-->

Class 9 Assamese বৈচিত্র্যময় অসম দ্বিতীয় খণ্ড

 দ্রুতপাঠ (বৈচিত্র্যময় অসম) 
 D. ডিমাছাসকল 


1. ডিমাছাসকল প্ৰধানতঃ কেইটা বংশত বিভক্ত? 

উত্তৰঃ- ডিমাছাসকল প্ৰধানতঃ ৪০ টা বংশত বিভক্ত। 


2. ডিমাছা ভাষাৰ অসমৰ আন কোন ভাষাৰ সৈতে মিল থকা দেখা যায়? 

উত্তৰঃ- ডিমাছা ভাষাৰ অসমৰ বড়ো ভাষাৰ সৈতে মিল থকা দেখা যায়। 


3. ডিমাছাসকলৰ খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি? 

উত্তৰঃ- ডিমাছাসকলৰ খেতিৰ শেষত পতা উৎসৱটোৰ নাম হ'ল বিছু ডিমা। 


4. ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে কি হয়? 

উত্তৰঃ- ডিমাছাসকলৰ প্ৰতিটো গোত্ৰ 'চা' আখৰেৰে শেষ হয়। যেনে- লাংথাচা, ডিফুচা। 


5. ডিমাসকলৰ কেইটামান গোত্ৰৰ নাম লিখা। 

উত্তৰঃ- ডিমাছাসকলৰ কেইটামান গোত্ৰৰ নাম হ'ল— গাৰ্লোচা, হোজাইচা, মাইবংচা, লাংথাচা, ডিফুচা আদি। 


6. ডিমাছাসকলৰ বিছু ডিমা উৎসৱৰ বিষয়ে কি জানা লিখা। 

উত্তৰঃ- ডিমাছাসকলে খেতিৰ শেষত (জানুৱাৰি মাহৰ শেষ ভাগত) বিছু ডিমা নামৰ উৎসৱটো পালন কৰে। এই উৎসৱত কুকুৰা কাটি পূজা দিয়াৰ লগতে মদ, গাহৰি আদিৰে সমজোৱা ভোজ-ভাত খায়। প্ৰায় ৪ ফুট মান দীঘল হাতেৰে বজোৱা ঢোল আৰু দীঘল পেঁপা বজায়। পুৰুষ মহিলা সকলোৱে ঢোল-পেঁপাৰ তালত ঘূৰি ঘূৰি নৃত্য কৰি আনন্দিত হয়।


E. কাৰবিসকল 

1. কাৰবিসকলক অসমৰ কলম্বাচ বুলি কোনে কৈছিল?

উত্তৰঃ- বিষ্ণুপ্ৰসাদ ৰাভাই কাৰবিসকলক অসমৰ কলম্বাচ বুলি কৈছিল। 


2. কাৰবিসকলৰ মূল ফৈদকেইটা কি কি? 

উত্তৰঃ- কাৰবিসকলৰ পাঁচটাকৈ ফৈদ আছে— (১) টিমুং (2) টেৰন (৩) তেৰাং (৪) ইংহি (৫) ইংতি।

এই প্ৰতিটো ফৈদৰ একাধিক উপফৈদ আছে। 


3. কাৰবিসকলৰ পৰম্পৰাগত সাজপাৰৰ বিষয়ে লিখা। 

উত্তৰঃ- কাৰবিসকলৰ পুৰুষসকলে আঁঠুমূৰীয়া পে ছেলেং, চই হংথৰ, চই ইক, চই লক্‌ (কাৰবি জেকেট) আদি সাজপাৰ পৰিধান কৰে। এই হংথৰ কাৰবি জেকেট বুলি পৰিচিত। পহ (কাৰবি মাফ্লাৰ) ৪ আৰু ৫ ইঞ্চি বহল আৰু প্ৰায় ছয় ফুট দীঘল। ইয়াৰ দুয়োমূৰে বিভিন্ন ৰঙৰ ফুল তুলি দিয়া হয়। ডেকাসকলে চেপান আবু নামৰ চকচকীয়া ক'লা কাপোৰ ব্যৱহাৰ কৰে।

কাৰবি মহিলাসকলে পিনি, পেকক আৰু ৱানকক, পে ছেলেং, পে খনজাৰি, পে ছাৰপি আদি সাজপাৰ ব্যৱহাৰ কৰে। মহিলাসকলে নিজৰ কেচুঁৱাটোক বোকোচাত লবৰ বাবে পিবা নামৰ বিশেষ চকচকীয়া ক'লা কাপোৰ ব্যৱহাৰ কৰে। 


4. কাৰবি মহিলাসকলে ব্যৱহাৰ কৰা কেইবিধমান আ-অলংকাৰৰ নাম লিখা। 

উত্তৰঃ- লেক হিকি, নথেংপী, নলাপং, ন'জাংচাই লেক ৰূৱে, লেক পাংখাৰা, লাং, আৱ', ৰই পাংখাৰা, ৰই পাহু আদি প্ৰধান। 


5. কাৰবিসকলৰ উৎসৱ পাৰ্বন সম্পর্কে লিখা। 

উত্তৰঃ- কাৰবিসকলৰ পেং হে মফু, ৰংকেৰ, চজুন আদি উৎসৱেই প্ৰধান। পেং হেমফু নামৰ ঘৰুৱা উৎসৱত সাধাৰণতে ৩টা পূজা কৰা হয় যেনে— ৰিৎ আংলং, বুইচম আৰু পেং থাকে। অপায় অমংগল নহবৰ বাবে এই পূজা বছৰৰ আৰম্ভণিতে কৰা হয়। চজুন উৎসৱ ৪, ৫ বা ৯ বছৰ মূৰে মূৰে পালন কৰা হয়। ৰংকেৰ উৎসৱ বছৰৰ আৰম্ভণিতে পালন কৰা হয়। পূজাৰ মূলবেদীত চৰাই, কণী, ছাগলী আদি উচৰ্গা কৰি উপাস্য দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা কৰা হয়। 


6. কাৰবি যুৱ মহোৎসৱ কেতিয়া আৰু ক'ত অনুষ্ঠিত হয়? 

উত্তৰঃ- প্ৰতি বছৰৰ ১৫ৰ পৰা ১৯ ফেব্ৰুৱাৰিলৈকে কাৰবি যুৱ মহোৎসৱ তাৰালংছ' ডিফু চহৰত অনুষ্ঠিত হয়। 


7. চমুটোকাঃ- 

(ক) ছেমছনছিং ইংতিঃ- কাৰবি আংলঙৰ স্বপ্ন দ্ৰষ্টা আৰু ৰূপকাৰ ছেমছনছিং ইংতিৰ ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰিত কাৰবি আংলঙৰ টিকা পাহাৰত জন্ম হয়। তেওঁ কাৰবিজাতিৰ প্ৰথম স্নাতক আছিল। তেওঁ গোলাঘাট বেজবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯৩৩ চনত মিকিৰ হিলচ ট্ৰেক গঠন হোৱাত ইংৰাজ চৰকাৰে তেওঁক মাতি আনি ১৯৩৪ চনত নগাওঁ জিলাৰ শিক্ষা বিভাগত উপ পৰিদৰ্শক পদত নিযুক্তি দিয়ে। কাৰবি ভাষাৰ কেইবাখনো পাঠ্যপুথি লিখি তেওঁ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায়। তেওঁৰ ৰচিত পুথিকেইখন হ'ল— বিতুছ আকিতাপ, খালাখা আকিতাপ, তেমপুৰু আৰু ৱপী। 


(খ) ছামছিং হাঞ্চেঃ- ছামছিং হাঞ্চে একেধাৰে এজন লেখক, কবি, গীতিকাৰ ঔপন্যাসিক, কথাছবি প্ৰযোজক, ৰাজনীতিক, সাহিত্য প্ৰেমী ব্যক্তি আছিল। ১৯৪৮ চনত তেওঁৰ জন্ম হয়। ১৯৭৩ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ ৰচিত পুথি হ'ল- তাই হাঈমু, কাৰবি প্ৰণয়ী গীত, ছাবিন আলুন (কাৰবি ৰামায়ণ) কুমলীন, ৰোমীৰ এমুঠি কাৰবি কবিতা (অনুবাদ) আৰু ছেৰ হনজেং আদি। ১৯৮৪-৮৫ চনত তেওঁ কাৰবি সাহিত্য সভাৰ সভাপতি হয়। ১৯৮৫ চনত বিধান সভাৰ সাধাৰণ নিৰ্বাচনত তেওঁ ডিফু সমষ্টিৰ পৰা অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হয়। ১৯৯৮ চনত তেওঁৰ মৃত্যু হয়।



F. ঠেঙ্গাল কছাৰীসকল 

1. মঙ্গোলীয় কিতসকলৰ আৱয়ৰিক বৈশিষ্ট্য কি? 

উত্তৰঃ- মঙ্গোলীয় বা কিতসকলৰ আৱয়ৰিক বৈশিষ্ট্য হ'ল- গাৰ বৰণ পীত বা পীত পিংগল, কেশ ক'লা, ঋজু আৰু অমসৃন, ডাঢ়ি গোফ তাক, শৰীৰৰ নোম কম, মুখ মণ্ডল বহল আৰু নাক চেপেটা, কপোলস্থি বা হনু বৰ স্পষ্ট, নেত্ৰ ঠেক বা বক্ৰ, নেত্ৰচ্ছে ভাঁজ মঙ্গোলীয়ৰ এটা বিশেষ লক্ষণ। 


2. মঙ্গোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল? 

উত্তৰঃ- কিৰাতসকলে সাধাৰণতে ডাঙৰ নদী বা পৰ্বতৰ দাঁতি কাঁষৰীয়া ঠাইত বাস কৰে বাবে সংস্কৃত ভাষাত তেওঁলোকক "কক্ষটি" বুলি অভিহিত কৰিছিল। 


3. ঠেঙ্গাল কছাৰী নাম কেনেকৈ উৎপত্তি হৈছিল? 

উত্তৰঃ- কছাৰী ফৈদৰ দুর্দান্ত ধনুবিদ্যাত পাৰ্গত জঙ বাহাদুৰ আৰু চক্ৰধ্বজ নামৰ দুজন যুৱকে কিছুমান কছাৰী পৰিয়ালৰ সহায়ত দৈয়াং উপত্যকাৰ কাছমাৰী পথাৰত এখন ৰাজ্য প্ৰতিষ্ঠা কৰে। জঙ বাহাদুৰ তাৰ ৰজা হয়। তেওঁৰ সৈন্যবোৰক ঠেঙা পিন্ধি যুদ্ধ কৰিবলৈ দিছিল। এই ঠেঙা যুদ্ধৰ পাছত শান্তিৰ পৰিৱেশতো সৈন্যবোৰে পিন্ধি ফুৰা-চকা কৰাৰ বাবে অন্যলোকে ৰজা আৰু তেওঁৰ প্ৰজাক ঠেঙাল কছাৰী বুলিছিল। 


4. ড° ভূৱন মোহন দাসে মঙ্গোলীয়সকলক কেইটা ভাগত ভাগ কৰিছে? 

উত্তৰঃ- ড° ভূৱন মোহন দাসে মঙ্গোলীয়সকলক ৬টা ভাগত ভাগ কৰিছে– (১) খাছী (২) বড়ো (৩) লুচাই কুকী (৪) নগা (৫) অৰুণাচলৰ জনজাতি আৰু (৬) অন্যান্য (মিছিং, দেউৰী, হাজং)।


5. ঠেঙ্গাল কছাৰীসকল পৌৰাণিক কোন গোষ্ঠীৰপৰা অহা? 

উত্তৰঃ- ঠেঙ্গাল কছাৰীসকল পৌৰাণিক মঙ্গোলীয় বা কিৰাত গোষ্ঠীৰপৰা অহা। 


6. ঠেঙ্গাল কছাৰীসকলৰ বর্তমান অৱস্থানৰ বিষয়ে লিখা। 

উত্তৰঃ- যোৰহাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নগাপাহাৰ পর্যন্ত তিতাবৰক কেন্দ্ৰ কৰি বিস্তৃত অঞ্চলত ঠেঙ্গাল কছাৰীলোকে লোকাৰণ্য। গোলাঘাট জিলাৰ ধনশিৰিৰ পাৰৰ ঠেঙ্গাল গাঁও পঙ্কা, মৰঙি, সৰুপথাৰ, বৰপথাৰ, বুঢ়াগোঁহাই খাট, গমাৰি, দৈয়াং, চাউদাং পথাৰ, মেৰাপানী, কার্বিআংলং জিলাৰ কালিয়নী, শিৱসাগৰৰ সোনাৰি, নাজিৰা, ডিব্ৰুগড়ৰ চাচনী, লখিমপুৰৰ বিহপুৰীয়া, কাৱৈমাৰী বাগিছা নাহৰণী ঠেঙ্গাল গাঁও, চাচনী, বঙালমৰা, পকাদৌল, ধেমাজি, গোগামুখ, হাৰমোতী, বান্দৰদোৱা, কদম আদি ঠাইত জনবসতিপূর্ণ ঠেঙ্গাল কছাৰী গাঁও আছে। 


7. ঠেঙ্গাল কছাৰীৰ কেইটামান ৰজাঘৰীয়া বিষয়বাবৰৰ নাম লিখা। 

উত্তৰঃ- ঠেঙ্গাল কছাৰীৰ কেইটিমান ৰজাঘৰীয়া বিষয়বোৰ নাম হ'ল- হাজৰিকা, শইকীয়া, বৰুৱা, নেওগ, বৰা, দাস, ৰাজখোৱা, বৰবৰুৱা, হাতীবৰুৱা, ঘোঁৰা বৰুৱা, ভঁৰালী, চাংমাই বৰ শইকীয়া আদি। 


8. "ইস্তাহাৰ" কবি বুলি কাক কোৱা হয়? 

উত্তৰঃ- কবি, গীতিকাৰ, ভাস্কর্য-চিত্ৰশিল্পী কমল কছাৰীক ইস্তাহাৰ কবি বুলি কোৱা হয়।


G. চাওঁতালকল 

1. সুনিত কুমাৰ চট্টোপ্যাধায়ৰ মতে "চাওঁতাল" শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? 

উত্তৰঃ- সুনিত কুমাৰ চট্টোপ্যাধায়ৰ মতে "চাওঁতাল" শব্দটো সংস্কৃত 'সমান্তৰাল' শব্দৰ পৰা উৎপত্তি হৈছে। 


2. চাওঁতালসকলৰ প্ৰধান জীৱিকা কি? 

উত্তৰঃ- চাওঁতালসকলৰ প্ৰধান জীৱিকা হৈছে— কৃষি। 


3. "মোঁড়ে হোড়ৰ" (পাঁচজনৰ) প্ৰধানজনক কি বুলি কোৱা হয়? 

উত্তৰঃ- "মোঁড়ে হোড়ৰ" (পাঁচজনৰ) প্ৰধানজনক মাঝহি (গাঁওবুঢ়া) বুলি কোৱা হয়। 


4. চাওঁতালসকলৰ উপাধি কেইটা আৰু কি কি? 

উত্তৰঃ- চাওঁতালসকলৰ বাৰটা গোত্ৰ আছে যেনে– মুর্মু, হেন্ত্ৰম, কিস্কু, টুডু, বেছৰা, চৰেন, বাস্কে, হাদসা, মার্ডি, চোঁড়ে, পাউৰীয়া আৰু বেদেয়া। প্ৰতিটো গোত্ৰৰ উপগোত্ৰ আছে যেনে— মুৰ্ম্মুৰ উপগোত্ৰ ঠাকুৰ, কিস্কুৰ উপগোত্ৰ ৰাপাজ। 


5. সাজপাৰক চাওঁতালী ভাষাত কি বোলে? 

উত্তৰঃ- সাজপাৰক চাওঁতালী ভাষাত হোৰঃবান্দে বোলে।


6. চাওঁতালসকলৰ ২টা উৎসৱৰ নাম লিখা।

উত্তৰঃ- চাওঁতালসকলৰ দুটা উৎসৱৰ নাম হ'ল— (১) বাহা (২) চহৰাই।


H. কাছাৰৰ জনগোষ্ঠীসকল

1. নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে? 

উত্তৰঃ- Anthropological garden অর্থাৎ নৃতত্ত্বৰ বাগিছা বুলি অভিহিত কৰিছে। 


2. বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ কি কি? 

উত্তৰঃ- বঙ্গীয় সমাজ, ভোজপুৰী, মণিপুৰী, ৰাজবংশী, অসমীয়া, বর্মন, ৰাজস্থানী, ৰংসাই নাগা, মাৰ কাৰ্বি, ৰিয়াং, খাছিয়া, ভেইকেই, কুকি, পৈতে, মিজো, চাকমা, সিমতে, গাংতে, চিৰু, নেপালি, চচৰৈ, ৰাংখল, শাকচেপ আদি। 


3. বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি? 

উত্তৰঃ-বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা হ'ল- খেতি-বাতি, ব্যৱসায় আৰু চাকৰি। 


4. The background of Assamese culture গ্ৰন্থখন কোনে ৰচনা কৰিছিল? 

উত্তৰঃ- The background of Assamese culture গ্ৰন্থখন ৰাজমোহন নাথে ৰচনা কৰিছিল। 


5. হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ কোন আছিল?

উত্তৰঃ- হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ আছিল সোনীল মোহন। 


6. অসম ফুটবল সংস্থা কেতিয়া গঠিত হৈছিল? 

উত্তৰঃ- অসম ফুটবল সংস্থা ১৯৪৬ চনত গঠিত হৈছিল। 


7. কালামুদ্দিন আহমদ কোন আছিল? অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম কি? 

উত্তৰঃ- কালামুদ্দিন আহমদ কৰিমগঞ্জ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী হৈ পৰৱৰ্তী সময়ত অধ্যক্ষ হৈছিল। অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম হ'ল— The Art and Architecture of Assam. (1994)


8. বৰাক উপত্যকাৰ বৰ্মন সমাজৰ ২জন বিশিষ্ট্য ব্যক্তিৰ নাম লিখা। 

উত্তৰঃ- বৰাক উপত্যকাৰ বৰ্মন সমাজৰ এজন ব্যক্তিৰ নাম হ'ল- (১) নন্দন বর্মন (২) মণিচৰণ বর্মন 


9. কোন চনত গুৰ বিপিন সিংহক সঙ্গীত নাটক একাডেমী বঁটা প্ৰদান কৰা হৈছিল? 

উত্তৰঃ- ১৯৬৬ চনত গুৰু বিপিন সিংহক সঙ্গীত নাটক একাডেমী বঁটা প্ৰদান কৰা হৈছিল।


I. চাহ জনগোষ্ঠীসকল

1. অসমত কেতিয়া আৰু ক'ত প্ৰথমে পদ্ধতিগত চাহ ৰোপণ কৰা হৈছিল? 

উত্তৰঃ- ১৮৩৫ চনত অসমৰ চাবুৱাত প্ৰথমে পদ্ধতিগত চাহ। ৰোপণ কৰা হৈছিল। 


2. অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল? 

উত্তৰঃ- অসম চাহ কোম্পানী, ১৮৩৯ চনত স্থাপিত হৈছিল। 


3. ভাৰতৰ কোন কোন ৰাজ্যৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শ্ৰমিক সংগ্ৰহ কৰিছিল আৰু ইয়াক কি বুলি কৈছিল?

(নাইবা) 

গিৰিমিটিয়া আৰু আড়কাঠিয়া চালানৰ বিষয়ে লিখা। 

উত্তৰঃ- ভাৰতৰ পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ছত্তিশগড়, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, মধ্যপ্ৰদেশ, মাদ্ৰাজ আদি ৰাজ্যৰপৰা চাহ শ্ৰমিক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সংগ্ৰহ কৰিছিল। এনেদৰে অসমলৈ শ্ৰমিক সংগ্ৰহ কৰি অনা কার্যক মজদুৰ চালান বুলি কোৱা হৈছিল। এই চালান দুই ধৰণৰ আছিল— গিৰিমিটিয়া আৰু আড়কাঠিয়া চালান। লিখিত চুক্তি অনুসৰি নির্দিষ্ট সময়ৰ বাবে শ্ৰমিক অনাটোক গিৰমিটিয়া চালান আৰু কোনো চুক্তি নকৰালৈ চলে-বলে কৌশলে সংগ্ৰহ কৰাটোক আড়কাঠিয়া চালান বুলি কোৱা হয়। 


4. প্ৰথম শ্ৰমিক কেতিয়া, ক'ৰপৰা আৰু কিমান জন আনিছিল?

উত্তৰঃ- হাজাৰিবাগ জিলাৰপৰা পোন প্ৰথমে ৬৫২ জন শ্ৰমিক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সংগ্ৰহ কৰি আনিছিল। 


5. বাগানীয়া ভাষা বুলি ক'লে কি বুজা? 

উত্তৰঃ- বিভিন্ন ঠাইৰ পৰা অসমলৈ অহা এচাম বনুৱা নিজ ঠাইলৈ উভতিল যদিও বাকীসকলে অসমকে নিজ ভূমি বুলি ভাবি ৰৈ গ'ল। এই থাকিযোৱা স্থায়ী শ্ৰমিকসকলৰ মাত এটা উমৈহতীয়া সংযোগী ভাষা গঢ়লৈ উঠিল। এই ভাষাক বাগানীয়া ভাষা বুলি কোৱা হয়। 


6. চাহ জনগোষ্ঠী সমাজৰ দহটা জাতি-উপজাতিৰ নাম লিখা। 

উত্তৰঃ- চাহ জনগোষ্ঠী সমাজৰ দহটা জাতি-উপজাতিৰ নাম হ'ল— (১) ওৰাও (২) চাওঁতাল (৩) মুণ্ডা (৪) তাঁতী (৫) কুৰ্মী (৬) ঘাটোৱাৰ (৭) গোৱালা (৮) তাছা (৯) তেলী (১০) চাহু। 


7. চাহ জনগোষ্ঠীৰ মাজত কি কি ধৰ্মৰ লোক আছে? 

উত্তৰঃ- চাহজনগোষ্ঠীৰ মাজত হিন্দু আৰু খৃষ্টান ধৰ্মৰ লোক আছে। 


9. অসমত চাহ জনগোষ্ঠীৰ জনসংখ্যা কিমান?

উত্তৰঃ- চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিকসকলক ধৰি অসমত চাহ জনগোষ্ঠীৰ সংখ্যা প্ৰায় ৬০ লাখ।


10. স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন?

উত্তৰঃ- ১৯২১ চনৰ অসহযোগ আন্দোলনত প্ৰাণ আহুতি দিয়া মাংৰি ওৰাওঁ। 


11. অসম আন্দোলনৰ চাহ বাগিছাৰ প্ৰথম শহীদ কোন? 

উত্তৰঃ- অসম আন্দোলনৰ চাহ বাগিচ্ছাৰ প্ৰথম শহীদ হ'ল— বাধনা ওৰাওঁ। 


12. চাহ জনগোষ্ঠীৰ কেইটামান উৎসৱৰ নাম লিখা। 

উত্তৰঃ- চাহ জনগোষ্ঠীৰ কেইটামান উৎসৱৰ নাম হ'ল- কৰম, টুচু আৰু সহঁৰাই।


13. মেঘৰাজ কর্মকাৰৰ বিষয়ে কি জানা লিখা। 

উত্তৰঃ- চাহ জনগোষ্ঠীৰ যিসকল লোকে অসমীয়া ভাষা সাহিত্য চর্চাৰে সুনাম কঢ়িয়াইছে তেওঁলোকৰ ভিতৰত মেঘৰাজ কৰ্মকাৰ অন্যতম। উজনি অসমৰ জামিতা চাহবাগিছাৰ মেঘৰাজ কৰ্মকাৰ হ'ল চাহ জনগোষ্ঠী সমাজৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ। তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল। তেওঁৰ এখন ৰচিত গ্ৰন্থ হৈছে- 'চালুক বচন'। 


14. চাহ জনগোষ্ঠীৰ প্ৰথম প্ৰকাশিত গ্ৰন্থখনৰ নাম কি আৰু কোনে লিখিছিল? 

উত্তৰঃ- "মুণ্ডা জাতিৰ চমু পৰিচয়" খন হ'ল চাহ জনগোষ্ঠীৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। এইখন সন্তোষ কুমাৰ তপ্পই লিখিছিল।



J. গাৰোসকল 

1. গাৰোসকলৰ উপ জনগোষ্ঠীবোৰ কি কি? 

উত্তৰঃ- গাৰোসকলৰ উপ জনগোষ্ঠীবোৰ হ'ল- আমবেং, মাতছি, মাতাবেং, গাৰাগানচি, দুৱাল, ৰুগা আৰু মেগাম আদি হৈছে গাৰোসকলৰ উপ জনগোষ্ঠী। 


2. গাৰো বসতি প্ৰধান অঞ্চলবোৰ কি কি? 

উত্তৰঃ- পশ্চিমবংগৰ পৰা আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় তিনিখন ৰাজ্যৰ উপৰিও বাংলাদেশৰ বহু ঠাইত গাৰো বসতি প্ৰধান অঞ্চল আছে। 


3. গাৰোসকলৰ পুজা কৰা লোকক কি বুলি কোৱা হয়? 

উত্তৰঃ- গাৰোসকলৰ পূজা কৰা লোকক সংসাৰেক বুলি কোৱা হয়। 


4. গাৰোসকল আদিতে কি ধৰ্মৰ আছিল আৰু পিছত কি ধর্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ- গাৰোসকলৰ পূৰ্বপুৰুষে পূজা অর্চনা কৰিছিল। এওঁলোকৰ দেৱদেৱী আছিল চালজং, গবেৰা আদি। কিন্তু ঊনৈশ শতিকাৰ আৰম্ভণিৰপৰা গাৰোসকল খৃষ্টধর্মলৈ ধর্মান্তৰিত হ'বলৈ ধৰাত পূজা অর্চনা লুপ্ত হ'বলৈ ধৰে। 


5. গাৰোসকলৰ প্ৰধান বাদ্যযন্ত্ৰসমূহ কি কি? 

উত্তৰঃ- গাৰোসকলৰ প্ৰধান বাদ্যযন্ত্ৰসমূহ হ'ল— টামা খ্ৰাম (ঢোল) গগনা, বাংসী বাঁহী আদি। 


6. আধুনিক গাৰো সাহিত্যৰ জনক কোন? 

উত্তৰঃ- আধুনিক গাৰো সাহিত্যৰ জনক হৈছে— হাৱার্ড ডেনিচন মোমিন।


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »