-->

Bonkuwari । বনকুঁৱৰী -চন্দ্ৰকুমাৰ আগৰৱালা

 বনকুঁৱৰী 
চন্দ্ৰকুমাৰ আগৰৱালা


1. যক্ষিণী ছোৱালী দুজনীয়ে কি সাজ পিন্ধি আছিল?

উত্তৰঃ- বনফুলৰ সাজ।


2.  আহঁতৰ তলত কোনে নাচিছিল? 

উত্তৰঃ- যক্ষিণী ছোৱালীয়ে।


3. প্রথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি?

উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা 'বনকুঁৱৰী' নামৰ কবিতাটি প্রথম অসমীয়া ৰোমান্টিক কবিতা।


4. বেজবৰুৱাই 'প্রতিমা' সম্পর্কে কি মন্তব্য কৰিছিল?

উত্তৰঃ- 'প্রতিমা' সম্পর্কে বেজবৰুৱাৰ মন্তব্যটো হ'ল "প্রতিমাখন সৰু, কিন্তু নিভাজ সোণৰ।"


5. 'জোনাকী' আলোচনীৰ প্রথম সম্পাদক কোন আছিল?

উত্তৰঃ- 'জোনাকী'ৰ প্রথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।


6. 'প্রতিমাৰ খনিকৰ' বুলি কাক কোৱা হয়?

উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালাক 'প্রতিমাৰ খনিকৰ' বুলি কোৱা হয়।


7. চন্দ্ৰকুমাৰ আগৰৱালৰ কবিতাৰ প্রধান বিষয়বস্তু কি?

উত্তৰঃ- চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্রধান বিষয়বস্তু হ'ল প্রকৃতি, প্রেম আৰু সৌন্দর্য হৈছে।


8. চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম হ'ল- 'প্রতিমা' আৰু 'বীণবৰাগী'।


9. যক্ষিণী কন্যালৈ কোনে ৰ্ লাগি চাই থাকে? 

উত্তৰঃ- হৰিণা পোৱালিয়ে।


10. চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ- শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজান গাঁৱত।


11. 'জোনাকী' আলোচনী কেতিয়াৰ পৰা প্রকাশ পায়?

উত্তৰঃ- ১৮৮৯ চনৰ পৰা। 


12. চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম কি? 

উত্তৰঃ- হৰিবিলাস আগৰৱালা।


13. বনকুঁৱৰীৰ শিৰত কি জিলিকি আছিল?

উত্তৰঃ- মৰকত মণি।


14. 'জোনাকী' যুগৰ ত্রিমূর্তি বুলি ক'লে কাক কোৱা হয়? HS-2019 

উত্তৰঃ- 'জোনাকী যুগৰ ত্রিমূর্তি' বুলিলে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্র গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাৰক বুজোৱা হয়।


15. হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল?

উত্তৰঃ- হাবিৰ মাজত বনকুঁৱৰীয়ে 'মৰম' ধ্বনিৰ সৃষ্টি কৰিছিল।


16. 'বনকুঁৱৰী' কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে?

উত্তৰঃ- 'বনকুঁৱৰী' কবিতাটিৰ লগত স্থানীয় জনবিশ্বাস জড়িত হৈ আছে। জনবিশ্বাসমতে বনকুঁৱৰী, জলকুঁৱৰী, গৃহকুঁৱৰী বা গৃহলক্ষ্মী আদি অশৰীৰী দেৱী বননি, জলাশয়, মানুহৰ ঘৰ আদিত বাস কৰে। এই দেৱীসকলে মানুহক বিপদৰ পৰা ৰক্ষা কৰে বুলিও বিশ্বাস কৰা হয়।


17. অসমীয়া ৰোমান্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক'ৰ পৰা গ্ৰহণ কৰিছিল?

উত্তৰঃ- অসমীয়া ৰোমান্টিক কবিসকলে সিহঁতৰ কবিতাৰ সমল নিজৰ দেশ, সমাজ, প্রাকৃতিক পৰিবেশ আদিৰ পৰা সংগ্ৰহ কৰিছিল।


18. 'বনকুঁৱৰী' কবিতাটিৰ মূলভাৱ লিখা। HS-2019

উত্তৰঃ- প্রকৃতি সৌন্দর্য, ৰহস্য, আনন্দ আৰু প্ৰেমৰ খনিস্বৰূপ। প্ৰকৃতিৰ প্ৰতিটো বস্তুৱেই অনুভৱ কৰা জনৰ মনত অনাবিল আনন্দৰ যোগান ধৰে। যখিনী কন্যা বনকুঁৱৰী প্রকৃতিৰ মাজতেই ডাঙৰ-দীঘল হৈ পূর্ণ যৌৱনা হৈছে। তাইৰ ৰূপত প্রকৃতি জগতৰ সকলো জীৱ আৰু প্ৰাণীয়েই মতলীয়া হৈছে। মলয়া সমীৰে তাইক প্রেম নিবেদন কৰিছে। বনকুঁৱৰীয়েও মলয়া সমীৰৰ প্ৰেমৰ প্ৰস্তাৱত হাঁহিৰে সহাঁৰি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ লৈছে আৰু সেই ধুমুহাই নদ-নদী, জান-জুৰি আদিৰ বুকুত উত্তাল ঢৌৰ সৃষ্টি কৰিছে। সেই ঢৌয়ে প্রকৃতিৰ সকলো প্ৰাণীৰ মনত আনন্দৰ এক অনাবিল জোঁৱাৰ তুলিছে।


19. 'বনকুঁৱৰী' কবিতাটিত প্ৰকৃতিৰ ৰূপৰ বর্ণনা কিদৰে বৰ্ণনা কৰিছে নিজৰ ভাষাত লিখা।

উত্তৰঃ- 'বনকুঁৱৰী' নামৰ কবিতাটিত কবিয়ে বনকুঁৱৰী নামৰ এক কাল্পনিক প্রকৃতি কন্যাৰ মনোমোহা সৌন্দর্যৰ বর্ণনাৰ মাজেদি নৈসর্গিক দৃশ্যৰ এক সুন্দৰ চিত্র ফুটাই তুলিছে। কবি আছিল। এওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগলাগি ১৮৮৯ চনত 'জোনাকী' কাকত উলিয়ায় আৰু ১৯১৮ চনত তেওঁ সাপ্তাহিক বাতৰি কাকত 'অসমীয়া' উলিয়ায়।

তেওঁৰ 'বনকুঁৱৰী' নামৰ কবিতাটি অসমীয়া ভাষঅত প্রথম ৰোমান্টিক কবিতা। 'জোনাকী'ৰ প্ৰথম বছৰ প্রথম সংখ্যাত কবিতাটি প্রকাশ পায়। জোনাকী যুগৰ সাহিত্যিক আন্দোলনৰ তেওঁ অন্যতম গুৰিয়াল আছিল। তেওঁৰ প্রথম কাব্য পুথিখনৰ নাম 'প্রতিমা'। লক্ষ্মীনাথ বেজবৰুৱাই উক্ত পুথিখনৰ আলোচনা প্রসঙ্গত কৈছিল, ''প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।'' 'বীণ বৰাগী' হ'ল তেওঁৰ দ্বিতীয় কবিতা পুথি। মানৱপ্রেম, প্রকৃতিত সৌন্দর্যৰ সন্ধান, আশাবাদ আৰু প্ৰকাশভঙ্গীৰ গীতিময়তা আৰু সৰলতা তেওঁৰ কবিতাৰ প্রধান বৈশিষ্ট্য।


20. প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ- 

(ক) অথিৰ বায়ুৰ শিয়ৰিল নোম

উজলাইছে গৈ জান

কাৰণ-নেদেখা আনন্দৰ ঢৌৱে

বুৰালে প্রাণীৰ প্রাণ। 

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি 'সাহিত্য সৌৰভ' অন্তর্গত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা 'বনকুঁৱৰী' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাকিৰ জৰিয়তে বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত হোৱা পৰিৱৰ্তনৰ কথা প্রকাশ কৰা হৈছে।

প্ৰকৃতিৰ বুকুত লালিত-পালিত হোৱা ভৰা যৌৱনা বনকুঁৱীৰৰ ৰূপত মলয়া সমীৰ বলিয়া হৈ উঠিছে। বনকুঁৱৰীয়ে মিছিকিয়া হাঁহিৰে মলয়া সমীৰৰ প্ৰেমৰ প্ৰস্তাৱক সন্মতি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ লৈ নদ-নদী, জান-জুৰি আদিৰ বুকুত উত্তাল ঢৌৰ সৃষ্টি কৰিছে। সেই ঢৌৱে প্ৰকৃতিৰ সকলো প্ৰাণীৰ মনত আনন্দৰ এক অনাবিল জোঁৱাৰ তুলিলে।

এনেদৰে কবিয়ে নৈসর্গিক দৃশ্যৰ এক অনিন্দ্য সুন্দৰ কল্পচিত্ৰৰ চিত্ৰৰ সৃষ্টি কৰিছে। 


20. প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ- 

(খ) মুকলি চুলিৰে নাম গায় ঘুৰি

চাপৰি টুক্ টুক্ টুক্৷ 

ৰূপহীৰ মেল দেৱজোনি খেল

মানুহে নেদেখা মুখ।

উত্তৰঃ- উদ্ধৃত কবিতাফাঁকি 'সাহিত্য সৌৰভ'ৰ অন্তত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা 'বনকুঁৱৰী' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উদ্ধৃত কবিতাফাকিৰ মাজেদি কবিয়ে বনকুঁৱীৰক অতি প্রাকৃত সত্তা হিচাপে অংকন কৰিছে।

বনকুঁৱৰীয়ে মুকলি চুলিৰে টুক্ টুক্ চাপৰি বজাই নাম ধৰিছে, ফুল ছিঙিছে, কপৌ চৰাইক সাৱটি চুমা যাচিছে। যেন প্রকৃতিত ৰূপহী কুঁৱৰীসকলৰ মেল বহিছে। প্ৰকৃতিৰ সকলো প্ৰাণীৰ মনত আনন্দৰ জোৱঅৰ তুলিছে। কিন্তু সিহঁত প্ৰকৃতিত আছে যদিও লোকচক্ষুৰ পৰা সিহঁত আঁৰ হৈ আছে। সিহঁতৰ মুখমণ্ডল কোনেও দেখিব পৰা নাই।

এইদৰে কবিতা ফাকিৰ জৰিয়তে কবিয়ে প্রকৃতিত অতি প্রাকৃত সত্তাৰ অস্তিত্বৰ ছবি অংকন কৰিছে।


@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Previous
Next Post »