৈ সজ উপদেশ দিছিল।

এনেদৰে কবিতাটিৰ মাজেৰে বিভীষণৰ চৰিত্ৰৰ সততা আৰু মানৱীয় গুণ প্রকাশ পাইছে।


25. মাধৱ কন্দলিৰ কাব্যিক প্রতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ- মাধৱ কন্দলি প্রাক-শংকৰী যুগৰ কবিসকলৰ মাজৰ এজন শ্রেষ্ঠ কবি আছিল। তেওঁ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ সংস্কৃত ৰামায়ণখন অসমীয়ালৈ ভাঙনি কৰে। মাধৱ কন্দলিয়ে 'সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো' বুলি কৈছে যদিও ইয়াৰ মাত্র পাঁচটা কাণ্ডহে পোৱা যায়। পিছত মাধৱদেৱ আৰু শংকৰদেৱে ক্রমে 'আদিকাণ্ড' আৰু 'উত্তৰাকাণ্ড' ভাঙনি কৰি কন্দলিৰ অসমীয়া ৰামায়ণখন সম্পূর্ণ কৰে। শংকৰদেৱে তেওঁৰ কবি প্রতিভাক প্রশংসা কৰি 'অপ্রমাদী' কবি বুলি অভিহিত কৰিছে।


26. বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্র মন্ত্রীসকলে ৰাৱণক কেনে ধৰণৰ উপদেশ দিছিল?

উত্তৰঃ- বিভীষণে মাতৃৰ আদেশমতে ৰাৱণক ৰামৰ বিৰুদ্ধে যুদ্ধ নকৰিবলৈ সজ উপদেশ দিয়ে। কিন্তু সেই সজ উপদেশৰ বিপৰীতে মন্ত্রীসকলে ৰাৱণক উচটনিমূলক উপদেশহে দিছিল।

মন্ত্রীসকলে ৰাৱণক বুজনি দিছিল যে হনুমানে লংকা নগৰীৰ ওপৰত কৰা বিপর্যয়বোৰ দুঃস্বপ্ন বুলি ভাবি মনৰ পৰা আতঁৰাই পেলাব লাগে। সীতাক ৰামৰ হাতত গতাই দিয়াৰ পৰিৱর্তে মন্ত্রীসকলে ৰাৱণক উপদেশ দিয়ে যে লংকাধিপতি ৰাৱণৰ ভড়াল অস্ত্ৰৰে পৰিপূৰ্ণ হৈ আছে। সেয়ে সাধাৰণ মনুষ্য ৰামক ভয় কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে।

এনেদৰে মন্ত্ৰীসকলে ৰাৱণক বিভীষণে দিয়া সজ উপদেশৰ বিপৰীতে ৰামৰ বিৰুদ্ধে ৰাৱণক উচটাহইে দিছিল।


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512                                                                                                                                   

Previous
Next Post »